Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৭

গীত নং ১১৮ “আমাৰ বিশ্বাস বঢ়োৱা”

শেষলৈকে ধৈৰ্য্য ধৰিবলৈ সহায় কৰা এখন চিঠি

শেষলৈকে ধৈৰ্য্য ধৰিবলৈ সহায় কৰা এখন চিঠি

‘আৰম্ভণীতে আমাৰ যি বিশ্বাস আছিল, শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত [দৃঢ়] হৈ থাকোঁ।’ইব্ৰী ৩:১৪, IRV.

কি শিকিম?

বাইবেলৰ ইব্ৰী কিতাপত বহুতো ভাল ভাল পৰামৰ্শ দিয়া আছে। সেইবোৰ পালন কৰিলে আমি শেষলৈকে ধৈৰ্য্য ধৰিব পাৰিম আৰু বিশ্বাসী হৈ থাকিব পাৰিম।

১-২. (ক) পৌলে যেতিয়া যিহূদী খ্ৰীষ্টানসকললৈ চিঠি লিখিছিল, তেতিয়া যিৰূচালেম আৰু যিহূদিয়াৰ পৰিস্থিতি কেনে আছিল? (খ) পৌলে তেওঁলোকলৈ এই চিঠি একেবাৰে সঠিক সময়ত লিখিছিল বুলি কিয় কʼব পাৰি?

 যীচুৰ মৃত্যুৰ পাছত যিৰূচালেম আৰু যিহূদিয়াত থকা খ্ৰীষ্টানসকলৰ ওপৰত বহুতো সমস্যা আহিছিল। খ্ৰীষ্টান মণ্ডলী গঠিত হোৱাৰ কিছু সময়ৰ পাছতে তেওঁলোকক বহুত বিৰোধ কৰা হʼল। (পাঁচ. ৮:১) ইয়াৰ প্ৰায় ২০ বছৰৰ পাছত তেওঁলোকে আকাল আৰু দৰিদ্ৰতাৰ সন্মুখীন হʼবলগীয়া হʼল। (পাঁচ. ১১:২৭-৩০) তাৰ পাছত ৬১ খ্ৰীষ্টাব্দৰ আশে-পাশে পৰিস্থিতি অলপ ভাল হʼল আৰু ভাই-ভনীসকলে মনত শান্তি অনুভৱ কৰিলে। কিন্তু আগলৈ পৰিস্থিতি সলনি হʼবলগীয়া আছিল। সেইবাবে, যিহোৱাই পৌলৰ যোগেদি সেই খ্ৰীষ্টানসকলৰ বাবে এখন চিঠি লিখুৱালে। ইয়াত বহুত ভাল ভাল পৰামৰ্শ দিয়া হৈছিল, যাৰ পৰা তেওঁলোকৰ লাভ হʼলহেঁতেনে।

পৌলৰ এই চিঠি তেওঁলোকে একেবাৰে সঠিক সময়ত পাইছিল। শান্তিৰ সময়ছোৱা শেষ হʼবলগীয়া আছিল, যীচুৱে কোৱাৰ দৰে যিৰূচালেম আৰু তাৰ মন্দিৰ ধ্বংস হʼবলগীয়া আছিল। (লূক ২১:২০) এই চিঠিত যি ভাল ভাল পৰামৰ্শবোৰ দিয়া হৈছিল, তাক পালন কৰিলে সেই যিহূদী খ্ৰীষ্টানসকলে সেই সমস্যাবোৰ সন্মুখীন হʼব পাৰিলেহেঁতেন। কিন্তু এই ধ্বংস কেতিয়া হʼব, ইয়াৰ বিষয়ে পৌল আৰু যিহূদী খ্ৰীষ্টানসকলেও নাজানিছিল। তথাপি এই সময়ছোৱাত যিহূদী খ্ৰীষ্টানসকলে নিজকে সাজু কৰিব পাৰিলেহেঁতেন। তেওঁলোকে বিশ্বাস আৰু ধৈৰ্য্যৰ গুণ বঢ়াব পাৰিলেহেঁতেন, যিবোৰ আগলৈ গৈ বহুত প্ৰয়োজন হʼলহেঁতেন।—ইব্ৰী ১০:২৫; ১২:১, ২.

৩. ইব্ৰী কিতাপৰ ওপৰত ধ্যান দিয়াটো আজি আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

যিহূদিয়াত থকা খ্ৰীষ্টানসকলে যি সংকটৰ সন্মুখীন হৈছিল, আমি তাতকৈও ডাঙৰ সংকটৰ সন্মুখীন হʼম। (মথি ২৪:২১; প্ৰকা. ১৬:১৪, ১৬) সেইবাবে, আহক আমি ইব্ৰী কিতাপত দিয়া ভাল ভাল পৰামৰ্শৰ ওপৰত ধ্যান দিওঁ, যিবোৰ যিহোৱাই সেই খ্ৰীষ্টানসকলক দিছিল। এইদৰে কৰিলে আমাৰ বহুত লাভ হʼব।

“আমি পৰিপূৰ্ণতাৰ ফালে আগবাঢ়ি যাওঁ”

৪. খ্ৰীষ্টান হোৱা যিহূদীসকলে কি কি সমস্যা সন্মুখীন হʼবলগীয়া হৈছিল? (ছবিখনো চাওক।)

খ্ৰীষ্টান হোৱা যিহূদীসকলে বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰিবলগীয়া আছিল। কিয় বাৰু? এসময়ত যিহূদীসকল যিহোৱাই বাছনি কৰা লোক আছিল। তেওঁলোকৰ চহৰ যিৰূচালেম বহুত বিশেষ আছিল। যিহোৱাই বাছনি কৰা ৰজা তাৰে পৰা শাসন কৰিছিল। ইয়াৰ উপৰিও যিৰূচালেমত যিহোৱাৰ মন্দিৰ আছিল, যʼত লোকসকলে উপাসনা কৰিবলৈ গৈছিল। তেওঁলোকৰ ধৰ্ম গুৰুসকলে মোচিৰ নিয়মৰ অনুসৰি শিক্ষা দিছিল, যাক তেওঁলোকে সম্পূৰ্ণ হৃদয়েৰে পালন কৰিছিল। যেনে, তেওঁলোকে কি খোৱা উচিত আৰু কি খোৱা উচিত নহয়, চুনৎতৰ বিষয়ে তেওঁলোকৰ কেনে দৃষ্টিভংগী হোৱা উচিত আৰু অনা যিহূদীসকলৰ লগত কেনে ব্যৱহাৰ কৰা উচিত। কিন্তু যীচুৰ মৃত্যুৰ পাছত সকলো সলনি হʼল। মোচিৰ নিয়ম শেষ হৈ গʼল আৰু এতিয়া মন্দিৰত বলিদান দিয়াৰ কোনো প্ৰয়োজন নাছিল। কিন্তু যিহূদী খ্ৰীষ্টানসকলৰ বাবে মোচিৰ নিয়ম এৰি দিয়াটো সহজ নাছিল। কাৰণ এই সকলো কথা তেওঁলোকৰ অন্তৰত বহি গৈছিল। (ইব্ৰী ১০:১, ৪, ১০) আনকি পাঁচনি পিতৰৰ দৰে পৰিপক্ক খ্ৰীষ্টানসকলৰ বাবেও পুৰণি কথাবোৰ এৰাটো সহজ নাছিল। (পাঁচ. ১০:৯-১৪; গালা. ২:১১-১৪) তেওঁলোকৰ এই নতুন বিশ্বাসৰ বাবে যিহূদী ধৰ্ম গুৰুসকলে তেওঁলোকক অত্যাচাৰ কৰিবলৈ আৰু তাড়না দিবলৈ ধৰিলে।

খ্ৰীষ্টানসকলে যিহূদী ধৰ্ম গুৰুসকলৰ মিছা শিক্ষাক অস্বীকাৰ কৰি সত্যক ধৰি ৰাখিব লাগিছিল (অনুচ্ছেদ ৪-৫ চাওক)


৫. কোন দুটা সমূহে যিহূদী খ্ৰীষ্টানসকলক বিৰোধ কৰিছিল?

যিহূদী খ্ৰীষ্টানসকলে বাহিৰৰ পৰা অহা সমস্যাৰ লগতে মণ্ডলীতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। যিহূদী ধৰ্ম এৰি দিয়াৰ বাবে যিহূদী ধৰ্ম গুৰুসকলে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল। আনহাতে মণ্ডলীৰ কিছুমান খ্ৰীষ্টানে মোচিৰ নিয়মৰ কিছুমান কথা পালন কৰিবলৈ তেওঁলোকক হেঁচা দিছিল। তেওঁলোকে হয়তো ভাবিছিল যে এইবোৰ পালন কৰিলে, তেওঁলোকে যিহূদী ধৰ্ম গুৰুসকলৰ তাড়নাৰ পৰা বাচিব পাৰিব। (গালা. ৬:১২) এনে পৰিস্থিতিত যিহূদী খ্ৰীষ্টানসকলে বিচলিত হʼলহেঁতেন। গতিকে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ কি কৰাৰ প্ৰয়োজন আছিল?

৬. পৌলে খ্ৰীষ্টানসকলক কি কৰিবলৈ উৎসাহিত কৰিলে? (ইব্ৰী ৫:১৪–৬:১, ২)

পৌলে নিজৰ চিঠিৰ যোগেদি যিহূদী খ্ৰীষ্টানসকলক ঈশ্বৰৰ বাক্য গভীৰভাৱে অধ্যয়ন আৰু মনন কৰিবলৈ উৎসাহিত কৰিব বিচাৰিছিল। (ইব্ৰী ৫:১৪–৬:১, ২ পঢ়ক।) তেওঁ হিব্ৰু শাস্ত্ৰৰ পৰা বুজালে যে খ্ৰীষ্টানসকলে যিদৰে যিহোৱাৰ উপাসনা কৰে, সেয়া যিহূদীসকলে উপাসনা কৰাৰ উপায়তকৈ কিয় বহুগুণে ভাল। a পৌলে জানিছিল যে যদি যিহূদী খ্ৰীষ্টানসকলে সত্যৰ জ্ঞান বৃদ্ধি কৰে, তেনেহʼলে তেওঁলোকে বিচলিত নহʼব। তেওঁলোকে মিছা শিক্ষা আৰু প্ৰমাণবোৰ চিনি পাব আৰু সেইবোৰ অস্বীকাৰ কৰিব পাৰিব।

৭. আজি আমি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়?

আমাৰ সময়তো এনে কথা বিয়পোৱা হয়, যিবোৰ যিহোৱাৰ মানদণ্ডৰ বিৰোধে হয়। বিৰোধীসকলে প্ৰায়ে অভিযোগ লগাই যে আমাৰ চিন্তাধাৰা ঠেক, কিয়নো চেক্সৰ বিষয়ে আমাৰ চিন্তাধাৰা একেবাৰে বেলেগ। তেওঁলোকে এয়াও কয় যে আমি নিৰ্দয়ী। ইয়াৰ উপৰিও লোকসকলৰ ব্যৱহাৰ আৰু চিন্তাধাৰা একেবাৰে বেয়া হৈ পৰিছে। তেওঁলোকৰ চিন্তাধাৰা যিহোৱাৰ লগত একেবাৰে মিল নাখায়। (হিতো. ১৭:১৫) সেইবাবে, যিবোৰ কথা যিহোৱাৰ চিন্তাধাৰাৰ লগত মিল নাখায়, সেইবোৰ চিনাক্ত কৰা আৰু তাক অস্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। এইদৰে কৰিলে আমি বিৰোধীসকলৰ কথা নুশুনিম আৰু সত্যৰ পৰা বিচলিত নহʼম।—ইব্ৰী ১৩:৯.

৮. পৰিপক্ক হʼবলৈ আমি কি কৰি থাকিব লাগিব?

পৌলে যিহূদী খ্ৰীষ্টানসকলক “পৰিপূৰ্ণতাৰ ফালে আগবাঢ়ি” যাবলৈ পৰামৰ্শ দিছিল। আজি আমিও সেইদৰে কৰা উচিত। আমি যিহোৱাৰ আৰু তেওঁৰ চিন্তাধাৰা ভালদৰে বুজিবলৈ গভীৰভাৱে বাইবেল অধ্যয়ন কৰা উচিত। আমি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মাৰ পাছতো এইদৰে কৰি থাকিব লাগিব। আমি যিমান সময়ৰ পৰাই যিহোৱাৰ উপাসনা নকৰোঁ কিয়, আমি প্ৰতিদিনে বাইবেল পঢ়া উচিত আৰু তাৰ অধ্যয়ন কৰা উচিত। (গীত. ১:২) এইদৰে কৰিলে আমি নিজৰ বিশ্বাস বঢ়াই থাকিব পাৰিম। পৌলে যিহূদী খ্ৰীষ্টানসকলকো নিজৰ বিশ্বাস বঢ়াই থাকিবলৈ কৈছিল।—ইব্ৰী ১১:১, ৬.

‘জীৱন ৰক্ষা কৰিবলৈ বিশ্বাস কৰা’

৯. যিহূদী খ্ৰীষ্টানসকলক কিয় মজবুত বিশ্বাসৰ প্ৰয়োজন আছিল?

অতি সোনকালে যিহূদিয়াত যি সংকট আহিবলগীয়া আছিল, তাৰ সন্মুখীন হʼবলৈ যিহূদী খ্ৰীষ্টাসকলৰ মজবুত বিশ্বাস থকাৰ প্ৰয়োজন আছিল। (ইব্ৰী ১০:৩৭-৩৯) যীচুৰ শিষ্যসকলে যেতিয়া যিৰূচালেমক সৈন্যসকলে আগুৰি ধৰা দেখিব, তেতিয়া পাহাৰৰ ফালে পলাই যাবলৈ যীচুৱে তেওঁলোকক আগতীয়াকৈ কৈছিল। এই পৰামৰ্শ যিৰূচালেমত থকা আৰু গাঁৱত থকা সকলো খ্ৰীষ্টানে পালন কৰিবলগীয়া আছিল। (লূক ২১:২০-২৪) যীচুৰ এই পৰামৰ্শ তেওঁলোকক হয়তো কোনো যুক্তি নথকা কথা যেন লাগিছিল। কাৰণ যেতিয়া শত্ৰুসকলে আক্ৰমণ কৰে, তেতিয়া সাধাৰণতে লোকসকলে আশ্ৰয় লʼবলৈ চহৰৰ ভিতৰলৈ পলাই গৈছিল। সেইবাবে, যীচুৰ এই পৰামৰ্শ পালন কৰিবলৈ তেওঁলোকক মজবুত বিশ্বাসৰ প্ৰয়োজন আছিল।

১০. মজবুত বিশ্বাস থকা যিহূদী খ্ৰীষ্টানসকলে হয়তো কি কৰিলে? (ইব্ৰী ১৩:১৭)

১০ যিহূদী খ্ৰীষ্টানসকলে সেই ভাইসকলৰ ওপৰতো ভৰসা কৰাৰ প্ৰয়োজন আছিল, যিসকলৰ যোগেদি যীচুৱে মণ্ডলীবোৰক নিৰ্দেশনা দি আছিল। খ্ৰীষ্টানসকলে কি কৰিব লাগিব আৰু কেতিয়া যিৰূচালেম এৰি পলাব লাগিব, তাৰ বিষয়ে সেই ভাইসকলে নিশ্চয় স্পষ্টকৈ নিৰ্দেশনা দিছিল। (ইব্ৰী ১৩:১৭ পঢ়ক।) ইব্ৰী ১৩:১৭ পদত যি গ্ৰীক শব্দৰ অনুবাদ “বশীভূত” হোৱা বুলি কৰা হৈছে, তাৰ পৰা জানিব পাৰি যে কাৰোবাক প্ৰমাণ দি অন্তৰৰ পৰা আজ্ঞা পালন কৰিবলৈ উৎসাহিত কৰা হৈছে। ভাই-ভনীসকলেনেতৃত্ব লোৱা ভাইসকলৰ ওপৰত ভৰসা কৰাৰ বাবে তেওঁলোকৰ আজ্ঞা পালন কৰাটো পৌলে বিচাৰিছিল, কেৱল দায়িত্ব বুলি ভাবি নহয়। গতিকে সংকট অহাৰ আগতে যিহূদী খ্ৰীষ্টানসকলে নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত ভৰসা কৰিবলৈ শিকাটো বহুত গুৰুত্বপূৰ্ণ আছিল। যদি তেওঁলোকে শান্তিৰ এই সময়ছোৱাত তেওঁলোকৰ ওপৰত ভৰসা কৰে আৰু তেওঁলোকৰ আজ্ঞা পালন কৰে, তেনেহʼলে বেয়া পৰিস্থিতিতো এইদৰে কৰিবলৈ তেওঁলোকৰ বাবে সহজ হʼলহেঁতেন।

১১. আজি আমি কিয় নিজৰ বিশ্বাস বঢ়াই থকা উচিত?

১১ যিহূদী খ্ৰীষ্টানসকলৰ দৰে আমিও নিজৰ বিশ্বাস বঢ়াই থকা উচিত। কাৰণ বাইবেলত কোৱাৰ দৰে আমি জগতৰ একেবাৰে শেষ সময়ত জীয়াই আছোঁ। আজি লোকসকলে আমাৰ বাৰ্তা শুনাৰ পৰিৱৰ্তে আমাক ঠাট্টাহে কৰে। (২ পিত. ৩:৩, ৪) ইয়াৰ উপৰিও আহিবলগীয়া মহা-সংকটৰ বিষয়ে বাইবেলত কিছুমান তথ্যহে দিয়া হৈছে, কিন্তু আমি সকলো কথা নাজানোঁ। সেইবাবে, আমি সম্পূৰ্ণৰূপে ভৰসা কৰা উচিত যে অন্ত সঠিক সময়ত আহিব আৰু সেই সময়ত যিহোৱাই আমাক ৰক্ষা কৰিব।—হব. ২:৩.

১২. মহা-সংকটৰ সময়ত ৰক্ষা পাবলৈ আমি কি কৰিব লাগিব?

১২ আমি ‘বিশ্বাসী আৰু বুদ্ধিমান দাসৰ’ ওপৰতো নিজৰ বিশ্বাস বঢ়াই থকা উচিত, যিসকলৰ যোগেদি যিহোৱাই আজি আমাক নিৰ্দেশনা দিয়ে। (মথি ২৪:৪৫) যিদৰে ৰোমী সৈনিকসকলে যিৰূচালেমক আগুৰি ধৰাৰ সময়ত যিহূদী খ্ৰীষ্টানসকলক নিৰ্দেশনা দিয়া হৈছিল, ঠিক সেইদৰে যেতিয়া মহা-সংকট আৰম্ভ হʼব, তেতিয়া আমাক স্পষ্টকৈ নিৰ্দেশনা দিয়া হʼব যে আমি কি কৰিব লাগিব। আজি আমি নিজৰ বিশ্বাস বঢ়োৱা আৰু নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত ভৰসা কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি আজি আমি এইদৰে কৰোঁ, তেনেহʼলে মহা-সংকটৰ সময়ছোৱাত ভাইসকলৰ আজ্ঞা মানিবলৈ আমাৰ বাবে আৰু সহজ হৈ পৰিব।

১৩. যিহূদী খ্ৰীষ্টানসকলে ইব্ৰী ১৩:৫ পদত দিয়া পৰামৰ্শ পালন কৰাটো কিয় গুৰুত্বপূৰ্ণ আছিল?

১৩ যিহূদী খ্ৰীষ্টানসকলে জানিছিল যে এদিন তেওঁলোকে সকলোবোৰ এৰি পলাব লাগিব। সেইবাবে, তেওঁলোকে নিজৰ জীৱন সৰল কৰি ৰাখিব লাগিছিল আৰু টকা-পইচা ‘লোভ’ কৰাৰ পৰাও আঁতৰি থাকিব লাগিছিল। (ইব্ৰী ১৩:৫ পঢ়ক।) ইয়াৰে মাজৰ কিছুমান খ্ৰীষ্টানে দৰিদ্ৰতা আৰু আকালৰ সন্মুখীন হʼবলগীয়া হৈছিল। (ইব্ৰী ১০:৩২-৩৪) এসময়ত যিহূদিয়াত থকা খ্ৰীষ্টানসকলে শুভবাৰ্তাৰ নিমিত্তে সকলো সহ্য কৰিবলৈ সাজু আছিল। কিন্তু এতিয়া তেওঁলোকৰ মাজৰ কিছুমানে টকা-পইচাৰ ওপৰত ভৰসা কৰিবলৈ ধৰিছিল। তেওঁলোকে ভাবিবলৈ ধৰিছিল যে টকা-পইচাই সকলো সমস্যাৰ পৰা বচাব পাৰে। কিন্তু তেওঁলোকৰ ওচৰত যিমানেই টকা-পইচা নাথাকক কিয়, সেইবোৰে তেওঁলোকক আহিবলগীয়া বিনাশৰ পৰা বচাব নোৱাৰিলেহেঁতেন। (যাকো. ৫:৩) যদি এজন খ্ৰীষ্টানে ধন-সম্পত্তিক প্ৰেম কৰিবলৈ ধৰে, তেনেহʼলে তেওঁৰ বাবে নিজৰ ঘৰ আৰু ধন-সম্পত্তি এৰি যোৱাটো কঠিন হʼলহেঁতেন।

১৪. যদি আমাৰ বিশ্বাস মজবুত থাকে, তেনেহʼলে আমি টকা-পইচাৰ বিষয়ে কেনে দৃষ্টিভংগী ৰাখিম?

১৪ যদি আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে এই দুষ্ট জগতৰ অন্ত কাষ চাপিছে, তেনেহʼলে আমি ধন-সম্পত্তি গোটোৱাত ব্যস্ত হৈ নাথাকিম। মহা-সংকটৰ সময়ত ধন-সম্পত্তিৰ কোনো মূল্য নাথাকিব। বাইবেলত লিখা আছে, লোকসকলে “নিজ নিজ ৰূপ বাটত পেলাই দিব” কাৰণ তেওঁলোকে বুজি পাব যে ‘যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁবিলাকৰ ৰূপে তেওঁবিলাকক ৰক্ষা কৰিব নোৱাৰিব।’ (যিহি. ৭:১৯) সেইবাবে, আজি আমি টকা-পইচা গোটোৱাত ব্যস্ত হৈ নাথাকিম। তাৰ পৰিৱৰ্তে আমি এনে নিৰ্ণয় লʼম, যাৰ পৰা আমি নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ লগতে যিহোৱাৰ সেৱাত লাগি থাকিম। আমি এনেই ধাৰ নলʼম আৰু এনে বস্তুবোৰো নিকিনিম, যাৰ চোৱা-চিতা কৰিবলৈ আমি বহুত সময় দিব লাগিব। অথবা আমাৰ ওচৰত যিবোৰ বস্তু আছে, সেইবোৰকো প্ৰয়োজনতকৈ বেছি প্ৰেম নকৰিম। (মথি ৬:১৯, ২৪) অন্ত অহাৰ আগতে বহুবাৰ আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে। সেই সময়ত আমি দেখুৱাব লাগিব যে আমি যিহোৱাক প্ৰেম কৰোঁ, বস্তুবোৰক নহয়।

‘তোমালোকৰ ধৈৰ্য্যৰ প্ৰয়োজন আছে’

১৫. যিহূদী খ্ৰীষ্টানসকলক কিয় ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছিল?

১৫ আগলৈ গৈ যিহূদিয়াৰ পৰিস্থিতি বেয়ালৈ ঢাল খালেহেঁতেন, সেইবাবে খ্ৰীষ্টানসকলক ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছিল। (ইব্ৰী ১০:৩৬) কিছুমান খ্ৰীষ্টানে বহুতো তাড়না সহিছিল। কিন্তু বেছিভাগ ভাই-ভনীয়ে সেই সময়ত খ্ৰীষ্টান হৈছিল, যেতিয়া পৰিস্থিতি ভাল আছিল। সেইবাবে, পৌলে তেওঁলোকক আহিবলগীয়া সমস্যা সহন কৰিবলৈ সাজু থাকিবলৈ কৈছিল। আনকি যীচুৰ দৰে জীৱন দিবলৈও সাজু থাকিবলৈ কৈছিল। (ইব্ৰী ১২:৪) যেতিয়া বহুতো যিহূদীয়ে খ্ৰীষ্টান হʼল, তেতিয়া বিৰোধীসকলে বেছিকৈ খং কৰিবলৈ ধৰিলে আৰু ভাইসকলক শাস্তি দিছিল। ইব্ৰী চিঠিখন লিখাৰ কিছু বছৰৰ আগতে যেতিয়া পৌলে যিৰূচালেমত আছিল, তেতিয়া তেওঁক চাই যিহূদীসকলে খং কৰিছিল। প্ৰায় ৪০-তকৈও বেছি যিহূদীয়ে শপত খাইছিল যে “পৌলক হত্যা নকৰালৈকে আমি একো খোৱা-বোৱা নকৰিম।” (পাঁচ. ২২:২২; ২৩:১২-১৪) যিহূদী খ্ৰীষ্টানসকলে এনে কঠোৰ যিহূদীসকলৰ মাজত জীয়াই থকাৰ লগতে উপাসনা কৰিবলৈ একগোট হʼব লাগিছিল, প্ৰচাৰ কৰিব লাগিছিল আৰু নিজৰ বিশ্বাস মজবুত কৰিব লাগিছিল।

১৬. সমস্যাবোৰৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ আমি ইব্ৰীৰ চিঠিখনৰ পৰা কেনেকৈ সহায় পাওঁ? (ইব্ৰী ১২:৭)

১৬ বিৰোধৰ সময়ত যিহূদী খ্ৰীষ্টানসকলে কেনেকৈ ধৈৰ্য্য ধৰিব পাৰিলেহেঁতেন? পৌলে জানিছিল যে তেওঁলোকে নিজৰ সমস্যাৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিব লাগিব। সেইবাবে, পৌলে তেওঁলোকক বুজালে যে ঈশ্বৰে আমাৰ বিশ্বাসৰ পৰীক্ষা হʼবলৈ দিয়ে আৰু সেই সময়ত তেওঁ আমাক প্ৰশিক্ষণ দিয়ে। (ইব্ৰী ১২:৭ পঢ়ক।) সেইবাবে, আমি বহুতো ভাল গুণ বঢ়াব পাৰোঁ। সমস্যাৰ মাজেদি পাৰ হʼলে ভাল পৰিণাম পোৱা যায়, এই কথা যিহূদী খ্ৰীষ্টানসকলে মনত ৰখা হʼলে সমস্যা সহন কৰিবলৈ তেওঁলোকৰ বাবে সহজ হʼলহেঁতেন।—ইব্ৰী ১২:১১.

১৭. সমস্যা সহন কৰাৰ বিষয়ে পৌলৰ কি অনুভৱ আছিল?

১৭ পৌলে যিহূদী খ্ৰীষ্টানসকলক সাহসেৰে নিজৰ সমস্যা সন্মুখীন কৰিবলৈ আৰু হাৰ নামানিবলৈ অনুৰোধ কৰিলে। পৌলে তেওঁলোকক এই পৰামৰ্শ কিয় দিব পাৰিলে? খ্ৰীষ্টান হোৱাৰ আগতে পৌলে ভাই-ভনীসকলক বহুত তাড়না দিছিল আৰু খ্ৰীষ্টান হোৱাৰ পাছত তেওঁ বিভিন্ন ধৰণৰ তাড়না সহন কৰিবলগীয়া হʼল। (২ কৰি. ১১:২৩-২৫) সেইবাবে, পৌলে ভালদৰে জানিছিল যে তেওঁলোকে কেনে অনুভৱ কৰিছে আৰু সেই সমস্যা সন্মুখীন হʼবলৈ তেওঁলোকে কি কৰিব পাৰে। পৌলে তেওঁলোকক মনত পেলাই দিছিল যে সমস্যা সন্মুখীন হোৱাৰ সময়ত তেওঁলোকে নিজৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰা উচিত। পৌলেও এইদৰেই কৰিছিল, সেইবাবে তেওঁ কʼব পাৰিলে, “প্ৰভু [যিহোৱা] মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম”—ইব্ৰী ১৩:৬.

১৮. ভৱিষ্যতে কি হʼব আৰু এতিয়া আমি কি কৰা উচিত?

১৮ আজি আমাৰ কিছুমান ভাই-ভনীয়ে তাড়নাৰ সন্মুখীন হʼবলগীয়া হৈছে। তথাপি তেওঁলোকে ধৈৰ্য্যেৰে এইবোৰ সহন কৰি আছে। আমি কেনেকৈ এই ভাই-ভনীসকলক প্ৰেম দেখুৱাব পাৰোঁ? আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। যদি সম্ভৱ হয়, তেনেহʼলে প্ৰয়োজনীয় বস্তুবোৰ দি তেওঁলোকক সহায় কৰিব পাৰোঁ। (ইব্ৰী ১০:৩৩) বাইবেলত এইদৰে কোৱা হৈছে, “খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীম. ৩:১২) সেইবাবে, আমি সকলোৱে আহিবলগীয়া সমস্যাবোৰৰ বাবে নিজকে সাজু কৰি ৰখা উচিত। গতিকে আহক আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখোঁ যে তেওঁ আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ আমাক সহায় কৰিব আৰু আগলৈ গৈ নিজৰ সকলো সেৱকক সম্পূৰ্ণ শান্তি দিব।—২ থিচ. ১:৬.

১৯. মহা-সংকটৰ বাবে আমি নিজকে কেনেকৈ সাজু কৰিব পাৰোঁ?

১৯ পৌলে যিহূদী খ্ৰীষ্টানসকললৈ যি চিঠি লিখিছিল, তাৰ সহায়ত তেওঁলোকে আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ সাজু হʼব পাৰিলে। পৌলে তেওঁলোকক শাস্ত্ৰৰ ভালদৰে অধ্যয়ন কৰিবলৈ আৰু সঠিক জ্ঞান লʼবলৈ কৈছিল। এইদৰে কৰাৰ যোগেদি তেওঁলোকে সেই শিক্ষাক চিনাক্ত কৰি সেইবোৰ অস্বীকাৰ কৰিব পাৰিলেহেঁতেন, যাৰ যোগেদি তেওঁলোকৰ বিশ্বাস দুৰ্বল হʼলহেঁতেন। পৌলে তেওঁলোকক নিজৰ বিশ্বাস মজবুত কৰিবলৈ কৈছিল, যাতে তেওলোকে যীচু আৰু মণ্ডলীত নেতৃত্ব লোৱা ভাইসকলৰ নিৰ্দেশনা লগে লগে পালন কৰিব পাৰে। সমস্যাৰ সময়ত কেনেকৈ ধৈৰ্য্য ধৰিব পাৰি, তাৰ বিষয়েও জনাইছিল। সমস্যাবোৰৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ পৌলে তেওঁলোকক কৈছিল, যাতে তেওঁলোকে বুজিব পাৰে যে যিহোৱাই তেওঁলোকক প্ৰশিক্ষণ দি আছে। আহক ইব্ৰীৰ চিঠিত লিখা পৰামৰ্শবোৰ আমিও পালন কৰোঁ। তেতিয়া আমিও শেষলৈকে ধৈৰ্য্য ধৰিব পাৰিম আৰু বিশ্বাসী হৈ থাকিব পাৰিম।—ইব্ৰী ৩:১৪.

ধৈৰ্য্য ধৰাৰ বাবে বিশ্বাসী খ্ৰীষ্টানসকলে আশীৰ্বাদ লাভ কৰিলে। যিহূদিয়া এৰি যোৱাৰ পাছতো তেওঁলোকে একগোট হʼবলৈ নেৰিলে। আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ? (অনুচ্ছেদ ১৯ চাওক)

গীত নং ১২৬ পৰ দি থাকক, শক্তিশালী হওক

a ইব্ৰী কিতাপৰ প্ৰথম অধ্যায়তে পৌলে হিব্ৰু শাস্ত্ৰৰ পৰা কমেও সাত বাৰ উদ্ধৃতি দি বুজালে যে খ্ৰীষ্টানসকলে যিদৰে যিহোৱাৰ উপাসনা কৰে, সেয়া যিহূদীসকলে উপাসনা কৰা উপায়তকৈ বহুগুণে ভাল।—ইব্ৰী ১:৫-১৩.