অধ্যয়নৰ লেখ ৩
গীত ১২৪ সদায় নিষ্ঠাৱান
সমস্যাৰ সময়ত যিহোৱাই আপোনাক চম্ভালিব
“হে যিহোৱা, তোমাৰ দয়াই [প্ৰকৃত প্ৰেম] মোক ধৰি ৰাখিলে।”—গীত. ৯৪:১৮.
কি শিকিম?
সমস্যাৰ সময়ত যিহোৱাৰ পৰা সহায় পাবলৈ আমি কি কৰিব পাৰোঁ?
১-২. যিহোৱাৰ বিশ্বাসী সেৱকসকলক হয়তো কেনেধৰণৰ সমস্যা সন্মুখীন হʼবলগীয়া হয়?
যেতিয়া আমাৰ জীৱনলৈ হঠাতে কিবা সমস্যা আহে, তেতিয়া পৰিস্থিতিবোৰ একেবাৰে সলনি হৈ যায়। লুইচ a নামৰ এজন ভাইৰ লগতো এইদৰেই হৈছিল। তেওঁ বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছিল। কিন্তু এদিন ডাক্তৰে তেওঁক কʼলে যে তেওঁৰ কেন্সাৰ হৈছে আৰু তেওঁ কিছু মাহহে জীয়াই থাকিব। ভনী মনিকা আৰু তেওঁৰ স্বামীয়ে উৎসাহেৰে যিহোৱাৰ সেৱা কৰি আছিল। তেওঁৰ স্বামী মণ্ডলীত এজন প্ৰাচীন আছিল। এদিন ভনীয়ে গম পালে যে তেওঁৰ স্বামীয়ে বহু বছৰৰ পৰা লুকাই লুকাই পাপ কৰি আছিল। অলিভিয়া নামৰ এজনী অবিবাহিত ভনীৰ এলেকাত এটা ডাঙৰ ধুমুহা আহিবলগীয়া আছিল। সেইবাবে, তেওঁ নিজৰ ঘৰখন এৰি যাবলগীয়া হʼল। যেতিয়া তাই উভতি আহিলে, তেতিয়া দেখিলে যে তাইৰ ঘৰখন একেবাৰে নষ্ট হৈ গৈছে। অলপ সময়ৰ ভিতৰতে এই ভাই-ভনীসকলৰ জীৱন একেবাৰে সলনি হৈ গʼল। হয়তো আপোনাৰ লগতো এইদৰে হৈছে। সেইবাবে, যেতিয়া এজন ব্যক্তিৰ লগত এইদৰে হয়, তেতিয়া তেওঁ কেনে অনুভৱ কৰে, সেয়া আপুনি ভালদৰে বুজি পায়।
২ পৃথিৱীৰ আন লোকসকলৰ দৰে যিহোৱাৰ বিশ্বাসী সেৱকসকলেও বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। ইয়াৰ উপৰিও যিহোৱাৰ সেৱা কৰাৰ বাবে বহুতো লোকে আমাৰ বিৰোধ বা আমাক অত্যাচাৰ কৰে। এনেধৰণৰ সমস্যাৰ পৰা যিহোৱাই হয়তো আমাক নবচাবও পাৰে। কিন্তু তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে এই সমস্যাবোৰ পাৰ কৰিবলৈ তেওঁ আমাক নিশ্চয় সহায় কৰিব। (যিচ. ৪১:১০) যিহোৱাৰ সহায়ত আমি ডাঙৰ ডাঙৰ সমস্যাৰ সময়তো আনন্দিত থাকিব পাৰিম, সঠিক নিৰ্ণয় লʼব পাৰিম আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিম। গতিকে, যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাই আমাক কেনেকৈ সহায় কৰে? এই লেখত আমি চাৰিটা উপায়ৰ বিষয়ে আলোচনা কৰিম। আমি এয়াও চাম যে যিহোৱাৰ পৰা সহায় পাবলৈ আমি কি কৰা উচিত।
যিহোৱাই আপোনাক ৰক্ষা কৰিব
৩. যেতিয়া আমাৰ লগত কিবা বেয়া ঘটনা ঘটে, তেতিয়া কি কৰিবলৈ আমাৰ বাবে হয়তো কঠিন হʼব পাৰে?
৩ কি সমস্যা হʼব পাৰে? যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমি হয়তো ভালদৰে ভাবিব নোৱাৰোঁ আৰু সঠিক নিৰ্ণয়ো লʼব নোৱাৰোঁ। কিয়নো সেই সময়ত আমি বহুত দুখ অনুভৱ কৰোঁ আৰু ইমানেই চিন্তিত হৈ পৰোঁ যে ভালদৰে ভাবিবও নোৱাৰোঁ। হয়তো আমাৰ অনুভৱ হʼব পাৰে যে আমাৰ চাৰিওফালে আন্ধাৰ হৈ পৰিছে আৰু কোনফালে যাব লাগে আমি বুজিয়েই পোৱা নাই। মন কৰক, ওপৰত আমি যিসকল ভনীৰ বিষয়ে উল্লেখ কৰিলোঁ, তেওঁলোকৰ ওপৰত যেতিয়া সমস্যা আহিলে, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰিছিল। ভনী অলিবিয়াই এইদৰে কৈছে, “যেতিয়া ধুমুহাৰ বাবে মোৰ ঘৰখন নষ্ট হৈছিল, মোৰ এনে লাগিছিল যেন মই সকলোবোৰ হেৰুৱাই পেলালোঁ। মই কʼলৈ যাম, কি কৰিম ভাবিব পৰা নাছিলোঁ।” মন কৰক যেতিয়া ভনী মনিকাৰ স্বামীয়ে তেওঁক বিশ্বাসঘাত কৰিলে, তেতিয়া তেওঁ কেনে অনুভৱ কৰিছিল। তাই এইদৰে কৈছে, “তেওঁ মোৰ লগত এইদৰে কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। এনে লাগিছিল যেনে কোনোবাই মোৰ বুকুত চুৰিৰে আঘাত কৰিলে। মই একোৱেই কৰিব পৰা নাছিলোঁ।” এনে পৰিস্থিতিতো আপুনি ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব।
৪. ফিলিপীয়া ৪:৬, ৭ পদৰ অনুসৰি যিহোৱাই আমাক কি প্ৰতিজ্ঞা কৰিছে?
৪ যিহোৱাই কেনেকৈ সহায় কৰিব? তেওঁ আমাক এনে শান্তি দিবলৈ প্ৰতিজ্ঞা কৰিছে, যাক বাইবেলত “ঈশ্বৰৰ শান্তি” বুলি কোৱা হৈছে। (ফিলিপীয়া ৪:৬, ৭ পঢ়ক।) যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থাকিলেহে আমি এই শান্তি পাওঁ। এই শান্তি “সকলো বুদ্ধিতকৈ উত্তম,” ই এনে এটা অনুভূতি হয় যাক শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে যে আপুনি যিহোৱালৈ কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰিলে আৰু মনৰ শান্তি পালে? ইয়াকে “ঈশ্বৰৰ শান্তি” বুলি কোৱা হয়।
৫. ঈশ্বৰৰ পৰা পোৱা শান্তিয়ে আমাৰ হৃদয় আৰু মগজুক কেনেকৈ সুৰক্ষিত কৰি ৰাখে?
৫ ফিলিপীয়া ৪:৭ পদত এয়াও কোৱা হৈছে যে ঈশ্বৰৰ শান্তিয়ে “তোমালোকৰ হৃদয় আৰু মতিক [মগজু] পহৰা দিব।” ইয়াত যি শব্দৰ অনুবাদ পহৰা দিয়া বুলি কৰা হৈছে, সেয়া প্ৰায় সেই সৈনিকৰ বাবে ব্যৱহাৰ কৰা হয়, যিসকলে নগৰৰ দুৱাৰত পহৰা দিছিল যাতে শত্ৰুসকলে দেশত আক্ৰমণ কৰিব নোৱাৰে। সেই নগৰৰ লোকসকলে জানে যে সৈনিকসকলে নগৰৰ দুৱাৰত পহৰা দি আছে। সেইবাবে, তেওঁলোকে আৰামত শুব পাৰে। ঠিক সেইদৰে, যেতিয়া ঈশ্বৰৰ পৰা পোৱা শান্তিয়ে আমাৰ হৃদয় আৰু মগজুক পহৰা দিয়ে, তেতিয়া আমাৰ মন শান্ত হৈ থাকিব পাৰে। কিয়নো আমি জানোঁ যে আমি সুৰক্ষিত আছোঁ। (গীত. ৪:৮) যদি হান্নাৰ দৰে আমাৰ পৰিস্থিতি লগে লগে সলনি নহয়, তথাপিও আমাৰ মন শান্ত হৈ থাকিব পাৰে। (১ চমূ. ১:১৬-১৮) যেতিয়া আমাৰ মন শান্ত হৈ থাকে, তেতিয়া আমি ভালদৰে ভাবিব পাৰোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰোঁ।
৬. ঈশ্বৰৰ শান্তি পাবলৈ আমি কি কৰিব পাৰোঁ? (ছবিখনো চাওক।)
৬ আমি কি কৰিব লাগিব? যেতিয়া আপোনাৰ মন বহুত চিন্তিত হয়, তেতিয়া আপুনি “প্ৰহৰীক” মাতিব পাৰে। ইয়াৰ অৰ্থ হৈছে যেতিয়ালৈকে আপুনি ঈশ্বৰৰ শান্তি লাভ নকৰে, তেতিয়ালৈকে প্ৰাৰ্থনা কৰি থাকক। (লূক ১১:৯; ১ থিচ. ৫:১৭) ভাই লুইচআৰু তেওঁৰ পত্নীয়ে যেতিয়া গম পালে যে তেওঁ আৰু কিছু মাহহে জীয়াই থাকিব, তেতিয়া তেওঁলোকে কি কৰিলে তাৰ বিষয়ে তেওঁ এইদৰে কৈছে, “এনে সময়ত চিকিৎসা আৰু আন বিষয়বোৰত কোনো নিৰ্ণয় লʼবলৈ বহুত কঠিন হয়। কিন্তু প্ৰাৰ্থনা কৰাৰ বাবে আমি মনৰ শান্তি পালোঁ, যি আমাৰ বাবে বহুত প্ৰয়োজন আছিল।” ভাই আৰু তেওঁৰ পত্নীয়ে মনৰ শান্তি আৰু বুদ্ধি বিচাৰি যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰিছিল যাতে তেওঁলোকে সঠিক নিৰ্ণয় লʼব পাৰে। যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে। যদি আপুনিও সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেনেহʼলে বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকক। তেতিয়া যিহোৱাই আপোনাক এনে শান্তি দিব, যি আপোনাৰ হৃদয় আৰু মগজুক সুৰক্ষিত কৰিব।—ৰোম. ১২:১২.
যিহোৱাই আপোনাক চম্ভালিব
৭. সমস্যাৰ সময়ত আমি হয়তো কেনে অনুভৱ কৰোঁ?
৭ কি সমস্যা হʼব পাৰে? যেতিয়া আমি কিবা সমস্যাৰ মাজেদি পাৰ হৈ থাকোঁ, তেতিয়া আমাৰ মনৰ অৱস্থা একে হৈ নাথাকে। আমি ভালদৰে ভাবিব নোৱাৰোঁ আৰু হয়তো আমাৰ আচাৰ-ব্যৱহাৰো পৰিৱৰ্তন হʼব পাৰে। হয়তো আমাৰ অনুভৱ হʼব পাৰে যে আমি ভাৱনাৰ সাগৰত ডুবি গৈ আছোঁ। ভাই লুইচৰ মৃত্যুৰ পাছত ভনী এনাই এইদৰেই অনুভৱ কৰিছিল। তেওঁ এইদৰে কৈছে, “বহু বাৰ মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। নিজৰ পৰিস্থিতিৰ বিষয়ে ভাবি মই নিৰাশ হৈ পৰিছিলোঁ। কেতিয়াবা কেতিয়াবা তেওঁ মোক কিয় এৰি গুচি গʼল বুলি ভাবি মোৰ বহুত খং উঠিছিল।” ভনী এনাক কেতিয়াবা কেতিয়াবা অকলশৰীয়া ভাৱনাই আৱৰি ধৰিছিল। যেতিয়া তেওঁক এনে নিৰ্ণয় লʼবলগীয়া হৈছিল, যি আগতে ভাই লুইচে লৈছিল, তেতিয়া তেওঁ চিন্তিত হৈ পৰিছিল। বহু বাৰ তেওঁৰ এনে অনুভৱ হৈছিলে যেন তেওঁ সমুদ্ৰৰ ঢৌৰ মাজত ফচি গৈছে। যেতিয়া চিন্তা আৰু সমস্যাই আপোনাক আগুৰি ধৰে, তেতিয়া যিহোৱাই আপোনাক কেনেকৈ সহায় কৰে?
৮. গীতমালা ৯৪:১৮ পদৰ অনুসৰি যিহোৱাই কি কথাৰ ভৰসা দিয়ে?
৮ যিহোৱাই কেনেকৈ সহায় কৰে? যিহোৱাই আমাক চম্ভালিব বুলি আশ্বাস দিয়ে। (গীতমালা ৯৪:১৮ পঢ়ক।) যেতিয়া এখন জাহাজ ধুমুহাত ফচি যায়, তেতিয়া জাহাজখন ইফালে-সিফালে যাবলৈ ধৰে। সেইবাবে, কিছুমান পানী জাহাজৰ তলত দুয়োফালে এটা যন্ত্ৰ (ষ্টেবিলাইজাৰ) লগোৱা হয়। ইয়াৰ সহায়ত ধুমুহাৰ সময়ছোৱাত জাহাজখনক চম্ভালিব পৰা যায়। জাহাজত থকা লোকসকলে সুৰক্ষিত অনুভৱ কৰে আৰু শান্ত্বনা পায়। কিন্তু বহু বাৰ জাহাজখন গৈ থাকিলেহে যন্ত্ৰবোৰ ভালদৰে কাম কৰে। ঠিক সেইদৰে সমস্যাত থকাৰ সময়তো যদি আমি আগুৱাই গৈ থাকোঁ অৰ্থাৎ বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি থাকোঁ, তেতিয়া যিহোৱাই আমাকো নিশ্চয় চম্ভালিব।
৯. অনুসন্ধান কৰিলে আমি কেনেকৈ নিজকে চম্ভালিব পাৰিম? (ছবিখনো চাওক।)
৯ আমি কি কৰিব লাগিব? যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ ভাৱনাই আপোনাৰ ওপৰত প্ৰভাৱ পেলাই আছে, তেনেহʼলে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ, সভাত যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক। আপুনি আগতে যিমান কৰিব পাৰিছিল এতিয়া হয়তো সিমান কৰিব পৰা নাই, কিন্তু মনত ৰাখক যিহোৱাই আমাৰ পৰা এনে একো আশা নকৰে, যি আমি কৰিব নোৱাৰোঁ। (লূক ২১:১-৪ পদৰ লগত তুলনা কৰক।) ব্যক্তিগত অধ্যয়ন আৰু মনন কৰিবলৈও সময় নিৰ্ধাৰণ কৰক। কিয়নো যিহোৱাই নিজৰ সংগঠনৰ যোগেদি বাইবেল আধাৰিত বহুতো তথ্য উপলব্ধ কৰাইছে, যাৰ সহায়ত আমি এই ধুমুহাত নিজকে চম্ভালিব পাৰিম। আপোনাক যি তথ্যৰ প্ৰয়োজন আছে, সেইবোৰ আপুনি যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড (হিন্দী) আৰু JW লাইব্ৰেৰী এপত অনুসন্ধান কৰি বিচাৰি পাব পাৰে। ভনী মনিকাৰ উদাহৰণলৈ আকৌ মন কৰক। তাইৰ ভাৱনাই তাইৰ ওপৰত প্ৰভাৱ পেলাইছে বুলি যেতিয়া তাইৰ অনুভৱ হৈছিল, তেতিয়া তাই অনুসন্ধান কৰিছিল। যেনে, কেতিয়াবা তাই “খং” শব্দ টাইপ কৰিছিল, কেতিয়াবা “বিশ্বাসঘাত” আৰু কেতিয়াবা “বিশ্বাসী।” তাৰ পাছত যেতিয়ালৈকে তাই শান্ত্বনা পোৱা নাছিল, তেতিয়ালৈকে সেই বিষয়বোৰৰ লেখ পঢ়িছিল। তাই এইদৰে কৈছে, “যেতিয়া মই অনুসন্ধান কৰিবলৈ বহোঁ, তেতিয়া মই চিন্তিত হৈ পৰিছিলোঁ আৰু যিকোনো শব্দ টাইপ কৰি দিছিলোঁ। কিন্তু কিছু সময়ৰ পাছত মোৰ মন শান্ত হৈ পৰিছিল আৰু মোৰ এনে লাগিছিল যেন যিহোৱাই মোক মৰমেৰে সাৱটি ধৰিছে। পঢ়ি থাকোঁতে মোৰ অনুভৱ হৈছিল যে যিহোৱাই মোৰ ভাৱনাক বুজি পাই আৰু তেওঁ মোক সহায় কৰি আছে।” যিহোৱাৰ সহায়ত আপুনি নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আপোনাৰ মন শান্ত হৈ থাকিব।—গীত. ১১৯:১৪৩, ১৪৪.
যিহোৱাই আপোনাক সহায় কৰিব
১০. যেতিয়া আমাৰ লগত কিবা বেয়া ঘটনা ঘটে, তেতিয়া আমি হয়তো কেনে অনুভৱ কৰোঁ?
১০ কি সমস্যা হʼব পাৰে? যেতিয়া আমাৰ লগত কিবা বেয়া ঘটনা ঘটে, তেতিয়া আমাৰ মনটো সলনি হৈ থাকে, কেতিয়াবা আমাক হয়তো ভাল লাগিব পাৰে কিন্তু কেতিয়াবা বহুত দুখ লাগিব পাৰে আৰু একো কৰাৰ শক্তিও নাথাকিব পাৰে। হয়তো আমি এনে এজন খেলুৱৈৰ দৰে অনুভৱ কৰিম, যিজনে এসময়ত বহুত বেগেৰে দৌৰিছিল কিন্তু দুখ পোৱাৰ বাবে এতিয়া লেঙেৰা হৈ খোজকাঢ়ি আছে। যিবোৰ কাম আমি আগতে সহজতে কৰিছিলোঁ, সেইবোৰ কৰিবলৈ এতিয়া হয়তো আমাক কঠিন লাগিব পাৰে। অথবা এসময়ত যিবোৰ কাম কৰি আনন্দ পাইছিলোঁ, সেইবোৰ কৰিবলৈ এতিয়া হয়তো আমাক মন নাযাবও পাৰে। আমাকো এলিয়াৰ দৰে হয়তো শুই থাকিবলৈ মন যাব পাৰে, উঠিবলৈ মনে নাযাব। (১ ৰাজা. ১৯:৫-৭) কিন্তু যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যেতিয়া আমি দুৰ্বল অনুভৱ কৰিম, তেতিয়া তেওঁ আমাক সহায় কৰিব।
১১. যিহোৱাই আমাক আৰু কেনেকৈ সহায় কৰে? (গীতমালা ১৮:১৮)
১১ যিহোৱাই কেনেকৈ সহায় কৰে? যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক সহায় কৰিব। (গীতমালা ১৮:১৮ পঢ়ক।) যেতিয়া এজন খেলুৱৈ দুখ পাই, তেতিয়া তেওঁ ভালদৰে খোজকাঢ়িব নোৱাৰে। তেওঁক হয়তো সহায়ৰ প্ৰয়োজন হʼব পাৰে। ঠিক সেইদৰে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ হয়তো আমাকো সহায়ৰ প্ৰয়োজন হʼব পাৰে। যেতিয়া আমি দুৰ্বল অনুভৱ কৰোঁ, তেতিয়া যিহোৱাই আমাক কয়, “তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সো হাতত ধৰি কওঁ, ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।” (যিচ. ৪১:১৩) ৰজা দায়ূদকো যিহোৱাই সহায় কৰিছিল। যেতিয়া শত্ৰুসকলে তেওঁক খেদি আছিল আৰু তেওঁ এটাৰ পাছত এটা সমস্যাৰ সন্মুখীন হৈ আছিল, তেতিয়া তেওঁ যিহোৱাক এইদৰে কʼলে, “তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিলে।” (গীত. ১৮:৩৫) কিন্তু যিহোৱাই আমাক কেনেকৈ ধৰি ৰাখে বা সহায় কৰে?
১২. যেতিয়া আমি দুৰ্বল অনুভৱ কৰোঁ, তেতিয়া যিহোৱাই কাৰ যোগেদি আমাক সহায় কৰে?
১২ যিহোৱাই প্ৰায়ে আমাক সহায় কৰিবলৈ আনক উৎসাহিত কৰে আৰু এইদৰে তেওঁ আমাক সহায় কৰে। এবাৰ যেতিয়া দায়ূদে দুৰ্বল অনুভৱ কৰিছিল, তেতিয়া তেওঁৰ বন্ধু যোনাথনে তেওঁক লগ কৰিবলৈ আহিছিল। যোনাথনে তেওঁৰ সাহস আৰু উৎসাহ বঢ়ালে। (১ চমূ. ২৩:১৬, ১৭) যেতিয়া এলিয়াক সহায়ৰ প্ৰয়োজন আছিল, তেতিয়া যিহোৱাই ইলীচাৰ যোগেদি তেওঁক সহায় কৰিলে। (১ ৰাজা. ১৯:১৬, ২১; ২ ৰাজা. ২:২) আজি যিহোৱাই হয়তো আমাৰ পৰিয়ালৰ লোক, বন্ধু বা প্ৰাচীনসকলৰ যোগেদি আমাক সহায় কৰিব পাৰে। কিন্তু যেতিয়া আমাক দুখ লাগে, তেতিয়া হয়তো আমাক কাৰো লগত লগ কৰিবলৈ মন নাযাব পাৰে, আমাক অলপ সময় অকলে থাকিবলৈ মন যাব পাৰে। এনে অনুভৱ কৰাটো ভুল নহয়। গতিকে সেই সময়ত যিহোৱাৰ পৰা সহায় পাবলৈ আমি কি কৰিব পাৰোঁ?
১৩. যিহোৱাৰ পৰা সহায় পাবলৈ আমি কি কৰিব লাগিব? (ছবিখনো চাওক।)
১৩ আমি কি কৰিব লাগিব? আমাক হয়তো আনক লগ কৰিবলৈ মন নাযাবও পাৰে, কিন্তু এনে ভাৱনাবোৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব। যেতিয়া আমি নিজকে আনৰ পৰা আঁতৰাই ৰাখোঁ, তেতিয়া আমি অকল নিজৰ বিষয়ে ভাবিবলৈ ধৰোঁ আৰু আমি বেছিকৈ নিজৰ সমস্যাত সোমাই পৰোঁ। সেইবাবে, আমি ভুল নিৰ্ণয় লʼব পাৰোঁ। (হিতো. ১৮:১) এয়া সঁচা যে আমাক সকলোকে কেতিয়াবা কেতিয়াবা অকলে থাকিবলৈ মন যায় আৰু যদি কিবা বেয়া ঘটনা ঘটিছে, তেনেহʼলে আৰু বেছিকৈ এইদৰে কৰিবলৈ মন যায়। কিন্তু এয়া ভুল নহয়। তথাপিও আমি যদি বেছি সময়লৈকে নিজকে আনৰ পৰা আঁতৰাই ৰাখোঁ, তেনেহʼলে আমি যিহোৱাৰ পৰা সহায় লʼবলৈ অস্বীকাৰ কৰাৰ দৰে হʼব। কিয়নো যিহোৱাই আনৰ যোগেদি আমাক সহায় কৰে। গতিকে যেতিয়া আপুনি দুখ বা নিৰাশ অনুভৱ কৰে, তেতিয়া হয়তো আনক লগ কৰিবলৈ আপোনাৰ মন নাযাবও পাৰে, তথাপি আপুনি নিজৰ পৰিয়ালৰ লোক, বন্ধু আৰু প্ৰাচীনসকলৰ পৰা সহায় লৈ থাকক। মনত ৰাখক যিহোৱাই তেওঁলোকৰ যোগেদিহে আপোনাক সহায় কৰি আছে।—হিতো. ১৭:১৭; যিচ. ৩২:১, ২.
যিহোৱাই আপোনাক শান্ত্বনা দিব
১৪. কেনে পৰিস্থিতিত আমাক হয়তো বহুত ভয় লাগিব পাৰে?
১৪ কি সমস্যা হʼব পাৰে? কেতিয়াবা কেতিয়াবা আমাক হয়তো বহুত ভয় লাগিব পাৰে। বাইবেলত এয়াও লিখা আছে যে যিহোৱাৰ বিশ্বাসী সেৱকসকলক শত্ৰুসকলে হত্যা কৰিবলৈ চেষ্টা কৰিছিল বা তেওঁলোকে আন সমস্যাবোৰৰ সন্মুখীন হৈ আছিল, তেতিয়া তেওঁলোকেও বহুত ভয় খাইছিল আৰু কপিবলৈ ধৰিছিল। (গীত. ১৮:৪; ৫৫:১, ৫) ঠিক সেইদৰে যিহোৱাৰ সেৱা কৰাৰ কাৰণে আজি হয়তো আমি যিখন স্কুলত পঢ়োঁ তাৰ লʼৰা-ছোৱালী, আমাৰ লগত কাম কৰা লোক, আমাৰ পৰিয়াল বা চৰকাৰে আমাৰ বিৰোধ কৰিব পাৰে। অথবা আমাৰ কিবা ডাঙৰ বেমাৰ হোৱাৰ বাবে আমাৰ জীৱন বিপদত আছে। এনে পৰিস্থিতিত আমি হয়তো বহুত ভয় খাব পাৰোঁ আৰু সহায়হীন অনুভৱ কৰিব পাৰোঁ। আমি হয়তো নিজকে এটি শিশুৰ দৰে অনুভৱ কৰিব পাৰোঁ, যিয়ে একো কৰিব নোৱাৰে। এনে পৰিস্থিতিত যিহোৱাই আমাক কেনেকৈ সহায় কৰে?
১৫. গীতমালা ৯৪:১৯ পদৰ পৰা কি কথাৰ প্ৰতি আমাৰ বিশ্বাস হয়?
১৫ যিহোৱাই কেনেকৈ সহায় কৰে? যিহোৱাই আমাক শান্ত্বনা আৰু মনৰ শান্তি দিয়ে। (গীতমালা ৯৪:১৯ পঢ়ক।) এই পদ পঢ়ি হয়তো এটি সৰু ছোৱালীৰ কথা আপোনাৰ মনলৈ আহে, যিয়ে বহুত ভয় খাইছে আৰু ভালদৰে শুব পৰা নাই। কিয়নো বাহিৰত মেঘ গাজিছে আৰু বিজুলী মাৰি আছে। কিন্তু তেতিয়া তাইৰ দেউতা আহে আৰু তাইক নিজৰ কোলাত লʼলে আৰু যেতিয়ালৈকে তাই টোপনি নগʼল, তেতিয়ালৈকে তাইৰ লগতে থাকিল। ধুমুহা এতিয়ালৈকে শেষ হোৱা নাই কিন্তু দেউতাকৰ কোলাত তাই ইমানেই সুৰক্ষিত অনুভৱ কৰিছে যে তাইৰ ভয় নাইকিয়া হৈ গʼল। যেতিয়া আমি সমস্যাৰ মাজেদি পাৰ হওঁ আৰু আমাক ভয় লাগে, তেতিয়া যিহোৱাই আমাক নিজৰ দুবাহুত লোৱা আৰু যেতিয়ালৈকে আমাৰ মন শান্ত নহয়, তেতিয়ালৈকে আমাৰ লগতে থকাটো আমিও বিচাৰোঁ। কিন্তু যিহোৱাৰ পৰা এনে শান্ত্বনা পাবলৈ আমি কি কৰিব লাগিব?
১৬. যিহোৱাৰ পৰা শান্ত্বনা পাবলৈ আমি কি কৰিব পাৰোঁ? (ছবিখনো চাওক।)
১৬ আমি কি কৰিব লাগিব? প্ৰাৰ্থনা কৰক আৰু বাইবেল পঢ়ক। এইদৰে যিহোৱাৰ লগত সময় কটাওক। (গীত. ৭৭:১, ১২-১৪) যদি আপুনি এনে কৰিবলৈ অভ্যাস কৰে, তেনেহʼলে যেতিয়া আপুনি চিন্তিত হʼব, তেতিয়া আপুনি প্ৰথমে নিজৰ পিতৃ যিহোৱাক মাতিব। তেওঁক নিজৰ সকলো সমস্যা খুলি কওক আৰু আপোনাক কিয় ভয় লাগিছে তাৰ বিষয়েও জনাওক। তাৰ পাছত বাইবেল পঢ়ক আৰু যিহোৱাৰ কথা শুনক। তেতিয়া যিহোৱাই আপোনাক শান্ত্বনা দি আছে বুলি আপুনি অনুভৱ কৰিব পাৰিব। (গীত. ১১৯:২৮) যেতিয়া আপোনাক ভয় লাগে, তেতিয়া বাইবেলৰ কোনো ভাগ পঢ়ি আপুনি হয়তো শান্ত্বনা লাভ কৰিব পাৰে। যেনে, আপুনি হয়তো ইয়োবৰ কিতাপ, কোনো গীত, হিতোপদেশ বা মথি ৬ অধ্যায় পঢ়ি সাহস লাভ কৰিব পাৰে। যেতিয়া আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰিব আৰু বাইবেল পঢ়িব, তেতিয়া আপুনি নিশ্চয় শান্ত্বনা লাভ কৰিব।
১৭. আমি কি কথাৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ?
১৭ সমস্যাৰ সন্মুখীন হোৱাৰ সময়তো আপুনি ভৰসা ৰাখিব পাৰে যে যিহোৱাই আমাক কেতিয়াও নেৰিব। (গীত. ২৩:৪; ৯৪:১৪) তেওঁ আমাক নিশ্চয় সহায় কৰিব। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক ৰক্ষা কৰিব, আমাক চম্ভালিব আৰু সহায় আৰু শান্ত্বনা দিব। যিচয়া ২৬:৩ পদত যিহোৱাৰ বিষয়ে এইদৰে লিখা আছে, “যাৰ মনে তোমাত নিৰ্ভৰ কৰে, তুমি তাক সম্পূৰ্ণ শান্তিত ৰাখিবা; কিয়নো সি তোমাত ভাৰসা কৰিছে।” গতিকে যিহোৱাৰ ওপৰত ভৰসা ৰাখক আৰু তেওঁ আপোনাক যি উপায়বোৰৰ যোগেদি সহায় কৰি আছে, তাৰ সম্পূৰ্ণ লাভ উঠাওক। এইদৰে কৰিলে আপুনি কঠিন পৰিস্থিতিৰ সময়তো স্থিৰ হৈ থাকিব পাৰিব।
আপুনি কেনেকৈ উত্তৰ দিব?
-
আমাক বিশেষকৈ কেতিয়া যিহোৱাৰ সহায়ৰ প্ৰয়োজন হয়?
-
যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাই কি চাৰিটা উপায়েৰে আমাক সহায় কৰে?
-
যিহোৱাৰ পৰা সহায় পাবলৈ আমি কি কৰিব পাৰোঁ?
গীত ১২ যিহোৱা মহান ঈশ্বৰ
a কিছুমান নাম সলনি কৰা হৈছে।