Skip to content

Skip to table of contents

অনুসন্ধানৰ উপায়

অনুসন্ধানৰ উপায়

লʼৰা-ছোৱালীৰ বাবে উত্তম শিক্ষা

পিতৃ-মাতৃসকল, আপোনালোকক যিহোৱাৰ বিষয়ে নিজৰ লʼৰা-ছোৱালীক শিকোৱাৰ এটা ডাঙৰ দায়িত্ব দিয়া হৈছে। (ইফি. ৬:৪) আপোনালোকক সহায় কৰিবলৈ যিহোৱাৰ সংগঠনে বহুতো লেখ, ভিডিঅ’ আৰু গীত তৈয়াৰ কৰিছে। আপুনি ইয়াৰ ব্যৱহাৰ কৰি কেনেকৈ নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাব পাৰে?

  • JW.ORG-লৈ যাওক। ইয়াত আপুনি লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীসকলৰ বাবে তৈয়াৰ কৰা সকলো তথ্য পাব। যেনে, ভিডিঅ’ আৰু কিছুমান প্ৰেক্টিচৰ বাবে ভাগ দিয়া আছে, য’ত লʼৰা-ছোৱালীয়ে কিবা লিখিব বা ছবি আঁকিব পাৰে। a ইয়াক বিচাৰিবলৈ বাইবেলৰ শিক্ষা/লʼৰা-ছোৱালী বা বাইবেলৰ শিক্ষা/কিশোৰ-কিশোৰী ভাগলৈ যাওক।

  • লʼৰা-ছোৱালীৰ বয়সৰ অনুসৰি তথ্য বিচাৰক। “লʼৰা-ছোৱালী” ভাগত আপুনি এনে কিছুমান তথ্য পাব পাৰে যাৰ সহায়ত আপুনি নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাব পাৰে। আপুনি “পাৰিবাৰিক উপাসনাৰ বাবে” নামৰ ভাগতো কিছুমান ভাল তথ্য পাব পাৰে।

  • লʼৰা-ছোৱালীসকলৰ লগত আলোচনা কৰক। লʼৰা-ছোৱালীসকলক শান্তিৰে বহাবলৈ যিকোনো ভিডিঅ’ চলাই নিদিব বা কোনো এটা প্ৰেক্টিচ কৰিবলৈ নিদিব। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ লগত তথ্যবোৰ আলোচনা কৰক আৰু যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ সহায় কৰক।

a JW লাইব্ৰেৰীতো লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীসকলৰ বাবে ভিডিঅ’ আৰু লেখ দিয়া হৈছে।