অধ্যয়নৰ লেখ ৩৯
গীত নং ১২৫ দয়ালুসকল সুখী!
আনক দিলে বহুত আনন্দ পোৱা যায়
“লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।”—পাঁচ. ২০:৩৫.
কি শিকিম?
আমি কেনেকৈ বেলেগ বেলেগ উপায়েৰে আনক সহায় কৰিব পাৰোঁ আৰু দিয়াত যি আনন্দ পোৱা যায়, তাক কেনেকৈ বঢ়াব পাৰোঁ তাৰ বিষয়ে এই লেখত আলোচনা কৰিম।
১-২. যেতিয়া আমি আনক কিবা দিওঁ, তেতিয়া আমি আনন্দ পাওঁ, যিহোৱাই আমাক এইদৰে কিয় সৃষ্টি কৰিছে?
যিহোৱাই মানুহক এটা বিশেষ দক্ষতা দি সৃষ্টি কৰিছে। সেয়া হৈছে যেতিয়া আমি আনক কিবা দিওঁ বা তেওঁলোকৰ বাবে কিবা কৰোঁ, তেতিয়া আমি বহুত আনন্দিত হওঁ। ইয়াৰ অৰ্থ এয়া নহয় যে আমি লোৱাত আনন্দিত নহওঁ। যেতিয়া কোনোবাই আমাক উপহাৰ দিয়ে, তেতিয়া আমাৰ বহুত ভাল লাগে আৰু আমি আনন্দিত হওঁ। কিন্তু যেতিয়া আমি আনক কিবা দিওঁ, তেতিয়া আমি আৰু বেছিকৈ আনন্দিত হওঁ। (পাঁচ. ২০:৩৫) যিহোৱাই আমাক এইদৰে কিয় সৃষ্টি কৰিছে?
২ আমি যাতে আমাৰ আনন্দ বঢ়াব পাৰোঁ, তাৰ বাবে তেওঁ আমাক এইদৰে সৃষ্টি কৰিছে। আমি যিমানেই বেছি আনক সহায় কৰোঁ, আমাৰ আনন্দ সিমানেই বাঢ়ে। সেইবাবে, আমি বেলেগ বেলেগ উপায়েৰে আনক সহায় কৰা উচিত। সঁচাকৈ, যিহোৱাই আমাক বহুত সুন্দৰকৈ সৃষ্টি কৰিছে।—গীত. ১৩৯:১৪.
৩. যিহোৱাক ‘পৰম-ধন্য [আনন্দিত] ঈশ্বৰ’ বুলি কিয় কোৱা হৈছে?
৩ দিয়াত আনন্দ পোৱা যায়। সেইবাবে, যিহোৱাৰ বিষয়ে বাইবেলত লিখা আছে যে তেওঁ ‘পৰম-ধন্য [আনন্দিত] ঈশ্বৰ’ হয়। (১ তীম. ১:১১) আনক দিয়াৰ আৰম্ভণি যিহোৱাইহে কৰিছে। এই ক্ষেত্ৰত যিহোৱা সকলোতকৈ ভাল উদাহৰণ হয়। তেওঁৰ দৰে কোনো নাই। পাঁচনি পৌলে ঈশ্বৰৰ বিষয়ে লিখিছে, “তেওঁৰ কাৰণে আমি জীৱন পাইছোঁ আৰু আমি চলা-ফুৰা কৰিছোঁ আৰু অস্তিত্বত আছোঁ।” (পাঁচ. ১৭:২৮) বাইবেলত এয়াও লিখা আছে, “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে” অৰ্থাৎ যিহোৱাৰ পৰাহে আহে।—যাকো. ১:১৭.
৪. আমি কেনেকৈ আমাৰ আনন্দ বঢ়াব পাৰোঁ?
৪ দিয়াত যি আনন্দ পোৱা যায়, সেই আনন্দ আমি সকলোৱে পাব বিচাৰোঁ। যদি আমি যিহোৱাৰ দৰে হৃদয় খুলি আনক সহায় কৰোঁ, তেনেহʼলে আমি নিজৰ আনন্দ বঢ়াব পাৰিম। (ইফি. ৫:১) এই লেখত আমি আলোচনা কৰিম যে যিহোৱাই আনক কেনেকৈ সহায় কৰে আৰু আমি কেনেকৈ তেওঁৰ দৰে হʼব পাৰোঁ। আমি এয়াও শিকিম যে যেতিয়া আমি আনৰ বাবে কিবা কৰোঁ, কিন্তু তাৰ বাবে তেওঁলোকে আমাৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱায়, তেতিয়া আমি কি কৰিব পাৰোঁ। এই কথাবোৰৰ ওপৰত আলোচনা কৰিলে আমি আনক সহায় কৰি থাকিবলৈ আৰু দিয়াত যি আনন্দ পোৱা যায়, সেয়া বঢ়াই থাকিবলৈ উৎসাহিত হʼম।
যিহোৱাৰ দৰে মন খুলি দিয়ক
৫. যিহোৱাই আমাৰ প্ৰয়োজনীয় কি কি বস্তু দিছে?
৫ যিহোৱাই মন খুলি আমাক সহায় কৰে। তেওঁ এইদৰে বহুতো উপায়েৰে কৰে। যেনে, তেওঁ প্ৰয়োজনীয় বস্তুবোৰ দিয়ে। আমাৰ ওচৰত সকলো সা-সুবিধা নাথাকিবও পাৰে। কিন্তু যিহোৱাই এই কথাৰ ওপৰত ধ্যান দিয়ে যে আমাৰ প্ৰয়োজনীয়তাবোৰ যাতে পূৰ হয়, যেনে: আহাৰ, কাপোৰ আৰু ঘৰ। (গীত. ৪:৮; মথি ৬:৩১-৩৩; ১ তীম. ৬:৬-৮) যিহোৱাই তেওঁৰ দায়িত্ব হয় বুলি ভাবি আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে নে? নহয়। তেনেহʼলে তেওঁ আমাৰ সহায় কিয় কৰে?
৬. মথি ৬:২৫, ২৬ পদৰ পৰা আমি কি শিকিব পাৰোঁ?
৬ যিহোৱাই আমাক বহুত প্ৰেম কৰে, সেইবাবে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে। সৃষ্টিৰ বস্তুবোৰৰ উদাহৰণ দি তেওঁ এই কথাবোৰ বুজালে। মথি ৬:২৫, ২৬ পদত লিখা তেওঁৰ শব্দৰ ওপৰত মন কৰক। (পঢ়ক।) যীচুৱে চৰাইবোৰৰ বিষয়ে এইদৰে কʼলে, “সিহঁতে শস্য নিসিঁচে, নাদায় আৰু ভঁৰালতো জমা নকৰে, তথাপি স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে।” তাৰ পাছত তেওঁ সুধিলে, “তোমালোক সিহঁততকৈ মূল্যৱান নহয় নে?” ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যিহোৱাৰ বাবে তেওঁৰ সেৱকসকল চৰাইবোৰতকৈ বহুত মূল্যৱান। যিহোৱাই চৰাইবোৰৰ ইমান যত্ন লয়, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰো যত্ন লʼব। সঁচাকৈ, যিহোৱা এজন পিতৃৰ দৰে আমাক বহুত প্ৰেম কৰে আৰু সেইবাবে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে।—গীত. ১৪৫:১৬; মথি ৬:৩২.
৭. আমি কেনেকৈ যিহোৱাৰ দৰে মন খুলি আনক সহায় কৰিব পাৰোঁ? (ছবিখনো চাওক।)
৭ যিহোৱাৰ দৰে আমিও আনক প্ৰেম কৰোঁ, সেইবাবে আমি তেওঁলোকক সহায় কৰোঁ। আপুনি এনে ভাই বা ভনীৰ বিষয়ে জানে নে যাক খোৱা-বোৱা বস্তু বা কাপোৰৰ প্ৰয়োজন আছে? যিহোৱাই আপোনাৰ জৰিয়তে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে। যেতিয়া কিবা প্ৰাকৃতিক দুৰ্যোগ আহে, তেতিয়া যিহোৱাৰ লোকসকলে আৰু বেছিকৈ আনক সহায় কৰে। যেনে, যেতিয়া কভিড ১৯ মহামাৰী হৈছিল, তেতিয়া ভাই-ভনীসকলে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক আহাৰ, কাপোৰ আৰু আন বস্তুবোৰ দিছিল। বহুতো ভাই-ভনীয়ে বিশ্ব জুৰিত হৈ থকা কামৰ বাবে হৃদয় খুলি দান দিছিল। ইয়াৰ সহায়ত বেলেগ বেলেগ ঠাইত সাহাৰ্য্যৰ কাম কৰা হʼল। দান দিয়া সেই ভাই-ভনীসকলে ইব্ৰী কিতাপত লিখা কথা পালন কৰিলে, “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবা; কিয়নো এনে যজ্ঞত [বলিদান] ঈশ্বৰ সন্তুষ্ট হয়।”—ইব্ৰী ১৩:১৬.
৮. যিহোৱাই আমাক যি শক্তি দিয়ে, তাৰ সহায়ত আমি কি কৰিব পাৰোঁ? (ফিলিপীয়া ২:১৩)
৮ যিহোৱাই শক্তি দিয়ে। যিহোৱাৰ ওচৰত বহুত শক্তি আছে। তেওঁ আনন্দ মনেৰে নিজৰ সেৱকসকলকো শক্তি দিয়ে। (ফিলিপীয়া ২:১৩ পঢ়ক।) আপুনি কেতিয়াবা প্ৰলোভিত হোৱাৰ সময়ত বা কিবা সমস্যা সহন কৰাৰ সময়ত যিহোৱাৰ পৰা সাহস বিচাৰিছিল নে? হয়তো আপুনি যিহোৱাক এইদৰে কৈছে, ‘যিহোৱা আজিৰ দিন পাৰ কৰিবলৈ মোক শক্তি দিয়া?’ তাৰ পাছত যেতিয়া যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে, তেতিয়া আপুনি হয়তো পাঁচনি পৌলৰ দৰে অনুভৱ কৰিলে। পৌলে কৈছিল, “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলি. ৪:১৩.
৯. যিহোৱাৰ দৰে আমি আনক সহায় কৰিবলৈ নিজৰ শক্তি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ? (ছবিখনো চাওক।)
৯ যিহোৱাৰ সমান আমাৰ ওচৰত শক্তি নাই। কিন্তু আমি যিহোৱাৰ দৰে দয়ালু হʼব পাৰোঁ। কেনেকৈ বাৰু? আমি আনক নিজৰ শক্তি দিব নোৱাৰোঁ, কিন্তু তেওঁলোকক সহায় কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আমি বৃদ্ধ বা বেমাৰ হোৱা ভাই-ভনীসকলৰ বাবে বজাৰ কৰি দিব পাৰোঁ বা তেওঁলোকৰ ঘৰৰ কাম কৰি দিব পাৰোঁ। যদি সম্ভৱ, তেনেহʼলে আমি ৰাজ্যগৃহ চাফ চিকুণ কৰা আৰু তাৰ চোৱা-চিতা কৰা কামত সহযোগ কৰিব পাৰোঁ। যেতিয়া আমি এই কামবোৰত নিজৰ শক্তি ব্যৱহাৰ কৰোঁ, তেতিয়া আমি ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ।
১০. আপুনি কেনেকৈ নিজৰ কথাৰে আনৰ উৎসাহ বঢ়াব পাৰে?
১০ এয়াও মনত ৰাখক যে আমাৰ কথাত বহুত শক্তি থাকে। সেইবাবে, চিন্তা কৰক আপুনি এনে ভাই বা ভনীৰ বিষয়ে জানে নে যাক উৎসাহৰ প্ৰয়োজন আছে? বা এনে ভাই বা ভনীক যাক শান্ত্বনাৰ প্ৰয়োজন আছে? যদি জানে, তেনেহʼলে নিজে আগবাঢ়ি গৈ তেওঁলোকৰ উৎসাহ বঢ়াওক। আপুনি তেওঁলোকক লগ কৰিবলৈ যাব পাৰে, ফোন কৰিব পাৰে বা কাৰ্ড, ইমেল বা মেছেজ পঠিৱাব পাৰে। আপুনি তেওঁলোকক কি কʼব, তাৰ বিষয়ে চিন্তা নকৰিব। আপুনি তেওঁলোকক ডাঙৰ ডাঙৰ কথা কোৱাৰ প্ৰয়োজন নাই। কিন্তু হৃদয়েৰে তেওঁলোকৰ লগত কথা পাতক। উৎসাহ বঢ়াবলৈ ইমানেই যথেষ্ট। আপোনাৰ কথা শুনি সেই ভাই বা ভনীয়ে হয়তো আৰু এদিন বিশ্বাসী হৈ থাকিব পাৰিব আৰু নিজৰ পৰিস্থিতিৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিব পাৰিব।—হিতো. ১২:২৫; ইফি. ৪:২৯.
১১. যিহোৱা আৰু কোনটো দিশত দয়ালু হয়?
১১ যিহোৱাই বুদ্ধি দিয়ে। যাকোবে এইদৰে লিখিলে, “তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচ্না কৰক; তাতে তেওঁক দিয়া হব।” (যাকো. ১:৫) এই পদৰ পৰা জানিব পাৰি যে যিহোৱাই মন খুলি সকলোকে বুদ্ধি দিয়ে। এয়াও মন কৰিবলগীয়া কথা যে তেওঁ “গৰিহণা নকৰাকৈ অকাতৰে” এইদৰে কৰে। তেওঁ আমাক অনুভৱ নকৰাই যে আমি কোনো এটা বিষয়ত বহুত সৰু হওঁ বা বেছি কথা নাজানোঁ। ইয়াৰ পৰিৱৰ্তে তেওঁ আমাক বুদ্ধি বিচাৰিবলৈ অনুৰোধ কৰে। কাৰণ তেওঁ আমাক বুদ্ধি দিব বিচাৰে।—হিতো. ২:১-৬.
১২. আমি আনৰ লগত নিজৰ জ্ঞান আৰু বুদ্ধি কেনেকৈ বিলাব পাৰোঁ?
১২ আমি যিহোৱাৰ দৰে হʼব পাৰোঁ নে আৰু আনক নিজৰ জ্ঞান আৰু বুদ্ধি বিলাব পাৰোঁ নে? নিশ্চয় পাৰোঁ। (গীত. ৩২:৮) আমাৰ ওচৰত এইদৰে কৰাৰ বহুতো সুযোগ আছে। উদাহৰণস্বৰূপে, আমি নতুন লোকসকলক ভালদৰে প্ৰচাৰ কৰিবলৈ শিকাব পাৰোঁ। প্ৰাচীনে ভাইসকলৰ লগত ধৈৰ্য্য ধৰিব পাৰে। তেওঁলোকে বাপ্তিষ্মা লোৱা ভাই আৰু পৰিচাৰকসকলক মণ্ডলীৰ দায়িত্ববোৰ কেনেকৈ পালন কৰা উচিত, তাৰ বিষয়ে শিকাব পাৰে। যিসকল ভাই-ভনীৰ সংগঠনৰ বিল্ডিঙৰ নিৰ্মাণ কাম কৰা আৰু তাৰ চোৱা-চিতা কৰাৰ অভিজ্ঞতা আছে, তেওঁলোকে কম অভিজ্ঞতা থকা ভাই-ভনীসকলক এই কাম শিকাব পাৰে।
১৩. আনক শিকোৱাৰ ক্ষেত্ৰত আমি কেনেকৈ যিহোৱাৰ দৰে হʼব পাৰোঁ?
১৩ আনক শিকোৱাৰ সময়ত বা তেওঁলোকক ট্ৰেইনিং দিয়াৰ সময়ত যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰক। যিহোৱাই হৃদয় খুলি নিজৰ বুদ্ধি আনক দিয়ে। ঠিক সেইদৰে আমিও নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ বিষয়ে আনক জনোৱা উচিত। আমি এইদৰে ভবা উচিত নহয়, ‘যদি মই তেওঁক সকলো কথা শিকাই দিওঁ, তেনেহʼলে তেওঁ হয়তো মোৰ ঠাই লৈ লʼব।’ আমি এইদৰেও ভবা উচিত নহয়, ‘মোক কোনেও শিকোৱা নাছিল, তেৱোঁ নিজে নিজে শিকক।’ ইয়াৰ পৰিৱৰ্তে আমি যি জানোঁ, আনন্দেৰে সেইবোৰ আনক জনোৱা উচিত আৰু তেওঁলোকক শিকাবলৈ মনে-প্ৰাণে চেষ্টা কৰা উচিত। (১ থিচ. ২:৮) আমি তেওঁলোকক এনেদৰে শিকোৱা উচিত যাতে তেওঁলোকে “অন্য লোককো শিকাবলৈ নিপুণ” হʼব পাৰে। (২ তীম. ২:১, ২) এইদৰে যেতিয়া আমি আনক নিজৰ জ্ঞান দিওঁ, তেতিয়া সকলোৰে লাভ হʼব আৰু আমাৰ সকলোৰে আনন্দ বাঢ়িব।
যেতিয়া কোনোবাই আপোনাক ধন্যবাদ নিদিয়ে
১৪. যেতিয়া আমি আনৰ বাবে কিবা কৰোঁ, তেতিয়া বহুতো লোকে কি কৰে?
১৪ যেতিয়া আমি মন খুলি আনক সহায় কৰোঁ বিশেষকৈ নিজৰ ভাই-ভনীসকলক, তেতিয়া প্ৰায়ে তেওঁলোকে আমাক ধন্যবাদ দিয়ে। যেনে, তেওঁলোকে হয়তো আমাক থেংকিউ কাৰ্ড দিয়ে বা আন উপায়েৰে নিজৰ কৃতজ্ঞতা দেখুৱায়। (কল. ৩:১৪, ১৫) যেতিয়া এইদৰে আনে আমাক কৃতজ্ঞতা দেখুৱায়, তেতিয়া আমাৰ আনন্দ আৰু বাঢ়ি যায়।
১৫. যদি কোনোবাই আমাক ধন্যবাদ নিদিয়ে, তেনেহʼলে আমি কি কথা মনত ৰখা উচিত?
১৫ কিন্তু এয়াও সঁচা যে কিছুমান লোকে আমাক ধন্যবাদ নিদিবও পাৰে বা আমাৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱাবও পাৰে। যেনে, আমি হয়তো এজন ভাই বা ভনীক সহায় কৰিবলৈ বহুত সময় দিলোঁ, পৰিশ্ৰম কৰিলোঁ আৰু নিজৰ সা-সজুলি ব্যৱহাৰ কৰিলোঁ। কিন্তু তেওঁ ইয়াৰ বাবে অলপো কৃতজ্ঞতা নেদেখুৱালে। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? আমি কেনেকৈ নিজৰ আনন্দ বজাই ৰাখিব পাৰোঁ আৰু নিৰাশ হোৱাৰ পৰা বাচি থাকিব পাৰোঁ? এই লেখৰ মুখ্য পদ পাঁচনিৰ কৰ্ম্ম ২০:৩৫ পদটো মনত ৰাখক, যাৰ পৰা জানিব পাৰি যে আনে আমাক ধন্যবাদ দিয়ে নে নিদিয়ে, ইয়াৰ ওপৰত আমাৰ আনন্দ নিৰ্ভৰ নকৰে। আনে আমাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওক বা নেদেখুৱাওক, আমি নিজৰ আনন্দ বজাই ৰাখিব পাৰোঁ। কেনেকৈ বাৰু? আহক ইয়াৰ কিছুমান উপায়ৰ বিষয়ে মন কৰোঁ।
১৬. যেতিয়া আমি আনৰ বাবে কিবা কৰোঁ, তেতিয়া আমি কি কথা মনত ৰখা উচিত?
১৬ মনত ৰাখক, আনক সহায় কৰি আপুনি যিহোৱাৰ দৰে হʼব পাৰে। যদিও লোকসকলে যিহোৱাক কৃতজ্ঞতা দেখুৱাই বা নেদেখুৱায়, তথাপি তেওঁ লোকসকলক ভাল বস্তুবোৰ দিয়ে। (মথি ৫:৪৩-৪৮) যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি আমি তেওঁৰ দৰে দি থাকোঁ আৰু “একো ঘূৰাই পোৱাৰ আশা” নকৰোঁ, তেনেহʼলে আমি ‘ডাঙৰ পুৰস্কাৰ পাম।’ (লূক ৬:৩৫) “একো ঘূৰাই পোৱাৰ আশা” নকৰাৰ অৰ্থ হৈছে আমি প্ৰশংসা আৰু ধন্যবাদ পোৱাৰ আশাও নকৰিম। সেইবাবে, কোনোবাই আমাক ধন্যবাদ দিয়ক বা নিদিয়ক, আমি মনত ৰাখিম যে যিহোৱাই সদায় আমাৰ ভাল কামৰ বাবে আমাক পুৰস্কাৰ দিব। কিয়নো “হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।”—হিতো. ১৯:১৭; ২ কৰি. ৯:৭.
১৭. যিহোৱাৰ দৰে হʼবলৈ আমি আৰু কি কৰিব পাৰোঁ? (লূক ১৪:১২-১৪)
১৭ দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা উপায়েৰে যিহোৱাৰ দৰে হʼব পাৰোঁ। ইয়াৰ বাবে আমি যীচুৱে লূক ১৪:১২-১৪ পদত দিয়া পৰামৰ্শ পালন কৰিব পাৰোঁ। (পঢ়ক।) এই পদত যীচুৱে এয়া কোৱা নাছিল যে সেই লোকসকলক অতিথি সৎকাৰ দেখুৱা বা তেওঁলোকক সহায় কৰাটো ভুল, যিসকলে তাৰ সলনি আমাক কিবা দিব পাৰে। কিন্তু আমাৰ যদি অনুভৱ হয় যে আমি আনৰ পৰা কিবা পোৱাৰ আশাত তেওঁলোকক সহায় কৰি আছোঁ, তেনেহʼলে আমি নিজৰ চিন্তাধাৰা শুধৰণি কৰা উচিত। আমি সেই লোকসকলকো অতিথি সৎকাৰ দেখুৱা উচিত আৰু সহায় কৰা উচিত, যিসকলে তাৰ সলনি আমাক একো দিব নোৱাৰে। এইদৰে কৰিলে আমি যিহোৱাৰ দৰে হʼব পাৰিম আৰু যেতিয়া কোনোবাই আমাক ধন্যবাদ নিদিয়ে, তেতিয়াও আমি আনন্দিত হৈ থাকিব পাৰিম।
১৮. আমি আমাৰ ভাই-ভনীসকলৰ বিষয়ে কি ভবা উচিত নহয় আৰু কিয়?
১৮ সন্দেহ নকৰিব। (১ কৰি. ১৩:৭) যেতিয়া আপুনি আনক সহায় কৰে আৰু তেওঁলোকে আপোনাক ধন্যবাদ নিদিয়ে, তেতিয়া তেওঁৰ ওপৰত সন্দেহ নকৰিব। তাৰ পৰিৱৰ্তে এয়া চিন্তা কৰক, ‘তেওঁ সঁচাকৈ মোৰ প্ৰতি কৃতজ্ঞ নহয় নে কেৱল ধন্যবাদ কʼবলৈ পাহৰি গʼল?’ আমি যিদৰে চিন্তা কৰোঁ হয়তো লোকসকলে সেইদৰে আমাৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱাবও পাৰে। কেতিয়াবা কেতিয়াবা কিছুমান লোকে মনৰ পৰা বহুত কৃতজ্ঞ হয়, কিন্তু তেওঁলোকে শব্দৰে প্ৰকাশ কৰিব নোৱাৰে। কেতিয়াবা কেতিয়াবা কিছুমান লোকে এয়া ভাবি লাজ অনুভৱ কৰে যে তেওঁলোকক সহায়ৰ প্ৰয়োজন হৈছে, কাৰণ আগতে তেওঁলোকে আনক সহায় কৰিছিল। যিয়েই নহওক কিয়, আমি আমাৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ। গতিকে আমি তেওঁলোকৰ বিষয়ে ভুল নুবুজিম। তাৰ পৰিৱৰ্তে আনন্দেৰে তেওঁলোকক সহায় কৰি থাকিম।—ইফি. ৪:১.
১৯-২০. যেতিয়া আমি আনক সহায় কৰোঁ, তেতিয়া আমি কিয় ধৈৰ্য্য ধৰা উচিত? (ছবিখনো চাওক।)
১৯ ধৈৰ্য্য ধৰক। আমি মন খুলি আনক সহায় কৰা উচিত। এই বিষয়ে ৰজা চলোমনে এইদৰে লিখিলে, “তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক আকৌ পাবা।” (উপ. ১১:১) ইয়াৰ পৰা জানিব পাৰি যে যেতিয়া আমি আনক সহায় কৰোঁ, তেতিয়া তেওঁলোকে হয়তো আমাক “অনেক দিনৰ পাছত” ধন্যবাদ দিব পাৰে। এই কথা বুজিবলৈ আহক এটা উদাহৰণলৈ মন কৰোঁ।
২০ বহু বছৰৰ আগতে এজন চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীয়ে এনে এজনী ভনীলৈ চিঠি লিখিছিল, যাৰ অলপতে বাপ্তিষ্মা হৈছিল। তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থকাৰ বিষয়ে চিঠিখনত লিখিলে। ইয়াৰ প্ৰায় আঠ বছৰৰ পাছত সেই ভনীয়ে চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীলৈ এখন চিঠি লিখিলে। তেওঁ এইদৰে কʼলে, “আপুনি কল্পনাও কৰিব নোৱাৰে যে যোৱা আঠ বছৰৰ পৰা আপুনি মোক কিমান সহায় কৰিছে। আপুনি মোক যি চিঠি দিছিল, সেয়া পঢ়ি মোৰ বহুত ভাল লাগিছিল। আপুনি তাত যি পদ লিখিছিল, সেয়া মোৰ হৃদয় স্পৰ্শ কৰিলে আৰু সেই পদটো মই কেতিয়াও নাপাহৰোঁ।” a তাৰ পাছত ভনীয়ে চিঠিত জনালে যে তাই কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল। তাই এইদৰে কʼলে, “বহু বাৰ মোৰ এনে লাগিছিল যেন মই সকলোবোৰ এৰি গুচি যাম আৰু যিহোৱাৰ সেৱা কৰিবলৈও এৰি দিম। কিন্তু আপুনি যি পদ লিখিছিল, সেয়া মই সদায় মনত ৰাখিলোঁ। তাৰ পৰা মই সাহস পালোঁ আৰু হাৰ নামানিলোঁ।” ভনীয়ে এয়াও কৈছে, “যোৱা আঠ বছৰত মই আপোনাৰ চিঠি আৰু তাত দিয়া পদৰ পৰা যি সাহস লাভ কৰিলোঁ, সিমান আন কোনো কথাৰ পৰা পোৱা নাছিলোঁ।” চিন্তা কৰক যেতিয়া চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীয়ে “অনেক দিনৰ পাছত” নিজৰ চিঠিৰ উত্তৰ পালে, তেতিয়া তেওঁৰ কেনে অনুভৱ হৈছিল। সঁচাকৈ, তেওঁ হয়তো বহুত আনন্দিত হʼল। আমাৰ লগতো এইদৰে হʼব পাৰে। আমি হয়তো কাৰোবাৰ বাবে কিবা কৰিলোঁ, কিন্তু বহু সময়ৰ পাছত তেওঁ আমাক ইয়াৰ বাবে ধন্যবাদ দিয়ে।
২১. আপুনি কিয় যিহোৱাৰ দৰে হʼব বিচাৰে আৰু মন খুলি আনক দিব বিচাৰে?
২১ আমি আৰম্ভণিতে আলোচনা কৰিছিলোঁ যে যিহোৱাই আমাক এটা বিশেষ দক্ষতা দি সৃষ্টি কৰিছে। যেতিয়া আনে আমাক কিবা দিয়ে, তেতিয়া আমি আনন্দ পাওঁ। কিন্তু যেতিয়া আমি আনক কিবা দিওঁ, তেতিয়া তাতকৈও বেছি আনন্দ পাওঁ। আমি আমাৰ ভাই-ভনীসকলক সহায় কৰি বহুত ভাল পাওঁ। যেতিয়া তেওঁলোকে আমাক ধন্যবাদ দিয়ে, আমাৰ প্ৰতি কৃজ্ঞতা দেখুৱায়, তেতিয়া আমি আনন্দিত হওঁ। কিন্তু আনে আমাক ধন্যবাদ নিদিলেও আমি এই কথাৰ পৰা আনন্দিত হʼব পাৰোঁ যে যিহোৱাৰ দৃষ্টিত যি সঠিক আমি সেয়াই কৰিলোঁ। ইয়াৰ লগতে আমি মনত ৰাখোঁ যে আমি আনক যিয়েই নিদিওঁ কিয়, “যিহোৱাই [আমাক] তাতকৈ অধিক দিব পাৰে।” (২ বং. ২৫:৯) যিহোৱাই আমাক বহুগুণে বেছি দিব পাৰে! যিহোৱাই আমাক পুৰস্কাৰ দিব, ইয়াতকৈ ডাঙৰ আনন্দৰ বিষয় আৰু কি হʼব পাৰে! গতিকে আহক আমি আমাৰ পিতৃ যিহোৱাৰ দৰে হওঁ আৰু মন খুলি আনক দি থাকোঁ।
গীত নং ১৭ “মই ইচ্ছা কৰিছোঁ”
b ছবিৰ বিষয়ে: চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীয়ে এজনী ভনীক উৎসাহিত কৰিবলৈ চিঠি লিখি আছে। বহু বছৰৰ পাছত চাৰ্কিট ওভাৰচিয়াৰৰ পত্নীয়ে এখন চিঠি পাইছে, যʼত সেই ভনীয়ে তেওঁক ধন্যবাদ জনাইছে। ছবিবোৰত সেই ভনীসকলক দেখুৱা নাই, যিসকলৰ অনুভৱ অনুচ্ছেদত দিয়া আছে।