Skip to content

Skip to table of contents

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

ছবি আঁকক আৰু শিকা কথাবোৰ মনত ৰাখক

ছবি আঁকক আৰু শিকা কথাবোৰ মনত ৰাখক

আমাৰ মাজত বহুতৰে পঢ়া কথাবোৰ মনত ৰাখিবলৈ কঠিন হয়। কিন্তু যীচুৰ কথা মনত ৰাখিবলৈ আমাৰ বাবে সহজ হয়, কাৰণ তেওঁ উদাহৰণ দি বুজাইছিল। আচলতে আমি মনতে তাৰ এখন ছবি বনাব পাৰোঁ, যাৰ বাবে আমি সেয়া মনত ৰাখিব পাৰোঁ। ঠিক সেইদৰে আপুনি যি পঢ়ে তাৰ যদি আপুনি মনত ছবি বনায়, তেনেহʼলে বহুতো কথা মনত ৰাখিব পাৰিব। এয়া আপুনি কেনেকৈ কৰিব পাৰে? আপুনি যি পঢ়িলে, সেই বিষয়ে কাগজত বা আন কʼৰবাত ছবি আঁকক।

যি লোকসকলে নতুন কথা শিকাৰ পাছত তাৰ ছবি আঁকে, তেওঁলোকে এয়া সহজে মনত ৰাখিব পাৰে। এইদৰে কৰাৰ যোগেদি তেওঁলোকে শব্দৰ লগতে মুখ্য বিষয়টো মনত ৰাখিব পাৰে। আপুনি বহুত ধুনীয়া ছবি আঁকাৰ প্ৰয়োজন নাই, আপুনি সাধাৰণ ছবি আঁকিব পাৰে। মন কৰা হৈছে যে ইয়াৰ পৰা বৃদ্ধ লোকসকলে বহুত লাভৱান হৈছে।

অহা বাৰ যেতিয়া আপুনি অধ্যয়ন কৰিব, তেতিয়া শিকা কথাবোৰৰ ছবি আঁকিব পাৰে। এয়া চাই আপুনি আচৰিত হʼব যে আপোনাৰ কিমান কথা মনত আছে!