Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৮

সভাত এজনে-আনজনক উৎসাহিত কৰক

সভাত এজনে-আনজনক উৎসাহিত কৰক

আহা ‘আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু পৰস্পৰে উদগাওঁহঁকʼ—ইব্ৰী ১০:২৩-২৫.

গীত ৮৮ তোমাৰ পথ আমাক শিকোৱা

লেখৰ এক আভাস a

১. আমি সভাবোৰত কিয় উত্তৰ দিওঁ?

 আমি মণ্ডলীৰ সভাবোৰলৈ কিয় যাওঁ? বিশেষকৈ যিহোৱাৰ প্ৰশংসা কৰিবলৈ যাওঁ। (গীত. ২৬:১২; ১১১:১) এই কঠিন পৰিস্থিতিত আমি এজনে-আনজনক উৎসাহিত কৰিবলৈ সভালৈ যাওঁ। (১ থিচ. ৫:১১) যেতিয়া আমি সভাবোৰত হাত উঠাই উত্তৰ দিওঁ, তেতিয়া আমি এই দুয়োটা কাম কৰোঁ।

২. আমি সভাবোৰত কেতিয়া উত্তৰ দিবলৈ সুযোগ পাওঁ?

আমি প্ৰতি সপ্তাহে সভাবোৰত উত্তৰ দিবলৈ সুযোগ পাওঁ। উদাহৰণস্বৰূপে, সপ্তাহৰ শেষত আমি প্ৰহৰীদুৰ্গ অধ্যয়নত উত্তৰ দিব পাৰোঁ। সপ্তাহৰ মাজত হোৱা সভাত আমি আধ্যাত্মিক ৰত্ন বিচাৰক ভাগত, মণ্ডলীৰ বাইবেল অধ্যয়নত আৰু এনে ধৰণৰ আন ভাগবোৰতো উত্তৰ দিব পাৰোঁ, যিবোৰত প্ৰশ্ন সোধা হয়।

৩. (ক) আমাৰ ওচৰত হয়তো কি কি সমস্যা আহিব পাৰে? (খ) ইব্ৰী ১০:২৪, ২৫ পদত লিখা কথাৰ পৰা আমি কেনেকৈ সহায় পাব পাৰোঁ?

আমি সকলোৱে যিহোৱাৰ মহিমা কৰিব বিচাৰোঁ আৰু ভাই-ভনীসকলক উৎসাহিত কৰিব বিচাৰোঁ। কিন্তু উত্তৰ দিয়াৰ সময়ত আমাৰ বহুতো সমস্যা হয়। হয়তো আমাক উত্তৰ দিবলৈ ভয় লাগিব পাৰে বা আমি বহুতো উত্তৰ দিবলৈ বিচাৰোঁ, কিন্তু সুযোগ নাপাওঁ। এই সমস্যবোৰ আমি কেনেকৈ সন্মুখীন হʼব পাৰোঁ? ইয়াৰ উত্তৰ পৌলে ইব্ৰীলৈ লিখা চিঠিখনত পাওঁ। যেতিয়া পৌলে তেওঁলোকক কৈছিল যে সভালৈ যোৱাটো কিমান গুৰুত্বপূৰ্ণ, তেতিয়া তেওঁ কৈছিল, আমি ‘পৰস্পৰে উদগাবলৈʼ অৰ্থাৎ এজনে-আনজনক উৎসাহিত কৰাত ধ্যান দিয়া উচিত। (ইব্ৰী ১০:২৪, ২৫ পঢ়ক।) আমাৰ সৰু-সুৰা উত্তৰৰ পৰাও ভাই-ভনীসকলে বৰ উৎসাহিত হʼব পাৰে। আমি যদি এই কথা মনত ৰাখোঁ, তেনেহʼলে উত্তৰ দিয়াৰ বাবে হাত উঠাবলৈ আমি সংকোচ নকৰিম। যদি আমি প্ৰায়েই উত্তৰ দিবলৈ সুযোগ নাপাওঁ, তেনেহʼলে আন ভাই-ভনীসকলে উত্তৰ দিবলৈ সুযোগ পাইছে বুলি আমি আনন্দিত হোৱা উচিত।—১ পিত. ৩:৮.

৪. এই লেখত আমি কি তিনিটা কথাৰ ওপৰত আলোচনা কৰিম?

এই লেখত প্ৰথমে আলোচনা কৰিম যে যদি আমি এখন সৰু মণ্ডলীত আছোঁ, যʼত উত্তৰ দিবলৈ বেছি ভাই-ভনী নাই, তেনেহʼলে আমি কেনেকৈ এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ। তাৰ পাছত আলোচনা কৰিম যে যদি আমি এখন ডাঙৰ মণ্ডলীত আছোঁ, যʼত বহুতো ভাই-ভনীয়ে উত্তৰ দিবলৈ হাত উঠাই, তেনেহʼলে আমি কেনেকৈ এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ। অৱশেষত চাম যে আমি কেনেকৈ উত্তৰ দিব পাৰোঁ যাতে এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ।

সৰু মণ্ডলীত এজনে আনজনক উৎসাহিত কৰক

৫. যদি সভাত বেছি ভাই-ভনী নাথাকে, তেনেহʼলে আমি এজনে-আনজনক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?

এখন সৰু মণ্ডলীত বা সমূহত উত্তৰ দিবলৈ বেছি ভাই-ভনী নাথাকে। বহু বাৰ ভাগ আগবঢ়োৱা ভাইজনে প্ৰশ্ন সোধাৰ পাছত অলপ সময় ৰʼবলগীয়া হয়। এনে সময়ত আমাক লাগিব পাৰে যে সভা শেষ হʼবলৈ বহুত সময় লাগিব, ইয়াৰ পৰা কোনোবাই লাভৱান হʼবনে, তেনেহʼলে আপুনি কি কৰিব? আপুনি উত্তৰ দিবলৈ বহুবাৰ হাত উঠাব পাৰে। যদি আপুনি এইদৰে কৰে, তেনেহʼলে আনেও উত্তৰ দিবলৈ উৎসাহিত হʼব।

৬-৭. যদি উত্তৰ দিবলৈ আমাক ভয় লাগে, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

উত্তৰ দিয়াৰ বিষয়ে ভাবিয়েই হয়তো আপোনাক ভয় লাগিব পাৰে। বহুতো ভাই-ভনীৰ লগত এইদৰেই হয়। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? আপুনি কিছুমান উপায়ৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব পাৰে, যাৰ পৰা আপোনাৰ ভয় কম হʼব আৰু আপুনি ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰিব। আপুনি এয়া কেনেকৈ কৰিব পাৰে?

আপুনি প্ৰহৰীদুৰ্গৰ পুৰণি লেখবোৰত দিয়া কিছুমান উপায় মন কৰিব পাৰে। b যেনে, এটা উপায় হৈছে ভালদৰে তৈয়াৰী কৰক। (হিতো. ২১:৫) আপুনি যিমানে বিষয়টো ভালদৰে বুজি পাব, সিমানেই উত্তৰ দিবলৈ আপোনাৰ সহজ হৈ পৰিব। আন এটা উপায় হৈছে চুটিকৈ উত্তৰ দিয়ক। (হিতো. ১০:১৯; ১৫:২৩) আপুনি যিমানে সৰুকৈ উত্তৰ দিব, সিমানেই আপোনাৰ চিন্তা কম হʼব। যদি আপুনি দীঘলীয়া উত্তৰ দিয়ে, যʼত বহুতো বিষয় জড়িত হৈ থাকে, তেনেহʼলে ভাই-ভনীসকলৰ বাবে বুজি পাবলৈ কঠিন হৈ পৰিব। আনহাতে, আপুনি যি সৰু-সুৰা উত্তৰ দিয়ে, হয়তো এটা বা দুটা বাক্যত, তেনেহʼলে ভাই-ভনীসকলে সহজে বুজি পাব। গতিকে আপুনি নিজৰ শব্দত সৰু-সুৰা উত্তৰ দিয়ক, ইয়াৰ পৰা জানিব পাৰি যে আপুনি ভালদৰে তৈয়াৰী কৰিছে আৰু বিষয়টো ভালদৰে বুজি পাইছে।

৮. আমি উত্তৰ দিবলৈ যি পৰিশ্ৰম কৰোঁ, তাক যিহোৱাই কেনে দৃষ্টিৰে চাই?

হয়তো আপুনি ইয়াৰে মাজৰ কিছুমান উপায় ব্যৱহাৰ কৰিলে, তথাপিও আপুনি এটা বা দুটাহে উত্তৰ দিব পাৰে। যদি এইদৰে হৈছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে আপুনি উত্তৰ দিবলৈ যি প্ৰৰিশ্ৰম কৰে, যিহোৱাই তাৰ বহুত মূল্যাংকন কৰে। (লূক ২১:১-৪) কিন্তু পৰিশ্ৰম কৰাৰ অৰ্থ এয়া নহয় যে আমি যি কৰিব নোৱাৰোঁ, সেয়া কৰিবলৈ চেষ্টা কৰা। (ফিলি. ৪:৫) চিন্তা কৰক, আপুনি কি কৰিব পাৰে আৰু তাৰ অনুসৰি লক্ষ্য ৰাখক। ইয়াৰ লগতে ভয় নাখাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে। আৰম্ভণিতে আপুনি হয়তো এটা সৰু-সুৰা উত্তৰ দিবলৈ লক্ষ্য ৰাখিব পাৰে।

ডাঙৰ মণ্ডলীত এজনে-আনজনক উৎসাহিত কৰক

৯. ডাঙৰ মণ্ডলীত কি সমস্যা হʼব পাৰে?

যদি আপুনি এনে এখন মণ্ডলীত আছে, যʼত বহুতো প্ৰচাৰক আছে, তেনেহʼলে আপোনাৰ ওচৰত আন এটা সমস্যা আহিব পাৰে। এনে মণ্ডলীত হয়তো বহুতো ভাই-ভনীয়ে উত্তৰ দিবলৈ হাত উঠাব পাৰে আৰু ইয়াৰ বাবে বহু বাৰ আপুনি সুযোগ নাপাবও পাৰে। উদাহৰণস্বৰূপে, ভনী ডায়েনাক সভাত উত্তৰ দি বহুত ভাল লাগে। c তাই ভাবে যে এয়া তেওঁৰ উপাসনাৰ এক ভাগ হয়, উত্তৰ দি তেওঁ আনক উৎসাহিত কৰিব পাৰে আৰু এনে কৰাৰ যোগেদি বাইবেলৰ সত্যতাৰ ওপৰত তেওঁৰ বিশ্বাসো বাঢ়িব। কিন্তু যেতিয়া তেওঁ এখন ডাঙৰ মণ্ডলীত গʼল, তেতিয়া তাত উত্তৰ দিবলৈ বেছি সুযোগ পোৱা নাছিল। বহু বাৰ গোটেই সভাত তাই এবাৰো উত্তৰ দিবলৈ সুযোগ নাপাইছিল। তেওঁ এইদৰে কৈছে, “মই বৰ চিন্তিত হৈ পৰিছিলোঁ আৰু এনে লাগিছিল যেন মই এটা ডাঙৰ সুযোগ হেৰুৱালোঁ। যেতিয়া বাৰে বাৰে এনে হয়, তেতিয়া আপুনি ভাবিব পাৰে যে আপোনাৰ লগত জানি শুনি এইদৰে হোৱা নাইতো।”

১০. উত্তৰ দিবলৈ আমি আৰু কি কি কৰিব পাৰোঁ?

১০ আপুনিও ভনী ডায়েনাৰ দৰে ভাবেনে? যদি ভাবে, তেনেহʼলে আপোনাৰ মনলৈ হয়তো এইদৰে প্ৰশ্ন আহে, ‘হাত উঠাই কি লাভ? ইয়াৰ পৰিৱৰ্তে মনে মনে থকাই ভাল।ʼ কিন্তু এইদৰে নাভাবিব। আপুনি এই উপায়বোৰ ব্যৱহাৰ কৰিব পাৰে। যেনে: প্ৰতিটো সভাৰ বাবে বহুতো উত্তৰ তৈয়াৰী কৰক। যদি আপুনি আলোচনাৰ আৰম্ভণিতে উত্তৰ দিবলৈ সুযোগ নাপায়, তেনেহʼলে আলোচনা চলি থকাৰ সময়ত আপুনি উত্তৰ দিবলৈ বহুতো সুযোগ পাব পাৰে। প্ৰহৰীদুৰ্গ অধ্যয়নৰ সময়ত চিন্তা কৰক যে প্ৰতিটো অনুচ্ছেদ লেখৰ বিষয়ৰ লগত কেনেকৈ জড়িত হৈ আছে, এইদৰে আপুনি বহুতো ভাল ভাল উত্তৰ তৈয়াৰী কৰিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলে উৎসাহিত হʼব। ইয়াৰ উপৰিও আপুনি সেই অনুচ্ছেদবোৰৰ উত্তৰ তৈয়াৰী কৰিব পাৰে, যʼত বাইবেলৰ গভীৰ কথাবোৰ বুজোৱা হৈছে। (১ কৰি. ২:১০) কাৰণ সেইবোৰ বুজি পোৱা ইমান সহজ নহয় আৰু কম ভাই-ভনীয়েহে তাৰ উত্তৰ দিবলৈ হাত উঠাব পাৰে। কিন্তু এই সকলো উপায় ব্যৱহাৰ কৰাৰ পাছতো, যদি আপুনি এবাৰো সুযোগ নাপায়, তেনেহʼলে আপুনি কি কৰিব পাৰে? আপুনি যদি বিচাৰে ভাগ আগবঢ়োৱা ভাইজনক আগতীয়াকৈ কৈ থʼব পাৰে যে আপুনি কোনটো প্ৰশ্নৰ উত্তৰ দিব বিচাৰে।

১১. ফিলিপীয়া ২:৪ পদত আমাক কি কৰিবলৈ উৎসাহিত কৰিছে?

১১ ফিলিপীয়া ২:৪ পঢ়ক। পৌলে আনৰ বিষয়ে চিন্তা কৰিবলৈ ফিলিপীত থকা ভাই-ভনীসকলক ভাবিবলৈ উৎসাহিত কৰিছিল। এই পৰামৰ্শ আমি সভাৰ সময়ত কেনেকৈ মানিব পাৰোঁ? আমি মনত ৰখা উচিত যে আমাৰ নিচিনাই ভাই-ভনীসকলে সভাত উত্তৰ দিব বিচাৰে।

আপুনি নিজৰ বন্ধুৰ লগত কথা পতাৰ সময়ত তেওঁকো কʼবলৈ সুযোগ দিয়ে, ঠিক সেইদৰে সভাবোৰত আনকো কʼবলৈ সুযোগ দিয়ক (অনুচ্ছেদ ১২ চাওক)

১২. সভাবোৰত এজনে-আনজনক উৎসাহিত কৰাৰ এটা উপায় কি? (ছবিখনো চাওক।)

১২ চিন্তা কৰকচোন, যেতিয়া আপুনি নিজৰ বন্ধুৰ লগত কথা পাতে, তেতিয়া অকল আপুনিয়েই কথা পাতি থাকেনে? নিশ্চয় নাপাতে, আপুনি তেওঁকো কথা পাতিবলৈ সুযোগ দিয়ে। ঠিক সেইদৰে সভাবোৰত বেছিভাগ ভাই-ভনীয়ে উত্তৰ দিবলৈ সুযোগ পোৱাটো আমি বিচাৰিম। আচলতে ভাই-ভনীসকলক উৎসাহিত কৰাৰ এটা ভাল উপায় হৈছে, আমি তেওঁলোকক নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ সুযোগ দিয়া। (১ কৰি. ১০:২৪) আহক চাওঁ আমি এয়া কেনেকৈ কৰিব পাৰোঁ।

১৩. বেছিভাগ ভাই-ভনীয়ে যাতে উত্তৰ দিব পাৰে, তাৰ বাবে আমি কি কৰিব পাৰোঁ?

১৩ আপুনি যাতে চুটিকৈ উত্তৰ দিয়ে, তাৰ বিষয়ে ধ্যান দিব পাৰে। এইদৰে কৰিলে আন ভাই-ভনীসকলেও উত্তৰ দিবলৈ সুযোগ পাব। প্ৰাচীন আৰু আন পৰিপক্ক প্ৰচাৰকসকলে এই কথাৰ ওপৰত বিশেষ ধ্যান দিয়ে, যাতে আনেও তেওঁলোকৰ পৰা শিকিব পাৰে। চুটিকৈ উত্তৰ দিয়াৰ লগতে আপুনি যাতে বহুতো বিষয় একেলগে নকয়, তাৰ প্ৰতিও ধ্যান দিয়া উচিত। যদি আপুনি অনুচ্ছেদত দিয়া সকলো কথা কৈ দিয়ে, তেনেহʼলে আন ভাই-ভনীসকলে সুযোগেই নাপাব। যেনে: এই অনুচ্ছেদত দুটা উপায়ৰ বিষয়ে কোৱা হৈছে। প্ৰথম, চুটিকৈ উত্তৰ দিয়ক আৰু দ্বিতীয়, বহুতো বিষয় একেলগে নকʼব। যদি এই অনুচ্ছেদত আপুনি প্ৰথমে উত্তৰ দিবলৈ সুযোগ পায়, তেনেহʼলে কেৱল এটা উপায়ৰ বিষয়ে কওক।

আমি সভাত হয়তো কেতিয়া হাত নুঠাম বুলি ভাবিব পাৰোঁ? (অনুচ্ছেদ ১৪ চাওক)  f

১৪. উত্তৰ দিবলৈ আমি কেতিয়া হাত উঠাম, ইয়াৰ নিৰ্ণয় আমি কেনেকৈ লʼব পাৰোঁ? (ছবিখনো চাওক।)

১৪ আপুনি কেতিয়া উত্তৰ দিবলৈ হাত উঠাব, সেয়া ভাবি-চিন্তি নিৰ্ণয় লওক। যদি আপুনি বাৰে বাৰে হাত উঠায়, তেনেহʼলে ভাগ আগবঢ়োৱা ভাইজনে হয়তো ভাবিব পাৰে যে তেওঁ প্ৰতিবাৰে আপোনাকে উত্তৰ দিবলৈ সুযোগ দিয়া উচিত। কিন্তু আন ভাই-ভনীসকলে হয়তো এবাৰো উত্তৰ দিবলৈ সুযোগ নাপাবও পাৰে। এইদৰে কৰিলে আন ভাই-ভনীসকলে নিৰাশ হʼব পাৰে আৰু তেওঁলোকক হাত উঠাবলৈ মন নাযাব।—উপ. ৩:৭.

১৫. (ক) যদি আমি উত্তৰ দিবলৈ সুযোগ নাপাওঁ, তেনেহʼলে কি কৰিব পাৰোঁ? (খ) আলোচনা ভাগ আগবঢ়োৱা ভাইসকলে কি কি কথা মনত ৰখা উচিত? (“ যেতিয়া আপুনি ভাগ আগবঢ়াই” নামৰ বক্স চাওক।)

১৫ যেতিয়া আলোচনাৰ সময়ছোৱাত বহুতো ভাই-ভনীয়ে উত্তৰ দিবলৈ হাত উঠায়, তেতিয়া আমি যিমান বাৰ উত্তৰ দিব বিচাৰো, সিমান বাৰ সুযোগ নাপাবও পাৰোঁ। হয়তো কেতিয়াবা আমি এবাৰো উত্তৰ দিবলৈ সুযোগ নাপাব পাৰোঁ, তেতিয়া আমাৰ দুখ লাগিব পাৰে। কিন্তু আমি বেয়া পোৱা উচিত নহয়।—উপ. ৭:৯.

১৬. যেতিয়া আনে উত্তৰ দিয়ে, তেতিয়া আমি কেনেকৈ তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ?

১৬ আপুনি যিমান বাৰ উত্তৰ দিব বিচাৰে, সিমান বাৰ সুযোগ নাপালে, আপুনি কি কৰিব? আপুনি আন ভাই-ভনীসকলৰ উত্তৰ মন দি শুনিব পাৰে আৰু সভাৰ পাছত তেওঁলোকৰ উত্তৰৰ বাবে প্ৰশংসা কৰিব পাৰে। আপোনাৰ প্ৰশংসা শুনি ভাই-ভনীসকলে হয়তো সিমানেই উৎসাহিত হʼব, যিমান আপোনাৰ উত্তৰ শুনি হʼলহেঁতেন। (হিতো. ১০:২১) আচলতে, প্ৰশংসা কৰাটো এজনে-আনজনক উৎসাহিত কৰাৰ আন এটা উপায় হয়।

সভাবোৰত এজনে-আনজনক আৰু কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?

১৭. (ক) মা-দেউতাই নিজৰ লʼৰা-ছোৱালীৰ বয়সৰ অনুসৰি উত্তৰ দিবলৈ কেনেকৈ তৈয়াৰী কৰাব পাৰে? (খ) ভিডিঅʼখনত দেখুৱাৰ দৰে আমি কি চাৰিটা পদক্ষেপ লোৱাৰ যোগেদি উত্তৰ দিবলৈ তৈয়াৰী কৰিব পাৰোঁ? (ফুটনোট চাওক।)

১৭ সভাবোৰত আমি আৰু কেনেকৈ এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ। যদি আপোনাৰ সৰু লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ বয়সৰ অনুসৰি উত্তৰ দিবলৈ তেওঁলোকক তৈয়াৰী কৰাব পাৰে। (মথি ২১:১৬) বহুবাৰ গভীৰ বিষয়বোৰত আলোচনা কৰা হয়। যেনে: বিবাহিত জীৱনত অহা সমস্যা বা নৈতিক বিষয়বোৰ। হয়তো সেই লেখতো এনে এটা বা দুটা অনুচ্ছেদ থাকিব পাৰে, যʼত লʼৰা-ছোৱালীয়ে উত্তৰ দিব পাৰে। ইয়াৰ উপৰিও আপুনি নিজৰ লʼৰা-ছোৱালীক বুজাওক যে যেতিয়াই তেওঁ হাত উঠাব, তেতিয়াই তেওঁ সুযোগ পাব বুলি ভবা উচিত নহয়। যদি আপুনি আগতীয়াকৈ তেওঁক ইয়াৰ বিষয়ে বুজাই, তেনেহʼলে যেতিয়া তাৰ সলনি আন কোনোবাই সুযোগ পাই, তেতিয়া তেওঁ নিৰাশ নহʼব।—১ তীম. ৬:১৮. d

১৮. উত্তৰ দিয়াৰ সময়ত লোকসকলৰ ধ্যান যাতে আমাৰ ফালে নাহে, তাৰ বাবে আমি কি কৰিব পাৰোঁ? (হিতোপদেশ ২৭:২)

১৮ আমি সকলোৱে এনে উত্তৰ দিবলৈ তৈয়াৰী কৰা উচিত, যাৰ পৰা যিহোৱাৰ মহিমা হয় আৰু ভাই-ভনীসকলেও উৎসাহিত হয়। (হিতো. ২৫:১১) কেতিয়াবা কেতিয়াবা আমি উত্তৰ দিয়াৰ সময়ত নিজৰ অনুভৱৰ বিষয়ে কʼব পাৰোঁ। কিন্তু আমি বাৰে বাৰে নিজৰ অনুভৱৰ বিষয়ে কৈ থকা উচিত নহয়। (হিতোপদেশ ২৭:২ পঢ়ক; ২ কৰি. ১০:১৮) ইয়াৰ পৰিৱৰ্তে আমি এইদৰে উত্তৰ দিবলৈ চেষ্টা কৰা উচিত, যাৰ পৰা ভাই-ভনীসকলে যিহোৱা, তেওঁৰ বাক্য আৰু তেওঁৰ লোকসকলৰ প্ৰতি ধ্যান দিব পাৰে। (প্ৰকা. ৪:১১) যদি কোনো এটা প্ৰশ্নত নিজৰ অনুভৱ কʼবলৈ কোৱা হয়, তেনেহʼলে এইদৰে কৰিবলৈ সংকোচ নকৰিব। যেনে, ইয়াৰ পাছৰ অনুচ্ছেদত এনেধৰণৰে এটা প্ৰশ্ন দিয়া আছে।

১৯. (ক) যেতিয়া আমি সভাত অহা সকলো লোকৰ বিষয়ে চিন্তা কৰিম, তেতিয়া ইয়াৰ পৰিণাম কি হʼব? (ৰোমীয়া ১:১১, ১২) (খ) সভাত উত্তৰ দিয়াৰ বিষয়ে কি কথা আপোনাক সকলোতকৈ বেছি ভাল লাগে?

১৯ আমি কেনেদৰে উত্তৰ দিয়া উচিত, তাৰ বিষয়ে কোনো নিয়ম দিয়া নাই। কিন্তু আমি সকলোৱে এনেদৰে উত্তৰ দিবলৈ চেষ্টা কৰা উচিত, যাৰ পৰা আনে উৎসাহিত হʼব পাৰে। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? কিছুমান ক্ষেত্ৰত উত্তৰ দিবলৈ আমি হয়তো বাৰে বাৰে হাত উঠাবলগীয়া হʼব পাৰে। আনহাতে কিছুমান ক্ষেত্ৰত আমি উত্তৰ দিবলৈ যি সুযোগ পাওঁ, তাতে সন্তুষ্ট হৈ থাকিব পাৰোঁ আৰু আন ভাই-ভনীসকলেও উত্তৰ দিবলৈ সুযোগ পাইছে বুলি ভাবি আমি আনন্দিত হʼব পাৰোঁ। এইদৰে যেতিয়া আমি মণ্ডলীৰ সভাবোৰত আনৰ ওপৰত ধ্যান দিম অৰ্থাৎ তেওঁলোকৰ বিষয়ে চিন্তা কৰিম, তেনেহʼলে আমি সকলোৱে এজনে-আনজনক “আশ্বাস” দিব পাৰিম অৰ্থাৎ উৎসাহিত কৰিব পাৰিম।—ৰোমীয়া ১:১১, ১২ পঢ়ক।

গীত ৯৩ আমাৰ সভাবোৰত আশীৰ্বাদ দিয়ক

a সভাত উত্তৰ দি আমি এজনে-আনজনক উৎসাহিত কৰোঁ। কিন্তু কিছুমান ভাই-ভনীয়ে উত্তৰ দিবলৈ ভয় খায়। আনহাতে কিছুমান লোকে উত্তৰ দি বহুত ভাল পায় আৰু তেওঁলোকে ভাবে যে মই আৰু বেছিকৈ উত্তৰ দিবলৈ সুযোগ পোৱা হʼলে কিমান ভাল আছিল! দুয়োটা পৰিস্থিতিতে আমি কেনেকৈ “পৰস্পৰে মনোযোগ” দিব পাৰোঁ অৰ্থাৎ তেওঁলোকৰ বিষয়ে চিন্তা কৰিব পাৰোঁ যাতে সকলোৱে উৎসাহিত হয়। আমি কেনেকৈ উত্তৰ দিব পাৰোঁ যাতে সকলোৱে প্ৰেম কৰিবলৈ আৰু ভাল কাম কৰিবলৈ উৎসাহিত হয়। ইয়াৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম।

c নাম সলনি কৰা হৈছে।

d jw.org-ত যিহোৱাৰ বন্ধু হোৱা—উত্তৰ দিবলৈ তৈয়াৰী কৰা (হিন্দী) ভিডিঅʼখন চাওক।

f ছবিৰ বিষয়ে: এখন ডাঙৰ মণ্ডলীত এজন ভায়ে আগতেই উত্তৰ দিলে, সেইবাবে তেওঁ আনক উত্তৰ দিবলৈ সুযোগ দি আছে।