অধ্যয়নৰ লেখ ৪০
পিতৰৰ দৰে হাৰ নামানিব!
“হে প্ৰভু, মোৰ ওচৰৰ পৰা আপুনি আঁতৰ হৈ যাওক; কিয়নো মই পাপী মানুহ।”—লূক ৫:৮.
গীত ৩৮ তেওঁ তোমাক শক্তিশালী কৰিব
লেখৰ এক আভাস a
১. জালত বহুতো মাছ উঠা দেখি পিতৰৰ কেনে অনুভৱ হৈছিল?
পিতৰে গোটেই ৰাতি পৰিশ্ৰম কৰিলে কিন্তু এটাও মাছ ধৰিব নোৱাৰিলে। পিছত যীচুৱে তেওঁক কʼলে, “দলৈ গৈ, মাছ ধৰিবলৈ জাল খেও দিয়াহঁক।” (লূক ৫:৪) পিতৰে ভাবিছিল যে এতিয়াও হয়তো এটাও মাছ নুঠিব, তথাপি তেওঁ যীচুৰ কথা মানিলে। পাছত জালত ইমান মাছ উঠিল যে জালখন ফাটিবলৈ ধৰিলে। এয়া দেখি পিতৰ আৰু তেওঁৰ বন্ধুসকলে “বিস্ময়” মানিলে আৰু পিতৰে যীচুক কʼলে, “হে প্ৰভু, মোৰ ওচৰৰ পৰা আপুনি আঁতৰ হৈ যাওক; কিয়নো মই পাপী মানুহ।” (লূক ৫:৬-৯) পিতৰে হয়তো ভাবিছিল যে তেওঁ যীচুৰ ওচৰত থিয় হোৱাৰো যোগ্য নহয়।
২. পিতৰৰ উদাহৰণলৈ ধ্যান দিলে আমাৰ কি লাভ হয়?
২ পিতৰে নিজকে “পাপী মানুহ” বুলি কৈ একেবাৰে সঁচা কথা কৈছিল। বাইবেলৰ পৰা জানিব পাৰি যে তেওঁ বহু বাৰ এনে কথা কৈছিল বা কাম কৰিছিল যাৰ বাবে পাছত তেওঁ দুখ কৰিলে। আপুনিও কেতিয়াবা পিতৰৰ দৰে অনুভৱ কৰেনে? আপোনাৰ এনে কিবা দুৰ্বলতা আছেনে, যাক নিয়ন্ত্ৰণ বা শুধৰণি কৰিবলৈ আপুনি বহু সময় ধৰি মনে-প্ৰাণে চেষ্টা কৰি আছে? যদি হয়, তেনেহʼলে আপুনি পিতৰৰ উদাহৰণৰ পৰা বহুত সাহস পাব আৰু বহুতো কথা শিকিব পাৰে। আমি এয়া কিয় কʼব পাৰোঁ? চিন্তা কৰক, যিহোৱাই বিচৰা হʼলে পিতৰে কৰা ভুলবোৰ বাইবেলত নিলিখাব পাৰিলেহেঁতেন! তথাপি তেওঁ বাইবেলত লিখালে যাতে আমি সেইবোৰৰ পৰা শিকিব পাৰোঁ। (২ তীম. ৩:১৬, ১৭) পিতৰৰ পৰা যি ভুল হৈছিল আৰু পাছত তেওঁ যি অনুভৱ কৰিছিল, সেই বিষয়ে অধ্যয়ন কৰিলে আমি কি শিকিব পাৰোঁ? ইয়াৰ পৰা আমি শিকোঁ যে আমাৰ পৰা কেতিয়াও ভুল নহʼব বুলি যিহোৱাই আশা নকৰে। ইয়াৰ পৰিৱৰ্তে আমি কেতিয়াও হাৰ নামানি নিজৰ দুৰ্বলতাৰ সত্ত্বেও তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ চেষ্টা কৰাটো তেওঁ বিচাৰে।
৩. আমি কিয় হাৰ মনা উচিত নহয়?
৩ আমি হাৰ নমনাটো কিয় ইমান গুৰুত্বপূৰ্ণ? কোৱা হয় যে বাৰে বাৰে প্ৰেক্টিচ কৰিলে আমি কোনো কামত পাৰ্গত হʼব পাৰিম। এটা উদাহৰণলৈ মন কৰক। এজন ব্যক্তিয়ে ভালদৰে গিতাৰ বজাবলৈ শিকাৰ বাবে হয়তো বহু বছৰ পৰিশ্ৰম কৰিলে। সেই সময়ছোৱাত তেওঁৰ পৰা হয়তো বহুতো ভুল হʼল। তথাপি তেওঁ প্ৰেক্টিচ কৰি থাকিল। সেইবাবে, তেওঁ গিতাৰ বজাবলৈ পাৰ্গত হʼব পাৰিলে। কিন্তু পাৰ্গত হোৱাৰ পাছতো কেতিয়াবা কেতিয়াবা তেওঁৰ পৰা হয়তো ভুল হৈছিল। তথাপি তেওঁ হাৰ নামানিলে। তেওঁ নিজৰ দক্ষতা বঢ়াবলৈ চেষ্টা কৰি থাকিল। ঠিক সেইদৰে, যেতিয়া আমাৰ অনুভৱ হয় যে আমি কোনো দুৰ্বলতা নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ, তাৰ পাছতো আমাৰ পৰা সেই ভুল হʼব পাৰে। কিন্তু আমি নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থকা উচিত। আমি সকলোৱে বহু বাৰ ভুল কৰোঁ, যাৰ বাবে পিছত আমি অনুতাপ কৰোঁ। কিন্তু আমি যদি হাৰ নামানোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দিব। (১ পিত. ৫:১০) আহক মন কৰোঁ যে পিতৰে কেনেকৈ হাৰ নামানিলে? আমি এয়াও শিকিম যে পিতৰৰ দুৰ্বলতাৰ সত্ত্বেও যীচুৱে কেনেকৈ তেওঁক কৰুণা দেখুৱালে। ইয়াৰ পৰা আমি যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহিত হʼম।
পিতৰৰ ভুলো হৈছিল, কিন্তু তেওঁ আশীৰ্বাদো পালে
৪. (ক) লূক ৫:৫-১০ পদত কোৱাৰ দৰে পিতৰে নিজৰ বিষয়ে কি কʼলে? (খ) কিন্তু যীচুৱে তেওঁক কেনেকৈ উৎসাহিত কৰিলে?
৪ বাইবেলত স্পষ্টকৈ কোৱা নাই যে পিতৰে কি কাৰণৰ বাবে নিজকে “পাপী মানুহ” বুলি কʼলে বা সেই সময়ত তেওঁ কোনবোৰ ভুলৰ বিষয়ে মনতে ভাবি আছিল। (লূক ৫:৫-১০ পঢ়ক।) তেওঁ হয়তো কিছুমান ডাঙৰ ডাঙৰ ভুল কৰিছিল। তেওঁ নিজকে বহুত অযোগ্য বুলি ভাবিছিল, সেইবাবে তেওঁ ভয় খাইছিল। তেওঁ ভয় খাইছে বুলি যীচুৱে বুজি পালে, কিন্তু তেওঁ এয়াও জানিছিল যে পিতৰ বিশ্বাসী হৈ থাকিব পাৰিব। সেইবাবে, তেওঁ মৰমেৰে পিতৰক কʼলে, “ভয় নকৰিবা।” পিতৰৰ ওপৰত যীচুৰ যি ভৰসা আছিল, সেয়া তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পৰিল। পাছত পিতৰ আৰু তেওঁৰ ভাই আন্দ্ৰিয়ই মাছ ধৰা কাম এৰিলে আৰু পূৰ্ণ সময় যীচুৰ লগতে থাকি সেৱা কৰিবলৈ ধৰিলে। এই নিৰ্ণয়ৰ বাবে যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিলে।—মাৰ্ক ১:১৬-১৮.
৫. পিতৰে নিজৰ ভাবনাবোৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু যীচুৰ শিষ্য হʼল, সেইবাবে তেওঁ কি কি আশীৰ্বাদ পালে?
৫ যীচুৰ শিষ্য হোৱাৰ বাবে পিতৰে বহুতো আচৰিত আশীৰ্বাদ পালে। যেতিয়া যীচুৱে বেমাৰী লোকসকলক সুস্থ কৰিছিল, লোকসকলৰ পৰা দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াইছিল, আনকি মৃত লোকসকলক আকৌ জীয়াই তুলিছিল, তেতিয়া এই সকলো চমতকাৰ পিতৰে নিজ চকুৰে চাইছিল। b (মথি ৮:১৪-১৭; মাৰ্ক ৫:৩৭, ৪১, ৪২) পিতৰে এটা দৰ্শনো দেখিছিল। তাত দেখুৱা হৈছিল যে ভৱিষ্যতে যীচুৱে যেতিয়া ৰজা হʼব, তেতিয়া তেওঁৰ কেনেকৈ মহিমা হʼব। এই দৰ্শন হয়তো তেওঁ কেতিয়াও পাহৰিব পৰা নাছিল। (মাৰ্ক ৯:১-৮; ২ পিত. ১:১৬-১৮) চিন্তা কৰকচোন, যীচুৰ শিষ্য হোৱাৰ বাবে পিতৰে সেই সকলো চাবলৈ সুযোগ পালে যাৰ বিষয়ে তেওঁ হয়তো কেতিয়াও ভবা নাছিল। পিতৰে এয়া ভাবি হয়তো কিমান আনন্দিত হৈছিল যে তেওঁ নিজৰ ভাৱনাবোৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু এইদৰে নকৰা হʼলে তেওঁ এই আশীৰ্বাদবোৰ নাপালেহেঁতেন!
৬. পিতৰে লগে লগে নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পাৰিছিলনে? বুজাওক।
৬ ইমানবোৰ দেখা আৰু শুনাৰ পাছতো পিতৰৰ পৰা বহুতো ভুল হʼল। তাৰে মাজৰ কিছুমান ভুলৰ ওপৰত মন কৰক। যেতিয়া যীচুৱে বুজাইছিল যে বাইবেলৰ ভৱিষ্যতবাণী অনুসৰি তেওঁ কিমান যাতনা ভুগিব আৰু তেওঁক মাৰি পেলোৱা হʼব, তেতিয়া পিতৰে যীচুৰ লগত এইদৰে নহওক বুলি কৈছিল। (মাৰ্ক ৮:৩১-৩৩) আন পাঁচনিসকলৰ লগতে পিতৰেও তেওঁলোকৰ মাজত ডাঙৰ কোন হয় এই বিষয়ে তৰ্ক কৰিছিল। (মাৰ্ক ৯:৩৩, ৩৪) যীচুৰ মৃত্যুৰ আগদিনাখন ৰাতি পিতৰে এজন ব্যক্তিক আক্ৰমণ কৰিলে আৰু তেওঁৰ কাণ কাটিলে। (যোহ. ১৮:১০) সেই ৰাতি পিতৰে ভয় খোৱাৰ বাবে নিজৰ বন্ধু যীচুক তিনিবাৰ চিনি নাপাওঁ বুলি কʼলে। (মাৰ্ক ১৪:৬৬-৭২) ইয়াৰ বাবে পিতৰে পাছত বহুত দুখ অনুভৱ কৰিলে আৰু কান্দিবলৈ ধৰিলে।—মথি ২৬:৭৫.
৭. যীচু আকৌ জীৱিত হোৱাৰ পাছত পিতৰে কি সুযোগ পালে?
৭ পিতৰ বহুত দুখত আছিল কিন্তু সেই সময়ত যীচুৱে তেওঁক এৰি দিয়া নাছিল। যীচুৱে আকৌ জীৱিত হোৱাৰ পাছত পিতৰক লগ কৰিলে আৰু তেওঁ যীচুক কিমান প্ৰেম কৰে এয়া প্ৰমাণ কৰিবলৈ সুযোগ দিলে। যীচুৱে পিতৰক নম্ৰ হৈ এজন মেৰৰখীয়াৰ দৰে তেওঁৰ মেৰবোৰৰ চোৱা-চিতা কৰিবলৈ কʼলে। (যোহ. ২১:১৫-১৭) পিতৰে এই দায়িত্ব গ্ৰহণ কৰিলে। তেওঁ পেন্টাকোষ্টৰ দিনাখন যিৰূচালেমত আছিল আৰু যিসকল লোকক পবিত্ৰ শক্তিৰে প্ৰথম বাৰ অভিষেক কৰা হৈছিল, তেওঁলোকৰ মাজত পিতৰো আছিল।
৮. পাঁচনি পিতৰে আন্তিয়খিয়াত কি ডাঙৰ ভুল কৰিলে?
৮ পবিত্ৰ শক্তিৰে অভিষেক হোৱাৰ পাছতো পিতৰৰ পৰা বহুতো ভুল হʼল। পিতৰক ৩৬ খ্ৰীষ্টাব্দত কৰ্ণলিয়ৰ ঘৰলৈ যাবলৈ কোৱা হৈছিল, যি এজন চুনৎ নোহোৱা পৰজাতি আছিল। পাছত পবিত্ৰ শক্তিৰে কৰ্ণলিয়ক অভিষেক কৰা হʼল। ইয়াৰ পৰা প্ৰমাণ হয় যে ঈশ্বৰে কাৰো লগত ‘পক্ষপাত’ নকৰে আৰু এতিয়াৰে পৰা পৰজাতি লোকসকলেও খ্ৰীষ্টান মণ্ডলীৰ সদস্য হʼব পাৰে। (পাঁচ. ১০:৩৪, ৪৪, ৪৫) ইয়াৰ পাছত পিতৰে পৰজাতি লোকসকলৰ লগত উঠা-বহা কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ লগত আহাৰ খাবলৈ ধৰিলে। এয়া এনে এটা কাম আছিল, যি তেওঁ হয়তো আগতে কেতিয়াও কৰা নাছিল। (গালা. ২:১২) কিন্তু কিছুমান যিহূদী খ্ৰীষ্টানসকলে ভাবিছিল যে যিহূদীসকলে পৰজাতি লোকসকলৰ লগত আহাৰ খোৱা উচিত নহয়। এনেধৰণৰ চিন্তাধাৰা ৰখা কিছুমান লোক আন্তিয়খিয়াত আহোঁতে পিতৰে পৰজাতি ভাইসকলৰ লগত আহাৰ খাবলৈ বন্ধ কৰিলে। তেওঁ হয়তো যিহূদী খ্ৰীষ্টানসকলে বেয়া পাব বুলি ভয় খাইছিল। যেতিয়া পাঁচনি পৌলে এই পক্ষপাত দেখিলে, তেতিয়া তেওঁ সকলোৰে ওচৰত পিতৰক গালি পাৰিলে। (গালা. ২:১৩, ১৪) এই ভুল কৰাৰ পাছতো পিতৰে ঈশ্বৰৰ সেৱা কৰি থাকিল। এইদৰে কৰিবলৈ পিতৰক কিহে সহায় কৰিলে?
পিতৰে কিয় হাৰ নামানিলে?
৯. পিতৰ এজন বিশ্বাসী খ্ৰীষ্টান আছিল বুলি যোহন ৬:৬৮, ৬৯ পদৰ পৰা কেনেকৈ জানিব পাৰি?
৯ পিতৰে যিকোনো পৰিস্থিতিত যীচুৰ পাছত চলিবলৈ এৰি দিয়া নাছিল। তেওঁ এজন বিশ্বাসী খ্ৰীষ্টান আছিল। এবাৰ যীচুৱে এনে এটা কথা কৈছিল, যিটো তেওঁৰ শিষ্যসকলে বুজি পোৱা নাছিল। (যোহন ৬:৬৮, ৬৯ পঢ়ক।) তেতিয়া বহুতো লোকে যীচুৰ পাছত চলিবলৈ এৰি দিলে। তেওঁলোকে যীচুৱে কোৱা কথাৰ অৰ্থ কি তাক জানিবলৈ চেষ্টা নকৰিলে আৰু তাৰ অৰ্থ যীচুৱে বুজাই দিব বুলিও অপেক্ষা নকৰিলে। কিন্তু পিতৰ যীচুৰ বিশ্বাসী হৈ থাকিল। তেওঁ যীচুক এৰি দিয়া নাছিল। তেওঁ জানিছিল যে “অনন্ত জীৱনৰ কথা” যীচুৰ ওচৰতে আছে।
১০. পিতৰৰ ওপৰত যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল বুলি কেনেকৈ জানিব পাৰি? (ছবিখনো চাওক।)
১০ যীচুৱেও পিতৰক এৰি দিয়া নাছিল। মন কৰক, পৃথিৱীত যীচুৰ জীৱনৰ শেষ ৰাতিত কি হʼল। তেওঁ জানিছিল যে পিতৰ আৰু আন পাঁচনিসকলে তেওঁক এৰি দিব। তথাপি যীচুৱে যি কʼলে তাৰ পৰা প্ৰমাণ হʼল যে পিতৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁৰ ভৰসা আছিল যে পিতৰে অনুতাপ কৰি উভতি আহিব আৰু সদায় তেওঁৰ বিশ্বাসী হৈ থাকিব। (লূক ২২:৩১, ৩২) যীচুৱে এয়াও বুজি পাইছিল যে তেওঁলোকৰ “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মাৰ্ক ১৪:৩৮) সেইবাবে, পিতৰে যেতিয়া তেওঁক চিনি পাবলৈ অস্বীকাৰ কৰিছিল, তেতিয়াও যীচুৱে তেওঁক এৰি দিয়া নাছিল। যীচু আকৌ জীৱিত হোৱাৰ পাছত পিতৰক লগ কৰিছিল আৰু সেই সময়ত পিতৰ হয়তো অকলে আছিল। (মাৰ্ক ১৬:৭; লূক ২৪:৩৪; ১ কৰি. ১৫:৫) পিতৰ বহুত দুখত আছিল কিন্তু তেওঁ যীচুক দেখাৰ পাছত তেওঁ হয়তো বহুত উৎসাহিত হʼল।
১১. যিহোৱাই পিতৰৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব বুলি যীচুৱে কেনেকৈ তেওঁক বিশ্বাস দিলে?
১১ যীচুৱে পিতৰক ভৰসা দিলে যে যিহোৱাই তেওঁৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। জীৱিত হোৱাৰ পাছত যীচুৱে আকৌ এনে এটা চমতকাৰ কৰিলে, যাৰ বাবে পিতৰ আৰু আন পাঁচনিসকলে বহুতো মাছ ধৰিব পাৰিলে। (যোহ. ২১:৪-৬) এই চমতকাৰৰ পৰা পিতৰৰ পুনৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। হয়তো তেওঁৰ যীচুৱে কোৱা সেই কথা মনত পৰিল যিসকলে ‘ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান’ দিয়ে, যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰে। (মথি ৬:৩৩) সেইবাবে, পিতৰে মাছ ধৰা কাম এৰি প্ৰচাৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিলে। তাৰ পিছত ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনাখন সাহসেৰে লোকসকলক যীচুৰ বিষয়ে জনালে, যাৰ বাবে হাজাৰ হাজাৰ লোকে শুভবাৰ্তা গ্ৰহণ কৰিলে। (পাঁচ. ২:১৪, ৩৭-৪১) ইয়াৰ পাছত তেওঁ চমৰীয়া আৰু পৰজাতি লোকসকলক যীচুৰ শিষ্য হʼবলৈ সহায় কৰিলে। (পাঁচ. ৮:১৪-১৭; ১০:৪৪-৪৮) যিহোৱাই কিমান ভাল উপায়েৰে তেওঁৰ সেৱা কৰিবলৈ পিতৰক সুযোগ দিলে! পিতৰৰ যোগেদি তেওঁ সকলো ধৰণৰ লোকক খ্ৰীষ্টান মণ্ডলীত আনিলে।
আমাৰ বাবে শিক্ষা
১২. যদি আমি কিবা দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ, তেনেহʼলে আমি পিতৰৰ দৰে কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰোঁ?
১২ যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁ আমাক সহায় কৰিব পাৰে। কিন্তু কেতিয়াবা কেতিয়াবা এইদৰে কৰিবলৈ কঠিন লাগিব পাৰে। বিশেষকৈ, যেতিয়া আমি কিবা দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ বহু বছৰৰ পৰা চেষ্টা কৰি থাকোঁ। কেতিয়াবা কেতিয়াবা আমাক হয়তো লাগিব পাৰে যে আমি যি দুৰ্বলতাৰ লগত যুঁজি আছোঁ, সেয়া পিতৰৰ দুৰ্বলতাতকৈ বেছি কঠিন হয়। কিন্তু হাৰ নামানিবলৈ যিহোৱাই আমাক শক্তি দিব পাৰে। (গীত. ৯৪:১৭-১৯) এজন ভাইৰ উদাহৰণলৈ ধ্যান দিয়ক। সত্য শিকাৰ বহু বছৰৰ আগতে তেওঁ সমকামিতাৰ জীৱন জীয়াই আছিল। কিন্তু পাছত তেওঁ নিজৰ জীৱনত সাল-সলনি কৰিলে আৰু বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিবলৈ ধৰিলে। ইয়াৰ পাছতো কেতিয়াবা কেতিয়াবা তেওঁৰ মনত এই বেয়া ইচ্ছা আহিছিল। তেওঁক হাৰ নামানিবলৈ কি কথাই সহায় কৰিলে? তেওঁ এইদৰে কৈছে, “যিহোৱাই আমাক শক্তি দিয়ে। মই শিকিলোঁ যে যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায়ত আমি সত্যৰ পথত চলি থাকিব পাৰোঁ। যিহোৱাই মোক তেওঁৰ সেৱা কৰিবলৈ সুযোগ দিছে আৰু মোৰ দুৰ্বলতাৰ সত্ত্বেও মোক একেৰাহে শক্তি দি থাকে।”
১৩. পাঁচনিৰ কৰ্ম্ম ৪:১৩, ২৯, ৩১ পদৰ অনুসৰি পিতৰে কেনেকৈ সাহসেৰে কাম কৰিব পাৰিলে আৰু আমি তেওঁৰ দৰে কেনেকৈ হʼব পাৰোঁ? (ছবিখনো চাওক।)
১৩ আমি শিকিলোঁ যে পিতৰে বহু বাৰ মানুহক ভয় কৰাৰ বাবে ডাঙৰ ডাঙৰ ভুল কৰিছিল। কিন্তু যেতিয়া তেওঁ ভয় নকৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, তেতিয়া তেওঁ সাহসেৰে কাম কৰিব পাৰিলে। (পাঁচনিৰ কৰ্ম্ম ৪:১৩, ২৯, ৩১ পঢ়ক।) আমি নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ভাই হাৰ্ষ্টৰ উদাহৰণলৈ মন কৰক, তেওঁ জাৰ্মানীত থাকিছিল। এয়া সেই সময়ৰ কথা হয় যেতিয়া তেওঁ স্কুলত পঢ়িছিল আৰু নাজী চৰকাৰে শাসন কৰিছিল। তেওঁ বহু বাৰ নিজৰ স্কুলৰ টিচাৰ আৰু লʼৰা-ছোৱালীবিলাকক ভয় কৰিছিল আৰু তেওঁ “হেল হিটলাৰ” বুলি কৈছিল যাৰ অৰ্থ হৈছে হিটলাৰে আমাক বচাব। যেতিয়া হাৰ্ষ্টৰ মা-দেউতাই ইয়াৰ বিষয়ে গম পালে, তেতিয়া তেওঁলোকে হাৰ্ষ্টক গালি পৰাৰ পৰিৱৰ্তে তেওঁৰ বাবে সাহস বিচাৰি একেলগে মিলি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। তেওঁ নিজৰ মা-দেউতাৰ সহায়ত আৰু যিহোৱাৰ ওপৰত ভৰসা ৰখাৰ বাবে আগলৈ গৈ সাহসেৰে কাম কৰিব পাৰিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে। পাছত তেওঁ এইদৰে কৈছে, “যিহোৱাই মোক কেতিয়াও এৰি দিয়া নাছিল।” c
১৪. যিসকল ভাই-ভনীয়ে সাহস হেৰুৱাই, প্ৰাচনীসকলে তেওঁলোকক কেনেকৈ উৎসাহিত কৰিব পাৰে?
১৪ যিহোৱা আৰু যীচুৱে আমাক কেতিয়াও ত্যাগ নকৰিব। যেতিয়া পিতৰে যীচুক চিনি নাপাও বুলি কৈছিল, তেতিয়া তেওঁ বহুত চিন্তিত হৈ পৰিছিল যে তেওঁ সাহস হেৰুৱাই দিব নেকি বা যীচুৰ শিষ্য হৈ নাথাকিব নেকি? পিতৰে যাতে নিজৰ বিশ্বাস নেহেৰুৱাই তাৰ বাবে যীচুৱে যিহোৱালৈ মিনতি কৰিলে। যীচুৱে এই প্ৰাৰ্থনাৰ বিষয়ে পিতৰক জনালে আৰু কʼলে যে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে পিতৰে আগলৈ গৈ তেওঁৰ ভাইসকলক মজবুত কৰিব। (লূক ২২:৩১, ৩২) চিন্তা কৰকচোন, পিতৰে যেতিয়া যীচুৰ এই কথাবোৰৰ বিষয়ে ভাবিলে, তেতিয়া তেওঁ হয়তো কিমান সাহস পালে। বহু বাৰ আমিও হয়তো চিন্তিত হৈ পৰোঁ। এনে পৰিস্থিতিত যিহোৱাই প্ৰাচীনসকলৰ যোগেদি আমাক হয়তো আশ্বাস দিয়ে যে আমি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। (ইফি. ৪:৮, ১১) ভাই পৌল যি বহু সময়ৰ পৰা এজন প্ৰাচীন হয়, তেওঁ এইদৰেই লোকসকলক উৎসাহিত কৰে। যিসকল লোকে সাহস হেৰুৱাই, তেওঁলোকক ভায়ে কয় যে চিন্তা কৰকচোন আৰম্ভণিতে যিহোৱাই আপোনাক কেনেকৈ সত্যৰ ফালে আকৰ্ষিত কৰিছিল। তাৰ পাছত তেওঁ আশ্বাস দিয়ে যে যিহোৱাই তেওঁলোকক প্ৰকৃত প্ৰেম কৰে আৰু তেওঁলোকক কেতিয়াও ত্যাগ নকৰিব। তেওঁ এয়াও কৈছে, “মই এনে বহুতো লোকক দেখিলোঁ যিসকলে সাহস হেৰুৱাইছিল, কিন্তু যিহোৱাৰ সহায়ত তেওঁলোকে তেওঁৰ সেৱা কৰি থাকিব পাৰিলে।”
১৫. মথি ৬:৩৩ পদত লিখা কথা একেবাৰে সঁচা বুলি পাঁচনি পিতৰ আৰু ভাই হাৰ্ষ্টৰ উদাহৰণৰ পৰা কেনেকৈ জানিব পাৰি?
১৫ আমি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিলে, পিতৰ আৰু আন পাঁচনিসকৰ দৰে যিহোৱাই আমাৰো প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। (মথি ৬:৩৩) ভাই হাৰ্ষ্ট বহুত দুখীয়া আছিল। তথাপি তেওঁ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত অগ্ৰগামী সেৱা কৰিব বিচাৰিছিল। কিন্তু তেওঁ ভাবিছিল অগ্ৰগামী সেৱা কৰাৰ লগতে তেওঁ নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিবনে। তেওঁ কি কৰিলে? তেওঁ ভাবিলে মই যিহোৱাক পৰীক্ষা কৰি চাম। তেওঁ চাৰ্কিট ওভাৰচিয়াৰৰ সাক্ষাতৰ সময়ত গোটেই সপ্তাহ প্ৰচাৰ কৰিম বুলি ভাবিলে। সপ্তাহৰ শেষত চাৰ্কিট ওভাৰচিয়াৰে তেওঁক এখন খাম দিলে, যʼত বহুত টকা আছিল। কিন্তু সেই খামত কাৰো নাম লিখা নাছিল। তেওঁ সেইখন পাই বৰ আচৰিত হʼল। তাত ইমানেই টকা আছিল যে সেই টকাৰ পৰা তেওঁ কেইবা মাহ চলিব পাৰিলেহেঁতেন আৰু সহজে অগ্ৰগামী সেৱা কৰিব পাৰিলেহেঁতেন। এই উপহাৰ পাই ভাই হাৰ্ষ্টৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁক চম্ভালিব। ইয়াৰ পাছত তেওঁ সদায় যিহোৱাৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিলে।—মলা. ৩:১০.
১৬. আমি পাঁচনি পিতৰৰ উদাহৰণ আৰু তেওঁৰ চিঠিবোৰৰ ওপৰত কিয় ধ্যান দিয়া উচিত?
১৬ যীচুক পিতৰে তেওঁৰ ওচৰৰ পৰা আঁতৰি যাবলৈ কোৱাৰ পাছতো যীচুৱে তেওঁক এৰি আঁতৰি নগʼল। এই কথা ভাবি হয়তো পিতৰে কিমান আনন্দিত হৈছিল। যীচুৱে তেওঁক নিয়মীয়াকৈ শিকাই থকাৰ বাবে তেওঁ এজন বিশ্বাসী পাঁচনি হʼব পাৰিলে। পিতৰে আমাৰ বাবে এটা উত্তম উদাহৰণ ৰাখিলে। যীচুৱে পিতৰক যিদৰে শিকালে, তাৰ পৰা আজিও আমি বহুতো কথা শিকিব পাৰোঁ। পিতৰে প্ৰথম শতিকাৰ মণ্ডলীবোৰক লিখা দুখন চিঠিত আমি এই কথা পাব পাৰোঁ। পিতৰে সেই চিঠিত আৰু বহুতো কথা লিখিলে, যাৰ পৰা আমি লাভৱান হʼব পাৰোঁ। পৰৱৰ্তী লেখত আমি সেই চিঠিবোৰত লিখা কিছুমান কথাৰ ওপৰত আলোচনা কৰিম আৰু চাম যে আমি সেই কথাবোৰ কেনেকৈ পালন কৰিব পাৰোঁ।
গীত ১২৬ পৰ দি থাকা, শক্তিশালী হোৱা
a এই লেখখন সেই লোকসকলক উৎসাহিত কৰিবলৈ তৈয়াৰ কৰা হৈছে, যিসকলে নিজৰ দুৰ্বলতাৰ লগত যুঁজি আছে। ইয়াৰ যোগেদি তেওঁলোকৰ বিশ্বাস হʼব যে তেওঁলোকে নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সদায় যিহোৱাৰ সেৱা কৰি থাকিব পাৰে।
b এই লেখত উল্লেখ কৰা পদবোৰ মাৰ্কৰ কিতাপৰ পৰা লোৱা হৈছে। সেই পদবোৰত কোৱা কথাবোৰ তেওঁ নিশ্চয় পিতৰৰ পৰা শুনিছিল, যিজনে এই সকলোবোৰ নিজ চকুৰে চাইছিল।
c jw.org-ত “হাৰ্ষ্ট হেন্চল: যিহোৱা মোৰ দৃঢ় দুৰ্গস্বৰূপ” (হিন্দী) নামৰ ভিডিঅʼখন চাওক।
d ছবিৰ বিষয়ে: যিদৰে ছবিত দেখুৱা হৈছে হাৰ্ষ্ট হেন্চলৰ মা-দেউতাই তেওঁৰ লগত প্ৰাৰ্থনা কৰি আছে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ তেওঁক সহায় কৰিলে।