Skip to content

Skip to table of contents

অধ্যয়ন লেখ ১৪

গীত ৫৬ সত্যক আপোন কৰি লওক

পৰিপক্কৰ দিশত আগবাঢ়ি যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক

পৰিপক্কৰ দিশত আগবাঢ়ি যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক

“আহাঁ আমি পৰিপক্কৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাওঁ।”ইব্ৰী ৬:১, NW.

কি শিকিম?

এজন পৰিপক্ক খ্ৰীষ্টানে কেনেকৈ সকলো বিষয়তে ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি চিন্তা আৰু কাম কৰে, যাৰ বাবে তেওঁ সঠিক নিৰ্ণয় লʼব পাৰে, এই বিষয়ে আমি আলোচনা কৰিম।

১. যিহোৱাই আমাৰ পৰা কি বিচাৰে?

 যেতিয়া এটি সন্তানৰ জন্ম হয়, তেতিয়া মা-দেউতাই বহুত আনন্দিত হয়। তেওঁলোকে নিজৰ সন্তানক বহুত প্ৰেম কৰে, কিন্তু তেওঁ সৰু হৈ থকাটো নিবিচাৰে। যদি তেওঁ ডাঙৰ নহয়, তেনেহʼলে তেওঁলোকে চিন্তিত হʼব পাৰে। ঠিক সেইদৰে যেতিয়া আমি যিহোৱাৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰোঁ, তেতিয়া যেন আমি প্ৰথম খোজ দিওঁ। এয়া চাই তেওঁ বহুত আনন্দিত হয়। কিন্তু আমি তেওঁৰ বিষয়ে বেছিকৈ শিকা আৰু “বয়সস্থ” অৰ্থাৎ পৰিপক্ক হোৱাটো তেওঁ বিচাৰে।—১ কৰি. ৩:১; ১৪:২০.

২. এই লেখত আমি কি শিকিম?

এই লেখত আমি এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম। বয়সস্থ অৰ্থাৎ পৰিপক্ক হোৱাৰ অৰ্থ কি? এজন খ্ৰীষ্টানে কেনেকৈ পৰিপক্ক হʼব পাৰে? পৰিপক্ক হʼবলৈ “টান আহাৰ” খোৱাৰ কিয় প্ৰয়োজন আৰু পৰিপক্ক হৈ থাকিবলৈ আমি কিয় পৰিশ্ৰম কৰাৰ প্ৰয়োজন?

পৰিপক্ক হোৱাৰ অৰ্থ কি?

৩. বয়সস্থ বা পৰিপক্ক হোৱাৰ অৰ্থ কি?

প্ৰথম কৰিন্থীয়া ১৪:২০ পদত যি গ্ৰীক শব্দৰ অনুবাদ “বয়সস্থ” কৰা হৈছে, তাৰ অৰ্থ “পৰিপক্ক,” “পৰিপূৰ্ণ” বা “সম্পূৰ্ণৰূপে বিকশিত হোৱা” হʼব পাৰে। a যিদৰে এটি সন্তানে লাহে লাহে ডাঙৰ হৈ বয়সস্থ হয়, ঠিক সেইদৰে যেতিয়া যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক মজবুত হয়, তেতিয়া আমি বয়সস্থ বা পৰিপক্ক হওঁ। কিন্তু ইয়াৰ পাছতো যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক মজবুত কৰি থকাৰ প্ৰয়োজন। (১ তীম. ৪:১৫) আমি সৰু ডাঙৰ সকলোৱে পৰিপক্ক হʼব পাৰোঁ। কিন্তু আমি পৰিপক্ক হয় নে নহয়, এয়া কেনেকৈ জানিব পাৰোঁ?

৪. আমি কাক এজন পৰিপক্ক খ্ৰীষ্টান বুলি কʼব পাৰোঁ?

এজন পৰিপক্ক খ্ৰীষ্টানে ঈশ্বৰৰ সকলো আজ্ঞা পালন কৰে। তেওঁৰ হয়তো কিছুমান আজ্ঞা পালন কৰিবলৈ কঠিন বা ভাল নালাগিব পাৰে, তথাপিও তেওঁ এই আজ্ঞাবোৰ পালন কৰে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁৰ পৰা কোনো ভুল নহʼব। কিন্তু তেওঁ যিদৰে জীৱন-যাপন কৰে, তাৰ পৰা জানিব পাৰি যে তেওঁ যিহোৱাক আনন্দিত কৰিব বিচাৰে। তেওঁ নিজৰ অন্তৰত খ্ৰীষ্টান গুণবোৰ বিকশিত কৰিবলৈ আৰু সকলো বিষয়ে ঈশ্বৰৰ দৰে চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰে। (ইফি. ৪:২২-২৪) কোনো নিৰ্ণয় লোৱাৰ আগতে তেওঁক নিয়মৰ কোনো দীঘলীয়া তালিকাৰ প্ৰয়োজন নহয়, কিয়নো তেওঁ ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ ভালদৰে জানে আৰু কোনো নিৰ্ণয় লোৱাৰ সময়ত সেইবোৰ মনত ৰাখে। লগতে সেইদৰে চলিবলৈ চেষ্টাও কৰে।—১ কৰি. ৯:২৬,২৭.

৫. যিসকল খ্ৰীষ্টান পৰিপক্ক নহয়, তেওঁলোকৰ লগত কি হʼব পাৰে? (ইফিচীয়া ৪:১৪, ১৫)

কিন্তু যিসকল খ্ৰীষ্টান পৰিপক্ক নহয়, তেওঁলোকৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকে সহজতে এনে লোকসকলৰ কথা মানি লয়, ‘যিসকলে ধ্ৰুততাৰে আৰু ছলেৰে ঠগী ভুল পথলৈ পৰিচালিত কৰে।’ উদাহৰণস্বৰূপে, তেওঁলোকে চʼচিয়েল মিডিয়াত আৰু বাতৰি কাকতত দিয়া মিছা খবৰবোৰক সঁচা বুলি মানি লয় আৰু ধৰ্মত্যাগীসকলৰ কথাত ভুল যায়। b (ইফিচীয়া ৪:১৪, ১৫ পঢ়ক।) ইয়াৰ উপৰিও তেওঁলোকে সহজতে আনৰ কথাত বেয়া পায়, ঈৰ্ষা কৰে, কাজিয়া কৰে আৰু যেতিয়া প্ৰলোভনৰ সন্মুখীন হয়, তেতিয়া ভুল কাম কৰে।—১ কৰি. ৩:৩.

৬. এজন খ্ৰীষ্টান কেনেকৈ লাহে লাহে পৰিপক্ক হয়? উদাহৰণ দি বুজাওক। (ছবিখনো চাওক।)

আমি আৰম্ভণিতে আলোচনা কৰিছিলোঁ যে শিশু লাহে লাহে ডাঙৰ হৈ এদিন বয়সস্থ হয়। ঠিক সেইদৰে বাইবেলতো কোৱা হৈছে যে আমি শিশু হৈ থকাৰ পৰিৱৰ্তে লাহে লাহে পৰিপক্ক হোৱা উচিত। এজন শিশুৰ বেছি জ্ঞান নাথাকে। সেইবাবে, তেওঁ কি কৰিব লাগে আৰু কি কৰিব নালাগে, সেয়া কʼবলগীয়া হয়। উদাহৰণস্বৰূপে, যেতিয়া সন্তান সৰু হৈ থাকে, তেতিয়া মাই হাত ধৰি তাক ৰাস্তা পাৰ কৰায়। কিন্তু যেতিয়া সন্তানটি অলপ ডাঙৰ হয়, তেতিয়া হয়তো মাকে তাইক অকলে ৰাস্তা পাৰ হʼবলৈ অনুমতি দিব, কিন্তু তেওঁ কʼব যে ‘মাজনী সোঁফালে-বাওঁফালে ভালদৰে চাই ৰাস্তা পাৰ হʼবা।’ কিন্তু তাই যেতিয়া ডাঙৰ হৈ যায় আৰু কথাবোৰ ভালদৰে বুজিব পাৰে, তেতিয়া হয়তো তাই নিজে ৰাস্তা পাৰ হʼব পাৰে। কিছুমান খ্ৰীষ্টানো সৰু সন্তানৰ দৰে হয়, যিসকলৰ বেছি জ্ঞান নথাকে; সঠিক নিৰ্ণয় লʼবলৈ তেওঁলোকে পৰিপক্ক খ্ৰীষ্টানৰ সহায় লʼবলগীয়া হয়। যদি এইদৰে নকৰে, তেনেহʼলে হয়তো তেওঁলোকে এনে কিবা কাম কৰিব পাৰে, যাৰ ফলত যিহোৱাৰ লগত থকা তেওঁলোকৰ সম্পৰ্ক ভাঙি যাব। আনহাতে পৰিপক্ক খ্ৰীষ্টানে নিজে সঠিক নিৰ্ণয় লʼব পাৰে। তেওঁ বাইবেলৰ সিদ্ধান্তৰ বিষয়ে চিন্তা কৰে আৰু কোনো এটা বিষয়ত যিহোৱাই কি ভাবে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে আৰু সেই অনুসৰি কাম কৰে।

সৰু লʼৰা-ছোৱালীৰ নিচিনা যিসকলৰ কম অনুভৱ থাকে, তেওঁলোকে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি সঠিক নিৰ্ণয় লʼবলৈ শিকিবলগীয়া হয় (অনুচ্ছেদ ৬ চাওক)


৭. পৰিপক্ক খ্ৰীষ্টানে আনৰ পৰা সহায় লয়নে?

ইয়াৰ অৰ্থ এয়া নহয় যে পৰিপক্ক খ্ৰীষ্টানে কেতিয়াও আনৰ সহায় লʼবলগীয়া নহয়। পৰিপক্ক খ্ৰীষ্টানসকলেও কেতিয়াবা কেতিয়াবা আনৰ সহায় লয়। কিন্তু তেওঁলোকৰ বাবে আনে নিৰ্ণয় লোৱাটো বা তেওঁলোকে কি কৰাটো ভাল হʼব বুলি আনে কোৱাটো আশা নকৰে। এজন পৰিপক্ক খ্ৰীষ্টানে অভিজ্ঞ ভাই বা ভনীৰ পৰা পৰামৰ্শ লোৱাৰ সময়ত তেওঁলোকৰ অনুভৱৰ পৰা শিকে। কিন্তু তেওঁ মনত ৰাখে যে নিৰ্ণয় তেওঁ নিজে লʼব লাগিব। “কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ” লোৱাটো যিহোৱাই বিচাৰে।—গালা. ৬:৫.

৮. পৰিপক্ক খ্ৰীষ্টান কেনেকৈ এজনে-আনজনতকৈ বেলেগ?

সকলো লʼৰা-ছোৱালী ডাঙৰ হৈ দেখাত একে নিচিনা নহয়। ঠিক সেইদৰে পৰিপক্ক খ্ৰীষ্টানসকলেও এজনে-আনজনতকৈ বেলেগ, আনকি তেওঁলোকৰ গুণবোৰো। কিছুমান আনতকৈ বুদ্ধিমান হয়, কিছুমান সাহসী, কিছুমানে দয়া দেখুৱাই আৰু আন কিছুমানে কৰুণাৰে ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ নিৰ্ণয়ো বেলেগ বেলেগ হʼব পাৰে। উদাহৰণস্বৰূপে, দুজন পৰিপক্ক খ্ৰীষ্টানে একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তেওঁলোকে বেলেগ বেলেগ নিৰ্ণয় লৈছে, কিন্তু তেওঁলোকৰ নিৰ্ণয় বাইবেলৰ অনুসৰি সঠিক হয়। বিশেষকৈ যিবোৰ নিৰ্ণয় বিবেকৰ ওপৰত এৰি দিয়া হৈছে। পৰিপক্ক খ্ৰীষ্টানসকলে এনে ধৰণৰ পৰিস্থিতি বুজি পায়। সেইবাবে, পৰিপক্ক খ্ৰীষ্টানে এজনে আনজনৰ নিৰ্ণয়ত খুঁত নিবিচাৰে, তাৰ পৰিৱৰ্তে তেওঁলোকে এজনে আনজনক আদৰ কৰে আৰু একেলগে মিলি যিহোৱাৰ উপাসনা কৰে।—ৰোম. ১৪: ১০; ১ কৰি. ১:১০.

পৰিপক্ক খ্ৰীষ্টান কেনেকৈ হʼব পাৰিম?

৯. এজন খ্ৰীষ্টানে নিজে নিজে পৰিপক্ক হয়নে? বুজাওক।

সময় পাৰ হোৱাৰ লগে লগে এটি সন্তান নিজে নিজে ডাঙৰ হয়। কিন্তু এজন খ্ৰীষ্টান নিজে নিজে পৰিপক্ক হʼব নোৱাৰে, ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ তেওঁ পৰিশ্ৰম কৰিব লাগিব। খন্তেকৰ বাবে কৰিন্থৰ ভাই-ভনীসকললৈ মন কৰক। তেওঁলোকে শুভবাৰ্তা গ্ৰহণ কৰিলে, বাপ্তিষ্মা লʼলে আৰু পবিত্ৰ শক্তিও লাভ কৰিলে। ইয়াৰ উপৰিও তেওঁলোকে পৌলৰ পৰা শিকাৰ সুযোগ পালে। (পাঁচ. ১৮:৮-১১) কিন্তু দুখৰ কথা যে বাপ্তিষ্মা লোৱাৰ কিছু বছৰ পাছতো তেওঁলোকে পৰিপক্ক হোৱা নাছিল। (১ কৰি. ৩:২) যদি আমি তেওঁলোকৰ দৰে হʼব নিবিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত?

১০. পৰিপক্ক হʼবলৈ আমি কি কৰিব লাগিব? (যিহুদা ২০)

১০ পৰিপক্ক হোৱাৰ ইচ্ছা থাকিলেহে পৰিপক্ক হʼব পাৰি। কিন্তু কিছুমান লোকে ‘নিৰ্বোধতাক ভাল পাই,’ তেওঁলোকে পৰিপক্ক হʼব নিবিচাৰে। (হিতো. ১:২২) তেওঁলোক এনে লʼৰা-ছোৱালীৰ দৰে হয় যিসকল ডাঙৰতো হৈ গʼল, কিন্তু কোনো দায়িত্ব লʼব নিবিচাৰে। তেওঁলোকে সদায় মা-দেউতাৰ ওপৰতে নিৰ্ভৰ হৈ থাকে। আমি পৰিপক্ক হʼব বিচাৰোঁ, এনে লোকসকলৰ দৰে হʼব নিবিচাৰোঁ। যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত কৰাৰ দায়িত্ব আমাৰহে। (যিহুদা ২০ পঢ়ক।) যদি আপুনি পৰিপক্ক হʼব বিচাৰে, তেনেহʼলে আপুনি কি কৰা উচিত? যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ পৰিপক্ক হʼবলৈ আপোনাৰ অন্তৰত ‘ইচ্ছা জগাই আৰু এয়া পূৰ কৰিবলৈ শক্তিও দিয়ে।’—ফিলি. ২:১৩.

১১. পৰিপক্ক খ্ৰীষ্টান হʼবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰে? (ইফিচীয়া ৪:১১-১৩)

১১ যিহোৱাই জানে যে আমি নিজে নিজে পৰিপক্ক হʼব নোৱাৰোঁ। সেইবাবে তেওঁ মণ্ডলীত ৰখীয়া আৰু শিক্ষক নিযুক্ত কৰিছে। তেওঁলোকে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত কৰিবলৈ আমাক সহায় কৰে। তেওঁলোকৰ সহায়ত আমি ‘পৰিপূৰ্ণতাৰ বয়সৰ পুৰুষ হʼব পাৰোঁ’ আৰু ‘খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি লাভ কৰিব পাৰোঁ।’ (ইফিচীয়া ৪:১১-১৩ পঢ়ক।) যিহোৱাই আমাক নিজৰ পবিত্ৰ শক্তি দিছে, যাতে আমি ‘খ্ৰীষ্টৰ দৰে চিন্তাধাৰা’ ৰাখিব পাৰোঁ। (১ কৰি. ২:১৪-১৬) ইয়াৰ উপৰিও যিহোৱাই আমাক শুভবাৰ্তাৰ চাৰিখন কিতাপ দিছে, যʼত যীচু খ্ৰীষ্ট কেনেধৰণৰ ব্যক্তি হয় আৰু তেওঁ পৃথিৱীত থকাৰ সময়ত কি কৰিছিল, কি কৈছিল তাৰ বিষয়ে লিখা আছে। যদি আমি এয়া ভালদৰে পঢ়ো আৰু যীচুৰ দৰে চিন্তা কৰিবলৈ আৰু কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি পৰিপক্ক হʼব পাৰিম।

“টান আহাৰ” খোৱাৰ কিয় প্ৰয়োজন

১২. ‘খ্ৰীষ্টৰ প্ৰাথমিক শিক্ষা’ কি?

১২ পৰিপক্ক খ্ৰীষ্টান হʼবলৈ খ্ৰীষ্টৰ প্ৰাথমিক শিক্ষাবোৰ জনাই যথেষ্ট নহয়। ইয়াৰ ওপৰিও আমি আৰু কিছুমান কথা জনাৰ প্ৰয়োজন। কিন্তু প্ৰাথমিক শিক্ষা নো কি? অনুতাপ কৰা, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা, বাপ্তিষ্মাৰ শিক্ষা, মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শিক্ষা আৰু এনেধৰণৰ আন শিক্ষাবোৰ। (ইব্ৰী ৬:১, ২)এই বিশেষ শিক্ষাবোৰ সকলো খ্ৰীষ্টানে মানি চলিছিল। সেইবাবে, পাঁচনি পিতৰে পেন্টাকোষ্টৰ দিনা প্ৰচাৰ কৰোঁতে এইবোৰৰ বিষয়ে কৈছিল। (পাঁচ. ২:৩২-৩৫, ৩৮) যীচুৰ শিষ্য হʼবলৈ এই প্ৰাথমিক শিক্ষাবোৰ পালন কৰাটো অতি গুৰুত্বপূৰ্ণ। পৌলে কৈছিল যি যিজনে মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শিক্ষাৰ ওপৰত বিশ্বাস নকৰে, তেওঁ যীচুৰ শিষ্য হʼব নোৱাৰে। (১ কৰি. ১৫:১২-১৪) কিন্তু আমি প্ৰাথমিক শিক্ষাৰ উপৰিও আৰু কিছুমান কথা জনাৰ প্ৰয়োজন।

১৩. “টান আহাৰ” খাবলৈ আমি কি কৰিব লাগিব? (ইব্ৰী ৫:১৪) (ছবিখনো চাওক।)

১৩ আমি প্ৰাথমিক শিক্ষা জনাৰ উপৰিও ‘টান আহাৰো’ খোৱাৰ অতি প্ৰয়োজন। ইয়াৰ অৰ্থ হৈছে, আমি যিহোৱাৰ নিয়ম জনাৰ লগতে, সিদ্ধান্তবোৰো বুজিব লাগিব। এইদৰে কৰিলে আমি যিহোৱাৰ চিন্তাধাৰা জানিব পাৰিম। “টান আহাৰ” খাবলৈ, আমি ঈশ্বৰৰ বাক্য বাইবেল অধ্যয়ন কৰিব লাগিব, গভীৰভাৱে চিন্তা কৰিব লাগিব আৰু শিকা কথাবোৰ পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিব লাগিব। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সঠিক নিৰ্ণয় লʼব পাৰিম আৰু যিহোৱাৰ মনক আনন্দিত কৰিব পাৰিম। cইব্ৰী ৫:১৪ পঢ়ক।

“টান আহাৰ” খালে আমি যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লʼব পাৰিম (অনুচ্ছেদ ১৩ চাওক) d


১৪. পৌলে কৰিন্থৰ ভাই-ভনীসকলক কেনেকৈ পৰিপক্ক হʼবলৈ শিকালে?

১৪ কিছুমান ক্ষেত্ৰত বাইবেলত কোনো নিয়ম দিয়া নাই। এনে পৰিস্থিতিত আমি বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিৰ্ণয় লʼবলগীয়া হয়। কিন্তু এনে পৰিস্থিতিত যিসকল খ্ৰীষ্টান পৰিপক্ক নহয়, তেওঁলোকৰ বাবে নিৰ্ণয় লʼবলৈ কঠিন হʼব পাৰে। এনে পৰিস্থিতিত কিছুমানে যি ভাল পাই সেয়াই কৰে আৰু আন কিছুমানে এই ক্ষেত্ৰত কিবা নিয়ম বনোৱা উচিত বুলি ভাবে। প্ৰাচীন সময়ত কৰিন্থৰ মণ্ডলীতো এনেধৰণৰ কিছুমান লোক আছিল। তেওঁলোকৰ মনতো কিছুমান প্ৰশ্ন আছিল। মূৰ্তিৰ আগত অৰ্পণ কৰা বস্তু খাব পাৰি নে নোৱাৰি? সেইবাবে, তেওঁলোকে পৌলক এই বিষয়ে সুধিছিল, যাতে তেওঁ কোনো নিয়ম বনাই দিয়ে। কিন্তু পৌলে কোনো নিয়ম বনোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ তেওঁলোকক জনালে যে এই বিষয়টো বিবেকৰ ওপৰত এৰি দিয়া হৈছে আৰু প্ৰতিজনে ‘নিজৰ নিৰ্ণয় নিজে লোৱাৰ অধিকাৰ আছে।’ পৌলে তেওঁলোকক কিছুমান সিদ্ধান্ত জনালে, যাৰ যোগেদি তেওঁলোকে এনেধৰণৰ নিৰ্ণয় লʼব পাৰে যাতে বিবেকে তেওঁলোকক খুচি নাথাকে আৰু আনে উজটি খোৱাৰ কাৰণো নহয়। (১ কৰি. ৮:৪, ৭-৯) পৌলে তেওঁলোকক বুজালে যে কোনো নিৰ্ণয় লোৱাৰ বাবে তেওঁলোকে আনক সোধা বা কোনো নিয়ম বনোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে নিজৰ বুজা শক্তি ব্যৱহাৰ কৰি সঠিক নিৰ্ণয় লʼব পাৰে। এইদৰে পৌলে তেওঁলোকক পৰিপক্ক হʼবলৈ শিকালে।

১৫. পৌলে ইব্ৰী খ্ৰীষ্টানসকলক পৰিপক্ক হʼবলৈ কেনেকৈ সহায় কৰিলে?

১৫ পৌলে ইব্ৰী খ্ৰীষ্টানসকলক যি চিঠি লিখিছিল, তাৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ। কিছুমান ইব্ৰী খ্ৰীষ্টানে পৰিপক্ক হʼবলৈ পৰিশ্ৰম কৰা নাছিল, ‘তেওঁলোকৰ টান আহাৰ নহয়, আকৌ গাখীৰৰ প্ৰয়োজন হৈছিল।’ (ইব্ৰী ৫:১২) যিহোৱাই মণ্ডলীৰ যোগেদি তেওঁলোকক যি কথাবোৰ শিকাইছিল, নতুন বুজা-বুলি জনাইছিল, তাৰ ওপৰত তেওঁলোকে ধ্যান দিয়া নাছিল। সেইবাবে, তেওঁলোকৰ এই অৱস্থা হʼল। (হিতো. ৪:১৮) উদাহৰণস্বৰূপে, কিছুমান যিহুদী খ্ৰীষ্টানে মোচিৰ নিয়ম মানিবলৈ জোৰ দিছিল। কিন্তু যীচুৰ মৃত্যুৰ পাছত এই নিয়ম শেষ হৈ গৈছিল আৰু এইদৰে হোৱা ৩০ বছৰ পাৰ হৈছিল। (ৰোম. ১০:৪; তীত ১:১০) ইমান সময় পাৰ হোৱাৰ পাছতো তেওঁলোকে এই কথা বুজি পোৱা নাছিল যে এতিয়া তেওঁলোকে এই নিয়ম মানি চলাৰ কোনো প্ৰয়োজন নাছিল। সেইবাবে, পৌলে তেওঁলোকক টান আহাৰ দিলে অৰ্থাৎ কিছুমান গভীৰ কথা জনালে। পৌলে নিজৰ চিঠিত তেওঁলোকক বুজালে যে যিহোৱাই যীচু খ্ৰীষ্টৰ বলিদানৰ আধাৰত উপাসনাৰ এটা নতুন ব্যৱস্থা কৰিলে, যি পুৰণি ব্যৱস্থাতকৈ বহু গুণে উত্তম। তেওঁৰ কথাৰ পৰা খ্ৰীষ্টানসকলে যিহুদীসকলৰ বিৰোধৰ সত্বেও প্ৰচাৰ কৰি থাকিব পাৰিলে, কাৰণ তেওঁলোক সাহস পালে।—ইব্ৰী ১০:১৯-২৩.

পৰিপক্ক হৈ থাকিবলৈ আমি কিয় পৰিশ্ৰম কৰাৰ প্ৰয়োজন?

১৬. পৰিপক্ক হোৱাৰ পাছত আমি কি কৰি থকা উচিত?

১৬ আমি পৰিপক্ক হৈ থাকিবলৈ পৰিশ্ৰম কৰিব লাগিব আৰু আগলৈয়ো সেইদৰে হৈ থাকিবলৈ চেষ্টা কৰি থকা উচিত। আমি কেতিয়াও ভবা উচিত নহয় যে ‘যিহোৱাৰ লগত মোৰ ভাল সম্পৰ্ক আছে, গতিকে মই আৰু পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই।’ (১ কৰি. ১০:১২) ইয়াৰ পৰিৱৰ্তে আমি ‘নিজৰ পৰীক্ষা’ কৰি থকা আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক মজবুত কৰি থকা অতি প্ৰয়োজন।—২ কৰি. ১৩:৫.

১৭. পৰিপক্ক হৈ থকাটো গুৰুত্বপূৰ্ণ বুলি আমি পৌলৰ চিঠিৰ পৰা কেনেকৈ জানিব পাৰোঁ?

১৭ পৌলে কলচীয়াৰ ভাই-ভনীসকলক লিখা চিঠিত পুনৰ তেওঁলোকক পৰিপক্ক হৈ থাকিবলৈ জোৰ দিছিল। তাৰ ভাই-ভনীসকল পৰিপক্ক আছিল, তথাপিও পৌলে তেওঁলোকক জগতৰ চিন্তাধাৰা আকোৱালি নলʼবলৈ সতৰ্ক কৰিছিল। (কল. ২:৬-১০) তেওঁ নিজৰ চিঠিত ইপাফ্ৰাৰ বিষয়ে উল্লেখ কৰিছিল। ইপাফ্ৰাই কলচীয়াৰ ভাই-ভনীসকলক হয়তো ভালদৰে জানিছিল, তেওঁৰ বিষয়েও পৌলে চিঠিত উল্লেখ কৰিছিল। তেওঁ চিঠিত লিখিছিল যে কলচীয়াৰ ভাই-ভনীসকলে ‘থিৰে থাকিবলৈ’ অৰ্থাৎ পৰিপক্ক হৈ থাকিবলৈ ইপাফ্ৰাই সদায় প্ৰাৰ্থনা কৰিছিল। (কল. ৪:১২) পৌল আৰু ইপাফ্ৰাৰ পৰা আমি শিকিব পাৰোঁ যে আমি যদি পৰিপক্ক হৈ থাকিব বিচাৰোঁ, তেনেহʼলে ঈশ্বৰৰ পৰা সহায় লʼব লাগিব, লগতে পৰিশ্ৰম কৰিব লাগিব। তেওঁলোকে ভালদৰে জানিছিল যে এইদৰে কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ। সেইবাবে, কলচীয়াৰ ভাই-ভনীসকলে সমস্যাৰ সময়তো পৰিপক্ক হৈ থাকিবলৈ পৰিশ্ৰম কৰাটো তেওঁলোকে বিচাৰিছিল।

১৮. এজন পৰিপক্ক খ্ৰীষ্টানৰ লগতো কি হʼব পাৰে? (ছবিখনো চাওক।)

১৮ পৌলে ইব্ৰী খ্ৰীষ্টানসকলক সতৰ্ক কৰিছিল যদি এজন পৰিপক্ক খ্ৰীষ্টানে সাৱধান হৈ নাথাকে, তেনেহʼলে তেওঁ সদায় দিনৰ বাবে যিহোৱাৰ অনুমোদন হেৰুৱাব পাৰে। এজন খ্ৰীষ্টানৰ মন ইমানে কঠোৰ হʼব পাৰে যে তেওঁ অনুতাপ নকৰিব আৰু যিহোৱাৰ পৰা ক্ষমাও নিবিচাৰিব। কিন্তু ইব্ৰী খ্ৰীষ্টানসকলৰ অৱস্থা ইমান বেয়া হোৱা নাছিল। (ইব্ৰী ৬:৪-৯) কিন্তু যিসকল নিষ্ক্ৰিয় বা বহিষ্কাৰ হৈছে যদি তেওঁলোকে অনুতাপ কৰে, তেনেহʼলে যিহোৱাৰ অনুমোদন লাভ কৰিব আৰু এনে লোকসকলৰ পৰা পৃথক হয় বুলি দেখুৱাব পাৰিব, যাৰ বিষয়ে পৌলে ইব্ৰী খ্ৰীষ্টানসকল লৈ লিখা চিঠিত উল্লেখ কৰিছিল। কিন্তু আমি মনত ৰখা উচিত যে যেতিয়া তেওঁলোকে যিহোৱাৰ ওচৰলৈ উভতি আহিব, তেতিয়া তেওঁলোকক সহায়ৰ প্ৰয়োজন হʼব। (যিহি. ৩৪:১৫, ১৬) সেইবাবে, প্ৰাচীনসকলে কোনো এজন অভিজ্ঞ ভাই বা ভনীক তেওঁলোকক যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰাত সহায় কৰিবলৈ কʼব পাৰে।

যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিব বিচৰা লোকসকলক তেওঁ সহায় কৰে (অনুচ্ছেদ ১৮ চাওক)


১৯. আপুনি কি লক্ষ্য ৰখা উচিত?

১৯ যদি আপুনি পৰিপক্ক খ্ৰীষ্টান হʼবলৈ চেষ্টা কৰি আছে তেনেহʼলে, আপুনি এই লক্ষ্যত উপনীত হʼব পাৰিব। সেইবাবে, টান আহাৰ খাই থাকক আৰু সকলো পৰিস্থিতিত যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি এজন পৰিপক্ক খ্ৰীষ্টান হয়, তেনেহʼলে পৰিশ্ৰম কৰি থাকক, যাতে সদায় পৰিপক্ক হৈ থাকিব পাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • পৰিপক্ক হোৱাৰ অৰ্থ কি?

  • আমি কেনেকৈ পৰিপক্ক খ্ৰীষ্টান হʼব পাৰোঁ?

  • পৰিপক্ক হৈ থাকিবলৈ আমি কিয় পৰিশ্ৰম কৰা উচিত?

গীত ৬৫ আগবাঢ়ি যোৱা!

a হিব্ৰু শাস্ত্ৰত “পৰিপক্ক” শব্দটো কʼতো উল্লেখ নাই, কিন্তু পৰিপক্ক হʼবলৈ আমাক উৎসাহিত কৰা হৈছে। যেনে হিতোপদেশ কিতাপত কোৱা হৈছে যে আমি নিৰ্বোধ নহৈ, জ্ঞানী আৰু বুদ্ধিমান হোৱা উচিত।—হিতো. ১:৩, ৬.

b jw.org বা JW লাইব্ৰেৰীত “আৰু কিছুমান বিষয়” ধাৰাবাহিকত দিয়া “অলপ সাৱধান, এয়া উৰাবাতৰিতো নহয়?” (হিন্দী) নামৰ লেখখন পঢ়ক।

c এই সংখ্যাত “অধ্যয়ন কৰক আৰু শিকক” নামৰ সৰু লেখ চাওক।

d ছবিৰ বিষয়ে: এজন ভায়ে বাইবেলৰ সিদ্ধান্ত মনত ৰাখি চিন্তা কৰিছে যে তেওঁ টিভিত কি চাব।