অধ্যয়নৰ লেখ ৩
যীচুৱে টুকা চকুপানীৰপৰা শিক্ষা
“যীচুৱে ক্ৰন্দন কৰিলে।”—যোহ. ১১:৩৫.
গীত ১৭ “মই ইচ্ছা কৰিছোঁ”
লেখৰ এক আভাস *
১-৩. আমি হয়তো কি কি কাৰণত কান্দোঁ?
আপুনি কেতিয়া কান্দিছিল, মনত আছেনে? কেতিয়াবা কেতিয়াবা আনন্দতো আমাৰ চকুপানী ওলায়। কিন্তু প্ৰায়ে আমি দুখত কান্দোঁ। বিশেষকৈ যেতিয়া আমাৰ কোনো আপোনজনাৰ মৃত্যু হয়। আমেৰিকাৰ লʼৰেল নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “মোৰ ছোৱালীৰ মৃত্যুৰ পাছত বহুবাৰ মই এই দুখ সহ্য কৰিব নোৱাৰিম বুলি ভাবিছিলোঁ আৰু মই চকুপানী ৰখাব নোৱাৰিছিলোঁ। মই এই বেদনাৰপৰা কেতিয়াও ওলাই আহিব নোৱাৰিম বুলি ভাবিছিলোঁ।” *
২ আমি বেলেগ বেলেগ কাৰণৰ বাবে কান্দোঁ। জাপানৰ অগ্ৰগামী সেৱা কৰা ভনী হিৰ’মীয়ে এইদৰে কৈছে, “যেতিয়া বহুবাৰ প্ৰচাৰত লোকসকলে মোৰ কথা নুশুনে, তেতিয়া মই নিৰাশ হৈ পৰোঁ। এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত মোৰ চকুপানী ওলাইছিল। মই যিহোৱাক প্ৰাৰ্থনাত জনাওঁ যে তেওঁ যাতে মোক এনে এজন ব্যক্তিক লগ কৰাই দিয়ে, যিজনে সত্যৰ বিষয়ে জানিব বিচাৰে।”
৩ আমাৰ মাজৰ বহুতোলোকে হয়তো এই ভনীসকলৰ দৰেই অনুভৱ কৰে। (১ পিত. ৫:৯) আমি “আনন্দেৰে যিহোৱাৰ সেৱা” কৰিব বিচাৰোঁ। কিন্তু বহুবাৰ এইদৰে কৰিব নোৱাৰোঁ। হয়তো আমাৰ কোনো আপোনজনাৰ মৃত্যু হৈছে, আমি নিৰাশ হৈ পৰিছোঁ বা আমি এনে এটা পৰিস্থিতিৰ মাজেৰে পাৰ হৈছোঁ, য’ত যিহোৱাৰ বিশ্বাসী হৈ থকাটো কঠিন হয়। (গীত. ৬:৬; ১০০:২) এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ?
৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
৪ এনে পৰিস্থিতিত আমি যীচুৰপৰা শিকিব পাৰোঁ। তেওঁ এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল, য’ত “তেওঁ ক্ৰন্দন কৰিছিল।” (যোহ. ১১:৩৫; লূক ১৯:৪১; ২২:৪৪; ইব্ৰী ৫:৭) এই লেখত আমি সেই পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম আৰু লগতে এয়াও আলোচনা কৰিম যে সেই ঘটনাৰপৰা আমি যিহোৱা আৰু যীচুৰ বিষয়ে কি শিকিব পাৰোঁ। যেতিয়া আমি এনে পৰিস্থিতিৰ মাজেৰে পাৰ হওঁ, তেতিয়া আমি কি কৰিব পাৰোঁ, তাৰ বিষয়েও আলোচনা কৰিম।
যীচুৱে বন্ধুসকলৰ বাবে চকুপানী টুকিলে
৫. যোহন ১১:৩২-৩৬ পদৰপৰা যীচুৰ বিষয়ে কি জানিব পাৰি?
৫ লাজাৰ আৰু তেওঁৰ দুজনী বায়েক মাৰ্থা আৰু মৰিয়ম যীচুৰ ভাল বন্ধু আছিল। ৩২ খ্ৰীষ্টাব্দৰ ঠাণ্ডাৰ দিনত লাজাৰ বেমাৰ হৈ পৰিল আৰু তেওঁৰ মৃত্যু হ’ল। (যোহ. ১১:৩, ১৪) লাজাৰৰ মৃত্যুৰ বাবে তেওঁৰ দুইগৰাকী বায়েকে বৰ দুখ পালে। যেতিয়া যীচু বৈথনিয়া গাৱৰ ওচৰলৈ পালেগৈ, তেতিয়া মাৰ্থাই দৌৰি তেওঁক লগ কৰিবলৈ গ’ল। তাই যীচুক এইদৰে ক’লে, “প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন।” (যোহ. ১১:২১) চিন্তা কৰক, এই কথাষাৰ কোৱাৰ সময়ত মাৰ্থাৰ কিমান দুখ লাগিছিল। তাৰ পাছত, যেতিয়া যীচুৱে মৰিয়ম আৰু আন লোকসকলক কান্দি থকা দেখিলে, তেতিয়া তেৱোঁ “ক্ৰন্দন কৰিল।”—যোহন ১১:৩২-৩৬ পঢ়ক।
৬. যীচুৱে কিয় কান্দিছিল?
৬ যীচুৱে কিয় কান্দিছিল? ইনচাইট্ কিতাপত এইদৰে লিখা আছে, “নিজৰ ঘনিষ্ঠ বন্ধু লাজাৰৰ মৃত্যুৰ বাবে আৰু তেওঁৰ বায়েকসকলক বেদনাত থকা দেখি, যীচুৱে আত্মাত উত্তেজিত হৈছিল আৰু ক্ৰন্দন কৰিছিল।” * যীচুৱে হয়তো ভাবিছিল যে লাজাৰে নিজৰ বেমাৰৰ বাবে কিমান দুখ সহন কৰিলে আৰু শেষ নিশাহ লোৱাৰ সময়ত তেওঁ কেনে অনুভৱ কৰিলে। ইয়াৰ উপৰিও, যেতিয়া তেওঁ দেখিলে যে মাৰ্থা আৰু মৰিয়মে নিজৰ ভাইৰ মৃত্যুৰ বাবে কিমান দুখত আছে, তেতিয়া যীচুৱে নিজৰ চকুপানী ৰখাব নোৱাৰিলে। যদি আপুনিও নিজৰ বন্ধু বা কোনো পৰিয়ালৰ লোকসকলক মৃত্যুত হেৰুৱাইছে, তেনেহ’লে হয়তো আপুনিও এইদৰে অনুভৱ কৰে। এই ঘটনাৰপৰা আমি কি তিনিটা কথা শিকিব পাৰোঁ, এতিয়া আহক আমি, তাৰ বিষয়ে আলোচনা কৰোঁ।
৭. যীচুৱে নিজৰ বন্ধুসকলৰ বাবে কান্দিছিল, ইয়াৰপৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি?
৭ আপুনি কেনে অনুভৱ কৰিছে, তাৰ বিষয়ে যিহোৱাই জানে। যীচু নিজৰ পিতৃৰ “প্ৰতিবিম্ব” হয়। (ইব্ৰী ১:৩) তেওঁ যিহোৱাৰ দৰে অনুভৱ কৰে। সেইবাবে, যীচুৱে কন্দাৰপৰা বুজিব পাৰি যে যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া যিহোৱাই কেনে অনুভৱ কৰে। (যোহ. ১৪:৯) যদি আপোনাৰো আপোনজনাৰ মৃত্যু হৈছে, তেনেহʼলে বিশ্বাস কৰক যে যিহোৱাই কেৱল আপোনাৰ সমস্যা দেখিছে এনে নহয়, ইয়াৰ পৰিৰ্ৱতে তেওঁ আপোনাৰ বেদনা অনুভৱো কৰে। কেৱল ইমানে নহয় তেওঁ আপোনাৰ মনৰ দুখ দূৰ কৰিব বিচাৰে।—গীত. ৩৪:১৮; ১৪৭:৩.
৮. যীচুৱে আপোনাৰ মৃত্যু হোৱা আপোনজনাক পুনৰ জীৱিত কৰিব বুলি মাৰ্থাৰ দৰে আপুনি কিয় বিশ্বাস কৰিব পাৰে?
৮ যীচুৱে আপোনাৰ আপোনজনাক জীৱিত কৰিব বিচাৰে। মন কৰক যে যীচুৱে কন্দাৰ আগত মাৰ্থাক কি কৈছিল। তেওঁ মাৰ্থাক আশ্বাস দি এইদৰে কৈছিল, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।” মাৰ্থাই এই কথাৰ ওপৰত বিশ্বাস কৰিলে। (যোহ. ১১:২৩-২৭) তাই বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰিছিল, সেইবাবে তাই ভালদৰে জানিছিল যে বহুবছৰৰ আগতে যিহোৱাৰ ভৱিষ্যতবক্তা এলিয়া আৰু ইলীচাই মৃত লোকসকলক পুনৰ জীৱিত কৰিছিল। (১ ৰাজা. ১৭:১৭-২৪; ২ ৰাজা. ৪:৩২-৩৭) যীচুৱে কিছুমান লোকক জীৱিত কৰিছে, এই কথাও তাই শুনিছিল। (লূক ৭:১১-১৫; ৮:৪১, ৪২, ৪৯-৫৬) মৃত্যু হোৱা নিজৰ আপোনজনাক আপুনি পুনৰ লগ পাব বুলি মাৰ্থাৰ নিচিনা সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে। যীচুৱে নিজৰ বন্ধুসকলক শান্ত্বনা দিয়াৰ লগতে তেওঁলোকৰ লগত চকুপানী টুকিছিল। ইয়ে প্ৰমাণ কৰে যে তেওঁ মৃত লোকসকলক পুনৰ জীৱিত কৰিবলৈ আগ্ৰহী হৈ আছে!
৯. বেদনাত থকা লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে এটা উদাহৰণ দি বুজাওক।
৯ বেদনাত থকা লোকসকলক সহায় কৰক। যীচুৱে কেৱল মাৰ্থা আৰু মৰিয়মৰ লগত কন্দায়ে নাছিল, ইয়াৰ পৰিৰ্ৱতে যীচুৱে তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল, তেওঁলোকৰ লগত প্ৰেমেৰ কথা পাতিছিল আৰু তেওঁলোকক উৎসাহিত কৰিছিল। আমিও বেদনাত থকা লোকসকলক সহায় কৰিব পাৰোঁ। অষ্ট্ৰেলিয়াৰ ডেন নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “যেতিয়া মোৰ পত্নীৰ মৃত্যু হৈছিল, তেতিয়া মোক সহায়ৰ অতি প্ৰয়োজন আছিল। বহুতো ভাই আৰু তেওঁলোকৰ পত্নীসকলে ৰাতিপুৱা-গধূলি মোক লগ কৰিবলৈ আহিছিল আৰু মোৰ কথা মনোযোগেৰে শুনিছিল। মই যেতিয়া কান্দিছিলোঁ, তেতিয়া মোক বাধাও দিয়া নাছিল আৰু আচৰিতো হোৱা নাছিল। বহুবাৰ মই ঘৰৰ কাম কৰিব নোৱাৰিছিলোঁ। সেইসময়ত তেওঁলোকে মোক সহায় কৰিছিল। যেনে, তেওঁলোকে মোৰ গাড়ী ধুই দিছিল, বজাৰ কৰি দিছিল আৰু মোৰ বাবে আহাৰো ৰান্ধিছিল। তেওঁলোকে মোৰ লগত বাৰে বাৰে প্ৰাৰ্থনা কৰিছিল। সঁচাকৈ, তেওঁলোক মোৰ প্ৰকৃত বন্ধু আছিল আৰু ‘দুৰ্দ্দশাৰ’ সময়ত ভাইৰ নিচিনা হৈছিল।”—হিতো. ১৭:১৭.
যীচুৱে লোকসকলৰ বাবে চকুপানী টুকিলে
১০. লূক ১৯:৩৬-৪০ পদত কি ঘটনাৰ বিষয়ে কৈছে?
১০ যীচুৱে ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ৯ তাৰিখে যিৰূচালেমৰ ওচৰত পালেগৈ। তেওঁ দেখিছে যে লোকসকলৰ এটা ভীৰে তেওঁৰ আগে আগে বাটত কাপোৰ পাৰি আছে আৰু এজন ৰজাৰ দৰে তেওঁক আদৰণি জনাইছে। এয়া সঁচাকৈ আনন্দময় পৰিৱেশ আছিল। (লূক ১৯:৩৬-৪০ পঢ়ক।) কিন্তু ইয়াৰ পাছত যীচুৱে যি কৰিলে, সেয়া দেখি শিষ্যসকলকে হয়তো আচৰিত হ’ল। ‘যীচুৱে ওচৰ আহি নগৰ দেখি, তাৰ কাৰণে কান্দিলে’ আৰু যিৰূচালেমৰ লোকসকলৰ লগত কি কি বেয়া ঘটনা ঘটিব, তাৰ বিষয়ে কʼলে।—লূক ১৯:৪১-৪৪.
১১. যীচুৱে যিৰূচালেমৰ লোকসকলৰ বাবে কিয় কান্দিছিল?
১১ যীচুৱে জানিছিল যে যদিও লোকসকলকে এতিয়া তেওঁক আনন্দেৰে আদৰণি জনাইছে, কিন্তু আগলৈ গৈ তেওঁলোকৰ মাজৰ বেছিভাগ লোকে তেওঁৰ বাৰ্তা নুশুনিব আৰু তেওঁক অস্বীকাৰ কৰিব। সেইবাবে, যিৰূচালেমক ধ্বংস কৰা হ’ব আৰু বাচি থকা যিহূদীসকলক বন্দী বনাই লৈ যোৱা হ’ব। এইবোৰৰ বিষয়ে চিন্তা কৰি তেওঁ কান্দিছিল। (লূক ২১:২০-২৪) বেছিভাগ লোকে যীচুৰ বাৰ্তাৰ ওপৰত ধ্যান নিদিলে, যীচুৱে যিদৰে কৈছিল, ঠিক সেইদৰে হʼল। আপোনাৰ এলেকাৰ লোকসকলে ৰাজ্যৰ শুভবাৰ্তা শুনেনে? যদি বেছিভাগ লোকে শুভবাৰ্তা নুশুনে, তেনেহʼলে আমি নিৰাশ হোৱা উচিত নহয়। আহক এই ঘটনাৰপৰা তিনিটা কথা শিকোঁ।
১২. যীচুৱে লোকসকলৰ বাবে কান্দিছিল, ইয়াৰপৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি?
১২ যিহোৱাই লোকসকলৰ বিষয়ে চিন্তা কৰে। যীচুৱে লোকসকলৰ বাবে কান্দিছিল। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাই লোকসকলৰ বিষয়ে কিমান চিন্তা কৰে। ‘কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰে।’ (২ পিত. ৩:৯) যিহোৱাৰ দৰে আমিও লোকসকলৰ বিষয়ে চিন্তা কৰোঁ। আমি নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰোঁ। সেইবাবে, তেওঁলোকক শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।—মথি ২২:৩৯. *
১৩-১৪. (ক) যীচুৱে লোকসকলক কেনেকৈ দয়া দেখুৱালে? (খ) এই গুণ আমি কেনেকৈ বঢ়াব পাৰোঁ?
১৩ যীচুৱে প্ৰচাৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিলে। যীচুৰ হৃদয়ত লোকসকলৰ প্ৰতি প্ৰেম আৰু দয়া আছিল। সেইবাবে, তেওঁ লোকসকলক শিকাবলৈ এটাও সুযোগ এৰি দিয়া নাছিল। (লূক ১৯:৪৭, ৪৮) বহুবাৰ যীচু আৰু তেওঁৰ শিষ্যসকলে ‘ভোজন কৰিবলৈ নোৱাৰিছিল।’ কিয়নো তেওঁলোকৰ কথা শুনিবলৈ লোকসকলৰ ভীৰ জমা হৈছিল। (মাৰ্ক ৩:২০) যীচুৱে লোকসকলক শিকাবলৈ ৰাতিও সময় উলিয়াইছিল। (যোহ. ৩:১, ২) যদিও যীচুৰ কথা শুনা বেছিভাগ লোকে তেওঁৰ শিষ্য নহ’ল, তথাপি তেওঁ প্ৰতিজনকে ভালদৰে প্ৰচাৰ কৰিছিল। আজি আমিও বেছিভাগ লোকক লগ কৰিবলৈ বিচাৰোঁ আৰু তেওঁলোকক ভালদৰে প্ৰচাৰ কৰিবলৈ বিচাৰোঁ। (পাঁচ. ১০:৪২) ইয়াৰ বাবে আমাক হয়তো কিছুমান সাল-সলনি কৰিবলগীয়া হ’ব।
১৪ আমি সাল-সলনি কৰা উচিত। আমি বেলেগ বেলেগ সময়ত প্ৰচাৰ কৰা আৰু শিকোৱা উচিত। তেতিয়াহে আমি শুভবাৰ্তা শুনিব বিচৰা লোকসকলক লগ কৰিব পাৰিম। মেটিল্ডা নামৰ এগৰাকী অগ্ৰগামী সেৱা কৰা ভনীয়ে এইদৰে কৈছে, “মই আৰু মোৰ স্বামীয়ে বেলেগ বেলেগ সময়ত লোকসকলক লগ কৰোঁ। ৰাতিপুৱা আমি বজাৰত প্ৰচাৰ কৰোঁ আৰু দুপৰীয়া আমি কাৰ্ট লগাই সাক্ষ্য দিওঁ, কিয়নো সেইসময়ত বেছিভাগ লোকসকলে বাহিৰত থাকে। গধূলি আমি ঘৰে ঘৰে প্ৰচাৰ কৰোঁ, কিয়নো সেইসময়ত লোকসকলে ঘৰতে থাকে।” ইয়াৰপৰা আমি এটা কথা শিকোঁ যে আমি নিজৰ সময়ৰ অনুসৰি নহয়, লোকসকলৰ সময়ৰ অনুসৰি প্ৰচাৰ কৰা উচিত। তেতিয়াহে আমি লোকসকলক বেছিতকৈ বেছি প্ৰচাৰ কৰিব পাৰিম আৰু যিহোৱাই আমাৰ পৰিশ্ৰম দেখি আনন্দিত হʼব।
যীচুৱে নিজৰ পিতৃৰ নামৰ বাবে চকুপানী টুকিলে
১৫. লূক ২২:৩৯-৪৪ পদৰ অনুসৰি নিচান মাহৰ ১৪ তাৰিখৰ ৰাতি কি হৈছিল?
১৫ যীচুৱে ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৪ তাৰিখে ৰাতি গেৎচিমানী বাগিছালৈ গৈছিল। সেই ৰাতিটো যীচুৰ জীৱনত শেষ ৰাতি আছিল আৰু সেইসময়ত তেওঁ বহুত দুখত আছিল। (লূক ২২:৩৯-৪৪ পঢ়ক।) সেইবাবে, তেওঁ “অতিশয় ক্ৰন্দন আৰু চকুলোৰে ঈশ্বৰলৈ নিবেদন” কৰিলে। (ইব্ৰী ৫:৭) তেওঁ যিহোৱাক শক্তি বিচাৰিলে, যাতে তেওঁ বিশ্বাসী হৈ থাকিব পাৰে আৰু তেওঁৰ ইচ্ছা পূৰ কৰিব পাৰে। যিহোৱাই নিজৰ পুত্ৰৰ মিনতি শুনিলে আৰু তেওঁক উৎসাহিত কৰিবলৈ এজন স্বৰ্গদূতক পঠিয়ালে।
১৬. যীচুৱে নিজৰ জীৱনৰ শেষ ৰাতিটোত কিয় কান্দিছিল?
১৬ যীচুৱে নিজৰ পিতৃৰ নাম অপমান কৰাৰ কথা কেতিয়াও ভাবিবই নোৱাৰিছিল। কিন্তু অতি সোনকালে লোকসকলে তেওঁক ইয়াৰ বাবে দোষাৰোপ কৰিবলগীয়া আছিল। ইয়াৰ বিষয়ে চিন্তা কৰি যীচুৱে কান্দিবলৈ ধৰিলে। তেওঁ আৰু এটা কাৰণৰ বাবে কান্দিছিল। তেওঁ জানিছিল যে তেওঁক যাতনাদায়ক মৃত্যু দিয়া হ’ব। তথাপি তেওঁ শেষলৈকে বিশ্বাসী হৈ থাকিব লাগিব, তেতিয়াহে যিহোৱাৰ নাম মহিমা হ’ব। যদি আপুনিও এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, য’ত যিহোৱাৰ বিশ্বাসী হৈ থকাটো আপোনাৰ বাবে কঠিন হয়, তেনেহ’লে আপুনি কি কৰিব পাৰে? আহক এই ঘটনাৰপৰা তিনিটা কথা শিকোঁ।
১৭. যিহোৱাই যীচুৰ মিনতি কিয় শুনিলে আৰু ইয়াৰপৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি?
১৭ যিহোৱাই আপোনাৰ মিনতি শুনিব। তেওঁ যীচুৰো মিনতি শুনিছিল। কিয়নো যীচুৱে নিজৰ পিতৃৰ বিশ্বাসী হ’ব বিচাৰিছিল আৰু তেওঁৰ নাম মহিমা কৰিব বিচাৰিছিল। যদি আমাৰো এনেধৰণৰ ইচ্ছা থাকিব, তেনেহʼলে যেতিয়া সমস্যা আহিব সেইসময়ত আমি তেওঁক মিনতি কৰিম আৰু তেওঁ আমাৰ নিশ্চয় শুনিব।—গীত. ১৪৫:১৮, ১৯.
১৮. যীচুৱে আমাৰ দুখ বুজি পাই বুলি আমি কিয় কʼব পাৰোঁ?
১৮ যীচুৱে আপোনাৰ দুখ বুজি পায়। যীচু এনে এজন বন্ধুৰ নিচিনা হয়, যিজনে আমাক শান্ত্বনা আৰু সাহস দিব পাৰে। কিয় বাৰু? কিয়নো আজি আমি যিবোৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈছোঁ, তেৱোঁ সেই পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে। সেইবাবে, তেওঁ আমাৰ দুখ-কষ্ট ভালদৰে বুজি পায়। তেওঁ জানে যে যেতিয়া আমি ব্যাকুল হৈ পৰোঁ, তেতিয়া কেনেকুৱা লাগে। তেওঁ আমাৰ দুৰ্বলতাৰ বিষয়েও জানে। আমি যাতে “উপযুক্ত” সময়ত সহায় লাভ কৰোঁ, তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে। (ইব্ৰী ৪:১৫, ১৬) যীচুৱে যেনেকৈ গেৎচিমানী বাগিছাত স্বৰ্গদূতৰ সহায় লʼলে, ঠিক সেইদৰে আমিও যিহোৱাৰপৰা সহায় লোৱা উচিত। যিহোৱাই বিভিন্ন উপায়েৰে আমাক সহায় কৰে। তেওঁ কোনো প্ৰাচীন বা মণ্ডলীৰ কোনো ভাই-ভনী বা আলোচনী, ভিডিঅ’, ভাষণৰ যোগেদি আমাক সহায় কৰে।
১৯. কঠিন পৰিস্থিতিত আপুনি কি কৰিব পাৰে, এজনী ভনীৰ উদাহৰণ দি বুজাওক।
১৯ যিহোৱাই আপোনাক শান্তি দিব। কঠিন পৰিস্থিতিত যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া ‘সকলো বুদ্ধিকৈ উত্তম ঈশ্বৰৰ শান্তি’ আমি লাভ কৰোঁ। (ফিলি. ৪:৬, ৭) এই শান্তিৰ বাবে আমি সঠিকভাৱে চিন্তা কৰিব পাৰোঁ। ভনী লুইচৰ লগতে এইদৰে হ’ল। তাই এইদৰে কৈছে, “মই বহুবাৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ আৰু যিহোৱাই মোক প্ৰেম নকৰে বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া মই এনে অনুভৱ কৰোঁ, তেতিয়া মই লগে লগে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ আৰু নিজৰ মনৰ সকলো কথা তেওঁক জনাওঁ। এইদৰে কৰি মই শান্তি লাভ কৰোঁ। ভনী লুইচৰপৰা আমি এটা কথা শিকোঁ যে প্ৰাৰ্থনা কৰিলে আমি মনত শান্তি লাভ কৰোঁ।”
২০. এই লেখত আমি কি কি শিকিলোঁ?
২০ যীচুৱে যি যি পৰিস্থিতিত কান্দিছিল, তাৰপৰা আমি বহুতো কথা শিকিলোঁ। আমি শিকিলোঁ যে বেদনাত থকা লোকসকলক আমি সহায় কৰা উচিত আৰু যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া আমি ভৰসা কৰা উচিত যে যিহোৱা আৰু যীচুৱে আমাক শান্ত্বনা দিব। আমি যিহোৱা আৰু যীচুৰ দৰে লোকসকলক দয়া দেখুৱা উচিত। তেতিয়াহে আমি তেওঁলোকক ভালদৰে প্ৰচাৰ কৰিব আৰু শিকাব পাৰিম। যিহোৱা আৰু যীচুৱে আমাৰ দুখ বুজি পায়, আমাৰ দুৰ্বলতাবোৰৰ বিষয়ে জানে আৰু আমাক সহায় কৰিব বিচাৰে, এই কথা জানিও আমাক ভাল লাগিল। যেতিয়ালৈকে যিহোৱাই আমাৰ “চকুৰপৰা আটাই চকু-লো মচি” নুগুচায়, তেতিয়ালৈকে আহক আমি এই লেখত শিকা কথাবোৰ পালন কৰি থাকোঁ।—প্ৰকা. ২১:৪.
গীত ১২০ যীচুৰ দৰে কোমল মনৰ হওক
^ বাইবেলত উল্লেখ আছে যে যীচুৱে বহুতো পৰিস্থিতিত কান্দিছিল। সেইবিলাকৰ মাজৰ আমি তিনিটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ লগতে সেই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ, সেয়াও আলোচনা কৰিম।
^ কিছুমান নাম সলনি কৰা হৈছে।
^ ছবিৰ বিষয়ে: যীচুৱে, মাৰ্থা আৰু মৰিয়মক বেদনাত থকা দেখি শান্ত্বনা দিলে। আমিও বেদনাত থকা লোকসকলক শান্ত্বনা দিব পাৰোঁ।
^ ছবিৰ বিষয়ে: যীচুৱে ৰাতি নীকদীমক শিকাবলৈ সাজু আছিল। আমিও লোকসকলৰ সময়ৰ অনুসৰি তেওঁলোকক অধ্যয়ন কৰা উচিত।
^ ছবিৰ বিষয়ে: যীচুৱে যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ তেওঁৰপৰা শক্তি বিচাৰিলে। আমিও কঠিন পৰিস্থিতিত এইদৰে কৰা উচিত।