Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৭

“তোমাৰ হাত কোঁচাই নাৰাখিবা”

“তোমাৰ হাত কোঁচাই নাৰাখিবা”

“তুমি ৰাতিপুৱা তোমাৰ কঠীয়া সিঁচা, আৰু গধূলি পৰতো তোমাৰ হাত কোঁচাই নাৰাখিবা।”—উপ. ১১:৬.

গীত ৬৮ ৰাজ্যৰ কঠীয়া সিঁচক

লেখৰ এক আভাস *

১-২. উপদেশক ১১:৬ পদটো কেনেকৈ ৰাজ্যৰ শুভবাৰ্তাৰ লগত জড়িত আছে?

কিছুমান দেশত যেতিয়া আমি লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰোঁ, তেতিয়া তেওঁলোকে বেছিকৈ জানিব বিচাৰে। এই বাৰ্তা শুনি তেওঁলোকে বৰ আনন্দিত হয়। আনহাতে, কিছুমান দেশত লোকসকলে ঈশ্বৰ আৰু বাইবেলৰ বিষয়ে জানিবলৈ আগ্ৰহী নহয়। আপোনাৰ এলেকাৰ লোকসকলৰ বিষয়েনো কি? তেওঁলোকে শুভবাৰ্তা শুনিব বিচাৰেনে? তেওঁলোকে শুনক বা নুশুনক, যেতিয়ালৈকে যিহোৱাই প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ হʼল বুলি নকয়, তেতিয়ালৈকে আমি প্ৰচাৰ কাৰ্য্য কৰি থকাটো যিহোৱাই বিচাৰে।

প্ৰচাৰ কাৰ্য্য কেতিয়া শেষ হʼব, তাৰ বিষয়ে যিহোৱা ঈশ্বৰে এক নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰিছে। যেতিয়া প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ হʼব, “তেতিয়াহে শেষ হব।” (মথি ২৪:১৪, ৩৬) সেই সময়লৈকে আমি যিহোৱাৰ এই আজ্ঞা পালন কৰা উচিত: “তোমাৰ হাত কোঁচাই নাৰাখিবা।” * (উপদেশক ১১:৬ পঢ়ক।) আহক চাওঁ, এয়া আমি কেনেকৈ কৰিব পাৰোঁ।

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আগৰ লেখত আমি আলোচনা কৰিছিলোঁ যে “মানুহ ধৰা জালোৱাই” অৰ্থাৎ শুভবাৰ্তাৰ ভাল প্ৰচাৰক হʼবলৈ আমি কি কৰা উচিত। (মথি ৪:১৯) আমি চাৰিটা বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ। কিন্তু এই লেখত আমি আলোচনা কৰিম যে প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ থাকিবলৈ আমি কি কৰাৰ প্ৰয়োজন। আমি তিনিটা উপায়ৰ বিষয়ে আলোচনা কৰিম। (১) ধ্যান বিচলিত হʼবলৈ নিদিব, (২) ধৈৰ্য্যশীল হওক আৰু (৩) নিজৰ বিশ্বাস দৃঢ় কৰক। এইদৰে কৰিলে আমি যিকোনো পৰিস্থিতিত প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ থাকিব পাৰিম।

ধ্যান বিচলিত হʼবলৈ নিদিব

৪. যিহোৱাই দিয়া কামৰ ওপৰত আমি কিয় সম্পূৰ্ণৰূপে ধ্যান দিয়া উচিত?

শেষ-কালত ঘটিবলগীয়া ঘটনা আৰু পৰিস্থিতিৰ বিষয়ে যীচুৱে ভৱিষ্যতবাণী কৰিছিল। তেওঁ জানিছিল যে শিষ্যসকলৰো প্ৰচাৰ কাৰ্য্যৰপৰা ধ্যান বিচলিত হʼব পাৰে। সেইবাবে, তেওঁ শিষ্যসকলক এইদৰে কৈছিল, “পৰ দি থাকা।” (মথি ২৪:৪২) নোহৰ দিনত যিদৰে লোকসকলৰ ধ্যান বিচলিত হৈছিল, ঠিক সেইদৰে বৰ্তমান সময়ত এনে বহুতো বস্তু আছে, যাৰ বাবে আমাৰ ধ্যান বিচলিত হʼব পাৰে। (মথি ২৪:৩৭-৩৯; ২ পিত. ২:৫) সেইবাবে, আমি যিহোৱাই দিয়া কামৰ ওপৰত সম্পূৰ্ণৰূপে ধ্যান দিবলৈ চেষ্টা কৰা উচিত।

৫. পাঁচনিৰ কৰ্ম্ম ১:৬-৮ পদৰ অনুসৰি প্ৰচাৰ কাৰ্য্য কিমান পৰিমাণে কৰা হʼব?

আজি আমি এনে এক সময়ত জীয়াই আছোঁ, য’ত প্ৰচাৰ কৰাটো অতি প্ৰয়োজন। আমি এই কামৰ প্ৰতি সাৱধান হোৱা উচিত। যীচুৱে এই পৃথিৱীত থকাৰ সময়ত কৈছিল যে তেওঁৰ মৃত্যুৰ পাছতো শিষ্যসকলে প্ৰচাৰ কাৰ্য্য কৰি থাকিব আৰু তেওঁতকৈ বেছি পৰিমাণে এই কাৰ্য্য কৰিব। (যোহ. ১৪:১২) যীচুৰ মৃত্যুৰ পাছত কিছুমান শিষ্যই পুনৰ মাছমৰীয়াৰ কাম কৰিবলৈ ধৰিলে। মন কৰক যে যীচুৱে পুনৰ জীৱিত হোৱাৰ পাছত কি হʼল? এবাৰ তেওঁ দেখিলে যে তেওঁৰ শিষ্যসকলে মাছ ধৰিবলৈ সফল নহʼল। সেইসময়ত যীচুৱে আচৰিত কৰ্মৰ যোগেদি বহুতো মাছ ধৰি দেখুৱালে আৰু শিষ্যসকলক বুজিবলৈ সহায় কৰিলে যে তেওঁলোকক প্ৰচাৰ কাৰ্য্য কৰাৰ যি দায়িত্ব দিয়া হৈছে, সেয়া পৃথিৱীৰ সকলো কামতকৈ অতি গুৰুত্বপূৰ্ণ। (যোহ. ২১:১৫-১৭) ইস্ৰায়েল দেশৰ উপৰিও পৃথিৱীৰ আন আন দেশবোৰতো প্ৰচাৰ কাম কৰিবলৈ যীচুৱে স্বৰ্গলৈ উভতি যোৱাৰ আগতে নিজৰ শিষ্যসকলক কৈছিল। (পাঁচনিৰ কৰ্ম্ম ১:৬-৮ পঢ়ক।) বহুবছৰৰ পাছত যীচুৱে পাঁচনি যোহনক দৰ্শনত দেখুৱাইছিল যে “প্ৰভুৰ দিনত” কি ঘটিব। * যোহনে দেখিছিল যে এটা স্বৰ্গদূতৰ ওচৰত “অনন্ত শুভবাৰ্ত্তা” আছে আৰু তেওঁ ‘সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকক’ শুভবাৰ্তা শুনাইছে। (প্ৰকা. ১:১০; ১৪:৬) ইয়াৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে আজি যিহোৱা ঈশ্বৰে আমাৰপৰা কি বিচাৰে। যেতিয়ালৈকে যিহোৱা ঈশ্বৰে প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ হʼল বুলি নকয়, তেতিয়ালৈকে আমি প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ থকা উচিত।

৬. আমি কি কথাৰ ওপৰত ধ্যান দিলে প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ থাকিব পাৰিম?

যিহোৱাই আমাৰ বাবে বহুতো কাম কৰিছে। যদি আমি ইয়াৰ বিষয়ে ধ্যান দিওঁ, তেনেহʼলে নিজৰ জীৱনত প্ৰচাৰ কাৰ্য্যক প্ৰথম স্থান দিম। আজি আমাৰ ওচৰত আগতকৈ বেছি প্ৰকাশনবোৰ আছে আৰু এয়া অনলাইনতো উপলব্ধ আছে। আমাৰ ওচৰত অডিঅʼ ভিডিঅʼ প্ৰʼগ্ৰাম আৰু ব্ৰডকাষ্টিঙৰ কাৰ্য্যক্ৰমো আছে। ক্ষন্তেকৰ বাবে চিন্তা কৰক আমাৰ ৱেবছাইটত হাজাৰতকৈ বেছি ভাষাত তথ্যবোৰ উপলব্ধ আছে। (মথি ২৪:৪৫-৪৭) বৰ্তমান সময়ত জগতৰ লোকসকলৰ মাজত বিভেদ সৃষ্টি হৈছে। কিয়নো ৰাজনীতি, ধৰ্ম আৰু আৰ্থিক দিশত তেওঁলোকৰ মতামত নিমিলে। কিন্তু যিহোৱাৰ লোকসকল সম্পূৰ্ণ বেলেগ। বৰ্তমান সময়ত তেওঁলোকৰ সংখ্যা ৮০ লাখতৈ বেছি আৰু তেওঁলোক গোটেই বিশ্বজুৰিত আছে। যিহোৱাৰ লোকসকলৰ মাজত একতা আৰু ভ্ৰাতৃত্বৰ প্ৰেম দেখিবলৈ পোৱা যায়। তেওঁলোকৰ একতাৰ প্ৰমাণ ২০১৯ চনৰ ১৯ এপ্ৰিল শুক্ৰবাৰে দেখিবলৈ পোৱা গৈছিল। সেইদিনাখন গোটেই বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে ৰাতিপুৱাৰ উপাসনাত এটা ভিডিঅʼ উপভোগ কৰিলে আৰু সন্ধ্যা ২,০৯,১৯,০৪১ জন লোকে যীচুৰ স্মৰণীয় দিন পালন কৰিবলৈ একগোট হৈছিল। বৰ্তমান সময়ত এয়া এক আচৰিত কৰ্ম হয় আৰু এই আচৰিত কৰ্ম নিজ চকুৰে চোৱা আৰু ইয়াৰ ভাগ হোৱাটো সঁচাকৈ এক ডাঙৰ আশীৰ্বাদ হয়। এই কথা ধ্যান দিলে আমি প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকিবলৈ উৎসাহিত হʼম আৰু আমি কেতিয়াও পিছ নুহুঁকিম।

যীচুৱে সত্যৰ জ্ঞান দিয়াৰ সময়ত নিজৰ ধ্যান বিচলিত হʼবলৈ নিদিলে (অনুচ্ছেদ ৭ চাওক)

৭. আমি যীচুৰ উদাহণৰপৰা কি শিকিব পাৰোঁ?

প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ধ্যান দিবলৈ আৰু এটা কথাই আমাক সহায় কৰিব। আমি যীচুৰ দৰে হʼবলৈ চেষ্টা কৰা উচিত। তেওঁ প্ৰচাৰ কাৰ্য্যত ব্যস্ত আছিল আৰু কোনো বিষয়ৰ বাবে তেওঁ নিজৰ ধ্যান প্ৰচাৰ কাৰ্য্যৰপৰা বিচলিত হʼবলৈ দিয়া নাছিল। (যোহ. ১৮:৩৭) যেতিয়া চয়তানে তেওঁক “জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্যও” দেখুৱাই যীচুক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ অস্বীকাৰ কৰিলে। লোকসকলে যীচুক ৰজা পাতিবলৈ চেষ্টা কৰাৰ সময়তো তেওঁ তাক অস্বীকাৰ কৰিছিল। (মথি ৪:৮, ৯; যোহ. ৬:১৫) তেওঁ ধন-সম্পত্তিৰ লোভত বা বিৰোধীসকলৰ ভয়ত প্ৰচাৰ কৰিবলৈ এৰি দিয়া নাছিল। (লূক ৯:৫৮; যোহ. ৮:৫৯) আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, যীচুৰ এই উত্তম উদাহৰণ মনত ৰাখিলে আমি প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকিব পাৰিম। পাঁচনি পৌলেও আমাক যীচুৰ উদাহৰণ অনুকৰণ কৰিবলৈ পৰামৰ্শ দিছিল। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি ‘ক্লান্ত নহম।’—ইব্ৰী ১২:৩.

ধৈৰ্য্যশীল হওক

৮. (ক) আমি কেতিয়া ধৈৰ্য্য ধৰিবলগীয়া হয়? (খ) আজি ধৈৰ্য্য ধৰাটো কিয় বিশেষভাৱে প্ৰয়োজন?

আমি জীৱনত বহুবাৰ ধৈৰ্য্য ধৰাৰ প্ৰয়োজন হয়। যদি আমি কোনো সমস্যাৰ সন্মুখীন হৈছোঁ, তেনেহʼলে সেই সমস্যা এদিন নহয় এদিন শেষ হʼব বুলি আমি ধৈৰ্য্য ধৰাৰ প্ৰয়োজন হʼব পাৰে। যদি আমি কিবা ভাল হোৱাটো আশা কৰিছোঁ, তেনেহʼলে সেইসময়তো আমি ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। ভৱিষ্যতবক্তা হবক্কুকে সেই দিনৰ বাবে অপেক্ষা কৰিছিল, যেতিয়া যিহূদী ৰাষ্ট্ৰৰপৰা হিংসা আৰু দুষ্টতা নাইকিয়া কৰা হʼব। (হব. ১:২) যীচুৰ শিষ্যসকলে আশা কৰিছিল যে সেইসময়তে ঈশ্বৰৰ ৰাজ্যই তেওঁলোকক ৰোমী শাসনৰ অত্যাচাৰৰপৰা মুক্ত কৰিব। (লূক ১৯:১১) আমিও সেই দিনৰ বাবে অপেক্ষা কৰি আছোঁ, যেতিয়া ঈশ্বৰৰ ৰাজ্যই সকলো দুষ্টতা নাইকিয়া কৰিব আৰু নতুন পৃথিৱী আনিব। (২ পিত. ৩:১৩) কিন্তু আমি ধৈৰ্য্য ধৰি যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন। সেইদিন নহালৈকে যিহোৱাই আমাক ধৈৰ্য্য ধৰিবলৈ শিকাইছে। আহক চাওঁ কেনেকৈ?

৯. যিহোৱাই ধৈৰ্য্য ধৰে বুলি কি কি ঘটনাৰপৰা বুজিব পাৰি?

যিহোৱাই নিজেই ধৈৰ্য্য ধৰে আৰু আমি তেওঁৰপৰা শিকাটো তেওঁ বিচাৰে। তেওঁ নোহক জাহাজ বনাবলৈ আৰু ‘ধৰ্ম্মপ্ৰচাৰ’ কৰিবলৈ বহু সময় দিছিল। (২ পিত. ২:৫; ১ পিত. ৩:২০) যেতিয়া অব্ৰাহামে চদোম আৰু ঘমোৰা নগৰৰ বিনাশৰ বিষয়ে যিহোৱাক প্ৰশ্ন কৰিছিল, তেতিয়া তেওঁ ধ্যান দি শুনিছিল। (আদি. ১৮:২০-৩৩) ইস্ৰায়েলীসকলে বহু শতিকালৈকে যিহোৱাৰ বিৰুদ্ধে পাপ কৰাৰ সময়তো যিহোৱাই সহন কৰিলে। (নহি. ৯:৩০, ৩১) আজিও যিহোৱাই ধৈৰ্য্য ধৰে, যাতে নম্ৰ লোকসকলে মন-পালটন কৰিবলৈ সুযোগ পায়। (২ পিত. ৩:৯; যোহ. ৬:৪৪; ১ তীম. ২:৩, ৪) যিহোৱাৰপৰা আমি শিকোঁ যে প্ৰচাৰ কাৰ্য্য আৰু শিক্ষা দিয়াত আমিও ধৈৰ্য্য ধৰাৰ অতি প্ৰয়োজন। তেওঁৰ বাক্যত দিয়া এটা উদাহৰণৰপৰা আমি ধৈৰ্য্যৰ বিষয়ে কিছুমান কথা শিকিব পাৰোঁ।

এজন খেতিয়কে কঠিন পৰিশ্ৰম কৰে, তথাপিও তেওঁ ধৈৰ্য্য ধৰে। আমিও ধৈৰ্য্য ধৰা উচিত (অনুচ্ছেদ ১০-১১ চাওক)

১০. যাকোব ৫:৭, ৮ পদৰ অনুসৰি এজন খেতিয়কে কিয় প্ৰশংসাৰ যোগ্য?

১০ যাকোব ৫:৭, ৮ পঢ়ক। এই পদবোৰত উল্লেখ কৰা খেতিয়কৰ উদাহৰণৰপৰা আমি ধৈৰ্য্য ধৰাৰ বিষয়ে শিকিব পাৰোঁ। এয়া সঁচা যে কিছুমান শস্য সোনকালে পকে, কিন্তু বেছিভাগ শস্য পকিবলৈ সময় লাগে। ইস্ৰায়েল দেশত খেতি কৰাৰ সময় ছমাহ দীঘলীয়া আছিল। ১৫ অক্টোবৰৰ সময়ছোৱাত যেতিয়া প্ৰথম বৰষুণ হয়, তেতিয়া খেতিয়কে বীজ সিচেঁ, কিন্তু শস্য পকিবলৈ তেওঁক ১৫ এপ্ৰিলৰ সময়ছোৱাত দিয়া বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল। ইমান দীঘলীয়া সময় অপেক্ষা কৰাৰ পাছত তেওঁ ফল লাভ কৰিছিল। (মাৰ্ক ৪:২৮) আহক আমিও খেতিয়কৰ দৰে ধৈৰ্য্য ধৰোঁ। কিন্তু এনে কৰাটো সহজ নহʼবও পাৰে।

১১. প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত আমি কিয় ধৈৰ্য্য ধৰাৰ প্ৰয়োজন?

১১ অসিদ্ধ হোৱাৰ বাবে আমি আমাৰ পৰিশ্ৰমৰ ফল লগে লগে পাব বিচাৰোঁ। যদি আমি খেতিৰপৰা ফল লাভ কৰিব বিচাৰোঁ, তেনেহʼলে মাটি খান্দিব লাগিব, পুলি ৰুব লাগিব, মাজে-সময়ে ঘাঁ-বন উঘালিব লাগিব আৰু পানী দি থাকিব লাগিব। শিষ্য বনোৱা কাৰ্য্যতো একেৰাহে পৰিশ্ৰম কৰিবলগীয়া হয়। বাইবেল বিদ্যাৰ্থীৰ মনৰপৰা পক্ষপাতৰ ভাবনা দূৰ কৰিবলৈও সময়ৰ প্ৰয়োজন হয়। আনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক শিকোৱাৰ প্ৰয়োজন হয়। যেতিয়া প্ৰচাৰ কাৰ্য্যত কোনোবাই আমাৰ কথা নুশুনে, তেতিয়াও আমি ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। এইদৰে কৰিলে আমি নিৰাশ নহʼম। যেতিয়া লোকসকলে আমাৰ কথা শুনিব বিচাৰে আৰু বাইবেলৰপৰা শিকিব বিচাৰে, তেতিয়াও আমি ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। আমি বাইবেল বিদ্যাৰ্থীক অতি সোনকালে উন্নতি কৰিবলৈ হেঁচা দিয়া উচিত নহয়। আনকি যীচুৰ শিষ্যসকলেও তেওঁৰ কথাৰ অৰ্থ লাহে লাহে বুজি পাইছিল। (যোহ. ১৪:৯) আমি মনত ৰখা উচিত যে আমি সত্যতাৰ পুলি ৰুপণ কৰোঁ আৰু পানী দিওঁ, কিন্তু যিহোৱাইহে তাক বঢ়ায়।—১ কৰি. ৩:৬.

১২. সম্বন্ধীয় লোকসকলক সাক্ষ্য দিয়াৰ সময়ত আমি কিয় ধৈৰ্য্য ধৰাৰ প্ৰয়োজন?

১২ আমাৰ সম্বন্ধীয় লোকসকলক প্ৰচাৰ কৰাৰ সময়ত আমি ধৈৰ্য্য ধৰিবলৈ কঠিন হʼব পাৰে। কিন্তু উপদেশক ৩:৭ পদত দিয়া পৰামৰ্শই আমাক সহায় কৰিব পাৰে। ইয়াত এইদৰে উল্লেখ আছে, “নিমাতে থাকিবৰ সময় আৰু কথা কবৰ সময়” থাকে। আমি মনে মনে থাকি আমাৰ ভাল আচাৰ-ব্যৱহাৰৰ যোগেদি সাক্ষ্য দিব পাৰোঁ। কিন্তু সুযোগ পালে আমি তেওঁলোকক সত্যৰ বিষয়ে জনোৱা উচিত। (১ পিত. ৩:১, ২) সম্বন্ধীয় লোক আৰু আন লোকসকলক উদ্যমেৰে প্ৰচাৰ কৰা আৰু শিকোৱাৰ লগতে আমি ধৈৰ্য্যও ধৰা উচিত।

১৩-১৪. এনে কিছুমান লোকৰ উদাহৰণ কওক, যিসকলে ধৈৰ্য্য ধৰিছিল?

১৩ প্ৰাচীন সময় আৰু বৰ্তমান সময়ত এনে বহুতো বিশ্বাসী লোক আছে, যিসকলৰপৰা আমি ধৈৰ্য্যৰ বিষয়ে শিকিব পাৰোঁ। হবক্কুক হৈছে তেওঁলোকৰ মাজৰ এজন। হবক্কুকে দুষ্টতা নাইকিয়া হোৱাটো বিচাৰিছিল। কিন্তু তেওঁ ধৈৰ্য্য ধৰিলে আৰু বিশ্বাসেৰে এইদৰে কʼলে, “মোৰ প্ৰহৰীস্থানত মই থিয় হম।” (হব. ২:১) পাঁচনি পৌলেও নিজৰ সেৱা কাৰ্য্য “সম্পন্ন” কৰিব বিচাৰিছিল। কিন্তু তেওঁ ধৈৰ্য্য ধৰিলে আৰু “ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ বিষয়ে সাক্ষ্য” দিলে।—পাঁচ. ২০:২৪.

১৪ বৰ্তমান সময়ৰ এহাল বিবাহিত দম্পতীৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁলোকে গিলিয়েড স্কুলৰপৰা গ্ৰেজুৱেট হৈছিল, তেতিয়া তেওঁলোকক এনে এখন দেশলৈ পঠোৱা হৈছিল, যʼত সাক্ষীসকলৰ সংখ্যা কম আছিল। আনকি তাত গীৰ্জালৈ যোৱা খ্ৰীষ্টানসকলৰ সংখ্যাও কম আছিল। বেছিভাগ লোকে বাইবেলৰ বিষয়ে শিকিবলৈ বিচৰা নাছিল। কিন্তু তেওঁলোকৰ লগত গ্ৰেজুৱেট হোৱা আন বিদ্যাৰ্থীসকলক যি দেশলৈ পঠোৱা হৈছিল, তাত তেওঁলোকে বহুতো বাইবলে অধ্যয়ন পাইছিল আৰু তেওঁলোকে বহুতোলোকক সত্য শিকিবলৈ সহায় কৰিছিল। তেওঁলোকে প্ৰায়ে এই দম্পতীক খবৰ দিছিল যে তেওঁলোকে প্ৰচাৰ কাৰ্য্যত ভাল ফলাফল লাভ কৰিছে। যদিও এই দম্পতীয়ে ভাল ফলাফল লাভ কৰা নাছিল, তথাপিও তেওঁলোকে চেষ্টা কৰিবলৈ এৰি দিয়া নাছিল। অৱেশষত ৮ বছৰৰ পাছত তেওঁলোকৰ এজন বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লয়। এয়া তেওঁলোকৰ বাবে আনন্দৰ বিষয় আছিল। প্ৰাচীন সময় আৰু বৰ্তমান সময়ৰ সেৱকসকলৰপৰা আমি এটা ভাল কথা শিকিলোঁ যে তেওঁলোকে নিজৰ হাত কেতিয়াও কোঁচাই নাৰাখিলে আৰু যিহোৱাৰ আশীৰ্বাদত তেওঁলোকে ভাল ফলাফল লাভ কৰিলে। গতিকে, আহক আমিও সেই লোকসকলৰ উদাহৰণক অনুকৰণ কৰোঁ, “যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল।”—ইব্ৰী ৬:১০-১২.

নিজৰ বিশ্বাস দৃঢ় কৰক

১৫. আমি যিমান পাৰোঁ, সিমান লোকক কিয় প্ৰচাৰ কৰিব বিচাৰোঁ, ইয়াৰ এটা কাৰণ কওক।

১৫ আমি প্ৰচাৰত লোকসকলক যি কওঁ, সেয়া নিশ্চয় পূৰ হʼব বুলি আমি বিশ্বাস কৰোঁ। সেইবাবে আমি যিমান পাৰোঁ, সিমান লোকসকলক প্ৰচাৰ কৰিব বিচাৰোঁ। বাইবেলত উল্লেখ কৰা সকলো প্ৰতিজ্ঞাৰ ওপৰত আমি বিশ্বাস কৰোঁ। (গীত. ১১৯:৪২; যিচ. ৪০:৮) আমি নিজেই বাইবেলৰ ভৱিষ্যতবাণী পূৰ হোৱা দেখিবলৈ পাইছোঁ। আমি এয়াও দেখিছোঁ যে যেতিয়া লোকসকলে বাইবেলৰ পৰামৰ্শ পালন কৰে, তেতিয়া তেওঁলোকে নিজৰ জীৱন পৰিৱৰ্তন কৰে আৰু এটা ভাল জীৱন আতিবাহিত কৰে। ইয়াৰপৰা আমাৰ বিশ্বাস বাঢ়ে যে সকলোকে প্ৰচাৰ কৰাটো অতি প্ৰয়োজন।

১৬. গীতমালা ৪৬:১-৩ পদৰ অনুসৰি আমি কিয় কʼব পাৰোঁ যে যিহোৱা আৰু যীচুৰ ওপৰত বিশ্বাস থকাৰ বাবে আমি প্ৰচাৰ কৰোঁ?

১৬ ইয়াৰ উপৰিও, আমাক শুভবাৰ্তা দিওতা যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ ৰজা যীচু খ্ৰীষ্টক আমি বিশ্বাস কৰোঁ। (যোহ. ১৪:১) আমাৰ ওপৰত যিয়েই সমস্যা নাহওক কিয় যিহোৱা সদায় আমাৰ আশ্ৰয় আৰু বল হʼব। (গীতমালা ৪৬:১-৩ পঢ়ক।) যীচু আমাৰ লগত আছে বুলি আমি বিশ্বাস কৰোঁ। যিহোৱাই তেওঁক বহুতো অধিকাৰ দিছে আৰু তেওঁ প্ৰচাৰ কাৰ্য্যৰ বাবে স্বৰ্গৰপৰা নিৰ্দেশনা দি আছে।—মথি ২৮:১৮-২০.

১৭. আমি কিয় প্ৰচাৰ কাৰ্য্য কৰি থকা উচিত? এটা উদাহৰণ দিয়ক।

১৭ বিশ্বাস থকাৰ বাবে আমি ভৰসা কৰোঁ যে যিহোৱাই আমাৰ পৰিশ্ৰমৰ বাবে আমাক আশীৰ্বাদ দিব। কেতিয়াবা কেতিয়াবা তেওঁ আমাক এনে আশীৰ্বাদ দিয়ে, যি আমি আশাই কৰা নাই। (উপ. ১১:৬) উদাহৰণস্বৰূপে, আমি ৰাজহুৱাভাৱে সাক্ষ্য দিবলৈ যি টেবুল আৰু কাৰ্ট ব্যৱহাৰ কৰোঁ, তাক প্ৰতিদিনে হাজাৰ হাজাৰ লোকে লক্ষ্য কৰে। ইয়াৰ কিবা ভাল পৰিণাম হৈছেনে? নিশ্চয় হৈছে। ২০১৪ চনৰ নৱেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাত (হিন্দী) বিশ্ববিদ্যালয়ত পঢ়া এজনী ছোৱালীৰ অনুভৱ দিয়া হৈছে। তাই যিহোৱাৰ সাক্ষীসকলৰ ওপৰত নিবন্ধ লিখিব বিচাৰিছিল। তাই ৰাজ্যগৃহ বিচাৰি পোৱা নাছিল। কিন্তু তাই কেম্পাছত আমাৰ প্ৰকাশন আৰু নিবন্ধৰ বাবে তথ্যবোৰ বিচাৰে পালে। পাছত তাই বাপ্তিষ্মা লৈ এজনী যিহোৱাৰ সাক্ষী হʼল আৰু বৰ্তমান সময়ত তাই অগ্ৰগামী সেৱা কৰি আছে। এনেধৰণৰ অনুভৱৰপৰা বুজিব পাৰি যে আজিও বহুতোলোকে আমাৰ বাৰ্তা শুনিবলৈ সাজু আছে। ইয়ে আমাক প্ৰচাৰ কাৰ্য্য কৰি থাকিবলৈ উৎসাহিত কৰে।

নিজৰ হাত কোঁচাই নাৰাখিব বুলি থিৰাং কৰক

১৮. প্ৰচাৰ কাৰ্য্য নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হʼব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ?

১৮ প্ৰচাৰ কাৰ্য্য সঠিক সময়ত পূৰ হʼব বুলি আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ। এয়া কেতিয়াও পলম নহʼব। যিহোৱাই সকলো কাম সময় মতে কৰে। মনত পেলাওক নোহৰ দিনত কি হৈছিল? জল-প্লাবনৰ ১২০ বছৰৰ আগতে যিহোৱাই নিৰ্ধাৰিত কৰিছিল যে এই জল-প্লাবন কেতিয়া হʼব। ইয়াৰ বহুবছৰৰ পাছত যিহোৱাই নোহক জাহাজ বনাবলৈ আজ্ঞা দিছিল। ৪০ বা ৫০ বছৰলৈকে নোহে জাহাজ বনাবলৈ কঠিন পৰিশ্ৰম কৰিছিল। যেতিয়ালৈকে নোহক যিহোৱাই জীৱ-জন্তুবোৰ জাহাজৰ ভিতৰলৈ নিবলৈ কোৱা নাছিল, তেতিয়ালৈকে তেওঁ লোকসকলে নুশুনাৰ সত্ত্বেও তেওঁলোকক সতৰ্কবাণী দি আছিল। ইয়াৰ পাছত যিহোৱাই নিৰ্ধাৰিত সময়ত জাহাজৰ “দুৱাৰ বন্ধ” কৰিলে।—আদি. ৬:৩; ৭:১, ২, ১৬.

১৯. আমাৰ হাত কোঁচাই নাৰাখিলে আমি কি আশীৰ্বাদ লাভ কৰিম?

১৯ যিহোৱা ঈশ্বৰে অতি সোনকালে প্ৰচাৰ কাম বন্ধ কৰিব। তেওঁ চয়তানৰ দুষ্ট ব্যৱস্থাৰ “দুৱাৰ বন্ধ” কৰি নতুন পৃথিৱী আনিব, যʼত কেৱল ধাৰ্মিক লোকসকলে বাস কৰিব। সেইসময় অহালৈকে আমি নোহ, হবক্কুক আৰু সেই লোকসকলৰ দৰে হʼম, যিসকলে নিজৰ হাত কেতিয়াও কোঁচাই ৰখা নাছিল। গতিকে, প্ৰচাৰ কাৰ্য্যৰপৰা নিজৰ ধ্যান বিচলিত হʼবলৈ নিদিব। ধৈৰ্য্য ধৰক আৰু যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰক।

গীত ৭৫ “মই আছোঁ, মোকে পঠাওক”

^ অনু. 5 আগৰ লেখত আমি আলোচনা কৰিছিলোঁ যে যিসকল বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰিছে, তেওঁলোক শুভবাৰ্তা প্ৰচাৰক হʼবলৈ চিন্তা কৰা উচিত। নতুন, পুৰণি সকলো প্ৰচাৰকক প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ থাকিবলৈ এই লেখে উৎসাহিত কৰিছে। এই লেখত আমি তিনিটা উপায়ৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ ওপৰত ধ্যান দিলে, যিহোৱাই প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ হʼল বুলি নোকোৱালৈকে আমি প্ৰচাৰ কাৰ্য্য কৰি থাকিব পাৰিম।

^ অনু. 2 ইয়াৰ অৰ্থ কি: এই লেখত “তোমাৰ হাত কোঁচাই নাৰাখিবা” বুলি কোৱাৰ অৰ্থ হৈছে যিহোৱা ঈশ্বৰে প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ হʼল বুলি নোকোৱালৈকে প্ৰচাৰ কাৰ্য্য কৰি থাকিবলৈ থিৰাং কৰা।

^ অনু. 5 যীচুৱে ১৯১৪ চনত ৰজা হৈছিল আৰু তেতিয়াই “প্ৰভুৰ দিন” আৰম্ভ হৈছিল। এই প্ৰভুৰ দিন তেওঁৰ হাজাৰ বছৰৰ শাসন কালত অন্ত পৰিব।