Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫

“খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে”

“খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে”

‘খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; তেওঁ সকলোৰে নিমিত্তে মৰিল, এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজীয়ে।’—২ কৰি. ৫:১৪, ১৫.

গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

লেখৰ এক আভাস a

১-২. (ক) আমি যীচুৰ জীৱন আৰু সেৱাৰ বিষয়ে পঢ়িলে আমাৰ কেনেকুৱা লাগে? (খ) এই লেখত আমি কি শিকিম?

 যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া তেওঁৰ কথা মনত পেলাই আমাৰ বহুত দুখ লাগে। আৰম্ভণিতে হয়তো মৃত্যুৰ আগত তেওঁৰ লগত কি হৈছিল আৰু কেনেধৰণৰ দুখ-কষ্ট ভুগিছিল, এয়া ভাবি আমি দুখিত হৈ পৰোঁ। হয়তো কিছু সময়ৰ পাছত আমি তেওঁৰ লগত কটোৱা সময় আৰু কিছুমান ভাল ভাল কথা মনত পেলাই আনন্দিত হওঁ। যেনে, তেওঁৰ কোনো এটা ভাল লগা কথা বা তেওঁ আমাক কেনেকৈ উৎসাহিত কৰিছিল, তাৰ বিষয়ে ভাবি হয়তো আমি আনন্দিত হৈ পৰোঁ।

ঠিক সেইদৰে স্মৰণীয় দিনৰ মাহবোৰত যেতিয়া আমি যীচুৰ মৃত্যুৰ বিষয়ে পঢ়োঁ আৰু ভাবোঁ যে তেওঁ কিমান যাতনা ভুগিলে, তেতিয়া আমাৰ বহুত দুখ লাগে। কিন্তু যেতিয়া আমি ভাবোঁ যে তেওঁ পৃথিৱীত থকাৰ সময়ত কি কি কৰিলে আৰু কি কি শিকালে তেতিয়া আমি বহুত আনন্দিত হওঁ। যীচুৱে দিয়া মুক্তিপণস্বৰূপ বলিদান কিমান মূল্যৱান হয়, এতিয়া যীচুৱে কি কৰি আছে আৰু আহিবলগীয়া সময়ত তেওঁ আমাৰ বাবে কি কি কৰিব, যেতিয়া আমি এইবোৰৰ বিষয়ে ভাবোঁ, তেতিয়া আমি বহুত উৎসাহ লাভ কৰোঁ। (১ কৰি. ১১:২৪, ২৫) যেতিয়া আমি এইবোৰ কথা গভীৰভাৱে ধ্যান কৰিম আৰু এয়া ভাবিম যে যীচুৱে আমাক কিমান প্ৰেম কৰে, তেতিয়া আমাৰ অন্তৰত তেওঁৰ প্ৰতি কৃতজ্ঞতা বাঢ়িব। যিহোৱা আৰু যীচুৱে আমাৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ আমাৰো মন যাব। এই লেখত আমি শিকিম যে আমি এয়া কেনেকৈ দেখুৱাব পাৰোঁ।

যীচুৰ প্ৰতি কৃতজ্ঞ হোৱাৰ বাবে আমি সেৱা কৰি থাকোঁ

৩. আমি যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি কিয় কৃতজ্ঞ?

যীচুৰ জীৱন আৰু বলিদানৰ বিষয়ে যেতিয়া আমি চিন্তা কৰোঁ, তেতিয়া তেওঁৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়ে। পৃথিৱীত থকাৰ সময়ত তেওঁ লোকসকলক ঈশ্বৰৰ ৰাজ্যত পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে কৈছিল। এই আশীৰ্বাদৰ বিষয়ে পঢ়াৰ সময়ত আমাৰ বহুত ভাল লাগে। আমি যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ বাবে বহুত কৃতজ্ঞ, কাৰণ ইয়াৰ যোগেদি আমি যিহোৱা আৰু যীচুৰ বন্ধু হʼব পাৰোঁ। আমি এয়াও জানোঁ যে যীচুৰ ওপৰত বিশ্বাস কৰিলে আমি অনন্ত জীৱন পাম আৰু আমি আমাৰ মৃত্যু হোৱা আপোনজনাক পুনৰ লগ পাম। (যোহ. ৫:২৮, ২৯; ৰোম. ৬:২৩) আমি এইবোৰ আশীৰ্বাদ পোৱাৰো যোগ্য নহয় আৰু ইয়াৰ সলনি আমি যিহোৱা আৰু যীচুকো একো দিব নোৱাৰোঁ। (ৰোম. ৫:৮, ২০, ২১) কিন্তু আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। কেনেকৈ বাৰু?

মৰিয়ম মগ্দলীনীৰ পৰা যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ বিষয়ে আপুনি কি শিকিব পাৰে? (অনুচ্ছেদ ৪-৫ চাওক)

৪. মৰিয়ম মগ্দলীনীয়ে যীচুৰ প্ৰতি কৃতজ্ঞতা কেনেকৈ দেখুৱালে? (ছবিখন চাওক।)

মৰিয়ম মগ্দলীনীৰ উদাহৰণলৈ মন দিয়ক। তেওঁ এজনী যিহূদী তিৰোতা আছিল। তেওঁত সাতটা দুষ্ট স্বৰ্গদূত সোমাই আছিল, যাৰ বাবে তেওঁৰ অৱস্থা একেবাৰে বেয়া হৈছিল। তেওঁ হয়তো ভাবিছিল তেওঁক কোনেও ঠিক কৰিব নোৱাৰে আৰু গোটেই জীৱন এইদৰেই থাকিব লাগিব। কল্পনা কৰকচোন, যীচুৱে তেওঁক ঠিক কৰাৰ পাছত তেওঁৰ কেনে অনুভৱ হʼল। ইয়াৰ বাবে তেওঁ যীচুৰ বহুত কৃতজ্ঞ হʼল। সেইবাবে তেওঁ যীচুৰ শিষ্য হʼল আৰু তেওঁ নিজৰ সময়, সম্পত্তি আৰু শক্তি যীচুৰ সেৱাত লগাম বুলি ভাবিলে। (লূক ৮:১-৩) যীচুৱে মৰিয়মৰ বাবে যি কৰিছিল, সেয়া এক ডাঙৰ কাম আছিল। কিন্তু আগলৈ গৈ তেওঁ ইয়াতকৈও ডাঙৰ কিবা কৰিবলগীয়া আছিল, যাৰ বিষয়ে মৰিময়ে হয়তো ভবাও নাছিল। তেওঁ সকলো মানুহৰ কাৰণে নিজৰ জীৱন বলিদান দিবলগীয়া আছিল, “যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন” পাব। (যোহ. ৩:১৬) যীচুক যেতিয়া কাঠত আঁৰি থোৱা হৈছিল, তেতিয়া মৰিয়ম তাতে আছিল। তেওঁ তাত থকাৰ বাবে যীচু আৰু আন লোকসকলে সাহস পাইছিল। (যোহ. ১৯:২৫) যীচুৰ মৃত্যুৰ পাছত মৰিয়ম আৰু আন দুজনী তিৰোতাই তেওঁৰ কবৰলৈ গৈছিল, যাতে তেওঁৰ মৃতদেহ থʼবলৈ ঠাই তৈয়াৰ কৰিব পাৰে। (মাৰ্ক ১৬:১, ২) মৰিয়ম যীচুৰ বিশ্বাসী হৈ থাকিল, এইদৰে তেওঁ যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱালে। মৰিয়মে বিশ্বাসী হৈ থকাৰ পুৰস্কাৰো পালে। যেতিয়া যীচু পুনৰ জীৱিত হʼল, তেতিয়া মৰিয়মে তেওঁক লগ কৰা আৰু তেওঁৰ লগত কথা পতাৰ এক সুযোগ পালে, যি সুযোগ যীচুৰ কিছুমান শিষ্যইহে পাইছিল।—যোহ. ২০:১১-১৮.

৫. আমি যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ আছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

আমি নিজৰ সম্পত্তি, সময় আৰু শক্তি যিহোৱাৰ সেৱাত লগাব পাৰোঁ। এইদৰে কৰি আমি যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। যেনে, সংগঠনৰ বিল্ডিং নিৰ্মাণ কৰা আৰু তাক মেৰামতি কৰাত সহায় কৰাৰ যোগেদি।

যিহোৱা আৰু যীচুক প্ৰেম কৰাৰ বাবে আমি আনকো প্ৰেম কৰোঁ

৬. যীচুৱে আমাৰ প্ৰতিজনৰ বাবে জীৱন বলিদান দিলে বুলি আমি কিয় কʼব পাৰোঁ?

যেতিয়া আমি ভাবোঁ যে যিহোৱা আৰু যীচুৱে আমাক কিমান প্ৰেম কৰে, তেতিয়া আমিও তেওঁলোকক প্ৰেম কৰিবলৈ আগবাঢ়ি আহোঁ। (১ যোহ. ৪:১০, ১৯) যেতিয়া আমি ভাবোঁ যে যীচুৱে মোৰ বাবে নিজৰ প্ৰাণ দিলে, তেতিয়া আমি তেওঁক প্ৰেম কৰিবলৈ ধৰোঁ। এইদৰে ভবাটো কোনো ভুল নহয়। পৌলেও এইদৰে ভাবিছিল আৰু তেওঁ যীচুৰ বলিদানৰ প্ৰতি কৃতজ্ঞ আছিল। মন কৰক তেওঁ নিজৰ চিঠিত এইদৰে লিখিলে, ‘খ্ৰীষ্টে মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।’ (গালা. ২:২০) যীচুৰ বলিদানৰ যোগেদিহে যিহোৱাই আমাক নিজৰ ওচৰ চপাই আনে আৰু আমি তেওঁৰ বন্ধু হʼব পাৰোঁ। (যোহ. ৬:৪৪) যেতিয়া আপুনি চিন্তা কৰে যে যিহোৱাই আপোনাৰ কিবা এটা ভাল গুণ দেখিছে আৰু তেওঁৰ বন্ধু হʼবলৈ ইমান ডাঙৰ মূল্য দিছে, তেতিয়া আপোনাৰ কেনে অনুভৱ হয়। আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞ নহয়নে? যিহোৱা আৰু যীচুক আৰু বেছিকৈ প্ৰেম কৰিবলৈ আপোনাৰ মন নাযায়নে? যদি আমি যিহোৱা আৰু যীচুক প্ৰেম কৰোঁ, তেনেহʼলে এই প্ৰেম আমি কেনেকৈ দেখুৱাব পাৰোঁ, ইয়াৰ বিষয়ে চিন্তা কৰা উচিত।

যিহোৱা আৰু যীচুৰ প্ৰতি থকা প্ৰেমে আমাক সকলো লোকক শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰে (অনুচ্ছেদ ৭ চাওক)

৭. ছবিখনত দেখুৱাৰ দৰে আমি যিহোৱা আৰু যীচুক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (২ কৰিন্থীয়া ৫:১৪, ১৫; ৬:১, ২)

যিহোৱা আৰু যীচুৰ প্ৰতি থকা প্ৰেমে আমাক আনকো প্ৰেম কৰিবলৈ উৎসাহিত কৰে। (২ কৰিন্থীয়া ৫:১৪, ১৫; ৬:১, ২ পঢ়ক।) আনক প্ৰেম দেখুৱাৰ এটা উপায় হৈছে বেছিতকৈ বেছি প্ৰচাৰত ভাগ লোৱা। আমি সকলোকে প্ৰচাৰ কৰোঁ। প্ৰচাৰ কৰাৰ সময়ত আমি এয়া নাচাওঁ যে সেই ব্যক্তিজন কোনটো জাতি, ৰং, ধনী, দুখীয়া বা সমাজত তেওঁৰ কি নাম আছে। এইদৰে আমি যিহোৱাৰ ইচ্ছা পূৰ কৰোঁ: “তেওঁৰ ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।”—১ তীম. ২:৪.

৮. আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰাৰ যোগেদি দেখুৱাওঁ যে আমি যিহোৱা আৰু যীচুক প্ৰেম কৰোঁ। (১ যোহ. ৪:২১) আমি নিজৰ ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰোঁ। যেতিয়া সেই ভাই-ভনীসকলৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া তেওঁলোকক সহায় কৰিবলৈ আমি সাজু হৈ থাকোঁ। নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাৰ সময়ত আমি তেওঁলোকক শান্ত্বনা দিওঁ, বেমাৰ হোৱাৰ সময়ত তেওঁলোকক লগ কৰিবলৈ যাওঁ। যেতিয়া তেওঁলোকে কোনো কথাক লৈ চিন্তিত হয় বা নিৰাশাত থাকে, তেতিয়া আমি তেওঁলোকক শান্ত্বনা দিওঁ। (২ কৰি. ১:৩-৭; ১ থিচ. ৫:১১, ১৪) তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনাও কৰোঁ, কাৰণ আমি জানোঁ ‘ধাৰ্ম্মিকৰ নিবেদনে’ গভীৰভাৱে প্ৰভাৱ পেলায়।—যাকো. ৫:১৬.

৯. ভাই-ভনীসকলক প্ৰেম দেখুৱাৰ আন এটা উপায় কি?

আমাৰ ভাই-ভনীসকলক প্ৰেম দেখুৱাৰ আন এটা উপায় হৈছে তেওঁলোকৰ লগত শান্তি বজাই ৰখা। আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব পাৰোঁ। কাৰণ তেওঁ হৃদয় খুলি আমাক ক্ষমা কৰে। চিন্তা কৰক যিহোৱাই আমাৰ পাপ ক্ষমা কৰিবলৈ নিজৰ প্ৰিয় পুত্ৰৰ বলিদান দিলে। গতিকে কোনো ভাই বা ভনীয়ে যদি আমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহʼলে আমি তেওঁক ক্ষমা কৰিব নালাগিবনে? আমি যীচুৱে কোৱা সেই দুষ্ট দাসৰ নিচিনা হʼব নিবিচাৰোঁ। তেওঁৰ মালিকে তেওঁৰ ডাঙৰ ধাৰ ক্ষমা কৰি দিছিল, কিন্তু তেওঁ নিজৰ বন্ধুৰ সৰু ধাৰ ক্ষমা কৰি নিদিলে। (মথি ১৮:২৩-৩৫) যদি কোনো ভাই বা ভনীৰ বিষয়ে আপোনাৰ কিবা ভুল ধাৰণা আছে, তেনেহʼলে স্মৰণীয় দিনৰ আগতে আপুনি তেওঁৰ লগত মিল হʼবলৈ চেষ্টা কৰক। (মথি ৫:২৩, ২৪) এইদৰে কৰিলে আপুনি যিহোৱা আৰু যীচুক প্ৰেম কৰে বুলি দেখুৱাব পাৰে।

১০-১১. প্ৰাচীনসকলে যিহোৱা আৰু যীচুক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱাব পাৰে? (১ পিতৰ ৫:১, ২)

১০ প্ৰাচীনসকলে যিহোৱা আৰু যীচুক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱাব পাৰে? যীচুৰ মেৰৰ চোৱা-চিতা কৰাৰ যোগেদি। (১ পিতৰ ৫:১, ২ পঢ়ক।) যীচুৱে পিতৰক যি কৈছিল, তাৰ পৰা আমি এই কথা জানিব পাৰোঁ। পিতৰে যীচুক তিনিবাৰ চিনি নাপাওঁ বুলি কৈছিল, ইয়াৰ বাবে পিতৰ হয়তো বহুত দুখিত হʼল আৰু তেওঁ যিকোনো প্ৰকাৰে দেখুৱাব বিচাৰিছিল যে তেওঁ যীচুক কিমান প্ৰেম কৰে। সেইবাবে, যীচু যেতিয়া জীৱিত হʼল, তেতিয়া তেওঁ পিতৰক কʼলে, “চিমোন, তুমি মোক প্ৰেম কৰিছা নে?” সেই সময়ত পিতৰে নিজৰ প্ৰেম দেখুৱাবলৈ যিকোনো কৰিবলৈ সাজু আছিল। তেতিয়া যীচুৱে পিতৰক কʼলে, “মোৰ মেৰবিলাক প্ৰতিপালন কৰা।” (যোহ. ২১:১৫-১৭) পিতৰে এই কথাটো গোটেই জীৱন মনত ৰাখিলে আৰু যীচুৰ মেৰবিলাকক ভালদৰে চোৱা-চিতা কৰিলে। এইদৰে কৰি তেওঁ যীচুক প্ৰেম কৰে বুলি দেখুৱালে।

১১ প্ৰাচীনসকল, স্মৰণীয় দিনৰ মাহকেইটাত যীচুৱে পিতৰক কোৱা কথা আপুনি মানিছে বুলি কেনেকৈ দেখুৱাব পাৰে? একেৰাহে ভাই-ভনীসকলৰ মেৰ পালকৰ সাক্ষাৎ কৰক। বিশেষকৈ সেই ভাই-ভনীসকলক উৎসাহিত কৰক, যিসকলে কিছু সময় ধৰি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে আৰু তেওঁলোকক যিহোৱাৰ ওচৰলৈ উভটি আহিবলৈ সহায় কৰক। (যিহি. ৩৪:১১, ১২) আপুনি সেই বাইবেল বিদ্যাৰ্থী আৰু নতুন লোকসকলক লগ কৰিব পাৰে, যিসকল স্মৰণীয় দিনত উপস্থিত হয় আৰু তেওঁলোকক উৎসাহিত কৰিব পাৰে। মনত ৰাখক, আগলৈ গৈ তেওঁলোকেও যীচুৰ শিষ্য হʼব পাৰে। এইদৰে কৰাৰ যোগেদি আপুনি দেখুৱাব পাৰে যে আপুনি যিহোৱা আৰু যীচুক কিমান প্ৰেম কৰে।

যীচুক প্ৰেম কৰাৰ বাবে আমি সাহসেৰে কাম কৰোঁ

১২. যীচুৱে নিজৰ শিষ্যসকলক কোৱা কথাৰ যোগেদি আজি আমি কেনেকৈ সাহস লাভ কৰিব পাৰোঁ? (যোহন ১৬:৩২, ৩৩)

১২ যীচুৱে নিজৰ মৃত্যুৰ আগদিনা ৰাতি শিষ্যসকলক এইদৰে কৈছিল, “জগতত তোমালোকৰ ক্লেশ আছে; কিন্তু নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।” (যোহন ১৬:৩২, ৩৩ পঢ়ক।) যীচুৰ বহুতো শত্ৰু আছিল, তথাপি তেওঁ ভয় নকৰিলে। তাৰ পৰিৱৰ্তে সাহসেৰে নিজৰ জীৱনৰ শেষলৈকে বিশ্বাসী হৈ থাকিল। তেওঁ এয়া কেনেকৈ কৰিব পাৰিলে? তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। যীচুৱে ভালদৰে জানিছিল যে তেওঁৰ শিষ্যসকলে এনেধৰণৰ সমস্যাৰ সন্মুখীন হʼব। সেইবাবে, তেওঁলোকৰ যত্ন লʼবলৈ তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (যোহ. ১৭:১১) আজি যিহোৱাই আমাৰ যত্ন লয়, এয়া জানি আমি কিমান সাহস লাভ কৰোঁ। তেওঁ আমাৰ শত্ৰুসকলোতকৈ বহু গুণে শক্তিশালী। (১ যোহ. ৪:৪) যিহোৱাৰ দৃষ্টিত একো লুকাই নাথাকে। সেইবাবে, আমি বিশ্বাস ৰাখিব পাৰোঁ যে আমি তেওঁৰ ওপৰত ভৰসা ৰাখিলে, আমি ভয় নকৰিম, তাৰ পৰিৱৰ্তে সাহসেৰে কাম কৰিব পাৰিম।

১৩. অৰিমাথিয়া যোচেফে কেনেকৈ সাহসেৰে কাম কৰিলে?

১৩ অৰিমাথিয়া নগৰৰ যোচেফৰ বিষয়ে চিন্তা কৰক। তেওঁ যিহূদী মহাসভাৰ এজন সদস্য আছিল আৰু এয়া যিহূদীসকলৰ আটাইতকৈ ডাঙৰ ন্যায়ালয় আছিল। সমাজত তেওঁৰ ভাল নাম আছিল। তেওঁ যীচুৰ শিষ্য আছিল, কিন্তু তেওঁ ইয়াৰ বিষয়ে আনক কেতিয়াও কোৱা নাছিল। বাইবেলত লিখা আছে যে তেওঁ “যিহূদীবিলাকৰ ভয়ত গুপুতে শিষ্য হৈছিল।” (যোহ. ১৯:৩৮) হয়তো তেওঁ ভয় কৰিছিল যে যদি তেওঁ যীচুৰ শিষ্য হয় বুলি লোকসকলে গম পায়, তেতিয়া হʼলে তেওঁক কোনেও সন্মান নকৰিব। অৱশেষত তেওঁ সাহসেৰে কাম কৰিলে। যীচুৰ মৃত্যুৰ পাছত “তেওঁ আহি, পীলাতৰ ওচৰলৈ সাহেৰে সোমাই গৈ, যীচুৰ দেহ খুজিলে।” (মাৰ্ক ১৫:৪২, ৪৩) ইয়াৰ পাছত তেওঁ যীচুৰ শিষ্য হয় বুলি সকলোৱে গম পালে।

১৪. লোকসকলৰ প্ৰতি আপোনাৰ ভয় লাগিলে আপুনি কি কৰিব?

১৪ আপুনি কেতিয়াবা যোচেফৰ দৰে আনক ভয় কৰেনে? আপুনি স্কুল বা কামৰ ঠাইত এজন যিহোৱাৰ সাক্ষী হয় বুলি পৰিচয় দিবলৈ সংকোচ কৰেনে? মোৰ বিষয়ে আনে কি কʼব বুলি আপুনি প্ৰচাৰক হʼবলৈ বা বাপ্তিষ্মা লʼবলৈ ভয় কৰেনে? এইদৰে ভাবি সঠিক কাম কৰিবলৈ ভয় নকৰিব। ইয়াৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক, সাহস বিচাৰক আৰু তেওঁ আপোনাক কিদৰে সহায় কৰিছে, তালৈ ধ্যান দিয়ক। তেতিয়া আপোনাৰ বিশ্বাস মজবুত হʼব আৰু আপুনি সাহসেৰে কাম কৰিব পাৰিব।—যিচ. ৪১:১০, ১৩.

আমি আনন্দিত, সেইবাবে যিহোৱাৰ সেৱাত লাগি থাকোঁ

১৫. যীচুক জীৱিত হোৱা দেখি আনন্দিত হৈ শিষ্যসকলে কি কৰিলে? (লূক ২৪:৫২, ৫৩)

১৫ যীচুৰ মৃত্যুৰ পাছত তেওঁৰ শিষ্যসকলে বহুত দুখ কৰিছিল। কল্পনা কৰক আপুনি তেওঁলোকৰ ঠাইত থকা হʼলে কেনে অনুভৱ কৰিলেহেঁতেন। তেওঁলোকে অকল নিজৰ বন্ধুক হেৰাই দিয়া নাছিল, লগতে আশাও হেৰাই দিছিল। (লূক ২৪:১৭-২১) কিন্তু যেতিয়া যীচু পুনৰ জীৱিত হোৱাৰ পাছত তেওঁলোকক লগ কৰিলে, তেতিয়া হয়তো তেওঁলোক বহুত আনন্দিত হৈছিল। যীচুৱে তেওঁলোকক বুজালে যে তেওঁৰ বলিদানে কেনেকৈ বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ কৰিলে। যীচুৱে তেওঁলোকক এটা গুৰুত্বপূৰ্ণ কাম দিলে। (লূক ২৪:২৬, ২৭, ৪৫-৪৮) যীচুৱে ৪০ দিনৰ পাছত স্বৰ্গলৈ গুচি গʼল, তেতিয়ালৈকে শিষ্যসকলৰ দুখ সুখলৈ পৰিৱৰ্তন হৈছিল। তেওঁলোক বহুত আনন্দিত হʼল যে যীচু জীৱিত হৈছে আৰু যি কাম তেওঁলোকক দিছে, সেয়া কৰিবলৈ তেওঁলোকক সহায়ো কৰিব। এই আনন্দই তেওঁলোকক যিহোৱাৰ মহিমা কৰিবলৈ সহায় কৰিলে।—লূক ২৪:৫২, ৫৩ পঢ়ক; পাঁচ. ৫:৪২.

১৬. যীচুৰ শিষ্যসকলৰ পৰা আমি কি শিকিব পাৰোঁ?

১৬ আমি যীচুৰ শিষ্যসকলৰ পৰা কি শিকিব পাৰোঁ? আমি কেৱল স্মৰণীয় দিনৰ মাহবোৰতেই উৎসাহেৰে যিহোৱাৰ সেৱা কৰাৰ পৰিৱৰ্তে আন মাহবোৰতো এইদৰে কৰা উচিত। এইদৰে কৰাৰ যোগেদি আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিব পাৰোঁ। এইদৰে কৰিলে আমি বহুত আনন্দিত হʼম। বহুতো ভাই-ভনীয়ে এইদৰে কৰিছে। যেনে, কিছুমান ভাই-ভনীয়ে নিৰ্ণয় লʼলে যে তেওঁলোকে কম সময় কাম কৰিব, যাতে প্ৰচাৰত বেছি সময় দিব পাৰে, সভাত নিয়মীয়াকৈ উপস্থিত হʼব পাৰে আৰু নিয়মীয়াকৈ পাৰিবাৰিক উপাসনা কৰিব পাৰে। কিছুমান ভাই-ভনীয়ে বস্তু-বাহিনী ভাবি-চিন্তি কিনে। তেওঁলোকে কিছুমান বস্তু নিকিনিবলৈ নিৰ্ণয় লয়, আন কিছুমান ভাই-ভনীয়ে ভাবে যে এয়া কিনাটো বহুত প্ৰয়োজন। তেওঁলোকে এইদৰে কৰাৰ কাৰণ হৈছে যে তেওঁলোকে মণ্ডলীৰ কামবোৰত বেছি সহযোগ দিব পাৰে আৰু এনে ঠাইত গৈ প্ৰচাৰ কৰিব পাৰে, যʼত প্ৰচাৰকৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি আমি বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিম আৰু নিজৰ জীৱনত তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিম, তেনেহʼলে তেওঁ আমাক বহুতো আশীৰ্বাদ দিব।—হিতো. ১০:২২; মথি ৬:৩২, ৩৩.

স্মৰণীয় দিনৰ মাহবোৰত আপুনি সময় উলিয়াই যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে চিন্তা কৰক (অনুচ্ছেদ ১৭ চাওক)

১৭. এই বছৰৰ স্মৰণীয় দিনৰ মাহবোৰত আপুনি কি কৰিবলৈ থিৰাং কৰিছে? (ছবিখন চাওক।)

১৭ আমি সকলোৱে মংগলবাৰ ৪ এপ্ৰিল তাৰিখে স্মৰণীয় দিন পালন কৰিবলৈ আগ্ৰহেৰে বাট চাই আছোঁ। কিন্তু আমি এতিয়াৰে পৰা যীচুৰ জীৱন আৰু তেওঁৰ বলিদানৰ বিষয়ে চিন্তা কৰিব পাৰোঁ আৰু যিহোৱা আৰু যীচুৱে আমাক কিমান প্ৰেম কৰে, সেয়াও ভাবিব পাৰোঁ। স্মৰণীয় দিনৰ পাছতো আপুনি এইদৰে কৰিব পাৰে। আপুনি অলপ সময় উলিয়াই ধ্যান কৰিব পাৰে যে যীচু যেতিয়া পৃথিৱীত আছিল, তেতিয়া তেওঁৰ জীৱনৰ শেষ সপ্তাহত কি কি হৈছিল। ইয়াৰ বিষয়ে জানিবলৈ আপুনি নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলৰ অতিৰিক্ত লেখ খ১২ চাব পাৰে। আপুনি যেতিয়া যীচুৰ জীৱনীৰ বিষয়ে পঢ়ে, তেতিয়া এনে ঘটনাৰ ওপৰত ধ্যান দিয়ক, যাৰ যোগেদি আপুনি যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ হৈছিল আৰু তেওঁলোকক প্ৰেম কৰিছিল। এনে কৰাৰ যোগেদি আপুনি সাহস পাইছিল আৰু আনন্দিত হৈছিল। চিন্তা কৰক আপুনি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা কেনেকৈ দেখুৱাব পাৰে। বিশ্বাস ৰাখক যেতিয়া আপুনি এই বছৰৰ স্মৰণীয় মাহবোৰত এই সকলো কাম কৰিব, তেতিয়া যীচু বহুত আনন্দিত হʼব।—প্ৰকা. ২:১৯.

গীত ১৭ “মই ইচ্ছা কৰিছোঁ”

a স্মৰণীয় দিনৰ মাহবোৰত আমি যীচুৰ জীৱন আৰু বলিদানৰ বিষয়ে ভাবিব পাৰোঁ আৰু তেওঁ আৰু যিহোৱাই আমাক কিমান প্ৰেম কৰে, সেই বিষয়ে ভাবিব পাৰোঁ। এইদৰে কৰিলে আমাৰ অন্তৰত তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা বাঢ়িব। এই লেখত আমি শিকিম যে আমি মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি কৃতজ্ঞ হয় আৰু যিহোৱা আৰু যীচুক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ। আমি নিজৰ ভাই-ভনীসকলক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ, সাহসেৰে কেনেকৈ কাম কৰিব পাৰোঁ আৰু যিহোৱাৰ সেৱা কৰিলে কেনেকৈ আনন্দ পাব পাৰি, তাৰ বিষয়েও এই লেখত আলোচনা কৰা হʼব।