Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

উপদেশক ৫:৮ পদত কাৰ বিষয়ে কোৱা হৈছে? মানৱীয় অধিকাৰী নে যিহোৱাৰ?

▪ এই পদত এক মন কৰিবলগীয়া কথা উল্লেখ কৰা হৈছে, “তুমি প্ৰদেশত দৰিদ্ৰক অত্যাচাৰ কৰা, বলেৰে বিচাৰ আৰু ন্যায় দূৰ কৰা দেখিলে, সেই কথাত আচৰিত নামানিবা; কিয়নো ওখ পদত থাকোঁতা লোকতকৈয়ো ওখ পদত থাকোঁতা আন এজনে চকু দিয়ে; আকৌ তেওঁবিলাকতকৈয়ো আৰু ওখ পদত থকা লোক আছে।”—উপ. ৫:৮.

এই পদটো পঢ়াৰ সময়ত কেৱল ডাঙৰ ডাঙৰ চৰকাৰী অধিকাৰীসকলৰ বিষয়ে কোৱা যেন লাগে। কিন্তু ইয়াত চৰকাৰী অধিকাৰীসকলৰ লগতে যিহোৱাৰ বিষয়েও কোৱা হৈছে। সেয়া কি? এই কথা জানিলে আমি শান্ত্বনা লাভ কৰিম।

উপদেশক ৫:৮ পদত এনে অধিকাৰীসকলৰ বিষয়ে কোৱা হৈছে, যিসকলে দৰিদ্ৰ লোকসকলক অত্যাচাৰ আৰু অন্যায় কৰে। সেই অধিকাৰীজনক মনত ৰখা উচিত যে তেওঁৰ ওপৰতো এজন চৰকাৰী অধিকাৰী আছে, যিয়ে তেওঁৰ কাৰ্য্যবোৰ লক্ষ্য কৰি আছে। সেই ডাঙৰ অধিকাৰীজনৰ ওপৰতো এনে কিছুমান লোকে আছে, যিসকলৰ তেওঁতকৈ বেছি অধিকাৰ আছে। দুখৰ বিষয় যে সৰুৰপৰা ডাঙৰ সকলো অধিকাৰী ভ্ৰষ্টচাৰী হয় আৰু তেওঁলোকৰ বাবে সাধাৰণ লোকে অত্যাচাৰ ভুগিব লগা হয়।

যদি আমি কেতিয়াবা অন্যায়ৰ সন্মুখীন হওঁ আৰু অধিকাৰীসকলে আমাক ন্যায় নকৰে, তেনেহʼলে আমি এই কথাৰপৰা শান্ত্বনা লাভ কৰিব পাৰোঁ যে যিহোৱা সেই ‘ওখ পদত থাকোঁতাসকলক চকু দিয়ে।’ আমি আমাৰ চিন্তা ভাৰ যিহোৱাৰ ওপৰত দিব পাৰোঁ আৰু আমাক সহায় কৰিবলৈ তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (গীত. ৫৫:২২; ফিলি. ৪:৬, ৭) আমি জানোঁ যে “যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে, তেওঁৰ চকু পৃথিবীৰ চাৰিওফালে ভ্ৰমণ কৰে।”—২ বং. ১৬:৯.

গতিকে, আমি দেখিলোঁ যে উপদেশক ৫:৮ পদত মানৱীয় অধিকাৰীসকলৰ বিষয়ে এটা সত্য কথা কোৱা হৈছে। সেয়া হৈছে প্ৰতিজন অধিকাৰীৰ ওপৰত আন এজন অধিকাৰী থাকে, যিজনৰ তেওঁতকৈ বেছি অধিকাৰ থাকে। এই পদৰপৰা আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা বুজিব পাৰোঁ। যিহোৱাই হৈছে সকলোতকৈ মহান অধিকাৰী। আজি তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্ট্ৰৰ যোগেদি শাসন কৰি আছে। তেওঁ সৰ্বশক্তিমান ঈশ্বৰ হয় আৰু সকলো লক্ষ্য কৰি আছে। আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱা আৰু তেওঁৰ পুত্ৰই কেতিয়াও আমাৰ লগত অন্যায় নকৰিব।