Skip to content

Skip to table of contents

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

ব্যক্তিগত অধ্যয়ন আৰু পাৰিবাৰিক উপাসনাত কি কৰিব পাৰোঁ?

ব্যক্তিগত অধ্যয়ন আৰু পাৰিবাৰিক উপাসনাত কি কৰিব পাৰোঁ?

আমি সভা, সন্মিলন আৰু অধিৱেশনত একগোট হৈ যিহোৱাৰ উপাসনা কৰোঁ, কিন্তু ব্যক্তিগতভাৱে আৰু পৰিয়াল হিচাপেও তেওঁৰ উপাসনা কৰোঁ। তলত কিছুমান উপায়ৰ বিষয়ে কোৱা হৈছে, যি পাৰিবাৰিক আৰু ব্যক্তিগত অধ্যয়নৰ বাবে লাভজনক হʼব পাৰে।

  • সভাৰ বাবে তৈয়াৰী কৰক। আপোনালোকে ভালদৰে গীত গাবলৈ প্ৰেক্টিচ কৰিব পাৰে আৰু সকলোৱে মিলি এটা উত্তৰ তৈয়াৰী কৰিবলৈ এজনে-আনজনক সহায় কৰিব পাৰে।

  • বাইবেলৰ কোনো ঘটনাৰ বিষয়ে পঢ়ক। তাৰ পাছত সেই ঘটনাৰ এখন ছবি আঁকিব পাৰে বা আপুনি যি শিকিলে সেইবোৰ লিখিব পাৰে।

  • বাইবেলত দিয়া কোনো প্ৰাৰ্থনাৰ বিষয়ে পঢ়ক আৰু তাৰ বিষয়ে মনন কৰক। আপুনি আৰু ভালদৰে কেনেকৈ প্ৰাৰ্থনা কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰক।

  • আমাৰ সংগঠনৰ কোনো এখন ভিডিঅʼ চাওক আৰু তাৰ ওপৰত আলোচনা কৰক বা তাৰ পৰা কি শিকিলে তাক লিখক।

  • প্ৰচাৰৰ বাবে তৈয়াৰী কৰক। আপুনি লোকসকলৰ লগত কেনেকৈ কথা পাতিব, তাৰ বিষয়ে প্ৰেক্টিচ কৰক।

  • যিহোৱাৰ সৃষ্টি চাওক আৰু তাৰ বিষয়ে মনন কৰক বা তাৰ পৰা যিহোৱাৰ বিষয়ে কি শিকিলে তাৰ বিষয়ে আলোচনা কৰক। a

a মাৰ্চ ২০২৩ চনৰ প্ৰহৰীদুৰ্গত দিয়া “সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক” নামৰ লেখখন পঢ়ক।