Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৭

হঠাতে সমস্যা আহিলেও যিহোৱাই আপোনাক চম্ভালিব!

হঠাতে সমস্যা আহিলেও যিহোৱাই আপোনাক চম্ভালিব!

“ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।”—গীত. ৩৪:১৯.

গীত ৪৪ দৰিদ্ৰ লোকৰ প্ৰাৰ্থনা

লেখৰ এক আভাস a

১. আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?

 যিহোৱাৰ লোক হোৱাৰ বাবে আমাৰ বিশ্বাস আছে যে তেওঁ আমাক বহুত প্ৰেম কৰে আৰু আমি আনন্দত থকা আৰু ভাল জীৱন-যাপন কৰাটো তেওঁ বিচাৰে। (ৰোম. ৮:৩৫-৩৯) আমি বিশ্বাস কৰোঁ যে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰিলে আমাৰ লাভ হʼব। (যিচ. ৪৮:১৭, ১৮) কিন্তু বহু বাৰ আমাৰ ওপৰত এনে সমস্যা আহি পৰে, যাৰ বিষয়ে আমি হয়তো কেতিয়াও ভবা নাছিলোঁ। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ?

২. আমি হয়তো কি কি সমস্যাৰ সন্মুখীন হʼব পাৰোঁ আৰু এনে পৰিস্থিতিত আমি কি ভাবিব পাৰোঁ?

যিহোৱাৰ প্ৰতিজন সেৱকে কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। যেনে, আমাৰ পৰিয়ালৰ কোনো লোকে হয়তো এনে কাম কৰি দিয়ে, যাৰ বাবে আমাক দুখ লাগিব পাৰে বা আমাৰ কোনো ডাঙৰ বেমাৰ হʼব পাৰে, যাৰ বাবে হয়তো আমি যিহোৱাৰ সেৱা বেছিকৈ কৰিব পৰা নাই। আমি কিবা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আছোঁ বা আমাৰ বিশ্বাসৰ বাবে আমাক তাড়না দিয়া হৈছে। এনে ধৰণৰ সমস্যা সন্মুখীন হʼলে আমি হয়তো ভাবিব পাৰোঁ যে ‘মোৰ লগত কিয় এইদৰে হৈছে?, মইনো কি ভুল কৰিলোঁ? যিহোৱাই মোক খং কৰিছে নেকি?’ আপুনিও কেতিয়াবা এইদৰে ভাবেনে? যদি ভাবে, তেনেহʼলে নিৰাশ নহʼব। যিহোৱাৰ আন বহুতো বিশ্বাসী সেৱকে এইদৰেই অনুভৱ কৰিছিল।—গীত. ২২:১, ২; হব. ১:২, ৩.

৩. গীতমালা ৩৪:১৯ পদৰ পৰা আমি কি শিকিব পাৰোঁ?

গীতমালা ৩৪:১৯ পঢ়ক। এই গীতত বিশেষকৈ দুটা কথা কোৱা হৈছে। (১) যিহোৱাৰ দৃষ্টিত যি সঠিক, সেই কাম কৰা লোকসকলৰ ওপৰতো সমস্যা আহে আৰু (২) যিহোৱাই আমাক সমস্যাৰ পৰা ওলাই আহিবলৈ সহায় কৰে। তেওঁ আমাক কেনেকৈ সহায় কৰে? তেওঁ কৈছে যে এই জগতত আমাৰ লগত সদায় ভাল হʼব বুলি আমি আশা কৰা উচিত নহয়। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁৰ সেৱা কৰিলে আমি আনন্দ পাম। কিন্তু আমাৰ ওপৰত যে সমস্যা নাহিব, তাৰ কোনো গেৰান্টি দিয়া নাই। (যিচ. ৬৬:১৪) আমি ভৱিষ্যতৰ বিষয়ে ভবাটো যিহোৱাই বিচাৰে, যেতিয়া তেওঁ আমাক অনন্ত জীৱন দিব আৰু আমি সদায় আনন্দত থাকিম। (২ কৰি. ৪:১৬-১৮) কিন্তু সেই দিন নহালৈকে তেওঁ আমাক সহায় কৰি আছে, যাতে আমি হাৰ নামনি তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ।—বিলা. ৩:২২-২৪.

৪. এই লেখত আমি কি শিকিম?

আহক চাওঁ যে আমি যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ পৰা কি শিকিব পাৰোঁ? এই লেখত আমি প্ৰাচীন সময়ৰ কিছুমান লোক আৰু বৰ্তমান সময়ৰ কিছুমান লোকৰ উদাহৰণলৈ মন কৰিম। আমি শিকিম যে কেতিয়াবা কেতিয়াবা হঠাতে আমাৰ ওপৰত সমস্যা আহিব পাৰে। কিন্তু এনে পৰিস্থিতিত আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে তেওঁ আমাক নিশ্চয় চম্ভালিব। (গীত. ৫৫:২২) এই উদাহৰণবোৰৰ বিষয়ে আলোচনা কৰাৰ সময়ত চিন্তা কৰক যে ‘মোৰো পৰিস্থিতি এইদৰে হোৱা হʼলে, মই কি কৰিলোঁহেঁতেন? এই উদাহৰণবোৰলৈ মন কৰাৰ বাবে যিহোৱাৰ ওপৰত মোৰ ভৰসা কেনেকৈ বাঢ়িলে? ইয়াৰ পৰা মই আৰু কি শিকিব পাৰোঁ?’

প্ৰাচীন সময়ৰ লোক

যাকোবৰ মোমায়েক লাবনে ২০ বছৰলৈকে তেওঁক বাৰে বাৰে ঠগিছিল, কিন্তু যিহোৱাই যাকোবক আশীৰ্বাদ দি থাকিল (অনুচ্ছেদ ৫ চাওক)

৫. লাবনৰ বাবে যাকোবে কি কি সহিবলগীয়া হৈছিল? (বাহিৰত দিয়া ছবিখন চাওক।)

যিহোৱাৰ বহুতো সেৱকে এনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল, যাৰ বিষয়ে তেওঁলোকে কেতিয়াও ভবাই নাছিল।যাকোবৰ বিষয়ে চিন্তা কৰকচোন। যাকোবৰ দেউতাকে তেওঁক তেওঁলোকৰ এজন সম্বন্ধীয় লাবনৰ ঘৰলৈ গৈ তেওঁৰ এজনী ছোৱালীক বিয়া পাতিবলৈ কৈছিল। যাকোবৰ দেউতাকে তেওঁক বিশ্বাস দিছিল যে এইদৰে কৰিলে যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিব। (আদি. ২৮:১-৪) যাকোবে নিজৰ দেউতাকৰ কথা মানিলে আৰু কনান দেশ এৰি লাবনৰ ঘৰ যাবলৈ ওলালে। লাবনৰ দুজনী ছোৱালী আছিল লেয়া আৰু ৰাহেল। যাকোবে তেওঁৰ সৰুজনী ছোৱালী ৰাহেলৰ প্ৰেমত পৰিল আৰু তাইক বিয়া পাতিব বিচাৰিছিল। সেইবাবে, তেওঁ লাবনৰ ঘৰত সাত বছৰ কাম কৰিবলৈ সাজু হʼল। (আদি. ২৯:১৮) কিন্তু যাকোবে যিদৰে ভাবিছিল সেইমতে নহʼল। সাত বছৰ পূৰ হোৱাৰ পাছত লাবনে তেওঁক ঠগিলে আৰু তেওঁৰ ডাঙৰ ছোৱালী লেয়াক তেওঁৰ লগত বিয়া দিলে। ইয়াৰ পাছত তেওঁ যাকোবক কʼলে এসপ্তাহৰ পাছত তেওঁ ৰাহেলৰ লগতো বিয়া কৰাই দিব আৰু তাৰ বাবে তেওঁক আৰু সাত বছৰ কাম কৰি দিব লাগিব। (আদি. ২৯:২৫-২৭) যেতিয়া যাকোবে লাবনৰ বাবে কাম কৰিছিল, তেতিয়াও লাবনে বহু বাৰ তেওঁক ঠগিলে। লাবনে ২০ বছৰলৈকে যাকোবৰ লগত বিশ্বাসঘাত কৰি থাকিল।—আদি. ৩১:৪১, ৪২.

৬. যাকোবে আৰু কি কি সমস্যাৰ সন্মুখীন হৈছিল?

যাকোবে আৰু বহুতো সমস্যা সন্মুখীন হʼবলগীয়া হʼল। তেওঁৰ পৰিয়াল বৰ ডাঙৰ আছিল কিন্তু তেওঁৰ লʼৰা কেইজনৰ মাজত মিল নাছিল। আনকি তেওঁলোকে নিজৰ এজন ভাই যোচেফক দাস হিচাপে বিক্ৰী কৰি দিলে। যাকোবৰ আৰু দুজন লʼৰা চিমিয়োন আৰু লেবীয়ে নিজৰ পৰিয়ালৰ সন্মান নাইকিয়া কৰিলে আৰু যিহোৱাৰ নাম বদনাম কৰিলে। ইয়াৰ উপৰিও যাকোবে তেওঁৰ মৰমৰ পত্নী ৰাহেলক তেওঁলোকৰ দ্বিতীয় সন্তানক জন্ম দিয়াৰ সময়ত মৃত্যুত হেৰুৱালে। এটা ডাঙৰ আকাল হোৱাৰ বাবে যাকোবৰ ইচ্ছা নথকাৰ সত্ত্বেও বৃদ্ধ বয়সত তেওঁক মিচৰলৈ গৈ তাতে থাকিবলগীয়া হʼল।—আদি. ৩৪:৩০; ৩৫:১৬-১৯; ৩৭:২৮; ৪৫:৯-১১, ২৮.

৭. যিহোৱাই সকলো সময়তে যাকোবক কেনেকৈ সহায় কৰিলে?

ইমানবোৰ সমস্যা সন্মুখীন হোৱাৰ সত্ত্বেও যাকোবে যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰি থাকিল আৰু যিহোৱাইয়ো সকলো সময়তে তেওঁক সহায় কৰিলে। যদিও লাবনে যাকোবৰ লগত বাৰে বাৰে অন্যায় কৰিছিল, কিন্তু যিহোৱাই তেওঁৰ সম্পত্তি বঢ়ালে। চিন্তা কৰকচোন, যেতিয়া যাকোবে ইমান বছৰৰ পাছত যোচেফক আকৌ লগ পালে, তেতিয়া তেওঁ যিহোৱাৰ প্ৰতি কিমান কৃতজ্ঞ হʼল। যিহোৱাৰ লগত যাকোবৰ এটা ভাল সম্পৰ্ক আছিল। সেইবাবে, তেওঁ ইমানবোৰ সমস্যা সাহসেৰে সন্মুখীন হʼব পাৰিলে। (আদি. ৩০:৪৩; ৩২:৯, ১০; ৪৬:২৮-৩০) যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকিলে আমিও হঠাতে অহা সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰিম।

৮. ৰজা দায়ূদে কি কৰিব বিচাৰিছিল?

ৰজা দায়ূদে যিহোৱাৰ বাবে যি কৰিব বিচাৰিছিল, সেয়া কৰিবলৈ নাপালে। যেনে, যিহোৱাৰ বাবে গৃহ বনাবলৈ তেওঁৰ বৰ মন আছিল। তেওঁ ইয়াৰ বিষয়ে ভৱিষ্যতবক্তা নাথনকো জনাইছিল। তেতিয়া নাথনে তেওঁক এইদৰে কৈছিল, “আপোনাৰ মনত যি আছে, তাকে কৰক; কিয়নো ঈশ্বৰ আপোনাৰ লগত আছে।” (১ বং. ১৭:১, ২) এই কথা শুনি তেওঁ হয়তো বৰ আনন্দিত হৈছিল। তেওঁ হয়তো লগে লগে গৃহ বনোৱাৰ যোজনা বনাবলৈ ধৰিলে।

৯. যেতিয়া দায়ূদে এনে খবৰ শুনিলে যাৰ বিষয়ে তেওঁ ভবাই নাছিল, তেতিয়া তেওঁ কি কৰিলে?

কিন্তু “সেই ৰাতিয়েই” যিহোৱাই নাথনক কʼলে যে দায়ূদে তেওঁৰ বাবে গৃহ নবনাব, ইয়াৰ পৰিৱৰ্তে তেওঁৰ এজন লʼৰাই বনাব। এই কথা শুনি নাথনে লগে লগে দায়ূদৰ ওচৰলৈ গʼল আৰু তেওঁক এই খবৰ দিলে। (১ বং. ১৭:৩, ৪, ১১, ১২) তেতিয়া দায়ূদে কি কৰিলে? তেওঁ নিজৰ লক্ষ্য সলনি কৰিলে আৰু যিহোৱাৰ গৃহ বনাবলৈ পইচা আৰু আন বস্তুবোৰ গোটাবলৈ ধৰিলে, যাতে আগলৈ গৈ তেওঁৰ লʼৰা চলোমনে এই গৃহটো বনাব পাৰে।—১ বং. ২৯:১-৫.

১০. যিহোৱাই দায়ূদক কি আশীৰ্বাদ দিলে?

১০ যেতিয়া দায়ূদক জনোৱা হʼল যে তেওঁ যিহোৱাৰ বাবে গৃহ নবনাব, তেতিয়া ইয়াৰ লগে লগে যিহোৱাই তেওঁৰ লগত এটা চুক্তি কৰিলে। তেওঁ দায়ূদক প্ৰতিজ্ঞা কৰিলে যে তেওঁৰ বংশৰ পৰা এজনে সদায় শাসন কৰিব। (২ চমূ. ৭:১৬) চিন্তা কৰকচোন, যেতিয়া যীচুৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত দায়ূদক জীয়াই তোলা হʼব, তেতিয়া তেওঁ এয়া জানি কিমান আনন্দিত হʼব যে আমাৰ ৰজা যীচু খ্ৰীষ্ট তেওঁৰ বংশৰ পৰা আহিছে। এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমি যিহোৱাৰ বাবে যি কৰিব বিচাৰোঁ, সেয়া কৰিব নোৱাৰোঁ, তেতিয়া আমি নিৰাশ হোৱা উচিত নহয়। হয়তো যিহোৱাই আমাক এনে উপায়েৰে আশীৰ্বাদ দিব, যাৰ বিষয়ে আমি হয়তো কেতিয়াও ভবা নাই।

১১. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে ঈশ্বৰৰ ৰাজ্য যেতিয়া আহিব বুলি ভাবিছিল সেই সময়ত নাহিলে, তথাপি তেওঁলোকে কি আশীৰ্বাদ পালে? (পাঁচনিৰ কৰ্ম্ম ৬:৭)

১১ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলেও এনেধৰণৰ সমস্যা সন্মুখীন হʼবলগীয়া হৈছিল। তেওঁলোকে যি ভাবিছিল, সেই মতে নহʼল। তেওঁলোকে ঈশ্বৰৰ ৰাজ্য সোনকালে অহাটো বিচাৰিছিল। কিন্তু সেই সময়ত তেওঁলোকৰ আশা পূৰ নহʼল। ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব, তাৰ বিষয়ে তেওঁলোকে নাজানিছিল। (পাঁচ. ১:৬, ৭) সেই সময়ত তেওঁলোকে কি কৰিলে? তেওঁলোকে নিৰাশ হোৱাৰ পৰিৱৰ্তে প্ৰচাৰ কাম কৰি থাকিল। দূৰ-দূৰণি ঠাইত প্ৰচাৰ কাম হোৱাৰ বাবে তেওঁলোকে দেখিবলৈ পালে যে যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমত আশীৰ্বাদ দি আছে।—পাঁচনিৰ কৰ্ম্ম ৬:৭ পঢ়ক।

১২. আকালৰ সময়ছোৱাত প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কি কৰিলে?

১২ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এনে এটা সমস্যাৰ সন্মুখীন হৈছিল, যাৰ বিষয়ে তেওঁলোকে ভবাই নাছিল। এবাৰ “গোটেই পৃথিবীত বৰ আকাল” হʼল। (পাঁচ. ১১:২৮) আপুনি কল্পনা কৰিব পাৰেনে সেই সময়ত খ্ৰীষ্টানসকলে কি কি সমস্যাৰ সন্মুখীন হৈছিল। পৰিয়ালৰ মুৰব্বীসকলে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিব, তাৰ বিষয়ে ভাবি হয়তো চিন্তিত হৈছিল। যিসকল ডেকাই যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিম বুলি ভাবিছিল, তেওঁলোকৰ বিষয়ে চিন্তা কৰক। তেওঁলোকে আকাল শেষ হোৱালৈ বাট চাব লাগিব বুলি ভাবিছিলনে? কাৰণ যিয়েই নহওক কিয়, সেই খ্ৰীষ্টানসকলে পৰিস্থিতিৰ অনুসৰি নিজকে খাপ খোৱালে আৰু তেওঁলোকে যিমান পাৰে, সিমান প্ৰচাৰ কাম কৰি থাকিল। ইয়াৰ লগতে তেওঁলোকৰ ওচৰত যিবোৰ বস্তু আছিল, সেইবোৰ তেওঁলোকে আনন্দেৰে যিহূদিয়াৰ ভাই-ভনীসকলৰ লগত ভগালে।—পাঁচ. ১১:২৯, ৩০.

১৩. আকালৰ সময়ছোৱাত যিহোৱাই খ্ৰীষ্টানসকলক কি কি আশীৰ্বাদ দিলে?

১৩ সেই আকালৰ সময়ছোৱাত খ্ৰীষ্টানসকলে কি কি আশীৰ্বাদ পালে? যিসকল ভাই-ভনীক সাহায্যৰ বস্তু দিয়া হৈছিল, তেওঁলোকে স্পষ্টকৈ দেখিলে যে যিহোৱাই তেওঁলোকক চম্ভালি আছে। (মথি ৬:৩১-৩৩) যিসকল ভাই-ভনীয়ে তেওঁলোকক সাহায্যৰ বস্তু দিলে, সেই ভাই-ভনীসকলৰ লগতো তেওঁলোকৰ সম্পৰ্ক হয়তো গভীৰ হৈ পৰিল। যিসকল খ্ৰীষ্টানে দান দি বা আন উপায়েৰে সাহায্যৰ কামত সহায় কৰিলে, তেওঁলোকে আনক সহায় কৰিব পাৰিলে বুলি হয়তো আনন্দিত হʼল। (পাঁচ. ২০:৩৫) সেই সময়ছোৱাত সকলো খ্ৰীষ্টানে পৰিস্থিতিৰ অনুসৰি নিজকে খাপ খোৱালে। সেইবাবে, যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে।

১৪. পৌল আৰু বাৰ্ণাব্বাৰ লগত কি হʼল আৰু ইয়াৰ পৰিণাম কি হʼল? (পাঁচনিৰ কৰ্ম্ম ১৪:২১, ২২)

১৪ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক প্ৰায়েই তাড়না দিয়া হৈছিল। বহু বাৰ এনে সময়ত তাড়না দিয়া হৈছিল, যাৰ বিষয়ে তেওঁলোকে ভবাই নাছিল। মন কৰক, পৌল আৰু বাৰ্ণাব্বাই লুস্ত্ৰা নগৰত প্ৰচাৰ কৰি থকাৰ সময়ত কি হৈছিল। প্ৰথমতে লোকসকলে মন দি তেওঁলোকৰ কথা শুনিলে আৰু তেওঁলোকক আদৰণি জনালে। কিন্তু পাছত কিছুমান বিৰোধী তাত আহিল আৰু “লোকসমূহক প্ৰবৃত্তি দি” নিজৰ ফলীয়া কৰিলে। তেতিয়া যিসকল লোকে পৌল আৰু বাৰ্ণাব্বাক প্ৰথমে আদৰণি জনাইছিল, তেওঁলোকৰ মাজৰ কিছুমানে পৌলক শিল দলিয়াই মাৰিলে আৰু তেওঁৰ মৃত্যু হʼল বুলি ভাবি এৰি দিলে। (পাঁচ. ১৪:১৯) এনে পৰিস্থিতিত পৌল আৰু বাৰ্ণাব্বাই কি কৰিলে? তেওঁলোকে আন ঠাইলৈ গৈ প্ৰচাৰ কৰি থাকিল। ইয়াৰ পৰিণাম কি হʼল? তেওঁলোকে “অনেকক শিষ্য” বনাব পাৰিলে আৰু তেওঁলোকৰ কথা আৰু উদাহৰণৰ পৰা আন ভাই-ভনীসকলে সাহস পালে। (পাঁচনিৰ কৰ্ম্ম ১৪:২১, ২২ পঢ়ক।) যেতিয়া পৌল আৰু বাৰ্ণাব্বাৰ ওপৰত হঠাতে সমস্যা আহিলে, তেতিয়া তেওঁলোকে হাৰ নামানিলে। ইয়াৰ বাবে বহুতো লোকে লাভৱান হʼল। যদি আমিও হাৰ নামানি যিহোৱাই আমাক যি কাম দিছে সেয়া কৰি থাকোঁ, তেনেহʼলে তেওঁ আমাকো আশীৰ্বাদ দিব।

বৰ্তমান সময়ৰ ভাই-ভনী

১৫. ভাই মেকমিলনৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

১৫ যিহোৱাৰ লোকসকলে ১৯১৪ চনৰ কিছু বছৰৰ আগতে ডাঙৰ ডাঙৰ আশা কৰিছিল। যেনে, ভাই এ. এচ. মেকমিলনৰ উদাহৰণলৈ মন কৰক। আন ভাই-ভনীসকলৰ নিচিনা তেৱোঁ ভাবিছিল যে অতি সোনকালে তেওঁ স্বৰ্গলৈ যাব। ১৯১৪ চনৰ চেপ্টেম্বৰ মাহত এটা ভাষণ দিয়াৰ সময়ত তেওঁ এইদৰে কৈছিল, “হয়তো এয়া মোৰ শেষ ভাষণ হয়।” কিন্তু তেওঁ যিদৰে ভাবিছিল, সেই মতে নহʼল। পাছত ভায়ে এইদৰে কʼলে, “আমাৰ মাজৰ কিছুমান লোকে হয়তো খৰ-খেদা কৰিলোঁ। আমি অলপতে স্বৰ্গলৈ যাম বুলি ভাবি লʼলোঁ।” পাছত তেওঁ এইদৰে কʼলে, “আচলতে আমাক প্ৰভুৰ সেৱাত ব্যস্ত থকাৰ প্ৰয়োজন আছিল।” ভাই মেকমিলনে সঁচাকৈ নিজকে প্ৰচাৰ কামত ব্যস্ত ৰাখিলে। তেওঁ উৎসাহেৰে এইদৰে কৰি থাকিল। যিসকল ভাই-ভনীয়ে সেনাত ভৰ্তি হʼবলৈ মানা কৰাৰ বাবে জেলত আছিল, তেওঁলোকক উৎসাহিত কৰিবলৈ ভায়ে সুযোগ পালে। যেতিয়া বৃদ্ধ হোৱাৰ বাবে তেওঁৰ শৰীৰ দুৰ্বল হৈ পৰিছিল, তেতিয়াও তেওঁ নিয়মীয়াকৈ সভালৈ গৈছিল। ভায়ে স্বৰ্গত পুৰস্কাৰ পাবলৈ বাট চাই থকাৰ সময়ত তেওঁ নিজৰ সময় ভালদৰে ব্যৱহাৰ কৰিলে। ইয়াৰ পৰা তেওঁৰ কি লাভ হʼল? ১৯৬৬ চনত মৃত্যুৰ অলপ আগতে তেওঁ এইদৰে কৈছিল, “আজিও মোৰ বিশ্বাস আগৰ নিচিনাই মজবুত আছে।” ভাই মেকমিলনৰ কিমান ভাল চিন্তাধাৰা আছিল। বহু বাৰ আমি বহুত দীঘলীয়া সময়লৈকে সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। এনে পৰিস্থিতিত আমি ভাই মেকমিলনৰ নিচিনা চিন্তাধাৰা ৰখা উচিত আৰু ধৈৰ্য্য ধৰা উচিত।—ইব্ৰী ১৩:৭.

১৬. ভাই জনিংগজ আৰু তেওঁৰ পত্নীয়ে হঠাতে কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল? (যাকোব ৪:১৪)

১৬ যিহোৱাৰ বহুতো সেৱকে স্বাস্থ্যৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। যেনে, ভাই হৰ্বৰ্ট জনিংগজৰ b উদাহৰণলৈ মন কৰক। তেওঁ নিজৰ জীৱন কাহিনীত কৈছিল যে তেওঁ আৰু তেওঁৰ পত্নী ঘানাত মিচনেৰী হিচাপে সেৱা কৰি আছিল আৰু তেওঁলোক বৰ আনন্দিত আছিল। কিন্তু এদিনাখন তেওঁ গম পালে যে তেওঁৰ এটা ডাঙৰ মানসিক বেমাৰ (মোড ডিচʼদাৰ) হৈছে। যাকোব ৪:১৪ পদটো মনত ৰাখি তেওঁ নিজৰ পৰিস্থিতিৰ বিষয়ে এইদৰে কৈছে, “আমাৰ লগত এইদৰে হʼব বুলি আমি কেতিয়াও ভবা নাছিলোঁ।” (পঢ়ক।) তেওঁ এয়াও কৈছে, “এই সত্যতাক আমি স্বীকাৰ কৰিলোঁ আৰু . . . ঘানা আৰু তাত থকা আমাৰ মৰমৰ বন্ধুসকলক এৰি [চিকিৎসা কৰাবলৈ] কানাডালৈ উভতি যাবলৈ নিৰ্ণয় লʼলোঁ।” ভাই জনিংগজ আৰু তেওঁৰ পত্নীৰ বাবে এয়া বৰ কঠিন সময় আছিল। কিন্তু যিহোৱাৰ সহায়ত তেওঁলোকে বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি থাকিব পাৰিলে।

১৭. ভাই জনিংগজৰ উদাহৰণৰ পৰা আন ভাই-ভনীসকলে কেনেকৈ লাভৱান হʼল?

১৭ ভাই জনিংগজে নিজৰ জীৱন কাহিনীত যিবোৰ কথা কৈছিল, সেইবোৰ পঢ়ি আনৰ ওপৰত বৰ ভাল প্ৰভাৱ পৰিলে। এজনী ভনীয়ে এইদৰে কৈছে, ‘মই বহু বছৰ ধৰি প্ৰকাশনবোৰ পঢ়ি আছিলোঁ কিন্তু এই লেখখনে মোৰ ওপৰত সকলোতকৈ বেছি প্ৰভাৱ পেলালে। যেতিয়া মই ভাই জনিংগজৰ জীৱন কাহিনীত পঢ়িলোঁ যে তেওঁক বেমাৰৰ বাবে নিজৰ দায়িত্ব এৰিবলগীয়া হʼল, তেতিয়া মইয়ো নিজৰ পৰিস্থিতিক সঠিক দৃষ্টিভংগীৰে চাবলৈ সহায় পালোঁ।’ আন এজন ভায়ে এইদৰে কৈছে, ‘মণ্ডলীত দহ বছৰলৈকে প্ৰাচীন হিচাপে সেৱা কৰাৰ পাছত মই এই দায়িত্ব এৰিবলগীয়া হʼল। কাৰণ মোৰ এটা মানসিক বেমাৰ হৈছিল। মোক অযোগ্যৰ ভাবনাই ইমানেই আমনি কৰিছিল যে যেতিয়া মই ভাই-ভনীসকলৰ জীৱন কাহিনী পঢ়িছিলোঁ, তেতিয়া মই নিজৰ পৰিস্থিতিৰ বিষয়ে ভাবি নিৰাশ হৈ পৰিছিলোঁ। কিন্তু যেতিয়া মই ভাই জনিংগজৰ জীৱন কাহিনীত পঢ়িলোঁ যে তেওঁ কেনেকৈ ধৈৰ্য্য ধৰিলে, তেতিয়া মই বৰ উৎসাহিত হʼলোঁ।ʼ ইয়াৰ পৰা আমি শিকিলোঁ যে যেতিয়া হঠাতে আমাৰ পৰিস্থিতি সলনি হয় আৰু আমি ধৈৰ্য্য ধৰোঁ, তেতিয়া সেয়া দেখি ভাই-ভনীসকলে উৎসাহিত হʼব পাৰে। বহু বাৰ আমি যিদৰে ভাবোঁ সেইদৰে নহয়, তথাপি আমি আনৰ বাবে বিশ্বাস আৰু ধৈৰ্য্যৰ এক ভাল উদাহৰণ হʼব পাৰোঁ।—১ পিত. ৫:৯.

হঠাতে অহা সমস্যাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আমি তেওঁৰ আৰু কাষ চাপোঁ (অনুচ্ছেদ ১৮ চাওক)

১৮. আপুনি নাইজেৰিয়াৰ এজনী ভনীৰ পৰা কি শিকিব পাৰে? (ছবিখনো চাওক।)

১৮ কভিড ১৯ মহামাৰীৰ নিচিনা দুৰ্যোগৰ বাবে যিহোৱাৰ সেৱকসকলে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। নাইজেৰিয়াত থকা এজনী ভনীৰ উদাহৰণলৈ মন কৰক, যাৰ স্বামীৰ মৃত্যু হʼল। তেওঁলোকৰ ওচৰত বেছি পইচা নাছিল আৰু খোৱা-বোৱা বস্তুও কম আছিল। এদিন ৰাতিপুৱা তেওঁলোকৰ ওচৰত মাত্ৰ একাপ চাউল আছিল। ইয়াৰ পাছত আমি কি খাম বুলি ছোৱালীজনীয়ে নিজৰ মাকক সুধিলে। ভনীয়ে নিজৰ ছোৱালীজনীক কʼলে তেওঁলোকে চাৰিফতৰ বিধবাৰ নিচিনা হʼব লাগিব। তেওঁলোকৰ ওচৰত যি আছে, সেয়া খাব আৰু সকলো যিহোৱাৰ ওপৰত এৰি দিব। (১ ৰাজা. ১৭:৮-১৬) দুপৰীয়া তেওঁলোকে কি খাম বুলি ভবাই নাছিল, তেতিয়াই তেওঁলোকে ভাই-ভনীসকলে দিয়া এটা ডাঙৰ বেগ পালে। সেই বেগত বহুত খোৱা বস্তু আছিল, যি তেওঁলোকে দুসপ্তাহ আৰামেৰে খাব পাৰিলে হয়। ভনীয়ে কয় যে তেওঁ নিজৰ ছোৱালীজনীক যি কথা কৈছিল, সেই কথা যিহোৱাই ইমান মন দি শুনিছিল বুলি তেওঁলোকে ভবাই নাছিল। যেতিয়া হঠাতে অহা সমস্যাৰ সময়ত আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখোঁ, তেতিয়া আমি তেওঁৰ আৰু কাষ চাপোঁ।—১ পিত. ৫:৬, ৭.

১৯. ভাই এলেক্সি য়েৰছবে কি কি সমস্যাৰ সন্মুখীন হৈছিল?

১৯ শেহতীয়া কিছু বছৰ ধৰি আমাৰ ভাই-ভনীসকলে এনে তাড়নাৰ সন্মুখীন হৈছে, যাৰ বিষয়ে তেওঁলোকে ভবাই নাছিল। ৰুছত থকা ভাই এলেক্সি য়েৰছবৰ উদাহৰণলৈ মন কৰক। তেওঁৰ বাপ্তিষ্মা ১৯৯৪ চনত হৈছিল আৰু সেই সময়ত ৰুছত যিহোৱাৰ উপাসনা কৰাত কোনো বাধা নাছিল। কিন্তু আগলৈ গৈ পৰিস্থিতি সলনি হʼল। ২০২০ চনত কিছুমান লোকে ভাই য়েৰছবৰ ঘৰত সোমালে। তেওঁলোকে ঘৰৰ তালাচী লʼলে আৰু বহুতো বস্তু লৈ লʼলে। কিছু মাহৰ পাছত চৰকাৰে তেওঁক অপৰাধী বুলি অভিযোগ কৰিলে। আচলতে এজন ব্যক্তিয়ে ভাইৰ লগত বাইবেল অধ্যয়ন কৰাৰ ভাও ধৰিছিল। তেওঁ কিছুমান ভিডিঅʼ বনালে, যাৰ আধাৰত ভাইৰ ওপৰত অভিযোগ লগোৱা হʼল। সঁচাকৈ সেই মানুহজনে ভাইৰ লগত কিমান ডাঙৰ বিশ্বাসঘাত কৰিলে।

২০. ভাই য়েৰছবে যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ কি কৰিলে?

২০ ভাই য়েৰছবক বহুতো তাড়না দিয়া হৈছিল। ইয়াৰ কিবা ভাল পৰিণাম ওলালেনে? নিশ্চয়, যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক আৰু মজবুত হʼল। তেওঁ কয়, “এতিয়া মই আৰু মোৰ পত্নী একেলগে মিলি আৰু বেছিকৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। মই জানোঁ যে যিহোৱাই সহায় নকৰা হʼলে মই এই সমস্যা সন্মুখীন হʼব নোৱাৰিলোঁহেঁতেন।” ভায়ে এয়াও কয়, “ব্যক্তিগত অধ্যয়নৰ যোগেদি মোৰ বহুত লাভ হʼল। মই নিৰাশাৰ ভাবনাক নিয়ন্ত্ৰণ কৰিবলৈ সহায় পালোঁ। মই প্ৰাচীন সময়ৰ বিশ্বাসী সেৱকসকলৰ উদাহৰণবোৰ মনন কৰোঁ। বাইবেলত এনে বহুতো ঘটনাৰ বিষয়ে লিখা আছে, যাৰ পৰা জানিব পাৰি যে সমস্যাৰ সময়ত শান্ত হৈ থকা আৰু যিহোৱাৰ ওপৰত ভৰসা কৰা কিমান গুৰুত্বপূৰ্ণ।”

২১. এই লেখত আমি কি শিকিলোঁ?

২১ এই লেখত আমি কি শিকিলোঁ? এই জগতত যিকোনো সময়তে আমাৰ ওপৰত যিকোনো পৰিস্থিতি আহিব পাৰে। কিন্তু যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেনেহʼলে তেওঁ আমাক সদায় সহায় কৰিব। যিদৰে এই লেখৰ মুখ্য পদত লিখা আছে, “ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।” (গীত. ৩৪:১৯) গতিকে নিজৰ সমস্যাৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে যিহোৱাই আমাক কেনেকৈ চম্ভালি আছে আহক তালৈ মন কৰোঁ। তেতিয়া আমিও পাঁচনি পৌলৰ দৰে কʼব পাৰিম, “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলি. ৪:১৩.

গীত ৩৮ তেওঁ তোমাক শক্তিশালী কৰিব

a আমাৰ ওপৰত যিকোনো সময়তে সমস্যা আহিব পাৰে। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে এনে পৰিস্থিতিত যিহোৱাই নিজৰ বিশ্বাসী লোকসকলক চম্ভালি ৰাখিব। প্ৰাচীন সময়ত তেওঁ নিজৰ সেৱকসকলক কেনেকৈ চম্ভালিছিল আৰু আজি তেওঁ নিজৰ সেৱকসকলক কেনেকৈ চম্ভালে? এই লেখত আমি প্ৰাচীন সময়ৰ লোক আৰু বৰ্তমান সময়ৰ কিছুমান ভাই-ভনীৰ উদাহৰণলৈ মন কৰিম। এনে কৰিলে আমাৰ বিশ্বাস বাঢ়িব যে যদি আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ, তেনেহʼলে তেওঁ আমাকো চম্ভালিব।