Skip to content

Skip to table of contents

জীৱন কাহিনী

যিহোৱাৰ সেৱাত বহুতো আশীৰ্বাদ পালোঁ

যিহোৱাৰ সেৱাত বহুতো আশীৰ্বাদ পালোঁ

এয়া ১৯৫১ চনৰ কথা। মই কানাডাৰ কিউবেক প্ৰান্তৰ পৰা ৰুৱান নামৰ এখন সৰু চহৰত অলপতে আহি পাইছিলোঁ। মোৰ ওচৰত এখন ঘৰৰ ঠিকনা আছিল। মই তালৈ গʼলোঁ আৰু দুৱাৰ টুকুৰিয়ালোঁ। ভাই মাৰ্চেল ফিল্টʼৱে a দুৱাৰ খুলিলে। তেওঁ গিলিয়াড স্কুললৈ গৈছিল আৰু এজন মিচনেৰী আছিল। তেওঁৰ বয়স ২৩ বছৰ আছিল আৰু তেওঁ দেখাত বহুত ওখ আছিল। মই ১৬ বছৰৰ আছিলোঁ আৰু তেওঁৰ পৰা বহুত চাপৰ আছিলোঁ। মই তেওঁক এখন চিঠি দিলোঁ আৰু সেইখনত লিখা আছিল যে মোক সেই ঠাইখনত অগ্ৰগামী সেৱক হিচাপে সেৱা কৰিবলৈ পঠিওৱা হৈছে। সেই চিঠিখন পঢ়ি তেওঁ মোৰ ফালে চাই সুধিলে, “তুমি ইয়ালৈ আহিছা বুলি তোমাৰ মায়ে জানে নে?”

মা যিহোৱাৰ সাক্ষী আছিল, কিন্তু দেউতা নাছিল

মোৰ জন্ম ১৯৩৪ চনত হৈছিল। মোৰ মা-দেউতা চুইজাৰলেণ্ডৰ পৰা কানাডাৰ অণ্টাৰিঅʼ প্ৰান্তত গৈ থাকিবলৈ ধৰিলে। আমি টিমিন্স নামৰ এখন সৰু চহৰত থাকিছিলোঁ, যি সোনৰ খনিৰ বাবে জনাজাত আছিল। মায়ে প্ৰায় ১৯৩৯ চনৰ পৰা প্ৰহৰীদুৰ্গ পত্ৰিকা পঢ়িবলৈ আৰু যিহোৱাৰ সাক্ষীসকলৰ সভালৈ যাবলৈ আৰম্ভ কৰিলে। তেওঁ মোক আৰু মোৰ ছয়জন ভাই-ভনীক সভালৈ লগত লৈ গৈছিল। কিছু সময়ৰ পাছতে তেওঁ যিহোৱাৰ সাক্ষী হʼল।

দেউতাই মাৰ এই নিৰ্ণয় ভাল পোৱা নাছিল। কিন্তু মাৰ সত্যৰ প্ৰতি বহুত প্ৰেম আছিল আৰু তেওঁ থিৰাং কৰিছিল যে যিয়েই নহওক কিয়, তেওঁ যিহোৱাক কেতিয়াও নেৰিব। চন ১৯৪০-ৰ আৰম্ভণিত যেতিয়া কানাডাত যিহোৱাৰ সাক্ষীসকলৰ কাম নিষেধ কৰা হৈছিল, তেতিয়াও মায়ে যিহোৱাৰ সেৱা কৰি আছিল। দেউতাই মাক বহুত বেয়াকৈ কৈছিল, কিন্তু মায়ে সদায় তেওঁক সন্মান কৰিছিল আৰু প্ৰেমেৰে ব্যৱহাৰ কৰিছিল। মাৰ এই ব্যৱহাৰ চাই আমাৰ বহুত ভাল লাগিল আৰু আমিও যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলোঁ। লাহে লাহে দেউতাৰ স্বভাৱ সলনি হʼল আৰু তেওঁ আমাৰ লগত ভালদৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে।

পূৰ্ণ সময়ৰ সেৱা আৰম্ভ কৰিলোঁ

মই ১৯৫০ চনৰ আগষ্ট মাহত ‘ঈশ্বৰশাসিত প্ৰগতি সন্মিলনলৈ’ গৈছিলোঁ, যি আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰত ৰখা হৈছিল। তাত বেলেগ বেলেগ দেশৰ ভাই-ভনীসকল আহিছিল। তেওঁলোকৰ লগত সংগতি কৰি মোৰ বহুত ভাল লাগিল। যেতিয়া মই গিলিয়াড স্কুললৈ যোৱা ভাই-ভনীসকলৰ অনুভৱ শুনিলোঁ, তেতিয়া যিহোৱাৰ সেৱা কৰিবলৈ ময়ো উৎসাহ পালোঁ আৰু মই পূৰ্ণ সময়ৰ সেৱা কৰিম বুলি থিৰাং কৰিলোঁ। মই ঘৰলৈ গৈ পোৱাৰ লগে লগে অগ্ৰগামী সেৱা কৰাৰ ফৰ্ম পূৰ কৰিলোঁ। তেতিয়া কানাডাৰ শাখা কাৰ্য্যালয়ৰ পৰা মোলৈ এখন চিঠি আহিছিল আৰু তেওঁলোকে মোক প্ৰথমে বাপ্তিষ্মা লʼবলৈ কʼলে। সেই বছৰতে ১ অক্টোবৰত মই বাপ্তিষ্মা লʼলোঁ। ইয়াৰ এমাহৰ পাছত মই অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু মোক কাপছকেছিংগ নামৰ চহৰলৈ পঠিওৱা হʼল, যি আমাৰ ঘৰৰ পৰা বহু কিলোমিটাৰ দূৰত আছিল।

কিউবেকত প্ৰচাৰ কৰাৰ সময়ত

চন ১৯৫১-ত শাখা কাৰ্য্যালয়ৰ পৰা এখন চিঠি আহিছিল। সেই চিঠিখনত লিখা আছিল যে যিসকল ভাই-ভনীয়ে ফ্ৰান্স ভাষা কয়, তেওঁলোকে কিউবেকলৈ গৈ সেৱা কৰাৰ কথা ভাবিব পাৰে, যʼত ফ্ৰান্স ভাষা কোৱা বহুতো লোক আছে। মই সৰুৰে পৰা ইংৰাজী আৰু ফ্ৰান্স ভাষা জানিছিলোঁ। সেইবাবে, মই কিউবেকলৈ যাবলৈ সাজু হʼলোঁ। তেতিয়া শাখা কাৰ্য্যালয়ে মোক ৰুৱান চহৰলৈ পঠিয়ালে। মই সেই ঠাইৰ কাকো চিনি পোৱা নাছিলোঁ। শাখা কাৰ্য্যালয়ে মোক এটা ঠিকনা দিছিল, যʼত মই যাবলগীয়া আছিল। এই কাহিনীৰ আৰম্ভণিত মই ইয়াৰ বিষয়েই জনাইছিলোঁ। ভাই মাৰ্চেল আৰু মই ভাল বন্ধু হৈ পৰিলোঁ। মই চাৰি বছৰলৈকে কিউবেকত ভালদৰে সেৱা কৰিলোঁ আৰু তাতে মই বিশেষ অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ।

মই গিলিয়াডলৈ গʼলোঁ, কিন্তু আশা পূৰ হʼবলৈ অপেক্ষা কৰিবলগীয়া হʼল

যেতিয়া মই কিউবেকত সেৱা কৰি আছিলোঁ, তেতিয়া মোক গিলিয়াদৰ ২৬তম ক্লাচৰ বাবে মাতা হʼল। এই ক্লাচ নিউ ইয়ৰ্কৰ চাউথ লেছিংগ চহৰত ৰখা হৈছিল। সেই সময়ত মই বহুত আনন্দিত আছিলোঁ। মই ফেব্ৰুৱাৰী ১২, ১৯৫৬ চনত গিলিয়াড স্কুলৰ পৰা গ্ৰেজুৱেট হʼলোঁ আৰু মোক পশ্চিম আফ্ৰিকাৰ ঘানা b দেশলৈ পঠিওৱা হʼল। ঘানালৈ যোৱাৰ আগতে মই কিছু সপ্তাহৰ বাবে কানাডালৈ যাবলগীয়া আছিল, যাতে যাত্ৰাৰ বাবে সকলো কাগজ-পত্ৰ তৈয়াৰ কৰিব পাৰোঁ।

কিন্তু এই কাগজ-পত্ৰ তৈয়াৰ কৰিবলৈ মই সাত মাহ টৰণ্টত থাকিবলগীয়া হʼল। সেই সময়ছোৱাত মই ভাই ক্ৰীপ্ছৰ ঘৰত থাকিছিলোঁ। তেওঁলোকৰ এজনী ছোৱালী আছিল আৰু তাইৰ নাম আছিল চীলা। আমি এজনে-আনজনক ভাল পাবলৈ ধৰিলোঁ। মই তাইক বিয়া পাতিব বিচাৰিছোঁ বুলি কʼম বুলি ভাবিছিলোঁহে, সেই সময়তে মই খবৰ পালোঁ যে মোৰ কাগজ-পত্ৰ তৈয়াৰ হৈ গʼল আৰু মই ঘানালৈ যোৱাৰ ভিছা (প্ৰবেশ পত্ৰ) পালোঁ। মই আৰু চীলাই ইয়াৰ বিষয়ে প্ৰাৰ্থনা কৰিলোঁ আৰু মই ঘানালৈ যোৱাৰ নিৰ্ণয় লʼলোঁ। কিন্তু আমি ভাবিলোঁ যে আমি এজনে-আনজনলৈ চিঠি লিখি থাকিম আৰু আগলৈ গৈ বিয়াৰ বিষয়ে ভাবিম। এইদৰে কৰাটো ইমান সহজ নাছিল। কিন্তু পাছত অনুভৱ কৰিব পাৰিলোঁ যে আমি সঠিক নিৰ্ণয় লৈছিলোঁ।

এমাহলৈকে মই ট্ৰেইন, বস্তু লৈ যোৱা পানী জাহাজ আৰু উৰা জাহাজেৰে যাত্ৰা কৰিছিলোঁ। তাৰ পাছতহে মই ঘানাৰ আক্ৰা চহৰলৈ গৈ পালোঁ। তাত মোক ডিষ্ট্ৰিক্ট ওভাৰচিয়াৰৰ দায়িত্ব দিয়া হʼল। এই কামৰ বাবে মই ঘানাৰ উপৰিও তাৰ ওচৰে-পাজৰে থকা দেশবোৰলৈ যাবলগীয়া হৈছিল। যেনে, আইবৰী কʼষ্ট (যি এতিয়া কʼটে ডি আইবৰীৰ নামেৰে জনাজাত) আৰু টʼগʼলেণ্ড (যি এতিয়া টʼগʼ নামেৰে জনাজাত)। শাখা কাৰ্য্যালয়ে মোক এখন গাড়ী (জীপ) দিছিল। সেইখনতে মই যাত্ৰা কৰিছিলোঁ। বেলেগ বেলেগ ঠাইৰ ভাই-ভনীসকলক লগ কৰি মোৰ বহুত ভাল লাগিছিল।

মই শনিবাৰ আৰু দেওবাৰে চাৰ্কিট সন্মিলনবোৰত ব্যস্ত থাকিছিলোঁ। আমাৰ ওচৰত সন্মিলন ভৱন নাছিল। সেইবাবে, ভাইসকলে বাহেৰে তম্বু বনাইছিল আৰু তাৰ ওপৰত খেজুৰৰ ডাল দিছিল, যাতে ভাই-ভনীসকলে ৰʼদৰ পৰা বাচিব পাৰে। সেই সময়ত আমাৰ ওচৰত ফ্ৰীজ নাছিল। সেইবাবে, আমি জীৱ-জন্তু পুহিছিলোঁ, যাতে সন্মিলনত অহা ভাই-ভনীসকলৰ বাবে সেইবোৰ ৰান্ধিব পাৰোঁ।

বহু বাৰ এই সন্মিলনবোৰত জমনি ঘটনা ঘটিছিল। এটা ঘটনাৰ বিষয়ে কওঁ। এবাৰ ভাই হাৰ্ব জেনিংছ c যি এজন মিচনেৰী আছিল, এটা ভাষণ দি আছিল। সেই সময়তে এটা গৰু পোৱালি খুল খালে আৰু ষ্টেজৰ ওচৰত ইফালে-সিফালে পলাবলৈ ধৰিলে। ভাই হাৰ্বে ভাষণ দি থাকোঁতে ৰৈ গʼল আৰু সেই গৰু পোৱালিটোৱেও কোনফালে যাব বুজি পোৱা নাছিল। তেতিয়া চাৰিজন ভাই আহিল আৰু তাক ধৰি যেনে-তেনে বাহিৰলৈ লৈ গʼল। এয়া দেখি সকলো লোকে আনন্দত হাত চাপৰি মাৰিবলৈ ধৰিলে।

সন্মিলনৰ সপ্তাহৰ বাকী দিনবোৰত মই ওচৰে-পাজৰে থকা গাওঁবোৰলৈ গৈ দ্য নিউ ৱৰ্ল্ড চʼচাইটি ইন এক্সন নামৰ চিনেমাখন দেখুৱাইছিলোঁ। মই দুডাল ডাং বা দুজোপা গছৰ মাজত এখন বগা কাপোৰ বান্ধি দিছিলোঁ আৰু প্ৰজেক্টৰৰ পৰা চিনেমা দেখুৱাইছিলোঁ। গাওঁৰ লোকসকলক চিনেমা চাই খুব ভাল লাগিছিল। কিছুমান এনে লোকো আছিল, যিসকলে প্ৰথমবাৰ চিনেমা চাইছিল। যেতিয়া চিনেমাত বাপ্তিষ্মা লোৱাৰ দৃশ্য আহিছিল, তেতিয়া লোকসকলে বহুত আনন্দিত হৈছিল আৰু জোৰেৰে হাত চাপৰি মাৰিছিল। এই চিনেমাখন যিসকল লোকে চাইছিল, তেওঁলোকে বুজি পাইছিল যে যিহোৱাৰ সংগঠন গোটেই পৃথিৱীত আছে আৰু তেওঁৰ লোকসকলৰ মাজত একতা আছে।

আমি ১৯৫৯ চনত ঘানাত বিয়া পাতিলোঁ

নিউ ইয়ৰ্ক চহৰত ১৯৫৮ চনত এখন আন্তঃৰাষ্ট্ৰীয় অধিৱেশন ৰখা হৈছিল। আফ্ৰিকাত প্ৰায় দুবছৰ সেৱা কৰাৰ পাছত মই তাত যাবলৈ বৰ আগ্ৰহী হৈ আছিলোঁ। সেই সময়ত চীলা কিউবেকত বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰি আছিল আৰু তাইও এই অধিৱেশত আহিবলগীয়া আছিল। এতিয়ালৈকে আমি এজনে-আনজনক চিঠি লিখি আছিলোঁ, কিন্তু তাইক ওচৰৰ পৰা লগ পাই মোৰ বৰ ভাল লাগিল। মই তাইক সুধিলোঁ, ‘তুমি মোৰ লগত বিয়া হʼবা নে?’ তাই হʼম বুলি কʼলে। মই ভাই নʼৰলৈ d এখন চিঠি লিখি সুধিলোঁ যে চীলাই গিলিয়াড স্কুললৈ যাব পাৰিবনে যাতে তাই মোৰ লগত আফ্ৰিকাত সেৱা কৰিব পাৰে। তেওঁ মান্তি হʼল। কিছু সময়ৰ পাছত চীলা ঘানালৈ আহিল। তাৰ পাছত ১৯৫৯ চনৰ অক্টোবৰ ৩ তাৰিখে আমি আক্ৰাত বিয়া পাতিলোঁ। আমাৰ এনে লাগিল যে যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়াৰ বাবে আমি এই আশীৰ্বাদ লাভ কৰিলোঁ।

কেমৰুনত একেলগে মিলি সেৱা কৰিলোঁ

কেমেৰুন শাখা কাৰ্য্যালয়ত কাম কৰি সময়ত

আমাক ১৯৬১ চনত কেমৰুন দেশলৈ পঠিওৱা হʼল। সংগঠনে তাত এখন নতুন শাখা কাৰ্য্যালয় আৰম্ভ কৰিব বিচাৰিছিল। মোক তাত শাখা সেৱকৰ দায়িত্ব দিয়া হʼল। কাম বহুত আছিল, কিন্তু সেই সময়ছোৱাত মই বহুতো কথা শিকিলোঁ। তাৰ পাছত ১৯৬৫ চনত আমি গʼম পালোঁ যে চীলা গৰ্ভৱতী আছে। আমি এই দায়িত্ব কেনেকৈ চম্ভালিম তাৰ বিষয়ে আৰম্ভণিতে বুজিয়েই পোৱা নাছিলোঁ। কিন্তু কিছু সময়ৰ পাছত আমি এয়া ভাবি আনন্দিত হʼলোঁ যে আমি মা-দেউতা হʼম। আমি কানাডালৈ উভতি যাবলৈ তৈয়াৰী কৰিবলৈ ধৰিলোঁ। কিন্তু সেই সময়তে আমি এটা বেয়া খবৰ শুনিলোঁ, যাৰ বাবে আমি একেবাৰে ভাঙি পৰিলোঁ।

জন্ম হোৱাৰ আগতেই আমি নিজৰ সন্তানটিক হেৰুৱালোঁ। ডাক্তৰে কʼলে যে আমাৰ লʼৰা হʼবলগীয়া আছিল। এই কথা পাৰ হোৱা ৫০ বছৰতকৈ বেছি হʼল, তথাপি আমি সেই ঘটনাতো পাহৰিব পৰা নাই। আমি বহুত দুখত আছিলোঁ। কিন্তু আমি কেমৰুনৰ ভাই-ভনীসকলক বহুত প্ৰেম কৰিছিলোঁ। সেইবাবে, আমি তাতেই সেৱা কৰি থাকিলোঁ।

চীলাৰ লগত ১৯৬৫ চনত কেমেৰুনত

ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থকাৰ বাবে কেমৰুনৰ ভাই-ভনীসকলে বহুতো অত্যাচাৰ সহন কৰিবলগীয়া হৈছিল। যেতিয়া ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হৈছিল, তেতিয়া তেওঁলোকৰ সমস্যা আৰু বাঢ়ি গৈছিল। তাৰ পাছত এনে ঘটনা ঘটিল, যাৰ বাবে আমি ভয় কৰি আছিল। মে’ ১৩, ১৯৭০ চনত কেমৰুনত চৰকাৰে আমাৰ কাম নিষেধ কৰিলে। আমাৰ শাখা কাৰ্য্যালয় তৈয়াৰ হৈ কেৱল পাঁচ মাহহে হৈছিল, কিন্তু চৰকাৰে সেইখনকো নিজৰ অধীনত কৰি লʼলে। এসপ্তাহৰ ভিতৰতে সকলো মিচনেৰীক দেশৰ পৰা উলিয়াই দিয়া হʼল, মোক আৰু চীলাকো। কেমৰুনৰ ভাই-ভনীসকলক এৰি যোৱাটো আমাৰ বাবে ইমান সহজ নাছিল। আমি তেওঁলোকক বহুত প্ৰেম কৰিছিলোঁ আৰু এতিয়া তেওঁলোকৰ কি হʼব বুলি ভাবি চিন্তিত হৈ পৰিছিলোঁ।

তাৰ পাছত আমি ছয় মাহলৈকে শাখা কাৰ্য্যালয়ত আছিলোঁ। মই তাৰ পৰাই কেমৰুনৰ ভাই-ভনীসকলৰ বাবে কাম কৰিছিলোঁ। তাৰ পাছত নাইজেৰিয়াৰ শাখা কাৰ্য্যালয় কেমৰুনত হোৱা কামৰ চোৱা-চিতা কৰিবলৈ ধৰিলে। আমাক ১৯৭০ চনৰ ডিচেম্বৰ মাহত নাইজেৰিয়ালৈ পঠিওৱা হʼল। তাত থকা ভাই-ভনীসকলে বহুত প্ৰেমেৰে আমাৰ আদৰণি জনালে আৰু আমি বহু বছৰলৈকে তাত আনন্দেৰে সেৱা কৰিলোঁ।

জীৱনৰ আটাইতকৈ কঠিন নিৰ্ণয়

আমি ১৯৭৩ চনত এটা কঠিন নিৰ্ণয় লʼবলগীয়া আছিল। চীলাৰ স্বাস্থ্যৰ লগত জড়িত এটা সমস্যা আছিল আৰু তাই এয়া বহু সময়ৰ পৰা সহ্য কৰি আছিল। যেতিয়া আমি নিউ ইয়ৰ্কৰ এখন অধিৱেশলৈ গৈছিলোঁ, তেতিয়া তাই কান্দিছিল আৰু মোক কৈছিল, “মই সকলো সময়তে বেমাৰ হৈ থাকোঁ। মই ভাগৰি পৰিছোঁ। মই আৰু সহ্য কৰিব নোৱাৰিম।” চীলা ১৪ বছৰ ধৰি পশ্চিম আফ্ৰিকাত মোৰ লগত সেৱা কৰি আছিল। জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহিছিল, কিন্তু তাই কেতিয়াও যিহোৱাৰ সেৱা এৰি দিয়াৰ কথা ভবা নাছিল। কিন্তু এতিয়া আমি কিছুমান সাল-সলনি কৰিবলগীয়া আছিল। আমি ইয়াৰ বিষয়ে এজনে-আনজনৰ লগত বহুবাৰ কথা পাতিলোঁ আৰু কাকূতি-মিনতি কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। তাৰ পাছত আমি কানাডালৈ উভতি যোৱাৰ নিৰ্ণয় লʼলোঁ যাতে চীলাই ভাল চিকিৎসা পাব পাৰে আৰু তাইৰ স্বাস্থ্য ভাল হʼব পাৰে। মিচনেৰী সেৱাৰ লগতে পূৰ্ণ সময়ৰ সেৱা এৰি দিয়াটো আমাৰ জীৱনৰ আটাইতকৈ দুখজনক নিৰ্ণয় আছিল।

কানাডালৈ গৈ পোৱাৰ পাছত মই এজন পুৰণি বন্ধুৰ লগত কাম কৰিবলৈ ধৰিলোঁ। তেওঁৰ টৰন্টৰ ওচৰত গাড়ী বিক্ৰী কৰাৰ ব্যৱসায় আছিল। আমি ভাড়াত এখন ফ্লেট লʼলোঁ আৰু কিছুমান পুৰণি ফাৰ্নিচাৰ কিনিলোঁ। এই বস্তুবোৰ কিনিবলৈ আমি কোনো ধাৰ লোৱা নাছিলোঁ। আমি নিজৰ জীৱন সৰল ৰাখিব বিচাৰিছিলোঁ। কাৰণ আকৌ পূৰ্ণ সময়ৰ সেৱা কৰাৰ আমাৰ ইচ্ছা আছিল। কিন্তু আমাৰ ইচ্ছা ইমান সোনকালে পূৰ হʼব বুলি আমি ভবাই নাছিলোঁ।

আণ্টেৰিঅʼৰ নাৰ্বেল চহৰত এখন সন্মিলন ভৱন নিৰ্মাণ কৰা হৈছিল। মই প্ৰতি শনিবাৰে তাত সহায় কৰিবলৈ গৈছিলোঁ। কিছু সময়ৰ পাছত মোক ‘সন্মিলন ভৱন ওভাৰচিয়াৰ’ নিযুক্ত কৰা হʼল। চীলাৰ স্বাস্থ্য ভাল হʼবলৈ ধৰিছিল। সেইবাবে, আমি এই নতুন দায়িত্ব চম্ভালিব পাৰিম বুলি ভাবিলোঁ। আমি ১৯৭৪ চনৰ জুন মাহৰ পৰা সন্মিলন ভৱনৰ এখন ফ্লেটত থাকিবলৈ ধৰিলোঁ। আমি আকৌ পূৰ্ণ সময়ৰ সেৱা আৰম্ভ কৰিবলৈ পাই বহুত আনন্দিত আছিলোঁ।

চীলাৰ স্বাস্থ্য আগতকৈ বহুত ভাল হʼবলৈ ধৰিলে। সেইবাবে, দুবছৰৰ পাছত যেতিয়া আমাক চাৰ্কিট কাম কৰিবলৈ কোৱা হʼল, তেতিয়া আমি মান্তি হʼলোঁ। চাৰ্কিটৰ কাম কৰিবলৈ আমাক মেনিটʼবা প্ৰান্তলৈ পঠিওৱা হʼল, যʼত বহুত ঠাণ্ডা আছিল আৰু বৰফ পৰিছিল। কিন্তু সেই ঠাইৰ ভাই-ভনীসকল ইমানেই ভাল আছিল যে ঠাণ্ডাই আমাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিলে। আমি শিকিলোঁ যে আমি কʼত সেৱা কৰি আছোঁ, সেয়া ইমান অৰ্থ নাৰাখে, কিন্তু আমি যʼতেই নাথাকোঁ কিয় যিহোৱাৰ সেৱা কৰি থকাটোৱেই অৰ্থ ৰাখে।

এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলোঁ

বহু বছৰলৈকে চাৰ্কিটৰ কাম কৰাৰ পাছত আমাক ১৯৭৮ চনত কানাডা বেথেললৈ মাতা হʼল। ইয়াৰ কিছু সময়ৰ পাছতে মই এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলোঁ। মট্ৰিয়ালত এখন বিশেষ সভা ৰখা হৈছিল, যʼত মই ফ্ৰান্স ভাষাত দেৰ ঘন্টা ভাষণ দিবলগীয়া আছিল। কিন্তু মোৰ ভাষণ ইমান ভাল নাছিল আৰু মই লোকসকলৰ ধ্যান বজাই ৰাখিব নোৱাৰিলোঁ। তেতিয়া সেৱা বিভাগৰ এজন ভায়ে মোক ইয়াৰ বিষয়ে পৰামৰ্শ দিলে। কিন্তু সেই ভাইজনৰ কথা মোৰ ভাল লগা নাছিল। তেওঁ মোৰ কোনো প্ৰশংসা কৰা নাছিল, কেৱল মোৰ ভাষণৰ ভুলবোৰহে কʼলে। মই বুজি পোৱাৰ প্ৰয়োজন আছিল যে মই ইমান ভালদৰে ভাষণ দিব নোৱাৰোঁ। মোক শুধৰণি কৰাৰ প্ৰয়োজন আছে। কিন্তু মই নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিৱৰ্তে সেই ভাইজনৰ ভুল বিচাৰিবলৈ ধৰিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ যে তেওঁৰ পৰামৰ্শ দিয়াৰ উপায়টো ভাল নাছিল।

ফ্ৰান্স ভাষাত ভাষণ দিয়াৰ পাছত মই এটা গুৰুত্বপূৰ্ণ শিকা শিকিলোঁ

কিছু দিনৰ পাছত শাখা সমিতিৰ এজন ভায়ে ইয়াৰ বিষয়ে মোৰ লগত কথা পাতিলে। মই তেওঁক কʼলোঁ যে মই সেই ভাইজনৰ লগত যিদৰে কথা পাতিলোঁ, তাৰ বাবে মোৰ বহুত দুখ লাগিছে। মই এইদৰে কৰা উচিত নাছিল। তাৰ পাছত মই সেই ভাইজনৰ পৰা ক্ষমা বিচাৰিলোঁ, যিজনে মোক পৰামৰ্শ দিছিল। তেওঁ মোক ক্ষমা কৰিলে। ইয়াৰ পৰা মই এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলোঁ, যি মই কেতিয়াও নাপাহৰোঁ। সেয়া হৈছে আমি সদায় নম্ৰ হৈ থকা উচিত। (হিতো. ১৬:১৮) ইয়াৰ বিষয়ে মই বহুবাৰ যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ আৰু থিৰাং কৰিলোঁ যে যেতিয়া কোনোবাই মোক পৰামৰ্শ দিব, তেতিয়া মই তাত ভুল বিচাৰি নাথাকিম।

মই যোৱা ৪০ বছৰ ধৰি কানাডা বেথেলত সেৱা কৰি আছোঁ আৰু ১৯৮৫ চনৰ পৰা শাখা সমিতিৰ সদস্য হওঁ। ফেব্ৰুৱাৰী ২০২১ চনত মোৰ পত্নী চীলাৰ মৃত্যু হʼল। তাইক হেৰুৱাই মোৰ বহুত দুখ লাগে। এতিয়া মোৰ স্বাস্থ্যও ইমান ভাল নাথাকে, কিন্তু মই যিহোৱাৰ সেৱাত ব্যস্ত থাকোঁ। সেইবাবে, দিন কেনেকৈ পাৰ হয় গʼমেই নাপাও। (উপ. ৫:২০) মোৰ জীৱনত বহুতো সমস্যা আহিল, কিন্তু মই যি আনন্দ পাইছোঁ, তাৰ তুলনাত সেইবোৰ একোৱেই নহয়। মই সদায় যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ। পূৰ্ণ সময়ৰ সেৱা কৰি মোৰ ৭০ বছৰ হʼল। মই ডেকা ভাই-ভনীসকলক কʼব বিচাৰোঁ যে তেওঁলোকে যেন যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে। মোৰ বিশ্বাস আছে এইদৰে কৰিলে, তেওঁলোকেও বহুতো আশীৰ্বাদ লাভ কৰিব। তেওঁলোকে এনে জীৱনৰ আনন্দ লʼব পাৰিব, যি কেৱল যিহোৱাৰ সেৱা কৰিলেহে পোৱা যায়।

a ফেব্ৰুৱাৰী ১, ২০০০ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) অহা ভাই মাৰ্চেল ফিল্টʼৰ জীৱন কাহিনী “যিহোৱা মোৰ আশ্ৰয়স্থান আৰু বল” পঢ়ক।

b চন ১৯৫৭ লৈকে আফ্ৰিকাৰ এই এলেকাত ব্ৰিটিছৰ শাসন চলিছিল আৰু এয়া গʼল্ড কʼষ্ট নামেৰে জনজাত আছিল।

c ডিচেম্বৰ ১, ২০০০ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) অহা ভাই হাৰ্ব জেনিংছৰ জীৱন কাহিনী, “কালিলৈ কি ঘটিব, তাক তোমালোকে নাজানা” পঢ়ক।

d সেই সময়ত ভাই নেথন এচ. নʼৰে সংগঠনৰ কামৰ নেতৃত্ব লৈ আছিল।