Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৮

শান্তিৰ সময়ত বুদ্ধিমতাৰে কাৰ্য্য কৰক

শান্তিৰ সময়ত বুদ্ধিমতাৰে কাৰ্য্য কৰক

“যিহোৱাই তেওঁক জিৰণি দিয়াত, দেশ সুথিলে আছিল, আৰু সেই সময়ত কেইবাবছৰলৈকে কাৰো লগত তেওঁৰ যুদ্ধ নাছিল।”—২ বং. ১৪:৬.

গীত ৬০ আমাৰ জীৱন বিপদত আছে

লেখৰ এক আভাস *

১. যিহোৱাৰ সেৱাত আমি কেতিয়া দুৰ্বল হৈ পৰিব পাৰোঁ?

আপুনি কি ভাবে? আমি কেতিয়া যিহোৱাৰ সেৱাত দুৰ্বল হৈ পৰিব পাৰোঁ? সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত নে সকলো ঠিকে থকাৰ সময়ত? আমাৰ জীৱনলৈ সমস্যা অহাৰ সময়ত, আমি সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত ভৰসা কৰোঁ। কিন্তু সকলো ঠিকেই থকাৰ সময়ত আমাৰ ধ্যান সহজে বিচলিত হʼব পাৰে। বহুবছৰৰ আগতে যিহোৱাই ইস্ৰায়েলীসকলক কৈছিল যে যদি তেওঁলোকে সাৱধান নহয়, তেনেহʼলে তেওঁলোকৰ লগত এইদৰে হʼব পাৰে।—দ্বিতী. ৬:১০-১২.

ৰজা আচাই মিছা উপাসনাক আঁতৰাবলৈ পদক্ষেপ লৈছে (অনুচ্ছেদ ২ চাওক) *

২. ৰজা আচাই আমাৰ বাবে কি ভাল উদাহৰণ ৰাখিলে?

ৰজা আচাই আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। তেওঁ যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিছিল আৰু বুদ্ধিমতাৰে কাৰ্য্য কৰিছিল। তেওঁ কেৱল সমস্যা হোৱাৰ সময়তে নহয়, কিন্তু দেশত শান্তি থকাৰ সময়তো যিহোৱাক সেৱা কৰিছিল। “আচাৰ মন তেওঁৰ আয়ূসৰ সকলো কালত যিহোৱাৰ দৃষ্টিত সিদ্ধ আছিল।” (১ ৰাজা. ১৫:১৪) ইয়াৰ এটা প্ৰমাণ হৈছে যে তেওঁ যিহূদাৰপৰা মিছা উপাসনা দূৰ কৰিবলৈ বহুতো কাম কৰিলে। বাইবেলত এইদৰে উল্লেখ আছে, “তেওঁ পৰজাতীয় যজ্ঞ বেদি আৰু ওখ ঠাইবোৰ গুচাই পেলালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মূৰ্ত্তিবোৰ কাটি পেলালে।” (২ বং. ১৪:৩, ৫) তেওঁ নিজৰ আইতা মাখাকো ৰাজমাও পদৰপৰা আঁতৰাই পেলালে। কিয়নো তাই মূৰ্ত্তি উপাসনা কৰিছিল।—১ ৰাজা. ১৫:১১-১৩.

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

ৰজা আচাই মিছা উপাসনা নাইকিয়া কৰিছিল আৰু লগতে সত্য উপাসনাক সমৰ্থন কৰিছিল। সেইবাবে, যিহূদা ৰাজ্যৰ লোকসকলে পুনৰ যিহোৱাক উপাসনা কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাই ৰজা আচা আৰু প্ৰজাসকলকো আশীৰ্বাদ দিছিল। সেইবাবে, দেশত দীৰ্ঘদিন ধৰি শান্তি আছিল। * বাইবেলে কয় যে আচাৰ শাসন কালত ১০ বছৰলৈকে “দেশ সুথিলে” আছিল। (২ বং. ১৪:১, ৪, ৬) এই লেখত আলোচনা কৰা হʼব যে এই সময়ছোৱাত ৰজা আচাই কেনেকৈ বুদ্ধিমতাৰে কাম কৰিলে। ইয়াৰ পাছত আমি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বিষয়ে আলোচনা কৰিম, যিসকলে শান্তিৰ সময়ত ৰজা আচাৰ দৰে বুদ্ধিমতাৰে কাম কৰিলে। শেষত আমি এয়াও আলোচনা কৰিম যে যদি আপোনাৰ দেশত যিহোৱাৰ উপাসনা কৰিবলৈ স্বাধীনতা আছে, তেনেহʼলে আপুনি ইয়াক কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব?

আচাই শান্তিৰ সময়ত কি কৰিলে?

৪. দ্বিতীয় বংশাৱলি ১৪:২, ৬, ৭ পদৰ অনুসৰি শান্তিৰ সময়ছোৱাত আচাই কি কৰিলে?

দ্বিতীয় বংশাৱলি ১৪:২, ৬, ৭ পঢ়ক। আচাই লোকসকলক কৈছিল যে যিহোৱাই “চাৰিওফালৰ পৰা আমাক জিৰণি দিলে।” এয়াই জিৰণি লোৱাৰ সময় বুলি আচাই ভবা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ দেশত বহুতো নিৰ্মাণ কাৰ্য্য কৰিলে। তেওঁ বহুতো নগৰ, দেৱাল, দুৰ্গ আৰু দুৱাৰ নিৰ্মাণ কৰালে। তেওঁ লোকসকলক কʼলে, “দেশ এতিয়ালৈকে আমাৰ আগত আছে।” তেওঁ এইদৰে কোৱাৰ অৰ্থ আছিল যে আজি দেশত স্বাধীনতা আছে আৰু শত্ৰুৰপৰা কোনো ভয় নাই। সেইবাবে, আমি ইফালে-সিফালে ঘূৰি ফুৰিব পাৰোঁ। গতিকে, আহক আমি সময়ৰ সুযোগ লৈ সকলো নিৰ্মাণ কাৰ্য্য কৰোঁ।

৫. ৰজা আচাই নিজৰ সৈন্য-বাহিনীক কিয় শক্তিশালী কৰি তুলিছিল?

আচাই নিৰ্মাণ কাম কৰাৰ লগতে নিজৰ সৈন্য-বাহিনীক শক্তিশালী কৰিলে। (২ বং. ১৪:৮) ইয়াৰ অৰ্থ এয়া আছিল নেকি যে যিহোৱাৰ ওপৰত তেওঁৰ ভৰসা নাছিল। এনে নহয়। যিহোৱাই তেওঁলোকক ৰক্ষা কৰিব বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। কিন্তু তেওঁ এজন ৰজা হিচাপে নিজৰ কৰ্তব্য পালন কৰিব বিচাৰিছিল। তেওঁ নিজৰ সৈন্য-বাহিনীক সাজু কৰি ৰাখিব বিচাৰিছিল, যাতে কোনো যুদ্ধ হʼলে তাৰ সন্মুখীন হʼব পাৰে। তেওঁ জানিছিল যে যদিও আজি দেশত শান্তি আছে, কিন্তু কালিলৈ পৰিস্থিতি সলনি হʼব পাৰে আৰু পাছলৈ ঠিক সেইদৰেই হʼল।

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে শান্তিৰ সময়ছোৱাত কি কৰিলে?

৬. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে শান্তিৰ সময়ছোৱাত কি কৰিলে?

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে বহুবাৰ তাড়নাৰ সন্মুখীন হʼবলগীয়া হৈছিল। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁলোকে শান্তিৰ সময়ছোৱাত আনন্দ উপভোগ কৰিছিল। এনে পৰিস্থিতিত তেওঁলোকে কি কৰিছিল? তেওঁলোকে প্ৰচাৰ কৰিছিল। পাঁচনিৰ কৰ্ম্ম কিতাপখনত উল্লেখ আছে যে তেওঁলোকে ‘প্ৰভুৰ ভয়’ কৰিছিল আৰু তেওঁৰ সেৱা কৰিছিল। সেইবাবে, মণ্ডলী “বাঢ়ি” গৈছিল। ইয়াৰপৰা বুজিব পাৰি যে তেওঁলোকে শান্তিৰ সময়ছোৱাত পৰিশ্ৰম কৰিলে আৰু তেওঁলোকৰ পৰিশ্ৰমত যিহোৱাই আশীৰ্বাদ দিলে।—পাঁচ. ৯:২৬-৩১.

৭-৮. পৌল আৰু আন খ্ৰীষ্টানসকলে সময়ৰ সুযোগ কেনেকৈ লৈছিল? বুজাওক।

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যেতিয়াই সুযোগ পাইছিল, তেওঁলোকে দূৰ-দূৰণি ঠাইত প্ৰচাৰ কৰিছিল। পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক। পৌলে ইফিচত থকাৰ সময়ত বহুতোলোকক প্ৰচাৰ কৰিবলৈ সুযোগ পাইছিল। তেওঁ কিছু সময় ইফিচতে আছিল আৰু বহুতোলোকক শিষ্য হʼবলৈ সহায় কৰিছিল।—১ কৰি. ১৬:৮, ৯.

পৌল আৰু আন খ্ৰীষ্টানসকলে ৪৯ খ্ৰীষ্টাব্দত প্ৰচাৰ কৰিবলৈ এক ভাল সুযোগ পাইছিল। সেই বছৰতে চুন্নতৰ বিষয়টো সমাধান কৰা হʼল আৰু প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয় সকলো মণ্ডলীত জনোৱা হʼল। (পাঁচ. ১৫:২৩-২৯) ইয়াৰ পাছত পৌল আৰু আন খ্ৰীষ্টানসকলে “প্ৰভুৰ বাক্য প্ৰচাৰ” কৰিবলৈ কঠিন পৰিশ্ৰম কৰিলে। (পাঁচ. ১৫:৩০-৩৫) ইয়াৰ পৰিণাম কি হʼল? বাইবেলত এইদৰে উল্লেখ আছে, “মণ্ডলীবিলাক বিশ্বাসত দৃঢ় হৈ, দিনে দিনে লেখত বাঢ়ি গল।”—পাঁচ. ১৬:৪, ৫.

শান্তিৰ সময়ছোৱাত আমি কি কৰা উচিত?

৯. (ক) আজি বহুতো দেশৰ বিষয়ে কি কʼব পাৰি? (খ) ইয়াৰপৰা কি প্ৰশ্ন উত্থাপন হয়?

আজি বহুতো দেশত যিহোৱাৰ সেৱকসকলে প্ৰচাৰ কৰাৰ স্বাধীনতা আছে। আপোনাৰ দেশতো এই স্বাধীনতা আছেনে? যদি আছে, তেনেহʼলে আপুনি এই স্বাধীনতা কেনেদৰে ব্যৱহাৰ কৰিছে? আজি আমি শেষ-কালৰ এক ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ। আজি গোটেই পৃথিৱীত প্ৰচাৰ কাৰ্য্য হৈ আছে, যি আগতে কেতিয়াও হোৱা নাছিল। (মাৰ্ক ১৩:১০) আজি প্ৰচাৰ কাৰ্য্য বেছিকৈ কৰিবলৈ আমাৰ ওচৰত বহুতো সুযোগ আছে।

বহুতো ভাই-ভনীয়ে আন দেশলৈ গৈ প্ৰচাৰ কৰে আৰু ভাষা শিকে। সেইবাবে তেওঁলোকে বহুতো আশীৰ্বাদ লাভ কৰে (অনুচ্ছেদ ১০-১২ চাওক) *

১০. দ্বিতীয় তীমথিয় ৪:২ পদত কি পৰামৰ্শ দিয়া হৈছে?

১০ আপুনি নিজৰ স্বাধীনতাৰ সুযোগ লৈ কি কৰিব পাৰে? (২ তীমথিয় ৪:২ পঢ়ক।) যদি সম্ভৱ হয়, তেনেহʼলে আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই প্ৰচাৰ কাৰ্য্য বেছিকৈ কৰিব পাৰেনে? অথবা অগ্ৰগামী সেৱক হিচাপে সেৱা কৰিব পাৰেনে? মনত ৰাখক, এতিয়া ধন-সম্পত্তি বা লাস-বিলাসৰ বস্তু গোটোৱাৰ সময় নহয়। মহাক্লেশত এই সকলো শেষ হৈ যাব।—হিতো. ১১:৪; মথি ৬:৩১-৩৩; ১ যোহ. ২:১৫-১৭.

১১. বেছিভাগ লোকক প্ৰচাৰ কৰিবলৈ কিছুমান ভাই-ভনীয়ে কি কৰিছে?

১১ বহুতো প্ৰচাৰকে নতুন ভাষা শিকিছে, যাতে তেওঁলোকে সেই ভাষাত লোকসকলক প্ৰচাৰ কৰিব পাৰে আৰু শিকাব পাৰে। সেই ভাই-ভনীসকলক সহায় কৰিবলৈ আমাৰ সংগঠনে আগতকৈ বেছি ভাষাত প্ৰকাশন প্ৰস্তুত কৰিছে। আমাৰ প্ৰকাশনবোৰ ২০১০ চনত প্ৰায় ৫০০ টা ভাষাত উপলব্ধ আছিল। কিন্তু বৰ্তমান সময়ত ১,০০০ তকৈ বেছি ভাষাত উপলব্ধ আছে।

১২. লোকসকলে নিজৰ ভাষাত সত্য শুনিলে তেওঁলোকক কেনেকুৱা লাগে? এটা উদাহৰণ দিয়ক।

১২ যেতিয়া লোকসকলে নিজৰ ভাষাত সত্য শুনে, তেতিয়া তেওঁলোকক কেনেকুৱা লাগে? আমেৰিকাত থকা এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক। তাইৰ মাতৃভাষা হৈছে কিন্যাৰৱাণ্ডা। এই ভাষা বিশেষকৈ ৰুৱাণ্ডা, কংগু (কিনছাচা) আৰু উগাণ্ডাত কোৱা হয়। আমেৰিকাত কিন্যাৰৱাণ্ডা ভাষাত অধিৱেশন হৈছিল আৰু ভনীগৰাকীয়ে তাত উপস্থিত হৈছিল। অধিৱেশনৰ পাছত তাই এইদৰে কৈছিল, “মই আমেৰিকালৈ অহা ১৭ বছৰ হৈছে। কিন্তু প্ৰথমবাৰ মই অধিৱেশনৰ সকলো কথা বুজিব পাৰিলোঁ।” আমি স্পষ্টকৈ বুজিব পাৰিলোঁ যে নিজৰ ভাষাত অধিৱেশন শুনাৰ বাবে ভনীগৰাকীৰ হৃদয় স্পৰ্শ কৰিলে। যদি আপোনাৰ এলেকাত আন ভাষা কোৱা লোক আছে, তেনেহʼলে তেওঁলোকক প্ৰচাৰ কৰিবলৈ আপুনি তেওঁলোকৰ ভাষা শিকিবনে? যদি তেওঁলোকে নিজৰ ভাষাত ভালদৰে বুজি পায়, তেনেহʼলে তেওঁলোকৰ ভাষাত প্ৰচাৰ কৰাটো উচিত নহʼবনে? অন্য ভাষা শিকিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন। কিন্তু যদি আপুনি ইয়াৰ ভাল পৰিণাম লাভ কৰিব, তেনেহʼলে আপুনি আনন্দিত হʼব।

১৩. ৰুছৰ ভাই-ভনীসকলে স্বাধীনতা পোৱাৰ সময়ত কি কৰিলে?

১৩ কিছুমান দেশত আমাৰ ভাই-ভনীসকলে মুকলিভাৱে প্ৰচাৰ কৰিব নোৱাৰে। কিয়নো চৰকাৰে তাত আমাৰ কামবোৰ নিষেধ কৰিছে। ৰুচ দেশতো ঠিক এইদৰেই হৈছে। ১৯৯১ চনৰ আগতে তেওঁলোকক তাড়না দিয়া হৈছিল আৰু ইয়াৰ পাছত ১৯৯১ চনৰ মাৰ্চ মাহত চৰকাৰে তেওঁলোকক উপাসনা কৰিবলৈ স্বাধীনতা দিলে। সেই বছৰত ৰুচ দেশত প্ৰায় ১৬,০০০ প্ৰচাৰক আছিল। ইয়াৰ পাছত তেওঁলোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিলে আৰু ২০ বছৰৰ পাছত তাত ১,৬০,০০০ তকৈ বেছি প্ৰচাৰক হʼল । যেতিয়া ৰুছ দেশৰ ভাই-ভনীসকলে স্বাধীনতা লাভ কৰিলে, তেতিয়া তেওঁলোকে বুদ্ধিমতাৰে কাম কৰিলে আৰু প্ৰচাৰ কাৰ্য্যত কঠিন পৰিশ্ৰম কৰিলে। কিন্তু তেওঁলোকৰ প্ৰচাৰ কৰাৰ স্বাধীনতা বেছি সময়লৈকে নাথাকিল। পুনৰ তেওঁলোকৰ কাম নিষেধ কৰা হʼল। তথাপি তেওঁলোকে উদ্যমেৰে প্ৰচাৰ কৰি থাকিল। যিহোৱাৰ সেৱা কৰিবলৈ তেওঁলোকে যিমান পাৰে, সিমান পৰিশ্ৰম কৰিছে।

শান্তিৰ সময় সদায় নাথাকিব

যেতিয়া ৰজা আচাই যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই বিশাল সেনাবাহিনীক পৰাজিত কৰিবলৈ তেওঁক সহায় কৰিলে (অনুচ্ছেদ ১৪-১৫ চাওক)

১৪-১৫. যিহোৱাই আচা আৰু তেওঁৰ লোকসকলৰ বাবে কি কৰিলে?

১৪ ৰজা আচাৰ ৰাজত্বৰ কালত যি শান্তিৰ সময় আছিল, সেয়া সদায় কালৰ বাবে নাথাকিল। এনে সময় আহিল, যেতিয়া দেশত সমস্যা হʼল। কূচ দেশৰপৰা এক বিশাল সেনাই যিহূদা দেশক আক্ৰমণ কৰিবলৈ আহিল। তেওঁলোকৰ সৈন্য-বাহিনী দহ লাখতকৈ বেছি আছিল। কূচ দেশৰ জেৰহে ভাবিলে যে তেওঁৰ ওচৰত বিশাল সৈন্য-বাহিনী আছে। সেইবাবে, তেওঁ সহজে যিহূদা দেশক পৰাজয় কৰিব পাৰিব। আনহাতে যদিও ৰজাই নিজৰ সৈন্যবাহিনীক শক্তিশালী কৰি তুলিছিল, কিন্তু তেওঁ নিজৰ সৈন্যবাহিনীৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা কৰিছিল। তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল, “হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা ৰাখি, তোমাৰেই নামে এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলো।”—২ বং. ১৪:১১.

১৫ আচাৰ সৈন্যবাহিনীৰ তুলনাত কূচ দেশৰ সৈন্যবাহিনী দুগুণ আছিল। কিন্তু আচাই জানিছিল যে যিহোৱা সকলোতকৈ শক্তিশালী হয় আৰু তেওঁ নিজৰ লোকসকলক ৰক্ষা কৰিব পাৰে আৰু এইদৰেই হʼল। যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে আৰু কূচ দেশৰ সৈন্যবাহিনী পৰাজয় হʼল।—২ বং. ১৪:৮-১৩.

১৬. সকলো সময়তে শান্তি নাথাকিব বুলি আমি কিয় কʼব পাৰোঁ?

১৬ আহিবলগীয়া দিনত আমাৰ লগত কি ঘটিব, তাৰ বিষয়ে আমি কোনেও নাজানোঁ। কিন্তু আমি জানোঁ যে যিহোৱাৰ লোকসকলে উপভোগ কৰা শান্তিৰ আনন্দ এদিন পৰিৱৰ্তন হʼব। যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকলে “সকলো জাতিৰ ঘৃণাৰ পাত্ৰ” হʼব। (মথি ২৪:৯) ঠিক সেইদৰে, পাঁচনি পৌলেও কৈছিল যে “খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীম. ৩:১২) বৰ্তমান সময়ত চয়তান ‘অতি ক্ৰুদ্ধত’ আছে। যদি আমি ভাবোঁ যে আমি তাৰ ক্ৰুদ্ধৰপৰা কোনোমতে ৰক্ষা পৰিম, তেনেহʼলে এয়া মূৰ্খামিৰ দৰে হʼব। —প্ৰকা. ১২:১২.

১৭. আমাৰ বিশ্বাসৰ ওপৰত কেনেকৈ পৰীক্ষা হʼব?

১৭ অতি সোনকালে জগতত এনে মহাক্লেশ হʼব, “জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ হোৱা নাই, আৰু নহবও।” (মথি ২৪:২১) সেইসময়ত ডাঙৰ ডাঙৰ সমস্যা হʼব আৰু আমাৰ বিশ্বাসৰ ওপৰত পৰীক্ষা আহিব। হয়তো আমাৰ কামো নিষেধ কৰা হʼব। আমাৰ পৰিয়ালৰ লোকসকলেও হয়তো আমাৰ বিৰোধ কৰিব। (মথি ১০:৩৫, ৩৬) এনে পৰিস্থিতিত আপুনি কি কৰিব? আচাৰ দৰে যিহোৱাই আপোনাক সহায় আৰু সুৰক্ষা কৰিব বুলি আপুনি তেওঁৰ ওপৰত ভৰসা কৰিবনে?

১৮. ইব্ৰী ১০:৩৮, ৩৯ পদৰ অনুসৰি আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼবলৈ আমি কি কৰা উচিত?

১৮ যিহোৱাই এতিয়াৰপৰাই আমাক সাজু কৰিছে, যাতে আমি আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼব পাৰোঁ। যিহোৱাই আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি আমাক উচিত সময়ত নিৰ্দেশনা দিছে। (মথি ২৪:৪৫) কিন্তু আমি যিহোৱাৰ ওপৰত বিশ্বাস দৃঢ় কৰিবলৈ নিজেও পৰিশ্ৰম কৰা উচিত।—ইব্ৰী ১০:৩৮, ৩৯ পঢ়ক।

১৯-২০. (ক) প্ৰথম বংশাৱলি ২৮:৯ পদটো মনত ৰাখি আমি নিজকে কি প্ৰশ্ন সোধা উচিত? (খ) নিজকে পৰীক্ষা কৰাটো কিয় প্ৰয়োজন?

১৯ ৰজা আচাৰ দৰে আমি ‘যিহোৱাক বিচৰা’ উচিত। (২ বং. ১৪:৪; ১৫:১, ২) যেতিয়া আমি যিহোৱাক জানিলোঁ আৰু বাপ্তিষ্মা লʼলোঁ, তেতিয়াৰেপৰা আমি যিহোৱাক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। আমি যিহোৱাৰ কাষত থাকিবলৈ একেৰাহে পৰিশ্ৰম কৰা উচিত। আমি নিজকে এইদৰে সুধিব পাৰোঁ, ‘মই সভাত নিয়মীয়াকৈ উপস্থিত হওঁনে?’ সভাত উপস্থিত থাকিলে আমি যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহিত হওঁ। ভাই-ভনীসকলৰ লগত সংগতি কৰিলে আমি উৎসাহ লাভ কৰোঁ। (মথি ১১:২৮) আমি নিজকে এই প্ৰশ্নও সুধিব পাৰোঁ, ‘প্ৰতিদিনে বাইবেল অধ্যয়ন কৰাটো মই অভ্যাসলৈ পৰিণত কৰিছোঁনে?’ যদি আপোনাৰ পৰিয়াল আছে, তেন্তে আপুনি পৰিয়ালৰ লগত প্ৰতিসপ্তাহে পাৰিবাৰিক উপাসনা কৰেনে? যদি মই অকলে থাকে, তেনেহʼলে আপুনি প্ৰতিসপ্তাহে ব্যক্তিগত অধ্যয়ন কৰেনে? আপুনি মনে-প্ৰাণে প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱা কাৰ্য্যত ভাগ লয়নে?

২০ আমি নিজকে এইবোৰ প্ৰশ্ন কিয় সোধা উচিত? বাইবেলে উল্লেখ কৰিছে যে যিহোৱাই আমাৰ হৃদয় আৰু কল্পনা পৰীক্ষা কৰে। (১ বংশাৱলি ২৮:৯ পঢ়ক।) সেইবাবে, আমিও নিজকে পৰীক্ষা কৰা উচিত। যদি আমাৰ লক্ষ্য, মনোবৃত্তি আৰু চিন্তাধাৰা সলনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে আমি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼবলৈ প্ৰস্তুতি কৰাৰ এয়াই সময়। গতিকে, আহক আমি কোনো কথাত নিজৰ ধ্যান বিচলিত হʼবলৈ নিদিওঁ আৰু শান্তিৰ সময়ছোৱাত বুদ্ধিমতাৰে কাম কৰোঁ।

গীত ৬২ নতুন গীত

^ অনু. 5 আপুনি বাস কৰা দেশখনত যিহোৱাৰ উপাসনা কৰাৰ স্বাধীনতা আছেনে? যদি আছে, তেনেহʼলে আপুনি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিছে? এই লেখত উল্লেখ কৰা হʼব যে যিহূদাৰ ৰজা আচা আৰু প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ? শান্তিৰ সময়ছোৱাত তেওঁলোকে কেনেকৈ বুদ্ধিমতাৰে কাৰ্য্য কৰিলে।

^ অনু. 3 ইয়াৰ অৰ্থ কি: বাইবেলত যি ইব্ৰী শব্দৰ অনুবাদ “শান্তি” বুলি কৰা হৈছে, ইয়াৰ অৰ্থ কেৱল এইটো নহয় যে চাৰিওফালে শান্তি হৈ আছে আৰু কোনো যুদ্ধ হোৱা নাই। কিন্তু ইয়াৰ অৰ্থ হৈছে এজন ব্যক্তিৰ জীৱনত সুখ-শান্তি আছে, কোনো বেমাৰ-আজাৰ নাই আৰু কোনো সমস্যা নাই।

^ অনু. 57 ছবিৰ বিষয়ে: ৰজা আচাই নিজৰ আইতাক ৰাজমাও পদৰপৰা আঁতৰাই দিছিল। কিয়নো তাই মিছা উপাসনাক সমৰ্থন কৰিছিল। বহুতোলোকে ৰজা আচাক সমৰ্থন কৰিছিল আৰু মূৰ্ত্তিবোৰ ভাঙি পেলাইছিল।

^ অনু. 59 ছবিৰ বিষয়ে: এহাল দম্পতীয়ে কেৱল প্ৰয়োজনীয় বস্তুবোৰ লৈ এনে ঠাইলৈ গৈছে, যʼত প্ৰচাৰকসকলৰ প্ৰয়োজন আছে।