অধ্যয়নৰ লেখ ১
গীত ৩৮ তেওঁ তোমাক শক্তিশালী কৰিব
যিহোৱাৰ ওপৰত ভৰসা ৰাখি ভয় নিয়ন্ত্ৰণ কৰক
২০২৪ চনৰ বাৰ্ষিক পাঠ: “যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম।” —গীত. ৫৬:৩.
কি শিকিম?
যিহোৱাৰ ওপৰত নিজৰ ভৰসা কেনেকৈ বঢ়াব পাৰোঁ আৰু নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ?
১. বহু বাৰ হয়তো আমি কিয় ভয় খাব পাৰোঁ?
আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা ভয় খাওঁ। আমি মৃত্যু হোৱা লোকসকলক বা দুষ্ট স্বৰ্গদূতসকলক ভয় নকৰোঁ আৰু আগলৈ গৈ পৃথিৱীৰ কি হʼব তাৰ বিষয়ে ভাবিও ভয় নকৰোঁ, কাৰণ আমি ইয়াৰ বিষয়ে সত্যতা শিকিলোঁ। কিন্তু আমি আজি এনে এটা সময়ত জীয়াই আছোঁ, যʼত “ভয়ঙ্কৰ লক্ষণ” চাবলৈ পাওঁ। যেনে, যুদ্ধ, অপৰাধ আৰু বেমাৰ দিনক দিনে বাঢ়িবলৈ ধৰিছে। সেইবাবে, আমি বহু বাৰ ভয় খাওঁ। (লূক ২১:১১) অথবা আমি হয়তো লোকসকলক ভয় কৰোঁ। যেনে, সেই অধিকাৰীসকলক, যিসকলে আমাক অত্যাচাৰ কৰে বা পৰিয়ালৰ লোকক যিসকলে আমাৰ বিৰোধ কৰে। কিছুমান লোকে হয়তো এই কথা ভাবি চিন্তিত হয় যে তেওঁলোকে নিজৰ সমস্যাবোৰ কেনেকৈ সন্মুখীন হʼব বা কালিলৈ যদি কিবা হয়, তেনেহʼলে কি কৰিব।
২. যেতিয়া দায়ূদ গাত চহৰত আছিল, তেতিয়া কি হʼল?
২ কেতিয়াবা কেতিয়াবা দায়ূদেও বহুত ভয় খাইছিল। এবাৰ যেতিয়া তেওঁ ৰজা চৌলৰ পৰা নিজৰ জীৱন বচাই পলাই গৈছিল, তেতিয়া তেওঁ পলেষ্টীয়াবিলাকৰ গাত চহৰত গৈ পালে। কিছু সময়ৰ পাছত গাতৰ ৰজা আখীচে গম পালে যে দায়ূদ এজন বীৰ যুঁজাৰু হয়, তেওঁৰ প্ৰশংসাতেই এই গীত গোৱা হৈছিল, ‘দায়ূদে বধিলে অযুত অযুত পেলষ্টীয়াক,’ তেতিয়া দায়ূদ বহুত ভয় খাইছিল। (১ চমূ. ২১:১০-১২) তেওঁ চিন্তিত হৈ পৰিছিল যে এতিয়া ৰজা আখীচে তেওঁৰ লগত কি কৰিব। তেতিয়া দায়ূদে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে?
৩. গীতমালা ৫৬:১-৩, ১১ পদৰ অনুসৰি দায়ূদে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে?
৩ যেতিয়া দায়ূদ গাত চহৰত আছিল, তেতিয়া তেওঁ কেনে অনুভৱ কৰিছিল তাৰ বিষয়ে আমি গীতমালা ৫৬-ত পঢ়িবলৈ পাওঁ। তেওঁ কিয় ইমান ভয় খাইছিল আৰু তেওঁ নিজৰ ভয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে, তাৰ বিষয়ে আমি সেই গীতত পঢ়িবলৈ পাওঁ। যেতিয়া দায়ূদ বহুত ভয় খাইছিল, তেতিয়া তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিলে। (গীতমালা ৫৬:১-৩, ১১ পঢ়ক।) যিহোৱাই তেওঁক সহায় কৰিলে, যিহোৱাৰ সহায়ত দায়ূদে এটা উপায় বিচাৰি পালে। তেওঁ পাগল হোৱাৰ নাটক কৰিলে আৰু এয়া কামত আহিল। ইয়াৰ বাবে ৰজা আখীচে তেওঁক হত্যা কৰাৰ পৰিৱৰ্তে তাৰ পৰা খেদি পঠোৱাৰ কথা ভাবিলে। এইদৰে দায়ূদৰ জীৱন ৰক্ষা পৰিল।—১ চমূ. ২১:১৩–২২:১.
৪. যিহোৱাৰ ওপৰত ভৰসা বঢ়াবলৈ আমি কি কৰিব লাগিব? এটা উদাহৰণ দি বুজাওক।
৪ আমিও যিহোৱাৰ ওপৰত ভৰসা কৰি নিজৰ ভয় নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিন্তু যেতিয়া আমি বহুত ভয় খাওঁ, তেতিয়া তেওঁৰ ওপৰত ভৰসা কৰিবলৈ হয়তো আমাক কঠিন লাগিব পাৰে। এনে পৰিস্থিতিতো আমি কেনেকৈ যিহোৱাৰ ওপৰত ভৰসা বঢ়াব পাৰোঁ? এটা উদাহৰণলৈ মন কৰক। ধৰি লওক, আপুনি গম পালে যে আপোনাৰ এটা বেমাৰ আছে, আৰম্ভণিতে আপুনি হয়তো বহুত ভয় খাইছিল। কিন্তু আপোনাক যদি নিজৰ ডাক্তৰৰ ওপৰত সম্পূৰ্ণ ভৰসা থাকে, তেনেহʼলে আপোনাৰ ভয় কম হʼব। কাৰণ সেই ডাক্তৰজন হয়তো এনে বহুতো লোকক ভাল কৰিলে, যিসকলৰ আপোনাৰ নিচিনাই বেমাৰ আছিল। তেওঁ আপোনাৰ কথা মন দি শুনে আৰু আপোনাক আশ্বাস দিয়ে যে তেওঁ আপোনাৰ চিন্তাৰ বিষয়ে ভালদৰে বুজি পায়। তেওঁ হয়তো আপোনাক এনে চিকিৎসাৰ বিষয়েও কʼব যাৰ যোগেদি বহুতো লোকে লাভৱান হৈছে। এয়া শুনি এতিয়া আপোনাক হয়তো বহুত ভাল লাগিব। ঠিক সেইদৰে, যেতিয়া আমি চিন্তা কৰিম যে যিহোৱাই এতিয়ালৈকে কি কি কৰিলে, বৰ্তমান সময়ত কি কৰি আছে আৰু আগলৈ গৈ কি কৰিব, তেতিয়া তেওঁৰ ওপৰত আমাৰ ভৰসা বাঢ়িব। দায়ূদেও এইদৰেই কৰিছিল। গতিকে, যেতিয়া আমি গীতমালা ৫৬-ত লিখা তেওঁৰ কথাবোৰলৈ মন কৰিম, তেতিয়া চিন্তা কৰক যে আপুনি কেনেকৈ যিহোৱাৰ ওপৰত ভৰসা বঢ়াব পাৰে আৰু নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰে।
যিহোৱাই এতিয়ালৈকে কি কি কৰিলে?
৫. নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিবলৈ দায়ূদে কিহৰ বিষয়ে চিন্তা কৰিলে? (গীতমালা ৫৬:১২, ১৩)
৫ যেতিয়া দায়ূদৰ জীৱন বিপদত আছিল, তেতিয়া যিহোৱাই এতিয়ালৈকে কি কি কাম কৰিলে তাৰ বিষয়ে তেওঁ ধ্যান দিছিল। (গীতমালা ৫৬:১২, ১৩ পঢ়ক।) তেওঁ সদায় এইদৰেই কৰিছিল। যেনে, বহু বাৰ তেওঁ যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰ ওপৰত মনন কৰিছিল। ইয়াৰ বাবে তেওঁ অনুভৱ কৰিব পাৰিছিল যে যিহোৱা কিমান শক্তিশালী আৰু তেওঁ লোকসকলক কিমান প্ৰেম কৰে। (গীত. ৬৫:৬-৯) যিহোৱাই আনৰ বাবে কি কি কৰিলে তাৰ বিষয়েও দায়ূদে চিন্তা কৰিছিল। (গীত. ৩১:১৯; ৩৭:২৫, ২৬) বিশেষকৈ যিহোৱাই তেওঁৰ বাবে এতিয়ালৈকে কি কি কৰিলে, ইয়াৰ বিষয়ে মনন কৰিছিল। যেনে, যেতিয়া তেওঁ নিজৰ মাতৃৰ গৰ্ভত আছিল, তেতিয়াৰে পৰা যিহোৱাই তেওঁক চম্ভালিলে আৰু তেওঁক ৰক্ষা কৰিলে। (গীত. ২২:৯, ১০) চিন্তা কৰক, যেতিয়া দায়ূদে এই সকলো কথা মনন কৰিছিল, তেতিয়া যিহোৱাৰ ওপৰত তেওঁৰ ভৰসা কিমান বাঢ়িছিল?
৬. যেতিয়া আমাক ভয় লাগে, তেতিয়া আমি যিহোৱাৰ ওপৰত নিজৰ ভৰসা কেনেকৈ বঢ়াব পৰোঁ?
৬ যেতিয়া আপোনাক ভয় লাগে, তেতিয়া নিজকে এইদৰে সোধক, ‘যিহোৱাই এতিয়ালৈকে কি কি কৰিলে।’ আপুনি তেওঁ সৃষ্টি কৰা বস্তুবোৰৰ বিষয়ে ভাবিব পাৰে। যেনে, চৰাই আৰু ফুলবোৰক ধ্যান দি চাওঁক। এইবোৰে ঈশ্বৰৰ দৰে গুণবোৰ নেদেখুৱাই আৰু তেওঁৰ উপাসনাও নকৰে, তথাপি যিহোৱাই তেওঁলোকৰ যত্ন লয়, তেনেহʼলে যিহোৱাই আপোনাৰ আৰু বেছিকৈ যত্ন নলʼব নে? সৃষ্টিৰ বস্তুবোৰৰ ওপৰত মনন কৰিলে ঈশ্বৰৰ ওপৰত আপোনাৰ ভৰসা আৰু বাঢ়িব। (মথি ৬:২৫-৩২) এয়াও চিন্তা কৰক যে যিহোৱাই নিজৰ সেৱকসকলৰ বাবে এতিয়ালৈকে কি কি কৰিলে? আপুনি বাইবেলত কোৱা এনে ব্যক্তিৰ বিষয়ে পঢ়িব পাৰে যাৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল বা বৰ্তমান সময়ৰ কোনো ভাই বা ভনীৰ অনুভৱ পঢ়িব পাৰে। a ইয়াৰ উপৰিও আপুনি এয়াও চিন্তা কৰিব পাৰে যে যিহোৱাই আপোনাৰ বাবে এতিয়ালৈকে কি কি কৰিলে। যেনে, তেওঁ কেনেকৈ আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিলে। (যোহ. ৬:৪৪) তেওঁ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিলে। (১ যোহ. ৫:১৪) তেওঁ নিজৰ পুত্ৰৰ বলিদান দিয়াৰ বাবে আপুনি প্ৰতিদিনে কেনেকৈ লাভৱান হৈছে।—ইফি. ১:৭; ইব্ৰী ৪:১৪-১৬.
৭. ভৱিষ্যবক্তা দানিয়েলৰ বিষয়ে চিন্তা কৰাৰ বাবে ভনী বনেচাই কেনেকৈ নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰিলে?
৭ হেতিত থকা ভনী বনেচাৰ b লগত এবাৰ এনে এটা ঘটনা ঘটিছিল যাৰ বাবে তাই বহুত ভয় খাইছিল। তাইৰ এলেকাত থকা এজন ব্যক্তিয়ে বাৰে বাৰে তাইক ফোন কৰিছিল আৰু মেচেজ পঠিয়াইছিল। তেওঁ ভনীৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিব বিচাৰিছিল, কিন্তু ভনীয়ে তেওঁক স্পষ্টকৈ মানা কৰিলে। ইয়াৰ পিছৰে পৰা সেই ব্যক্তিজনে ভনীক আৰু বেছিকৈ আমনি কৰিবলৈ ধৰিলে, আনকি তাইক ধমকিও দিলে। ভনীয়ে এইদৰে কৈছে, “মই বহুত ভয় খাইছিলোঁ।” কিন্তু ভনীয়ে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে? ভনীয়ে নিজৰ সুৰক্ষাৰ বাবে কিছুমান পদক্ষেপ লʼলে। তাই এজন প্ৰাচীনৰ সহায় লৈ ইয়াৰ বিষয়ে পুলিচক জনালে। ইয়াৰ উপৰিও অতীতত যিহোৱাই নিজৰ সেৱকসকলক কেনেকৈ বচালে, তাৰ বিষয়ে তাই চিন্তা কৰিলে। তাই এইদৰে কৈছে, “মোৰ মনলৈ সকলোতকৈ প্ৰথমে দানিয়েলৰ কথা মনত পৰিল। তেওঁৰ একো ভুল নাছিল, তথাপিও তেওঁক সিংহৰ গাতত পেলাই দিয়া হৈছিল। সেই সময়ত যিহোৱাই তেওঁক সহায় কৰিলে। ময়ো মোৰ চিন্তাৰ ভাৰ যিহোৱাৰ ওপৰত এৰি দিলোঁ আৰু মোৰ সুৰক্ষা কৰিবলৈ তেওঁক কʼলোঁ। তাৰ পাছত মোৰ ভয় নাইকিয়া হʼল।”—দানি. ৬:১২-২২.
যিহোৱাই বৰ্তমান সময়ত কি কৰি আছে?
৮. দায়ূদৰ কি কথাৰ ওপৰত বিশ্বাস আছিল? (গীতমালা ৫৬:৮)
৮ গাত চহৰত থকাৰ সময়ত দায়ূদৰ জীৱন বিপদত আছিল, তথাপি তেওঁ ভয়ক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে। ইয়াৰ পৰিৱৰ্তে তেওঁ এই বিষয়ে চিন্তা কৰিলে যে যিহোৱা সেই সময়ত তেওঁৰ বাবে কি কি কৰি আছে। দায়ূদে বুজি পালে যে যিহোৱাই তেওঁক ৰক্ষা কৰি আছে আৰু তেওঁক সঠিক পথ দেখুৱাই আছে। তেওঁ কি কি সমস্যাৰ মাজেৰে পাৰ হৈছে, তাৰ বিষয়ে যিহোৱাই ভালদৰে বুজি পাই বুলি দায়ূদে জানিছিল। (গীতমালা ৫৬:৮ পঢ়ক।) ইয়াৰ উপৰিও দায়ূদৰ কিছুমান ভাল বন্ধু আছিল, যেনে যোনাথন আৰু মহাপুৰোহিত অহীমেলক। তেওঁলোকে দায়ূদক উৎসাহিত কৰিছিল লগতে সহায়ো কৰিছিল। (১ চমূ. ২০:৪১, ৪২; ২১:৬, ৮, ৯) যেতিয়া ৰজা চৌলে তেওঁক মাৰি পেলাবলৈ চেষ্টা কৰিছিল, তেতিয়া যিহোৱাই তেওঁক ৰক্ষা কৰিছিল। দায়ূদে কি কি সমস্যাৰ মাজেদি পাৰ হৈ আছে, এই কথা যিহোৱাই ভালদৰে জানে বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল।
৯. যেতিয়া আপোনাক ভয় লাগে, তেতিয়া যিহোৱাই কি কথাৰ ওপৰত ধ্যান দিয়ে?
৯ যেতিয়া আপুনি কিবা সমস্যাৰ সন্মুখীন হয় আৰু আপুনি বহুত ভয় খাই, তেতিয়া মনত ৰাখক যে আপুনি কেনে সমস্যাৰ মাজেদি পাৰ হৈছে তালৈ যিহোৱাই ধ্যান দিয়ে আৰু আপুনি কেনে অনুভৱ কৰিছে সেয়াও তেওঁ বুজি পাই। যেনে, প্ৰাচীন সময়ত যেতিয়া ইস্ৰায়েলীসকল মিচৰত দাসত্বত আছিল, তেতিয়া তেওঁলোকৰ ওপৰত কেনেদৰে অত্যাচাৰ কৰা হৈছে তালৈ যিহোৱাই ধ্যান দিয়াৰ লগতে তেওঁলোকৰ ‘দুখৰ’ প্ৰতিও ধ্যান দিছিল। (যাত্ৰা. ৩:৭) দায়ূদেও এটা গীতত কৈছিল যে যিহোৱাই তেওঁৰ দুখলৈ ধ্যান দিয়াৰ লগতে তেওঁৰ ‘প্ৰাণৰ বুজবিচাৰ লʼলে’ অৰ্থাৎ তেওঁৰ মনৰ দুখ বুজি পালে। (গীত. ৩১:৭) বহু বাৰ যেতিয়া যিহোৱাৰ লোকসকলে নিজৰ ভুলৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়াও যিহোৱাই ‘তেওঁ বিলাকৰ আটাই দুখত দুখিত হৈছিল।’ (যিচ. ৬৩:৯) গতিকে, যেতিয়া আপোনাৰ ভয় লাগে, তেতিয়া মনত ৰাখক যে আপুনি কেনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে আৰু ভয়ক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাক সহায় কৰাৰ বাবে আগ্ৰহী হৈ থাকে।
১০. যিহোৱাই আপোনাৰ ওপৰত ধ্যান দিয়ে আৰু তেওঁ যিকোনো সমস্যাৰ সময়ত আপোনাক সহায় কৰিব বুলি আপুনি কিয় বিশ্বাস কৰে?
১০ যদি আপুনি কোনো সমস্যাৰ মাজেদি পাৰ হৈ আছে আৰু বহুত ভয় খাইছে, তেনেহʼলে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছে তালৈ আপুনি হয়তো ধ্যান দিব নোৱাৰে। এনে পৰিস্থিতিত আপুনি হয়তো কি কৰিব পাৰে? যিহোৱাই আপোনাক কেনেকৈ সহায় কৰি আছে তালৈ ধ্যান দিবলৈ আপুনি সহায় বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰে। (২ ৰাজা. ৬:১৫-১৭) তাৰ পাছত চিন্তা কৰক, কোনো এখন সভাত আপুনি ভাষণ বা কাৰোবাৰ উত্তৰ শুনি উৎসাহিত হৈছে নে? কোনো প্ৰকাশন পঢ়ি, ভিডিঅʼ চাই বা ব্ৰডকাষ্টিঙৰ গান শুনি আপুনি সাহস লাভ কৰিছে নে? কোনো ভাই বা ভনীয়ে আপোনাক এনে কথা কৈছিল নে বা এনে কিবা পদ দেখুৱাইছিল নে, যাৰ বাবে আপোনাক বহুত ভাল লাগিছিল। ভাই-ভনীয়ে আমাক প্ৰেম কৰে আৰু বাইবেলৰ পৰা আমি সহায় পাওঁ, এই কথাষাৰ বহু বাৰ আমি সহজভাৱে লʼব পাৰোঁ, কিন্তু এইবোৰ যিহোৱাৰ পৰা পোৱা ভাল উপহাৰ হয়। (যিচ. ৬৫:১৩; মাৰ্ক ১০:২৯, ৩০) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই আপোনাৰ যত্ন লয়। (যিচ. ৪৯:১৪-১৬) ইয়াৰ পৰা এয়াও জানিব পাৰি যে আপুনি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰে।
১১. ভনী আইডাই নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে?
১১ চেনেগল দেশত থকা ভনী আইডাৰ উদাহৰণলৈ মন কৰক। যিহোৱাই তাইক এটা সমস্যাৰ সন্মুখীন হʼবলৈ কেনেকৈ সহায় কৰিলে তাই অনুভৱ কৰিব পাৰিলে। তাই নিজৰ পৰিয়ালৰ ডাঙৰ সন্তান আছিল। সেইবাবে, তাই ঘৰৰ দায়িত্ব লোৱা আৰু কাম কৰাটো তাইৰ মাক-দেউতাকে বিচাৰিছিল। কিন্তু ভনীয়ে অগ্ৰগামী সেৱা কৰিবলৈ নিজৰ জীৱন সৰল কৰিলে। যাৰ বাবে তাই টকা পইচাৰ অভাৱৰ সন্মুখীন হʼল। ইয়াৰ বাবে তাইৰ পৰিয়ালে তাইক বেয়াকৈ কʼবলৈ ধৰিলে। ভনী আইডাই এইদৰে কৈছে, “মই মা-দাউতাক সহায় কৰিব নোৱাৰিম আৰু সকলোৱে মোক ঠাট্টা কৰিব বুলি মোৰ ভয় লাগিছিল, আনকি যিহোৱাই মোৰ লগত এইদৰে কিয় হʼবলৈ দিলে বুলি মই তেওঁক দোষ দিছিলোঁ।” কিন্তু পাছত এখন সভাত ভনীয়ে এটা ভাষণ শুনিলে। তাই এইদৰে কৈছে, “ভায়ে ভাষণত কʼলে যে আমাৰ অন্তৰৰ সকলো দুখ যিহোৱাই ভালদৰে জানে। মোক প্ৰাচীন আৰু আন ভাই ভনীসকলেও বহুতো ভাল পৰামৰ্শ দিলে। লাহে লাহে মই আকৌ বিশ্বাস কৰিবলৈ ধৰিলোঁ যে যিহোৱাই মোক প্ৰেম কৰে। ইয়াৰ পাছত যেতিয়া মই প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া মোৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই মোক সহায় কৰিব। যেতিয়া মই দেখিলোঁ যে যিহোৱাই কেনেকৈ মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে, তেতিয়া মই বহুত শান্ত্বনা পালোঁ।” কিছু সময়ৰ পাছত ভনী আইডাই এনে এটা চাকৰি পালে, যাৰ পৰা তাই ভালদৰে অগ্ৰগামী সেৱা কৰিব পাৰিলে। ইয়াৰ লগতে নিজৰ মা-দেউতা আৰু আনকো সহায় কৰিব পাৰিলে। ভনীয়ে এইদৰে কৈছে, “মই যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিবলৈ শিকিলোঁ। এতিয়া মই প্ৰাৰ্থনা কৰিলে মোৰ ভয় নাইকিয়া হয়।”
যিহোৱাই আগলৈ গৈ কি কৰিব?
১২. গীতমালা ৫৬:৯ পদৰ অনুসৰি দায়ূদৰ কি কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল?
১২ গীতমালা ৫৬:৯ পঢ়ক। দায়ূদে নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে, তাৰ বিষয়ে এই পদত আৰু এটা উপায়ৰ বিষয়ে কোৱা হৈছে। যেতিয়া তেওঁৰ জীৱন বিপদত আছিল, তেতিয়া যিহোৱাই আগলৈ কি কি কৰিব তাৰ বিষয়েও তেওঁ মনন কৰিলে। দায়ূদে জানিছিল যে যিহোৱাই সঠিক সময়ত তেওঁক নিশ্চয় বচাব কিয়নো, তেওঁ চৌলৰ পাছত ইস্ৰায়েলৰ ৰজা হʼব বুলি যিহোৱাই তেওঁক কৈছিল। (১ চমূ. ১৬:১, ১৩) দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই যি কৈছে, সেয়া নিশ্চয় পূৰ হʼব।
১৩. আমি কিহৰ বিষয়ে বিশ্বাস ৰাখিব পাৰোঁ?
১৩ যিহোৱাই আপোনাৰ বাবে কি প্ৰতিজ্ঞা কৰিছে? আমি এয়া আশা নকৰোঁ যে তেওঁ আমাৰ ওপৰত একো সমস্যা আহিবলৈ নিদিব, কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছে যে নতুন পৃথিৱীত তেওঁ আমাৰ সকলো সমস্যা শেষ কৰিব। c এনে কোনো সমস্যা নাই, যাক যিহোৱাই শেষ কৰিব নোৱাৰে। (যিচ. ২৫:৭-৯) যিহোৱাৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ আমাক সম্পূৰ্ণৰূপে স্বাস্থ্যৱান কৰিব পাৰে আৰু আমাৰ অন্তৰত লগা আঘাত ঠিক কৰিব পাৰে। সেই সময়ত কোনেও আমাক বিৰোধ নকৰিব। আনকি যিসকলৰ মৃত্যু হৈছে, তেওঁলোককো যিহোৱাই আকৌ জীয়াই তুলিব।—১ যোহ. ৪:৪.
১৪. আমি কিহৰ বিষয়ে চিন্তা কৰিব পাৰোঁ?
১৪ যেতিয়া আপোনাক ভয় লাগে, তেতিয়া চিন্তা কৰক যে আগলৈ গৈ যিহোৱাই কি কি কৰিব। চিন্তা কৰক, যেতিয়া চয়তানক একেবাৰে ধ্বংশ কৰা হʼব, তেতিয়া আপোনাক কেনেকুৱা লাগিব। দুষ্ট লোকসকলৰ ঠাইত ভাল লোকসকল থাকিব আৰু আমি লাহে লাহে সিদ্ধ হৈ পৰিম। আমি ভৱিষ্যতে পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে কিদৰে ভাবিব পাৰোঁ, তাৰ বিষয়ে ২০১৪ চনৰ আঞ্চলিক অধিৱেশনৰ এটা প্ৰদৰ্শনত দেখুৱা হৈছিল। সেই প্ৰদৰ্শনত এজন পিতৃয়ে নিজৰ পৰিয়ালৰ লগত আলোচনা কৰিছিল যে ২ তীমথিয় ৩:১-৫ পদত প্ৰমোদবনৰ বিষয়ে কোৱা হʼলে তাত হয়তো এইদৰে লিখা হʼলহেঁতেন, “কিন্তু নতুন পৃথিৱীত আনন্দময় পৰিস্থিতি হʼব, কিয়নো সেই কালত মানুহবিলাকে সকলোকে প্ৰেম কৰিব, ধন লুভীয়া নহʼব, দৰ্পী নহʼব, অহংকাৰী নহʼব, নিন্দক নহʼব, পিতৃ- মাতৃক মানিব, উপকাৰ মানিব, পৱিত্ৰ, স্নেহৱান, সকলো কথাতে সন্মত হʼব, আনৰ ভালৰ বিষয়ে কʼব, ইন্দ্ৰিয় দমন কৰিব, কোমল স্বভাৱী হʼব, সাধুক প্ৰেম কৰিব, বিশ্বাসী, আনক সন্মান কৰিব, দয়ালু, ঈশ্বৰ প্ৰিয়, ভক্তিৰ কাম কৰিব, এনে মানুহৰ লগত থাকিবা।” নতুন পৃথিৱীত আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে আপুনি নিজৰ পৰিয়াল বা ভাই-ভনীসকলৰ লগত আলোচনা কৰে নে?
১৫. ভনী তানিয়াই নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিলে?
১৫ উত্তৰ মেচিডʼনিয়াত থকা ভনী তানিয়াৰ উদাহৰণলৈ মন কৰক। যেতিয়া ভনী তানিয়াই বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া মা-দেউতাকে তাইক বহুত বিৰোধ কৰিছিল। কিন্তু পাছত ভনীয়ে চিন্তা কৰিলে যে যিহোৱাই ভৱিষ্যতে তেওঁৰ বাবে কি কি কৰিব। এইদৰে তাই নিজৰ ভয় নিয়ন্ত্ৰণ কৰিব পাৰিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে। ভনী তানিয়াই এইদৰে কৈছে, “মই যি কথাৰ বাবে ভয় খাইছিলোঁ সেয়াই হʼল। প্ৰতিটো সভাৰ পাছত মাই মোক মাৰিছিল। মা-দেউতাই মোক এয়াও ধমকি দিছিল যে যদি মই যিহোৱাৰ সাক্ষী হওঁ, তেনেহʼলে তেওঁলোকে মোক মাৰি পেলাব।” এদিনাখন ভনী তানিয়াক তেওঁলোকে ঘৰৰ পৰা উলিয়াই দিলে। তেতিয়া তানিয়াই কি কৰিলে? তাই এইদৰে কৈছে, “মই এই বিষয়ে চিন্তা কৰিলোঁ যে যদি মই যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে মই ইমানেই আনন্দ পাম যাৰ বিষয়ে মই কল্পনাও কৰিব নোৱাৰোঁ আৰু মোৰ আনন্দ সদাই থাকিব। মই এয়াও ভাবিলোঁ যে আজি মই যিয়ে ত্যাগ কৰিবলগীয়া নহওক কিয় যিহোৱাই নতুন পৃথিৱীত মোক তাতকৈ বহুগুণে বেছি পুৰস্কাৰ দিব আৰু তেতিয়া কোনো বেয়া স্মৃতিয়ে মোক আমনি নকৰিব।” ভনী তানিয়াই যিহোৱাৰ বিশ্বাসী হৈ থাকিল আৰু তেওঁৰ সহায়ত ভনীয়ে থাকিবলৈ এটা ঠাই পালে। এতিয়া ভনী তানিয়াৰ এজন বৰ ভাল ভাইৰ লগত বিয়া হʼল আৰু তেওঁলোকে আনন্দেৰে পূৰ্ণসময়ৰ সেৱা কৰি আছে।
আজিৰ পৰাই যিহোৱাৰ ওপৰত ভৰসা বঢ়াওক
১৬. যেতিয়া লূক ২১:২৬-২৮ পদত কোৱা কথাবোৰ পূৰ হোৱা দেখিবলৈ পাম, তেতিয়া আমি কিয় সাহসেৰে কাম কৰিব পাৰিম?
১৬ মহা সংকটৰ সময়ছোৱাত “ভয়ত মানুহবিলাক বিমুচ্ছিত হব।” কিন্তু ঈশ্বৰৰ লোকসকলে সাহস নেহেৰুৱাব আৰু তেওঁলোকে স্থিৰে থাকিব। (লূক ২১:২৬-২৮ পঢ়ক।) আমি কিয় সাহসেৰে কাম কৰিব পাৰিম? কিয়নো আমি আগৰে পৰা যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিম। ইয়াৰ আগৰ অনুচ্ছেদত কোৱা ভনী তানিয়াই কৈছিল যে অতীতত তাই যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল, সেইবোৰৰ বাবে তাই আন সমস্যাবোৰো সন্মুখীন হʼব পাৰিছে। তাই কৈছে,“মই দেখিলোঁ যে যিহোৱাই একেবাৰে বেয়া পৰিস্থিতিতো আমাৰ বাবে কিবা ভাল কৰিব পাৰে। কেতিয়াবা কেতিয়াবা আমাৰ অনুভৱ হʼব পাৰে যে লোকসকলে আমাৰ লগত যি বিচাৰে তাকেই কৰিব পাৰে। কিন্তু যিহোৱাই তেওঁলোকতকৈ বেছি শক্তিশালী। আমাৰ সমস্যা যিমানেই ডাঙৰ নহওক কিয় এদিন সেই সকলো শেষ হৈ যাব।”
১৭. আমি ২০২৪ চনৰ বাৰ্ষিক পাঠৰ পৰা কেনেকৈ সহায় লাভ কৰিম? (বেটুপাতত দিয়া ছবিখন চাওক।)
১৭ আজি আমি সকলোৱে কিবা নহয় কিবা কথাৰ বাবে ভয় খাওঁ। কিন্তু দায়ূদৰ দৰে আমিও নিজৰ ভয় নিয়ন্ত্ৰণ কৰিব পাৰোঁ। দায়ূদে যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, “যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম।” তেওঁৰ এই প্ৰাৰ্থনা ২০২৪ চনৰ বাৰ্ষিক পাঠ হয়। (গীত. ৫৬:৩) বাইবেলৰ পদবোৰৰ বিষয়ে বুজোৱা এখন কিতাপ এইদৰে কৈছে, “দায়ূদে সেই কথাবোৰৰ বিষয়ে চিন্তা কৰি থকা নাছিল যাৰ বাবে তেওঁ হয়তো ভয় খালেহেঁতেন আৰু তেওঁ নিজৰ সমস্যাবোৰৰ বিষয়ে বেছিকৈ ধ্যান দিয়া নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁক বচোৱাজনৰ ওপৰত ধ্যান দিছিল।” গতিকে, আহিবলগীয়া মাহবোৰত বিশেষকৈ যেতিয়া আপুনি ভয় খাই, তেতিয়া আমাৰ বাৰ্ষিক পাঠৰ বিষয়ে চিন্তা কৰিব। অলপ সময় উলিয়াই চিন্তা কৰক যে এতিয়ালৈকে যিহোৱাই কি কি কৰিলে, বৰ্তমান সময়ত কি কৰি আছে আৰু আগতৈ গৈ কি কি কৰিব। তেতিয়া আপুনিও দায়ূদৰ দৰে কʼব পাৰিব, “মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ।”—গীত. ৫৬:৪
আপুনি কেনেকৈ উত্তৰ দিব?
-
যিহোৱাই এতিয়ালৈকে কি কি কৰিলে তাৰ বিষয়ে চিন্তা কৰিলে আপুনি নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব?
-
যিহোৱাই বৰ্তমান সময়ত কি কৰি আছে তাৰ বিষয়ে চিন্তা কৰিলে আপুনি নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব?
-
যিহোৱাই আগলৈ গৈ কি কি কৰিব তাৰ বিষয়ে চিন্তা কৰিলে আপুনি নিজৰ ভয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব?
গীত ৩৩ নিজৰ ভাৰ যিহোৱাৰ ওপৰত পেলাই দিয়া
a যদি আপুনি jw.org-ৰ (হিন্দী) চাৰ্চ বক্সত “তেওঁলোকৰ বিশ্বাসৰ অনুকৰণ কৰক” বা “অনুভৱ” টাইপ কৰে, তেনেহʼলে আপুনি এনে বহুতো তথ্য পাব যাৰ যোগেদি আপোনাৰ বিশ্বাস বাঢ়িব।
b কিছুমান নাম সলনি কৰা হৈছে।
d ছবিৰ বিষয়ে: দায়ূদে চিন্তা কৰি আছে যে যিহোৱাই তেওঁক ভালুকক মাৰি পেলাবলৈ শক্তি দিছিল, অহীমেলকৰ জৰিয়তে তেওঁক সহায় কৰি আছে আৰু আগলৈ গৈ তেওঁক ৰজা পাতিব।
e ছবিৰ বিষয়ে: জেলত বন্ধী থকা এজন ভায়ে চিন্তা কৰি আছে যে যিহোৱাই তেওঁক চিগাৰেট এৰিবলৈ সহায় কৰিছিল, এতিয়া তেওঁৰ পৰিয়াল আৰু বন্ধুসকলৰ চিঠিৰ জৰিয়তে তেওঁক উৎসাহিত কৰি আছে আৰু আগলৈ গৈ প্ৰমোদবনত তেওঁক অনন্ত জীৱন দিব।