আপুনি জানেনে?
যিসকল ইস্ৰায়েলী নাছিল, তেওঁলোকেও দায়ূদৰ সেনাত কিয় আছিল?
ৰজা দায়ূদৰ সেনাত কিছুমান যুদ্ধা অন্য জাতিৰ পৰা আছিল। যেনে, অম্মোনীয়া চেলক, হিত্তীয়া ঊৰিয়া আৰু মোৱাবীয়া যিৎমা। a (১ বং. ১১:৩৯, ৪১, ৪৬) তেওঁৰ সেনাত ‘কৰেথীয়া, পেলেথীয়া আৰু গাতীয়া লোকসকলেও আছিল।’ (২ চমূ. ১৫:১৮) গাতৰ লোকসকল আচলতে পলেষ্টীয়া আছিল। (যিহো. ১৩:২, ৩; ১ চমূ. ৬:১৭, ১৮) অনুমান কৰা হৈছে যে কৰেথীয়া, পেলেথীয়া লোকসকলৰ পলেষ্টীয়াসকলৰ লগত ভাল সম্পৰ্ক আছিল।—যিহি. ২৫:১৬.
এই সৈনিকসকলক দায়ুদে নিজৰ সেনাত কিয় ৰাখিছিল? কিয়নো তেওঁলোকে দায়ূদৰ বিশ্বাসী আছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ তেওঁলোকে যিহোৱাৰ বিশ্বাসী আছিল। কৰেথী আৰু পেলেথী লোকসকলৰ বিষয়ে বাইবেলৰ এখন শব্দকোষত লিখা আছে, ʼদায়ূদৰ শাসন কালৰ আটাইতকৈ কঠিন সময়ছোৱাত তেওঁলোকে সম্পূৰ্ণ সহযোগ দিছিল’ (দ্য নিউ ইনটাৰপ্ৰিটৰ্চ ডিকচনেৰি অʼফ দ্য বাইবেল)। তেওঁলোকে দায়ূদৰ বিশ্বাসী হয় বুলি কেনেকৈ দেখুৱালে? চেবা নামৰ এজন বিদ্ৰোহী ব্যক্তি ‘এবাৰ দায়ূদৰ বিৰুদ্ধে থিয় হʼল।’ সেই সময়ত “ইস্ৰায়েলৰ আটাই লোক” দায়ূদক এৰি চেবাৰ লগ দিলে। কিন্তু কৰেথীয়া আৰু পেলেথীয়া লোকসকলে দায়ূদক নেৰিলে। তেওঁলোকে চেবাৰ বিদ্ৰোহক শেষ কৰিবলৈ দায়ূদক সহায় কৰিলে। (২ চমূ. ২০:১, ২, ৭) আৰু এটা পৰিস্থিতিত তেওঁলোকে দায়ূদৰ বিশ্বাসী হোৱাৰ প্ৰমাণ দিলে। যেতিয়া ৰজা দায়ূদৰ পুত্ৰ অদোনিয়াই ৰজা হʼবলৈ চেষ্টা কৰিছিল, তেতিয়া কৰেথীয়া আৰু পেলেথীয়া লোকসকলে চলোমনক ৰজা বনাবলৈ দায়ূদক সহায় কৰিলে। কিয়নো যিহোৱাই তেওঁক পৰৱৰ্তী ৰজা হʼবলৈ বাছনি কৰিছিল।—১ ৰাজা. ১:২৪-২৭, ৩৮, ৩৯.
আৰু এজন বিদেশী যি গাত চহৰৰ আছিল, তেওঁ দায়ূদৰ বহুত বিশ্বাসী আছিল। তেওঁৰ নাম হৈছে ইত্তয়। দায়ূদৰ পুত্ৰ অব্চালোমে যেতিয়া তেওঁৰ লগত বিদ্ৰোহ কৰিলে আৰু ইস্ৰায়েলীসকলক চলেৰে নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিলে, তেতিয়া ইত্তয় আৰু তেওঁৰ ৬০০ যুদ্ধাই দায়ূদৰ পক্ষ লʼলে আৰু তেওঁৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ সাজু হʼল। কিন্তু দায়ূদে ইত্তয়ক কʼলে যে তেওঁ এজন বিদেশী হয় আৰু দায়ূদৰ ফলীয়া হৈ যুদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই। তথাপিও ইত্তয় তেওঁক এৰি যোৱা নাছিল। তেওঁ দায়ূদক কʼলে, “জীৱন্ত যিহোৱাৰ শপত, আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ অৰ্থে ই হওক, বা জীবৰ অৰ্থে হওক, মোৰ প্ৰভু মহাৰাজ যি ঠাইতেই থাকিব, আপোনাৰ এই দাসো সেই ঠাইতেই থাকিব।”—২ চমূ. ১৫:৬, ১৮-২১.
কৰেথীয়া, পেলেথীয়া আৰু গাতীয়া লোকসকল ইস্ৰায়েলী নাছিল। তথাপিও তেওঁলোকে সম্পূৰ্ণ বিশ্বাস কৰিছিল যে যিহোৱা সত্য ঈশ্বৰ হয় আৰু দায়ূদ তেওঁৰ মনোনীত ৰজা হয়। দায়ূদে এই বিশ্বাসী লোকসকলক দেখি বহুত আনন্দিত হৈছিল। কিয়নো তেওঁলোকে দায়ূদক বহুত সহায় আৰু সহযোগ কৰিছিল।