Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১

‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব’

‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব’

২০২২ চনৰ বাৰ্ষিক পাঠ: ‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব।’—গীত. ৩৪:১০.

গীত ৪ “যিহোৱা মোৰ ৰক্ষক”

লেখৰ এক আভাস *

কঠিন পৰিস্থিতিতো দায়ূদৰ “মঙ্গলৰ একো অভাৱ” নাই বুলি তেওঁ ভাবিছিল (অনুচ্ছেদ ১-৩ চাওক) *

১. দায়ূদৰ কি সমস্যা আছিল?

 ইস্ৰায়েলৰ ৰজা চৌলে দায়ূদক হত্যা কৰিবলৈ বিচাৰিছিল। সেইবাবে, দায়ূদে নিজৰ জীৱন ৰক্ষা কৰি পলাবলগীয়া হৈছিল। যেতিয়া তেওঁক ভোক লাগিছিল, তেতিয়া তেওঁ নোব নগৰলৈ গৈছিল আৰু তাত তেওঁ এজন পুৰোহিত অহীমেলক পাঁচটা পিঠা খুজিছিল। (১ চমূ. ২১:১, ৩) পাছত তেওঁ নিজৰ লোকসকলৰ লগত এটা গুহাত থাকিবলগীয়া হৈছিল। (১ চমূ. ২২:১) কিন্তু চৌলে দায়ূদক কিয় হত্যা কৰিবলৈ বিচাৰিছিল?

২. চৌলে কি কি ভুল কাম কৰিছিল? (১ চমূৱেল ২৩:১৬, ১৭)

চৌলে দায়ূদক ঈৰ্ষা কৰিছিল। কিয়নো দায়ূদে বহুতো যুদ্ধত জয়লাভ কৰিছিল আৰু বহুতোলোকে তেওঁক ভাল পাইছিল আৰু তেওঁৰ প্ৰশংসাও কৰিছিল। চৌলে এয়াও জানিছিল যে তেওঁৰ নিজৰ ভুলৰ বাবে যিহোৱাই তেওঁক অস্বীকাৰ কৰিলে আৰু দায়ূদক ৰজা হিচাপে বাছনি কৰিছে। (১ চমূৱেল ২৩:১৬, ১৭ পঢ়ক।) কিন্তু চৌলৰ ওচৰত এতিয়াও অধিকাৰ আছিল। তেওঁ ইস্ৰায়েলৰ ৰজা আছিল আৰু তেওঁৰ ওচৰত ডাঙৰ সৈন্য-বাহিনী আছিল। সেইবাবে, তেওঁ দায়ূদক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। যিহোৱাই দায়ূদক ৰজা বনাবলৈ বিচাৰিছিল। কিন্তু চৌলে যিহোৱাক বাধা দিব পাৰিম বুলি ভাবিছিলনে? (যিচ. ৫৫:১১) বাইবেলত এই বিষয়ে একো উল্লেখ কৰা নাই। কিন্তু চৌলে বহুত ডাঙৰ ভুল কৰি আছিল। যিসকলে যিহোৱাৰ বিৰুদ্ধে হয়, তেওঁ কেতিয়াও সফল হʼব নোৱাৰে।

৩. দায়ূদে বেয়া পৰিস্থিতিত কি কৰিলে আৰু কি নকৰিলে?

দায়ূদ বৰ নম্ৰ আছিল। তেওঁ নিজে ৰজা হ’বলৈ বিচৰা নাছিল। ইয়াৰ পৰিৱৰ্তে যিহোৱাই তেওঁক ৰজা হিচাপে বাছনি কৰিছিল। (১ চমূ. ১৬:১, ১২, ১৩) তথাপি চৌলে তেওঁক শত্ৰু বুলি ভাবিছিল। দায়ূদে এই সমস্যাৰ বাবে যিহোৱাক দোষ দিয়া নাছিল। তেওঁৰ ওচৰত বেছিকৈ খোৱা বস্তু নাছিল আৰু তেওঁ গুহাত থাকিবলগীয়া হৈছিল। তথাপি তেওঁ অভিযোগ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে গুহাত থকাৰ সময়ত তেওঁ হয়তো যিহোৱাৰ প্ৰশংসাত এটা ধুনীয়া গীত ৰচিছিল। এই লেখৰ মূখ্য পদটো এই গীতৰ পৰাই লোৱা হৈছে, য’ত এইদৰে লিখা আছে, ‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব।’—গীত. ৩৪:১০.

৪. আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু কিয়?

বৰ্তমান সময়ত বহুতো যিহোৱাৰ সাক্ষীৰ খোৱা-বোৱা বা আন প্ৰয়োজনীয় বস্তুৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে। * বিশেষকৈ কʼৰণা মহামাৰী সময়ছোৱাত বহুতো ভাই-ভনীয়ে সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছে। যেতিয়া “মহাক্লেশ” আৰম্ভ হ’ব, তেতিয়া পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব। (মথি ২৪:২১) সেইবাবে, আহক আমি চাৰিটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। দায়ূদক ‘মঙ্গলৰ একো অভাৱ হোৱা নাই’ বুলি তেওঁ কিয় কৈছিল? আমাৰ ওচৰত যি আছে তাত সন্তুষ্ট হৈ থকাটো কিয় প্ৰয়োজন? যিহোৱাই আমাৰ যত্ন লʼব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ? আহিবলগীয়া সমস্যাৰ সন্মুখীন হ’বলৈ আমি এতিয়াৰেপৰা কি কৰিব পাৰোঁ?

“মোৰ অভাৱ নহব”

৫-৬. যিহোৱাৰ লোকসকলৰ একো অভাৱ নহʼব, ইয়াৰ বিষয়ে গীতমালা ২৩:১-৬ পদৰপৰা কেনেকৈ বুজিব পাৰি?

দায়ূদে কৈছিল যে যিহোৱাৰ সেৱকসকলৰ ‘মঙ্গলৰ একো অভাৱ নহব।’ এই বাক্যৰ অৰ্থ কি আছিল, ইয়াক ভালদৰে বুজিবলৈ দায়ূদে ৰচা গীতমালা ২৩-লৈ মন কৰক, য’ত ইয়াৰ বিষয়ে উল্লেখ আছে। (গীতমালা ২৩:১-৬ পঢ়ক।) এই গীতৰ আৰম্ভণিত তেওঁ এইদৰে কৈছে, “যিহোৱা মোৰ ৰক্ষক; মোৰ অভাৱ নহব।” ইয়াৰ পাছত তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি তাৰ বিষয়ে কৈছে। এই পদৰ অনুসৰি যেতিয়া দায়ূদে যিহোৱাক নিজৰ ৰখীয়া হিচাপে বিশ্বাস কৰিছিল, তেতিয়া তেওঁ বহুতো আশীৰ্বাদ লাভ কৰিলে। যেনে, যিহোৱাই তেওঁক “ধৰ্ম্ম-পথত চলায়” আৰু ভাল-বেয়া দুয়োটা পৰিস্থিতিত তেওঁৰ লগত থাকে। কিন্তু দায়ূদে এয়াও স্বীকাৰ কৰিছিল যে যিহোৱাৰ “কুমলীয়া ঘাহনি পথাৰত” বহাৰ অৰ্থ এয়া নহয় যে তেওঁৰ জীৱনত সমস্যা নাহিব। তেওঁ হয়তো “মৃত্যুচ্ছায়াৰ উপত্যকাইদি” পাৰ হʼবলগীয়া হ’ব, অৰ্থাৎ নিৰাশা আৰু শত্ৰুসকলৰ সন্মুখীন হʼবলগীয়া হ’ব। তথাপি তেওঁ “কোনো আপদলৈ ভয়” নকৰিব। কিয়নো তেওঁৰ ৰখীয়া যিহোৱা তেওঁৰ লগত আছে।

ইয়াৰপৰা বুজিব পাৰি যে দায়ূদৰ “মঙ্গলৰ কোনো অভাৱ নাই” বুলি তেওঁ কিয় কৈছিল। তেওঁৰ যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক আছিল। যদিও তেওঁৰ ওচৰত বহুতো বস্তু নাছিল, তথাপি তেওঁ আনন্দত আছিল। যিহোৱাই তেওঁক যি যি দিছিল, তেওঁ তাতে সন্তুষ্ট আছিল। যিহোৱাই তেওঁক আশীৰ্বাদ দিছিল আৰু তেওঁক সুৰক্ষা দিছিল, এই কথাই তেওঁৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল।

৭. লূক ২১:২০-২৪ পদৰ অনুসৰি যিহূদিয়াৰ খ্ৰীষ্টানসকলে কেনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল?

টকা-পইচা, বস্তু-বাহিনী আৰু ধন-সম্পত্তিৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰখাটো কিমান প্ৰয়োজন, তাৰ বিষয়ে আমি দায়ূদৰপৰা শিকিব পাৰোঁ। আমাৰ ওচৰত যি আছে, ইমানতে আমি আনন্দিত হৈ থাকিব পাৰোঁ। কিন্তু আমি সেই বস্তুবোৰক সকলোতকৈ বেছি গুৰুত্ব দিয়া উচিত নহয়। এই কথা যিহূদিয়াত থকা খ্ৰীষ্টানসকলে ভালদৰে বুজি পাইছিল। (লূক ২১:২০-২৪ পঢ়ক।) যীচুৱে তেওঁলোকক আগতীয়াকৈ সাৱধান কৰিছিল যে এনে এটা সময় আহিব, যেতিয়া যিৰূচালেমক “সৈন্যবিলাকেৰে বেৰি ধৰা” হ’ব, তেতিয়া তেওঁলোকে “পৰ্ব্বতলৈ পলাই” যাব লাগিছিল। যীচুৰ এই কথা পালন কৰাৰ যোগেদি তেওঁলোকৰ জীৱন ৰক্ষা পৰিলেহেঁতেন, কিন্তু ইয়াৰ বাবে তেওঁলোকে বহুতো বস্তু এৰি পলাই যাব লাগিছিল। কিছুবছৰৰ আগতে এখন প্ৰহৰীদুৰ্গত এইদৰে লিখা আছিল, ‘তেওঁলোকে নিজৰ খেতি, ঘৰ আৰু সকলো বস্তু এৰি পলাই গৈছিল। যিহোৱাই তেওঁলোকক সহায় কৰিব আৰু ৰক্ষা কৰিব বুলি তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল। সেইবাবে, তেওঁলোকে জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰক গুৰুত্ব নিদি, যিহোৱাৰ উপাসনাক আটাইতকৈ বেছি গুৰুত্ব দিছিল।’

৮. যিহূদিয়াৰ খ্ৰীষ্টানসকলৰপৰা আমি কি গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ?

আমি যিহূদিয়াৰ খ্ৰীষ্টানসকলৰপৰা কি শিকিব পাৰোঁ? সেই প্ৰহৰীদুৰ্গত এয়াও লিখা আছিল, ‘আমাৰ ওপৰতো এনে সমস্যা আহিব, যাৰপৰা জানিব পাৰি যে আমি ধন-সম্পত্তিক বেছিকৈ গুৰুত্ব দিওঁ নে যিহোৱাৰপৰা পোৱা উদ্ধাৰক গুৰুত্ব দিওঁ। আমাৰ কাৰণে পলাই যোৱাৰ অৰ্থ হʼব পাৰে যে আমি বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিব বা বহুতো ত্যাগ কৰিব লাগিব। যিহূদিয়াৰ খ্ৰীষ্টানসকলে যিদৰে সকলো ত্যাগ কৰিছিল, ঠিক সেইদৰে আমিও ত্যাগ কৰিবলৈ সাজু হৈ থকা উচিত।’ *

৯. পৌলৰ পৰামৰ্শৰপৰা আপুনি কি শিকিলে?

চিন্তা কৰক যে সেই খ্ৰীষ্টানসকলে নিজৰ সকলো এৰি নতুন ঠাইত থাকিবলৈ তেওঁলোকৰ বাবে কিমান কঠিন হৈছিল। যিহোৱাই তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব বুলি তেওঁলোকে ভৰসা কৰাৰ প্ৰয়োজন আছিল। তেওঁলোকে কেনেকৈ ভৰসা কৰিলেহেঁতেন? যিৰূচালেমক আৱৰি ধৰা পাঁচ বছৰৰ আগতে পাঁচনি পৌলে ইব্ৰীৰ খ্ৰীষ্টানসকলক এটা ভাল পৰামৰ্শ দিছিল। তেওঁ এইদৰে কৈছিল, “তোমালোকৰ স্বভাৱ নিৰ্লোভ হওঁক; তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহেৰে কব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?” (ইব্ৰী ১৩:৫, ৬) যিসকল খ্ৰীষ্টানে পৌলৰ এই পৰামৰ্শ পালন কৰিছিল, তেওঁলোকৰ বাবে হয়তো নতুন ঠাইত গৈ কম বস্তুৰে জীৱন-যাপন কৰিবলৈ সহজ হৈছিল। যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি তেওঁলোকৰ বিশ্বাস আছিল। পৌলৰ এই পৰামৰ্শৰপৰা যিহোৱাই আমাৰো যত্ন লʼব বুলি আমাৰ বিশ্বাস বাঢ়ে।

‘আমি সন্তুষ্ট হৈ থকা উচিত’

১০. পৌলৰ আনন্দৰ কাৰণ কি আছিল?

১০ পৌলে এই পৰামৰ্শ তীমথিয়কো দিছিল। তেওঁ এইদৰে কৈছিল, “আমাৰ অন্ন বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।” (১ তীম. ৬:৮) এই পৰামৰ্শ আজি আমিও পালন কৰিব পাৰোঁ। ইয়াৰ অৰ্থ এইটো নেকি যে আমি ভাল ভাল খাদ্য খাব নোৱাৰোঁ, ভাল ঘৰত থাকিব নোৱাৰোঁ বা নতুন নতুন কাপোৰ কিনিব নোৱাৰোঁ? নহয়, এই পৰামৰ্শৰ অৰ্থ এয়া নহয়। এই পদৰ অনুসৰি পৌলে কৈছিল যে আমাৰ ওচৰত যি আছে আমি তাতে সন্তুষ্ট হৈ থকা উচিত। (ফিলি. ৪:১২) এয়াই পৌলৰ আনন্দৰ কাৰণ আছিল। ইয়াৰপৰা আমি শিকোঁ যে জগতৰ কোনো বস্তুতকৈ যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কই হৈছে আটাইতকৈ মূল্যৱান সম্পদ।—হব. ৩:১৭, ১৮.

চল্লিশ বছৰ ধৰি অৰণ্যত থকাৰ সময়ত ঈস্ৰায়েলীসকলৰ একোৰো অভাৱ নহ’ল। আমাৰ ওচৰত যি আছে, আমি তাতে সন্তুষ্ট হৈ থাকিব পাৰিমনে? (অনুচ্ছেদ ১১ চাওক) *

১১. মোচিয়ে ঈস্ৰায়েলীসকলক যি কৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

১১ আমাৰ প্ৰয়োজনীয়তাবোৰৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী, আমাৰ দৃষ্টিভংগীতকৈ বেলেগ হʼব পাৰে। মন কৰক যে ৪০ বছৰ ধৰি অৰণ্যত থকা ঈস্ৰায়েলীসকলক মোচিয়ে কি কৈছিল। তেওঁ এইদৰে কৈছিল, “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ হাতৰ সকলো কাৰ্য্যত তোমাক আশীৰ্ব্বাদ কৰিলে; এই মহা-অৰণ্যৰ মাজেদি যোৱা কালত তেওঁ তোমাৰ বুজ-বিচাৰ লৈ আছে; এই চল্লিশ বছৰ তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ সহায় আছে; তোমালোকৰ একোৰো অভাৱ হোৱা নাই।” (দ্বিতী. ২:৭) সেই ৪০ বছৰ সময়ছোৱাত যিহোৱাই ঈস্ৰায়েলীসকলক মান্না খাবলৈ দিছিল। তেওঁলোকে যি কাপোৰ পিন্ধি মিচৰ দেশৰপৰা ওলাই আহিছিল, সেই কাপোৰ পুৰণি হোৱা নাছিল আৰু ফটাও নাছিল। (দ্বিতী. ৮:৩, ৪) যদিও কিছুমান ঈস্ৰায়েলীয়ে ভাবিছিল যে খাবলৈ আৰু পিন্ধিবলৈ এই বস্তুবোৰ যথেষ্ট নহয়। কিন্তু মোচিয়ে তেওঁলোকক কৈছিল যে জীয়াই থাকিবলৈ এই বস্তুবোৰে যথেষ্ট। ঠিক সেইদৰে যিহোৱাই দিয়া সৰু-সুৰা বস্তুবোৰতো আমি কৃতজ্ঞ হোৱাটো তেওঁ বিচাৰে। যদি আমি অলপ বস্তুতে সন্তুষ্ট হ’বলৈ শিকোঁ, তেনেহ’লে যিহোৱা আমাৰপৰা আনন্দিত হ’ব।

যিহোৱাই আপোনাৰ চোৱা-চিতা কৰিব বুলি ভৰসা কৰক

১২. দায়ূদৰ কোনটো কথাৰপৰা জানিব পাৰি যে তেওঁ নিজৰ ওপৰত নহয়, যিহোৱাৰ ওপৰত ভৰসা কৰিছিল?

১২ দায়ূদে জানিছিল যে যিহোৱাই নিজৰ সেৱকসকলৰ চোৱা-চিতা কৰে আৰু তেওঁলোকক কেতিয়াও এৰি নিদিয়ে। দায়ূদে গীতমালা ৩৪ লিখাৰ সময়ত তেওঁৰ জীৱন বিপদত আছিল। তথাপি তেওঁৰ বিশ্বাস আছিল যে যিহোৱাৰ স্বৰ্গদূতে তেওঁৰ “চাৰিওফালে ছাউনি” পাতিছে। (গীত. ৩৪:৭) দায়ূদে যিহোৱাৰ স্বৰ্গদূতৰ তুলনা হয়তো এনে এজন সৈনিকৰ লগত কৰিছিল, যিজনে শত্ৰুৰ প্ৰতি সতৰ্ক আছিল। দায়ূদ এজন সাহসী যুঁজাৰু আছিল। তেওঁ ফিঙ্গা আৰু তৰোৱাল ভালদৰে চলাবলৈ জানিছিল। দায়ূদক ৰজা পাতিব বুলি যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰিছিল। কিন্তু দায়ূদে নিজৰ ৰক্ষা নিজে কৰিব পাৰিম বুলি ভবা নাছিল। (১ চমূ. ১৬:১৩; ২৪:১২) ইয়াৰ পৰিৱৰ্তে তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিলে যে তেওঁ নিজৰ স্বৰ্গদূত পঠিয়াই ‘তেওঁলৈ ভয় ৰাখোতাবিলাকৰ উদ্ধাৰ’ কৰিব। এয়া সঁচা যে যিহোৱাই কোনো আচৰিত কৰ্ম্ম কৰি আমাক ৰক্ষা কৰিব বুলি আমি আশা কৰিব নোৱাৰোঁ। কিন্তু আমি বিশ্বাস কৰিব পাৰোঁ যে যদি আমাৰ মৃত্যুও হৈ যায়, তেনেহ’লে ভৱিষ্যতে যিহোৱাই আমাক অনন্ত জীৱন দিব।

মহাক্লেশৰ সময়ছোৱাত মাগোগ দেশীয় গোগৰ সৈনিকসকলে হয়তো আমাৰ ঘৰত আহি আক্ৰমণ কৰিব পাৰে। কিন্তু যীচু আৰু স্বৰ্গদূতে হয়তো আমাক চাই থাকিব আৰু আমাক সহায় কৰিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ (অনুচ্ছেদ ১৩ চাওক)

১৩. (ক) মাগোগ দেশীয় গোগে আমাৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত তেওঁলোকে কি ভাবিব? (খ) সেইসময়ত আমি কিয় ভয় কৰা উচিত নহয়? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৩ অতি সোনকালে মাগোগ দেশীয় গোগ, অৰ্থাৎ বহুতো ৰাষ্ট্ৰৰসমূহে আমাৰ ওপৰত আক্ৰমণ কৰিব। সেইসময়ত আমাৰ জীৱন বিপদত পৰিব। যিহোৱাই আমাক ৰক্ষা কৰিব পাৰে আৰু তেওঁ আমাক ৰক্ষা কৰিব বুলি আমি সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত ভৰসা কৰিব লাগিব। ৰাষ্ট্ৰবোৰৰ এই সমূহে ভাবিব যে আমি ৰখীয়া নোহোৱা মেৰৰ নিচিনা হয়। (যিহি. ৩৮:১০-১২) আমাৰ ওচৰত অস্ত্ৰ নাথাকিব আৰু আমি নিজৰ ৰক্ষা কৰিব নোৱাৰিম সেইবাবে, তেওঁলোকে আমাক সহজতে ধ্বংস কৰিব পাৰিম বুলি ভাবিব পাৰে। স্বৰ্গদূতসকলে আমাক ৰক্ষা কৰিবলৈ আমাৰ চাৰিওফালে ছাউনি পাতিছে বুলি তেওঁলোকে নাজানিব। কিয় নাজানিব? কিয়নো তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে। সেইবাবে, যেতিয়া স্বৰ্গদূতসকলে আমাক ৰক্ষা কৰিবলৈ আহিব, তেতিয়া তেওঁলোক আচৰিত হৈ পৰিব।—প্ৰকা. ১৯:১১, ১৪, ১৫.

ভৱিষ্যতৰ বাবে সাজু থাকক

১৪. আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼবলৈ আমি এতিয়াৰেপৰা কি কৰা উচিত?

১৪ আহিবলগীয়া সমস্যাৰ সন্মুখীন হ’বলৈ আমি এতিয়াৰেপৰা কিছুমান পদক্ষেপ লʼব লাগিব। প্ৰথমতে, আমি নিজৰ বস্তুবোৰক সকলোতকৈ বেছি গুৰুত্ব দিয়া উচিত নহয়। কিয়নো এদিনাখন আমি এই সকলো এৰিব লাগিব। দ্বিতীয়তে, আমাৰ ওচৰত যি আছে, আমি তাতে সন্তুষ্ট থকা উচিত আৰু যিহোৱাৰ লগত আমাৰ এক ভাল সম্পৰ্ক থকাৰ বাবে আমি আনন্দিত হোৱা উচিত। আমি যিমানে যিহোৱাৰ বিষয়ে জানিম, সিমানে আমাৰ বিশ্বাস বাঢ়িব যে মাগোগ দেশীয় গোগৰ আক্ৰমণৰ সময়ত তেওঁ আমাক ৰক্ষা কৰিব।

১৫. যিহোৱাই দায়ূদক সদায় সহায় কৰিব বুলি তেওঁৰ কিয় বিশ্বাস আছিল?

১৫ আহক আকৌ এবাৰ আমি দায়ূদৰ উদাহৰণলৈ মন কৰোঁ আৰু তেওঁৰপৰা শিকোঁ যে পৰীক্ষাৰ সন্মুখীন হʼবলৈ আমি আৰু কি কৰিব লাগিব। যেতিয়া দায়ূদে নিজৰ জীৱন ৰক্ষা কৰি পলাইছিল, তেতিয়া তেওঁ এইদৰে কৈছিল, “যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা।” (গীত. ৩৪:৮) এই পদৰপৰা বুজিব পাৰি যে দায়ূদে যিহোৱাৰ ওপৰত কিয় ভৰসা কৰিব পাৰিছিল। আগতেও দায়ূদে বহুবাৰ যিহোৱাৰপৰা সহায় বিচাৰিছিল আৰু যিহোৱাই তেওঁক সহায় কৰিছিল। যেনে, যেতিয়া দায়ূদ ডেকা আছিল, তেতিয়া তেওঁ পলেষ্টীয়া গলিয়াথৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গৈছিল। তেওঁ গলিয়াথক এইদৰে কৈছিল, “আজি যিহোৱাই তোমাক মোৰ হাতত শোধাই দিব।” (১ চমূ. ১৭:৪৬) পাছত যেতিয়া দায়ূদে ৰজা চৌলৰ ঘৰত সেৱা কৰিছিল, তেতিয়া চৌলে বহুবাৰ তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ সফল নহʼল, কিয়নো ‘যিহোৱা দায়ূদৰ লগত’ আছিল। (১ চমূ. ১৮:১২) সেইবাবে, দায়ূদৰ সম্পূৰ্ণ ভৰসা আছিল যে সমস্যাৰ সন্মুখীন হ’বলৈ যিহোৱাই তেওঁক সহায় কৰিব।

১৬. “যিহোৱা মঙ্গলময়” হয় বুলি আমি কেনেকৈ আস্বাদন কৰিব পাৰোঁ?

১৬ দায়ূদৰ দৰে আমিও “যিহোৱা যে মঙ্গলময় তাক আস্বাদন কৰি” চাব পাৰোঁ। আমি যিহোৱাৰপৰা সহায় বিচাৰি থকা উচিত আৰু ধ্যান কৰা উচিত যে তেওঁ আমাক কেনেকৈ সহায় কৰি আছে। এইদৰে কৰিলে আমাৰ বিশ্বাস বাঢ়িব যে তেওঁ ভৱিষ্যতেও আমাক ৰক্ষা কৰিব। উদাহৰণস্বৰূপে, সন্মিলন আৰু অধিৱেশনত উপস্থিত হʼবলৈ হয়তো আমাক কামৰপৰা ছুটি লʼবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত আৰু নিজৰ মালিকৰ লগত ইয়াৰ বিষয়ে কথা পতা উচিত। অথবা আমি যাতে প্ৰতিটো সভাত উপস্থিত হ’ব পাৰোঁ আৰু প্ৰচাৰত বেছিকৈ ভাগ লʼব পাৰোঁ, তাৰ বাবে আমাৰ চাকৰিত সময়ৰ সাল-সালনি কৰিবলৈ হয়তো মালিকৰ লগত কথা পাতিবলগীয়া হʼব পাৰে। কিন্তু মালিকে হয়তো আমাৰ কথা নুশুনিব পাৰে আৰু আমি চাকৰি হেৰুৱাবও পাৰোঁ। এনে পৰিস্থিতিত যিহোৱাই আমাক কেতিয়াও নেৰিব আৰু আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি আমি তেওঁৰ ওপৰত ভৰসা কৰিমনে? (ইব্ৰী ১৩:৫) ইয়াৰ বিষয়ে আমি পূৰ্ণ সময়ৰ সেৱা কৰা ভাই-ভনীসকলৰ লগত কথা পাতিব পাৰোঁ। তেওঁলোকে আমাক কʼব যে যেতিয়া তেওঁলোকক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছিল, তেতিয়া যিহোৱাই কেনেকৈ তেওঁলোকক সহায় কৰিলে। যিহোৱা বিশ্বাসী হয় আৰু তেওঁ আমাক কেতিয়াও এৰি নিদিব।

১৭. (ক) ২০২২ চনৰ বাৰ্ষিক পাঠ কি হয়? (খ) এই পদটো কিয় বাছনি কৰা হৈছে?

১৭ যিহোৱা সদায় আমাৰ লগত থাকিব। সেইবাবে, আমি আহিবলগীয়া সমস্যাক দেখি ভয় কৰা উচিত নহয়। যদি আমি যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিওঁ, তেনেহ’লে তেওঁ আমাক কেতিয়াও এৰি নিদিব। প্ৰশাসন গোষ্ঠীয়ে আমি আহিবলগীয়া সমস্যাৰ সন্মুখীন হ’বলৈ এতিয়াৰেপৰা সাজু থকাটো আৰু যিহোৱাৰ ওপৰত ভৰসা কৰাটো বিচাৰে। সেইবাবে, প্ৰশাসন গোষ্ঠীয়ে গীতমালা ৩৪:১০ পদটো ২০২২ চনৰ বাৰ্ষিক পাঠ হিচাবে বাছনি কৰিছে। ইয়াত লিখা আছে ‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব।’

গীত ৩৮ তেওঁ আপোনাক দৃঢ় কৰিব

^ ২০২২ চনৰ বাৰ্ষিক পাঠ গীতমালা ৩৪:১০ পদৰপৰা লোৱা হৈছে, য’ত লিখা আছে: ‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব’ অৰ্থাৎ ভাল বস্তুবোৰৰ একো অভাৱ নহʼব। কিন্তু যিহোৱাৰ বহুতো সেৱক দুখীয়া হয়। গতিকে এয়া কেনেকৈ কʼব পাৰি যে তেওঁলোকৰ মংগলৰ একো অভাৱ নাই? এই লেখত আমি এই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ইয়াৰ উপৰিও আমি এয়াও আলোচনা কৰিম যে এই পদটো ভালদৰে বুজি পোৱাৰ যোগেদি আহিবলগীয়া সমস্যাবোৰ আমি কেনেকৈ সন্মুখীন হʼব পাৰিম।

^ চেপ্টেম্বৰ ১৫, ২০১৪ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “পাঠকসকলৰ প্ৰশ্ন” লেখটো পঢ়ক।

^ মে’ ১, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ১৯ পৃষ্ঠা চাওক।

^ ছবিৰ বিষয়ে: ৰজা চৌলৰপৰা বাছিবলৈ দায়ূদে গুহাত লুকাবলগীয়া হৈছিল। তথাপি যিহোৱাই তেওঁক যিবোৰ দিছিল, তাৰ বাবে তেওঁ কৃতজ্ঞ আছিল।

^ ছবিৰ বিষয়ে: মিচৰ দেশৰপৰা ঈস্ৰায়েলীসকলক উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকক খাবলৈ মান্না দিছিল আৰু তেওঁলোকৰ কাপোৰ পুৰণি হʼবলৈ দিয়া নাছিল।