Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪১

পিতৰৰ দুখন চিঠিৰ পৰা পোৱা শিক্ষা

পিতৰৰ দুখন চিঠিৰ পৰা পোৱা শিক্ষা

“সেই সকলোৰ বিষয়ে তোমালোকক সোঁৱৰণ কৰাবলৈ মই সদায় উদ্যত হম।”—২ পিত. ১:১২.

গীত ১২৭ মই কেনে ব্যক্তি হোৱা উচিত

লেখৰ এক আভাস a

১. পাঁচনি পিতৰৰ মৃত্যুৰ কিছু সময়ৰ আগত যিহোৱাই তেওঁক কি কাম দিছিল?

 পাঁচনি পিতৰে বহু বছৰলৈকে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিলে। তেওঁ যীচুৰ লগত ঠায়ে ঠায়ে প্ৰচাৰ কৰিলে। তেৱেঁই প্ৰথমে পৰজাতি লোকসকলক প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু পাছত তেওঁ প্ৰশাসন গোষ্ঠীৰ সদস্য হিচাপে সেৱাও কৰিলে। তাৰ পাছত জীৱনৰ শেষ সময়ত পিতৰৰ অনুভৱ হʼল যে তেওঁ আৰু বেছি দিন জীয়াই নাথাকে, তেতিয়া যিহোৱাই তেওঁক এটা গুৰুত্বপূৰ্ণ কাম দিলে। ৬২-ৰ পৰা ৬৪ খ্ৰীষ্টাব্দত ঈশ্বৰে তেওঁৰ যোগেদি দুখন চিঠি লিখালে, যি আজি ১ পিতৰ আৰু ২ পিতৰ নামেৰে জনা যায়। এই চিঠিবোৰত তেওঁ আশা দিলে যে তেওঁৰ মৃত্যুৰ পাছতো সত্য খ্ৰীষ্টানসকলে এই চিঠিৰ পৰা সহায় পাই থাকিব।—২ পিত. ১:১২-১৫.

২. পিতৰে লিখা চিঠিবোৰ সেই সময়ত জীয়াই থকা লোকসকলৰ বাবে কিয় লাভজনক আছিল?

পিতৰে ‘নানাবিধ পৰীক্ষাত শোক’ কৰি থকাৰ সময়ত এই চিঠিবোৰ লিখিছিল। (১ পিত. ১:৭) দুষ্ট লোকসকলে মণ্ডলীত মিছা শিক্ষা বিয়পাবলৈ চেষ্টা কৰিছিল আৰু বেয়া আচৰণক উদগনি দিছিল (২ পিত. ২:১, ২, ১৪) যিৰূচালেমত থকা খ্ৰীষ্টানসকলে অতি সোনকালে “সকলোৰে শেষ” চাবলৈ আছিল, অৰ্থাৎ ৰোমী সেনাই সেই চহৰ আৰু যিহূদী ব্যৱস্থা (মন্দিৰ) শেষ কৰিবলৈ গৈ আছিল। (১ পিত. ৪:৭) পিতৰৰ এই চিঠিৰ পৰা সত্য খ্ৰীষ্টানসকলে হয়তো ভালদৰে বুজিব পাৰিলে যে তেওঁলোকে এই কঠিন পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰে আৰু আহিবলগীয়া সমস্যাৰ বাবে নিজকে কেনেকৈ সাজু কৰি ৰাখিব পাৰে। b

৩. আমি পিতৰৰ চিঠিবোৰত লিখা কথাবোৰলৈ কিয় ধ্যান দিয়া উচিত?

পিতৰে এই চিঠিবোৰ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বাবে লিখিছিল, কিন্তু যিহোৱাই এইবোৰ নিজৰ বাক্যতো জড়িত কৰিলে। সেইবাবে, ইয়াত লিখা কথাৰ পৰা আজি আমিও বহুতো কথা শিকিব পাৰোঁ। (ৰোম. ১৫:৪) আজি আমি এনে এখন পৃথিৱীত জীয়াই আছোঁ, যʼত বেয়া কামবোৰ কৰিবলৈ উৎসাহিত কৰা হয়। সেইবাবে, যিহোৱাৰ সেৱা কৰি থকাটো কেতিয়াবা কেতিয়াবা আমাৰ বাবে কঠিন হৈ পৰে। ইয়াৰ উপৰিও আমি অতি সোনকালে এনে এটা সংকটৰ সন্মুখীন হʼম, যি যিৰূচালেম আৰু তাৰ মন্দিৰৰ ধ্বংসৰ সংকটতকৈ বহুগুণে ডাঙৰ হʼব। পিতৰৰ এই দুখন চিঠিৰ পৰা আমি বহুতো গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ: (১) ইয়াৰ সহায়ত আমি সদায় এই কথাৰ ওপৰত ধ্যান দিব পাৰিম যে যিহোৱাৰ দিন অতি সোনকালে আহিব, (২) যেতিয়া আমাক মানুহৰ পৰা ভয় লাগিব, তেতিয়া আমি তাক নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু (৩) আমি এজনে-আনজনক হৃদয়েৰে প্ৰেম কৰিব পাৰিম। এনেধৰণৰ কথাৰ পৰা প্ৰাচীনসকলেও যিহোৱাৰ জাকক ভালদৰে চোৱা-চিতা কৰিবলৈ সহায় পাব।

যিহোৱাৰ দিনৰ বাবে আগ্ৰহী হৈ বাট চাই থাকক

৪. দ্বিতীয় পিতৰ ৩:৩, ৪ পদৰ অনুসৰি হয়তো কি কথাৰ বাবে আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে?

আমাৰ ওচৰে-পাজৰে থকা বেছিভাগ লোকে বাইবেলৰ ভৱিষ্যবাণীৰ ওপৰত বিশ্বাস নকৰে। এনে লোকসকলে হয়তো আমাক ঠাট্টা কৰিব পাৰে, কিয়নো আমি বহু বছৰৰ পৰা কৈ আহিছোঁ যে অতি সোনকালে অন্ত হʼব। কিছুমান লোকে হয়তো এয়াও কʼব পাৰে যে অন্ত কেতিয়াও নাহিব। (২ পিতৰ ৩:৩, ৪ পঢ়ক।) যদি ঘৰে-ঘৰে প্ৰচাৰ কৰাৰ সময়ত কোনোবাই এনে কথা কয় বা আমাৰ লগত কাম কৰা লোক বা পৰিয়ালৰ সদস্যই এইদৰে কয়, তেতিয়া হয়তো আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে। পাঁচনি পিতৰে আমাক বুজাইছিল যে এনে পৰিস্থিতিত কি কথাই আমাক সহায় কৰিব।

৫. এই জগতৰ অন্ত অহালৈ অপেক্ষা কৰি থকাৰ সময়ত আমি কেনেকৈ সঠিক চিন্তাধাৰা বজাই ৰাখিব পাৰোঁ? (২ পিতৰ ৩:৮, ৯)

কিছুমান লোকে হয়তো ভাবিব পাৰে যে যিহোৱাই এই দুষ্ট জগতখনক ধ্বংস কৰিবলৈ দেৰি কৰিছে। কিন্তু পিতৰৰ কথাৰ পৰা আমি সঠিক চিন্তাধাৰা বজাই ৰাখিবলৈ সহায় পাব পাৰোঁ। ইয়ে আমাক মনত পেলাই দিয়ে যে সময়ৰ বিষয়ে যিহোৱাৰ চিন্তাধাৰা আৰু মানুহৰ চিন্তাধাৰৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে। (২ পিতৰ ৩:৮, ৯ পঢ়ক।) যিহোৱাৰ বাবে ১০০০ বছৰ এদিনৰ সমান। যিহোৱাই ধৈৰ্য্য ধৰে যাতে কোনেও ধ্বংস নহয়। কিন্তু যেতিয়া তেওঁৰ দিন আহিব, তেতিয়া দুষ্ট লোকসকলক ধ্বংস কৰা হʼব। চিন্তা কৰকচোন, এয়া কিমান গুৰুত্বপূৰ্ণ কথা যে অন্ত অহাৰ আগতে আমাৰ ওচৰত যি সময় আছে, তাক আমি সকলো ৰাষ্ট্ৰৰ লোকসকলক সাক্ষ্য দিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ।

৬. আমি কেনেকৈ যিহোৱাৰ দিনক সদায় মনত ৰাখিব পাৰোঁ? (২ পিতৰ ৩:১১, ১২)

যিহোৱাৰ দিনক সদায় মনত ৰাখিবলৈ পিতৰে আমাক সকলোকে আগ্ৰহ কৰিছিল। (২ পিতৰ ৩:১১, ১২ পঢ়ক।) আমি এয়া কেনেকৈ কৰিব পাৰোঁ? যদি সম্ভৱ হয়, তেনেহʼলে নতুন পৃথিৱীত পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে প্ৰতিদিনে চিন্তা কৰক। কল্পনা কৰক, আপুনি পৰিষ্কাৰ বতাহত উশাহ লৈ আছে, পুষ্টিকৰ আহাৰ খাই আছে আৰু মৃত্যুত হেৰুৱা সেই আপোনজনাক আদৰণি জনাই আছে, যিসকলক আকৌ জীয়াই তোলা হৈছে আৰু যিসকল লোক প্ৰাচীন সময়ত জীয়াই আছিল, তেওঁলোকক বাইবেলৰ ভৱিষ্যবাণীবোৰৰ বিষয়ে জনোৱা হৈছে যে সেইবোৰ কেনেকৈ পূৰ হʼল। এইবোৰ মনন কৰিলে আপুনি যিহোৱাৰ দিনক ধৈৰ্য্যেৰে অপেক্ষা কৰিব পাৰিব আৰু বিশ্বাস ৰাখিব পাৰিব যে অন্ত অতি সোনকালে আহিব। এইদৰে ভৱিষ্যৰ বিষয়ে “আগেয়ে জানি” থʼলে আমি সেই মিছা শিক্ষকৰ কথাত ‘পতিত নহʼম।’—২ পিত. ৩:১৭.

মানুহৰ ভয়ক নিয়ন্ত্ৰণ কৰক

৭. যদি আমি মানুহক ভয় কৰোঁ, তেনেহʼলে কি হʼব পাৰে?

আমি যিমানেই পাৰোঁ, সিমানেই আন লোকসকলক শুভৱাৰ্তা শুনাওঁ। কাৰণ আমি জানোঁ যে যিহোৱাৰ দিন ওচৰ চাপি আহিছে। কিন্তু কেতিয়াবা কেতিয়াবা আনৰ লগত কথা পাতিবলৈ সংকোচ অনুভৱ কৰোঁ। কিয়নো আমাক ভয় লাগে যে লোকসকলে কি ভাবিব আৰু আমাৰ লগত কেনে ব্যৱহাৰ কৰিব। পিতৰৰ লগতো এইদৰেই হৈছিল। যি ৰাতি যীচুৰ ওপৰত মোকৰ্দ্দমা চলোৱা হৈছিল, তেতিয়া পিতৰে নিজকে যীচুৰ শিষ্য হয় বুলি কʼবলৈ ভয় কৰিছিল। ইয়াৰ উপৰিও, তেওঁ কেইবাবাৰো যীচুক চিনি পাবলৈ অস্বীকাৰ কৰিছিল। (মথি ২৬:৬৯-৭৫) কিন্তু তেওঁ পাছত এই ভয়ৰ ওপৰত নিয়ন্ত্ৰণ কৰিলে আৰু বিশ্বাসেৰে কʼলে, “তেওঁবিলাকৰ ভয়ত ভয়াতুৰ নহবা, আৰু ব্যাকুল নহবা।” (১ পিত. ৩:১৪) পিতৰৰ কথাৰ পৰা আমি জানিব পাৰোঁ যে আমি নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

৮. আমি নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? (১ পিতৰ ৩:১৫)

যদি আপোনাক মানুহৰ প্ৰতি ভয় লাগে, তেনেহʼলে আপুনি এই ভয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে? পিতৰে কৈছে, “খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা।” (১ পিতৰ ৩:১৫ পঢ়ক।) এইদৰে কৰিবলৈ আমি ভাবিব পাৰোঁ যে আমাৰ প্ৰভু আৰু ৰজা যীচু খ্ৰীষ্ট কি অধিকাৰত আছে আৰু তেওঁৰ কিমান শক্তি আছে। যদি আপোনাক আনক শুভবাৰ্তা জনাবলৈ ভয় লাগে, তেনেহʼলে আমাৰ ৰজাৰ বিষয়ে চিন্তা কৰক। নিজৰ মনৰ চকুৰে চাওক যে স্বৰ্গত তেওঁ শাসন কৰি আছে আৰু চাৰিওফালে অসংখ্য স্বৰ্গদূত আছে। এয়াও মনত ৰাখক যে তেওঁক “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা” দিয়া হৈছে আৰু তেওঁ “জগতৰ শেষলৈকে” আপোনাৰ ‘সঙ্গে সঙ্গে থাকিব।’ (মথি ২৮:১৮-২০) পিতৰে এয়াও কৈছিল যে আমি যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে আনক সাক্ষ্য দিবলৈ সদায় সাজু থকা উচিত। আপুনি কামৰ ঠাইত, স্কুলত বা আন কোনো ঠাইত সুযোগ বিচাৰি সাক্ষ্য দিব বিচাৰেনে? আপুনি লোকসকলক কি কʼব আৰু কেতিয়া কʼব, তাৰ বিষয়ে আগতীয়াকৈ ভাবি থওক। সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু বিশ্বাস ৰাখক যে মানুহৰ প্ৰতি থকা ভয়ৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব।—পাঁচ. ৪:২৯.

“আগ্ৰহযুক্ত প্ৰেম ৰাখা”

পিতৰে পাঁচনি পৌলৰ পৰামৰ্শ মানিলে আৰু নিজকে শুধৰণি কৰিলে। পিতৰৰ দুখন চিঠিৰ পৰা আমি শিকোঁ যে আমি ভাই-ভনীসকলক প্ৰেম কৰা উচিত (অনুচ্ছেদ ৯ চাওক)

৯. পিতৰে এবাৰ কেনেকৈ ভাই-ভনীসকলক প্ৰেম দেখুৱাব নোৱাৰিলে? (ছবিখনো চাওক।)

পিতৰে শিকিলে যে তেওঁ নিজৰ ভাই-ভনীক প্ৰেম কৰি থকা উচিত। এবাৰ যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কʼলে, “মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে, তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা।” (যোহ. ১৩:৩৪) সেই সময়ত পিতৰো তাত আছিল। তথাপি পিতৰে সেইসময়ত যিহূদী খ্ৰীষ্টানসকলক ভয় কৰি পৰজাতি ভাই-ভনীসকলৰ লগত আহাৰ খাবলৈ বন্ধ কৰিলে। এয়া দেখি পাঁচনি পৌলে তেওঁক “কপট-আচৰণ” কৰা বুলি গৈছিল। (গালা. ২:১১-১৪) যেতিয়া পৌলে তেওঁক শুধৰণি কৰিলে, তেতিয়া তেওঁ পৌলৰ পৰামৰ্শ পালন কৰিলে আৰু নিজকে সলনি কৰিলে। পাছত পিতৰে নিজৰ দুখন চিঠিত এই কথাৰ ওপৰত জোৰ দিলে যে ভাই-ভনীসকলৰ প্ৰতি আমাৰ হৃদয়ত প্ৰেম থকাই যথেষ্ট নহয়, আমি নিজৰ কামৰ যোগেদিও দেখুৱা উচিত।

১০. আমি কেতিয়া “অকপট ভ্ৰাতৃ-প্ৰেমৰ অৰ্থে হৃদয়ৰ সহিত পৰস্পৰে প্ৰেম” কৰিব পাৰোঁ? (১ পিতৰ ১:২২)

১০ পিতৰে কʼলে যে আমাক “অকপট ভ্ৰাতৃ-প্ৰেমৰ অৰ্থে নিজ নিজ জীৱাত্মা শুচি কৰাত, হৃদয়ৰ সহিত পৰস্পৰে আগ্ৰহেৰে প্ৰেম” কৰা থকা উচিত। (১ পিতৰ ১:২২ পঢ়ক।) এইদৰে প্ৰেম আমি তেতিয়াহে কৰিব পাৰিম, যেতিয়া “সত্যৰ বাক্য” পালন কৰিম। এই সত্যত এটা শিক্ষা এয়া হয় যে “ঈশ্বৰ পক্ষপাতী নহয়।” (পাঁচ. ১০:৩৪, ৩৫) যদি আমি মণ্ডলীত কিছুমান ভাই-ভনীক প্ৰেম কৰোঁ আৰু কিছুমানক নকৰোঁ, তেনেহʼলে প্ৰেম কৰাৰ বিষয়ে যীচুৱে দিয়া আজ্ঞা পালন কৰা নাই। এয়া সঁচা যে আমি মণ্ডলীৰ কিছুমান ভাই-ভনীক আন ভাই-ভনীতকৈ বেছিকৈ প্ৰেম কৰোঁ। যীচুৱেও এইদৰে কৰিছিল। (যোহ. ১৩:২৩; ২০:২) কিন্তু পিতৰে আমাক এয়াও মনত পেলাই দিয়ে যে সকলো খ্ৰীষ্টানে “ভাইমাত্ৰকেই প্ৰেম কৰা” উচিত, যিদৰে আমি নিজৰ পৰিয়ালৰ সদস্যক কৰোঁ।—১ পিত. ২:১৭.

১১. আনক আগ্ৰহেৰে হৃদয়ৰ পৰা প্ৰেম কৰা অৰ্থ কি?

১১ পিতৰে আমাক আগ্ৰহেৰে এজনে-আনজনক প্ৰেম কৰিবলৈ উৎসাহিত কৰিছে। যেতিয়া পিতৰে ‘আগ্ৰহেৰে প্ৰেম’ কৰা বুলি কৈছিল, তাৰ অৰ্থ এয়াই আছিল যে যেতিয়া আমাক কাৰোবাক প্ৰেম কৰিবলৈ ইচ্ছা নকৰে, তেতিয়াও প্ৰেম কৰা উচিত। উদাহৰণস্বৰূপে, হয়তো কোনো এজন ভায়ে আমাৰ মনত আঘাত দিছে, তেতিয়া আমাৰ সেই ভাইজনক প্ৰেম কৰাৰ পৰিৱৰ্তে তেওঁ যিদৰে ব্যৱহাৰ কৰিলে সেইদৰে ব্যৱহাৰ কৰিবলৈ মন যায়। আমি প্ৰতিশোধ লʼলে ঈশ্বৰ আমাৰ পৰা আনন্দিত নহয়। (যোহ. ১৮:১০, ১১) পিতৰে লিখিলে, “অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি, বৰং আশীৰ্ব্বাদ কৰা।” (১ পিত. ৩:৯) যেতিয়া আপুনি এইদৰে আগ্ৰহেৰে প্ৰেম কৰিব, তেতিয়া যিসকলে হয়তো আপোনাক আঘাত দিছে, তেওঁলোকৰ লগতো ভাল ব্যৱহাৰ কৰিব পাৰিব।

১২. (ক) যেতিয়া আমি ভাই-ভনীসকলক আগ্ৰহযুক্ত প্ৰেম কৰিম, তেতিয়া আমি কি কৰিবলৈ সাজু হৈ থাকিম? (খ) একতাৰ বান্ধোনক বজাই ৰাখক (হিন্দী) নামৰ ভিডিঅʼখনত দেখুৱাৰ দৰে আপুনি কি কৰিব বিচাৰে?

১২ পিতৰে নিজৰ প্ৰথম চিঠিত একেধৰণৰে কথা কৈছিল। “তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।” এনেধৰণৰ প্ৰেমে অকল পাপক নহয়, ‘পাপসমূহক ঢাকে।’ (১ পিত. ৪:৮) হয়তো পিতৰক ক্ষমা কৰাৰ বাবে এই কথা মনত পৰিছিল, যি যীচুৱে তেওঁক বহু সময়ৰ আগতেই শিকাইছিল। সেই সময়ত পিতৰে কৈছিল যে তেওঁ নিজৰ ভাইক ‘সাতবাৰ’ ক্ষমা কৰিব পাৰে। হয়তো তেওঁ নিজকে বৰ দয়ালু বুলি ভাবিছিল। কিন্তু যীচুৱে তেওঁক আৰু আমাক সকলোকে ৭৭ বাৰ ক্ষমা কৰাৰ বিষয়ে সাজু থাকিবলৈ কৈছিল। অৰ্থাৎ ক্ষমা কৰাৰ বিষয়ে আমাৰ কোনো সীমা থকা উচিত নহয়। (মথি ১৮:২১, ২২) যদি আপোনাক এই পৰামৰ্শ পালন কৰিবলৈ কঠিন লাগে, তেনেহʼলে নিৰাশ নহʼব। যিহোৱাৰ সকলো অসিদ্ধ সেৱকৰ বাবে আনক ক্ষমা কৰিবলৈ কঠিন লাগিব পাৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে যদি কোনোবাই আপোনাক আঘাত দিছে, তেনেহʼলে তেওঁক ক্ষমা কৰিবলৈ আপুনি যি পাৰে, তাকে কৰক আৰু তেওঁৰ লগত মিলেৰে থাকক। c

প্ৰাচীনসকল, ঈশ্বৰৰ জাকক চোৱা-চিতা কৰক

১৩. প্ৰাচীনসকলৰ বাবে ভাই-ভনীসকলক চোৱা-চিতা কৰাটো কিয় কঠিন হʼব পাৰে?

১৩ যীচু আকৌ জীৱিত হোৱাৰ পাছত পিতৰক যি কথা কৈছিল, সেয়া তেওঁ কেতিয়াও পাহৰিব পৰা নাছিল। তেওঁ কৈছিল, “মোৰ মেৰবিলাক প্ৰতিপালন কৰা।” (যোহ. ২১:১৬) যদি আপুনি এজন প্ৰাচীন হয়, তেনেহ’লে এই পৰামৰ্শ আপোনাকো পালন কৰা উচিত। কিন্তু এজন প্ৰাচীনৰ বাবে হয়তো এই গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ সময় উলিওৱাটো কঠিন লাগিব পাৰে। প্ৰাচীনসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে, প্ৰথমে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰা, তেওঁলোকৰ খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰা, তেওঁলোকৰ লগত সময় অতিবাহিত কৰা, তেওঁলোকক প্ৰেম দেখুৱা আৰু যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক মজবুত কৰাত তেওঁলোকক সহায় কৰা। ইয়াৰ উপৰিও, তেওঁলোকে প্ৰচাৰ কামৰ নেতৃত্ব লয়। সভা, সন্মিলন আৰু অধিৱেশনত তেওঁলোকে যি ভাগবোৰ পায়, তাক তৈয়াৰী কৰাৰ লগতে ইয়াক আগবঢ়াবলগীয়া হয়। কিছুমান প্ৰাচীন ‘চিকিৎসালয় যোগাযোগ সমিতিৰ’ সদস্য হয় আৰু কিছুমান ‘স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা বিভাগত’ সহযোগ কৰে। সঁচাকৈ, প্ৰাচীনসকলক বহুতো কাম কৰিবলগীয়া হয়।

প্ৰাচীনসকলৰ বহুতো কাম থাকে। তথাপি তেওঁলোকে মেৰৰখীয়াৰ দৰে ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰিবলৈ যি কৰিব পাৰে, সেয়া কৰে (অনুচ্ছেদ ১৪-১৫ চাওক)

১৪. ঈশ্বৰৰ জাকক চোৱা-চিতা কৰিবলৈ প্ৰাচীনসকলক কি কথাই সহায় কৰিব পাৰে? (১ পিতৰ ৫:১-৪)

১৪ পিতৰো এজন প্ৰাচীন আছিল আৰু তেওঁ আন প্ৰাচীনসকলক আগ্ৰহ কৰিছিল, “ঈশ্বৰৰ যি জাক আছে, তাক প্ৰতিপালন কৰা।” (১ পিতৰ ৫:১-৪ পঢ়ক।) যদি আপুনি এজন প্ৰাচীন হয়, তেনেহʼলে আমি জানোঁ যে আপুনিও ভাই-ভনীসকলক প্ৰেম কৰে আৰু মেৰ ৰখীয়াৰ দৰে তেওঁলোকৰ চোৱা-চিতা কৰে। কিন্তু আপোনাক হয়তো কেতিয়াবা এইদৰে লাগিব পাৰে আপোনাৰ ওচৰত কৰিবলগীয়া বহুত কাম আছে আৰু আপুনি ভাগৰি পৰিছে যে আপুনি আৰু এই দায়িত্ব পালন কৰিব নোৱাৰে, এনে সময়ত আপুনি কি কৰিব পাৰে? আপোনাৰ মনলৈ যিয়েই চিন্তা নাহক কিয় তাৰ বিষয়ে যিহোৱাক জনাওক। পিতৰে এইদৰে লিখিছে, “কোনোৱে যদি সেৱা-শুশ্ৰূষা কৰে, তেন্তে ঈশ্বৰে দিয়া শক্তিৰ দৰে কৰক।” (১ পিত. ৪:১১) হয়তো আপোনাৰ ভাই-ভনীয়ে এনে কিছুমান সমস্যাৰে যুঁজি আছে, যাক এই পৃথিৱীত সম্পূৰ্ণৰূপে সমাধান কৰাটো সম্ভৱ নহয়। কিন্তু মনত ৰাখক আপুনি যিমান ভাই-ভনীসকলৰ কাৰণে কৰি আছে, তাতকৈ বেছি ‘প্ৰধান ৰখীয়া’ যীচু খ্ৰীষ্টই তেওঁলোকৰ বাবে কৰিব পাৰে। যীচুৱে তেওঁলোকক আজিও সহায় কৰি আছে আৰু আহিবলগীয়া সময়তো সহায় কৰিব। এয়াও মনত ৰাখক, প্ৰাচীনসকলে ভাই-ভনীসকলক প্ৰেম কৰা, ৰখীয়াৰ দৰে তেওঁলোকৰ চোৱা-চিতা কৰা আৰু জাকৰ বাবে এটা উত্তম উদাহৰণ ৰখাটোৱে যিহোৱাই বিচাৰে।

১৫. এজন প্ৰাচীনে কেনেকৈ ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰে? (ছবিখনো চাওক।)

১৫ ভাই উইলিয়াম বহু বছৰৰ পৰা এজন প্ৰাচীন হিচাৰে সেৱা কৰি আছিল। তেওঁলোকে বুজায় যে ভাই-ভনীসকলক মেৰ পালকৰ সাক্ষাৎ কৰাটো অতি প্ৰয়োজন। কʼভিড-১৯ মহামাৰী আৰম্ভ হওঁতে তেওঁ আৰু তেওঁৰ মণ্ডলীৰ আন প্ৰাচীনসকলে এই কথাৰ ওপৰত ধ্যান দিলে যে তেওঁলোকে প্ৰত্যেক সপ্তাহ নিজৰ প্ৰচাৰ সমূহৰ প্ৰতিজন প্ৰচাৰকক যোগাযোগ কৰিব। তেওঁ কয় যে তেওঁলোকে এইদৰে কিয় কৰিলে: “কিয়নো বহুতো ভাই-ভনীয়ে নিজৰ ঘৰত অকলশৰীয়াকৈ থাকিছিল আৰু তেওঁলোকে অতি সোনকালে নিৰাশ হৈ পৰিছিল।” কোনো ভাই বা ভনীয়ে নিজৰ সমস্যাৰ বিষয়ে কোৱাৰ সময়ত উইলিয়ামে বহুত ধ্যান দি তেওঁলোকৰ কথা শুনে যাতে তেওঁ বুজিব পাৰে তেওঁলোকে কি সমস্যাৰ সন্মুখীন হৈছে আৰু সেই অনুসাৰে তেওঁলোকক সহায় কৰিব পাৰে। তাৰ পাছত ভাই উইলিয়ামে আমাৰ ৱেবছাইটৰ পৰা কোনো প্ৰকাশন বা ভিডিঅʼ বিচাৰে যাতে ইয়াৰ যোগেদি তেওঁলোকক উৎসাহিত কৰিব পাৰে। তেওঁ এইদৰে কয়, “মেৰ পালকৰ সাক্ষাৎ কৰাটো আগতকৈ এতিয়া বেছি প্ৰয়োজন। লোকসকলক যিহোৱাৰ বিষয়ে শিকাবলৈ আমি বহুত পৰিশ্ৰম কৰোঁ। তেনেহʼলে ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰিবলৈও সিমানেই পৰিশ্ৰম কৰা উচিত যাতে ঈশ্বৰৰ প্ৰতিটো মেৰ সদায় সত্যত থাকে।”

যিহোৱাক আপোনাৰ প্ৰশিক্ষণ পূৰ কৰিবলৈ দিয়ক

১৬. পিতৰে লিখা চিঠিৰ পৰা আমি যি কথা শিকিলোঁ, সেয়া আমি কেনেকৈ পালন কৰিব পাৰোঁ?

১৬ আমি এই লেখত পিতৰে লিখা চিঠিৰ কিছুমান গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰিলোঁ। ইয়াৰ অধ্যয়ন কৰোঁতে হয়তো আপুনি মন কৰিলে যে আপোনাক এতিয়াও কিছুমান শুধৰণি কৰাৰ প্ৰয়োজন আছে। যেনে, আপুনি নতুন পৃথিৱীত পাবলগীয়া আশীৰ্বাদৰ বিষয়ে এতিয়াৰে পৰা আৰু বেছিকৈ মনন কৰিব পাৰেনে? কামৰ ঠাইত, স্কুলত বা আন ঠাইত সুযোগ বিচাৰি সাক্ষ্য দিবলৈ আপুনি লক্ষ্য ৰাখিব পাৰেনে? আপুনি এনে কিছুমান উপায় বিচাৰিছেনে, যাৰ যোগেদি নিজৰ ভাই-ভনীক আগ্ৰহযুক্ত প্ৰেম দেখুৱাব পাৰে? প্ৰাচীনসকল, আপোনালোকে যিহোৱাৰ জাকক আনন্দেৰে আৰু আগ্ৰহেৰে প্ৰেম দেখুৱাব পাৰেনে? এইদৰে নিজকে চালি-জাৰি চালে আপুনি হয়তো নিজকে শুধৰণি কৰিব লাগে বুলি অনুভৱ কৰিব পাৰে। কিন্তু নিৰাশ নহʼব, কিয়নো ‘প্ৰভু যীচু অনুগ্ৰহশীল’ আৰু তেওঁ আপোনাক শুধৰণি কৰাত নিশ্চয় সহায় কৰিব। (১ পিত. ২:১) পিতৰে আমাক আশ্বাস দিলে: ‘ঈশ্বৰে আপোনাৰ প্ৰশিক্ষণ পূৰ কৰিব, সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব যাতে আমি মজবুত শক্তিশালী হৈ দৃঢ়তাৰে থিয় হৈ থাকিব পাৰোঁ।’—১ পিত. ৫:১০, NW.

১৭. যদি আমি বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিম আৰু প্ৰশিক্ষণ লৈ থাকিম, তেনেহʼলে আমি কি আশীৰ্বাদ পাব পাৰোঁ?

১৭ এবাৰ পিতৰে ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ ওচৰত থিয় হোৱাৰ নিজকে যোগ্য বুলিও ভবা নাছিল। (লূক ৫:৮) কিন্তু তেওঁ হাৰ নামানিলে। যিহোৱা আৰু যীচু খ্ৰীষ্টৰ সহায়ত তেওঁ বিশ্বাসী হৈ সেৱা কৰি থাকিল। সেইবাবে, যিহোৱাই পিতৰক “আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্টৰ অনন্ত ৰাজ্যত” সোমোৱাৰ সুযোগ দিলে। (২ পিত. ১:১১) যিহোৱাই তেওঁক কিমান ডাঙৰ পুৰস্কাৰ দিলে! আমিও হাৰ নামানি বিশ্বাসী হৈ পিতৰৰ দৰে সেৱা কৰিলে আৰু তেওঁৰ পৰা প্ৰশিক্ষণ লৈ থাকিলে তেওঁ আমাকো অনন্ত জীৱন দিব। আপুনি আপোনাৰ বিশ্বাসৰ বাবে “জীৱাত্মাৰ পৰিত্ৰাণ” পাব।—১ পিত. ১:৯.

গীত ১০৯ হৃদয়েৰে প্ৰেম কৰা

a এই লেখত আমি শিকিম যে পিতৰে লিখা চিঠিৰ পৰা আমি যি কথা শিকিম, তাৰ পৰা সমস্যাৰ সময়ত আমি কেনেকৈ সহায় পাব পাৰোঁ। ইয়াত এয়াও কোৱা হৈছে যে প্ৰাচীনসকলে ৰখীয়া হিচাপে নিজৰ দায়িত্ব আৰু ভালদৰে কেনেকৈ পূৰ কৰিব পাৰে।

b এনে অনুভৱ হয়, ৰোমী সেনাই ৬৬ খ্ৰীষ্টাব্দত প্ৰথমবাৰ যিৰূচালেমত আক্ৰমণ কৰাৰ আগতেই পেলেষ্টাইনত থকা খ্ৰীষ্টান ভাই-ভনীসকলে পিতৰে লিখা এই দুখন চিঠি পাইছিল।

c jw.org ৱেবছাইটত দিয়া ভিডিঅʼ একতাৰ বান্ধোনক বজাই ৰাখক (হিন্দী) চাওক।