Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২

যীচুৰ ভায়েকৰপৰা শিকক

যীচুৰ ভায়েকৰপৰা শিকক

‘ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ দাস যাকোব।’—যাকো. ১:১.

গীত ৮৮ তোমাৰ পথ আমাক দেখুৱা

লেখৰ এক আভাস *

১. যাকোবে কেনে পৰিয়ালত ডাঙৰ-দীঘল হৈছিল?

 যাকোবে এনে পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, যি পৰিয়ালৰ লোকসকলৰ যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক আছিল। তেওঁৰ পিতৃ-মাতৃ, যোচেফ আৰু মৰিয়মে, যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিছিল। কেৱল ইমানে নহয় তেওঁৰ ককায়েক যীচু প্ৰতিজ্ঞা কৰা মচীহ হʼল। * সঁচাকৈ, ইমান ভাল পৰিয়ালত যাকোবে ডাঙৰ-দীঘল হʼল।

সৰুৰেপৰা যীচুৰ লগত সময় অতিবাহিত কৰাৰ বাবে যাকোবে নিজৰ ককায়েকৰ বিষয়ে ভালদৰে জানিছিল (অনুচ্ছেদ ২ চাওক)

২. যাকোবৰ ওচৰত কি সুযোগ আছিল?

যাকোবে নিজৰ ককায়েকৰপৰা বহুতো কথা শিকিব পাৰিলেহেঁতেন। (মথি ১৩:৫৫) উদাহৰণস্বৰূপে, যেতিয়া যীচু ১২ বছৰৰ আছিল, তেতিয়া তেওঁৰ বাইবেলৰ বহুত জ্ঞান আছিল। যিৰূচালেমৰ ডাঙৰ ডাঙৰ অধ্যাপকসকলেও তেওঁৰ কথা শুনি আচৰিত হৈছিল। (লূক ২:৪৬, ৪৭) যাকোবে হয়তো যীচুৰ লগত বাঢ়ৈৰ কামো কৰিছিল। সেইসময়ছোৱাত তেওঁ যীচুক আৰু ভালদৰে জানিব পাৰিছিল। ভাই নেথন এইচ. নৰে কৈছিল যে “যেতিয়া আপুনি কাৰোবাৰ লগত কাম কৰে, তেতিয়া আপুনি তেওঁক আৰু ভালদৰে জানিব পাৰে।” * যাকোবে হয়তো এয়াও মন কৰিছিল যে “যীচু জ্ঞানত, বয়সত, আৰু ঈশ্বৰ আৰু মানুষ্যৰ দৃষ্টিতে অনুগ্ৰহতো বৃদ্ধি পাই থাকিল।” (লূক ২:৫২) এইবোৰ কাৰণৰ বাবে যাকোবে যীচুৰ প্ৰথম শিষ্য হʼব পাৰিলেহেঁতেন, কিন্তু এইদৰে নহʼল।

৩. যীচুৱে জীয়াই থকাৰ অৱস্থাত যাকোবে তেওঁৰ শিষ্য হʼলনে? বুজাওক।

যীচুৱে জীয়াই থকাৰ অৱস্থাত যাকোবে তেওঁৰ শিষ্য নহʼল। (যোহ. ৭:৩-৫) যীচুৰ পৰিয়ালে তেওঁ “বাতুল হল” বুলি কৈছিল, তেওঁলোকৰ মাজত হয়তো যাকোবো আছিল। (মাৰ্ক ৩:২১) যেতিয়া যীচুক মৃত্যুদণ্ড দিয়া হৈছিল, তেতিয়া মৰিয়মৰ লগত যাকোবো যীচুক চাবলৈ আহিছিল বুলি বাইবেলত কʼতো উল্লেখ নাই।—যোহ. ১৯:২৫-২৭.

৪. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

কিন্তু পাছত যাকোবে যীচুৰ ওপৰত বিশ্বাস কৰিলে আৰু তেওঁ খ্ৰীষ্টান মণ্ডলীৰ এজন প্ৰাচীন হʼল। এই লেখত আমি যাকোবৰপৰা দুটা বিষয়ে শিকিম। (১) আমি কিয় নম্ৰ হৈ থকা উচিত? আৰু (২) আমি কেনেকৈ এজন ভাল শিক্ষক হʼব পাৰিম?

যাকোবৰ দৰে নম্ৰ হওক

যেতিয়া যীচুৱে যাকোবক দেখা দিছিল, তেতিয়া তেওঁ যীচুৱেই মচীহ হয় বুলি নম্ৰতাৰে স্বীকাৰ কৰিলে। তেতিয়াৰেপৰা তেওঁ যীচুৰ শিষ্য হʼল (অনুচ্ছেদ ৫-৭ চাওক)

৫. যেতিয়া যীচুৱে জীৱিত হৈ যাকোবক লগ কৰিলে, তেতিয়া যাকোবে কি কৰিলে?

যাকোবে যীচুৰ শিষ্য কেতিয়া হʼল? যীচু জীৱিত হোৱাৰ পাছত “যাকোবক, আৰু তাৰ পাছত সকলো পাঁচনিসকলক দেখা দিলে।” (১ কৰি. ১৫:৭) যীচুক লগ পোৱাৰ পাছত যাকোব লগে লগে তেওঁৰ শিষ্য হʼল। যিৰূচালেমৰ ওপৰ কোঠালীত যেতিয়া সকলো পাঁচনিয়ে পবিত্ৰ আত্মাৰ বাবে অপেক্ষা কৰিছিল, তেতিয়া যাকোবো তাতে আছিল। (পাঁচ. ১:১৩, ১৪) পাছলৈ যাকোবে প্ৰশাসন গোষ্ঠীৰ সদস্য হʼবলৈও সুযোগ পালে। (পাঁচ. ১৫:৬, ১৩-২২; গালা. ২:৯) ৬২ খ্ৰীষ্টাব্দৰ কিছুসময়ৰ আগতে যিহোৱাই অভিষিক্ত খ্ৰীষ্টানসকলৈ চিঠি লিখিবলৈ যাকোবক অনুপ্ৰাণিত কৰিলে। আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, আজি আমি সেই চিঠিখনৰপৰা লাভৱান হওঁ। (যাকো. ১:১) প্ৰথম শতিকাৰ বুৰঞ্জীবিদ জচিফচৰ অনুসৰি যিহূদী মহাপুৰোহিত অননিয়ই যাকোবক হত্যা কৰিবলৈ আদেশ দিছিল আৰু অননিয় হাননৰ পুত্ৰ আছিল। যাকোবে মৃত্যুলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল।

৬. যাকোব আৰু ধৰ্মগুৰুসকলৰ মাজত কি পাৰ্থক্য আছিল?

যাকোব নম্ৰ আছিল। এইদৰে আমি কিয় কʼব পাৰোঁ? যেতিয়া যীচুৱে ঈশ্বৰৰ পুত্ৰ হয় বুলি তেওঁ প্ৰমাণ পালে, তেতিয়া তেওঁ লগে লগে যীচুৰ ওপৰত বিশ্বাস কৰিলে। কিন্তু ধৰ্মগুৰুসকলে এইদৰে কৰা নাছিল। যীচু ঈশ্বৰৰ পুত্ৰ হয় বুলি যদিও তেওঁলোকে প্ৰমাণ পালে, তথাপি বিশ্বাস নকৰিলে। উদাহৰণস্বৰূপে, যিৰূচালেমৰ প্ৰধান পুৰোহিতে জানিছিল যে যীচুৱে লাজাৰক জীৱিত কৰিলে। তথাপি তেওঁলোকে ইয়াৰ ওপৰত বিশ্বাস নকৰিলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে যীচু আৰু লাজাৰক হত্যা কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। (যোহ. ১১:৫৩; ১২:৯-১১) পাছত যীচুৰ জীৱিত হোৱা কথাটো তেওঁলোকে লুকাবলৈ চেষ্টা কৰিলে। (মথি ২৮:১১-১৫) সেই ধৰ্মগুৰুসকল ইমানে অহংকাৰী আছিল যে তেওঁলোকে মচীহক অস্বীকাৰ কৰিলে।

৭. আমি কিয় অহংকাৰ কৰা উচিত নহয়?

শিক্ষা: অহংকাৰ কৰাৰ পৰিৱৰ্তে যিহোৱাৰপৰা শিকিবলৈ সাজু থাকক। যিদৰে হৃদয়ৰ ৰোগে হৃদয়খন সঠিকভাৱে কাম কৰাটো কঠিন কৰি তুলে বা হৃদয়খন কঠোৰ কৰি তুলে, ঠিক সেইদৰে অহংকাৰে আমাৰ হৃদয়খন কঠোৰ কৰিব পাৰে। যাৰ বাবে আমি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ এৰি দিব পাৰোঁ। ফৰীচিসকলৰ লগত এইদৰে হʼল। তেওঁলোকে নিজৰ হৃদয়খন কঠোৰ কৰি লʼলে আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয় আৰু তেওঁৰ ওপৰত ঈশ্বৰৰ পবিত্ৰ আত্মা আছে বুলি তেওঁলোকে অস্বীকাৰ কৰিলে। (যোহ. ১২:৩৭-৪০) অহংকাৰৰ বাবে তেওঁলোকে অনন্ত জীৱনৰ আশা হেৰুৱালে। (মথি ২৩:১৩, ৩৩) সঁচাকৈ, আমি ঈশ্বৰৰ বাক্য আৰু তেওঁ পবিত্ৰ আত্মাৰ নিৰ্দেশনাৰ অনুসৰি জীৱন-যাপন কৰা আৰু নিজক আৰু নিজৰ চিন্তাধাৰা পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজন। (যাকো. ৩:১৭) যাকোব নম্ৰ হোৱাৰ বাবে তেওঁ যিহোৱাৰপৰা শিকিব পাৰিলে। ইয়াৰ উপৰিও তেওঁ আনকো ভালদৰে শিকাব পাৰিলে।

যাকোবৰ দৰে ভাল শিক্ষক হওক

৮. আমি কেনেকৈ এজন ভাল শিক্ষক হʼব পাৰিম?

যাকোব বেছি পঢ়া-লিখা নাছিল। সেইসময়ত ধৰ্মগুৰুসকলে পাঁচনি পিতৰ আৰু যোহনৰ দৰে যাকোবকো “সামান্য মানুহ” বুলি ভাবিছিল। (পাঁচ. ৪:১৩) কিন্তু আমি যদি বাইবেলত যাকোবৰ কিতাপ পঢ়োঁ, তেনেহʼলে আমি বুজিব পাৰিম যে তেওঁ এজন ভাল শিক্ষক আছিল। যাকোবৰ দৰে আমি হয়তো বেছি পঢ়া-লিখা নহয়। কিন্তু যিহোৱাৰ পবিত্ৰ আত্মা আৰু তেওঁৰ সংগঠনৰপৰা পোৱা প্ৰশিক্ষণৰ যোগেদি আমি ভাল শিক্ষক হʼব পাৰিম। যাকোবে কেনেকৈ শিকাইছিল, আহক এতিয়া আমি তাৰ বিষয়ে আলোচনা কৰিম।

৯. যাকোবে কেনেকৈ শিকাইছিল?

যাকোবে কঠিন শব্দ ব্যৱহাৰ কৰা নাছিল আৰু লগতে ঘূৰাই-পকাই কথা কোৱা নাছিল। সেইবাবে, লোকসকলে কি কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব, তাৰ বিষয়ে ভালদৰে বুজি পাইছিল। উদাহৰণস্বৰূপে, যাকোবে সহজ-সৰল শব্দৰে বুজাইছিল যে খ্ৰীষ্টানসকলে অন্যায় সহন কৰিবলৈ সাজু থকা উচিত আৰু প্ৰতিশোধ লোৱা উচিত নহয়। তেওঁ এইদৰে লিখিছিল, “চোৱা যিবিলাকে সহন কৰিলে তেওঁবিলাকক আমি ধন্য বোলোঁ। ইয়োবৰ ধৈৰ্য্যৰ বিষয়ে তোমালোকে শুনিলা আৰু প্ৰভূৰ কাৰ্য্যৰ শেষ দেখিলা যে, প্ৰভূ অতি স্নেহৱান আৰু দয়ালু।” (যাকো. ৫:১১) মন কৰক যাকোবে শাস্ত্ৰৰপৰা নিজৰ কথা বুজালে। তেওঁ বুজাইছিল যে ইয়োবৰ দৰে যিসকলে বিশ্বাসী হৈ থাকে, যিহোৱাই তেওঁলোকক পুৰস্কাৰ দিয়ে। এইদৰে তেওঁ লোকসকল ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ফালে আকৰ্ষিত কৰিছিল।

১০. আমি যাকোবৰ দৰে কেনেকৈ শিকাব পাৰোঁ?

১০ শিক্ষা: সহজ-সৰল শব্দ ব্যৱহাৰ কৰি ঈশ্বৰৰ বাক্যৰপৰা শিকাওক। আমি আনক শিকোৱাৰ সময়ত আমাৰ কিমান জ্ঞান আছে, সেয়া দেখুৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰ কিমান বুদ্ধিমান হয় আৰু তেওঁ আমাৰ কিমান যত্ন লয়, এইবোৰৰ ওপৰত আমি লোকসকলৰ ধ্যান আকৰ্ষিত কৰা উচিত। (ৰোম. ১১:৩৩) কিন্তু আমি তেওঁলোকক বাইবেলৰপৰা শিকালেহে এইদৰে কৰিব পাৰিম। উদাহৰণস্বৰূপে, আমি নিজৰ বাইবেল বিদ্যাৰ্থীক এইদৰে কোৱা উচিত নহয় যে আমি তেওঁৰ ঠাইত থকা হʼলে কি কৰিলোঁহেঁতেন। ইয়াৰ পৰিৱৰ্তে আমি বিদ্যাৰ্থীক বাইবেলৰ সহায়ত নিৰ্ণয় লʼবলৈ শিকোৱা উচিত। আমি তেওঁক বাইবেলৰ কিছুমান উদাহৰণ কʼব পাৰোঁ আৰু কোনো এটা বিষয়ত ঈশ্বৰৰ দৃষ্টিভংগী কি, তাৰ বিষয়েও জনাব পাৰোঁ। এইদৰে কৰিলে তেওঁ যিয়েই নিৰ্ণয় লʼব, সেয়া আমাক আনন্দিত কৰিবলৈ নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁ যিহোৱাক আনন্দিত কৰিবলৈহে নিৰ্ণয় লʼব।

১১. (ক) যাকোবৰ দিনত কিছুমান খ্ৰীষ্টানৰ কি কি দুৰ্বলতা আছিল? (খ) যাকোব ৫:১৩-১৫ পদৰ অনুসৰি যাকোবে তেওঁলোকক কি পৰামৰ্শ দিলে?

১১ যাকোবে ভাই-ভনীৰ পৰিস্থিতিৰ বিষয়ে বুজিছিল। কিছুমান খ্ৰীষ্টান ভাই-ভনীসকলৰ কি দুৰ্বলতা আছে, তাৰ বিষয়ে যাকোবে ভালদৰে বুজি পাইছিল। উদাহৰণস্বৰূপে, কিছুমান খ্ৰীষ্টানে বাইবেলত দিয়া পৰামৰ্শ পালন নকৰিছিল। (যাকো. ১:২২) আন কিছুমানে ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য কৰিছিল। (যাকো. ২:১-৩) আন কিছুমান ভাই-ভনীয়ে নভবা-নিচিন্তাকৈ কথা কৈছিল। (যাকো. ৩:৮-১০) যদিও তেওঁলোকৰ মাজত এইবোৰ দুৰ্বলতা আছিল, কিন্তু তেওঁলোক কেতিয়াও সলনি নহʼব বুলি যাকোবে ভবা নাছিল। যাকোবে তেওঁলোকক প্ৰেমেৰে কিন্তু স্পষ্টকৈ জনাইছিল যে তেওঁলোকে কি কৰা উচিত। যাকোবে প্ৰাচীনসকলৰ সহায় লʼবলৈ তেওঁলোকক উৎসাহিত কৰিছিল।—যাকোব ৫:১৩-১৫ পঢ়ক।

১২. আমাৰ বাইবেল বিদ্যাৰ্থীৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰাৰ যোগেদি আমি কি কৰিম?

১২ শিক্ষা: আনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক আৰু আশা এৰি নিদিব। হয়তো আপোনাৰ কিছুমান বাইবেল বিদ্যাৰ্থীক বাইবেলৰ কিছুমান পৰামৰ্শ পালন কৰিবলৈ কঠিন লাগিব পাৰে। (যাকো. ৪:১-৪) হয়তো তেওঁলোকক বেয়া অভ্যাসবোৰ এৰিবলৈ আৰু ভাল গুণবোৰ বঢ়াবলৈ সময়ৰ প্ৰয়োজন হʼব পাৰে। কিন্তু আমি যাকোবৰ দৰে সাহস গোটাই নিজৰ বিদ্যাৰ্থীক জনোৱা উচিত যে তেওঁলোকে কি পৰিৱৰ্তন কৰিব লাগিব। আমি আশা এৰি দিয়া উচিত নহয়। যদি বিদ্যাৰ্থীজন নম্ৰ হʼব, তেনেহʼলে যিহোৱাই তেওঁক নিজৰ ফালে আকৰ্ষিত কৰিব আৰু নিজৰ জীৱনত সলনি কৰিবলৈ তেওঁক সাহস দিব।—যাকো. ৪:১০.

১৩. যাকোবে কি কৈছিল আৰু ইয়াৰপৰা কি জানিব পাৰি? (যাকোব ৩:১, ২)

১৩ যাকোবে কেতিয়াও নিজকে আনতকৈ বেলেগ বুলি ভবা নাছিল। তেওঁ যীচুৰ ভায়েক হয় আৰু তেওঁৰ ওচৰত কিছুমান দায়িত্ব থকাৰ বাবে তেওঁ বিশেষ হয় বুলি ভবা নাছিল আৰু আন ভাই-ভনীবিলাকক মোৰ “প্ৰিয় ভাইবিলাক” বুলি কৈছিল। (যাকো. ১:১৬, ১৯; ২:৫) তেওঁ সিদ্ধ হয় আৰু তেওঁৰপৰা কেতিয়াও ভুল নহʼব বুলি তেওঁ কেতিয়াও কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছিল “আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ।”—যাকোব ৩:১, ২ পঢ়ক।

১৪. আমাৰপৰাও ভুল হয় বুলি আমি কিয় বিশ্বাস কৰা উচিত?

১৪ শিক্ষা: আমাৰপৰাও ভুল হয় এই কথা মনত ৰাখক। যদি আমি নিজৰ বাইবেল বিদ্যাৰ্থীক কওঁ যে আমাৰপৰা কেতিয়াও ভুল নহয়, তেনেহʼলে তেওঁ নিৰাশ হৈ পৰিব। তেওঁলোকে যিহোৱাৰ আজ্ঞা ভালদৰে পালন কৰিব নোৱাৰিব বুলি ভাবিব পাৰে। কিন্তু আমি যদি তেওঁলোকক কওঁ যে কেতিয়াবা কেতিয়াবা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ আমাৰ বাবেও সহজ নহয় আৰু এনে পৰিস্থিতিত যিহোৱাই আমাৰ সহায় কৰে, তেনেহʼলে তেওঁলোকে উৎসাহ লাভ কৰিব। তেওঁলোকে ভাবিব যে তেওঁলোকেও যিহোৱাৰ সেৱা কৰিব পাৰে।

যাকোবে দিয়া উদাহৰণ ভাল আছিল আৰু বুজিবলৈ সহজ আছিল (অনুচ্ছেদ ১৫-১৬ চাওক) *

১৫. যাকোবে কেনেধৰণে উদাহৰণ দিছিল? (যাকোব ৩:২-৬, ১০-১২)

১৫ যাকোবে ভাল উদাহৰণ দিছিল। এয়া সঁচা যে উদাহৰণ দিবলৈ পবিত্ৰ আত্মাই তেওঁক সহায় কৰিছিল। কিন্তু তেওঁ হয়তো উদাহৰণ দিবলৈ যীচুৰপৰা শিকিছিল। তেওঁ নিজৰ চিঠিত যি উদাহৰণ দিছিল, সেয়া বহুত সহজ আছিল আৰু লোকসকলে স্পষ্টকৈ বুজি পাইছিল যে তেওঁলোকে কি কৰা উচিত।—যাকোব ৩:২-৬, ১০-১২ পঢ়ক।

১৬. আমি কিয় ভাল উদাহৰণ দিয়া উচিত?

১৬ শিক্ষা: ভাল উদাহৰণ দিয়ক। যেতিয়া আপুনি ভাল উদাহৰণ দিয়ে, তেতিয়া লোকসকলে আপোনাৰ কথা শুনাৰ লগতে তাৰ বিষয়ে কল্পনাও কৰে। কল্পনাৰ কৰাৰ বাবে তেওঁলোকে বাইবেলৰ সত্যতাবোৰ মনত ৰাখিব পাৰে। যাকোবে নিজৰ ককায়েক যীচুৰ দৰে ভাল উদাহৰণ দিছিল। আহক তেওঁৰ এটা উদাহৰণলৈ মন কৰোঁ।

১৭. যাকোব ১:২২-২৫ পদত দিয়া উদাহৰণটো কিয় প্ৰভাৱশালী হয়?

১৭ যাকোবে লোকসকলক শিকাব বিচাৰিছিল যে কেৱল ঈশ্বৰৰ বাক্য পঢ়াটোৱেই যথেষ্ট নহয়। আমি যি পঢ়ো, সেই অনুসৰি জীৱন-যাপনো কৰা উচিত। এই কথাষাৰ বুজাবলৈ তেওঁ এখন আইনাৰ উদাহৰণ দিলে। (যাকোব ১:২২-২৫ পঢ়ক।) সেইসময়ত আইনাৰ বিষয়ে সকলোৱে জানিছিল। তেওঁ কৈছিল যে যদি এজন ব্যক্তিয়ে নিজৰ চেহেৰা আইনাখনত চাই আৰু তেওঁ গম পাই যে তেওঁৰ চেহেৰাত কিবা লাগি আছে, তথাপিও তেওঁ একো নকৰে, তেনেহʼলে তেওঁ আইনা চোৱাৰ কোনো লাভ নাই। ঠিক সেইদৰে যদি এজন ব্যক্তিয়ে বাইবেল পঢ়ে আৰু তেওঁ গম পাই যে তেওঁ নিজকে সলনি কৰিব লাগে, তথাপি তেওঁ একো নকৰে, তেনেহʼলে তেওঁ বাইবেল পঢ়াৰ কোনো লাভ নাই।

১৮. উদাহৰণ দিয়াৰ সময়ত আমি কি তিনিটা কথা মনত ৰখা উচিত?

১৮ উদাহৰণ দিয়াৰ সময়ত আমি যাকোবৰ দৰে তিনিটা কথা মনত ৰখা উচিত। আমি এনে উদাহৰণ দিয়া উচিত (১) যাৰপৰা মূল বিষয়টো স্পষ্ট হয়, (২) যি বুজিবলৈ সহজ হয় আৰু (৩) যাৰপৰা স্পষ্টকৈ বুজিব পাৰি যে আমি কি শিকাব বিচাৰিছোঁ। যদি সঠিক উদাহৰণ দিবলৈ আপোনাৰ বাবে কঠিন হয়, তেনেহʼলে আপুনি ৱাচ টাৱাৰ পাব্লিকেশ্বন ইনডেক্সত “উদাহৰণ” শীৰ্ষকৰ তলত চাব পাৰে। কিন্তু মনত ৰাখক যে উদাহৰণ লাউড স্পিকাৰৰ দৰে হয়। লাউড স্পীকাৰত যেনেকৈ আমাৰ মাত জোৰেৰে উলাই, ঠিক সেইদৰে উদাহৰণে মূল বিষয়টো স্পষ্ট কৰি দিয়ে। কিন্তু আমি যদি বেছিকৈ উদাহৰণ দিওঁ, তেনেহʼলে লোকসকলে বুজি নাপাব যে আমি কি কʼব বিচাৰিছোঁ। যদিও আমি নিজৰ শিকোৱাৰ দক্ষতা বঢ়াব বিচাৰোঁ, তথাপি আমি লোকসকলৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰিবলৈ নহয় কিন্তু লোকসকলক যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈহে সহায় কৰা উচিত।

১৯. ভাই-ভনীৰ প্ৰতি প্ৰেম থাকিলে আমি কি কৰিম?

১৯ যাকোবে নিজৰ ককায়েক যীচুৰপৰা শিকিবলৈ সন্মান লাভ কৰিছিল। যদিও এই সন্মান আমি লাভ কৰা নাই, কিন্তু যিহোৱাই আমাক এটা ডাঙৰ পৰিয়ালৰ ভাগ হʼবলৈ সন্মান দিছে। আমি এই পৰিয়ালৰ লোকসকলক প্ৰেম কৰা উচিত। যেতিয়া আমি এই পৰিয়ালৰ লোকসকলৰ লগত সময় অতিবাহিত কৰিম, তেওঁলোকৰপৰা শিকিম আৰু তেওঁলোকৰ লগত প্ৰচাৰ আৰু শিকোৱা কাৰ্য্যত ভাগ লʼম, তেতিয়াহে আমি তেওঁলোকক প্ৰেম কৰিব পাৰিম। আমি নিজৰ চিন্তাধাৰাত, আচাৰ-ব্যৱহাৰত আৰু আনক শিকোৱাৰ সময়ত যাকোবৰ দৰে হʼবলৈ চেষ্টা কৰা উচিত। এইদৰে কৰিলে যিহোৱাৰ মহিমা হʼব আৰু লোকসকলে যিহোৱাৰ ফালে আকৰ্ষিত হʼব।

গীত ১১৪ “সহন কৰা”

^ যাকোব যীচুৰ ভায়েক আছিল। সেইবাবে, তেওঁ যীচুক ভালদৰে জানিছিল। যাকোবে আন ভাইসকলৰ লগত মিলি প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীৰ ভালদৰে নেতৃত্ব লৈছিল। এই লেখত আমি তেওঁৰ জীৱনৰ বিষয়ে আৰু তেওঁ শিকোৱা কথাবোৰৰ বিষয়ে আলোচনা কৰিম।

^ যাকোব আৰু যীচু যদিও ককাই-ভাই আছিল। কিন্তু তেওঁলোকৰ দুয়োজনৰ পিতৃ বেলেগ আছিল। যাকোবৰ পিতৃ যোচেফ আছিল আৰু যীচুৰ পিতৃ যিহোৱা। হয়তো তেৱেঁ বাইবেলৰ যাকোব নামৰ কিতাপখন লিখিছিল।

^ ভাই নৰ এজন অভিষিক্ত খ্ৰীষ্টান আছিল আৰু তেওঁ প্ৰশাসন গোষ্ঠীৰ সদস্য আছিল। ১৯৭৭ চনত তেওঁৰ মৃত্যু হʼল।

^ ছবিৰ বিষয়ে: যাকোবে একুৰা জুইৰ উদাহৰণ দি বুজাইছিল যে নভবা-নিচিন্তাকৈ কথা কʼলে কি পৰিণাম হʼব। এই উদাহৰণ বুজিবলৈ সহজ আছিল।