Skip to content

Skip to table of contents

অধ্যয়ন কৰক আৰু শিকক

যিসকলে যিহোৱাক আনন্দিত কৰিব বিচাৰে, তেওঁলোকে ভাবি-চিন্তি নিৰ্ণয় লয়

যিসকলে যিহোৱাক আনন্দিত কৰিব বিচাৰে, তেওঁলোকে ভাবি-চিন্তি নিৰ্ণয় লয়

আদিপুস্তক ২৫:২৯-৩৪ পঢ়ক আৰু জানিবলৈ চেষ্টা কৰক যে এচৌ আৰু যাকোবে যি নিৰ্ণয় লʼলে, সেয়া সঠিক আছিল নে নাই।

ভালদৰে জানিবলৈ ওচৰৰ পদবোৰ পঢ়ক। এই ঘটনাৰ আগতে কি হৈছিল? (আদি. ২৫:২০-২৮) ইয়াৰ পাছত কি হৈছিল?—আদি. ২৭:১-৪৬.

ভালদৰে অনুসন্ধান কৰক। সেই সময়ত জ্যেষ্ঠ পুত্ৰৰ কি অধিকাৰ আৰু দায়িত্ব আছিল?—আদি. ১৮:১৮, ১৯; নতুন জগত অনুবাদ (হিন্দী) শব্দকোষত “জ্যেষ্ঠপুত্ৰ” চাওক; w১০-E ৫/১ ১৩.

  • যাৰ ওচৰত জ্যেষ্ঠাধিকাৰ আছিল কেৱল সেই ব্যক্তি খ্ৰীষ্টৰ পূৰ্ব পুৰুষ হʼব পাৰিছিল নে?(w১৭.১২-HI ১৪-১৫)

চিন্তা কৰক যে আপুনি কি শিকিলে আৰু সেই অনুসৰি কাম কৰক। যকোবে জ্যেষ্ঠাধিকাৰক গুৰুত্ব দিলে, কিন্তু এচৌৱে নহয়। কিয়? (ইব্ৰী ১২:১৬, ১৭; w০৩-HI ১০/১৫ ২৮-২৯) যিহোৱাই এই দুয়ো ভাইৰ বিষয়ে কি অনুভৱ কৰিছিল আৰু কিয়? (মলা. ১:২, ৩) এচৌৱে ভাল নিৰ্ণয় লʼবলৈ কি কৰিব পাৰিলেহেঁতেন?

  • নিজকে সোধক, ‘মই বনোৱা তালিকাৰ পৰা কেনেকৈ জানিব পাৰোঁ যে মই যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দি আছোঁ। যেনে, পাৰিবাৰিক উপাসনা।’