Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪

স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ

স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ

“মোক সুৱিৰবলৈ ইয়াকে কৰা।”—লূক ২২:১৯.

গীত ১৯ প্ৰভুৰ ভোজ

লেখৰ এক আভাস a

১-২. আমি প্ৰতিবছৰে স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?

 প্ৰায় ২,০০০ বছৰৰ আগতে যীচুৱে নিজৰ জীৱন আমাৰ বাবে বলিদান দিলে আৰু ইয়াৰ সহায়ত আমি অনন্ত জীৱন জীয়াই থকাৰ সুযোগ লাভ কৰিছোঁ। যীচুৱে নিজৰ মৃত্যুৰ আগদিনাৰ ৰাতি নিজৰ শিষ্যসকলক তেওঁৰ বলিদান মনত পেলাবলৈ এটা ভোজ পাতিবলৈ কৈছিল আৰু তেওঁলোকক পিঠা আৰু দ্ৰাক্ষাৰস খাবলৈ কৈছিল।—১ কৰি. ১১:২৩-২৬.

আমি যীচুক বহুত প্ৰেম কৰোঁ, সেইবাবে তেওঁৰ এই আজ্ঞা পালন কৰোঁ। (যোহ. ১৪:১৫) প্ৰতিবছৰে স্মৰণীয় দিনৰ মাহবোৰত আমি ধ্যান কৰোঁ যে যীচুৰ বলিদানৰ বাবে আমি কি কি আশীৰ্বাদ লাভ কৰিছোঁ আৰু প্ৰাৰ্থনাত আমি যিহোৱাক ধন্যবাদো দিওঁ। এইদৰে কৰি আমি দেখুৱাওঁ যে আমি তেওঁৰ বলিদানৰ প্ৰতি কৃতজ্ঞ। আমি উৎসাহেৰে প্ৰচাৰ কৰোঁ আৰু বেছিতকৈ বেছি লোকসকলক নিমন্ত্ৰণ দিওঁ। আমি নিজেও এই বিশেষ সভাত উপস্থিত হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ আৰু ধ্যান দিওঁ যে কোনো কথাই আমাক তাত উপস্থিত হʼবলৈ বাধা নিদিয়ে।

৩. এই লেখত আমি কি শিকিম?

যিহোৱাৰ লোকসকলৰ বাবে স্মৰণীয় দিন পালন কৰাটো অতি গুৰুত্বপূৰ্ণ। এই লেখত আমি এনে তিনিটা বিশেষ কথাৰ ওপৰত মন কৰিম, যাৰ পৰা এই কথাটো স্পষ্টকৈ বুজিব পাৰি। (১) যীচুৱে যিদৰে শিকাইছিল, ঠিক সেইদৰে তেওঁলোকে স্মৰণীয় দিন পালন কৰে, (২) তেওঁলোকে আন লোকসকলক স্মৰণীয় দিনত উপস্থিত হʼবলৈ নিমন্ত্ৰণ দিয়ে আৰু (৩) তেওঁলোকে কঠিন পৰিস্থিতিতো স্মৰণীয় দিন পালন কৰে।

যীচুৱে শিকোৱাৰ দৰে আমি স্মৰণীয় দিন পালন কৰোঁ

৪. প্ৰতিবছৰে স্মৰণীয় দিনৰ ভাষণত কি কি বুজোৱা হয় আৰু আমি এয়া কিয় সহজভাৱে লোৱা উচিত নহয়? (লূক ২২:১৯, ২০)

প্ৰতিবছৰে স্মৰণীয় দিনত এটা ভাষণ দিয়া হয় আৰু তাত বুজোৱা হয় যে আমাক কিয় মুক্তিপণৰ প্ৰয়োজন আছে আৰু কেনেকৈ এজন ব্যক্তিৰ বলিদানৰ বাবে লাখ লাখ লোকে পাপৰ পৰা ক্ষমা পাব পাৰে। ইয়াত এয়াও বুজোৱা হয় যে পিঠা আৰু দ্ৰাক্ষাৰস কিহক চিত্ৰিত কৰে আৰু কোনে ইয়াক খাব পাৰে। (লূক ২২:১৯, ২০ পঢ়ক।) আমি প্ৰমোদবনত পাবলগীয়া আশীৰ্বাদৰ বিষয়েও ধ্যান কৰোঁ। (যিচ. ৩৫:৫, ৬; ৬৫:১৭, ২১-২৩) বাইবেলৰ সত্যতাবোৰ বহুত মূল্যৱান হয়, সেইবাবে আমি ইয়াক সহজভাৱে লোৱা উচিত নহয়। জগতৰ কোটি কোটি লোকে ইয়াৰ বিষয়ে নাজানে আৰু যীচুৰ বলিদান কিমান মূল্যৱান হয়, সেয়াও বুজি নাপায়। কিছুমান লোকে যীচুৰ মৃত্যু দিনটো পালন কৰে, কিন্তু যীচুৱে শিকোৱাৰ দৰে নকৰে। তেওঁলোকে এইদৰে কিয় কৰে?

৫. পাঁচনিসকলৰ মৃত্যুৰ পাছত কিছুমান লোকে যীচুৰ মৃত্যুৰ দিনটো কেনেকৈ পালন কৰিবলৈ ধৰিলে?

পাঁচনিসকলৰ মৃত্যুৰ পাছত মণ্ডলীত মিছা খ্ৰীষ্টানসকল সোমাই আহিছিল। (মথি ১৩:২৪-২৭, ৩৭-৩৯) তেওঁলোকে “সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি নিবলৈ বিপৰীত কথা” কৈছিল। (পাঁচ. ২০:২৯, ৩০) তেওঁলোকে কোৱা “বিপৰীত কথাৰ” মাজৰ এটা হৈছে যীচুৱে নিজৰ জীৱন বাৰে বাৰে বলিদান দিব লাগিব, তেতিয়াহে আমি পাপৰ পৰা ক্ষমা পাম। কিন্তু বাইবেলত কোৱা হৈছে যে “খ্ৰীষ্টই অনেকৰ পাপৰ ভাৰ ববৰ নিমিত্তে এবাৰ উৎকৃষ্ট” হল। (ইব্ৰী ৯:২৭, ২৮) আজি বহুতো সহজ সৰল লোকসকলে এই মিছা শিক্ষাৰ ওপৰত বিশ্বাস কৰে। তেওঁলোকে “মাচ” পৰ্ব পালন কৰিবলৈ বহু বাৰ গীৰ্জালৈ যায় আৰু কিছুমানে প্ৰতিদিনে যায়। b কিছুমান গীৰ্জাৰ লোকসকলে কেতিয়াবা কেতিয়াবা পালন কৰে, কিন্তু বেছিভাগ লোকে যীচুৰ মৃত্যু কিয় হৈছিল এই বিষয়ে নাজানে। আন কিছুমান লোকে কয় যে যীচুৰ বলিদানৰ পৰা আমি পাপৰ ক্ষমা পাব নোৱাৰোঁ। সেইবাবে, কিছুমান লোকে হয়তো ভাবিব পাৰে যে ‘যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰিলে মই সঁচাকৈ পাপৰ পৰা ক্ষমা পামনে?’ আহক চাওঁ যে সত্য খ্ৰীষ্টানসকলে কেনেকৈ আনক বুজাইছিল যে যীচুৰ কিয় মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যুৰ দিনটো পালন কৰাৰ সঠিক উপায় কি?

৬. কিছুমান বাইবেল বিদ্যাৰ্থীয়ে ১৮৭২ চনলৈকে কি বুজি পালে?

চাৰ্ল্চ টেজ ৰছল আৰু আন বাইবেল বিদ্যাৰ্থীসকলে ১৮৭০ চনত বাইবেলৰ গভীৰভাৱে অধ্যয়ন কৰিবলৈ ধৰিলে। তেওঁলোকে জানিব বিচাৰিছিল যে যীচুৰ মৃত্যু কিয় হৈছিল, তেওঁৰ বলিদানৰ পৰা কি সম্ভৱ হʼল আৰু যীচুৰ মৃত্যুৰ দিন কেনেকৈ পালন কৰা উচিত। ১৮৭২ চনৰ সময়ছোৱালৈকে তেওঁলোকে বুজি পালে যে যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ আধাৰতহে সকলো মানুহে পাপৰ ক্ষমা পাব পাৰে আৰু এই কথাটো তেওঁলোকে নিজৰ মাজতেই থোৱা নাছিল। তেওঁলোকে কিতাপ, বাতৰি কাকত আৰু আলোচনীৰ যোগেদি লোকসকলক এই কথা জনালে। কিছু সময়ৰ পাছত তেওঁলোকে বছৰেকত কেৱল এবাৰ যীচুৰ মৃত্যুৰ দিনটো পালন কৰিবলৈ একগোট হʼবলৈ ধৰিলে, যেনেকৈ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কৰিছিল।

৭. বাইবেল বিদ্যাৰ্থীসকলে অনুসন্ধান কৰি যি পাইছিল, তাৰ পৰা আজি আমি কেনেকৈ লাভৱান হৈ আছোঁ?

বহু বছৰৰ আগতে বাইবেল বিদ্যাৰ্থীয়ে অনুসন্ধান কৰি যি পাইছিল, তাৰ পৰা আজিও আমি লাভৱান হৈছোঁ। কেনেকৈ বাৰু? যিহোৱাৰ সহায়ত আমি জানিব পাৰিছোঁ যে যীচুৰ মৃত্যু কিয় হৈছিল আৰু তেওঁৰ বলিদানৰ পৰা কি সম্ভৱ হৈছে? (১ যোহ. ২:১, ২) বাইবেলত এয়াও লিখা আছে যি লোকসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকিব, তেওঁলোকৰ মাজৰ কিছুমানে স্বৰ্গত অমৰ জীৱন লাভ কৰিব আৰু বেছিভাগ লোকে পৃথিৱীত অনন্ত জীৱন লাভ কৰিবলৈ সুযোগ পাব। যেতিয়া আমি চিন্তা কৰোঁ যে যিহোৱাই আমাক কিমান প্ৰেম কৰে আৰু যীচুৰ বলিদানৰ বাবে আমি কি কি আশীৰ্বাদ লাভ কৰিছোঁ, তেতিয়া আমি যিহোৱাৰ আৰু কাষ চাপোঁ। (১ পিত. ৩:১৮; ১ যোহ. ৪:৯) সেইবাবে, প্ৰাচীন সময়ৰ বিশ্বাসী ভাইসকলকৰ নিচিনা আমি আন লোকসকলকো স্মৰণীয় দিনত মাতোঁ আৰু যীচুৱে যিদৰে পালন কৰিছিল, ঠিক সেইদৰে আমিও পালন কৰোঁ।

আমি আনকো স্মৰণীয় দিনত মাতোঁ

স্মৰণীয় দিনৰ অভিযানত বেছিকৈ ভাগ লʼবলৈ আপুনি কি কৰিব পাৰে? (অনুচ্ছেদ ৮-১০ চাওক) e

৮. যিহোৱাৰ লোকসকলে আনক স্মৰণীয় দিনত মাতিবলৈ কি কি কৰিছে? (ছবিখন চাওক)

বহু বছৰৰ পৰা যিহোৱাৰ লোকসকলে আনক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ কৰি আহিছে। ১৮৮১ চনত ভাই-ভনীসকলক পেনচিলভেনিয়াৰ অলেগেনি চহৰত এজন ভাইৰ ঘৰত গোট খাবলৈ কোৱা হৈছিল, যাতে তেওঁলোকে স্মৰণীয় দিন পালন কৰিব পাৰে। তাৰ পাছত প্ৰতিটো মণ্ডলীয়ে নিজৰ নিজৰ এলেকাত গোট খাবলৈ ধৰিলে যাতে তেওঁলোকে স্মৰণীয় দিন পালন কৰিব পাৰে। তাৰ পাছত ১৯৪০ চনৰ মাৰ্চ মাহত আগ্ৰহী লোকসকলকো এই বিশেষ সভাৰ বাবে নিমন্ত্ৰণ দিব পাৰি বুলি ভাই-ভনীসকলক কোৱা হʼল। ১৯৬০ চনত মণ্ডলীয়ে প্ৰথমবাৰ বেথেলৰ পৰা নিমন্ত্ৰণ পত্ৰ পালে, যাতে তেওঁলোকে সেয়া লোকসকলক দিব পাৰে। তেতিয়াৰে পৰা আমি কোটি কোটি লোকসকলক নিমন্ত্ৰণ পত্ৰ দি আহিছোঁ। কিন্তু লোকসকলক স্মৰণীয় দিনত মাতিবলৈ আমি কিয় ইমান পৰিশ্ৰম কৰোঁ আৰু নিজৰ সময় ব্যৱহাৰ কৰোঁ?

৯-১০. আমি কোন লোকসকলক স্মৰণীয় দিনৰ বাবে মাতোঁ আৰু ইয়াৰ পৰা তেওঁলোকে কেনেকৈ লাভৱান হয়? (যোহন ৩:১৬)

যিসকল লোকে যিহোৱাৰ বিষয়ে নাজানে, যীচু আৰু যিহোৱাই তেওঁলোকৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে শিকাটো আমি বিচাৰোঁ। সেইবাবে, আমি আন লোকসকলক স্মৰণীয় দিনৰ বাবে মাতোঁ। (যোহন ৩:১৬ পঢ়ক।) তেওঁলোকৰ স্মৰণীয় দিনৰ ভাষণত যি কথা শুনে, তাৰ পৰা তেওঁলোকে যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ সেৱক হোৱাটো আমি বিচাৰোঁ। কিন্তু আমি আন লোকসকলকো স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিওঁ।

১০ আমি সেই লোকসকলকো মাতোঁ, যিসকল কিছু সময়ৰ পৰা যিহোৱাৰ সেৱা কৰা নাই। এইদৰে আমি তেওঁলোকক মনত পেলাই দিব পাৰোঁ যে যিহোৱাই তেওঁলোকক এতিয়াও বহুত প্ৰেম কৰে। তেওঁলোকৰ মাজৰ বহুতো লোকে আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰে আৰু যেতিয়া তেওঁলোকে তাত উপস্থিত হয়, তেতিয়া আমি বহুত আনন্দিত হওঁ আৰু তেওঁলোকে মনত পেলাব পাৰে যে যিহোৱাৰ সেৱা কৰাৰ সময়ত তেওঁলোক কিমান আনন্দিত আছিল। ভনী মনিকাৰ উদাহৰণলৈ মন কৰক। c তেওঁ বহু বছৰৰ ধৰি যিহোৱাৰ সেৱা কৰা নাছিল। কভিড ১৯ মহামাৰীৰ সময়ছোৱাত তেওঁ যিহোৱাৰ সেৱা কৰিবলৈ পুনৰ আৰম্ভ কৰিলে আৰু প্ৰচাৰ কৰিবলৈ ধৰিলে। ২০২১ চনৰ স্মৰণীয় দিনত উপস্থিত হোৱাৰ পাছত তেওঁ এইদৰে কৈছে, “এই বছৰৰ স্মৰণীয় দিন মোৰ বাবে আটাইতকৈ বিশেষ আছিল। কাৰণ ২০ বছৰৰ ধৰি মই লোকসকলক প্ৰচাৰ কৰা নাছিলোঁ। কিন্তু ইমান সময়ৰ পাছত লোকসকলক প্ৰচাৰ কৰি আৰু স্মৰণীয় দিনৰ বাবে মাতি মোৰ বহুত ভাল লাগিলে। যিহোৱা আৰু যীচুৱে মোৰ বাবে যি কৰিলে, তাৰ প্ৰতি সঁচাকৈ মই বহুত কৃতজ্ঞ। সেই কাৰণে মই উৎসাহেৰে লোকসকলক স্মৰণীয় দিনৰ বাবে মাতিলোঁ।” (গীত. ১০৩:১-৪) লোকসকলে আহক বা নাহক আমি উৎসাহেৰে তেওঁলোকক স্মৰণীয় দিনৰ বাবে মাতি থাকিম আৰু মনত ৰাখিম যে যিহোৱাই আমাৰ পৰিশ্ৰমত নিশ্চয় আশীৰ্বাদ দিব।

১১. আমি লোকসকলক স্মৰণীয় দিনত মাতিবলৈ কৰা পৰিশ্ৰমত যিহোৱাই কেনেকৈ আশীৰ্বাদ দিছে? (হগ্‌গয় ২:৭)

১১ লোকসকলক স্মৰণীয় দিনৰ বাবে মাতিবলৈ পৰিশ্ৰম কৰিলে যিহোৱাই আশীৰ্বাদ দিয়ে। যেনে, ২০২১ চনত যেতিয়া চাৰিওফালে কভিড ১৯ মহামাৰী বিয়পিছিল আৰু লোকসকলকে একেলগে গোট খাব পৰা নাছিল, তেতিয়াও ২,১৩,৬৭,৬০৩ জন লোক উপস্থিত হৈছিল। গোটেই পৃথিৱীত যিমান যিহোৱাৰ সাক্ষী আছে, তাতকৈ প্ৰায় আঢ়ৈ গুণ বেছি লোক স্মৰণীয় দিনত উপস্থিত হৈছিল। কিন্তু স্মৰণীয় দিনত কিমান লোকসকল উপস্থিত আছিল, সেয়া যিহোৱাই নাচায়। তেওঁ লোকসকলৰ হৃদয়হে চাই। (লূক ১৫:৭; ১ তীম. ২:৩, ৪) সেইবাবে যেতিয়া আমি লোকসকলক মাতিবলৈ বহুত পৰিশ্ৰম কৰোঁ, তেতিয়া যিহোৱাই ভাল লোকসকলক বিচাৰি উলিয়াবলৈ আমাক নিশ্চয় সহায় কৰিব।হগ্‌গয় ২:৭ পঢ়ক।

কঠিন পৰিস্থিতিতো আমি স্মৰণীয় দিন পালন কৰোঁ

আমি স্মৰণীয় দিনত উপস্থিত হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলে যিহোৱাই আমাক আশীৰ্বাদ দিয়ে (অনুচ্ছেদ ১২ চাওক) f

১২. কিছুমান ভাই-ভনীৰ বাবে স্মৰণীয় দিনটো পালন কৰিবলৈ কিয় কঠিন হʼব পাৰে? (ছবিখন চাওক।)

১২ যীচুৱে কৈছিল যে শেষকালত বহুতো সমস্যা হʼব। যেনে, আমাৰ পৰিয়ালৰ লোকসকলে আমাৰ বিৰোধ কৰিব, আমাক তাড়না দিয়া হʼব, যুদ্ধ হʼব, মহামাৰী বিয়পিব আৰু ইয়াৰ উপৰিও বহুতো ঘটনা ঘটিব। (মথি ১০:৩৬; মাৰ্ক ১৩:৯; লূক ২১:১০, ১১) এইবোৰৰ বাবে বহু বাৰ স্মৰণীয় দিন পালন কৰিবলৈ কঠিন হৈ পৰে। কিন্তু আহক চাওঁ যে কিছুমান ভাই-ভনীয়ে কেনেকৈ এই সমস্যাবোৰ পাৰ কৰিলে আৰু যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিলে।

১৩. ভাই আৰটমে যেতিয়া থিৰাং কৰিলে যে তেওঁ জেইলতো স্মৰণীয় দিন পালন কৰিব, তেতিয়া যিহোৱাই তেওঁক কি আশীৰ্বাদ দিলে?

১৩ জেইল। যিহোৱাৰ সেৱা কৰাৰ বাবে আমাৰ বহুতো ভাই-ভনী জেইলত আছে, তথাপি তেওঁলোকে স্মৰণীয় দিন পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। ভাই আৰটমৰ উদাহৰণলৈ মন কৰক। ২০২০ চনৰ স্মৰণীয় দিনৰ সময়ছোৱাত তেওঁ জেইলত আছিল। তেওঁক এখন সৰু কোঠালীত বন্দী কৰি ৰখা হৈছিল আৰু কেতিয়াবা কেতিয়াবা তাত তেওঁৰ উপৰিও আৰু চাৰি বা পাঁচজন কৈদীও থাকিছিল। এনে পৰিস্থিতিত তেওঁ স্মৰণীয় দিন কেনেকৈ পালন কৰিলে। তেওঁ প্ৰয়োজনীয় বস্তুবোৰ যেনে-তেনে গোটালে আৰু নিজৰ বাবে এটা ভাষণ দিয়াৰ কথাও ভাবিলে। তেওঁৰ লগত থকা আন কৈদীসকলে চিগাৰেট খাইছিল আৰু গালি-শপনি দিছিল। সেইবাবে, ভায়ে এঘন্টাৰ বাবে তেওঁলোকক চিগাৰেট খাবলৈ আৰু গালি-শপনি দিবলৈ মানা কৰিছিল। আচৰিত কথা যে তেওঁলোকে ভাইৰ কথা মানিলে। তেওঁ এইদৰে কৈছে, “তেওঁলোকে স্মৰণীয় দিনৰ বিষয়ে বেছিকৈ জানিব বিচাৰে নেকি বুলি মই তেওঁলোকক সুধিলোঁ।” তেওঁলোকে আগতে মানা কৰিছিল, কিন্তু ভাইক স্মৰণীয় দিন পালন কৰা দেখি তেওঁলোকে ভাইক বহুতো প্ৰশ্ন সুধিলে।

১৪. কভিড ১৯ মহামাৰীৰ সময়ছোৱাতো যিহোৱাৰ লোকসকলে স্মৰণীয় দিন পালন কেনেকৈ পালন কৰিব পাৰিলে?

১৪ কভিড ১৯ মহামাৰী। যেতিয়া এই মহামাৰী বিয়পিবলৈ ধৰিলে, তেতিয়া যিহোৱাৰ লোকসকলে স্মৰণীয় দিনৰ বাবে একগোট হʼব পৰা নাছিল। তথাপি তেওঁলোকে স্মৰণীয় দিন পালন কৰিলে। d কেনেকৈ বাৰু? যি মণ্ডলীবোৰৰ ওচৰত ইন্টাৰনেটৰ ব্যৱস্থা আছিল, তেওঁলোকে ভিডিঅʼ কনফ্ৰেন্সিঙৰ যোগেদি স্মৰণীয় দিন পালন কৰিলে। কিন্তু যিসকল মণ্ডলীৰ ওচৰত ইন্টাৰনেটৰ ব্যৱস্থা নাছিল, তেওঁলোকে কেনেকৈ স্মৰণীয় দিন পালন কৰিলে? কিছুমান দেশত ভাই-ভনীসকলক টিভিত স্মৰণীয় দিনৰ কাৰ্য্যক্ৰম দেখুৱাবলৈ বা ৰেডিঅʼতো শুনিবলৈ ব্যৱস্থা কৰা হʼল। ইয়াৰ উপৰিও ৫০০ তকৈ বেছি ভাষাত স্মৰণীয় দিনৰ ভাষণ ৰেকডিং কৰা হʼল। এই ৰেকডিং সেই ভাই-ভনীসকলক দিয়াৰ ব্যৱস্থা কৰা হʼল, যি দূৰ-দূৰণি এলেকাত থাকে, যাতে তেওঁলোকেও স্মৰণীয় দিন পালন কৰিব পাৰে।

১৫. আপুনি চুমনৰ পৰা কি শিকিব পাৰে?

১৫ পৰিয়ালৰ পৰা বিৰোধ। কিছুমান লোকৰ বাবে স্মৰণীয় দিনত উপস্থিত হোৱাটো বৰ কঠিন হৈ পৰে, কাৰণ পৰিয়ালৰ লোকসকলে তেওঁলোকৰ বিৰোধ কৰে। চুমন নামৰ বাইবেল বিদ্যাৰ্থীৰ উদহৰণলৈ মন কৰক। ২০২১ চনৰ স্মৰণীয় দিনৰ আগদিনাখন তেওঁ তেওঁক বাইবেল অধ্যয়ন কৰোৱা ভনীক ফোন কৰিছিল। তেওঁ ভনীক কʼলে যে তেওঁ স্মৰণীয় দিনত উপস্থিত হʼব নোৱাৰে, কাৰণ তেওঁৰ পৰিয়ালৰ লোকসকলকে তেওঁৰ বিৰোধ কৰি আছে। তেতিয়া ভনীয়ে চুমনক লূক ২২:৪৪ পদটো পঢ়ি শুনালে আৰু বুজালে যে যেতিয়া আমাৰ ওচৰত সমস্যা আহে, তেতিয়া আমি যীচুৰ দৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু ভৰসা কৰিব পাৰোঁ যে তেওঁ নিশ্চয় আমাক সহায় কৰিব। পাছদিনাখন ভনী চুমনে পিঠা আৰু দ্ৰাক্ষাৰসৰ ব্যৱস্থা কৰিলে আৰু jw.org-ত ৰাতিপুৱাৰ উপাসনাৰ কাৰ্য্যক্ৰম চালে, যি বিশেষকৈ স্মৰণীয়ৰ দিনৰ বাবে প্ৰস্তুত কৰা হৈছিল। সন্ধিয়া তেওঁ নিজৰ কোঠালীলৈ গʼল আৰু ফোনৰ যোগেদি স্মৰণীয় সভাত উপস্থিত হʼল। চুমনে তেওঁৰ অধ্যয়ন কৰোৱা ভনীজনীক এইদৰে লিখিলে, “যোৱা কালি আপোনাৰ লগত কথা পাতি মই বহুত উৎসাহ পালোঁ। স্মৰণীয় দিন পালন কৰিবলৈ মই যি কৰিব পাৰিলোঁ, সেয়া কৰিলোঁ আৰু বাকী সকলো যিহোৱাই চম্ভালি লʼলে। মই কিমান আনন্দিত আৰু যিহোৱাৰ প্ৰতি কৃতজ্ঞ, সেয়া ভাষাৰে বুজাব নোৱাৰোঁ।” আপুনিও এনে সমস্যাৰ সন্মুখীন হʼবলগীয়া হোৱাৰ সময়ত যিহোৱাই আপোনাক সহায় কৰিব বুলি আপুনি ভাবেনে?

১৬. আমি স্মৰণীয় দিনত উপস্থিত হʼবলৈ পৰিশ্ৰম কৰিলে যিহোৱাই আশীৰ্বাদ দিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? (ৰোমীয়া ৮:৩১, ৩২)

১৬ যেতিয়া যিহোৱাই চাই যে আমি স্মৰণীয় দিনৰ বাবে কিমান পৰিশ্ৰম কৰোঁ আৰু তেওঁৰ পুত্ৰৰ বলিদানৰ প্ৰতি কিমান কৃতজ্ঞ, তেতিয়া তেওঁ বহুত আনন্দিত হয় আৰু আমাক আশীৰ্বাদ দিয়ে। (ৰোমীয়া ৮:৩১, ৩২ পঢ়ক।) গতিকে আহক আমি থিৰাং কৰোঁ যে এই বছৰৰ স্মৰণীয় দিনত উপস্থিত হওঁ আৰু স্মৰণীয় দিনৰ মাহবোৰত আৰু উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ চেষ্টা কৰোঁ।

গীত ১৮ মুক্তিপণৰ বাবে কৃতজ্ঞ

a ২০২৩ চনৰ ৪ এপ্ৰিল মংগলবাৰে গোটেই পৃথিৱীত লাখ লাখ লোকে স্মৰণীয় দিন পালন কৰিব। তেওঁলোকৰ মাজৰ বেছিভাগ লোক প্ৰথমবাৰ আহিব। ইয়াত এনে কিছুমান সাক্ষী আহিব, যিসকলে বহু বছৰৰ পৰা স্মৰণীয় দিনত অহা নাছিল। আন কিছুমান লোক বহুতো সমস্যাৰ মাজেদি পাৰ হৈ ইয়াত উপস্থিত হʼব। আমাৰ পৰিস্থিতি যিয়ে নহওক কিয়, তাত উপস্থিত হʼবলৈ যদি আমি সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে এয়া দেখি যিহোৱা বহুত আনন্দিত হʼব।

b যিসকলে “মাচ” পৰ্ব পালন কৰিবলৈ গীৰ্জালৈ যায়, তেওঁলোকে বিশ্বাস কৰে যে যেতিয়া তেওঁলোকে পিঠা আৰু দ্ৰাক্ষাৰস খায়, তেতিয়া সেইবোৰ যীচুৰ শৰীৰ আৰু তেজলৈ পৰিৱৰ্তন হয়। তেওঁলোকে ভাবে যে প্ৰতিবাৰে যেতিয়া তেওঁলোকে পিঠা আৰু দ্ৰাক্ষাৰস খায়, তেতিয়া যীচুৰ শৰীৰ আৰু তেজ বলিদান কৰা হয়।

c কিছুমান নাম সলনি কৰা হৈছে।

d jw.org-ৰ ইংৰাজী ৱেবছাইটত “২০২১ চনৰ মেমʼৰিয়েল ক’মেমʼৰেচন” নামৰ লেখ চাওক।

e ছবিৰ বিষয়ে: ১৯৬০ চনৰ পৰা এতিয়ালৈকে স্মৰণীয় দিনৰ নিমন্ত্ৰণ পত্ৰখন আৰু উন্নত হৈ আছে। আজি আমি লোকসকলক ইয়াৰ ছপা কৰা কপি বা ইলেক্ট্ৰনিক কপি দিব পাৰোঁ।

f ছবিৰ বিষয়ে: বাহিৰত কাজিয়া আৰু প্ৰতিবাদ হৈ আছে, তথাপিও ভাই-ভনীয়ে স্মৰণীয় দিন পালন কৰিবলৈ একগোট হৈছে।