Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২

নতুন মন কৰক!

নতুন মন কৰক!

তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।—ৰোম. ১২:২.

গীত ৮৮ তোমাৰ পথ আমাক দেখুৱা

লেখৰ এক আভাস a

১-২. বাপ্তিষ্মাৰ পাছতো আমি কি কৰি থাকিব লাগিব? বুজাওক।

 আপুনি নিজৰ ঘৰখন কিমান চাফ-চিকুন কৰে? আপুনি প্ৰথম বাৰ নিজৰ ঘৰখনত থাকিবলৈ অহাৰ আগত ভালদৰে ঘৰখন চাফ-চিকুন কৰিছিল। কিন্তু আপুনি এবাৰেই চাফ-চিকুন কৰি এৰি দিয়া নাই। এবাৰেই চাফ-চিকুন কৰি এৰি দিয়া হʼলে ঘৰখন লেতেৰা আৰু ধূলি-বালিৰে ভৰি গʼলহেঁতেন। যদি আপোনাৰ ঘৰখন ধুনীয়া আৰু সুন্দৰ হৈ থকাটো আপুনি বিচাৰে, তেনেহʼলে আপুনি বাৰে বাৰে চাফা কৰি থাকিব লাগিব।

ঠিক সেইদৰে বাপ্তিষ্মাৰ আগতে আমি নিজকে সলনি কৰিছিলোঁ। আমি “শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি” কৰিছিলোঁ। (২ কৰি. ৭:১) কিন্তু এবাৰেই এনেদৰে কৰাটো যথেষ্ট নহয়। পৌলে কোৱাৰ দৰে বাপ্তিষ্মাৰ পাছতো আমি ‘নিজ নিজ মনৰ আত্মাত নতুন কৰি থকা’ উচিত। (ইফি. ৪:২৩) কিন্তু আমি বাৰে বাৰে কিয় এইদৰে কৰা উচিত? কাৰণ আজি জগতৰ যি বেয়া চিন্তাধাৰা আছে, ইয়ে আমাৰ চিন্তাধাৰা ওপৰত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। সেইবাবে, যদি আমি তেওঁলোকৰ নিচিনা হʼব নিবিচাৰোঁ আৰু যিহোৱাৰ মনক আনন্দিত কৰিব বিচাৰোঁ, তেনেহʼলে মাজে-সময়ে আমি নিজৰ চিন্তাধাৰা, ব্যক্তিত্ব আৰু ইচ্ছাবোৰ পৰীক্ষা কৰিব লাগিব।

‘নতুন মন কৰি থাকক’

৩. “নতুন মন কৰাৰ” অৰ্থ কি? (ৰোমীয়া ১২:২)

নতুন মন কৰিবলৈ আমি কি কৰিব লাগিব? (ৰোমীয়া ১২:২ পঢ়ক।) ‘নতুন মন কৰা’ এই গ্ৰীক শব্দটোক “নিজৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি কৰা” বুলিও অনুবাদ কৰিব পাৰি। যেনে, যদি আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ যায়, তেনেহʼলে আমি তাক ওপৰে ওপৰে সজাই নথওঁ। ইয়াৰ পৰিৱৰ্তে ঘৰখনৰ পুৰণা বস্তুবোৰ উলিয়াই তাৰ ঠাইত নতুন বস্তুবোৰ লগাই তাৰ মেৰামতি কৰোঁ। ঠিক সেইদৰে আমি সৰু-সুৰা ভাল কাম কৰিলেই নহʼব। আমি অন্তৰৰ পৰা কেনে ব্যক্তি হয়, তাক পৰীক্ষা কৰিব লাগিব আৰু নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব, যাতে আমি যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীয়াই থাকিব পাৰোঁ। এইদৰে আমি এবাৰেই কৰিলে নহʼব বাৰে বাৰে কৰি থাকিব লাগিব।

পঢ়া-শুনা আৰু চাকৰিৰ ক্ষেত্ৰত আপুনি যি নিৰ্ণয় লয়, তাৰ পৰা জানিব পাৰি নে যে আপুনি যিহোৱাৰ সেৱাক প্ৰথম স্থান দিছে? (অনুচ্ছেদ ৪-৫ চাওক) c

৪. আমাৰ চিন্তাধাৰা যাতে জগতৰ লোকসকলৰ দৰে নহয়, তাৰ কাৰণে আমি কি কৰিব লাগিব?

যেতিয়া আমি সিদ্ধ হʼম, তেতিয়া আমি সদায় যিহোৱাক আনন্দিত কৰিব পাৰিম। কিন্তু তেতিয়ালৈকে আমি যিহোৱাৰ হৃদয়ক আনন্দিত কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি থাকিম। মন কৰক ৰোমীয়া ১২:২ পদত পৌলে কৈছিল যে যেতিয়া আমি ‘নতুন মন কৰিম,’ তেতিয়া আমি যিহোৱাৰ ইচ্ছাৰ বিষয়ে জানিব পাৰিম। সেইবাবে, আমাৰ লক্ষ্য আৰু নিৰ্ণয়বোৰ যাতে জগতৰ লোকসকলৰ দৰে নহয়, তাৰ কাৰণে আমি নিজকে পৰীক্ষা কৰি চাব লাগিব বা এইবোৰ যিহোৱাৰ ইচ্ছাৰ অনুসৰি হয় নে নহয়, তাকো পৰীক্ষা কৰি চাব লাগিব। কাৰণ আমি সহজে জগতৰ লোকসকলৰ দৰে চিন্তা কৰিব পাৰোঁ।

৫. যিহোৱাৰ দিন ওচৰ চাপিছে বুলি আমি বিশ্বাস কৰোঁ নে নকৰোঁ, তাক কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ? (ছবিখন চাওক।)

আমি কেনেকৈ নিজৰ পৰীক্ষা কৰিব পাৰোঁ? ইয়াৰ বিষয়ে জানিবলৈ এটা উদাহৰণলৈ মন কৰক। ‘ঈশ্বৰৰ দিন’ অতি সোনকালে আহিব বুলি আমি বিশ্বাস কৰাটো যিহোৱাই বিচাৰে। (২ পিত. ৩:১২) সেইবাবে, নিজকে এইদৰে সোধক: ‘মই যিদৰে জীৱন-যাপন কৰোঁ, তাৰ পৰা দেখুৱাওঁ নে যিহোৱাৰ দিন অতি সোনকালে আহি আছে? যিহোৱাৰ দিন অতি সোনকালে আহি আছে, তাক বিশ্বাস কৰোঁ বুলি মই নিজৰ জীৱন-যাপনৰ পৰা দেখুৱাওঁনে? পঢ়া-শুনা আৰু চাকৰিৰ ক্ষেত্ৰত মই যিবোৰ নিৰ্ণয় লওঁ, তাৰ পৰা মই দেখুৱাওঁনে যে মই যিহোৱাৰ সেৱাক প্ৰথম স্থান দিছোঁ? যিহোৱাই মোৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব বুলি মই বিশ্বাস কৰোঁ নে মই সকলো সময়তে এইবোৰৰ বিষয়ে চিন্তা কৰি থাকোঁ?’ যেতিয়া আমি সৰু-ডাঙৰ নিৰ্ণয় লোৱাৰ সময়ত যিহোৱাৰ ইচ্ছা কি তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, চিন্তা কৰকচোন তেতিয়া যিহোৱা কিমান আনন্দিত হয়!—মথি ৬:২৫-২৭, ৩৩; ফিলি. ৪:১২, ১৩.

৬. আমি কি কৰি থাকিব লাগিব?

আমাৰ চিন্তাধাৰা যিহোৱাৰ ইচ্ছাৰ অনুসৰি হয় নে নহয়, আমি তাক পৰীক্ষা কৰি চাব লাগিব আৰু যদি নাই, তেনেহʼলে আমি নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব। পৌলে কৰিন্থীয়াৰ খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “তোমালোক বিশ্বাসত আছা নে নাই, তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা।” (২ কৰি. ১৩:৫) ‘বিশ্বাসত থকাৰ’ অৰ্থ এয়া নহয় যে আমি কেৱল সভালৈ যোৱা আৰু প্ৰচাৰ কৰা। ইয়াৰ পৰিৱৰ্তে আমি যিদৰে চিন্তা কৰোঁ, আমাৰ মনৰ ইচ্ছা কি আৰু আমি যি উদ্দেশ্যেৰে কাম কৰোঁ, তাৰ পৰা জানিব পাৰি যে আমি বিশ্বাসত আছোঁ নে নাই। “নতুন মন” কৰিবলৈ হʼলে আমি বাইবেল পঢ়িব লাগিব আৰু যিহোৱাই কেনেদৰে চিন্তা কৰে, তাৰ বিষয়ে জানিব লাগিব। আৰু তাৰ পাছত যিহোৱাৰ ইচ্ছাৰ অনুসৰি জীয়াই থাকিবলৈ নিজকে সলনি কৰিব লাগিব।—১ কৰি. ২:১৪-১৬.

‘নতুন পুৰুষক পিন্ধক’

৭. ইফিচীয়া ৪:৩১, ৩২ পদৰ অনুসৰি আমি কি কৰিব লাগিব আৰু এনে কৰাটো কিয় কঠিন হʼব পাৰে?

ইফিচীয়া ৪:৩১, ৩২ পঢ়ক। নিজৰ চিন্তাধাৰা সলনি কৰাৰ লগতে আমি “নতুন পুৰুষক” পিন্ধিবও লাগিব। (ইফি. ৪:২৪) এনে কৰাটো বহুতো লোকৰ কাৰণে সহজ নহয়। যেনে, কিছুমানৰ লগে লগে খং উঠা বা আনৰ প্ৰতি ঈৰ্ষা কৰাটো তেওঁলোকৰ স্বভাৱে হয়। বাইবেলতো কোৱা হৈছে যে কিছুমান লোক “খঙাল” আৰু “ক্ৰোধি” হয়। (হিতো. ২৯:২২) হয়তো কিছুমান ভাই-ভনীয়েও এনে বেয়া অভ্যাসবোৰৰ লগত যুঁজিবলগীয়া হয়। কিন্তু এই বেয়া গুণবোৰ উঘালি পেলাবলৈ আমি বাপ্তিষ্মাৰ পাছতো একেৰাহে পৰিশ্ৰম কৰি থাকিব লাগিব। আহক এনেদৰে কৰা এজন ভাইৰ উদাহৰণলৈ মন কৰোঁ।

৮-৯. আমি পুৰাতন পুৰুষক সোলোকাই পেলাবলৈ একেৰাহে পৰিশ্ৰম কৰি থাকিব লাগিব বুলি ভাই ষ্টিবনৰ উদাহৰণৰ পৰা কেনেকৈ জানিব পাৰি?

ষ্টিবন নামৰ ভাইজন বৰ খঙাল আছিল। তেওঁ এইদৰে কৈছে, “বাপ্তিষ্মাৰ পাছতো বহু বাৰ মোৰ বহুত খং উঠিছিল আৰু মই নিজৰ খং নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। এদিনাখন আমি ঘৰে-ঘৰে প্ৰচাৰ কৰি আছিলোঁ আৰু এজন চোৰে মোৰ গাড়ীৰ পৰা ৰেডিঅʼ চুৰ কৰিলে। মই তেওঁৰ পিছে পিছে দৌৰিলোঁ। মই তেওঁৰ ওচৰ পাওঁতেই তেওঁ ৰেডিঅʼখন পেলাই পলাই গʼল। এই বিষয়ে যেতিয়া মই আনক কৈ আছিলোঁ, তেতিয়া আমাৰ সমূহৰ প্ৰাচীন এজনে মোক এইদৰে সুধিলে, ‘ষ্টিবন তুমি তেওঁক পোৱা হʼলে কি কৰিলা হয়?’ সেই প্ৰশ্নৰ পৰা মই বুজি পালোঁ যে মই নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আনৰ লগত শান্তি বজাই ৰাখিবলৈ পৰিশ্ৰম কৰিব লাগিব।” b

ভাই ষ্টিবনৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? হয়তো কেতিয়াবা আমাৰ অনুভৱ হয় যে আমি বেয়া অভ্যাস বা কাম এৰি দিলোঁ, কিন্তু হঠাতে আমি সেই একে কাম আকৌ কৰিবলৈ ধৰোঁ। সেই সময়ত নিৰাশ নহʼব আৰু আপুনি সত্য খ্ৰীষ্টান হোৱাৰ যোগ্য নহয় বুলিও নাভাবিব। পৌলে এইদৰে কৈছিল, “যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে।” (ৰোম. ৭:২১-২৩) আমি সকলোৱে কিবা নহয় কিবা বেয়া অভ্যাসবোৰ এৰিলোঁ, কিন্তু অসিদ্ধ হোৱাৰ কাৰণে আমি সেই একে কাম আকৌ কৰিবলৈ ধৰোঁ। বেয়া অভ্যাসবোৰ ধুলি-বালিৰ নিচিনা হয়, যি আমি বাৰে বাৰে চাফা কৰাৰ পাছতো আকৌ ঘৰলৈ সোমাই আহে। সেইবাবে বেয়া অভ্যাসবোৰ এৰিবলৈ আমি পৰিশ্ৰম কৰিব লাগিব। এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

১০. আমি বেয়া অভ্যাস এৰিবলৈ কি কৰিব পাৰোঁ? (১ যোহন ৫:১৪, ১৫)

১০ যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু তেওঁক কওক যে আপুনি কোনটো বেয়া অভ্যাস এৰিবলৈ চেষ্টা কৰি আছে। তেওঁ নিশ্চয় আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু আপোনাক সহায় কৰিব। (১ যোহন ৫:১৪, ১৫ পঢ়ক।) অৱশ্যে তেওঁ চমৎকাৰ কৰি আপোনাৰ এই বেয়া অভ্যাস দূৰ নকৰিব, কিন্তু তেওঁ নিশ্চয় আপোনাক সেয়া নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব। (১ পিত. ৫:১০) কিন্তু প্ৰাৰ্থনা কৰাৰ লগতে আপুনি নিজেও কিবা কৰিব লাগিব। এনে বস্তুবোৰৰ পৰা দূৰে থাকক, যাৰ পৰা আপুনি আকৌ সেই কামবোৰ কৰিবলৈ ধৰিব পাৰে যি আপুনি এৰিবলৈ চেষ্টা কৰি আছে। আপুনি এনে কোনো চিনেমা বা টিভিৰ কাৰ্য্যক্ৰম বা এনে কোনো কাহিনী নপঢ়িব, যʼত সেই কামবোৰ এনেদৰে দেখুৱা হয় যেন তাত ইমানো ভুল নাই। যদি আপোনাৰ মনলৈ এনেধৰণৰ বেয়া চিন্তাবোৰ আহে, তেনেহʼলে তাৰ বিষয়ে ভাবি নাথাকিব।—ফিলি. ৪:৮; কল. ৩:২.

১১. নতুন পুৰুষক পিন্ধি থাকিবলৈ আমি কি কৰিব লাগিব?

১১ আপুনি হয়তো পুৰাতন পুৰুষক সোলোকাই পেলাই দিলে, কিন্তু নতুন পুৰুষক পিন্ধাটো অতি গুৰুত্বপূৰ্ণ। এয়া আপুনি কেনেকৈ পিন্ধিব পাৰে? যিহোৱা কেনে ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে, ইয়াৰ বিষয়ে যেতিয়া আপুনি জানিবলৈ ধৰে, তেতিয়া তেওঁৰ নিচিনা হʼবলৈ চেষ্টা কৰক। (ইফি. ৫:১, ২) যেনে, যেতিয়া আপুনি বাইবেলত পঢ়ে যে যিহোৱাই আনক হৃদয়েৰে ক্ষমা কৰে, তেতিয়া চিন্তা কৰক যে ‘মই আনক হৃদয়ৰ পৰা ক্ষমা কৰোঁনে?’ অথবা যেতিয়া আমি পঢ়োঁ যে যিহোৱাই সহায়ৰ প্ৰয়োজন হোৱা কোনো ব্যক্তিৰ কেনেকৈ যত্ন লয়, তেতিয়া আমি চিন্তা কৰিব পাৰোঁ যে ‘মই সহায়ৰ প্ৰয়োজন হোৱা ব্যক্তিৰ যত্ন লওঁনে বা তেওঁৰ সহায় কৰোঁনে?’ নতুন পুৰুষক পিন্ধি নতুন মন কৰি থাকক। কিন্তু ধৈৰ্য্যও ধৰক, কাৰণ নিজকে সলনি কৰিবলৈ সময়ৰ প্ৰয়োজন হয়।

১২. বাইবেলৰ সহায়ত ভাই ষ্টিবনে নিজকে কেনেকৈ সলনি কৰিব পাৰিলে?

১২ ওপৰত উল্লেখ কৰা ভাই ষ্টিবনে নতুন পুৰুষক লাহে লাহে পিন্ধিব পাৰিলে। তেওঁ এইদৰে কৈছে, “বাপ্তিষ্মাৰ পাছত বহুতো পৰিস্থিতিত মোৰ খং উঠিছিল, কিন্তু মই নিজৰ খঙক নিয়ন্ত্ৰণ কৰিলোঁ। কোনোবাই মোক খং উঠাবলৈ চেষ্টা কৰিলেও মই তাৰ পৰা ওলাই যাওঁ, নহ’লে এনে কিবা কৰোঁ যাতে কথাতো সিমানতে শেষ হৈ যায়। ইয়াৰ বাবে মোৰ পত্নী আৰু বহুতো লোকে মোৰ প্ৰশংসা কৰিছে। মই আচৰিত হওঁ যে এনে পৰিস্থিতিত মই কেনেকৈ শান্ত হৈ থাকিব পাৰিলোঁ। এয়া মই নিজৰ সামৰ্থৰে কৰিব পৰা নাই, কেৱল বাইবেলেহে মোক সহায় কৰিলে। সঁচাকৈ বাইবেলে মানুহৰ জীৱন পৰিৱৰ্তন কৰে!”

বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজি থাকক

১৩. আমি কেনেকৈ বেয়া ইচ্ছাবোৰৰ বিৰুদ্ধে যুঁজিব পাৰোঁ আৰু ভাল কথাবোৰ ভাবিব পাৰোঁ? (গালাতীয়া ৫:১৬)

১৩ গালাতীয়া ৫:১৬ পঢ়ক। বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সঠিক কাম কৰিবলৈ যিহোৱাই আমাক পবিত্ৰ আত্মা দিয়ে। বাইবেল অধ্যয়ন কৰিলে আমি পবিত্ৰ আত্মাক নিজৰ ওপৰত কাম কৰিবলৈ দিওঁ। সভাত পবিত্ৰ আত্মা থাকে, সেইবাবে যেতিয়া আমি সভাত এনে ভাই-ভনীসকলক লগ পাওঁ, যিসকলে আমাৰ নিচিনা সঠিক কাম কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ লগত কথা পাতি আমি সাহস লাভ কৰোঁ। (ইব্ৰী ১০:২৪, ২৫; ১৩:৭) প্ৰাৰ্থনাত আমি যিহোৱাক পবিত্ৰ আত্মা বিচাৰিব পাৰোঁ, যাতে তেওঁ আমাক আমাৰ দুৰ্বলতাবোৰ দমন কৰিবলৈ সহায় কৰে। বাইবেল পঢ়িলে, সভালৈ গʼলে আৰু প্ৰাৰ্থনা কৰিলে আমাৰ মনত বেয়া ইচ্ছা নাহিব, এনে নহয়। কিন্তু এইবোৰ কৰি থাকিলে বেয়া ইচ্ছাই আমাক বেয়াকৈ প্ৰভাৱিত কৰিব নোৱাৰিব আৰু বেয়া কাম কৰিবলৈ আমি নিজকে বাধা দিব পাৰিম। গালাতীয়া ৫:১৬ পদতো লিখা আছে যে যিসকলে পবিত্ৰ ‘আত্মাৰে চলে তেওঁলোকে মাংসৰ অভিলাষ পূৰ নকৰে।’

১৪. ভাল কথাবোৰৰ বিষয়ে ভাবি থকাটো কিয় প্ৰয়োজন?

১৪ আমি এনে কামবোৰত লাগি থকা উচিত, যাৰ যোগেদি যিহোৱাৰ লগত আমাৰ এটা ভাল সম্পৰ্ক হয় আৰু আমি এইদৰে বাৰে বাৰে কৰি থকা উচিত। ইয়াৰ লগতে ভাল কথাবোৰৰ বিষয়ে চিন্তা কৰি থকা উচিত। এনে কৰাটো অতি প্ৰয়োজন, কিয়নো এনে নকৰিলে বেয়া চিন্তাবোৰে আমাক প্ৰভাৱিত কৰিব পাৰে। ই এটা শত্ৰুৰ নিচিনা হয়, যিয়ে আমাক নিয়ন্ত্ৰণত ৰাখিবলৈ সুযোগ বিচাৰি থাকে। বাপ্তিষ্মাৰ পাছতো আমাৰ মনলৈ এই বেয়া ইচ্ছাবোৰ আহিব পাৰে বা আমাক এনে কাম কৰিবলৈ মন যাব পাৰে, যিবোৰ আমি এৰি দিছিলোঁ। যেনে, জোৱা খেলা, বেছি মদ খোৱা, অশ্লীল ছবি বা ভিডিঅ’ চোৱা। (ইফি. ৫:৩, ৪) ইয়াৰ বিষয়ে এজন ডেকা ভায়ে এইদৰে কৈছে, “মোৰ এটা ইচ্ছাৰ ওপৰত দমন কৰাটো বহুত কঠিন হৈছিল। মই লʼৰাবোৰৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। মই ভাবিছিলোঁ এয়া কেৱল কিছু সময়ৰ বাবেহে হৈছে, আগলৈ সকলো ঠিক হৈ যাব। কিন্তু এনে ইচ্ছাবোৰ মনলৈ এতিয়াও আহি যায়।” যদি আপোনাৰ মনলৈও বেয়া ইচ্ছা আহে, তেনেহ’লে আপুনি কি কথা মনত ৰাখিব পাৰে।

যদি আপোনাৰ মনলৈও বেয়া ইচ্ছাবোৰ আহে, তেনেহʼলে হাৰ নামানিব। আনেও এনেধৰণৰ ইচ্ছাৰ বিৰোধে যুঁজিছে আৰু তাক দমন কৰিব পাৰিছে (অনুচ্ছেদ ১৫-১৬ চাওক)

১৫. আমি এয়া জানি কিয় সাহস লাভ কৰোঁ যে আমি সন্মুখীন হোৱা পৰীক্ষা আন লোকসকলেও সন্মুখীন হৈ আছে? (ছবিখন চাওক)

১৫ মনত ৰাখক, বেয়া ইচ্ছাৰ বিৰুদ্ধে আপুনি অকলে যুঁজা নাই। বাইবেলতো এইদৰে লিখা আছে, “যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই।” (১ কৰি. ১০:১৩ক) পৌলে এই কথাটো কৰিন্থত থকা খ্ৰীষ্টানসকললৈ লিখিছিল। আগতে তেওঁলোকৰ মাজৰ বহুতো লোকে অনৈতিক যৌন সম্পৰ্ক ৰাখিছিল, সমকামীতা আছিল আৰু খুব মদ খাইছিল। (১ কৰি. ৬:৯-১১) আপুনি কি ভাবে বাপ্তিষ্মাৰ পাছতো তেওঁলোকৰ মনলৈ এবাৰো এনেধৰণৰ বেয়া ইচ্ছা নাহিছিলনে? নহয়, এনে নহয়। যদিও তেওঁলোক অভিষিক্ত খ্ৰীষ্টান আছিল, কিন্তু তেওঁলোক অসিদ্ধ আছিল। কেতিয়াবা নহয় কেতিয়াবা তেওঁলোকেও বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছিল। এই কথাৰ পৰা আমি বহুতো সাহস লাভ কৰোঁ। কাৰণ ইয়াৰ পৰা জানিব পাৰি যে আজি আমি যিকোনো বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজিবলগীয়া নহওক কিয়, কোনোবা নহয় কোনোবা ভাই বা ভনীয়ে এই বেয়া ইচ্ছাক দমন কৰিব পাৰিলে। আপুনি বিশ্বাসত দৃঢ় হৈ থাকিব পাৰে, কাৰণ আপুনি জানে যে ‘গোটেই পৃথিৱীত থকা ভাই-ভনীসকলে এনেধৰণৰ দুখ-কষ্টৰ সন্মুখীন হৈ আছে।’—১ পিত. ৫:৯ NW.

১৬. আমি কি ভাবিব নালাগে আৰু কিয়?

১৬ আপুনি যি সমস্যাৰ মাজেদি পাৰ হৈছে, সেয়া কোনেও বুজি নাপাব বুলি নাভাবিব। কাৰণ এইদৰে ভাবিলে আপুনি নিৰাশ হৈ পৰিব আৰু আপোনাৰ অনুভৱ হʼব যে আপুনি নিজৰ বেয়া অভ্যাসবোৰ কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। বাইবেলত এইদৰে লিখা আছে, “ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰি. ১০:১৩খ) বেয়া অভ্যাসে প্ৰভাৱিত কৰিলেও আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে আৰু তেওঁৰ সহায়ত আপুনি বেয়া কাম কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে।

১৭.আমি বেয়া ইচ্ছাবোৰ আমাৰ মনলৈ আহিবলৈ বাধা দিব নোৱাৰোঁ কিন্তু কি কৰিব পাৰো?

১৭ মনত ৰাখক, আমি অসিদ্ধ হোৱাৰ কাৰণে বেয়া ইচ্ছাবোৰ আমাৰ মনলৈ আহিবই, আমি ইয়াক বাধা দিব নোৱাৰোঁ। কিন্তু আমি তাক নিজৰ মনৰ পৰা উলিয়াব পাৰোঁ আৰু নিজকে বেয়া কাম কৰিবলৈ বাধা দিব পাৰোঁ। যোচেফেও এইদৰে কৰিছিল, যেতিয়া পোটীফৰৰ পত্নীয়ে তেওঁক তাইৰ লগত শুবলৈ কৈছিল, তেতিয়া যোচেফে লগে লগে তাৰ পৰা পলাই গ’ল।—আদি. ৩৯:১২.

একেৰাহে পৰিশ্ৰম কৰি থাকক

১৮-১৯. মাজে-সময়ে আমি নিজকে কি সুধা উচিত?

১৮ নতুন মন কৰাৰ অৰ্থ হৈছে আমি নিজৰ চিন্তাধাৰা আৰু কাম যিহোৱাৰ ইচ্ছাৰ অনুসৰি হোৱা উচিত। সেইবাবে, আমি মাজে সময়ে নিজকে সুধিব পাৰোঁ, ‘মই যিদৰে জীৱন যাপন কৰোঁ, তাৰ পৰা দেখুৱাওঁনে যে শেষ-কাল অতি ওচৰ চাপিছে? মই নতুন পুৰুষক পিন্ধিবলৈ আৰু ভাল ভাল গুণবোৰ বঢ়াবলৈ পৰিশ্ৰম কৰোঁনে? মই পবিত্ৰ আত্মাক কাম কৰিবলৈ দিওঁনে যাতে বেয়া ইচ্ছাবোৰে মোক প্ৰভাৱিত নকৰে?’

১৯ যেতিয়া আপুনি নিজকে পৰীক্ষা কৰে, তেতিয়া আপুনি কিমান ভুল কৰিলে তালৈ ধ্যান নিদিব। ইয়াৰ পৰিৱৰ্তে আপুনি কিমান উন্নতি কৰিলে তাক জানিবলৈ চেষ্টা কৰক। মনত ৰাখিব আপুনি অসিদ্ধ হয় আৰু আপোনাৰ পৰা ভুল হʼবই। সেই সময়ত নিৰাশ নহʼব, তাৰ পৰিৱৰ্তে ফিলিপীয়া ৩:১৬ পদত কোৱা কাথাষাৰ মনত ৰাখক। তাত এইদৰে কোৱা হৈছে, “আমি যি পথে এইখিনি পালোঁহি, তাতেই চলোঁহঁক।” এনে কৰিলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দিব আৰু আমি নতুন মন কৰিব পাৰিম।

গীত ৩৬ জীৱনৰ মূল হৈছে হৃদয়

a পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক জগতৰ দৰে চিন্তাধাৰা ৰাখিবলৈ আৰু তেওঁলোকৰ দৰে কাম কৰিবলৈ মানা কৰিছিল। পৌলৰ এই পৰামৰ্শ আমিও ধ্যান দিয়া উচিত। কাৰণ জগতৰ চিন্তাধাৰাই আমাৰ চিন্তাধাৰাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। সেইবাবে, আমি নিজৰ চিন্তাধাৰা পৰীক্ষা কৰি তাক সলনি কৰা উচিত, যাতে আমি যিহোৱাৰ ইচ্ছা অনুসৰি কাম কৰিব পাৰোঁ। এয়া আমি কেনেকৈ কৰিব পাৰোঁ, তাৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম।

b এই ভাইজনৰ জীৱন কাহিনী পঢ়িবলৈ jw.org ৱেবছাইটত যাওক আৰু অনুসন্ধান বক্সত “মোৰ জীৱন বেয়ালৈ ঢাল খাই আছিল” টাইপ কৰক।

c ছবিৰ বিষয়ে: এজন ডেকা ভায়ে ভাবি আছে যে তেওঁ উচ্চ শিক্ষা লʼব নে পূৰ্ণ সময়ৰ সেৱা কৰিব।