Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪

গীত ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু

যিহোৱাই আপোনাক বহুত প্ৰেম কৰে!

যিহোৱাই আপোনাক বহুত প্ৰেম কৰে!

‘যিহোৱা অতি স্নেহৱান।’—যাকো. ৫:১১.

কি শিকিম?

যিহোৱা প্ৰেম কৰোঁতা ঈশ্বৰ হয় বুলি জানি আমি কেনেকৈ তেওঁৰ কাষ চাপি আহোঁ, সুৰক্ষিত আৰু সতেজ অনুভৱ কৰোঁ আৰু তেওঁ আমাৰ বিষয়ে চিন্তা কৰে বুলি কেনেকৈ বুজিব পাৰোঁ?

১. যেতিয়া আপুনি যিহোৱাৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপোনাৰ মনলৈ কি ছবি আহে?

 যিহোৱা দেখাত কেনেকুৱা তাৰ বিষয়ে আপুনি কেতিয়াবা ভাবিছে নে? যেতিয়া আপুনি তেওঁলৈ প্ৰাৰ্থনা কৰে, তেতিয়া আপোনাৰ মনলৈ কি ছবি আহে? যদিও আমি যিহোৱাক দেখা নাপাওঁ, কিন্তু বাইবেলত তেওঁৰ বিষয়ে বহুতো কথা লিখা আছে। যেনে, ইয়াত লিখা আছে যে যিহোৱা “সূৰ্য্য” আৰু “ঢাল” হয়, তেওঁ “গ্ৰাসকাৰী অগ্নিস্বৰূপ।” (গীত. ৮৪:১১; ইব্ৰী ১২:২৯) আন এটা ঠাইত যিহোৱাৰ বিষয়ে লিখা আছে তেওঁ সোণ-ৰূপৰ দৰে জিলিকি আছে, নীলকান্ত বাখৰৰ সিংহাসনত বহি আছে আৰু তেওঁৰ চাৰিওফালে মেঘ ধনুৰ নিচিনা উজ্বলতা আছে। (যিহি. ১:২৬-২৮) এই সকলো কথা পঢ়ি হয়তো আমি আচৰিত হওঁ বা তেওঁৰ ওচৰত আমি একোৱেই নহয় যেন আমাৰ অনুভৱ হয়।

২. যিহোৱাৰ কাষ চাপিবলৈ হয়তো কিছুমান লোকক কিয় কঠিন লাগে?

যিহোৱাক আমি দেখা নাপাওঁ, সেইবাবে তেওঁ আমাক প্ৰেম কৰে বুলি বিশ্বাস কৰিবলৈ কঠিন লাগিব পাৰে। কিছুমান লোকে জীৱনত বহুতো কষ্ট পোৱাৰ বাবে যিহোৱাই তেওঁলোকক প্ৰেম কৰে বুলি বিশ্বাস কৰিবলৈ কঠিন লাগিব পাৰে। যেনে, কোনোবাই হয়তো দেউতাৰ মৰম কেতিয়াও পোৱা নাই। এই কথা যিহোৱাই ভালদৰে বুজি পাই আৰু তেওঁ জানে যে কিছুমান লোকক তেওঁৰ কাষ চাপিবলৈ কঠিন লাগে। সেইবাবে, তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় তাক নিজৰ বাক্যত খুলি কৈছে।

৩. আমি যিহোৱা আৰু তেওঁৰ প্ৰেমৰ বিষয়ে কিয় আৰু ভালদৰে জনা উচিত?

যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, এই কথাটো যদি এটা শব্দত কʼবলগীয়া হয়, তেনেহʼলে সেয়া হৈছে প্ৰেম। বাইবেলত লিখা আছে যে “ঈশ্বৰ প্ৰেম” হয়। (১ যোহ. ৪:৮) তেওঁ সকলোবোৰ প্ৰেমৰ বাবে কৰে। যিহোৱা প্ৰেমৰ সাগৰ হয়। সেইবাবে, যিসকল লোকে তেওঁক প্ৰেম নকৰে, তেওঁ সেই লোকসকলকো প্ৰেম কৰে। (মথি ৫:৪৪, ৪৫) এই লেখত আমি যিহোৱা আৰু তেওঁৰ প্ৰেমৰ বিষয়ে আৰু ভালদৰে শিকিম। আমি যিমানে যিহোৱাৰ বিষয়ে শিকিম সিমানেই আমাৰ প্ৰেম যিহোৱাৰ প্ৰতি বাঢ়িব।

যিহোৱাই আমাক বহুত প্ৰেম কৰে

৪. যিহোৱাই আপোনাক যিদৰে প্ৰেম কৰে, তাৰ বিষয়ে চিন্তা কৰি আপোনাৰ কেনে অনুভৱ হয়? (ছবিখনো চাওক।)

“প্ৰভু [যিহোৱা] অতি স্নেহৱান।” (যাকো. ৫:১১) বাইবেলত কোৱা হৈছে যে তেওঁ এনে এজনী মাতৃৰ দৰে হয়, যিগৰাকীয়ে নিজৰ কেচুৱাটিক বহুত প্ৰেম কৰে। (যিচ. ৬৬:১২, ১৩) চিন্তা কৰক, এগৰাকী মাতৃয়ে নিজৰ কেচুৱাটিক কিমান ভালদৰে চোৱা-চিতা কৰে, তাক কোলাত লৈ মৰম কৰে আৰু মৰমেৰে তাৰ লগত কথা পাতে। যেতিয়া কেচুৱাটিয়ে কান্দে বা বিষ অনুভৱ কৰে, তেতিয়া তেওঁ ভালদৰে বুজি পায় যে কেচুৱাটিক কিহৰ প্ৰয়োজন আছে আৰু তেওঁ সেইদৰেই কৰে। ঠিক সেইদৰে যেতিয়া আমাক দুখ লাগে, তেতিয়া আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই সেই মাতৃৰ দৰে আমাক বহুত প্ৰেম কৰে। গীত ৰচক এজনৰো এই কথাৰ ওপৰত বিশ্বাস আছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল, “মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।”—গীত. ৯৪:১৯.

“যেনেকৈ মাকে নিজ পুত্ৰক শান্ত্বনা দিয়ে, তেনেকৈ মই তোমালেকক শান্ত্বনা দিম” (অনুচ্ছেদ ৪ চাওক)


৫. যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?

যিহোৱাৰ দয়া অৰ্থাৎ প্ৰকৃত প্ৰেম সদায়লৈকে থাকে। (গীত. ১০৩:৮) আমাৰ পৰা কিবা ভুল হʼলে তেওঁ আমাক প্ৰেম কৰিবলৈ এৰি নিদিয়ে। উদাহৰণস্বৰূপে, ইস্ৰায়েলীসকলে বাৰে বাৰে যিহোৱাৰ মনক দুখ দিলে। তথাপিও যিসকল লোকে অনুতাপ কৰিলে, যিহোৱাই তেওঁলোকক প্ৰেম কৰিবলৈ নেৰিলে। তেওঁ এইদৰে কৈছিল, ‘তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, আৰু মই তোমাক প্ৰেম কৰোঁ।’ (যিচ. ৪৩:৪, ৫) যিহোৱা সলনি হোৱা নাই। তেওঁ আজি আমাকো বহুত প্ৰেম কৰে। আনকি আমাৰ পৰা ডাঙৰ ভুল হʼলেও তেওঁ আমাক প্ৰেম কৰিবলৈ এৰি নিদিয়ে। যদি আমি অনুতাপ কৰি তেওঁৰ ওচৰলৈ উভতি আহোঁ, তেনেহʼলে আমি চাবলৈ পাম যে তেওঁ এতিয়াও আমাক আগৰ নিচিনাকৈ প্ৰেম কৰে। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক “প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব।” (যিচ. ৫৫:৭) যেতিয়া তেওঁ আমাক ক্ষমা কৰে, তেতিয়া আমাৰ জীৱনলৈ ‘যিহোৱাৰ পৰা শান্তিযুক্ত কাল আহে।’—পাঁচ. ৩:১৯.

৬. জখৰিয়া ২:৮ পদৰ পৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

জখৰিয়া ২:৮ পঢ়ক। যিহোৱাই কৈছে যে আমি তেওঁৰ চকুৰ মণি হয়। আমাৰ চকু বহুত কোমল, সেইবাবে ই যাতে আঘাত নাপাই তাৰ প্ৰতি আমি সম্পূৰ্ণৰূপে ধ্যান ৰাখোঁ। যিহোৱাই যেন এইদৰে কৈছে, ‘যিসকল লোকে তোমালোকক, মোৰ লোকসকলক হানি কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে মোৰ আটাইতকৈ মূল্যৱান বস্তু চুবলৈ চেষ্টা কৰাৰ দৰে হয়।’ যিহোৱাই আমাক বহুত প্ৰেম কৰে। সেইবাবে, আমি কেনে অনুভৱ কৰোঁ তাক ভালদৰে বুজি পাই আৰু আমাক ৰক্ষা কৰিবলৈ লগে লগে পদক্ষেপ লয়। আমাক দুখ লাগিলে যিহোৱাৰো দুখ লাগে। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাসেৰে এইদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, নিজৰ “চকুৰ মণিৰ নিচিনাকৈ মোক” চম্ভালি ৰাখা।—গীত. ১৭:৯.

৭. যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি কিয় নিজৰ বিশ্বাস বঢ়াই থকাৰ প্ৰয়োজন?

যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত আপুনি বিশ্বাস ৰখাটো যিহোৱাই বিচাৰে। কিন্তু কেতিয়াবা কেতিয়াবা এইদৰে কৰিবলৈ আপোনাক কঠিন লাগিব বুলি যিহোৱাই ভালদৰে জানে। কিয়নো আপুনি হয়তো জীৱনত বহুত কিছু সহন কৰিছিল বা এতিয়াও জীৱনত বহুতো সমস্যাৰ সন্মুখীন হৈ আছে। গতিকে যিহোৱাই আপোনাক প্ৰেম কৰে বুলি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে? ইয়াৰ এটা উপায় হৈছে যিহোৱাই যীচুৰ বাবে, অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে আৰু আমাৰ বাবে নিজৰ প্ৰেম কেনেকৈ দেখুৱালে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা।

যিহোৱাই নিজৰ প্ৰেম কেনেকৈ দেখুৱালে

৮. যীচুৰ কিয় বিশ্বাস আছিল যে তেওঁৰ পিতৃয়ে তেওঁক প্ৰেম কৰে?

যিহোৱা আৰু যীচুৱে যিমান সময় একেলগে কটালে, সিমান সময় পৃথিৱীত হয়তো কোনেও কটোৱা নাই। তেওঁলোকে কোটি কোটি বছৰ স্বৰ্গত একেলগে আছিল। গতিকে, চিন্তা কৰক তেওঁলোকৰ সম্পৰ্ক হয়তো কিমান গভীৰ হৈ পৰিছিল আৰু তেওঁলোকে এজনে-আনজনক কিমান প্ৰেম কৰে। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া যিহোৱাই স্পষ্টকৈ কৈছিল যে তেওঁ যীচুক বহুত প্ৰেম কৰে। ইয়াৰ বিষয়ে আমি মথি ১৭:৫ পদত পঢ়িবলৈ পাওঁ। যিহোৱাই বিচৰা হʼলে এইদৰে কʼব পাৰিলে হʼলে, ‘এওঁ সেইজন হয়, যাক মই গ্ৰহণ কৰিলোঁ।’ কিন্তু তেওঁ কʼলে, ‘এওঁ মোৰ প্ৰিয় পুত্ৰ।’ তেওঁ নিজৰ প্ৰিয় পুত্ৰক কিমান প্ৰেম কৰে, ইয়াৰ বিষয়ে যাতে আমি জানিব পাৰোঁ তাৰ বাবে তেওঁ এইদৰে কৈছিল। যিহোৱাই যীচুক লৈ গৰ্ব কৰিছিল, কাৰণ তেওঁ নিজৰ জীৱন বলিদান দিবলৈ সাজু আছিল। (ইফি. ১:৭) যীচুৰো যিহোৱাৰ প্ৰেমৰ ওপৰত অলপো সন্দেহ নাছিল। তেওঁ সকলো সময়তে অনুভৱ কৰিব পাৰিছিল যে যিহোৱাই তেওঁক কিমান প্ৰেম কৰে। সেইবাবে, বহু বাৰ যীচুৱে সম্পূৰ্ণ বিশ্বাসেৰে তেওঁৰ পিতৃয়ে তেওঁক প্ৰেম কৰে বুলি লোকসকলক কৈছিল।—যোহ. ৩:৩৫; ১০:১৭; ১৭:২৪.

. বাইবেলত লিখা কি কথাৰ পৰা জানিব পাৰি যে যিহোৱাই অভিষিক্ত লোকসকলক প্ৰেম কৰে? বুজাওক। (ৰোমীয়া ৫:৫)

যিহোৱাই অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবেও নিজৰ প্ৰেম দেখুৱাইছে। যিহোৱাই তেওঁলোকক কিমান প্ৰেম কৰে, তাৰ বিষয়ে ৰোমীয়া ৫:৫ পদৰ পৰা জানিব পাৰি। (পঢ়ক।) তাত লিখা আছে যে ঈশ্বৰৰ প্ৰেম তেওঁলোকৰ হৃদয়ত “বাকি দিয়া হৈছে।” এখন শব্দকোষত এই শব্দৰ অৰ্থ এইদৰে কোৱা হৈছে: যিহোৱাই তেওঁলোকক ইমানেই প্ৰেম কৰে যে তেওঁলোকৰ হৃদয়ত যেন প্ৰেমৰ সোঁত বাকি দিয়া হৈছে। অভিষিক্ত খ্ৰীষ্টানসকলে জানে যে ঈশ্বৰে তেওঁলোকক ‘প্ৰেম’ কৰে। (যিহূ. ১) যোহনে এইদৰে লিখিছিল, “চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেম দান কৰিলে।” (১ যোহ. ৩:১) ইয়াৰ পৰা জানিব পাৰি যে অভিষিক্ত খ্ৰীষ্টানসকলে ঈশ্বৰৰ প্ৰেমৰ প্ৰতি কেনে অনুভৱ কৰে। কিন্তু যিহোৱাই কেৱল অভিষিক্ত খ্ৰীষ্টানসকলকে প্ৰেম কৰে নে? নহয়, তেওঁ আমাক সকলোকে প্ৰেম কৰে বুলি দেখুৱাইছে।

১০. যিহোৱাই আপোনাক প্ৰেম কৰে, ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ কি?

১০ আমাৰ বাবে যিহোৱাৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ কি? মুক্তিৰ মূল্যৰ বলিদান। প্ৰেমৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কিবা হʼব পাৰে নে? (যোহ. ৩:১৬; ৰোম. ৫:৮) যিহোৱাই মানৱজাতিৰ বাবে নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক দিলে যাতে আমি পাপৰ পৰা ক্ষমা পাব পাৰোঁ আৰু যিহোৱাৰ বন্ধু হʼব পাৰোঁ। (১ যোহ. ৪:১০) আমি যিহোৱা আৰু যীচুৱে আমাৰ বাবে কিমান কৰিলে তাৰ বিষয়ে আমি যিমানেই চিন্তা কৰিম, সিমানেই ভালদৰে বুজিব পাৰিম যে তেওঁলোকে আমাক কিমান প্ৰেম কৰে। (গালা. ২:২০) যিহোৱাই কেৱল আইনৰ সত্ব পূৰ কৰিবলৈ মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰেমৰ বাবেহে এইদৰে কৰিছিল। যিহোৱাই প্ৰেম দেখুৱাবলৈ নিজৰ মৰমৰ পুত্ৰক বলিদান দিলে। আমাৰ বাবে তেওঁ যীচুক ইমান যাতনা সহি মৃত্যু হʼবলৈ দিলে।

১১. যিৰিমিয়া ৩১:৩ পদৰ পৰা আমি কি জানিব পাৰোঁ?

১১ আমি শিকিলোঁ যে আমাৰ বাবে যিহোৱাৰ যি প্ৰেম আছে, তাক তেওঁ প্ৰকাশো কৰে। (যিৰিমিয়া ৩১:৩ পঢ়ক।) তেওঁ আমাক প্ৰেম কৰে, সেইবাবে আমাক নিজৰ ফালে আকৰ্ষিত কৰিছে। (দ্বিতীয় বিবৰণ ৭:৭, ৮ পদৰ লগত তুলনা কৰক।) তেওঁৰ প্ৰেমৰ পৰা আমাক কোনো বস্তু বা শক্তিয়ে পৃথক কৰিব নোৱাৰে। (ৰোম. ৮:৩৮, ৩৯) যেতিয়া আপুনি যিহোৱাৰ প্ৰেমৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপুনি কেনে অনুভৱ কৰে? গীতমালা ২৩ পঢ়ি চাওক। যিহোৱাৰ প্ৰেম আৰু যত্নৰ বিষয়ে দায়ূদে যিদৰে অনুভৱ কৰিছিল, আপুনিও হয়তো ঠিক সেইদৰেই অনুভৱ কৰিব।

যিহোৱাৰ প্ৰেম পাই আপুনি কেনে অনুভৱ কৰে?

১২. গীতমালা ২৩-ত দায়ূদে কি কৈছিল চমুকৈ কওক।

১২ গীতমালা ২৩:১-৬ পঢ়ক। গীতমালা ২৩-ত দায়ূদে কৈছিল যে যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ বিষয়ে চিন্তা কৰে বুলি দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছে। দায়ূদ আৰু যিহোৱাৰ মাজৰ সম্পৰ্ক কিমান গভীৰ হয় তাক দেখুৱাবলৈ দায়ূদে যিহোৱাক ৰখীয়া বুলি কʼলে। যিহোৱাই দেখুৱা পথত চলি দায়ূদে সুৰক্ষিত অনুভৱ কৰিছিল। তেওঁ সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁ জানিছিল যে যিহোৱাই গোটেই জীৱন তেওঁক প্ৰকৃত প্ৰেম কৰি থাকিব। দায়ূদৰ কিয় ইমান বিশ্বাস আছিল?

১৩. যিহোৱাই দায়ূদক চম্ভালিব বুলি তেওঁৰ কিয় সম্পূৰ্ণ ভৰসা আছিল?

১৩ “মোৰ অভাৱ নহব।” যিহোৱাই দায়ূদৰ যত্ন লৈ আছে বুলি তেওঁ অনুভৱ কৰিছিল। কিয়নো যিহোৱাই সদায় তেওঁৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিছিল। দায়ূদে এয়াও জানিছিল যে যিহোৱা তেওঁৰ বন্ধু হয় আৰু যিহোৱা তেওঁৰ পৰা আনন্দিত আছে। সেইবাবে, তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে আগলৈ গৈ তেওঁৰ লগত যিয়েই নহওক কিয়, যিহোৱাই তেওঁক চম্ভালিব। দায়ূদে জানিছিল যে যিহোৱাই তেওঁক ইমানেই প্ৰেম কৰে যে সদায় তেওঁৰ যত্ন লʼব। সেইবাবে, ইমান চিন্তা থকাৰ সত্ত্বেও তেওঁ আনন্দিত থাকিব পাৰিলে।—গীত. ১৬:১১.

১৪. যিহোৱাই হয়তো কেনেকৈ প্ৰেমেৰে আমাৰ যত্ন লয়?

১৪ যিহোৱাই বহুত প্ৰেমেৰে আমাৰ চোৱা-চিতা কৰে আৰু যেতিয়া আমাৰ লগত কিবা বেয়া ঘটনা ঘটে, তেতিয়া তেওঁ আৰু বেছিকৈ আমাৰ যত্ন লয়। ভনী ক্লেয়াৰে a এইদৰেই অনুভৱ কৰিছিল। তেওঁৰ বেথেলত সেৱা কৰা ২০ বছৰতকৈ বেছি হৈছে। এবাৰ তেওঁৰ ওপৰত বহুতো সমস্যা আহি পৰিল। প্ৰথমতে তেওঁৰ দেউতাকৰ ষ্ট্ৰʼক হʼল আৰু তাইৰ স্বাস্থ্যও বহুত বেয়া হʼল। তাৰ পাছত তাইৰ এজনী ভনীক বহিষ্কাৰ কৰা হʼল। তেওঁৰ পৰিয়ালৰ এটা সৰু ব্যৱসায় আছিল, সেয়াও বন্ধ হʼল আৰু তাইৰ ঘৰো লৈ লোৱা হʼল। তাই কি কৰিব বুজিয়েই পোৱা নাছিল। সেই সময়ত যিহোৱাই কেনেকৈ তাইৰ যত্ন লʼলে? তাই এইদৰে কৈছে, “যিহোৱাই প্ৰতিদিনে আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিলে। আমাৰ একো বস্তুৰ অভাৱ নহʼল। বহু বাৰ আমি আশা কৰাতকৈ বেছি তেওঁ আমাক দিলে। মই প্ৰায়ে সেই সময়ৰ বিষয়ে চিন্তা কৰোঁ, যেতিয়া যিহোৱাই আমাক প্ৰেমেৰে চম্ভালি ৰাখিছিল। মই সেই কথা কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইবাবে, মই আন সমস্যাবোৰো সাহসেৰে সন্মুখীন হʼবলৈ পাৰিলোঁ।”

১৫. দায়ূদে কিয় সতেজ অনুভৱ কৰিলে? (ছবিখনো চাওক।)

১৫ “তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে।” দায়ূদে একেৰাহে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। সেইবাবে, কেতিয়াবা কেতিয়াবা তেওঁ নিৰাশ হৈ পৰিছিল। (গীত. ১৮:৪-৬) কেতিয়াবা কেতিয়াবা তেওঁ ভাগৰি পৰিছিল আৰু সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। এনে পৰিস্থিতিতো যিহোৱাৰ প্ৰেম আৰু যত্নই তেওঁক সতেজ কৰি তুলিছিল। যিহোৱাই যেন নিজৰ বন্ধুক “কুমলীয়া ঘাহনি পথাৰত” আৰু “য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে” লৈ গৈছিল। তেতিয়া দায়ূদ সতেজ অনুভৱ কৰিছিল আৰু আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰি থাকিল।—গীত. ১৮:২৮-৩২.

যেতিয়া দায়ূদে নিজৰ জীৱন বচাই পলাইছিল, তেতিয়াও যিহোৱাৰ প্ৰেম আৰু যত্নৰ বাবে তেওঁ সতেজ অনুভৱ কৰিলে (অনুচ্ছেদ ১৫ চাওক)


১৬. যিহোৱাৰ প্ৰেমে আপোনাক কেনেকৈ সতেজ অনুভৱ কৰালে?

১৬ দায়ূদৰ দৰে আজি আমিও ‘যিহোৱাৰ নানা অনুগ্ৰহৰ কাৰণে’ স্থিৰে থাকিব পাৰোঁ। (বিলা. ৩:২২; কল. ১:১১) ভনী ৰেচেলৰ উদাহৰণলৈ ধ্যান দিয়ক। কভিড-১৯ মহামাৰীৰ সময়ত তাইৰ স্বামীয়ে তাইক এৰি গুচি গʼল আৰু যিহোৱাকো এৰি দিলে। সেই সময়ত ভনীয়ে সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। তেতিয়া যিহোৱাই তাইক কেনেকৈ চম্ভালিলে? ভনীয়ে এইদৰে কৈছে, “যিহোৱাই সকলো সময়তে মোক তেওঁৰ প্ৰেম অনুভৱ কৰালে। তেওঁ মোৰ বন্ধুসকলৰ যোগেদি মোৰ যত্ন লʼলে। তেওঁলোকে মোৰ লগত সময় কটাইছিল, মোৰ বাবে আহাৰ আনিছিল, মোক উৎসাহিত কৰিবলৈ মেচেজ বা কিছুমান পদ লিখি পঠিয়াইছিল, মোলৈ চাই হাঁহিছিল আৰু তেওঁলোকে মোক মনত পেলাই দিছিল যে যিহোৱাই মোৰ বিষয়ে কিমান চিন্তা কৰে। মই সদায় যিহোৱাক ধন্যবাদ দিওঁ যে তেওঁ মোক ইমান ডাঙৰ পৰিয়াল দিছে, যিসকলে মোক ইমান প্ৰেম কৰে।”

১৭. ‘মোৰ সকলো ভয়ৰ পৰা যিহোৱাই মোক উদ্ধাৰ কৰিলে’ বুলি দায়ূদে কিয় কʼলে?

১৭ “মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা।” দায়ূদৰ বহুতো শত্ৰু আছিল আৰু তেওঁলোকে বৰ শক্তিশালী আছিল। বহু বাৰ তেওঁৰ জীৱন বিপদত পৰিছিল। কিন্তু যিহোৱাই দায়ূদক প্ৰেম কৰিছিল, সেইবাবে তেওঁ সুৰক্ষিত অনুভৱ কৰিব পাৰিলে। দায়ূদে চাব পাৰিলে যে যিহোৱাই কেনেকৈ তেওঁক সকলো সময়তে সহায় কৰি আছে আৰু ইয়াৰ পৰা তেওঁ বহুত উৎসাহ লাভ কৰিলে। সেইবাবে, তেওঁ এইদৰে কʼবলৈ পাৰিলে, ‘মোৰ সকলো ভয়ৰ পৰা যিহোৱাই মোক উদ্ধাৰ কৰিলে।’ (গীত. ৩৪:৪) কেতিয়াবা কেতিয়াবা দায়ূদক বহুত ভয় লাগিছিল কিন্তু তেওঁ জানিছিল যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ ভয়ক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে।

১৮. যিহোৱাই আমাক প্ৰেম কৰে বুলি মনত ৰাখিলে ভয় লগাৰ সময়ত আমি কেনেকৈ সাহস লাভ কৰিব পাৰোঁ?

১৮ কেতিয়াবা কেতিয়াবা আমি বহুত ভয় খাওঁ। কিন্তু যিহোৱাই আমাক প্ৰেম কৰে বুলি যদি আমাৰ বিশ্বাস থাকে, তেনেহʼলে আমি সাহস লাভ কৰিম। কেনেকৈ বাৰু? ভনী চুজীৰ উদাহৰণলৈ মন কৰক, তাই এগৰাকী অগ্ৰগামী সেৱক হয়। তেওঁৰ লʼৰাই আত্মহত্যা কৰাৰ পাছত তেওঁ আৰু তেওঁৰ স্বামী কেনে অনুভৱ কৰিছিল তাৰ বিষয়ে ভনীয়ে এইদৰে কৈছে, “হঠাতে কিবা ঘটনা ঘটিলে আমাক বহুত দুখ লাগে। আপুনি একেবাৰে অসহায় যেন অনুভৱ কৰে। ভৱিষ্যতে কি হʼব তাৰ বিষয়ে ভাবিও হয়তো ভয় লাগিব পাৰে। কিন্তু সেই সময়ত যিহোৱাই বহুত মৰমেৰে আমাক চম্ভালিলে। আমি এনে অনুভৱ কৰিলোঁ যেন আমি যিহোৱাৰ কোলাত সুৰক্ষিত আছোঁ।” আগতে উল্লেখ কৰা ভনী ৰেচেলে এইদৰে কৈছে, “এদিনাখন ৰাতিপুৱা মই একেবাৰে নিৰাশ হৈ পৰিছিলোঁ। মই বহুত চিন্তিত হৈছিলোঁ আৰু ভয় খাইছিলোঁ। মই কান্দি কান্দি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। তেতিয়া মোৰ এনে লাগাছিল যেন যিহোৱাই মাতৃৰ দৰে মোক নিজৰ কোলাত তুলি লৈছে। মোৰ মন একেবাৰে শান্ত হৈ পৰিল। মই মনৰ শান্তি লাভ কৰিলোঁ আৰু শুই গʼলোঁ। সেই সময়ছোৱা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।” তাচোছ নামৰ এজন প্ৰাচীনে সেনা বাহিনীত ভৰ্তি হʼবলৈ মানা কৰাৰ বাবে তেওঁক চাৰি বছৰ জেলত থাকিবলগীয়া হʼল। সেই সময়ছোৱাত যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ যত্ন লয় বুলি ভায়ে কেনেকৈ অনুভৱ কৰিব পাৰিলে? ভায়ে এইদৰে কৈছে, “যিহোৱাই মোৰ সকলো প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিলে। আনকি প্ৰয়োজনতকৈ বেছি সহায় কৰিলে। ইয়াৰ বাবে মই যিহোৱাৰ ওপৰত আৰু বেছিকৈ ভৰসা কৰিবলৈ ধৰিলোঁ। জেলৰ পৰিস্থিতি একেবাৰে বেয়া আছিল, তথাপি যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায়ত মই আনন্দত থাকিব পাৰিলোঁ। এইদৰে মই বুজি পালোঁ যে যিমানেই যিহোৱাৰ ওপৰত ভৰসা কৰিম, সিমানেই তেওঁৰ প্ৰেম অনুভৱ কৰিব পাৰিম। সেইবাবে, মই জেলত থকাৰ সময়ত অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ।”

মৰমিয়াল পিতৃ যিহোৱাৰ কাষ চাপি থাকক

১৯. (ক) যিহোৱাই আমাক প্ৰেম কৰে বুলি যদি বিশ্বাস থাকে, তেনেহʼলে আমি কেনেদৰে প্ৰাৰ্থনা কৰিম? (খ) যিহোৱাৰ প্ৰেমৰ কি কথাই আপোনাৰ অন্তৰ চুই যায়? (“ যিহোৱাৰ প্ৰেম অনুভৱ কৰোৱা পদবোৰ” নামৰ বক্সখনো চাওক।)

১৯ আমি যিবোৰ উদাহৰণৰ বিষয়ে আলোচনা কৰিলোঁ, তাৰ পৰা প্ৰমাণ হয় যে ‘প্ৰেমৰ ঈশ্বৰ’ যিহোৱা সদায় আমাৰ লগত আছে। (২ কৰি. ১৩:১১) তেওঁ আমাৰ মাজৰ প্ৰতিজনৰে ওপৰত ধ্যান দিয়ে। আমাৰ সম্পূৰ্ণ ভৰসা আছে যে আমাক তেওঁৰ “দয়াই আবৰি ৰাখে।” (গীত. ৩২:১০) আমি যিমানেই বেছি চিন্তা কৰিম যে যিহোৱাই কেনেকৈ আমাক প্ৰেম কৰে, সিমানেই তেওঁৰ প্ৰেম আৰু যত্ন অনুভৱ কৰিব পাৰিম। আমি কোনো সংকোচ নকৰাকৈ তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰিম আৰু আমি তেওঁৰ প্ৰেমৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ বুলি জনাব পাৰিম। ইয়াৰ লগতে নিজৰ সকলো চিন্তা আৰু সমস্যাৰ বিষয়ে জনাব পাৰিম আৰু তেওঁ আমাক বুজি পায় আৰু আমাক সহায় কৰিবলৈ আগ্ৰহী হৈ আছে বুলি বিশ্বাস ৰাখিব পাৰিম।—গীত. ১৪৫:১৮, ১৯.

২০. যিহোৱাৰ প্ৰেমে আমাক কেনেকৈ তেওঁৰ ফালে আকৰ্ষিত কৰে?

২০ ঠাণ্ডা দিনত যেতিয়া কʼৰবাত জুই জ্বলি থাকে, তেতিয়া আমি তাৰ ফালে আকৰ্ষিত হৈ গুচি যাওঁ। প্ৰেম চেঁচা হৈ পৰা এই পৃথিৱীখনত যিহোৱাৰ প্ৰেমো জুইৰ নিচিনা হয়, যাৰ গৰমৰ বাবে আমি তেওঁৰ ফালে আকৰ্ষিত হৈ গুচি যাওঁ। এই প্ৰেমত বহুত শক্তি আছে কিন্তু ই কোমলো। সঁচাকৈ যিহোৱাই আমাক বহুত প্ৰেম কৰে! গতিকে আহক আমিও কওঁ, ‘যিহোৱা, মই আপোনাক বহুত প্ৰেম কৰোঁ!’—গীত. ১১৬:১.

আপুনি কেনেকৈ উত্তৰ দিব?

  • আপুনি যিহোৱাৰ প্ৰেমৰ বিষয়ে কি কʼব?

  • যিহোৱাই আপোনাক বহুত প্ৰেম কৰে বুলি আপুনি কিয় বিশ্বাস ৰাখিব পাৰে?

  • যিহোৱাৰ প্ৰেম পাই আপুনি কেনে অনুভৱ কৰে?

গীত ১০৮ ঈশ্বৰৰ প্ৰকৃত প্ৰেম

a কিছুমান নাম সলনি কৰা হৈছে।