Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৭

চিমচোনৰ দৰে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰক

চিমচোনৰ দৰে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰক

“হে প্ৰভু যিহোৱা . . . অনুগ্ৰহ কৰি মোক সোঁৱৰণ কৰা, হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।”—বিচা. ১৬:২৮.

গীত ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু

লেখৰ এক আভাস a

১-২. চিমচোনৰ বিষয়ে অধ্যয়ন কৰাটো কিয় ভাল?

 চিমচোনৰ বিষয়ে শুনিলে আপোনাৰ মনলৈ কি কথা আহে? হয়তো আপুনি ভাবে যে তেওঁ বহুত শক্তিশালী আছিল। সঁচাকৈ, চিমচোন বহুত শক্তিশালী আছিল। কিন্তু তেওঁ এটা ভুল কৰিলে আৰু তেওঁ ইয়াৰ পৰিণামো ভুগিবলগীয়া হ’ল। তথাপিও যিহোৱাই এই কথাৰ ওপৰত ধ্যান দিলে যে চিমচোন গোটেই জীৱন তেওঁৰ বাবে বহুতো কাম কৰিলে আৰু সকলো সময়তে তেওঁৰ ওপৰত বিশ্বাস দেখুৱালে। সেইবাবে, বাইবেলত যিহোৱাই চিমচোনৰ বিষয়ে লিখালে যাতে আমি তেওঁৰ পৰা শিকিব পাৰোঁ।

যিহোৱাই নিজৰ মনোনীত ইস্ৰায়েলী লোকসকলক সহায় কৰিবলৈ চিমচোনৰ যোগেদি বহুতো ডাঙৰ ডাঙৰ কাম কৰালে। চিমচোনৰ মৃত্যুৰ বহু বছৰৰ পাছত যেতিয়া যিহোৱাই পাঁচনি পৌলৰ জৰিয়তে এনে বহুতো বিশ্বাসী লোকৰ বিষয়ে লিখালে যিসকলৰ দৃঢ় বিশ্বাস আছিল, তেতিয়া যিহোৱাই চিমচোনৰ নামো লিখালে। (ইব্ৰী ১১:৩২-৩৪) চিমচোনৰ উদাহৰণৰ পৰা আজি আমি সাহস লাভ কৰিব পাৰোঁ। তেওঁ কঠিন পৰিস্থিতিতো যিহোৱাৰ ওপৰত ভৰসা কৰিলে। আমি কেনেকৈ চিমচোনৰ পৰা সাহস পাব পাৰোঁ আৰু কি কি কথা শিকিব পাৰোঁ, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম।

চিমচোনে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে

৩. চিমচোনক কি দায়িত্ব দিয়া হৈছিল?

চিমচোনৰ জন্ম হোৱাৰ সময়ত ইস্ৰায়েলীসকলৰ ওপৰত পলেষ্টীয়াসকলে ৰাজত্ব কৰিছিল আৰু তেওঁলোকক অত্যাচাৰ কৰিছিল। (বিচা. ১৩:১) পলেষ্টীয়াসকল নিৰ্দয়ী আছিল, সেইবাবে তেওঁলোকে ইস্ৰায়েলীসকলক বহুত তাড়না দিছিল। সেই সময়ত পলেষ্টীয়াহঁতৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ যিহোৱাই চিমচোনক নিযুক্ত কৰিলে। (বিচা. ১৩:৫) এয়া বহুত কঠিন কাম আছিল আৰু এই ডাঙৰ দায়িত্ব চিমচোনে যিহোৱাৰ সহায়তহে পূৰ কৰিব পাৰিলেহেঁতেন।

চিমচোনে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁ সাল-সলনি কৰিবলৈ সাজু আছিল। ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ তেওঁ যি সুযোগ পালে, তাৰ ব্যৱহাৰ কৰিলে (অনুচ্ছেদ ৪-৫ চাওক)

৪. যিহোৱাই চিমচোনক কেনেকৈ সহায় কৰিলে? (বিচাৰকৰ্ত্তাবিলাক ১৫:১৪-১৬)

এটা উদাহৰণলৈ মন কৰক, যাৰ পৰা আমি জানিব পাৰোঁ যে চিমচোনে যিহোৱাৰ ওপৰত ভৰসা ৰাখিছিল আৰু যিহোৱাই তেওঁক সহায় কৰিছিল। এবাৰ পলেষ্টীয়া সৈন্যসকলে চিমচোনক বন্ধী বনাবলৈ যিহূদাৰ লেহী নামৰ ঠাইত আহিছিল। এয়া চাই যিহূদাৰ লোকসকলে বহুত ভয় খালে আৰু তেওঁলোকে চিমচোনক শত্ৰুৰ হাতত শোধাই দিয়াৰ বিষয়ে ভাবিলে। চিমচোনক নিজৰ লোকসকলে ৰচীৰে বান্ধিলে আৰু শত্ৰুৰ হাতত শোধাই দিলে। (বিচা. ১৫:৯-১৩) তেতিয়া “যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি” হ’লত তেওঁ শক্তি পালে আৰু কাম কৰিবলৈ ধৰিলে। তেওঁ ৰচী চিঙি পেলালে আৰু নিজকে তাৰ পৰা মুক্ত কৰিলে। তাৰ পাছত তেওঁ এটা “গাধৰ গালৰ এডাল কেঁচা হাড়” পালে। তেওঁ এই হাড়েৰে প্ৰায় পলেষ্টীয়াসকলৰ ১০০০ লোকক মাৰি পেলালে।—বিচাৰকৰ্ত্তাবিলাক ১৫:১৪-১৬ পঢ়ক।

৫. চিমচোনে যিহোৱাৰ ওপৰত ভৰসা আছে বুলি কেনেকৈ দেখুৱালে?

চিমচোনে এটা গাধৰ গালৰ হাড় কিয় ব্যৱহাৰ কৰিলে? এয়া শত্ৰুক আক্ৰমণ কৰা কোনো অস্ত্ৰ নাছিল। এই কথাত কোনো সন্দেহ নাই যে চিমচোনে ভালদৰে জানিছিল যে জয় লাভ কৰিবলৈ তেওঁক কোনো অস্ত্ৰৰ প্ৰয়োজন নাই কিন্তু যিহোৱাৰ সহায়ৰহে প্ৰয়োজন আছে। যিহোৱাৰ এই বিশ্বাসী সেৱকজনে তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ যিহকে পালে তাকে ব্যৱহাৰ কৰিলে। চিমচোনে যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিছিল। সেইবাবে, যিহোৱাই তেওঁক জয়ী কৰালে।

৬. চিমচোনৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

যিহোৱাই আমাক যিবোৰ কাম কৰিবলৈ দিছে, সেইবোৰ সম্পূৰ্ণ কৰিবলৈ তেওঁ আমাক শক্তিও দিয়ে। এনে কিছুমান কামো পূৰ কৰিবলৈ শক্তি দিয়ে, যিবোৰ কৰিবলৈ হয়তো আমাক কঠিন যেন লাগিব পাৰে। বহু বাৰ যিহোৱাই আমাক এইদৰে সহায় কৰে যাৰ বিষয়ে হয়তো আমি ভবাও নাই। বিশ্বাস ৰাখক, আপুনি সহায়ৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিলে তেওঁ চিমচোনৰ দৰে আপোনাকো শক্তি দিব যাতে আপুনি তেওঁৰ ইচ্ছা পূৰ কৰিব পাৰে।—হিতো. ১৬:৩.

৭. এটা উদাহৰণ দি বুজাওক যে যিহোৱাৰ পৰা নিৰ্দেশনা লোৱাটো কিয় অতি প্ৰয়োজন?

নিৰ্মাণ কামত সহযোগ কৰা বহুতো ভাই-ভনীয়েও যিহোৱাৰ ওপৰত ভৰসা ৰাখে। আগতে আমাৰ ভাইসকল ৰাজ্যগৃহ আৰু আন বিল্ডিংবোৰৰ নক্সা নিজে তৈয়াৰ কৰিছিল আৰু কামবোৰ আৰম্ভণিৰ পৰাই কৰিছিল। যিহোৱাৰ সংগঠনত যিদৰে বৃদ্ধি হ’বলৈ ধৰিলে, সেই সময়ত নিৰ্মাণ কামৰ নেতৃত্ব লোৱা ভাইসকলে ভাবিলে যে তেওঁলোকে এই কামত কিছুমান সাল-সলনি কৰাৰ প্ৰয়োজন আছে। তেওঁলোকে ইয়াৰ বাবে নিৰ্দেশনা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু কিছুমান নতুন পদ্ধতি আৰম্ভ কৰিলে। যেনে, আগৰে পৰা বনোৱা কিছুমান বিল্ডিং কিনিলে আৰু তাৰ মেৰামেতি কৰিলে। ভাই ৰবাৰ্টে কিছু বছৰ ধৰি গোটেই পৃথিৱীত আমাৰ নিৰ্মাণ কামক সহযোগ কৰিলে। তেওঁ এইদৰে কৈছে, “আৰম্ভণিতে কিছুমান ভাই-ভনীক কাম কৰাৰ এই পদ্ধতি ভাল লগা নাছিল। আমি কেইবা বছৰ ধৰি যি পদ্ধতিৰে কাম কৰি আহিছিলোঁ তাতকৈ এয়া একেবাৰে বেলেগ আছিল। কিন্তু ভাই-ভনীসকলে সাল-সলনি কৰিবলৈ সাজু আছিল। আমি এয়া স্পষ্টকৈ দেখিবলৈ পাইছোঁ যে যিহোৱাই আমাৰ এই কামত আশীৰ্বাদ দি আছে।” যিহোৱাই নিজৰ ইচ্ছা পূৰ কৰিবলৈ নিজৰ লোকসকলক যিদৰে পথ দেখুৱাই আছে তাৰ এয়া মাত্ৰ এটাহে উদাহৰণ। সেইবাবে, আমি সকলোকে মাজে-সময়ে এইদৰে সোধাৰ প্ৰয়োজন আছে, ‘মই যিহোৱাৰ পৰা নিৰ্দেশনা বিচাৰি প্ৰাৰ্থনা কৰোঁনে? মই তেওঁৰ সেৱা কৰিবলৈ সাল-সলনি কৰাৰ বাবে সাজু থাকোঁনে?’

চিমচোনে যিহোৱাৰ ব্যৱস্থাৰ পৰা সহায় পালে

৮. এবাৰ যেতিয়া চিমচোনক পিয়াহ লাগিছিল, তেতিয়া তেওঁ কি কৰিলে?

হয়তো আপুনি চিমচোনৰ আচৰিত কামবোৰৰ বিষয়ে পঢ়িছে। যেনে, এবাৰ তেওঁ অকলে এটা সিংহক মাৰিছিল আৰু এবাৰ পলেষ্টীয়াৰ অস্কিলোন চহৰত ৩০ জন লোকক মাৰি পেলাইছিল। (বিচা. ১৪:৫, ৬, ১৯) চিমচোনে ভালদৰে জনিছিল যে এই কামবোৰ তেওঁ নিজৰ শক্তিৰে নহয় কিন্তু যিহোৱাৰ সহায়তে কৰিব পাৰিছে। আমি এয়া কিয় ক’ব পাৰোঁ? মন কৰক, ১০০০ পলেষ্টীয়াক মৰাৰ পাছত চিমচোনক বহুত বেয়াকৈ পিয়াহ লগাৰ সময়ত কি কৰিলে। তেওঁ ইফালে-সিফালে গৈ পানী বিচৰাৰ পৰিৱৰ্তে যিহোৱাৰ পৰা সহায় বিচাৰিলে।—বিচা. ১৫:১৮.

৯. যেতিয়া চিমচোনে যিহোৱাৰ পৰা সহায় বিচাৰিলে, তেতিয়া তেওঁ কি কৰিলে? (বিচাৰকৰ্ত্তাবিলাক ১৫:১৯)

যিহোৱাই চিমচোনৰ প্ৰাৰ্থনা শুনিলে আৰু চমতকাৰ কৰি পানীৰ এটা কুণ্ড বনাই দিলে। চিমচোনে তাৰ পানী খোৱাৰ পাছত “প্ৰাণত তত পাই চেতন পালে।” (বিচাৰকৰ্ত্তাবিলাক ১৫:১৯ পঢ়ক।) এনে অনুভৱ হয় যে তাৰ কেইবা বছৰৰ পাছত যেতিয়া ভৱিষ্যতবক্তা চমূৱেলে ঈশ্বৰৰ প্ৰেৰণাৰে বিচাৰকৰ্ত্তাবিলাক এই কিতাপ লিখিছিল, তেতিয়া পানীৰ কুণ্ড সেই ঠাইতে আছিল। যিসকল ইস্ৰায়েলীয়ে পানীৰ সেই কুণ্ড দেখিছিল, তেওঁলোকৰ হয়তো নিশ্চয় মনত পৰিছিল যে যিহোৱাৰ যিসকল বিশ্বাসী সেৱকে প্ৰয়োজনৰ সময়ত তেওঁৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেওঁৰ পৰা সহায় বিচাৰে, যিহোৱাই তেওঁলোকৰ শুনে।

যিহোৱাই যি পানীৰ ব্যৱস্থা কৰিলে, সেয়া খাই চিমচোনে বহুত সতেজ অনুভৱ কৰিলে। আজি যিহোৱাই যিবোৰ ব্যৱস্থা কৰিছে, আমি তাৰ সম্পূৰ্ণৰূপে লাভ উঠোৱা উচিত যাতে আমি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰোঁ (অনুচ্ছেদ ১০ চাওক)

১০. সহায়ৰ বাবে যিহোৱালৈ চোৱাৰ অৰ্থ কি? (ছবিখনো চাওক।)

১০ যদিও আমাৰ বহুতো দক্ষতা বা সামৰ্থ আছে বা যিহোৱাৰ সংগঠনত আমি বহুতো কাম কৰিছোঁ, তথাপি আমি সহায়ৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱা উচিত। আমি মনত ৰখা উচিত যে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিলেহে আমি তেওঁ দিয়া কাম ভালদৰে কৰিব পাৰিম। যিহোৱাই চিমচোনৰ বাবে পানীৰ যি ব্যৱস্থা কৰিছিল তাক খোৱাৰ পাছত তেওঁ সতেজ অনুভৱ কৰিছিল। ঠিক সেইদৰে আজি যিহোৱাই আমাৰ বাবে যিবোৰ ব্যৱস্থা কৰিছে তাৰ লাভ উঠালে আমি সাহস আৰু শক্তি পাম যাৰ যোগেদি আমি তেওঁৰ সেৱা আৰু ভালদৰে কৰিব পাৰিম।—মথি ১১:২৮.

১১. যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱাৰ অৰ্থ কি? এটা উদাহৰণ দি বুজাওক।

১১ ৰুছত থকা আমাৰ বহুতো ভাই-ভনীৰ ওপৰত অত্যাচাৰ হৈ আছে। ইয়াৰ সত্ত্বেও তেওঁলোকে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে। আলেক্স নামৰ ভাইৰ উদাহৰণলৈ মন কৰক। তেওঁ এনে পৰিস্থিতিতো কিয় ধৈৰ্য্য ধৰিব পাৰিছে? তেওঁ আৰু তেওঁৰ পত্নীয়ে নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰে আৰু উপাসনাৰ লগত জড়িত আন কামবোৰ কৰে। ভায়ে এইদৰে কৈছে, “মই নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰোঁ আৰু প্ৰতিদিনে বাইবেল পঢ়িবলৈ চেষ্টা কৰোঁ। প্ৰতিদিনে ৰাতিপুৱা মই আৰু মোৰ পত্নীয়ে সেই দিনৰ দৈনিক পাঠৰ ওপৰত আলোচনা কৰোঁ আৰু তাৰ পিছত একেলগে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ।” ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি নিজৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱা উচিত। ইয়াৰ বাবে আমি নিয়মীয়াকৈ বাইবেল অধ্যয়ন আৰু উপাসনাৰ লগত জড়িত আন কামবোৰ কৰাৰ প্ৰয়োজন যাৰ জৰিয়তে আমি আমাৰ বিশ্বাস বঢ়াব পাৰোঁ। তেতিয়া যিহোৱাই আমাৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ দিব। যিহোৱাই চিমচোনৰ দৰে আমাকো শক্তি আৰু সাহস দিব।

চিমচোনে হাৰ মনা নাছিল

১২. চিমচোনে কি ভুল পদক্ষেপ লʼলে আৰু এয়া আন নিৰ্ণয়ৰ পৰা কেনেকৈ বেলেগ আছিল?

১২ চিমচোন আমাৰ দৰে অসিদ্ধ আছিল। সেইবাবে, বহু বাৰ তেওঁ কিছুমান ভুল কৰিছিল। যেনে, এবাৰ তেওঁ এনে এটা পদক্ষেপ লৈছিল যাৰ বাবে তেওঁক বহুত বেয়া পৰিণাম ভুগিবলগীয়া হৈছিল। এজন বিচাৰকৰ্ত্তা হিচাপে সেৱা কৰাৰ পাছত চিমচোন “চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত” পৰিল। (বিচা. ১৬:৪) ইয়াৰ আগতেও চিমচোনে এজনী পলেষ্টীয়া ছোৱালী বিয়া পাতিব বিচাৰিছিল। কিন্তু ইয়াৰ আঁৰত যিহোৱাৰ এটা উদ্দেশ্য আছিল। কিয়নো যিহোৱাই “পলেষ্টীয়াবিলাকৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল।” তাৰ পাছত এবাৰ চিমচোন পলেষ্টীয়াসকলৰ ঘাচা চহৰৰ এজনী বেশ্যাৰ ঘৰত থাকিছিল। সেই সময়ত যিহোৱাই চিমচোনক ইমানেই শক্তি দিছিল যে তেওঁ পলেষ্টীয়াসকলৰ দুৱাৰ উঠাই লৈ গʼল আৰু এইদৰে চহৰখনক দুৰ্বল কৰিলে। (বিচা. ১৪:১-৪; ১৬:১-৩) কিন্তু দলীলাৰ কথা বেলেগ আছিল, কিয়নো তাই হয়তো এজনী ইস্ৰায়েলী আছিল আৰু নিজৰ ইচ্ছাৰে এই কাম কৰিছিল।

১৩. দলীলাই কিদৰে চিমচোনক সমস্যাত পেলালে?

১৩ দলীলাই চিমচোনক বিশ্বাসঘাত কৰিবলৈ পলেষ্টীয়াহঁতৰ পৰা বহু পৰিমাণে ধন ল’লে। চিমচোন দলীলাৰ প্ৰেমত একেবাৰে অন্ধ হৈছিল নে যে দলীলাৰ উদ্দেশ্যক বুজিব নোৱাৰিলে? যিয়ে নহওক কিয় এটা কথা স্পষ্ট যে দলীলাই চিমচোনক তাৰ শক্তিৰ কথা বাৰে বাৰে সোধাত চিমচোনে তাৰ শক্তিৰ ৰহস্যৰ বিষয়ে সকলো কথা কৈ দিলে। দুখৰ কথা যে চিমচোনে এই ভুলৰ বাবে নিজৰ শক্তি আৰু যিহোৱাৰ অনুমোদন কিছু সময়ৰ বাবে হেৰুৱাই দিলে।—বিচা. ১৬:১৬-২০.

১৪. দলীলাৰ ওপৰত ভৰসা কৰাৰ বাবে চিমচোনক কি পৰিণাম ভুগিবলগীয়া হʼল?

১৪ চিমচোনে যিহোৱাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে দলীলাৰ ওপৰত ভৰসা কৰিলে। ইয়াৰ বাবে তেওঁক বহুত বেয়া পৰিণাম ভুগিবলগীয়া হৈছিল। পলেষ্টীয়াসকলে তেওঁক ধৰিলে আৰু তেওঁৰ দুটা চকু উলিয়াই দিলে। এতিয়া তেওঁ অন্ধ হৈ পৰিছিল আৰু তেওঁক ঘাচা চহৰৰ কাৰাগাৰত বন্দী বনালে আৰু শস্য পিহিবলৈ দিলে। এয়া সেই চহৰখনে আছিল, যাৰ স্তম্ভ চিমচোনে উঘালি পেলাইছিল আৰু তাত থকা লোকক তল পেলাইছিল। কিন্তু সেই ঠাইতে এতিয়া পলেষ্টীয়াসকলে এটা উৎসৱ ৰাখিলে আৰু চিমচোনক তল পেলালে। পলেষ্টীয়াসকলে নিজৰ দেৱতা দাঘোনক বলিদান আগবঢ়ালে যেন তেওঁলোকৰ দেৱতাই চিমচোনক তেওঁলোকৰ হাতত দিলে। ইয়াৰ পাছত পলেষ্টীয়াসকলে চিমচোনক কাৰাগাৰৰ পৰা উৎসৱলৈ উলিয়াই আনিলে যাতে চিমচোনে তেওঁলোকক “ৰং-ধেমালি” দেখুৱাব পাৰে আৰু এইদৰে তেওঁলোকে চিমচোনক ঠাট্টা কৰিলে।—বিচা. ১৬:২১-২৫.

যিহোৱাই পলিষ্টিয়াসকলক শাস্তি দিবলৈ চিমচোনক শক্তি দিলে (অনুচ্ছেদ ১৫ চাওক)

১৫. চিমচোনে যিহোৱাৰ ওপৰত ভৰসা কৰে বুলি আকৌ কেনেকৈ দেখুৱালে? (বিচাৰকৰ্ত্তাবিলাক ১৬:২৮-৩০) (বেটুপাতত দিয়া ছবিখন চাওক।)

১৫ চিমচোনে এটা ডাঙৰ ভুল কৰিছিল তথাপি তেওঁ হাৰ নামানিলে। তেওঁৰ মনত আছিল যে যিহোৱাই তেওঁক পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰাৰ দায়িত্ব দিছে আৰু তেওঁ এই কাম পূৰ কৰাৰ সুযোগ বিচাৰি থাকিল। (বিচাৰকৰ্ত্তাবিলাক ১৬:২৮-৩০ পঢ়ক।) সেইবাবে, চিমচোনে উৎসৱৰ সময়ত যিহোৱালৈ ৰিঙিয়াই প্ৰাৰ্থনা কৰিলে যাতে তেওঁ পলেষ্টীয়াহঁতৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰে। সত্য ঈশ্বৰ যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁক অদ্ভুত শক্তি দিলে। পৰিণামস্বৰূপে, চিমচোনে জীয়াই থকাৰ সময়ত যিমান পলেষ্টীয়াসকলক মাৰা নাছিল, তাতকৈ বেছি এই সময়ত মাৰিলে।

১৬. চিমচোনে ভুল কৰাৰ পাছত যি কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ?

১৬ চিমচোনে ভুল কৰাৰ বাবে তেওঁক বহুত বেয়া পৰিণাম ভুগিবলগীয়া হৈছিল, তথাপিও তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ চেষ্টা কৰি থাকিল। ঠিক সেইদৰে যদি আমি কিবা ভুল কৰোঁ আৰু আমাক শুধৰণি কৰা হয় বা আমাৰ পৰা দায়িত্ব লৈ লোৱা হয়, তেতিয়াও আমি হাৰ মনা উচিত নহয়। মনত ৰাখক, যিহোৱাই সদায় আমাক ক্ষমা কৰিবলৈ সাজু হৈ থাকে। তেওঁ আমাক ত্যাগ নকৰে, সেইবাবে আমিও তেওঁৰ সেৱা কৰিবলৈ এৰি দিয়াটো উচিত নহয়। (গীত. ১০৩:৮-১০) আমি কিবা ভুল কৰাৰ পাছতো যিহোৱাই নিজৰ ইচ্ছা পূৰ কৰিবলৈ আমাক সাহস দিব পাৰে যেনেকৈ তেওঁ চিমচোনক দিছিল।

ভুল কৰাৰ পাছত চিমচোনক হয়তো বহুত দুখ লাগিছিল কিন্তু তেওঁ হাৰ নামানিলে আৰু আমিও হাৰ মনা উচিত নহয় (অনুচ্ছেদ ১৭-১৮ চাওক)

১৭-১৮. মাইকেলৰ অনুভৱৰ কোনটো কথা আপোনাক ভাল লাগিল? (ছবিখনো চাওক।)

১৭ মাইকেল নামৰ ভাইৰ উদাহৰণলৈ মন কৰক। তেওঁ যিহোৱাৰ সেৱাৰ লগত জড়িত বহুতো কাম কৰিছিল আৰু ব্যস্ত হৈ আছিল। তেওঁ এজন পৰিচাৰক হোৱাৰ লগতে আগ্ৰগামী সেৱাও কৰিছিল। দুখৰ কথা যে তেওঁ এটা ভুল কৰিলে আৰু মণ্ডলীত থকা তেওঁৰ দায়িত্ব লৈ লোৱা হ’ল। তেওঁ এইদৰে কৈছে, “এতিয়ালৈকে মোৰ গাড়ী বহুত ভালদৰে চলি আছিল আৰু মণ্ডলীত মই বহুত ভালদৰে সেৱা কৰি আছিলোঁ। কিন্তু হঠাতে সকলোবোৰ শেষ হৈ গʼল যেন মোৰ গাড়ীখন কোনো এখন দেৱালত গৈ খুন্দা মাৰিলে। তথাপি মই কেতিয়াও এয়া ভবা নাছিলোঁ যে যিহোৱাই মোক এৰি দিছে। কিন্তু বহু বাৰ মোৰ মনত এই চিন্তা আহিছিল যে যিহোৱাৰ লগত মোৰ সম্পৰ্ক পুনৰ আগৰ দৰে হ’বনে বা মণ্ডলীত মই আগৰ দৰে সেৱা কৰিব পাৰিমনে?”

১৮ আনন্দৰ কথা যে মাইকেলে হাৰ মনা নাছিল। তেওঁ এইদৰে কৈছে, “মই যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক ভাল কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছিলোঁ। মই বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু মোৰ মনৰ সকলো কথা তেওঁক কৈছিলোঁ। অধ্যয়ন আৰু মনন কৰিছিলোঁ। কিছু সময়ৰ পাছত মাইকেলে পুনৰাই মণ্ডলীত এটা ভাল নাম অৰ্জন কৰিব পাৰিলে। তেওঁ এতিয়া মণ্ডলীত এজন প্ৰাচীন আৰু আগ্ৰগামী সেৱক হিচাপে সেৱা কৰি আছে। তেওঁ এইদৰে কৈছে, “ভাই-ভনীসকলে মোক যিদৰে সহযোগ কৰিলে আৰু মোৰ উৎসাহ বঢ়ালে বিশেষকৈ প্ৰাচীনসকলে ইয়াৰ পৰা মই বুজিব পাৰিলোঁ যে যিহোৱাই মোক এতিয়াও প্ৰেম কৰে আৰু মই আকৌ শুদ্ধ বিবেকেৰে এতিয়া মণ্ডলীত সেৱা কৰিব পাৰোঁ। এই অনুভৱৰ পৰা মই শিকিলোঁ যে যিসকল লোকে সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰে, যিহোৱাই তেওঁলোকক ক্ষমা কৰে।” ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? ভুল হোৱাৰ পাছত যদি আমি নিজকে শুধৰণি কৰিবলৈ চেষ্টা কৰোঁ আৰু যিহোৱাৰ ওপৰত নিৰ্ভৰ হওঁ, তেনেহ’লে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ সুযোগ দিব আৰু আশীৰ্বাদো দিব।—গীত. ৮৬:৫; হিতো. ২৮:১৩.

১৯. চিমচোনৰ উদাহৰণলৈ মন কৰিলে আপুনি কেনেকৈ সাহস লাভ কৰিব পাৰে?

১৯ এই লেখত আমি চিমচোনৰ জীৱনৰ কিছুমান বিশেষ ঘটনাৰ ওপৰত আলোচনা কৰিলোঁ। তেওঁ সিদ্ধ নাছিল আৰু দলীলাৰ ক্ষেত্ৰত কিছুমান ভুলো কৰিছিল। কিন্তু তেওঁ হাৰ মনা নাছিল আৰু যিহোৱাৰ ইচ্ছা পূৰ কৰি থাকিল। যিহোৱাও তেওঁক এৰি দিয়া নাছিল। চিমচোনক যিহোৱাই তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ আচৰিতভাৱে সহায় কৰিছিল। যিহোৱাৰ দৃষ্টিত চিমচোন এতিয়াও এজন বিশ্বাসী সেৱক আছিল। সেইবাবে, বাইবেলত বিশ্বাসী সেৱকসকলৰ নাম লিখাৰ সময়ত তেওঁ চিমচোনৰ নামো লিখালে। (ইব্ৰী ১১) এয়া জানি আমি কিমান উৎসাহিত হওঁ যে আমাৰ মৰমিয়াল পিতৃ ঈশ্বৰ যিহোৱাই এতিয়াও আমাক বহুত প্ৰেম কৰে আৰু শক্তিও দিয়ে। বিশেষকৈ যেতিয়া আমি বহুত দুৰ্বল হওঁ। সেইবাবে, আহক আমিও যিহোৱালৈ ৰিঙিয়াই চিমচোনৰ দৰে প্ৰাৰ্থনা কৰোঁ। ‘হে প্ৰভু যিহোৱা অনুগ্ৰহ কৰি মোক সোঁৱৰণ কৰা, হে ঈশ্বৰ এবাৰ মাথোন মোক বলবান কৰা।’—বিচা. ১৬:২৮.

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

a চিমচোন বাইবেলৰ এজন বিখ্যাত ব্যক্তি আছিল। তেওঁৰ বিষয়ে বহুতো চিনেমা, গীত আৰু নাটক লিখা হৈছে। কিন্তু তেওঁ অকল এটা কাহিনীৰ পাত্ৰই নহয়, এই পৃথিৱীত জীয়াই থকা এজন আচল ব্যক্তি আছিল। যিহোৱাৰ ওপৰত তেওঁৰ দৃঢ় বিশ্বাস আছিল। চিমচোনৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ।