Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৬

আপুনি প্ৰচাৰক হʼবলৈ সাজু আছেনে?

আপুনি প্ৰচাৰক হʼবলৈ সাজু আছেনে?

“ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হবা।”—লূক ৫:১০.

গীত ৭৩ আমাক নিৰ্ভয়তাৰ বৰদান দিয়ক

লেখৰ এক আভাস *

১. চাৰিওজন মাছমৰীয়াক যীচুৱে কি নিমন্ত্ৰণ দিছিল আৰু তেওঁলোকে কি কৰিলে?

যীচুৰ শিষ্য পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহনে মাছৰ ব্যৱসায় কৰিছিল। এদিনাখন যীচুৱে তেওঁলোকক কৈছিল, “মোৰ পাছত আহাঁ, মই তোমালোকক মানুহ ধৰা জালোৱাই কৰিম।” * এই কথা শুনি তেওঁলোকে আচৰিত হৈছিল। তেওঁলোকে কি কৰিলে? বাইবেলত এইদৰে উল্লেখ আছে, “তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গল।” (মথি ৪:১৮-২২) এই নিৰ্ণয়ে তেওঁলোকৰ জীৱন সলনি কৰে। তেওঁলোকে মাছ ধৰাৰ পৰিৱৰ্তে “মনুষ্যধাৰী” অৰ্থাৎ শিষ্য বনোৱা কাৰ্য্য কৰিবলৈ ধৰিলে। (লূক ৫:১০) আজিও যীচুৱে নম্ৰ লোকসকলক প্ৰচাৰ কাম কৰিবলৈ নিমন্ত্ৰণ কৰিছে। (মথি ২৮:১৯, ২০) যীচুৰ এই নিমন্ত্ৰণ আপুনি গ্ৰহণ কৰিছেনে?

২. (ক) আপুনি প্ৰচাৰক হোৱাৰ নিৰ্ণয় কিয় ভাবি-চিন্তি লোৱা উচিত? (খ) পদক্ষেপ লʼবলৈ কিহে আমাক সহায় কৰিব?

আপুনি হয়তো বহুসময়ৰপৰা বাইবেল অধ্যয়ন কৰি আছে। এতিয়া আপুনি নিৰ্ণয় ল’ব লাগিব যে আপুনি এজন প্ৰচাৰক হʼবনে? হয়তো আপুনি এই পদক্ষেপ লʼবলৈ সংকোচ কৰিছে। কিন্তু নিৰাশ নহʼব। প্ৰচাৰক হোৱাটো এটা ডাঙৰ দায়িত্ব হয়। সেইবাবে, হয়তো আপুনি সংকোচ কৰিছে। এয়া সঁচা যে পিতৰ আৰু তেওঁৰ সংগীসকলে জাল এৰি লগে লগে যীচুৰ শিষ্য হৈছিল, কিন্তু পিতৰ আৰু তেওঁৰ ভাই আন্দ্ৰিয়ই হঠাতে এই নিৰ্ণয় লোৱা নাছিল। তেওঁলোকে ছমাহৰ আগতে যীচুৰ বিষয়ে শিকিছিল আৰু যীচুক মচীহ হিচাপে স্বীকাৰ কৰিছিল। (যোহ. ১:৩৫-৪২) ঠিক সেইদৰে, আপুনিও এতিয়া যিহোৱা আৰু যীচুৰ বিষয়ে বহুতো কথা শিকিছে আৰু যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। কিন্তু প্ৰচাৰক হোৱাৰ নিৰ্ণয় আপুনি ভাবি-চিন্তি লোৱা উচিত। পিতৰ, আন্দ্ৰিয় আৰু আন লোকসকলক নিৰ্ণয় লʼবলৈ কিহে সহায় কৰিলে?

৩. এজন ভাল প্ৰচাৰক হʼবলৈ আপুনি কি কৰিব পাৰে?

যীচুৰ শিষ্যসকলে মাছমৰীয়াৰ কাম ভালদৰে জানিছিল। তেওঁলোক সাহসী আৰু আত্মসংযম আছিল। এই গুণৰ বাবে তেওঁলোকে প্ৰচাৰ কাম ভালদৰে কৰিব পাৰিছিল। আপুনিও তেওঁলোকৰ দৰে এই গুণবোৰ কেনেকৈ বিকশিত কৰিব পাৰে আৰু এজন ভাল প্ৰচাৰক হʼব পাৰে, তাৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব।

নিজৰ ইচ্ছা বঢ়াওক

পিতৰ আৰু আন মাছমৰীয়াসকলে শুভবাৰ্তাৰ প্ৰচাৰক হৈছিল। এই গুৰুত্বপূৰ্ণ কাৰ্য্য আজিও হৈ আছে (অনুচ্ছেদ ৪-৫ চাওক)

৪. পিতৰে কিয় মাছ ধৰাৰ কাম কৰিছিল?

পিতৰে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ মাছ ধৰিছিল। মাছ ধৰাটো তেওঁৰ বাবে কেৱল এটা কাম নাছিল, কিন্তু তেওঁ এই কাম কৰি ভাল পাইছিল। (যোহ. ২১:৩, ৯-১৫) প্ৰচাৰক হোৱাৰ পাছতো তেওঁ শিষ্য বনোৱা কাম হৃদয়েৰে কৰিলে। যিহোৱাৰ সহায়ত তেওঁ এই কামত নিপুণ হʼল।—পাঁচ. ২:১৪, ৪১.

৫. (ক) লূক ৫:৮-১১ পদৰ অনুসৰি পিতৰে কি কথাৰ বাবে চিন্তিত আছিল? (খ) আমি নিজৰ চিন্তা কেনেকৈ দূৰ কৰিব পাৰোঁ?

যিহোৱাক প্ৰেম কৰাৰ বাবে আমি প্ৰচাৰ কাম কৰোঁ। যদি যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম থাকে, তেনেহʼলে আমাৰ বাবে কঠিন হʼলেও আমি আনক তেওঁৰ বিষয়ে জনাম। যেতিয়া যীচুৱে পিতৰক নিজৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিছিল, তেতিয়া তেওঁক এইদৰে কৈছিল, “ভয় নকৰিবা।” (লূক ৫:৮-১১ পঢ়ক।) যীচুৰ শিষ্য হোৱাৰ পাছত তেওঁৰ লগত কি হʼব, এই কথা ভাবি পিতৰে ভয় কৰা নাছিল। তেওঁ এই দায়িত্ব কেনেকৈ পালন কৰিব, তাৰ বাবেহে চিন্তিত আছিল। যীচুৱে কোৱাৰ বাবে জালত বহুতো মাছ উঠা দেখি পিতৰে আচৰিত হৈছিল। তেতিয়া পিতৰে ভাবিলে যে যীচুৰ দৰে মহান ব্যক্তিৰ ওচৰত মই একেবাৰে নগণ্য। মই তেওঁৰ লগত কাম কৰাৰ যোগ্য নহয়। পিতৰৰ দৰে আপুনিও হয়তো কিছুমান কথা ভাবি চিন্তিত হয়। হয়তো আপুনি ভাবে যে যদি মই যীচুৰ শিষ্য হওঁ, তেনেহʼলে মই নিজৰ দায়িত্ব পালন কৰিব পাৰিমনে? যদি এইদৰে ভাবে তেনেহʼলে যিহোৱা, যীচু আৰু লোকসকলৰ প্ৰতি প্ৰেম বঢ়াওক। তেতিয়া ইয়ে আপোনাক যীচুৰ নিমন্ত্ৰণ স্বীকাৰ কৰি প্ৰচাৰক হʼবলৈ অনুপ্ৰাণিত কৰিব।—মথি ২২:৩৭, ৩৯; যোহ. ১৪:১৫.

৬. প্ৰচাৰ কৰাৰ আৰু কিছুমান কাৰণ কি?

প্ৰচাৰ কৰাৰ আৰু কিছুমান কাৰণ আছে। প্ৰথমটো হৈছে আমি যীচুৱে দিয়া এই আজ্ঞা পালন কৰিব বিচাৰোঁ: ‘যোৱা আৰু শিষ্য কৰা।’ (মথি ২৮:১৯, ২০) আন এক কাৰণ হৈছে লোকসকলৰ পৰিস্থিতি একেবাৰে বেয়া। তেওঁলোক “ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত।” তেওঁলোকক ৰাজ্যৰ বিষয়ে শুভবাৰ্তা জনোৱাটো অতি প্ৰয়োজন। (মথি ৯:৩৬) সকলোৱে সত্যৰ বিষয়ে সঠিক জ্ঞান আহৰণ কৰি উদ্ধাৰ পোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে।—১ তীম. ২:৪.

৭. ৰোমীয়া ১০:১৩-১৫ পদৰ অনুসৰি প্ৰচাৰ কাৰ্য্য কিমান গুৰুত্বপূৰ্ণ?

আমাৰ প্ৰচাৰ কাৰ্য্যৰ বাবে লোকসকলে কেনেকৈ লাভৱান হয়, তাৰ বিষয়ে চিন্তা কৰিলে আমি নিশ্চয় প্ৰচাৰক হ’বলৈ আগবাঢ়ি আহিম। মাছমৰীয়াসকলে কেৱল খাবলৈ অথবা বিক্ৰী কৰিবলৈ মাছ ধৰে। কিন্তু আমাৰ প্ৰচাৰ কাৰ্য্যৰ যোগেদি লোকসকলৰ জীৱন ৰক্ষা পৰে।—ৰোমীয়া ১০:১৩-১৫ পঢ়ক; ১ তীম. ৪:১৬.

প্ৰচাৰ কৰিবলৈ শিকক

৮-৯. এজন মাছমৰীয়াই কি জনা উচিত আৰু কিয়?

যীচুৰ সময়ত এজন ইস্ৰায়েলী মাছমৰীয়াই কেনেদৰে মাছ ধৰিব লাগে, তাৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজন আছিল। (লেবী. ১১:৯-১২) তেওঁক এয়াও জনাৰ প্ৰয়োজন আছিল যে সাগৰৰ কোনটো ঠাইত মাছ পোৱা যায়। এনে ঠাইবোৰত বহুতো মাছ থাকে, যʼত মাছবোৰৰ বাবে যথেষ্ট পৰিমাণৰ পানী আৰু খোৱাৰ বাবে বহুত কিছু পোৱা যায়। এজন মাছমৰীয়াই এয়াও জানে যে কোনটো সময়ত গʼলে মাছ বেছিকৈ পোৱা যাব। ইয়াৰ বিষয়ে ভালদৰে বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। প্ৰশান্ত মহাসাগৰৰ এটা দ্বীপত থকা এজন ভায়ে এজন মিছনেৰীক মাছ ধৰিবলৈ মাতিছিল। মিছনেৰী ভাইজনে এইদৰে কʼলে, “ঠিক আছে, মই ৰাতিপুৱা ৯ বজাত সাজু হৈ থাকিম।” কিন্তু মন কৰক যে ভায়ে মিছনেৰীজনক কি কʼলে: “আমি নিজে নিৰ্ধাৰিত কৰা সময়ত মাছ ধৰিবলৈ নাযাওঁ। ইয়াৰ পৰিৱৰ্তে যি সময়ত মাছ পোৱা যায়, সেইসময়তহে মাছ ধৰিবলৈ যাওঁ।”

প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলেও প্ৰচাৰ কৰাৰ সময়ত এইদৰেই কৰিছিল। তেওঁলোকে এনে ঠাই আৰু এনে সময়ত প্ৰচাৰ কৰিবলৈ গৈছিল, যʼত বেছিভাগ লোকক পোৱা গৈছিল। উদাহৰণস্বৰূপে, যীচুৰ শিষ্যসকলে মন্দিৰ, ধৰ্ম-ধাম, ঘৰে ঘৰে আৰু বজাৰত গৈ প্ৰচাৰ কৰিছিল। (পাঁচ. ৫:৪২; ১৭:১৭; ১৮:৪) আমাৰ এলেকাৰ লোকসকলক কʼত আৰু কেতিয়া লগ পোৱা যায়, এই বিষয়ে আমিও জনা উচিত।—১ কৰি. ৯:১৯-২৩.

নিপুণ মাছমৰীয়াই . . . ১. এক সঠিক ঠাইত আৰু এক নিৰ্দিষ্ট সময়ত মাছ ধৰিবলৈ যায় (অনুচ্ছেদ ৮-৯ চাওক)

১০. যিহোৱাৰ সংগঠনে আমাক প্ৰচাৰ কৰিবলৈ কি সঁজুলি দিছে?

১০ এজন মাছমৰীয়াক সঠিক সঁজুলিৰ প্ৰয়োজন আৰু সেই সঁজুলিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়ে তেওঁ জনা উচিত। ঠিক সেইদৰে, প্ৰচাৰ কৰিবলৈ সঠিক প্ৰকাশনৰ প্ৰয়োজন আৰু সেই প্ৰকাশনখন কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়েও জনা উচিত। যীচুৱে নিজৰ শিষ্যসকলক প্ৰচাৰ কৰিবলৈ পঠোৱাৰ সময়ত, কিছুমান স্পষ্ট নিৰ্দেশনা দিছিল। তেওঁ শিষ্যসকলক কৈছিল যে তেওঁলোকে কʼত প্ৰচাৰ কৰা উচিত, লোকসকলক কি কোৱা উচিত আৰু লগত কি কি লৈ যোৱা উচিত। (মথি ১০:৫-৭; লূক ১০:১-১১) বৰ্তমান সময়ত যিহোৱাৰ সংগঠনে আমাক শিক্ষাদানৰ সঁজুলিৰ বাকচ দিছে আৰু এই সঁজুলিটো ব্যৱহাৰ কৰাৰ ভাল পৰিণাম দেখিবলৈ পোৱা গৈছে। * এই সঁজুলিবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়ে যিহোৱাৰ সংগঠনে আমাক শিক্ষা দিছে। এই প্ৰশিক্ষণে আমাক নিপুণ কৰি তোলে আৰু এই কাম ভালদৰে কৰিব পাৰিম বুলি আমাৰ ভৰসা বাঢ়ে।—২ তীম. ২:১৫.

নিপুণ মাছমৰীয়াই . . . ২. সঠিক সঁজুলি ব্যৱহাৰ কৰে (অনুচ্ছেদ ১০ চাওক)

সাহস বঢ়াওক

১১. প্ৰচাৰকসকলক কিয় সাহসৰ প্ৰয়োজন?

১১ মাছমৰীয়াসকলে সাহসেৰে কাম কৰাৰ প্ৰয়োজন, কিয়নো তেওঁলোকে প্ৰায়ে নিশা মাছ ধৰিবলগীয়া হয় আৰু সাগৰত হঠাতে ধুমুহাৰ সন্মুখীন হʼবলগীয়া হয়। প্ৰচাৰকসকলৰো সাহস থকাৰ প্ৰয়োজন। যেতিয়া আমি প্ৰচাৰলৈ যাবলৈ আৰম্ভ কৰোঁ আৰু লোকসকলক জনাওঁ যে আমি যিহোৱাৰ সাক্ষী হয়, তেতিয়া হয়তো পৰিয়ালৰ লোকসকলে আমাক বিৰোধ কৰিব পাৰে। ওচৰ-চুবুৰীয়াই হয়তো আমাক ঠাট্টা কৰিব পাৰে আৰু প্ৰচাৰ কাৰ্য্যত লোকসকলে হয়তো আমাৰ শুভবাৰ্তা নুশুনিবও পাৰে। এনেধৰণৰ ধুমুহা অৰ্থাৎ সমস্যা আহিলে, আমি আচৰিত হোৱা উচিত নহয়। যীচুৱে আগতেই কৈছিল যে তেওঁৰ শিষ্যসকলে প্ৰচাৰ কৰিবলৈ যোৱাৰ সময়ত লোকসকলে তেওঁলোকক বিৰোধ কৰিব।—মথি ১০:১৬.

১২. যিহোচূৱা ১:৭-৯ পদৰ অনুসৰি আমি কেনেকৈ সাহস বঢ়াব পাৰোঁ?

১২ এনে সমস্যাৰ সন্মুখীন হʼবলৈ আপোনাক সাহসৰ প্ৰয়োজন হʼব। আপুনি সাহস কেনেকৈ বঢ়াব পাৰে? প্ৰথমে এই কথাৰ ওপৰত বিশ্বাস কৰক যে প্ৰচাৰ কাৰ্য্যৰ বাবে যীচুৱে স্বৰ্গৰপৰা নিৰ্দেশনা দিছে। (যোহ. ১৬:৩৩; প্ৰকা. ১৪:১৪-১৬) যিহোৱাই আপোনাক যত্ন লʼম বুলি কৰা প্ৰতিজ্ঞাৰ ওপৰত আপোনাৰ বিশ্বাস দৃঢ় কৰক। (মথি ৬:৩২-৩৪) যেতিয়া আপোনাৰ বিশ্বাস দৃঢ় হʼব, তেতিয়া আপোনাৰ সাহস বাঢ়িব। পিতৰ আৰু তেওঁৰ সংগীসকলৰ বিশ্বাস দৃঢ় আছিল। সেইবাবে, তেওঁলোকে যীচুৰ শিষ্য হʼবলৈ মাছমৰীয়াৰ কাম এৰি দিছিল। ইয়াত কোনো সন্দেহ নাই যে আপোনাৰ বিশ্বাসো দৃঢ় আছে। সেইবাবে, আপুনি নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গক জনাইছে যে আপুনি যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিছে আৰু সভাত উপস্থিত হৈছে। ইয়াৰ উপৰিও, আপুনি যিহোৱাৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিবলৈ নিজৰ আচাৰ-ব্যৱহাৰো সলনি কৰিছে। বিশ্বাস আৰু সাহস থকাৰ বাবে আপুনি এইবোৰ কৰিব পাৰিলে। এইদৰে সাহস বঢ়াই থাকক। এইদৰে কৰিলে আপোনাৰ বিশ্বাস হʼব যে ‘আপুনি যি যি ঠাইলৈ যাব, সেই সকলো ঠাইতে আপোনাৰ ঈশ্বৰ যিহোৱা আপোনাৰ লগত থাকিব।’—যিহোচূৱা ১:৭-৯ পঢ়ক।

নিপুণ মাছমৰীয়াই . . . ৩. সমস্যা আহিলেও সাহসেৰে কাম কৰে (অনুচ্ছেদ ১১-১২ চাওক)

১৩. প্ৰাৰ্থনা আৰু ধ্যান কৰিলে আপোনাৰ সাহস কেনেকৈ বাঢ়িব?

১৩ সাহস বঢ়াবলৈ আপুনি আৰু কি কৰিব পাৰে? সাহসৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক। (পাঁচ. ৪:২৯, ৩১) যিহোৱাই নিশ্চয় আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু আপোনাক সহায় কৰিব। তেওঁ আপোনাক কেতিয়াও ত্যাগ নকৰিব। এই কথালৈ ধ্যান দিয়ক যে প্ৰাচীন সময়ত যিহোৱাই নিজৰ সেৱকসকলক কেনেকৈ ৰক্ষা কৰিছিল। এয়াও মনত পেলাওক যে সমস্যাৰ সময়ত যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিলে আৰু নিজৰ জীৱনত পৰিৱৰ্তন কৰিবলৈ কেনেকৈ সাহস দিলে। ক্ষন্তেকৰ বাবে চিন্তা কৰক যে যদি যিহোৱা নিজৰ লোকসকলক চূপ সাগৰ পাৰ হʼবলৈ সহায় কৰিব পাৰিলে, তেনেহʼলে তেওঁ আপোনাক খ্ৰীষ্টৰ শিষ্য হʼবলৈ সহায় নকৰিবনে? (যাত্ৰা. ১৪:১৩) গীতৰচকৰ দৰে যিহোৱাৰ প্ৰতি দৃঢ় বিশ্বাস ৰাখক আৰু এইদৰে কওক, “যিহোৱা মোৰ ফলীয়া, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?”—গীত. ১১৮:৬.

১৪. ভনী মাচে আৰু টময়ʼৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

১৪ সাহস বঢ়াবলৈ আপুনি আৰু এটা কাম কৰিব পাৰে। আপুনি এনে ভাই-ভনীসকলৰ উদাহৰণলৈ ধ্যান দিব পাৰে, যিসকলে লাজুকীয়া স্বভাৱৰ আছিল। কিন্তু যিহোৱাৰ সহায়ত তেওঁলোকে সাহস বঢ়াব পাৰিলে। মাচে নামৰ এগৰাকী ভনীৰ উদাহৰণলৈ ধ্যান দিয়ক, তাই লাজুকীয়া স্বভাৱৰ আছিল। তাই ভাবিছিল যে তাই কেতিয়াও অচিনাকী লোকক প্ৰচাৰ কৰিব নোৱাৰিব। অচিনাকী লোকৰ লগত কথা পতাৰ বিষয়ে ভাবিয়েই তাই ভয় কৰিছিল। তাই ভাবিছিল যে তাই কেতিয়াও এই সমস্যাৰ সন্মুখীন হʼব নোৱাৰে। তাই হাৰ মানিলেনে? নহয়। ইয়াৰ পৰিৱৰ্তে তাই যিহোৱা আৰু লোকসকলৰ প্ৰতি প্ৰেম বঢ়াবলৈ চেষ্টা কৰিলে। তাই এই কথাৰ ওপৰত ধ্যান দিলে যে সময় একেবাৰে কম। সেইবাবে, যিমান পাৰি সিমান সোনকালে লোকসকলক প্ৰচাৰ কৰাটো অতি প্ৰয়োজন। তাই প্ৰচাৰ কৰিবৰ বাবে হৃদয়ত ইচ্ছা জগাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। সেইবাবে, তাই নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰিলে আৰু সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰিলে। যিহোৱাই নতুন প্ৰচাৰকসকলকো “সাহস” দিব পাৰে। টময়ʼ নামৰ ভনীৰ লগতো এইদৰেই হৈছিল। তাই যেতিয়া প্ৰথমবাৰ প্ৰচাৰলৈ গৈছিল, তেতিয়া প্ৰথম ঘৰতে এগৰাকী তিৰোতাই তাইক গালি পাৰিছিল। সেই তিৰোতাগৰাকীয়ে এইদৰে কৈছিল, “মই যিহোৱাৰ সাক্ষীসকলৰ লগত কথা পাতিব নিবিচাৰোঁ!” তাৰ পাছত জুৰেৰে দুৱাৰখন বন্ধ কৰিছিল। কিন্তু ভনী টময়ʼই ভয় নকৰিলে। তাইৰ লগত অহা ভনীগৰাকীক তাই এইদৰে কৈছিল, “আপুনি মন কৰিলেনে মই তাইক কিবা কোৱাৰ আগতেই তাই গম পালে যে আমি যিহোৱাৰ সাক্ষী হয়।” টময়ʼই আজি অগ্ৰগামী সেৱা কৰি আছে।

আত্মসংযম হওক

১৫. (ক) আত্মসংযম হোৱাৰ অৰ্থ কি? (খ) সত্য খ্ৰীষ্টানসকলৰ এই গুণ থকাটো কিয় প্ৰয়োজন?

১৫ সাধাৰণতে মাছমৰীয়াই আত্মসংযম হয়। আত্মসংযম ব্যক্তিয়ে “যি কৰিব বিচাৰে, তাক নিশ্চয় কৰে।” বেছিভাগ মাছমৰীয়াৰ এনেধৰণৰ আত্মসংযম গুণ থাকে। সেইবাবে, তেওঁলোকে মাছ ধৰিবলৈ ৰাতিপুৱা সোনকালে উঠে আৰু তেওঁৰ কাম সম্পূৰ্ণ নোহোৱালৈকে কৰি থাকে। বতৰ বেয়া হোৱাৰ সত্ত্বেও তেওঁলোকে কাম কৰি থাকে। এনে কৰিবলৈ তেওঁলোকক ধৈৰ্য্যৰ প্ৰয়োজন হয়। প্ৰচাৰ কাৰ্য্য কৰিবলৈ আমাকো তেওঁলোকৰ দৰে আত্মসংযম গুণৰ প্ৰয়োজন। তেতিয়াহে আমি প্ৰচাৰ কাৰ্য্য কৰি থাকিব পাৰিম আৰু এই কাম সম্পন্ন কৰিব পাৰিম।—মথি ১০:২২.

১৬. যি কৰিবলৈ আমাৰ বাবে কঠিন লাগে, সেই কাম কৰিবলৈ আমাক কি গুণৰ প্ৰয়োজন?

১৬ যি কাম কৰিবলৈ আমাক কঠিন লাগে, সেই কাম কৰিবলৈ আমি অজুহাত দেখুৱাওঁ। এনে দুৰ্বলতা আমাৰ জন্মগতভাৱে থাকে। আমি নিজে বুজিব লাগিব যে যি কাম গুৰুত্বপূৰ্ণ, সেয়া কৰিবলৈ কেতিয়াও অজুহাত দেখুৱা উচিত নহয়। যদি আমি আত্মংসযম গুণ বঢ়াওঁ, তেনেহʼলে আমি নিজৰ দুৰ্বলতাবোৰ দূৰ কৰিব পাৰিম। আত্মংসযম গুণ বঢ়াবলৈ যিহোৱাই আমাক পবিত্ৰ আত্মা দিয়ে। যদি এই গুণ থাকে, তেনেহʼলে যি কাম কৰিবলৈ আমাৰ বাবে কঠিন লাগে, সেই কাম কৰিবলৈও আগবাঢ়ি যাম।—গালা. ৫:২২, ২৩.

১৭. প্ৰথম কৰিন্থীয়া ৯:২৫-২৭ পদৰ অনুসৰি পৌলে সঠিক কাম কৰিবলৈ কি কৰিবলগীয়া হৈছিল?

১৭ এই ক্ষেত্ৰত পাঁচনি পৌলে আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। যি কাম কৰিবলৈ তেওঁৰ কঠিন হৈছিল, সেই কাম কৰিবলৈ তেওঁ অভ্যাস কৰিছিল। কিন্তু ইয়াৰ বাবে তেওঁ সংঘৰ্ষ কৰিবলগীয়া হৈছিল। তেওঁ এইদৰে কৈছিল, “মই নিজ শৰীৰকে ঘুচিয়াই বশ কৰি ৰাখিছোঁ।” (১ কৰিন্থীয়া ৯:২৫-২৭ পঢ়ক।) সঠিক কাম কৰাৰ বাবে সংঘৰ্ষ কৰিবলৈ আৰু সকলো কাম “সুন্দৰকৈ আৰু শৃংখলা লগাই” কৰিবলৈ পৌলে আমাক উৎসাহিত কৰিছে। (১ কৰি. ১৪:৪০) আমাৰ মাজতো এনে আত্মসংযম গুণ থকাৰ প্ৰয়োজন। তেতিয়াহে আমি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম। ইয়াত লোকসকলক নিয়মীয়াকৈ প্ৰচাৰ কৰা আৰু শিকোৱা কাৰ্য্য জড়িত হৈ আছে।—পাঁচ. ২:৪৬.

পলম নকিৰব

১৮. যিহোৱাই কাক ভাল প্ৰচাৰক হিচাপে গণ্য কৰে?

১৮ সাধাৰণতে, যিসকল মাছমৰীয়াই বেছিকৈ মাছ ধৰে, তেওঁলোকক ভাল মাছমৰীয়া বুলি কোৱা হয়। কিন্তু প্ৰচাৰ কাৰ্য্যৰ ক্ষেত্ৰত কেৱল সেই লোকসকলকে ভাল প্ৰচাৰক বুলি কোৱা নহয়, যিসকলে সত্যত আহিবলৈ বহুতোলোকক সহায় কৰিছে। (লূক ৮:১১-১৫) যিহোৱাই এনে সকলো ভাই বা ভনীক ভাল প্ৰচাৰক হিচাপে গণ্য কৰে, যিসকলে শুভবাৰ্তা প্ৰচাৰ কৰা আৰু শিকোৱা কাৰ্য্যত লাগি থাকে। কিয়নো তেওঁলোকে যিহোৱা আৰু যীচু খ্ৰীষ্টৰ আজ্ঞা পালন কৰে।—মাৰ্ক ১৩:১০; পাঁচ. ৫:২৮, ২৯.

১৯-২০. প্ৰচাৰ কাৰ্য্য কৰাটো বৰ্তমান সময়ত কিয় অতি প্ৰয়োজন হৈ পৰিছে?

১৯ কিছুমান দেশত মাছমৰীয়াসকলক বছৰৰ নিৰ্দিষ্ট মাহত মাছ ধৰিবলৈ দিয়া হয়। সেইবাবে, মাছ ধৰাৰ শেষৰ সময়ত মাছমৰীয়াই যিমান পাৰে, সিমান মাছ ধৰিবলৈ চেষ্টা কৰে আৰু আগতকৈ বেছি পৰিশ্ৰম কৰে। আজি প্ৰচাৰৰ বাবেও সময় একেবাৰে কম, কিয়নো জগতৰ ধ্বংসৰ ওচৰ চাপিছে। যি অলপ সময় বাকী আছে, সেইসময়ত যিমান পাৰি সিমান লোকসকলক উদ্ধাৰ পাবলৈ সহায় কৰিব লাগে। সেইবাবে, এই কাম কৰিবলৈ পলম নকৰিব। সকলো বাধা শেষ হোৱাৰ পাছত, এই কাম কৰিম বুলি আপুনি কেতিয়াও নাভাবিব।—উপ. ১১:৪.

২০ প্ৰচাৰ কাম কৰিবলৈ নিজৰ ইচ্ছা বঢ়াওক, আপুনি বাইবেলৰ জ্ঞান বৃদ্ধি কৰক, সাহস বঢ়াওক আৰু সঠিক কাম কৰিবলৈ সংঘৰ্ষ কৰক। এই সকলো অতি সোনকালে কৰক। গোটেই পৃথিৱীত ৮০ লাখতকৈ বেছি লোকে এই কাৰ্য্যত ভাগ লৈছে। আপুনিও তেওঁলোকৰ লগত যোগদান কৰক। এইদৰে কৰিলে আপুনি যিহোৱাৰপৰা আনন্দ লাভ কৰিব। (নহি. ৮:১০) আপুনি এই প্ৰচাৰ কাৰ্য্য মনে-প্ৰাণে কৰিবলৈ থিৰাং কৰক। যিহোৱাই এই কাম সম্পূৰ্ণ হৈছে বুলি নোকোৱালৈকে প্ৰচাৰ কৰি থাকক। প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ থাকিবলৈ কি কৰাৰ প্ৰয়োজন। ইয়াৰ বিষয়ে পৰৱৰ্তী লেখত তিনিটা উপায়ৰ ওপৰত আলোচনা কৰা হ’ব।

গীত ৬৬ শুভবাৰ্তা ঘোষণা কৰক

^ অনু. 5 যীচুৱে এনে মাছমৰীয়াসকলক শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিছিল, যিসকলে নম্ৰ আৰু পৰিশ্ৰমী আছিল। আজিও যীচুৱে এনে লোকসকলক প্ৰচাৰক হʼবলৈ নিমন্ত্ৰণ কৰিছে, যিসকলে নম্ৰ আৰু পৰিশ্ৰমী হয়। এই লেখত আলোচনা কৰা হʼব যে যিসকল বিদ্যাৰ্থীয়ে প্ৰচাৰক হʼবলৈ আগবাঢ়ি নাহে, তেওঁলোকে কি কৰাৰ প্ৰয়োজন।

^ অনু. 1 ইয়াৰ অৰ্থ কি: মানুহ ধৰা জালোৱাইৰ অৰ্থ হৈছে প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা।

^ অনু. 10 অক্টোবৰ ২০১৮ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী), ১১-১৬ পৃষ্ঠাত উল্লেখ থকা “সত্য শিকাওক” নামৰ লেখটো চাওক।