Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫

বুদ্ধিমত্তাৰে নিজৰ সময় ব্যৱহাৰ কৰক

বুদ্ধিমত্তাৰে নিজৰ সময় ব্যৱহাৰ কৰক

“এতেকে কি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা।”—ইফি. ৫:১৫, ১৬.

গীত ৮ যিহোৱা আমাৰ দুৰ্গ

লেখৰ এক আভাস *

১. যিহোৱাৰ লগত সময় অতিবাহিত কৰিবলৈ আমি কি কৰোঁ?

 যিসকল লোক আমাৰ হৃদয়ৰ আপোন হয়, তেওঁলোকৰ লগত সময় অতিবাহিত কৰি আমাক বহুত ভাল লাগে। যেনে, স্বামী আৰু পত্নীয়ে অকলশৰীয়াকৈ সময় অতিবাহিত কৰি ভাল পায়, ডেকা লʼৰা-ছোৱালীয়ে বন্ধুসকলৰ লগত ফুৰি ভাল পায় আৰু আমি সকলোৱে মণ্ডলীৰ ভাই-ভনীসকলক লগ কৰি ভাল পাওঁ। কিন্তু যেতিয়া আমি যিহোৱাৰ লগত সময় অতিবাহিত কৰোঁ, তেতিয়া আমাক আটাইতকৈ বেছি ভাল লাগে। এয়া আমি কেনেকৈ কৰোঁ? যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেওঁৰ বাক্য বাইবেল পঢ়োঁ আৰু তেওঁৰ উদ্দেশ্য আৰু গুণৰ বিষয়ে ধ্যান কৰোঁ, তেতিয়া আমি যিহোৱাৰ লগত সময় অতিবাহিত কৰাৰ দৰে হয়। সঁচাকৈ যিহোৱাৰ লগত আমি যি সময় অতিবাহিত কৰোঁ, সেয়া বহুত মূল্যৱান হয়।—গীত. ১৩৯:১৭.

২. যিহোৱাৰ বাবে সময় উলিওৱাটো কিয় কঠিন হʼব পাৰে?

যিহোৱাৰ বাবে সময় উলিওৱাটো আমাৰ বাবে কেতিয়াবা কেতিয়াবা কঠিন হʼব পাৰে। প্ৰতিদিনে আমাৰ বহুতো কাম থাকে। যেনে, চাকৰি কৰা, পৰিয়ালৰ চোৱা-চিতা কৰা আৰু আন দায়িত্ববোৰ পালন কৰা। এই দায়িত্ববোৰৰ বাবে প্ৰাৰ্থনা, অধ্যয়ন আৰু ধ্যান কৰিবলৈ হয়তো আমাৰ হাতত সময় নাথাকে।

৩. আন কি কি কামৰ কাৰণে আমি যিহোৱাৰ বাবে সময় উলিয়াব নোৱাৰোঁ?

আন কিছুমান কাম আছে যিবোৰ কৰাটো ভুল নহয়, কিন্তু আমি যদি সেইবোৰত বেছিকৈ সময় অতিবাহিত কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ বাবে সময় উলিয়াব নোৱাৰিম। উদাহৰণস্বৰূপে, মনোৰঞ্জন। এয়া সঁচা যে আমি অলপ আৰাম কৰা উচিত আৰু ভাল মনোৰঞ্জনো কৰা উচিত। কিন্তু আমি যদি সেইবোৰত বেছিকৈ সময় অতিবাহিত কৰোঁ, তেনেহʼলে আমাৰ ওচৰত যিহোৱাৰ বাবে সময়ে নাথাকিব। আমি মনত ৰখা উচিত যে মনোৰঞ্জন ইমান গুৰুত্বপূৰ্ণ নহয়।—হিতো. ২৫:২৭; ১ তীম. ৪:৮.

৪. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

এই লেখত আমি শিকিম যে কোনবোৰ কাম বেছি গুৰুত্বপূৰ্ণ হয়, সেয়া আমি কিয় নিৰ্ণয় কৰা উচিত। আমি এয়াও শিকিম যে যিহোৱাৰ লগত ভাল সময় অতিবাহিত কৰিবলৈ হʼলে আমি কি কৰিব লাগিব আৰু এইদৰে কৰিলে আমাৰ কি লাভ হʼব।

সঠিক নিৰ্ণয় লওক আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰথম স্থান দিয়ক

৫. ইফিচীয়া ৫:১৫-১৭ পদবোৰ পঢ়ি ডেকা ভাই-ভনীয়ে সঠিক কেৰিয়াৰ কেনেকৈ বাছনি কৰিব পাৰে?

আপুনি জীৱনত কি কৰিব, তাৰ বিষয়ে সঠিক নিৰ্ণয় লওক। বৰ্তমান সময়ত ডেকা লʼৰা-ছোৱালীয়ে বিশেষকৈ নিজৰ কেৰিয়াৰ অৰ্থাৎ জাৱিকা পথৰ বিষয়ে চিন্তা কৰে। এই ক্ষেত্ৰত স্কুলৰ শিক্ষক আৰু যিহোৱা সাক্ষী নোহোৱা সম্বন্ধীয় লোকে তেওঁলোকক হয়তো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়িবলৈ উৎসাহিত কৰিব পাৰে, যাতে তেওঁলোকে ভৱিষ্যতে এটা ভাল চাকৰি পায় আৰু বহুতো ধন-সম্পত্তি ঘটিব পাৰে। কিন্তু এই শিক্ষা লʼবলৈ তেওঁলোকক বহুবছৰ লাগিব পাৰে। কিন্তু সত্যত থকা তেওঁৰ পিতৃ-মাতৃ আৰু মণ্ডলীৰ ভাই-ভনীসকলে তেওঁক হয়তো যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত কৰিব পাৰে। যদি ডেকা লʼৰা-ছোৱালীয়ে যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁলোকে সঠিক নিৰ্ণয় লʼবলৈ কি কৰিব পাৰে। তেওঁলোকে ইফিচীয়া ৫:১৫-১৭ পদবোৰ পঢ়িব পাৰে আৰু ইয়াৰ বিষয়ে ধ্যান কৰিব পাৰে। (পঢ়ক।) তেওঁলোকে নিজকে এইদৰে সুধিব পাৰে, ‘মোৰ বাবে “যিহোৱাৰ ইচ্ছা” কি? মই কোনটো কেৰিয়াৰ বাছনি কৰিম, যাৰপৰা যিহোৱা আনন্দিত হʼব? আৰু মই নিজৰ সময় কেনেকৈ বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিব পাৰোঁ?’ আমি সকলোৱে মনত ৰখা উচিত যে “কাল মন্দ” আৰু অতি সোনকালে চয়তানৰ এই জগতক ধ্বংস কৰা হʼব। সেইবাবে, আমি এনেদৰে জীৱন-যাপন কৰা উচিত, যাৰপৰা যিহোৱাই আনন্দিত হয় আৰু এইদৰে কৰাটো বুদ্ধিমানৰ কাম হʼব।

৬. মৰিয়মে কি কৰিলে আৰু এইদৰে কৰাটো কিয় সঠিক আছিল?

গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰথম স্থান দিয়ক। ধৰি লওক আমাৰ ওচৰত দুটা কাম কৰিবলৈ আছে আৰু সেই দুয়োটা কাম কৰাটো ভুল নহয়। কিন্তু আমাৰ ওচৰত বেছি সময় নাই। এনে পৰিস্থিতিত আমি বেছি গুৰুত্বপূৰ্ণ কাম বাছনি কৰিব লাগিব আৰু সেয়া কৰিব লাগিব আৰু আন কামটো এৰি দিব লাগিব। ইয়াক বুজিবলৈ আহক চাওঁ যে যেতিয়া যীচুৱে মাৰ্থা আৰু মৰিয়মৰ ঘৰলৈ গৈছিল, তেতিয়া কি হৈছিল। যীচু অহাৰ বাবে মাৰ্থা বহুত আনন্দিত আছিল আৰু তাই যীচুৰ বাবে বহুতো আহাৰ ৰান্ধিব বিচাৰিছিল। কিন্তু মৰিয়মে মাৰ্থাক সহায় কৰাৰ পৰিৱৰ্তে যীচুৰ ওচৰত বহিল আৰু তেওঁৰ কথা শুনিবলৈ ধৰিলে। যদিও মাৰ্থাই যীচুৰ বাবে যি যি ৰান্ধিব বিচাৰিছিল, সেইবোৰ ভুল নাছিল। কিন্তু যীচুৱে কৈছিল যে মৰিয়মে “উত্তম ভাগ” বাছনি কৰিলে। (লূক ১০:৩৮-৪২) কিছুসময়ৰ পাছত মৰিয়মে হয়তো পাহৰি গʼল যে সেইদিনাখন তাই কি খাইছিল, কিন্তু যীচুৰপৰা যি শিকিছিল, সেইবোৰ তাইৰ হয়তো নিশ্চয় মনত আছিল। মৰিয়মে যীচুৰ লগত যি অলপ সময় অতিবাহিত কৰিলে, সেয়া তাইৰ বাবে বৰ বিশেষ আছিল। ঠিক সেইদৰে আমিও যিহোৱাৰ লগত যি সময় অতিবাহিত কৰোঁ, সেয়া আমাৰ বাবে বৰ বিশেষ হয়। সেইবাবে, আমি সেই সময়খিনি বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰা উচিত। আমি সেয়া কেনেকৈ কৰিব পাৰোঁ আহক চাওঁ।

যিহোৱাৰ লগত ভালদৰে সময় অতিবাহিত কৰক

৭. প্ৰাৰ্থনা, অধ্যয়ন আৰু ধ্যান কৰাটো কিয় গুৰুত্বপূৰ্ণ?

মনত ৰাখক যে প্ৰাৰ্থনা, অধ্যয়ন আৰু ধ্যান কৰাটো আমাৰ উপাসনাৰ ভাগ হয়। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি নিজৰ পিতৃ যিহোৱাৰ লগত কথা পাতোঁ, যিজনে আমাক বহুত প্ৰেম কৰে। (গীত. ৫:৭) বাইবেল অধ্যয়ন কৰিলে আমি সেই “ঈশ্বৰবিষয়ক জ্ঞান” লওঁ, যিজন জ্ঞানৰ উৎস হয়। (হিতো. ২:১-৫) ধ্যান কৰিলে আমি যিহোৱাৰ গুণবোৰ শিকিব পাৰোঁ আৰু তেওঁ মানুহৰ বাবে কি কৰিব, তাৰ বিষয়ে মনত ৰাখিব পাৰোঁ। ইয়াতকৈ ভাল কাম আৰু একো হʼব নোৱাৰে। সেইবাবে, এই কামবোৰত আমি যি সময় অতিবাহিত কৰোঁ, সেই সময়খিনি আমি বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰা উচিত। ইয়াৰ বাবে আমি কি কৰিব লাগিব?

আপুনি একান্ত ঠাইত গৈ ব্যক্তিগত অধ্যয়ন কৰিব পাৰিবনে? (অনুচ্ছেদ ৮-৯ চাওক)

৮. (ক) যীচুৱে অৰণ্যলৈ কিয় গৈছিল? (খ) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

সম্ভৱ হʼলে একান্ত ঠাই বিচাৰক। যীচুৰ উদাহৰণলৈ মন কৰক। পৃথিৱীত নিজৰ সেৱা আৰম্ভ কৰাৰ আগতে তেওঁ ৪০ দিনৰলৈকে অৰণ্যত আছিল। (লূক ৪:১, ২) সেই একান্ত ঠাইত যীচুৱে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰিছিল আৰু তেওঁৰ বাবে যিহোৱাৰ ইচ্ছা কি আছে, তাৰ বিষয়ে ধ্যান কৰিব পাৰিছিল। এইদৰে কৰাৰ বাবে যীচুৱে আহিবলগীয়া সমস্যাৰ বাবে সাজু হʼব পাৰিলে। যীচুৰপৰা আমি কি শিকিব পাৰোঁ? যদি আপোনাৰ পৰিয়ালত বহুতোলোক আছে, তেনেহʼলে ঘৰত একান্ত ঠাই বিচৰাটো আপোনাৰ বাবে কঠিন হʼব পাৰে। এনে পৰিস্থিতিত আপুনি বাহিৰত একান্ত ঠাইলৈ যাব পাৰে। ভনী জুলীয়ে এইদৰেই কৰে। তাই নিজৰ স্বামীৰ লগত ফ্ৰান্সৰ এখন সৰু ৰুমত থাকে। অকলে আৰু মনোযোগেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তাইৰ বাবে কঠিন হয়। ভনী জুলীয়ে এইদৰে কৈছে, “মই প্ৰতিদিনে পাৰ্কলৈ যাওঁ আৰু তাত অকলে হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ।”

৯. যীচুৱে ব্যস্ত থকাৰ সত্ত্বেও কি কৰিলে?

যীচু বৰ ব্যস্ত আছিল। তেওঁ যʼত গৈছিল, তাত লোকসকলে তেওঁক আৱৰি ধৰিছিল আৰু যীচুৱে সকলোকে সময় দিবলগীয়া হৈছিল। এবাৰ যীচু যʼত থাকিছিল, তাত ‘নগৰৰ আটাই মানুহ গোট খালে।’ সেইসময়তো যীচুৱে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ সময় উলিয়ালে। পাছদিনাখন যীচুৱে পুৱতিনিশা উঠি “নিৰ্জন ঠাইলৈ” গʼল আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰিলে।—মাৰ্ক ১:৩২-৩৫.

১০-১১. (ক) মথি ২৬:৪০, ৪১ পদৰ অনুসৰি যীচুৱে নিজৰ শিষ্যসকলক কি কৰিবলৈ কৈছিল? (খ) কিন্তু তেওঁলোকে কি কৰিলে?

১০ নিজৰ জীৱনৰ শেষ ৰাতিত যীচুৱে আকৌ ধ্যান কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ একান্ত ঠাইলৈ গʼল। তেওঁ নিজৰ শিষ্যসকলৰ লগত গেৎচিমানী বাগিচালৈ গৈছিল। (মথি ২৬:৩৬) সেই ৰাতি তেওঁ নিজৰ শিষ্যসকলক এটা গুৰুত্বপূৰ্ণ কথা কৈছিল।

১১ যেতিয়া তেওঁলোকে গেৎচিমানী বাগিচাত পালেগৈ, তেতিয়া হয়তো মাজনিশা হৈছিল। যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “পৰ দিয়া।” তাৰ পাছত যীচুৱে প্ৰাৰ্থনা কৰিবলৈ গʼল। (মথি ২৬:৩৭-৩৯) সেইসময়ছোৱাত তেওঁৰ শিষ্যসকলে টোপনি গʼল। যেতিয়া যীচুৱে উভতি আহিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “পৰ দি প্ৰাৰ্থনা কৰা।” (মথি ২৬:৪০, ৪১ পঢ়ক।) যীচুৱে তেওঁলোকক এয়াও কৈছিল যে “শৰীৰ দুৰ্ব্বল” অৰ্থাৎ তেওঁ জানিছিল যে তেওঁৰ শিষ্যসকলে বহুত চিন্তিত হৈছিল আৰু ভাগৰি পৰিছিল। তথাপি যীচুৱে তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈ কʼলে। কিন্তু ইয়াৰ পাছত যীচুৱে যেতিয়া দুবাৰ প্ৰাৰ্থনা কৰি উভতি আহিল, তেতিয়া তেওঁ দেখিলে যে তেওঁৰ শিষ্যসকলে প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে শুই আছে।—মথি ২৬:৪২-৪৫.

আপুনি বেছিকৈ ভাগৰি নপৰাৰ সময়ত প্ৰাৰ্থনা কৰিব পাৰিবনে? (অনুচ্ছেদ ১২ চাওক)

১২. যেতিয়া আমি প্ৰাৰ্থনা কৰিব নোৱাৰোঁ, তেতিয়া আমি কি কৰা উচিত?

১২ সঠিক সময় বাছনি কৰক। বহুবাৰ আমি ইমানেই ভাগৰি পৰোঁ যে আমি প্ৰাৰ্থনা কৰিব নোৱাৰোঁ। সেইসময়ত আমি কি কৰিব পাৰোঁ? আমি প্ৰাৰ্থনা কৰাৰ সময় সলনি কৰিব পাৰোঁ। কিছুমান লোকে ৰাতি প্ৰাৰ্থনা কৰিছিল কিন্তু সেইসময়ত তেওঁলোকে বহুত ভাগৰি পৰিছিল। সেইবাবে, তেওঁলোকে গধূলিৰ সময় বাছনি কৰিলে। ইয়াৰ উপৰিও আমি বহি বা আঁঠুকাঢ়িও প্ৰাৰ্থনা কৰিব পাৰোঁ। বহুতোলোকে এইদৰেই কৰে। এইদৰে কৰাৰ বাবে তেওঁলোকে বেছিকৈ ধ্যান দিব পাৰে। কিন্তু বহুবাৰ আমি হয়তো চিন্তিত হৈ পৰোঁ বা নিৰাশ হৈ পৰোঁ আৰু আমাৰ প্ৰাৰ্থনা কৰিবলৈ মন নাযায়। তেতিয়াও আমি প্ৰাৰ্থনা কৰা উচিত আৰু যিহোৱাক নিজৰ মনৰ সকলো কথা জনোৱা উচিত। যিহোৱাই আমাৰ ভাবনা বুজি পাব বুলি আমি বিশ্বাস কৰিব পাৰোঁ।—গীত. ১৩৯:৪.

যদি গুৰুত্বপূৰ্ণ নহয়, তেনেহʼলে সভাৰ সময়ছোৱাত মেছেজ বা ইমেইল নকৰিব (অনুচ্ছেদ ১৩-১৪ চাওক)

১৩. যিহোৱাৰ লগত সময় অতিবাহিত কৰাৰ সময়ত ইলেক্ট্ৰʼনিক উপকৰণবোৰে কি কি উপায়েৰে আমাক মনোযোগ দিয়াত বাধা দিব পাৰে?

১৩ মনোযোগ দিয়াত বাধা আহিবলৈ নিদিব। যিহোৱাৰ লগত ঘনিষ্ঠ বন্ধুত্ব কৰিবলৈ কেৱল প্ৰাৰ্থনা কৰাই যথেষ্ট নহয়। আমি বাইবেল অধ্যয়ন কৰিব লাগিব আৰু সভাবোৰত উপস্থিত হʼব লাগিব। আমি মনোযোগেৰে অধ্যয়ন কৰিবলৈ আৰু সভাবোৰ শুনিবলৈ কি কৰিব পাৰোঁ? আমি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ, ‘কি কি কথাৰ বাবে মই মনোযোগ দিয়াত বাধা আহিব পাৰে?’ স্মাৰ্টফোন বা আন ইলেক্ট্ৰʼনিক উপকৰণবোৰ প্ৰয়োজনীয় বস্তু হয় আৰু এইবোৰ বৰ্তমান সময়ত লাখ লাখ লোকৰ ওচৰত আছে। কিন্তু যিহোৱাৰ লগত সময় অতিবাহিত কৰাৰ সময়ত যেতিয়া কোনোবাই ফোন কৰে বা ইমেইল বা মেছেজ পঠিয়াই, তেতিয়া হয়তো আমাৰ ধ্যান বিচলিত হʼব পাৰে। সন্মিলন আৰু অধিৱেশনবোৰত প্ৰায়ে কোৱা হয় যে আমি নিজৰ ফোন আৰু টেবলেটবোৰ এনেদৰে ৰখা উচিত, যাতে ইয়াৰপৰা আনৰ ধ্যান বিচলিত নহয়। যেতিয়া আমি যিহোৱাৰ লগত সময় অতিবাহিত কৰোঁ, তেতিয়াও আমি এইদৰে কৰোঁনে, যাতে আমাৰ ধ্যান বিচলিত নহয়? ইলেক্ট্ৰʼনিক উপকৰণবোৰে আৰু এটা উপায়েৰে আমাৰ ধ্যান বিচলিত কৰিব পাৰে। কিছুমান অনুসন্ধানকাৰীয়ে কৈছে যে যদি আমাৰ ফোন নাবাজে, তথাপি আমাৰ ওচৰত থাকে, তেনেহʼলে আমি বেলেগ কামত মনোযোগ দিব নোৱাৰিম। তেওঁলোকৰ মাজত এজন অনুসন্ধানকাৰীয়ে এইদৰে কৈছে, “ফোনৰ বাবে আমি বেলেগ কামত মন দিব নোৱাৰোঁ, ইয়াৰ পৰিৱৰ্তে আন কথাবোৰৰ বিষয়ে ভাবিবলৈ ধৰোঁ।” উদাহৰণস্বৰূপে, আমাৰ ফোনত যিসকলৰ নাম্বাৰ আছে, তেওঁলোকে কি কৰি আছে বুলি আমি হয়তো ভাবিবলৈ ধৰোঁ।

১৪. ফিলিপীয়া ৪:৬, ৭ পদৰ অনুসৰি মনোযোগ দিবলৈ আমি কি কৰা উচিত?

১৪ ভালদৰে মনোযোগ দিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। অধ্যয়ন বা সভাত মনোযোগ দিবলৈ অসুবিধা হʼলে আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰক। যদি কিবা কথাই আপোনাক অশান্তি কৰি আছে, তেনেহʼলে মনোযোগ দিবলৈ কঠিন হʼব পাৰে। তথাপি মনোযোগ দিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক। শান্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ শান্তিয়ে কেৱল আপোনাৰ হৃদয়ক নহয় ‘মতিকো’ ৰক্ষা কৰিব।—ফিলিপীয়া ৪:৬, ৭ পঢ়ক।

যিহোৱাৰ লগত সময় অতিবাহিত কৰিলে কি লাভ হয়

১৫. যিহোৱাৰ লগত সময় অতিবাহিত কৰাৰ এটা লাভ কি হয়?

১৫ যদি আপুনি সময় উলিয়াই যিহোৱাৰ লগত কথা পাতে, তেওঁৰ কথা শুনে আৰু তেওঁৰ বিষয়ে ধ্যান কৰে, তেনেহʼলে আপোনাৰ বহুতো লাভ হʼব। প্ৰথম লাভ হৈছে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব। বাইবেলত লিখা আছে, “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা” (হিতো. ১৩:২০) যিহোৱা সকলোতকৈ বুদ্ধিমান হয়। সেইবাবে, যদি আপুনি তেওঁৰ লগত সময় অতিবাহিত কৰে, তেনেহʼলে আপুনি আৰু বুদ্ধিমান হʼব। যিহোৱাই কি কি কামৰপৰা আনন্দিত হয় আৰু কি কি কামৰপৰা তেওঁক দুখ লাগে, সেই বিষয়ে আপুনি জানিব পাৰিব। এইদৰে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব।

১৬. যিহোৱাৰ লগত সময় অতিবাহিত কৰাৰ দ্বিতীয় লাভ কি হয়?

১৬ দ্বিতীয় লাভটো হৈছে আপুনি আনক ভালদৰে শিকাব পাৰিব। যেতিয়া আমি কাৰোবাৰ বাইবেল অধ্যয়ন কৰোঁ, তেতিয়া বিদ্যাৰ্থীয়ে যিহোৱাৰ কাষ চপাটো আমি বিচাৰোঁ। ইয়াৰ বাবে আমি কি কৰিব লাগিব? আমি যিহোৱাৰ লগত বেছিকৈ কথা পাতিব লাগিব, তেতিয়াহে তেওঁৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব আৰু আমি বিদ্যাৰ্থীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাব পাৰিম। যীচুৰ উদাহৰণলৈ মন কৰক। যীচুৱে যিহোৱাক ভালদৰে জানিছিল আৰু তেওঁক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ যিহোৱাৰ প্ৰেমৰ বিষয়ে নিজৰ শিষ্যসকলক এনেদৰে কৈছিল যে তেওঁলোকেও যিহোৱাক প্ৰেম কৰিবলৈ ধৰিলে।—যোহ. ১৭:২৫, ২৬.

১৭. যিহোৱাৰ লগত সময় অতিবাহিত কৰিলে আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে?

১৭ তৃতীয় লাভ হৈছে আপোনাৰ বিশ্বাস বাঢ়িব। যেতিয়া আপুনি যিহোৱাৰপৰা পৰামৰ্শ বা সহায় বিচাৰে আৰু প্ৰতিবাৰে যিহোৱাই উত্তৰ দিয়ে, তেতিয়া আপোনাৰ বিশ্বাস আৰু বাঢ়ে। (১ যোহ. ৫:১৫) বিশ্বাস বঢ়াবলৈ আপুনি বাইবেল অধ্যয়নো কৰা উচিত। কিয়নো বাইবেলত লিখা আছে, “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস” কৰা হয়। (ৰোম. ১০:১৭) কিন্তু অধ্যয়ন কৰি জ্ঞান লোৱাই যথেষ্ট নহয়, আপুনি আৰু কিবা কৰিব লাগিব।

১৮. ধ্যান কৰাটো কিয় প্ৰয়োজন এটা উদাহৰণ দি বুজাওক।

১৮ আমি শিকা কথাবোৰ ধ্যান কৰিব লাগিব। গীতমালা ৭৭-ৰ ৰচকজনৰ উদাহৰণলৈ মন কৰক। যিহোৱাই তেওঁক আৰু আন ইস্ৰায়েলীসকলক খং কৰিছে বুলি তেওঁ ভাবিছিল। সেইবাবে, তেওঁ ইমানেই চিন্তিত আছিল যে তেওঁ ৰাতি শুব পৰা নাছিল। (২-৮ পদ) নিজৰ বিশ্বাস বঢ়াবলৈ তেওঁ কি কৰিলে? তেওঁ যিহোৱাক এইদৰে কʼলে, “মই তোমাৰ সকলো কাৰ্য্য ধ্যান কৰিম, আৰু তোমাৰ ক্ৰিয়াবোৰ আলোচনা কৰিম।” (১২ পদ) তেওঁ জানিছিল যে অতীতত যিহোৱাই নিজৰ লোকসকলৰ বাবে কি কি কৰিলে। তথাপি তেওঁৰ মনলৈ এই প্ৰশ্নবোৰ আহিছিল, “ঈশ্বৰে কৃপা কৰিবলৈ পাহৰিলে নে? তেওঁ ক্ৰোধত নিজ কৃপা বন্ধ কৰিলে নে? (৯ পদ) কিন্তু যেতিয়া তেওঁ যিহোৱাৰ কামবোৰ ধ্যান কৰিলে আৰু গভীৰভাৱে চিন্তা কৰিলে যে অতীতত যিহোৱাই নিজৰ লোকসকলক কেনেকৈ দয়া দেখুৱালে, তেতিয়া তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই নিজৰ লোকসকলক কেতিয়াও এৰি নিদিব। (১১, ১৫ পদ) ঠিক সেইদৰে যদি আপুনি গভীৰভাৱে চিন্তা কৰিব যে যিহোৱাই নিজৰ লোকসকলৰ বাবে এতিয়ালৈকে কি কি কৰিলে আৰু তেওঁ আপোনাৰ বাবে কি কি কৰিলে, তেনেহʼলে আপোনাৰ বিশ্বাস বাঢ়িব।

১৯. যিহোৱাৰ লগত সময় অতিবাহিত কৰাৰ আটাইতকৈ ডাঙৰ লাভ কি হয়?

১৯ চতুৰ্থ আৰু আটাইতকৈ ডাঙৰ লাভ হৈছে যিহোৱাৰ বাবে আপোনাৰ প্ৰেম আৰু গভীৰ হʼব। এই প্ৰেমে আপোনাক যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ, তেওঁক আনন্দিত কৰাৰ বাবে ত্যাগ কৰিবলৈ আৰু সমস্যাৰ সন্মুখীন হʼবলৈ উৎসাহিত কৰিব। (মথি ২২:৩৭-৩৯; ১ কৰি. ১৩:৪, ৭; ১ যোহ. ৫:৩) যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ।—গীত. ৬৩:১-৮.

২০. যিহোৱাৰ লগত ভালদৰে সময় অতিবাহিত কৰিবলৈ আপুনি কি কৰিব?

২০ মনত ৰাখক যে প্ৰাৰ্থনা, অধ্যয়ন আৰু ধ্যান কৰাটো আমাৰ উপাসনাৰ ভাগ হয়। যীচুৰ দৰে একান্ত ঠাইলৈ গৈ যিহোৱাৰ লগত সময় অতিবাহিত কৰক। মনোযোগ দিয়াত বাধা দিয়া বস্তুবোৰ দূৰত ৰাখক। যদি মনোযোগ দিয়াত অসুবিধা হয়, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক। যদি আপুনি বুদ্ধিমত্তাৰে নিজৰ সময় ব্যৱহাৰ কৰে, তেনেহʼলে যিহোৱাই আপোনাক নতুন পৃথিৱীত অনন্ত জীৱন দিব।—মাৰ্ক ৪:২৪.

গীত ২৮ যিহোৱাৰ বন্ধু কোন?

^ যিহোৱা আমাৰ সকলোতকৈ ভাল বন্ধু হয় আৰু যিহোৱাৰ লগত থকা বন্ধুত্বক আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। আমি তেওঁৰ কাষত থাকিব বিচাৰোঁ আৰু তেওঁক আৰু ভালদৰে জানিব বিচাৰোঁ। কাৰোবাক জানিবলৈ সময়ৰ প্ৰয়োজন হয়। ঠিক সেইদৰে যিহোৱাক জানিবলৈও সময়ৰ প্ৰয়োজন হয়। কিন্তু ব্যস্ততাৰ এই জীৱনত আমি যিহোৱাক জানিবলৈ সময় কেনেকৈ উলিয়াব পাৰোঁ আৰু এইদৰে কৰিলে আমাৰ কি লাভ হʼব?