Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪

গীত নং ১৮ মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা

মুক্তিৰ মূল্যৰ বলিদানৰ পৰা আমি কি শিকিব পাৰোঁ?

মুক্তিৰ মূল্যৰ বলিদানৰ পৰা আমি কি শিকিব পাৰোঁ?

“ ঈশ্বৰৰ প্ৰেম এইদৰে প্ৰকাশিত হʼল।”১ যোহ. ৪:৯.

কি শিকিম?

মুক্তিৰ মূল্যৰ বলিদানৰ পৰা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ কি কি গুণৰ বিষয়ে জানিব পাৰি?

১. যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত আমি প্ৰতিবছৰে কিয় উপস্থিত হোৱা উচিত?

 মুক্তিৰ মূল্যৰ বলিদান যিহোৱাৰ ফালৰ পৰা এটা বহুমূলীয়া উপহাৰ হয়। (২ কৰি. ৯:১৫) যীচুৰ বলিদানৰ বাবেহে আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ আৰু তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ। ইয়াৰ বাবে আমি অনন্ত জীৱন জীয়াই থকাৰ সুযোগ লাভ কৰিব পাৰিম। যিহোৱাই আমাক ইমানেই প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰৰ বলিদান দি দিলে। (ৰোম. ৫:৮) ইয়াৰ বাবে আমি যিমানে কৃতজ্ঞ নহওঁ কিয়, সেয়া কম হʼব। মুক্তিৰ মূল্যৰ বলিদানক গভীৰভাৱে লোৱাটো আৰু আমি সদায় যিহোৱা আৰু যীচুৰ প্ৰতি কৃতজ্ঞ হোৱাটো যীচুৱে বিচাৰিছিল। সেইবাবে, তেওঁ প্ৰভুৰ সন্ধ্যা ভোজৰ আৰম্ভ কৰিছিল।—লূক ২২:১৯, ২০.

২. এই লেখত আমি কি শিকিম?

যীচুৰ মৃত্যুৰ স্মৰণীয় দিন ২০২৫ চনত ১২ এপ্ৰিল, শনিবাৰে আমি পালন কৰিম। আপোনালোকে নিশ্চয় এই দিনত উপস্থিত হʼবলৈ তৈয়াৰী কৰি আছে। কিন্তু যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে যি কৰিলে, তাৰ বিষয়ে স্মৰণীয় দিনৰ আগত আৰু তাৰ পাছত মনন a কৰক, তেতিয়া আপোনাৰ বহুতো লাভ হʼব। এই লেখত আমি শিকিম যে মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত মনন কৰিলে আমি যিহোৱা আৰু যীচুৰ বিষয়ে কি শিকিব পাৰোঁ। পৰৱৰ্তী লেখত আমি শিকিম যে মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি কি কি আশীৰ্বাদ লাভ কৰোঁ আৰু আমি কেনেকৈ তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ।

মুক্তিৰ মূল্যৰ পৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

৩. এজন মানুহৰ মৃত্যুৰ পৰা লাখ লাখ মানুহে কেনেকৈ জীৱন পাব পাৰে? (ছবিখনো চাওক।)

মুক্তিৰ মূল্যৰ পৰা জানিব পাৰি যে যিহোৱা সদায় ন্যায় কৰে। (দ্বিতী. ৩২:৪) কেনেকৈ বাৰু? চিন্তা কৰক, আদমে আজ্ঞা উলংঘন কৰাৰ বাবে আমি পাপী হৈ পৰিলোঁ আৰু আমাৰ মৃত্যু হয়। (ৰোম. ৫:১২) আমাক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ যিহোৱাই মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিলে আৰু যীচুক এই পৃথিৱীত পঠিয়ালে। কিন্তু এজন সিদ্ধ মানুহৰ বলিদানৰ পৰা লাখ লাখ মানুহে কেনেকৈ জীৱন পাব পাৰে? পাঁচনি পৌলে এইদৰে কৈছে, “যিদৰে এজন মানুহে আজ্ঞা পালন নকৰাৰ কাৰণে বহুতো লোক পাপী হʼল, ঠিক সেইদৰে এজন মানুহে আজ্ঞা পালন কৰাৰ কাৰণে বহুতো লোক ভাল মানুহ বুলি গণিত হʼব।” (ৰোম. ৫:১৯; ১ তীম. ২:৬) আন কথাত কʼবলৈ গʼলে এজন সিদ্ধ মানুহৰ ভুলৰ বাবে সকলো মানুহৰ লোকচান হʼল, গতিকে তাৰ ক্ষতিপূৰণ কৰিবলৈও এজন সিদ্ধ মানুহে আজ্ঞা পালন কৰিব লাগিব।

এজন মানুহৰ বাবে আমি পাপ আৰু মৃত্যুৰ দাস হʼলোঁ, ঠিক সেইদৰে এজন মানুহৰ বাবে আমি সকলোৱে মুকলি হʼব পাৰোঁ (অনুচ্ছেদ ৩ চাওক)


৪. যিহোৱাই আদমৰ বিশ্বাসী সন্তানসকলক কিয় এনেই অনন্ত জীৱন জীয়াই থকাৰ সুযোগ নিদিলে?

আমাক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ যীচুৰ মৃত্যু হোৱাটো প্ৰয়োজন আছিল নে? যিহোৱাই বিষয়টো এনেই এৰি দিব নোৱাৰিলেহেঁতেন নে? তেওঁ আদমৰ বিশ্বাসী সন্তানসকলক অনন্ত জীৱন জীয়াই থকাৰ সুযোগ দিব নোৱাৰিলেহেঁতেন নে? অসিদ্ধ হোৱাৰ বাবে আমাৰ হয়তো লাগিব পাৰে যে যিহোৱাই এইদৰে কৰা হʼলে কিমান ভাল আছিল। কিন্তু যিহোৱাই এইদৰে কৰা হʼলে এয়া তেওঁৰ ন্যায় সিদ্ধান্তৰ অনুসৰি নহʼলহেঁতেন। এয়া এনে হʼলহেঁতেন যেন তেওঁ আদমৰ পাপ আওকাণ কৰিছে। কিন্তু যিহোৱাই এইদৰে কেতিয়াও নকৰে। কাৰণ তেওঁ সদায় ন্যায় কৰে।

৫. আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই যি সঠিক, সেয়াই কৰিব?

চিন্তা কৰক, যিহোৱাই মুক্তিৰ মূল্যৰ ব্যৱস্থা নকৰা হʼলে আৰু নিজৰ ন্যায় সিদ্ধান্তক আওকাণ কৰি আদমৰ অসিদ্ধ সন্তানসকলক সদায় জীয়াই থকাৰ সুযোগ দিয়া হʼলে কি হʼলহেঁতেন? লোকসকলে হয়তো ভাবিলেহেঁতেন যে যিহোৱাই আগলৈ গৈ নিজৰ ন্যায় সিদ্ধান্ত পালন কৰিব নে? তেওঁ যি কৈছে সেয়া পূৰ কৰিব নে? যেনে: হয়তো তেওঁলোকে ভাবিব পাৰিলেহেঁতেন যে যিহোৱাই যি প্ৰতিজ্ঞা কৰিছে, সেয়া তেওঁ পূৰ কৰিব নে নাই? কিন্তু আমি এইবোৰৰ বিষয়ে ভাবি চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমি জানোঁ যে যিহোৱাই নিজৰ ন্যায়ৰ মানদণ্ড সলনি নকৰিলে, তাৰ পৰিৱৰ্তে এটা ডাঙৰ মূল্য দিলে আৰু তেওঁৰ সকলোতকৈ প্ৰিয় পুত্ৰৰ বলিদান দিলে। সেইবাবে, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ সদায় যি সঠিক, সেয়াই কৰিব।

৬. যিহোৱাই আমাক বহুত প্ৰেম কৰে বুলি মুক্তিৰ মূল্যৰ বলিদানৰ পৰা কেনেকৈ জানিব পাৰি? (১ যোহন ৪:৯, ১০)

মুক্তিৰ মূল্যৰ বলিদানৰ ব্যৱস্থাৰ পৰা জানিব পাৰি যে যিহোৱাই সদায় ন্যায় কৰে। কিন্তু ইয়াৰ পৰা এয়াও জানিব পাৰি যে তেওঁ আমাক বহুত মৰম কৰে। (যোহ. ৩:১৬; ১ যোহন ৪:৯, ১০ পঢ়ক।) আমি সদায় জীয়াই থাকিব পাৰোঁ, তাৰ বাবেই অকল যিহোৱাই মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰা নাই, ইয়াৰ লগতে আমি তেওঁৰ পৰিয়ালৰ সদস্য হোৱাটো তেওঁ বিচাৰে। এয়া আমি কিয় কʼব পাৰোঁ? কাৰণ যেতিয়া আদমে পাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক নিজৰ পৰিয়ালৰ পৰা উলিয়াই দিলে। সেইবাবে, আদমৰ সন্তানসকলে যিহোৱাৰ পৰিয়ালৰ সদস্য হʼব নোৱাৰিলে। কিন্তু মুক্তিৰ মূল্যৰ বলিদানৰ বাবে যিহোৱাই আজি আমাৰ পাপ ক্ষমা কৰে। যিসকল লোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰে আৰু তেওঁৰ আজ্ঞা পালন কৰে, তেওঁলোকক যিহোৱাই এদিন নিজৰ পৰিয়ালৰ সদস্য বনাব। কিন্তু আজিও আমি যিহোৱা আৰু ভাই-ভনীসকলৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ। সঁচাকৈ, যিহোৱাই আমাক বহুত প্ৰেম কৰে!—ৰোম. ৫:১০, ১১.

৭. যীচুৱে যি কষ্ট সহ্য কৰিলে, তাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই আমাক প্ৰেম কৰে?

যিহোৱাই আমাক কিমান প্ৰেম কৰে, এয়া বুজিবলৈ চিন্তা কৰক যিহোৱাই মুক্তিৰ মূল্য দিবলৈ কিমান ডাঙৰ মূল্য দিলে। চয়তানে অভিযোগ লগাইছিল যে যদি কোনো মানুহৰ ওপৰত সমস্যা আহে, তেনেহʼলে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ নাথাকিব। এই অভিযোগ মিছা বুলি প্ৰমাণ কৰিবলৈ যিহোৱাই নিজৰ প্ৰিয় পুত্ৰক শাস্তি পাই মৰিবলৈ দিলে। (ইয়ো. ২:১-৫; ১ পিত. ২:২১) যেতিয়া ধৰ্ম গুৰুসকলে তেওঁৰ পুত্ৰক ঠাট্টা কৰিছিল, তেতিয়া যিহোৱা চাই আছিল। যিহোৱাই চাইছিল যে সৈনিকসকলে তেওঁৰ পুত্ৰক চাবুকেৰে মাৰি তেওঁৰ ছাল উলিয়াই দিছে। পাছত তেওঁৰ চকুৰ আগতে তেওঁৰ পুত্ৰক কাঠত আঁৰি দিয়া হʼল। যেতিয়া তেওঁৰ প্ৰিয় পুত্ৰ কাঠত শাস্তি পাই আছিল আৰু শেষ নিশ্বাস লৈছিল, তেতিয়া যিহোৱা এইবোৰ চাই আছিল। (মথি ২৭:২৮-৩১, ৩৯) যিহোৱাৰ ওচৰত বহুত শক্তি আছে। তেওঁ বিচৰা হʼলে এই সকলোবোৰ ৰখাব পাৰিলেহেঁতেন। যেনে, বিৰোধীসকলে যেতিয়া যীচুক কৈছিল যে “যদি ঈশ্বৰ তাৰ পৰা আনন্দিত, তেনেহʼলে তাক বচাব,” তেতিয়া যিহোৱাই তেওঁক বচাব পাৰিলেহেঁতেন। (মথি ২৭:৪২, ৪৩) কিন্তু যিহোৱাই এইদৰে কৰা হʼলে যীচুৱে মুক্তিৰ মূল্য দিব নোৱাৰিলেহেঁতেন আৰু আমাৰ ওচৰত কোনো আশা নাথাকিলেহেঁতেন। সেইবাবে, যিহোৱাই নিজৰ হৃদয়ক দুখ দি নিজৰ পুত্ৰ যীচুক দুখ-কষ্ট সহন কৰিবলৈ দিলে।

৮. যিহোৱাই নিজৰ পুত্ৰক কষ্ট পাই থকা দেখি দুখ পাইছিল নে? বুজাওক। (ছবিখনো চাওক।)

এয়া সঁচা যে যিহোৱা সৰ্বশক্তিমান ঈশ্বৰ হয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁৰ ভাৱনা নাই। চিন্তা কৰক, ঈশ্বৰে আমাক নিজৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিছে। যদি আমাৰ ভাৱনা আছে, তেনেহʼলে নিশ্চয় যিহোৱাৰো ভাৱনা আছে। বাইবেলত কোৱা হৈছে যে যিহোৱাৰ ‘বেজাৰ লাগে’ আৰু তেওঁ অন্তৰত দুখ পায়। (গীত. ৭৮:৪০, ৪১) এই কথা বুজিবলৈ অব্ৰাহাম আৰু ইচহাকৰ ঘটনাৰ বিষয়ে মন কৰক। আপোনাৰ হয়তো মনত আছে যে যিহোৱাই অব্ৰাহামক নিজৰ একমাত্ৰ পুত্ৰক বলিদান দিবলৈ আজ্ঞা দিছিল। (আদি. ২২:৯-১২; ইব্ৰী ১১:১৭-১৯) চিন্তা কৰকচোন, অব্ৰাহামে যেতিয়া নিজৰ পুত্ৰৰ বলিদান দিবলৈ তৈয়াৰী কৰি আছিল, তেতিয়া তেওঁৰ মনত কিমান কথা চলি আছিল। যেতিয়া তেওঁ নিজৰ লʼৰাক বলি দিবলৈ চুৰিখন লৈছিল, তেতিয়া তেওঁৰ মনত কিমান দুখ লাগিছিল। এতিয়া যিহোৱাৰ বিষয়ে চিন্তা কৰক, যেতিয়া তেওঁ চাইছিল যে লোকসকলে তেওঁৰ পুত্ৰক নিৰ্দয়ভাৱে যাতনা দি মাৰি আছিল, তেতিয়া তেওঁৰ কেনে লাগিছিল? তেওঁ দুখত একেবাৰে ভাঙি পৰিছিল!—jw.org-ত দিয়া তেওঁলোকৰ বিশ্বাসৰ অনুকৰণ কৰক—অব্ৰাহাম, ভাগ ২ নামৰ ভিডিঅʼখন চাওক।

নিজৰ পুত্ৰক কষ্টত দেখি যিহোৱাই দুখত ভাগি পৰিলে (অনুচ্ছেদ ৮ চাওক)


৯. ৰোমীয়া ৮:৩২, ৩৮, ৩৯ পদৰ পৰা যিহোৱাৰ প্ৰেমৰ বিষয়ে কি জানিব পাৰি?

মুক্তিৰ মূল্যৰ যি ব্যৱস্থা কৰা হৈছে, তাৰ পৰা জানিব পাৰি যে যিহোৱাই আমাক সকলোতকৈ বেছি প্ৰেম কৰে। আমাৰ পৰিয়ালৰ লোকসকল বা আমাৰ আটাইতকৈ ভাল বন্ধুৱে আমাক যিমান প্ৰেম কৰে, তাতকৈ বেছি যিহোৱাই আমাক প্ৰেম কৰে। (ৰোমীয়া ৮:৩২, ৩৮, ৩৯ পঢ়ক।) আমি নিজকে যিমান প্ৰেম কৰোঁ, তাতকৈ বেছি যিহোৱাই আমাক প্ৰেম কৰে। আপুনি সদায় জীয়াই থাকিব বিচাৰে নে? আপুনি সদায় জীয়াই থকাটো আপোনাতকৈ বেছি যিহোৱাই বিচাৰে। আপোনাৰ পাপ ক্ষমা হোৱাটো আপুনি বিচাৰে নে? আপোনাতকৈ বেছি আপোনাৰ পাপ ক্ষমা কৰিবলৈ যিহোৱাই বিচাৰে। ইয়াৰ সলনি আমি কেৱল মুক্তিৰ মূল্যৰ প্ৰতি কৃতজ্ঞ হোৱা, তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাটোহে যিহোৱাই বিচাৰে। মুক্তিৰ মূল্যৰ যি ব্যৱস্থা কৰা হৈছে, এয়া যিহোৱাৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হয়। যিহোৱাৰ প্ৰেমৰ বিষয়ে আমি নতুন পৃথিৱীত আৰু বহুতো কথা জানিব পাৰিম।—উপ. ৩:১১.

মুক্তিৰ মূল্যৰ পৰা আমি যীচুৰ বিষয়ে কি শিকিব পাৰোঁ?

১০. (ক) নিজৰ মৃত্যুৰ বিষয়ে ভাবি যীচুৰ কিয় দুখ লাগিছিল? (খ) যীচুৱে কেনেকৈ যিহোৱাৰ নাম পবিত্ৰ কৰিলে? (“ যীচুৱে বিশ্বাসী হৈ থকাৰ যোগেদি যিহোৱাৰ নাম পবিত্ৰ কৰিলে” নামৰ বক্সখনো চাওক।)

১০ যীচুৱে নিজৰ পিতৃৰ নামৰ বিষয়ে বহুত চিন্তা কৰে। (যোহ. ১৪:৩১) যেতিয়া যীচুৰ ওপৰত তেওঁৰ পিতৃৰ নাম নিন্দা কৰাৰ অভিযোগ লগোৱা হʼব আৰু এজন অপৰাধীৰ দৰে তেওঁক মাৰি পেলোৱা হʼব, তেতিয়া তেওঁৰ পিতৃৰ নাম কিমান বদনাম হʼব, তাৰ বিষয়ে ভাবি যীচুৰ দুখ লাগিছিল। সেইবাবে, তেওঁ যিহোৱাক প্ৰাৰ্থনাত কৈছিল, “হে মোৰ পিতৃ, যদি সম্ভৱ হয়, তেনেহʼলে এই পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া।” (মথি ২৬:৩৯) যীচুৱে শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। এইদৰে তেওঁ নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিলে।

১১. যীচুৱে লোকসকলক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱালে? (যোহন ১৩:১)

১১ মুক্তিৰ মূল্যৰ ব্যৱস্থাৰ পৰা জানিব পাৰি যে যীচুৱে লোকসকলৰ বিষয়ে বহুত চিন্তা কৰিছিল, বিশেষকৈ নিজৰ শিষ্যসকলৰ বিষয়ে। (হিতো. ৮:৩১; যোহন ১৩:১ পঢ়ক।) আমি এয়া কেনেকৈ কʼব পাৰোঁ? কাৰণ যীচুৱে জানিছিল যে পৃথিৱীত তেওঁৰ জীৱন সহজ নহʼব, তেওঁক বহুত যাতনা ভুগিব লাগিব আৰু তেওঁৰ কষ্টকৰ মৃত্যু হʼব। তথাপিও তেওঁ যিহোৱাই দিয়া কামটো পূৰ কৰিলে। এয়া তেওঁ নিজৰ কৰ্তব্য বুলি কৰিলে এনে নহয়, তেওঁ লোকসকলক বহুত প্ৰেম কৰিছিল। তেওঁ মনে-প্ৰাণে লোকসকলক প্ৰচাৰ কৰিলে, শিকালে আৰু সহায় কৰিলে। আনকি যীচুৱে নিজৰ মৃত্যুৰ আগ নিশা নিজৰ শিষ্যসকলৰ ভৰি ধুইছিল। যীচুৱে তেওঁলোকক শান্ত্বনা দিয়াৰ লগতে পৰামৰ্শও দিছিল। (যোহ. ১৩:১২-১৫) যীচুক যেতিয়া কাঠত আঁৰি দিয়া হৈছিল, তেতিয়া তেওঁ এজন অপৰাধীক আশা দিছিল আৰু নিজৰ মাৰ চোৱা-চিতা কৰাৰ ব্যৱস্থাও কৰিছিল। (লূক ২৩:৪২, ৪৩; যোহ. ১৯:২৬, ২৭) এইদৰে যীচুৱে নিজৰ জীৱন দি আমাক প্ৰেম কৰে বুলি দেখুৱালে। ইয়াৰ লগতে তেওঁ যিদৰে জীৱন-যাপন কৰিলে তাৰ পৰাও জানিব পাৰি যে তেওঁ আমাক কিমান প্ৰেম কৰে।

১২. যীচুৱে কেনেকৈ আজিও আমাৰ বাবে ত্যাগ কৰি আছে?

১২ এয়া সঁচা যে যীচুৱে “এবাৰেই” সদায়ৰ বাবে নিজৰ জীৱন বলিদান দিলে, কিন্তু তেওঁ আজিও আমাৰ বাবে বহুতো ত্যাগ কৰি আছে। (ৰোম. ৬:১০) কেনেকৈ বাৰু? আমি যাতে মুক্তিৰ মূল্যৰ বলিদানৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰোঁ, তাৰ বাবে যীচুৱে আজিও বহুত পৰিশ্ৰম কৰি আছে। যেনে, তেওঁ আমাৰ ৰজা আৰু মহাপুৰোহিত হিচাপে বহুত কিছু কৰি আছে। ইয়াৰ লগতে মণ্ডলীৰ মূৰব্বী হোৱা দায়িত্বও পূৰ কৰি আছে। (১ কৰি. ১৫:২৫; ইফি. ৫:২৩; ইব্ৰী ২:১৭) ইয়াৰ উপৰিও অভিষিক্ত লোক আৰু ডাঙৰ ভীৰৰ লোকসকলক একগোট কৰাৰ দায়িত্বও যীচু খ্ৰীষ্টক দিয়া হৈছে। এই কাম মহা সংকট শেষ হোৱাৰ আগতে পূৰ হোৱা উচিত। b (মথি ২৫:৩২; মাৰ্ক ১৩:২৭) এই শেষ কালত খ্ৰীষ্টানসকলে সঠিক সময়ত যাতে আধ্যাত্মিক ভোজন পাই থাকে, তাৰ প্ৰতিও যীচুৱে ধ্যান দিয়ে যাতে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে। (মথি ২৪:৪৫) নিজৰ হাজাৰ বছৰৰ শাসন কালত তেওঁ আমাৰ বাবে বহুত কিছু কৰিব। সঁচাকৈ, যিহোৱাই নিজৰ পুত্ৰক আমাৰ বাবে সম্পূৰ্ণৰূপে দি দিলে!

নতুন নতুন কথা শিকি থাকক

১৩. মনন কৰিলে আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱা আৰু যীচুৱে আমাক বহুত প্ৰেম কৰে?

১৩ যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে যি কৰিলে, তাৰ ওপৰত মনন কৰিলে আপুনি আৰু ভালদৰে বুজি পাব যে তেওঁলোকে আপোনাক কিমান প্ৰেম কৰে। গতিকে এই বছৰৰ স্মৰণীয় দিনৰ কিছু সপ্তাহৰ আগত আৰু তাৰ পাছৰ সপ্তাহত শুভবাৰ্তাৰ এখন বা দুখন কিতাপ মনোযোগ দি পঢ়িবলৈ চেষ্টা কৰক। এবাৰতে গোটেই অধ্যায় পঢ়াৰ পৰিৱৰ্তে অলপ অলপকৈ পঢ়ক আৰু মনন কৰক। আমি যিহোৱা আৰু যীচুক কিয় প্ৰেম কৰা উচিত, তাৰ আন কিছুমান কাৰণ জানিবলৈ চেষ্টা কৰক। ইয়াৰ উপৰিও আপুনি যি শিকিছে তাৰ বিষয়ে আনকো জনাওক।

১৪. অনুসন্ধান কৰিলে আমি মুক্তিৰ মূল্য আৰু আন বিষয়বোৰৰ বিষয়ে কেনেকৈ নতুন নতুন কথা শিকি থাকিব পাৰোঁ? (গীতমালা ১১৯:৯৭) (ছবিখনো চাওক।)

১৪ যদি আপুনি বহু বছৰৰ পৰা যিহোৱাৰ সাক্ষী হয়, তেনেহʼলে হয়তো আপুনি ভাবিব পাৰে যে ঈশ্বৰৰ ন্যায়, তেওঁৰ প্ৰেম আৰু মুক্তিৰ মূল্য, এনেধৰণৰ বিষয়বোৰৰ বিষয়ে আমি আগৰে পৰা বহুতো কথা জানোঁ। এতিয়া ইয়াৰ বিষয়ে নতুন কথা আৰু কি শিকিব পাৰোঁ? কিন্তু আমি এনে বিষয়বোৰত কিবা নহয় কিবা নতুন কথা শিকি থাকিব পাৰোঁ। কেনেকৈ বাৰু? এনে বিষয়বোৰত আমাৰ প্ৰকাশনত বহুতো তথ্য দিয়া আছে, তাৰ বিষয়ে অধ্যয়ন কৰক। অধ্যয়ন কৰাৰ সময়ত যদি আপুনি সম্পূৰ্ণৰূপে বুজি নাপায়, তেনেহʼলে অনুসন্ধান কৰক। আপুনি যি শিকিলে তাৰ বিষয়ে গোটেই দিন মনন কৰক। আপুনি যি পঢ়িলে তাৰ পৰা যিহোৱা আৰু যীচুৰ বিষয়ে কি জানিব পাৰি আৰু তেওঁলোকে আপোনাক প্ৰেম কৰে বুলি কেনেকৈ জানিব পাৰি, তাৰ বিষয়েও চিন্তা কৰক।—গীতমালা ১১৯:৯৭ পঢ়ক।

আমি যিমানেই বছৰৰ পৰা যিহোৱাৰ সাক্ষী নহওঁ কিয়, আমি মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি নিজৰ কৃতজ্ঞতা বঢ়াই থাকিব পাৰোঁ (অনুচ্ছেদ ১৪ চাওক)


১৫. আমি কিয় বাইবেলৰ পৰা বহুমূল্য ৰত্ন বিচাৰি থকা উচিত?

১৫ যেতিয়া আপুনি কিবা পঢ়িবলৈ বহে বা কিবা অনুসন্ধান কৰে, তেতিয়া প্ৰতিবাৰে নতুন কথা বা ৰোমাঞ্চকৰ কথা যদি শিকিবলৈ নাপায়, তেনেহʼলে নিৰাশ নহʼব। খন্তেকৰ বাবে সোণ বিচৰা লোকসকলৰ বিষয়ে চিন্তা কৰক। তেওঁলোকে বহুত ধৈৰ্য্য ধৰিবলগীয়া হয়। বহুবাৰ তেওঁলোকে বহু ঘন্টা বা বহু দিন কটোৱাৰ পাছত সোণৰ এটুকুৰা কণিকা বিচাৰি পায়। তথাপিও তেওঁলোকে হাৰ নামানে। কাৰণ তেওঁলোকে জানে যে সোণৰ এটুকুৰা কণিকাৰো বহুত মূল্য আছে। কিন্তু আমি বাইবেলৰ পৰা যি ৰত্ন বিচাৰোঁ, সেয়া সোণতকৈয়ো বহুত মূল্যৱান। (গীত. ১১৯:১২৭; হিতো. ৮:১০) গতিকে, ধৈৰ্য্য ধৰক, প্ৰতি দিনে বাইবেল পঢ়ক আৰু নতুন নতুন কথা জানিবলৈ চেষ্টা কৰি থাকক।—গীত. ১:২.

১৬. আমি যিহোৱা আৰু যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ?

১৬ অধ্যয়ন কৰাৰ পাছত চিন্তা কৰক যে আপুনি তাৰ অনুসৰি কেনেকৈ চলিব পাৰে। যেনে, যিহোৱাই সদায় ন্যায় কৰে, আপুনিও সেইদৰে কৰক। কেতিয়াও কাৰো লগত পক্ষপাত নকৰিব। যীচুৰ দৰে যিহোৱা আৰু লোকসকলক প্ৰেম কৰক। যিহোৱাৰ নামৰ বাবে যদি আপোনাক দুখ-কষ্ট সহন কৰিবলগীয়া হয়, তেনেহʼলে ইয়াৰ বাবে সাজু থাকক আৰু ভাই-ভনীসকলক সহায় কৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰক। ইয়াৰ লগতে যীচুৰ দৰে লোকসকলক শুভবাৰ্তা শুনাওক যাতে তেওঁলোকে জানিব পাৰে যে যিহোৱাই আমাক কিমান মূল্যৱান উপহাৰ দিছে আৰু তেওঁলোকেও মুক্তিৰ মূল্যৰ পাৰ লাভৱান হʼব পাৰে।

১৭. পৰৱৰ্তী লেখত আমি কি শিকিম?

১৭ যিমানে বেছি আমি মুক্তিৰ মূল্যৰ বিষয়ে জানিম আৰু তাৰ প্ৰতি কৃতজ্ঞতা বঢ়াম, সিমানে যিহোৱা আৰু যীচুৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব আৰু তেওঁলোকেও আমাক আৰু বেছিকৈ প্ৰেম কৰিব। (যোহ. ১৪:২১; যাকো. ৪:৮ ) গতিকে মুক্তিৰ মূল্যৰ বিষয়ে জানিবলৈ বাইবেল আৰু বাইবেল আধাৰিত যিবোৰ প্ৰকাশন আমাৰ সংগঠনে প্ৰকাশিত কৰিছে, তাৰ সম্পূৰ্ণ লাভ উঠাওক। পৰৱৰ্তী লেখত আমি শিকিম যে মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি কি কি আশীৰ্বাদ লাভ কৰোঁ আৰু যিহোৱাই আমাক যি প্ৰেম কৰিলে, তাৰ বাবে আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

গীত নং ১০৭ যিহোৱাৰ প্ৰেমৰ আৰ্হি

a ইয়াৰ অৰ্থ কি: “মনন” কৰাৰ অৰ্থ হৈছে কোনো বিষয়ে গভীৰভাৱে চিন্তা কৰা আৰু তাক ভালদৰে বুজিবলৈ আৰু তথ্য গোটোৱা।

b ইফিচীয়া ১:১০ পদত পাঁচনি পৌলে ‘স্বৰ্গৰ’ বস্তু গোটোৱাৰ বিষয়ে যি কথা কৈছিল আৰু মথি ২৪:৩১ আৰু মাৰ্ক ১৩:২৭ পদত যীচু খ্ৰীষ্টই “বাছনি কৰা লোকসকলক” গোটোৱাৰ যি কথা কৈছিল, তাৰ মাজত পাৰ্থক্য আছে। পৌলে সেই সময়ৰ কথা কৈ আছিল, যেতিয়া যিহোৱাই পবিত্ৰ শক্তিৰে কিছুমানক অভিষেক কৰি তেওঁলোকক যীচুৰ লগত শাসন কৰিবলৈ বাছনি কৰে আৰু যীচু সেই সময়ৰ কথা কৈ আছিল, যেতিয়া পৃথিৱীত বাকী থকা খ্ৰীষ্টানসকলক মহা সংকটৰ সময়ছোৱাত স্বৰ্গত একগোট কৰা হʼব।