Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৬

গীত নং ৮৯ শুনি পালন কৰা

“বাক্য পালন কৰোঁতা হোৱা”

“বাক্য পালন কৰোঁতা হোৱা”

“কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা।”যাকো. ১:২২

কি শিকিম?

এই লেখে আমাক প্ৰতিদিনে বাইবেল পঢ়িবলৈ, পঢ়া কথাবোৰৰ ওপৰত গভীৰভাৱে মনন কৰিবলৈ আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰিব।

১-২. যিহোৱাৰ সেৱকসকলে কিয় আনন্দিত থাকে? (যাকোব ১:২২-২৫)

 আমি আনন্দিত থকাটো যিহোৱা আৰু যীচুৱে বিচাৰে। কিন্তু আমি কেনেকৈ আনন্দিত থাকিব পাৰোঁ? গীতমালা ১১৯-ৰ লেখকজনে কৈছে, “যিবিলাকে তেওঁৰ সাক্ষ্যবোৰ পালন কৰে, সিবিলাক ধন্য; যিবিলাকে সমস্ত মনেৰে তেওঁক বিচাৰে, সিবিলাক ধন্য।” (গীত. ১১৯:২) যীচুৱেও কৈছে, “তেওঁলোকহে সুখী, যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে!”—লূক ১১:২৮.

যিহোৱাৰ সেৱকসকলে আনন্দত থকাৰ বহুতো কাৰণ আছে। কিন্তু আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমি প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়োঁ আৰু ইয়াৰ পৰা যি শিকোঁ, তাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।—যাকোব ১:২২-২৫ পঢ়ক।

৩. যেতিয়া আমি ঈশ্বৰৰ বাক্য পঢ়োঁ আৰু তাৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেতিয়া আমি কি কি আশীৰ্বাদ লাভ কৰোঁ?

যেতিয়া আমি বাক্য পালন কৰোঁ, তেতিয়া আমি বহুতো আশীৰ্বাদ লাভ কৰোঁ। বাইবেলত দিয়া কথাবোৰ পালন কৰিলে আমি যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ আৰু ইয়াৰ বাবে আমি আনন্দিত হওঁ। (উপ. ১২:১৩) ইয়াৰ লগতে, বাইবেলত দিয়া পৰামৰ্শ পালন কৰিলে আমাৰ পৰিয়ালত সুখ-শান্তি থাকে আৰু মণ্ডলীত ভাই-ভনীসকলৰ লগতো আমাৰ এক ভাল সম্পৰ্ক থাকে। এইদৰে হোৱাটো আপুনিও নিশ্চয় দেখিছে। ইয়াৰ উপৰিও, যিহোৱাৰ আজ্ঞা পালন নকৰা লোকসকলৰ ওপৰত যিবোৰ সমস্যা আহে, আমি সেইবোৰৰ পৰাও বাচি থাকিব পাৰোঁ। দায়ূদে একেবাৰে সঁচা কথা কৈছিল, যিহোৱাৰ নিয়ম, তেওঁৰ আজ্ঞা আৰু তেওঁৰ নিৰ্দেশনাবোৰ পালন কৰিলে লাভ হয়।—গীত. ১৯:৭-১১.

৪. ঈশ্বৰৰ বাক্যৰ অনুসৰি চলাটো কিয় সহজ নহয়?

ঈশ্বৰৰ বাক্যৰ অনুসৰি চলিবলৈ বাইবেল পঢ়া আৰু অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ। তেতিয়াহে আমি বুজিব পাৰিম যে যিহোৱাই আমাৰ পৰা কি বিচাৰে। কিন্তু আমি প্ৰতিদিনে বহুতো কাম কৰিবলগীয়া হয়। সেইবাবে, প্ৰতিদিনে বাইবেল পঢ়াটো সহজ নহয়। ইয়াৰ বাবে আমি সময় উলিয়াব লাগিব। প্ৰতিদনে বাইবেল পঢ়িবলৈ আমি কি কৰিব পাৰোঁ, তাৰ কিছুমান উপায়ৰ বিষয়ে আমি এই লেখত চাম। আমি এয়াও চাম যে আমি যি পঢ়োঁ, তাৰ বিষয়ে আমি কেনেকৈ গভীৰভাৱে চিন্তা কৰিব পাৰোঁ আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিব পাৰোঁ।

বাইবেল পঢ়িবলৈ সময় নিৰ্ধাৰিত কৰক

৫. কোনবোৰ কাম কৰিবলৈ আমাৰ বহুত সময়ৰ প্ৰয়োজন হয়?

যিহোৱাৰ উপাসকসকলে বহুত ব্যস্ত হৈ থাকে। আমাৰ বহুতো কাম থাকে। যেনে, নিজৰ আৰু নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ কিছুমানে চাকৰি কৰিবলগীয়া হয়। (১ তীম. ৫:৮) কিছুমানে বৃদ্ধ মা-দেউতা আৰু বেমাৰ হোৱা সম্বন্ধীয়াসকলৰ চোৱা-চিতা কৰিবলগীয়া হয়। আমি নিজৰো স্বাস্থ্যৰ চোৱা-চিতা কৰিবলগীয়া হয়। ইয়াৰ উপৰিও, মণ্ডলীত আমাৰ আন দায়িত্ববোৰো থাকে আৰু আনক উৎসাহেৰে শুভবাৰ্তা জনোৱাত আমি ব্যস্ত হৈ থাকোঁ, যি আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। এই সকলো দায়িত্ব পূৰ কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। তেনেহʼলে প্ৰতিদিনে বাইবেল পঢ়িবলৈ আৰু মনন কৰিবলৈ কেনেকৈ সময় উলিয়াব পাৰোঁ আৰু শিকা কথাৰ অনুসৰি কেনেকৈ জীৱন-যাপন কৰিব পাৰোঁ?

৬. প্ৰতিদিনে বাইবেল পঢ়িবলৈ আপুনি কি কৰিব পাৰে? (ছবিখনো চাওক।)

খ্ৰীষ্টানসকলে প্ৰতিদিনে বাইবেল পঢ়াটো অতি গুৰুত্বপূৰ্ণ। (ফিলি. ১:১০) গীত ৰচক এজনে এইদৰে কৈছে, ‘যি জনে যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য।’ (গীত. ১:১, ২) ইয়াৰ পৰা জানিব পাৰি যে আমি প্ৰতিদিনে বাইবেল পঢ়িবলৈ সময় উলিওৱা উচিত। কিন্তু বাইবেল পঢ়িবলৈ কোনটো সময় ভাল হʼব? সকলোকে বেলেগ বেলেগ সময়ত বাইবেল পঢ়িবলৈ ভাল লাগিব পাৰে। প্ৰতিদিনে বাইবেল পঢ়িবলৈ আপুনি এটা সময় বাছনি কৰিব পাৰে। ভাই বিক্টৰে কয়, “মোক ৰাতিপুৱা বাইবেল পঢ়িবলৈ ভাল লাগে। সোনকালে উঠিবলৈ মোক ভাল নালাগে, কিন্তু যেতিয়া মই ৰাতিপুৱা বাইবেল পঢ়োঁ, তেতিয়া মই সম্পূৰ্ণ ধ্যান দিব পাৰোঁ আৰু মোৰ ধ্যান বিচলিত নহয়।” আপোনাকো ৰাতিপুৱা বাইবেল পঢ়িবলৈ ভাল লাগে নে? যদি নালাগে, তেনেহʼলে নিজকে সোধক, ‘মোৰ বাবে কোনটো সময় সঠিক হʼব?’

চিন্তা কৰক প্ৰতিদিনে বাইবেল পঢ়িবলৈ কোনটো সময় ভাল হʼব আৰু প্ৰতিদিনে সেই সময়তে পঢ়িবলৈ চেষ্টা কৰক (অনুচ্ছেদ ৬ চাওক)


পঢ়া কথাবোৰৰ ওপৰত মনন কৰক

৭-৮. যদি আমি বাইবেলৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼব বিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত? বুজাওক।

হয়তো আপুনি বাইবেল পঢ়িবলৈ এটা সময় নিৰ্ধাৰিত কৰিছে। কিন্তু আপুনি পঢ়া আৰু বুজা কথা মনত ৰখাটো প্ৰয়োজন। কেতিয়াবা কেতিয়াবা এনে হʼব পাৰে যে আপুনি বহুত কিছু পঢ়িলে, কিন্তু কিছু সময়ৰ পাছত সকলোবোৰ পাহৰি থাকিলে। আমাৰ সকলোৰে লগত এইদৰে হয়। কেতিয়াবা কেতিয়াবা বাইবেল পঢ়াৰ পাছতো এইদৰে হʼব পাৰে। প্ৰতিদিনে আমি বাইবেলৰ কিমান অধ্যায় পঢ়িম, এয়া হয়তো আমি চিন্তা কৰিব পাৰোঁ। এইদৰে কৰাটো ভাল। আমি লক্ষ্য ৰখা আৰু তাক পূৰ কৰিবলৈ চেষ্টাও কৰা উচিত। (১ কৰি. ৯:২৬) কিন্তু বাইবেল পঢ়াটো প্ৰথম পদক্ষেপ হয়, এয়া কেৱল আৰম্ভণিহে মাথোন। যদি আমি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼব বিচাৰোঁ, তেনেহʼলে আমি আৰু কিছুমান কাম কৰিব লাগিব। আমি কি কৰিব লাগিব?

ক্ষন্তেকৰ বাবে এটা উদাহৰণলৈ মন কৰক। বৰষুণৰ পানী আমাৰ আৰু গছ-গছনিৰ বাবে অতি প্ৰয়োজন। কিন্তু প্ৰয়োজনতকৈ বেছি বৰষুণ পৰি থাকিলে কি হʼব পাৰে? যদি এইদৰে হয়, তেনেহʼলে সকলো ঠাইত বোকা হৈ যাব আৰু বৰষুণৰ একো লাভ নহʼব। কিন্তু যেতিয়া অলপ অলপ বৰষুণ পৰে, তেতিয়া মাটিয়ে পানী শুহিবলৈ সময় পায়। ইয়াৰ বাবে গছ-গছনি বাঢ়ে। ঠিক সেইদৰে যদি আমি খৰখেদাকৈ বাইবেল পঢ়োঁ, তেনেহʼলে ইয়াৰ পৰা আমাৰ একো লাভ নহʼব। এইদৰে কৰিলে আমি ইয়াৰ সকলো কথা শুহিব নোৱাৰিম অৰ্থাৎ আমি যি পঢ়োঁ, সেয়া বুজিব নোৱাৰিম আৰু তাক মনতো ৰাখিব নোৱাৰিম।—যাকো. ১:২৪.

বৰষুণৰ পানী শুহিবলৈ মাটিক সময় লাগে, তেতিয়াহে গছ-গছনি বাঢ়ে। তেনেকৈ বাইবেলৰ পৰা লাভৱান হʼবলৈ আমি সময় উলিয়াই মনন কৰিব লাগিব আৰু সেই অনুসৰি জীৱন-যাপন কৰিব লাগিব (অনুচ্ছেদ ৮ চাওক)


৯. যদি আপুনি খৰখেদাকৈ বাইবেল পঢ়ে, তেনেহʼলে কি কৰিব পাৰে?

আপুনিও খৰখেদাকৈ বাইবেল পঢ়ে নে? যদি পঢ়ে, তেনেহʼলে আপুনি কি কৰিব পাৰে? পঢ়া কথাবোৰৰ ওপৰত মনন কৰিবলৈ আপুনি খৰখেদাকৈ বাইবেল নপঢ়িব। এইদৰে কৰিবলৈ যদি আপোনাক কঠিন লাগে, তেনেহʼলে ভয় নাখাব। মনন কৰাটো কোনো ডাঙৰ কাম নহয়। ইয়াৰ বাবে আপুনি যি পঢ়িছে তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিব লাগিব। সেইবাবে, অধ্যয়ন কৰিবলৈ আৰু তাৰ ওপৰত মনন কৰিবলৈ আৰু সময় উলিয়াওক। আপুনি যদি বিচাৰে কিছুমান পদ পঢ়িব পাৰে আৰু বাকী সময়খিনিত তাৰ বিষয়ে মনন কৰিব পাৰে। ভাই বিক্টৰে এইদৰে কয়, “মই ৰাতিপুৱা সোনকালে উঠি প্ৰায় বাইবেলৰ এটা অধ্যায় পঢ়োঁ, যাতে মই যি পঢ়িলোঁ তাৰ ওপৰত গোটেই দিন মনন কৰিব পাৰোঁ। আপুনি যিমানে অধ্যায় নপঢ়ক কিয়, আপুনি পঢ়া কথাবোৰৰ পৰা লাভৱান হʼবলৈ আৰামেৰে পঢ়ক।—গীত. ১১৯:৯৭; “ নিজকে এই প্ৰশ্নবোৰ সোধক” নামৰ বক্সখন চাওক।

১০. আপুনি পঢ়াৰ অনুসৰি জীৱন-যাপন কৰিবলৈ কি কৰিব পাৰে? (১ থিচলনীকীয়া ৫:১৭, ১৮)

১০ আপুনি যেতিয়াই বাইবেল পঢ়ক বা যিমান দেৰিলৈকে নপঢ়ক কিয়, সেই অনুসৰি জীৱন-যাপন কৰিছে নে নাই সেয়াহে গুৰুত্বপূৰ্ণ। বাইবেলৰ এটা অংশ পঢ়াৰ পাছত নিজকে সোধক, ‘মই আজি বা আহিবলগীয়া সময়ত বাইবেলৰ এই কথাৰ অনুসৰি কেনেকৈ চলিব পাৰোঁ।’ ইয়াৰ বাবে আহক এটা উদাহৰণ চাম। ধৰি লওক, আপুনি প্ৰথম থিচলনীকীয়া ৫:১৭, ১৮ পঢ়ি আছে। (পঢ়ক।) এই পদ পঢ়াৰ পাছত অলপ সময় ৰৈ চিন্তা কৰক, ‘মই কিমান বাৰ চিন্তা কৰোঁ আৰু কিমান হৃদয়েৰে কৰোঁ?’ আপুনি সেই কথাবোৰৰ বিষয়েও চিন্তা কৰিব পাৰে, যাৰ বাবে আপুনি যিহোৱাৰ প্ৰতি কৃতজ্ঞ। আপুনি এনে তিনিটা কথাৰ বিষয়ে চিন্তা কৰিব পাৰে আৰু তাৰ বাবে যিহোৱাক ধন্যবাদ দিব পাৰে। এইদৰে যেতিয়া আপুনি ধ্যান দি বাইবেল পঢ়ে আৰু তাৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপুনি কেৱল শুনোঁতা নহয় তাৰ অনুসৰি জীৱন-যাপন কৰোঁতা ব্যক্তি হʼব। যদি আপুনি প্ৰতিদিনে এইদৰে কৰে, তেনেহʼলে চিন্তা কৰক আপোনাৰ কিমান লাভ হʼব। আপুনি আৰু ভালদৰে বাইবেলত লিখা কথাবোৰ পালন কৰিব পাৰে। কিন্তু যদি আপোনাৰ অনুভৱ হয় যে বহুতো কথাত আপোনাৰ শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে আপুনি কি কৰিব?

নিজকে শুধৰণি কৰক

১১. বাইবেল পঢ়াৰ সময়ত কেতিয়াবা কেতিয়াবা আপোনাৰ কেনে অনুভৱ হʼব পাৰে? এটা উদাহৰণ দিয়ক।

১১ যেতিয়া আপুনি বাইবেল পঢ়ে আৰু তাৰ ওপৰত মনন কৰে, তেতিয়া হয়তো অনুভৱ হয় যে বহুতো কথাত আপোনাক শুধৰণি কৰাৰ প্ৰয়োজন আছে। এনে সময়ত হয়তো আপুনি চিন্তিত হʼব পাৰে। এই কথা বুজিবলৈ আহক এটা উদাহৰণলৈ মন কৰোঁ। ধৰি লওক, আপুনি যাকোবৰ কিতাপ পঢ়ি আছে। প্ৰথম দিনা আপুনি পঢ়ে যে খ্ৰীষ্টানসকলে পক্ষপাত কৰা উচিত নহয়। (যাকো. ৩:১-৮) আপুনি ভাবিবলৈ ধৰে ‘মোক এই ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে, কাৰণ মই কেতিয়াবা কেতিয়াবা আনৰ লগত ভালদৰে ব্যৱহাৰ নকৰোঁ।’ এইদৰে চিন্তা কৰাটো ভাল! দ্বিতীয় দিনা আপুনি পঢ়ে যে আপুনি নিজৰ কথা-বতৰাত নিয়ন্ত্ৰণ কৰা উচিত। (যাকো. ৩:১-১২) আপুনি ভাবিবলৈ ধৰে ‘কেতিয়াবা কেতিয়াবা মই এনে কিবা কৈ দিওঁ যাৰ পৰা আনে আঘাত পায়। এতিয়াৰ পৰা মই কেৱল আনে উৎসাহিত হোৱা কথাবোৰে কʼম।’ তৃতীয় দিনা আপুনি পঢ়ে যে ঈশ্বৰৰ সেৱকসকলে জগতৰ লগত বন্ধুত্ব নকৰে। (যাকো. ৪:৪-১২) এইবাৰ আপুনি ভাবিবলৈ ধৰে যে ‘মই কেনেধৰণৰ মনোৰঞ্জন কৰোঁ। মোক এই ক্ষেত্ৰত আৰু ধ্যান দিয়াৰ প্ৰয়োজন আছে।’ চতুৰ্থ দিনলৈকে আপুনি হয়তো ভাবিবলৈ ধৰে ‘মই ইমানখিনি শুধৰণি কৰিব লাগিব, এইবোৰ মই কেনেকৈ কৰিম?’

১২. যদি আপোনাৰ অনুভৱ হয় যে আপুনি বহুতো ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে আপুনি কিয় নিৰাশ হোৱা উচিত নহয়? (ফুটনোটো চাওক।)

১২ যদি আপোনাৰ অনুভৱ হয় যে আপুনি বহুতো ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে নিৰাশ নহʼব। ইয়ে দেখুৱাই যে আপুনি নম্ৰ আৰু ভাল মনৰ ব্যক্তি হয়। এজন নম্ৰ ব্যক্তি বাইবেল পঢ়াৰ সময়ত চিন্তা কৰে যে তেওঁ কʼত সাল-সলনি কৰাৰ প্ৰয়োজন আছে। a আপুনি এয়াও মনত ৰাখিব পাৰে যে ‘নতুন পুৰুষক’ পিন্ধিবলৈ সদায় নিজকে শুধৰণি কৰি থাকিব লাগিব। (কল. ৩:১০) ঈশ্বৰৰ বাক্যৰ অনুসৰি জীৱন-যাপন কৰিবলৈ কিহে আপোনাক সহায় কৰিব?

১৩. যেতিয়া আপুনি গʼম পাই যে আপোনাক বহুতো ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেতিয়া আপুনি কি কৰিব? (ছবিখনো ছাওক।)

১৩ যেতিয়া আপুনি গʼম পাই যে আপুনি কি কি ক্ষেত্ৰত শুধৰণি কৰিব লাগিব, তেতিয়া আপুনি কি কৰিব পাৰে? এবাৰতে সকলো ক্ষেত্ৰত শুধৰণি কৰিম বুলি নাভাৱিব। (হিতো. ১১:২) ইয়াৰ পৰিৱৰ্তে লিখি ৰাখক যে আপুনি কি কি ক্ষেত্ৰত শুধৰণি কৰিব। তাৰ পাছত এটা বা দুটা ক্ষেত্ৰত শুধৰণি কৰক আৰু বাকীখিনি পিছত কৰিম বুলি এৰি দিয়ক। কিন্তু প্ৰশ্ন হৈছে যে আপুনি প্ৰথমে কোনটো ক্ষেত্ৰত শুধৰণি কৰিব?

একেলগে বহুতো ক্ষেত্ৰত শুধৰণি কৰাৰ পৰিৱৰ্তে এবাৰতে এটা বা দুটা ক্ষেত্ৰত শুধৰণি কৰক (অনুচ্ছেদ ১৩-১৪ চাওক)


১৪. আপুনি প্ৰথমে কোনটো ক্ষেত্ৰত শুধৰণি কৰিব পাৰে?

১৪ আপুনি প্ৰথমে এনে ক্ষেত্ৰত শুধৰণি কৰাৰ বিষয়ে চিন্তা কৰিব পাৰে, যি আপোনাৰ বাবে সহজ হʼব বা এনে ক্ষেত্ৰৰ বিষয়েও চিন্তা কৰিব পাৰে যʼত আপোনাক সকলোতকৈ বেছি শুধৰণি কৰাৰ প্ৰয়োজন আছে। আপুনি কোনটো ক্ষেত্ৰত শুধৰণি কৰিব এয়া নিৰ্ণয় লোৱাৰ পাছত, তাৰ বিষয়ে আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰে। আপুনি যদি বিচাৰে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড্‌ বা ৱাচ টাৱাৰ অনলাইন লাইব্ৰেৰীত ইয়াৰ বিষয়ে অনুসন্ধান কৰিব পাৰে। আপুনি যিহোৱাক প্ৰাৰ্থনা কৰিব পাৰে যাতে তেওঁ এই ক্ষেত্ৰত শুধৰণি কৰিবলৈ আপোনাৰ ইচ্ছা জগাই আৰু এয়া পূৰ কৰিবলৈ আপোনাক শক্তিও দিয়ে। (ফিলি. ২:১৩) পাছত শুধৰণি কৰিবলৈ আপুনি প্ৰয়োজনীয় পদক্ষেপ লওক। যেতিয়া আপুনি এটা ক্ষেত্ৰত শুধৰণি কৰিব, তেতিয়া আন ক্ষেত্ৰতো শুধৰণি কৰিবলৈ আপোনাৰ মন যাব। সঁচাকৈ, যেতিয়া আমি এটা ক্ষেত্ৰত শুধৰণি কৰোঁ বা কোনো এটা গুণ বঢ়াও, তেতিয়া আন ক্ষেত্ৰতো শুধৰণি কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰে।

ঈশ্বৰৰ বাক্যক নিজৰ ওপৰত “কাম” কৰিবলৈ দিয়ক

১৫. বাইবেল পঢ়াৰ ক্ষেত্ৰত যিহোৱাৰ লোকসকলে জগতৰ লোকসকলৰ পৰা কেনেকৈ বেলেগ? (১ থিচলনীকীয়া ২:১৩)

১৫ কিছুমান লোকে কয় যে তেওঁলোকে বহুবাৰ বাইবেল পঢ়িছে। কিন্তু সঁচাকৈ তেওঁলোকে বাইবেলত লিখা কথাবোৰৰ ওপৰত বিশ্বাস কৰে নে আৰু সেই অনুসৰি জীৱন-যাপন কৰে নে? বেছিভাগ লোকে এইদৰে নকৰে। কিন্তু যিহোৱাৰ লোকসকলে জগতৰ লোকসকলৰ পৰা একেবাৰে বেলেগ। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে তেওঁলোকে বাইবেলক ‘ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰে।’ তেওঁলোকে ইয়াত লিখা কথাবোৰৰ অনুসৰি জীৱন-যাপন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে।—১ থিচলনীকীয়া ২:১৩ পঢ়ক।

১৬. আমি ঈশ্বৰৰ বাক্যৰ অনুসৰি জীৱন-যাপন কৰা ব্যক্তি কেনেকৈ হʼব পাৰোঁ?

১৬ ঈশ্বৰৰ বাক্য পঢ়া আৰু সেই অনুসৰি জীৱন-যাপন কৰাটো সদায় সহজ নহয়। প্ৰতিদিনে বাইবেল পঢ়িবলৈ সময় উলিয়াবলৈ কঠিন হʼব পাৰে। সেইবাবে, আমি খৰখেদাকৈ বাইবেল পঢ়োঁ আৰু তাৰ বিষয়ে গভীৰভাৱে চিন্তা নকৰোঁ। এয়াও হʼব পাৰে যে আমি বহুতো বিষয়ত শুধৰণি কৰিব লাগিব বুলি চিন্তিত হৈ পৰোঁ। এই সমস্যাবোৰ হয়তো আমাৰ বাবে বহুত ডাঙৰ বোজা যেন অনুভৱ হʼব পাৰে। কিন্তু যিহোৱাৰ সহায়ত আমি এয়া পাৰ কৰিব পাৰিম। গতিকে, আহক আমি যিহোৱাৰ পৰামৰ্শ মানো আৰু বাক্য শুনি পালন কৰা ব্যক্তি হʼম। মনত ৰাখক আমি যিমানে ঈশ্বৰৰ বাক্য পঢ়িম আৰু সেই অনুসৰি জীৱন-যাপন কৰিম, সিমানে আমি আনন্দিত থাকিম।—যাকো. ১:২৫.

গীত নং ৯৪ যিহোৱাৰ বাক্যৰ প্ৰতি কৃতজ্ঞ

a jw.org-ত দিয়া ভিডিঅʼ আপোনাৰ সমনীয়াই কি কয়—বাইবেল পঢ়া চাওক।