Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৮

গীত নং ২৫ যিহোৱাৰ অভিষিক্ত লোক

যীচুৱে দিয়া উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰে?

যীচুৱে দিয়া উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰে?

“এজনক লোৱা হʼব, কিন্তু আনজনক এৰি দিয়া হʼব।”মথি ২৪:৪০.

কি শিকিম?

আমি যীচুৰ তিনিটা উদাহৰণলৈ মন কৰিম আৰু শিকিম যে জগতৰ ব্যৱস্থাৰ শেষ হোৱাৰ আগতে যেতিয়া ন্যায় কৰা হʼব, তাৰ বিষয়ে এই উদাহৰণবোৰত কি কোৱা হৈছে।

১. যীচুৱে অতি সোনকালে কি কৰিব?

 আমি এক ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ। অতি সোনকালে যীচুৱে পৃথিৱীত থকা সকলোৰে ন্যায় কৰিব। কিন্তু ইয়াৰ আগতে পৃথিৱীৰ কি হʼব, তাৰ বিষয়ে তেওঁ নিজৰ শিষ্যসকলক জনাইছিল। তেওঁ নিজৰ শিষ্যসকলক এটা “চিন” দিছিল, যাৰ সহায়ত তেওঁলোকে বুজি পালেহেঁতেন যে তেওঁৰ উপস্থিতি আৰু “জগতৰ ব্যৱস্থাৰ শেষ” আৰম্ভ হʼল। (মথি ২৪:৩) এই চিনৰ বিষয়ে মথি অধ্যায় ২৪ আৰু ২৫, মাৰ্ক অধ্যায় ১৩ আৰু লূক অধ্যায় ২১-ত কোৱা হৈছে।

২. (ক) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম? (খ) যীচুৱে যিবোৰ উদাহৰণ দিছিল, তাৰ পৰা আমি কি বুজিব পাৰিম?

যীচুৱে তিনিটা উদাহৰণ দিছিল, যʼত আমাৰ বাবে সতৰ্কবাণী আছে আৰু ইয়াৰ সহায়ত আমি আহিবলগীয়া ন্যায়ৰ বাবে সাজু হʼব পাৰোঁ। এই তিনিটা উদাহৰণ হৈছে, ভেড়া আৰু ছাগলীৰ উদাহৰণ, বুদ্ধিমান আৰু মুৰ্খ কন্যাৰ উদাহৰণ আৰু গাগৰিৰ উদাহৰণ। এই উদাহৰণবোৰৰ পৰা বুজিব পাৰোঁ যে যীচুৱে আমাৰ কামৰ আধাৰত আমাৰ ন্যায় কৰিব। এই লেখত আমি এই তিনিটা উদাহৰণৰ বিষয়ে আলোচনা কৰিম আৰু জানিম যে আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ। আহক প্ৰথমতে ভেড়া আৰু ছাগলীৰ উদাহৰণলৈ মন কৰোঁ।

ভেড়া আৰু ছাগলীৰ উদাহৰণ

৩. যীচুৱে কেতিয়া লোকসকলৰ ন্যায় কৰিব?

ভেড়া আৰু ছাগলীৰ উদাহৰণত যীচুৱে কৈছিল যে তেওঁ কিহৰ আধাৰ লোকসকলৰ ন্যায় কৰিব। তেওঁ লক্ষ্য কৰিব যে লোকসকলে শুভবাৰ্তা শুনি কি কৰিলে। তেওঁলোকে অভিষিক্ত ভাইসকলক সহযোগ কৰিলে নে নাই। (মথি ২৫:৩১-৪৬) যীচুৱে ভেড়াবোৰক ছাগলীৰ পৰা কেতিয়া পৃথক কৰিব? তেওঁ মহা-সংকটৰ শেষত হৰমাগিদোন আৰম্ভ হোৱাৰ অলপ আগতে এইদৰে কৰিব। (মথি ২৪:২১) এজন ৰখীয়াই যেনেকৈ ভেড়াবোৰক ছাগলীৰ পৰা পৃথক কৰে, ঠিক সেইদৰে যীচুৱে অভিষিক্ত খ্ৰীষ্টানসকলক সহযোগ কৰা লোকসকলক সেই লোকসকলৰ পৰা পৃথক কৰিব, যিসকলে তেওঁৰ ভাইসকলক সহযোগ কৰা নাছিল।

৪. যীচুৱে সঠিক ন্যায় কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? (যিচয়া ১১:৩, ৪) ( দিয়া ছবিখন চাওক।)

বাইবেলত কোৱা হৈছে যে যিহোৱাই যীচুক ন্যায়ী হিচাপে নিযুক্ত কৰিছে আৰু তেওঁ একেবাৰে সঠিক ন্যায় কৰিব। (যিচয়া ১১:৩, ৪ পঢ়ক।) যীচুৱে লোকসকলৰ আচাৰ-ব্যৱহাৰ, কথা আৰু তেওঁলোকে অভিষিক্ত ভাইসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে, তাৰ প্ৰতি ধ্যান দিয়ে। (মথি ১২:৩৬, ৩৭; ২৫:৪০) তেওঁ গʼম পাব যে কোন লোকসকলে তেওঁৰ অভিষিক্ত ভাইসকলক সহায় কৰিছিল আৰু তেওঁলোকৰ কামত সহযোগ কৰিছিল। a আমি কেনেকৈ তেওঁলোকক সহযোগ কৰিব পাৰোঁ? এটা বিশেষ উপায় হৈছে, প্ৰচাৰ কামত সহায় কৰি। যিসকল লোকে তেওঁলোকক সহযোগ কৰিব, তেওঁলোকক “ভাল” ব্যক্তি বুলি গণ্য কৰা হʼব আৰু তেওঁলোকে পৃথিৱীত “অনন্ত জীৱন” জীয়াই থকাৰ সুযোগ লাভ কৰিব। (মথি ২৫:৪৬; প্ৰকা. ৭:১৬, ১৭) সঁচাকৈ, তেওঁলোকে কিমান ডাঙৰ আশীৰ্বাদ লাভ কৰিব। যিসকল লোকে মহা-সংকট আৰু তাৰ পাছতো বিশ্বাসী হৈ থাকিব, তেওঁলোকৰ নাম “জীৱনৰ পুস্তকত” লিখা হʼব।—প্ৰকা. ২০:১৫.

আহিবলগীয়া সময়ত যীচুৱে লোকসকলৰ ন্যায় কৰিব আৰু নিৰ্ণয় লʼব যে তেওঁলোকে ভেড়াৰ নিচিনা হয় নে ছাগলীৰ নিচিনা (অনুচ্ছেদ ৪ চাওক)


৫. ভেড়া আৰু ছাগলীৰ উদাহৰণৰ পৰা কি শিকিব পাৰোঁ আৰু ইয়াৰ পৰা কাৰ লাভ হয়?

আপুনি বিশ্বাসী হয় বুলি প্ৰমাণ কৰক। ভেড়া আৰু ছাগলীৰ উদাহৰণত বিশেষকৈ পৃথিৱীত জীয়াই থকাৰ আশা থকা লোকসকলৰ বাবে শিক্ষা আছে। তেওঁলোকে প্ৰচাৰ কৰাৰ লগতে যিহোৱাই নিযুক্ত কৰা দাসৰ পৰা পোৱা নিৰ্দেশনা পালন কৰাৰ প্ৰয়োজন হয়। এইদৰে তেওঁলোকে বিশ্বাসী হয় বুলি দেখুৱাব পাৰে। (মথি ২৪:৪৫) কিন্তু যিসকলৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে, তেওঁলোকৰ বাবেও এই উদাহৰণত এটা সাৱধানবাণী আৰু শিক্ষা আছে। আমি ওপৰত আলোচনা কৰিলোঁ যে যীচুৱে লোকসকলৰ আচাৰ-ব্যৱহাৰ আৰু কথাৰ প্ৰতি ধ্যান দিয়ে। সেইবাবে, অভিষিক্ত খ্ৰীষ্টানসকলে প্ৰমাণ কৰিব লাগিব যে তেওঁলোকেও বিশ্বাসী হয়। এই উদাহৰণৰ উপৰিও যীচুৱে আৰু দুটা উদাহৰণ দিছিল, যʼত অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে এটা সাৱধানবাণী আছে। এই উদাহৰণবোৰো মথি অধ্যায় ২৫-ত দিয়া আছে। এতিয়া আহক বুদ্ধিমান আৰু মুৰ্খ কন্যাৰ উদাহৰণলৈ মন কৰোঁ।

বুদ্ধিমান আৰু মুৰ্খ কন্যাৰ উদাহৰণ

৬. পাঁচজনী কন্যাই কেনেকৈ দেখুৱালে যে তেওঁলোক বুদ্ধিমান হয়? (মথি ২৫:৬-১০)

কন্যাৰ উদাহৰণত যীচুৱে কৈছিল যে দহজনী কন্যাই দৰাক লগ কৰিবলৈ গৈছিল। (মথি ২৫:১-৪) তেওঁলোকে দৰাৰ লগত বিয়া ঘৰত যাব বিচাৰিছিল। যীচুৱে তেওঁলোকৰ মাজৰ পাঁচজনীক “বুদ্ধিমান” আৰু পাঁচজনীক “মুৰ্খ” বুলি কৈছিল। বুদ্ধিমান কন্যাই সকলো সাজু কৰি আনিছিল আৰু তেওঁলোকে সতৰ্ক আছিল। তেওঁলোকে যেতিয়ালৈকে দৰা নাহে, তেতিয়ালৈকে অপেক্ষা কৰিবলৈ সাজু আছিল। তেওঁলোকে নিজৰ লগতে চাকি আৰু পাত্ৰত তেলো নিছিল, যাতে আন্ধাৰত তেওঁলোকে পোহৰ পাব পাৰে আৰু তেওঁলোকৰ চাকি নুমাই নাযায়। (মথি ২৫:৬-১০ পঢ়ক।) তাৰ পাছত যেতিয়া দৰা আহিল, তেতিয়া তেওঁলোকে দৰাৰ লগত বিয়া ঘৰলৈ গʼল। ঠিক সেইদৰে, অভিষিক্ত খ্ৰীষ্টানসকলে মচীহ অহালৈকে জাগি থাকিলে আৰু বিশ্বাসী হৈ থাকিলে, দৰাই অৰ্থাৎ যীচু খ্ৰীষ্টই তেওঁলোকক স্বৰ্গলৈ লৈ যাব, যʼত তেওঁলোকে শাসন কৰিব। b (প্ৰকা. ৭:১-৩) কিন্তু সেই পাঁচজনী মুৰ্খ কন্যাৰ লগত কি হʼল?

৭. পাঁচজনী মুৰ্খ কন্যাৰ লগত কি হয় আৰু কিয়?

যেতিয়া দৰা আহি পাবলগীয়া আছিল, তেতিয়া মুৰ্খ কন্যা কেইজনী সাজু নাছিল। তেওঁলোকৰ চাকি নুমাবলৈ ধৰিছিল আৰু তাক জ্বলাই ৰাখিবলৈ তেওঁলোকৰ ওচৰত তেলো নাছিল। সেইবাবে, তেওঁলোকে তেল কিনিবলৈ গুচি গʼল। সেই সময়তে দৰা আহিল আৰু “যি কেইজনী কন্যা সাজু আছিল, তেওঁলোকে দৰাৰ লগত বিয়াৰ ঘৰত সোমাল আৰু দুৱাৰখন বন্ধ কৰা হʼল।” (মথি ২৫:১০) যেতিয়া মুৰ্খ কন্যা কেইজনী উভতি আহিলে, তেতিয়া তেওঁলোকেও সোমাব বিচাৰিছিল কিন্তু দৰাই তেওঁলোকক কʼলে, “মই তোমালোকক চিনি নাপাওঁ।” (মথি ২৫:১১, ১২) সেই পাঁচজনী কন্যা সম্পূৰ্ণৰূপে সাজু হৈ অহা নাছিল। সেইবাবে, তেওঁলোকে দৰা অহালৈ অপেক্ষা কৰিব নোৱাৰিলে। ইয়াৰ পৰা অভিষিক্ত খ্ৰীষ্টানসকলে কি শিকিব পাৰে?

৮-৯. কন্যাৰ উদাহৰণৰ পৰা অভিষিক্ত খ্ৰীষ্টানসকলে কি শিকিব পাৰে? (ছবিখনো চাওক।)

আপুনি সাজু আৰু সতৰ্ক হৈ আছে বুলি প্ৰমাণ কৰক। যীচুৱে কন্যাসকলৰ উদাহৰণ দি এয়া ভৱিষ্যবাণী কৰা নাছিল যে যেতিয়া তেওঁ মহা-সংকটৰ আগত আহিব, তেতিয়া কিছুমান অভিষিক্ত খ্ৰীষ্টান সাজু হৈ থাকিব আৰু কিছুমানে নাথাকে। ইয়াৰ পৰিৱৰ্তে তেওঁ এয়া বুজাব বিচাৰিছিল যে যদি এজন অভিষিক্ত খ্ৰীষ্টানে তেওঁ আহি নোপোৱালৈ অপেক্ষা কৰি নাথাকে আৰু বিশ্বাসী হৈ নাথাকে, তেনেহʼলে তেওঁৰ লগত কি হʼব। তেওঁ স্বৰ্গত নিজৰ পুৰস্কাৰ নাপাব। (যোহ. ১৪:৩, ৪) এয়া কিমান গভীৰ কথা। আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, আমি সকলোৱে এই উদাহৰণত দিয়া সৰ্তকবাণীলৈ ধ্যান দিয়া উচিত। আমি সকলোৱে জাগি থকা উচিত অৰ্থাৎ সাজু হৈ থকা উচিত আৰু অন্তলৈকে ধৈৰ্য্য ধৰা উচিত।—মথি ২৪:১৩.

যীচুৱে কন্যাসকলৰ উদাহৰণ দি বুজাইছিল যে আমি সতৰ্ক হৈ থকা আৰু সাজু থকাটো কিমান গুৰুত্বপূৰ্ণ। ইয়াৰ পাছত যীচুৱে গাগৰিৰ উদাহৰণ দিছিল। এই উদাহৰণৰ পৰা তেওঁ বুজাব বিচাৰিছিল যে আমি পৰিশ্ৰমী হোৱা উচিত।

কন্যাৰ উদাহৰণত দিয়া সতৰ্কবাণী ওপৰত ধ্যান দিয়াটো আমাৰ সকলোৰে বাবে বহুত গুৰুত্বপূৰ্ণ। আমি সতৰ্ক হৈ থকা, সাজু থকা আৰু অন্তলৈকে ধৈৰ্য্য ধৰা উচিত (অনুচ্ছেদ ৮-৯ চাওক)


গাগৰিৰ উদাহৰণ

১০. দুজন দাসে কেনেকৈ প্ৰমাণ কৰিলে যে তেওঁলোকে নিজৰ মালিকৰ বিশ্বাসী হয়? (মথি ২৫:১৯-২৩)

১০ যীচুৱে গাগৰিৰ উদাহৰণত তিনিজন দাসৰ বিষয়ে কয়। বিদেশলৈ যোৱাৰ আগতে তেওঁলোকৰ মালিকে তেওঁলোকক মাতে আৰু তেওঁলোকক কিছুমান গাগৰি দিয়ে। সেই সময়ত গাগৰিৰ বহুত মূল্য আছিল। সেই তিনিজনৰ মাজত দুজন দাসে নিজৰ মালিকৰ বিশ্বাসী বুলি প্ৰমাণিত হয় কিন্তু এজন নহয়। (মথি ২৫:১৪-১৮) দুজন দাসে বহুত পৰিশ্ৰম কৰে আৰু নিজৰ মালিকৰ বাবে বহুত টকা অৰ্জন কৰে। পাছত যেতিয়া মালিকে উভতি আহে, তেতিয়া দেখে যে দুয়োজন দাসে নিজৰ পইচাৰ পৰা দুগুণ টকা অৰ্জন কৰিলে। তেতিয়া মালিকে তেওঁলোকৰ প্ৰশংসা কৰে আৰু কয়, “তুমি নিজৰ মালিকৰ লগত আনন্দ কৰা।” (মথি ২৫:১৯-২৩ পঢ়ক।) কিন্তু তৃতীয়জন দাসে নিজৰ পইচা কি কৰিলে?

১১. মালিকে “এলেহুৱা” দাসৰ লগত কি কৰে আৰু কিয়?

১১ তৃতীয়জন দাসক মালিকে এক গাগৰি দিছিল কিন্তু সেই দাসজন বহুত “এলেহুৱা” আছিল। তেওঁ সেই টকাৰ পৰা আৰু টকা অৰ্জন কৰাটো মালিকে বিচাৰিছিল। কিন্তু তেওঁ এইদৰে কৰাৰ পৰিৱৰ্তে, সেই টকাখিনি মাটিত পুতি দিলে। তাৰ পাছত যেতিয়া মালিকে বিদেশৰ পৰা উভতি আহিল, তেতিয়া তেওঁ দেখিলে যে তেওঁ অলপো টকা অৰ্জন কৰা নাই। আনকি তেওঁৰ ব্যৱহাৰো ভাল নাছিল। তেওঁ মালিকৰ পৰা ক্ষমা খোজাৰ পৰিৱৰ্তে তেওঁৰ ওপৰত অভিযোগ কৰিবলৈ ধৰিলে আৰু তেওঁক কʼলে, “মই জানিছিলোঁ আপুনি এজন কঠোৰ মানুহ।” এই কথা শুনি মালিকৰ বহুত খং উঠিল, তেওঁ সেই দাসজনৰ পৰা নিজৰ পইচাখিনি লৈ লʼলে আৰু তেওঁক ঘৰৰ পৰা উলিয়াই দিলে।—মথি ২৫:২৪, ২৬-৩০.

১২. আজি কোন সেই দুজন পৰিশ্ৰমী দাসৰ দৰে হয়?

১২ বিশ্বাসী অভিষিক্ত খ্ৰীষ্টানসকল সেই দুজন পৰিশ্ৰমী দাসৰ নিচিনা হয়। তেওঁলোকৰ মালিক যীচুৱে তেওঁলোকক কৈছে, “তুমি নিজৰ মালিকৰ লগত আনন্দ কৰা।” যীচুৱে তেওঁলোকক পুৰস্কাৰ দিয়ে অৰ্থাৎ তেওঁলোকক মৃত্যু হোৱা লোকসকলৰ মাজত প্ৰথমে জীৱিত কৰে। (মথি ২৫:২১, ২৩; প্ৰকা. ২০:৬ক) কিন্তু যীচুৱে এই উদাহৰণৰ যোগেদি অভিষিক্ত খ্ৰীষ্টানসকলক এটা সতৰ্কবাণীও দিছিল। তেওঁলোকে এলেহুৱা দাসৰ নিচিনা হোৱাটো যীচুৱে বিচৰা নাছিল। তেনেহʼলে তেওঁলোকে কি কৰাৰ প্ৰয়োজন আছিল?

১৩-১৪. গাগৰিৰ উদাহৰণৰ পৰা অভিষিক্ত খ্ৰীষ্টানসকলে কি শিকিব পাৰে? (ছবিখনো চাওক।)

১৩ আপুনি পৰিশ্ৰমী আৰু মনে-প্ৰাণে সেৱা কৰে বুলি প্ৰমাণ কৰক। কন্যাৰ উদাহৰণৰ দৰে গাগৰিৰ উদাহৰণতো যীচুৱে এয়া ভৱিষ্যবাণী কৰা নাছিল যে কিছুমান অভিষিক্ত খ্ৰীষ্টান এলেহুৱা হৈ পৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ এয়া বুজাব বিচাৰিছিল যে যদি এজন অভিষিক্ত খ্ৰীষ্টানে নিজৰ উৎসাহ হেৰুৱাই দিয়ে, তেনেহʼলে কি হʼব। তেওঁক যিহৰ বাবে “আমন্ত্ৰণ আৰু মনোনীত” কৰা হৈছে, তাৰ বাবে তেওঁ যোগ্য হৈ নাথাকিব আৰু স্বৰ্গ ৰাজ্যতো সোমাব নোৱাৰিব।—২ পিত. ১:১০.

১৪ কন্যাৰ উদাহৰণৰ পৰা যীচুৱে সকলো অভিষিক্ত খ্ৰীষ্টানসকলক জনাইছিল যে তেওঁলোকে সতৰ্ক আৰু সদায় সাজু হৈ থকা উচিত। গাগৰিৰ উদাহৰণ দি তেওঁ বুজাইছিল যে তেওঁলোকে পৰিশ্ৰমী হোৱা উচিত আৰু মনে-প্ৰাণে সেৱা কৰা উচিত। এই উদাহৰণবোৰৰ উপৰিও যীচুৱে আৰু কিবা কৈছিল, যʼত অভিষিক্ত খ্ৰীষ্টানৰ বাবে এটা সতৰ্কবাণী আছে। তেওঁ মথি ২৪:৪০, ৪১ পদত কৈছে যে যেতিয়া তেওঁলোকৰ ন্যায় কৰা হʼব আৰু তেওঁলোকৰ ওপৰত শেষৰ ছাব মৰা হʼব, তেতিয়া কি হʼব।

যীচুৱে আহি নোপোৱালৈকে অভিষিক্ত খ্ৰীষ্টানসকলে পৰিশ্ৰম কৰা আৰু মনে-প্ৰানে সেৱা কৰাটো তেওঁ বিচাৰে (অনুচ্ছেদ ১৩-১৪ চাওক) d


কাক “লোৱা হʼব”

১৫-১৬. মথি ২৪:৪০, ৪১ পদৰ পৰা কেনেকৈ জানিব পাৰি যে অভিষিক্ত খ্ৰীষ্টানসকলে জাগি থকা উচিত?

১৫ এই তিনিটা উদাহৰণ দিয়াৰ আগতে যীচুৱে কৈছিল যে যেতিয়া অভিষিক্ত খ্ৰীষ্টানসকলৰ ন্যায় কৰা হʼব আৰু তেওঁলোকৰ ওপৰত শেষৰ ছাব মৰা হʼব, তেতিয়া কাৰ ওপৰত যীচুৰ অনুমোদন আছে, সেয়া স্পষ্টকৈ প্ৰকাশ হʼব। যীচুৱে কৈছিল যে দুজন ব্যক্তি পথাৰত কাম কৰি থাকিব আৰু দুগৰাকী তিৰোতাই হাতেৰে জাঁত পিহি থাকিব। দেখাত এনে লাগিব যেন দুয়োজন ব্যক্তি আৰু দুয়োগৰাকী তিৰোতাই একেধৰণৰ কাম কৰি আছে। কিন্তু যীচুৱে কৈছে যে “এজনক লোৱা হʼব, কিন্তু আনজনক এৰি দিয়া হʼব।” (মথি ২৪:৪০, ৪১ পঢ়ক।) তাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কয়, “সেইবাবে, জাগি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন সময়ত আহিব, সেয়া তোমালোকে নাজানা।” (মথি ২৪:৪২) যীচুৱে কন্যাৰ উদাহৰণ দিয়াৰ পাছতো এইদৰেই কৈছিল। (মথি ২৫:১৩) এই দুয়োটা কথাৰ মিল আছে নে? হয় এইদৰেই লাগে। ইয়াৰ পৰা জানিব পাৰি যে যিসকল খ্ৰীষ্টান সঁচাকৈ অভিষিক্ত হয় আৰু বিশ্বাসী হৈ থাকিব, তেওঁলোককহে যীচুৱে নিজৰ লগত স্বৰ্গলৈ লৈ যাব, যʼত তেওঁলোকে যীচুৰ লগত শাসন কৰিব।—যোহ. ১৪:৩.

১৬ আপুনি জাগি আছে বুলি প্ৰমাণ কৰক। যদি এজন অভিষিক্ত খ্ৰীষ্টানে জাগি নাথাকে, তেনেহʼলে তেওঁক বাছনি কৰা লোকসকলৰ লগত একগোট কৰা নহʼব। (মথি ২৪:৩১) এই কথা যিহোৱাৰ সেই সেৱকসকলৰ বিষয়েও সঁচা যিসকলৰ পৃথিৱীত জীয়াই থকাৰ আশা আছে। তেওঁলোকেও যীচুৰ সতৰ্কবাণীৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন। তেওঁলোকে জাগি থকা আৰু বিশ্বাসী হৈ থকা উচিত।

১৭. যদি যিহোৱাই বৰ্তমান সময়ত কাৰোৱাৰ অভিষেক কৰে, তেনেহʼলে আমি কিয় চিন্তিত হোৱা উচিত নহয়?

১৭ আমি যিহোৱাৰ বিষয়ে ভালদৰে জানোঁ, সেইবাবে আমাৰ সম্পূৰ্ণৰূপে ভৰসা আছে যে তেওঁ একেবাৰে সঠিক কাম কৰিব। আমি এয়া ভাবি চিন্তিত নহওঁ যে যিহোৱাই অলপতে নিজৰ কিছুমান বিশ্বাসী লোকক পবিত্ৰ শক্তিৰে অভিষিক্ত কৰিলে আৰু তেওঁলোকক স্বৰ্গত জীয়াই থাকিবলৈ বাছনি কৰিলে। c আমি যীচুৰ সেই উদাহৰণ মনত ৰাখোঁ, যʼত তেওঁ কৈছিল যে কিছুমান লোকক ১১ ঘন্টাৰ সময়ছোৱাত আঙুৰৰ খেতিত কাম কৰিবলৈ মাতা হৈছিল। (মথি ২০:১-১৬) কিন্তু ৰাতিপুৱাৰ পৰা কাম কৰা লোকসকলৰ সমানেই তেওঁলোকে হাজিৰা পায়। ঠিক সেইদৰে এজন খ্ৰীষ্টানৰ অভিষেক যেতিয়াই নহওক কিয়, যদি তেওঁ বিশ্বাসী হৈ থাকে, তেনেহʼলে আন অভিষিক্ত খ্ৰীষ্টানসকলৰ দৰে তেওঁ স্বৰ্গত জীয়াই থকাৰ সুযোগ লাভ কৰিব।

সতৰ্কবাণীৰ ওপৰত ধ্যান দিয়ক

১৮-১৯. আমি যিবোৰ উদাহৰণলৈ মন কৰিলোঁ, তাৰ পৰা আমি কি শিকিলোঁ আৰু তাত আমাৰ বাবে কি সতৰ্কবাণী দিয়া আছে?

১৮ এই লেখত আমি কি শিকিলোঁ? যিসকল খ্ৰীষ্টানৰ এই পৃথিৱীত জীয়াই থকাৰ আশা আছে, তেওঁলোকে ভেড়া আৰু ছাগলীৰ উদাহৰণৰ পৰা শিকে যে তেওঁলোকে আজি আৰু আহিবলগীয়া মহা-সংকটৰ সময়ছোৱাত যিহোৱাৰ বিশ্বাসী হৈ থাকিব লাগিব। যদি তেওঁলোকে বিশ্বাসী হৈ থাকে, তেনেহʼলে হৰমাগিদোনৰ আগত যীচুৱে যেতিয়া ন্যায় কৰিব, তেতিয়া তেওঁলোকক ভাল বুলি গণ্য কৰিব আৰু অনন্ত জীৱন দিব।—মথি ২৫:৪৬.

১৯ আমি আৰু দুটা উদাহৰণ মন কৰিলোঁ, যʼত অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে সতৰ্কবাণী আছিল। যীচুৱে দহজনী কন্যাৰ উদাহৰণত কৈছিল যে পাঁচজনী কন্যা বুদ্ধিমান আছিল। তেওঁলোকে সতৰ্ক হৈ আছিল আৰু যেতিয়ালৈকে দৰা নাহে, তেতিয়ালৈকে অপেক্ষা কৰিবলৈ সাজু আছিল। কিন্তু মুৰ্খ কন্যাসকল সাজু নাছিল। সেইবাবে, দৰাই তেওঁলোকক বিয়াৰ ঘৰত সোমাবলৈ নিদিলে। ইয়াৰ পৰা আমি শিকোঁ যে আমিও সাজু হৈ থকা উচিত আৰু যেতিয়ালৈকে যীচুৱে এই জগতৰ অন্ত নকৰে, তেতিয়ালৈকে অপেক্ষা কৰা উচিত। তাৰ পাছত আমি গাগৰিৰ উদাহৰণলৈ মন কৰিলোঁ, যʼত কোৱা হৈছিল যে দুজন বিশ্বাসী দাস বহুত পৰিশ্ৰমী আছিল আৰু তেওঁলোকে মনে প্ৰাণে নিজৰ মালিকৰ কাম কৰি আছিল। তেওঁলোকৰ পৰিশ্ৰম চাই মালিকে বহুত আনন্দিত হয় আৰু তেওঁলোকক পুৰস্কাৰ দিয়ে কিন্তু তেওঁ এলেহুৱা দাসক অস্বীকাৰ কৰে। ইয়াৰ পৰা আমি কি শিকোঁ? আমি অন্ত নহালৈকে সম্পূৰ্ণৰূপে যিহোৱাৰ সেৱাত লাগি থকা উচিত। শেষত আমি দেখিলোঁ যে অভিষিক্ত খ্ৰীষ্টানসকলে জাগি থকা উচিত, তেতিয়াহে যীচুৱে তেওঁলোকক নিজৰ লগত স্বৰ্গলৈ লৈ যাব। তেওঁলোকে সেই সময়ৰ বাবে আগ্ৰহেৰে বাট চাই আছে, যেতিয়া তেওঁলোকে যীচুৰ লগত স্বৰ্গত একগোট হʼব। হৰমাগিদোন যুদ্ধৰ পাছত যেতিয়া মেৰ পোৱালি অৰ্থাৎ যীচুৰ বিয়া হʼব, তেতিয়া তেওঁলোকে যীচুৰ কন্যা হʼব।—২ থিচ. ২:১; প্ৰকা. ১৯:৭, ৯.

২০. যিসকলে সতৰ্কবাণীৰ ওপৰত ধ্যান দিয়ে, যিহোৱাই তেওঁলোকক কি পুৰস্কাৰ দিব?

২০ অতি সোনকালে যীচুৱে এই জগতৰ ন্যায় কৰিব কিন্তু আমি ভয় কৰাৰ প্ৰয়োজন নাই। যদি আমি বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমাৰ মৰমিয়াল পিতৃ যিহোৱাই আমাক সেই শক্তি দিব যি মানুহৰ সাধাৰণ শক্তিতকৈ বহুগুণে শ্ৰেষ্ঠ যাতে আমি “মানুহৰ পুত্ৰৰ আগত থিয় হʼব” পাৰোঁ। (২ কৰি. ৪:৬-১০; লূক ২১:৩৬) আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, যদি আমি যীচুৰ উদাহৰণত কোৱা সতৰ্কবাণীত ধ্যান দিওঁ, তেনেহʼলে যিহোৱা আমাৰ পৰা আনন্দিত হʼব। তেওঁ আমাক মহা কৃপা কৰিব আৰু আমাৰ নাম জীৱনৰ কিতাপত সদায় দিনৰ বাবে লিখা থাকিব।—দানি. ১২:১; প্ৰকা. ৩:৫.

গীত নং ২৬ তুমি মোৰ বাবে কৰিলা

a মে’ ২০২৪ চনৰ প্ৰহৰীদুৰ্গত দিয়া “যিহোৱাই ভৱিষ্যতে লোকসকলৰ কেনেকৈ ন্যায় কৰিব?” নামৰ লেখখন পঢ়ক।

b বেছিকৈ জানিবলৈ মাৰ্চ ১৫, ২০১৫ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী) “আপুনি জাগি থাকিব নে?” নামৰ লেখখন পঢ়ক।

d ছবিৰ বিষয়ে: এজনী অভিষিক্ত ভনীয়ে এজনী ছোৱালীৰ লগত বাইবেল অধ্যয়ন কৰি আছে, যাক তেওঁ প্ৰচাৰ কৰাৰ সময়ত লগ পাইছিল।