পাঠকসকলৰ প্ৰশ্ন
যেতিয়া যীচুৱে প্ৰভুৰ ভোজ আৰম্ভ কৰিছিল, তেতিয়া সেই ৭০ জন শিষ্য কʼত আছিল, যিসকলক যীচুৱে প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল? তেওঁলোকে যীচুক এৰি দিছিল নে?
যীচুৰ সেই ৭০ জন শিষ্য প্ৰভুৰ ভোজত নাছিল। ইয়াৰ অৰ্থ এয়া নহয় যে যীচুৱে তেওঁলোকৰ পৰা আনন্দিত নাছিল বা তেওঁলোকে যীচুক এৰি দিছিল। যীচুৱে এই ভোজ কেৱল নিজৰ পাঁচনিসকলৰ লগতহে খাব বিচাৰিছিল।
যীচুৱে নিজৰ ১২ জন পাঁচনিৰ লগতে ৭০ জন শিষ্যৰ পৰাও আনন্দিত আছিল। যীচুৱে নিজৰ শিষ্যসকলক মাতিলে আৰু তেওঁলোকৰ মাজৰ ১২ জনক বাছনি কৰিলে আৰু তেওঁলোকক পাঁচনি নাম দিলে। (লূক ৬:১২-১৬) যেতিয়া যীচু গালীলত আছিল, তেতিয়া তেওঁ নিজৰ ১২ জন পাঁচনিক মাতিলে আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আৰু লোকসকলক সুস্থ কৰিবলৈ পঠিয়ালে। (লূক ৯:১-৬) ইয়াৰ পাছত যেতিয়া যীচু যিহূদিয়াত আছিল, তেতিয়া তেওঁ “আৰু ৭০ জন শিষ্যক বাছনি কৰিলে” আৰু ‘তেওঁলোকক দুজন দুজনকৈ পঠিয়ালে।’ (লূক ৯:৫১; ১০:১) ইয়াৰ পৰা জানিব পাৰি যে যীচুৰ শিষ্যসকল বেলেগ বেলেগ এলেকাত আছিল আৰু তেওঁলোকে যীচুৰ বিষয়ে প্ৰচাৰ কৰিছিল।
নিস্তাৰ পৰ্বৰ সময়ত যীচুৰ শিষ্যসকলে নিজৰ পৰিয়ালৰ লগত মিলি এই পৰ্ব উদযাপন কৰিছিল। (যাত্ৰা. ১২:৬-১১, ১৭-২০) মৃত্যুৰ আগত যীচুৱে নিজৰ পাঁচনিসকলৰ লগত এই পৰ্ব উদযাপন কৰিবলৈ যিৰূচালেমলৈ গৈছিল। কিন্তু তেওঁ যিহূদিয়া, গালীল আৰু পেৰিয়াত থকা সকলো শিষ্যক এই পৰ্ব উদযাপন কৰিবলৈ যিৰূচালেমলৈ মতা নাছিল। ইয়াৰ পৰা জানিব পাৰি যে যীচুৱে সেই সময়ত কেৱল নিজৰ পাঁচনিসকলৰ লগতহে সময় অতিবাহিত কৰিব বিচাৰিছিল। তেওঁ নিজৰ পাঁচনিসকলক কʼলে, “মই দুখ-কষ্ট ভোগাৰ আগতে তোমালোকৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খোৱাটো মোৰ বৰ আশা আছিল।”—লূক ২২:১৫.
যীচুৰ ওচৰত এইদৰে কৰাৰ এটা কাৰণ আছিল। তেওঁ ঈশ্বৰৰ ভেড়া আছিল আৰু অতি সোনকালে তেওঁ নিজৰ জীৱন দি “জগতৰ পাপ দূৰলৈ” লৈ গʼলহেঁতেন। (যোহ. ১:২৯) যিহোৱাৰ বাবে সকলো বলিদান যিৰূচালেমত উৎসৰ্গ কৰা হৈছিল। সেইবাবে, যীচুৱেও নিজৰ বলিদান যিৰূচালেমত দিলেহেঁতেন। নিস্তাৰ পৰ্ব দিনাখন যি ভেড়া খোৱা হৈছিল, সেয়া এই কথা মনত পেলাই দিছিল যে যিহোৱাই কেনেকৈ যিহূদীসকলক মিচৰৰ পৰা উদ্ধাৰ কৰিছিল। কিন্তু যীচুৰ বলিদান নিস্তাৰ পৰ্বৰ ভেড়াৰ পৰা বহুগুণে উত্তম আছিল। কিয়নো এই বলিদানৰ পৰা মানৱ জাতিয়ে পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পালেহেঁতেন। (১ কৰি. ৫:৭, ৮) যীচুৰ বলিদানৰ বাবেহে ১২ জন পাঁচনিয়ে আগলৈ গৈ খ্ৰীষ্টান মণ্ডলীৰ “ভিত্তিমূল“ হʼলহেঁতেন। (ইফি. ২:২০-২২) মন কৰিবলগীয়া আৰু এটা কথা যে পবিত্ৰ নগৰ যিৰূচালেম ‘বাৰটা ভিত্তিমূলত’ স্থাপন কৰা হৈছে আৰু তাত মেৰ পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে। (প্ৰকা. ২১:১০-১৪) এই বিশ্বাসী পাঁচনি যিহোৱাৰ উদ্দেশ্য পূৰ কৰাত এটা বিশেষ দায়িত্ব পালন কৰিলেহেঁতেন। এয়াই আটাইতকৈ ডাঙৰ কাৰণ হৈছে যে যীচুৱে কিয় নিজৰ পাঁচনিৰ লগত শেষবাৰৰ বাবে নিস্তাৰ পৰ্ব উদযাপন কৰিছিল আৰু তাৰ কিছু সময়ত পাছত প্ৰভুৰ ভোজ আৰম্ভ কৰিছিল।
এয়া সঁচা যে সেই ৰাতি ৭০ জন শিষ্য আৰু আন শিষ্যসকলে যীচুৰ লগত প্ৰভুৰ ভোজত নাছিল। কিন্তু এই ভোজৰ পৰা সকলো শিষ্যই লাভৱান হʼলহেঁতেন। যি শিষ্যসকলে আগলৈ গৈ পবিত্ৰ শক্তিৰে অভিষেক হʼলহেঁতেন, তেওঁলোকেও ৰাজ্যৰ এই চুক্তিত জড়িত হʼলহেঁতেন, যি যীচুৱে নিজৰ পাঁচনিসকলৰ লগত সেই ৰাতি কৰিছিল।—লূক ২২:২৯, ৩০.