Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫

গীত নং ১০৮ ঈশ্বৰৰ প্ৰকৃত প্ৰেম

যিহোৱাৰ প্ৰেমৰ বাবে পালোঁ বহুতো আশীৰ্বাদ

যিহোৱাৰ প্ৰেমৰ বাবে পালোঁ বহুতো আশীৰ্বাদ

“খ্ৰীষ্ট যীচুৱে পাপীবিলাকক উদ্ধাৰ কৰিবলৈ জগতলৈ আহিছিল।”১ তীম. ১:১৫.

কি শিকিম?

মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি কি কি আশীৰ্বাদ লাভ কৰোঁ আৰু আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ আছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

১. আমি যিহোৱাক আনন্দিত কৰিবলৈ কি কৰিব পাৰোঁ?

 ধৰি লওক, আপুনি কাৰোবাক বহুত প্ৰেম কৰে আৰু তেওঁক এটা বিশেষ উপহাৰ দিয়ে। সেই উপহাৰটো বৰ ধুনীয়া আৰু তেওঁৰ বহুত কামতো আহিব। কিন্তু তেওঁ যদি সেই উপহাৰটো কʼৰবাত থৈ দিয়ে আৰু তাৰ বিষয়ে পাহৰি যায়, তেনেহʼলে আপোনাৰ কেনেকুৱা লাগিব? আনহাতে, তেওঁ যদি সেই উপহাৰটো ব্যৱহাৰ কৰে আৰু ইয়াৰ বাবে আপোনাক ধন্যবাদ দিয়ে, তেনেহʼলে আপোনাৰ নিশ্চয় ভাল লাগিব। ঠিক সেইদৰে, যিহোৱাই আমাক এটা মূল্যৱান উপহাৰ দিছে। তেওঁ আমাক ইমানেই প্ৰেম কৰে যে আমাৰ বাবে তেওঁ নিজৰ প্ৰিয় পুত্ৰৰ বলিদান দিলে। যদি আমি যিহোৱাৰ এই প্ৰেম আৰু মুক্তিৰ মূল্যৰ বলিদানৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞ হওঁ, তেনেহʼলে চিন্তা কৰকচোন তেওঁক কিমান ভাল লাগিব।—যোহ. ৩:১৬; ৰোম. ৫:৭, ৮.

২. এই লেখত আমি কি শিকিম?

কিন্তু সময় পাৰ হোৱাৰ লগে লগে মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি আমাৰ কৃতজ্ঞতা কমি যাব পাৰে। এয়া এনে হʼব যেন যিহোৱাই আমাক যি মূল্যৱান উপহাৰ দিছে, সেয়া আমি কʼৰবাত থৈ দিলোঁ আৰু তাৰ বিষয়ে পাহৰি গʼলোঁ। আমাৰ লগত এইদৰে হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। সেইবাবে, যিহোৱা আৰু যীচুৱে আমাৰ বাবে যি কৰিলে তাৰ বিষয়ে ভাবি থকা আৰু কৃতজ্ঞতা বঢ়াই থকাটো অতি গুৰুত্বপূৰ্ণ। এয়া আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব। আমি এয়াও চাম যে এই বলিদানৰ বাবে এতিয়াৰে পৰা আমি কি কি আশীৰ্বাদ পাইছোঁ আৰু ভৱিষ্যতে কি কি আশীৰ্বাদ পাম। ইয়াৰ লগতে যিহোৱাই আমাক যি প্ৰেম দেখুৱাইছে তাৰ প্ৰতি কৃতজ্ঞ বুলি আমি বিশেষকৈ স্মৰণীয় দিনৰ আগত আৰু পাছত কেনেকৈ দেখুৱাব পাৰোঁ।

আমি এতিয়াৰে পৰা কি কি আশীৰ্বাদ পাইছোঁ?

৩. মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি এতিয়াৰে পৰা কি কি আশীৰ্বাদ পাইছোঁ?

খ্ৰীষ্টৰ মুক্তিৰ মূল্যৰ বাবে আজি আমি বহুতো আশীৰ্বাদ পাইছোঁ। যেনে, এই বলিদানৰ বাবে যিহোৱাই আমাৰ পাপ ক্ষমা কৰে। তেওঁ আমাৰ পাপ ক্ষমা কৰিবই লাগিব এনে নহয়, কিন্তু যিহোৱাই আমাৰ পাপ ক্ষমা কৰিব বিচাৰে, সেইবাবেহে এইদৰে কৰে। যিহোৱাৰ পৰা ক্ষমা পাই এজন গীত ৰচকে কৃতজ্ঞ হৈ এইদৰে কৈছে, “হে প্ৰভু [যিহোৱা], তুমিয়েই মঙ্গলময় আৰু ক্ষমাৱান।”—গীত. ৮৬:৫; ১০৩:৩, ১০-১৩.

৪. যিহোৱাই কোন লোকসকলৰ বাবে মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিছে? (লূক ৫:৩২; ১ তীমথিয় ১:১৫)

কিছুমান লোকে হয়তো ভাবিব পাৰে যে তেওঁ যিহোৱাৰ পৰা ক্ষমা পোৱাৰ যোগ্য নহয়। আচলতে আমি কোনোৱে ইয়াৰ যোগ্য নহওঁ। পাঁচনি পৌলেও ইয়াৰ বিষয়ে জানিছিল, সেইবাবে তেওঁ এইদৰে কৈছিল, ‘মই পাঁচনি বুলি মতাৰো যোগ্য নহওঁ।’ কাৰণ তেওঁ আগতে “ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অত্যাচাৰ” কৰিছিল। কিন্তু তাৰ পাছত তেওঁ কৈছিল, “আজি মই যি আছোঁ, সেয়া ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে আছোঁ।” (১ কৰি. ১৫:৯, ১০) যেতিয়া আমি নিজৰ পাপৰ বাবে অনুতাপ কৰোঁ, তেতিয়া যিহোৱাই আমাক ক্ষমা কৰে। কিন্তু আমি ইয়াৰ যোগ্য হওঁ বা আমি ইয়াৰ অধিকাৰী হওঁ বুলি তেওঁ এইদৰে নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁ আমাক প্ৰেম কৰে, সেইবাবেহে আমাৰ পাপ ক্ষমা কৰে। তথাপিও যদি আপুনি যিহোৱাৰ পৰা ক্ষমা পোৱাৰ যোগ্য নহওঁ বুলি ভাবি নিৰাশ হৈ পৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে? মনত ৰাখক, যিহোৱাই সেই লোকসকলৰ বাবে যীচুৰ বলিদান দিয়া নাই, যিসকলে কেতিয়াও পাপ কৰা নাই, তাৰ পৰিৱৰ্তে যিসকলে নিজৰ পাপৰ বাবে অনুতাপ কৰে, তেওঁলোকৰ বাবেহে এই বলিদান দিছে।—লূক ৫:৩২; ১ তীমথিয় ১:১৫ পঢ়ক।

৫. আমি যিহোৱাৰ ক্ষমা পোৱাৰ অধিকাৰী হওঁ নে? বুজাওক।

যদিও যিহোৱাৰ সেৱা কৰা আমাৰ বহু বছৰ হৈ গৈছে, তথাপি আমি কেতিয়াও এইদৰে ভবা উচিত নহয় যে যিহোৱাৰ পৰা ক্ষমা পোৱাটো আমাৰ অধিকাৰ হয়। এয়া সঁচা যে ইমান বছৰৰ পৰা আমি তেওঁৰ যি সেৱা কৰিলোঁ, তাৰ বাবে তেওঁ বহুত মূল্যাংকন কৰে। (ইব্ৰী ৬:১০) যিহোৱাই যীচু খ্ৰীষ্টৰ যি বলিদান দিলে, সেয়া আমাৰ সেৱাৰ দৰমহা বা মূল্য হয় বুলি ভবাটো উচিত নহয়। এই উপহাৰ তেওঁ আনন্দেৰে দিছে। সেইবাবে, আমি তেওঁৰ কাৰণে যি কৰিলোঁ, তাৰ বাবে তেওঁ আমাক ক্ষমা কৰিবই লাগিব বুলি ভবাটো ভুল হʼব। এয়া এনে হʼব যেন যীচুৱে আমাৰ বাবে নিজৰ জীৱন দিয়াৰ প্ৰয়োজনে নাছিল, তেওঁৰ বলিদান একেবাৰে ব্যৰ্থ আছিল।—গালাতীয়া ২:২১ পদৰ লগত তুলনা কৰক।

৬. পৌলে যিহোৱাৰ সেৱাত ইমান পৰিশ্ৰম কিয় কৰিলে?

পৌলে জানিছিল যে তেওঁ যিয়েই নকৰক কিয়, তেওঁ কেতিয়াও যিহোৱাৰ ক্ষমা পোৱাৰ অধিকাৰী হʼব নোৱাৰে। তথাপিও তেওঁ কিয় ইমান পৰিশ্ৰম কৰিলে? কাৰণ যিহোৱাই তেওঁক যি মহা-কৃপা দেখুৱালে, তাৰ বাবে তেওঁ কৃতজ্ঞতা দেখুৱাব বিচাৰিছিল। (ইফি. ৩:৭) পৌলৰ দৰে আজি আমিও যিহোৱাৰ সেৱাত বহুত পৰিশ্ৰম কৰোঁ, কাৰণ আমি তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ হওঁ, তেওঁৰ পৰা ক্ষমা পোৱা অধিকাৰী হʼবলৈ এইদৰে নকৰোঁ।

৭. মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি এতিয়াৰে পৰা আৰু কি কি আশীৰ্বাদ পাইছোঁ? (ৰোমীয়া ৫:১; যাকোব ২:২৩)

মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি আৰু এটা আশীৰ্বাদ পাইছোঁ। সেয়া হৈছে আমি যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ আৰু তেওঁৰ কাষ চাপিব পাৰোঁ।  a ইয়াৰ আগৰ লেখত আলোচনা কৰা হৈছিল যে জন্মৰে পৰা যিহোৱাৰ লগত আমাৰ কোনো সম্পৰ্ক নাথাকে। কিন্তু মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি “ঈশ্বৰৰ লগত শান্তিৰ সম্পৰ্ক” গঢ়ি তুলিব পাৰোঁ আৰু তেওঁৰ কাষ চাপিব পাৰোঁ।—ৰোমীয়া ৫:১; যাকোব ২:২৩ পঢ়ক।

৮. আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ সুযোগ পোৱাৰ বাবে কিয় কৃতজ্ঞ?

যিহোৱাৰ লগত ভাল সম্পৰ্ক থকাৰ বাবে আমি যিকোনো সময়ত তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। এয়াও এক ডাঙৰ আশীৰ্বাদ হয়। যেতিয়া কিছুমান লোকে একেলগে মিলি যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেতিয়া যিহোৱাই সেই প্ৰাৰ্থনা শুনে, কিন্তু আমি অকলশৰীয়াকৈ প্ৰাৰ্থনা কৰিলেও তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। প্ৰাৰ্থনা কৰিলে আমি শান্ত্বনা পাওঁ আৰু মনৰ শান্তি লাভ কৰোঁ। কিন্তু আমি কেৱল মনৰ শান্তি লাভ কৰিবলৈ তেওঁলৈ প্ৰাৰ্থনা নকৰোঁ, ইয়াৰ পৰিৱৰ্তে এইদৰে কৰিলে তেওঁৰ লগত আমাৰ যি বন্ধুত্ব আছে, সেয়া আৰু মজবুত হয়। (গীত. ৬৫:২; যাকো. ৪:৮; ১ যোহ. ৫:১৪) যীচু যেতিয়া পৃথিৱীত আছিল, তেতিয়া তেওঁ বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। কাৰণ তেওঁ জানিছিল যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা নিশ্চয় শুনিব আৰু তেওঁলোকৰ মাজত যি সম্পৰ্ক আছে, সেয়া আৰু দৃঢ় হʼব। (লূক ৫:১৬) মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি যিহোৱাৰ বন্ধু হʼব পাৰোঁ আৰু প্ৰাৰ্থনাৰ যোগেদি তেওঁৰ লগত কথা পাতিব পাৰোঁ। ইয়াৰ বাবে আমি সঁচাকৈ বহুত কৃতজ্ঞ।

ভৱিষ্যতে আমি কি কি আশীৰ্বাদ পাম?

৯. মুক্তিৰ মূল্যৰ বলিদানৰ বাবে যিহোৱাৰ বিশ্বাসী সেৱকসকলে ভৱিষ্যতে কি আশীৰ্বাদ লাভ কৰিব?

মুক্তিৰ মূল্যৰ বলিদানৰ বাবে যিহোৱাৰ বিশ্বাসী সেৱকসকলে ভৱিষ্যতে কি কি আশীৰ্বাদ লাভ কৰিব? তেওঁলোকে এই পৃথিৱীতে অনন্ত জীৱন জীয়াই থাকিব। বহুতো লোকক এই কথা অসম্ভৱ যেন লাগে, কাৰণ এইদৰে এতিয়ালৈকে হোৱাই নাই। কিন্তু যেতিয়া যিহোৱাই মানুহক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকে অনন্ত জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰিছিল। কিন্তু আদমে পাপ নকৰা হʼলে কাকো এই কথা অসম্ভৱ যেন নালাগিলেহেঁতেন, কাৰণ লোকসকলে অনন্ত জীৱন জীয়াই থাকিলেহেঁতেন। অনন্ত জীৱন জীয়াই থকাটো এতিয়া আমাক অসম্ভৱ যেন লাগিব পাৰে, কিন্তু এয়া সম্ভৱ। কাৰণ আমি জানোঁ যে ইয়াক সম্ভৱ কৰি তুলিবলৈ যিহোৱাই নিজৰ প্ৰিয় পুত্ৰৰ বলিদান দি ইয়াৰ মূল্য দিলে। সঁচাকৈ মুক্তিৰ মূল্য যিহোৱাৰ ফালৰ পৰা পোৱা মূল্যৱান উপহাৰ হয়।—ৰোম. ৮:৩২.

১০. অভিষিক্ত খ্ৰীষ্টান আৰু ডাঙৰ জাকৰ লোকসকলে কিহৰ বাবে বাট চাই আছে?

১০ এয়া সঁচা যে আমি অনন্ত জীৱন ভৱিষ্যতেহে পাম। কিন্তু তাৰ বিষয়ে আমি এতিয়াৰে পৰা চিন্তা কৰাটো যিহোৱাই বিচাৰে। অভিষিক্ত খ্ৰীষ্টানসকলে সেই সময়ৰ বাবে বাট চাই আছে, যেতিয়া তেওঁলোকে যীচুৰ লগত মিলি স্বৰ্গত শাসন কৰিব। (প্ৰকা. ২০:৬) ডাঙৰ জাকৰ লোকসকলে সেই সময়ৰ বাবে বাট চাই আছে, যেতিয়া তেওঁলোকে এই পৃথিৱীতে অনন্ত জীৱন জীয়াই থাকিব যʼত কোনো দুখ-কষ্ট নাথাকিব। (প্ৰকা. ২১:৩, ৪) আপোনাৰো এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে নে? যদি আছে, তেনেহʼলে এই পুৰস্কাৰৰ মূল্যক কম বুলি নাভাবিব। পৃথিৱীত আমাৰ জীৱন বহুত আনন্দময় হʼব। কাৰণ পৃথিৱীত আনন্দেৰে সদায় জীয়াই থাকিবলৈ মানুহক সৃষ্টি কৰা হৈছে।

১১-১২. নতুন পৃথিৱীত পাবলগীয়া কি কি আশীৰ্বাদৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ? (ছবিখনো চাওক।)

১১ চিন্তা কৰক, নতুন পৃথিৱীত আমাৰ জীৱন কিমান ভাল হʼব। আপোনাৰ কোনো ধৰণৰ বেমাৰ আৰু মৃত্যু নহʼব। (যিচ. ২৫:৮; ৩৩:২৪) যিহোৱাই আপোনাৰ সকলো ইচ্ছা পূৰ কৰিব যি তেওঁৰ ইচ্ছাৰ অনুসৰি হয়। আপুনি নতুন পৃথিৱীত কি কৰিব বিচাৰে? কি কি দক্ষতা শিকিব বিচাৰে? আপুনি বিজ্ঞান, জীৱ-জন্তু আৰু পখীৰ বিষয়ে শিকিব বিচাৰে নে? সংগীত বা কিবা বাদ্য-যন্ত্ৰ বজাবলৈ শিকিব বিচাৰে নে? অথবা ড্ৰইং বা পেইন্টিং কৰিবলৈ শিকিব বিচাৰে নে? নতুন পৃথিৱীত সা-সঁজুলি বনোৱা, বিল্ডিঙৰ ডিজাইন বনোৱা আৰু তাক নিৰ্মাণ কৰা লোকসকলৰ প্ৰয়োজন হʼব। ইয়াৰ উপৰিও বাগিছা, খেতি-বাৰী আৰু আহাৰ ৰান্ধিবলৈ জনা লোকসকলৰো প্ৰয়োজন হʼব। (যিচ. ৩৫:১; ৬৫:২১) নতুন পৃথিৱীত আপোনাৰ ওচৰত বহুত সময় থাকিব, সেইবাবে আপুনি যিমান পাৰে সিমান দক্ষতা শিকিব পাৰিব।

১২ নতুন পৃথিৱীত যেতিয়া লোকসকলক আকৌ জীয়াই তোলা হʼব আৰু আমি তেওঁলোকক আদৰণি জনাম, তেতিয়া সঁচাকৈ বৰ আনন্দময় পৰিস্থিতি হʼব। (পাঁচ. ২৪:১৫) সেই সময়ত আমি যিহোৱাৰ সৃষ্টিৰ বস্তুবোৰৰ পৰা তেওঁৰ বিষয়ে বহুতো কথা জানিব পাৰিম। সঁচাকৈ তেতিয়া আমাৰ বৰ ভাল লাগিব। (গীত. ১০৪:২৪; যিচ. ১১:৯) নতুন পৃথিৱীত আমি সকলোৱে সিদ্ধ হৈ পৰিম আৰু দোষীৰ ভাবনাই আমাক আমনি নিদিব। সেই সময়ত আমি আনন্দ মনেৰে যিহোৱাৰ উপাসনা কৰিব পাৰিম। এয়া সঁচাকৈ বৰ ডাঙৰ আশীৰ্বাদ হয়। গতিকে, “পাপৰ অলপদিনিয়া সুখ ভোগ” কৰিবলৈ আপুনি ইমানবোৰ আশীৰ্বাদ হেৰুৱাই দিবনে? (ইব্ৰী ১১:২৫) কেতিয়াও নহয়। আমি নতুন পৃথিৱীত যিবোৰ আশীৰ্বাদ পাম, তাৰ তুলনাত আজি আমি যিবোৰ ত্যাগ কৰি আছোঁ সেইবোৰ একোৱেই নহয়। মনত ৰাখক, নতুন পৃথিৱীত জীয়াই থকাটো কেৱল আশা হৈ নাথাকিব সেয়া নিশ্চয় পূৰ হʼব। কাৰণ যিহোৱাই নিজৰ মৰমৰ পুত্ৰক আমাৰ বাবে বলিদান দিলে আৰু ইয়াক সম্ভৱ কৰি তুলিলে।

প্ৰমোদবনত পাবলগীয়া কি কি আশীৰ্বাদৰ বাবে আপুনি আগ্ৰহেৰে বাট চাই আছে? (অনুচ্চেদ ১১-১২ চাওক)


যিহোৱাৰ প্ৰেমৰ বাবে কৃতজ্ঞতা দেখুৱাওক

১৩. যিহোৱাই আমাক যি প্ৰেম দেখুৱাইছে তাৰ প্ৰতি আমি কৃতজ্ঞ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (২ কৰিন্থীয়া ৬:১)

১৩ মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হওঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দি। (মথি ৬:৩৩) এইদৰে কৰাটো সঠিক হয়। যীচুৱেও নিজৰ জীৱন বলিদান দিলে যাতে আমি ‘এতিয়াৰে পৰা নিজৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁৰ কাৰণে জীয়াই থাকোঁ, যিজনে আমাৰ কাৰণে মৰিল আৰু জীয়াই তোলা হʼল।’ (২ কৰি. ৫:১৫) মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি আমি দেখুৱাও যে তেওঁৰ মহা-কৃপা কৰাৰ যি উদ্দেশ্য আছিল, সেয়া আমি পাহৰি যোৱা নাই আৰু আমি তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ।—২ কৰিন্থীয়া ৬:১ পঢ়ক।

১৪. আমি যিহোৱাৰ ওপৰত বিশ্বাস কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

১৪ যিহোৱাই আমাক যি প্ৰেম দেখুৱাইছে তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ আন এটা উপায় হৈছে, যিহোৱাৰ ওপৰত বিশ্বাস কৰি তেওঁৰ নিৰ্দেশনাবোৰ পালন কৰা। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? যিকোনো নিৰ্ণয় লোৱাৰ আগতে আমি ভাবিব পাৰোঁ যে যিহোৱাই আমাৰ পৰা কি বিচাৰিব। যেনে, আমি কিমান পঢ়িম বা কি চাকৰি কৰিম তাৰ নিৰ্ণয় লোৱাৰ সময়ত। (১ কৰি. ১০:৩১; ২ কৰি. ৫:৭) যিহোৱাৰ ওপৰত বিশ্বাস কৰি আমি যি নিৰ্ণয় লওঁ, তাৰ বহুত ভাল পৰিণাম হয়। যেনে, যিহোৱাৰ ওপৰত আমাৰ বিশ্বাস বাঢ়িব, তেওঁৰ লগত আমাৰ সম্পৰ্ক আৰু মজবুত হʼব আৰু আমাৰ আশা দৃঢ় হৈ পৰিব।—ৰোম. ৫:৩-৫; যাকো. ২:২১, ২২.

১৫. স্মৰণীয় দিনৰ আগৰ আৰু পাছৰ সপ্তাহবোৰত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ?

১৫ স্মৰণীয় দিনৰ আগৰ আৰু পাছৰ সপ্তাহবোৰত নিজৰ সময়ৰ ভালদৰে ব্যৱহাৰ কৰিও আমি যিহোৱাৰ প্ৰেমৰ বাবে নিজৰ কৃতজ্ঞতা দেখুৱাব পাৰোঁ। আপুনি যাতে স্মৰণীয় দিনত উপস্থিত হʼব পাৰে তাৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰক। ইয়াৰ উপৰিও আন লোকসকলকো স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক। (১ তীম. ২:৪) আপুনি তেওঁলোকক জনাব পাৰে যে তাত কি কি হʼব। আপুনি যদি বিচাৰে, তেনেহʼলে তেওঁলোকক jw.org-ৰ পৰা যীচুৰ কিয় মৃত্যু হৈছিল আৰু যীচুৰ মৃত্যু সোঁৱৰণ কৰক নামৰ ভিডিঅʼখনো দেখুৱাব পাৰে। প্ৰাচীনসকলে সেই ভাই-ভনীসকলকো নিমন্ত্ৰণ দিয়া উচিত, যিসকলে বহু সময়ৰ পৰা সভা আৰু প্ৰচাৰলৈ আহিবলৈ এৰি দিছে। চিন্তা কৰক, যেতিয়া যিহোৱাৰ হেৰাই যোৱা ভেড়া তেওঁৰ ওচৰলৈ উভতি আহিব, তেতিয়া স্বৰ্গত আৰু পৃথিৱীত কিমান আনন্দ কৰা হʼব। (লূক ১৫:৪-৭) আমি এজনে-আনজনক লগ কৰিমেই কিন্তু যিসকলে প্ৰথম বাৰ আহিব বা যিসকলে বহু সময়ৰ পাছত আহিব, আমি তেওঁলোকক উৎসাহেৰে আদৰণি জনাবলৈ আৰু তেওঁলোকক নিজৰ প্ৰেম দেখুৱাবলৈ চেষ্টা কৰা উচিত।—ৰোম. ১৫:৭.

১৬. স্মৰণীয় দিনৰ আগৰ আৰু পাছৰ সপ্তাহবোৰত আমি কিয় প্ৰচাৰত উৎসাহেৰে ভাগ লোৱাৰ লক্ষ্য ৰখা উচিত?

১৬ আপুনি স্মৰণীয় দিনৰ আগৰ আৰু পাছৰ সপ্তাহবোৰত উৎসাহেৰে যিহোৱাৰ সেৱা কৰিব পাৰিব নে? এইদৰে কৰাৰ যোগেদি যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে যি কৰিলে, তাৰ বাবে আপুনি কৃতজ্ঞ আছে বুলি দেখুৱাব পাৰিব। যেতিয়া আপুনি উৎসাহেৰে যিহোৱাৰ সেৱা কৰিব, তেতিয়া চাবলৈ পাব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰি আছে আৰু তেওঁৰ ওপৰত আপোনাৰ ভৰসা আৰু বাঢ়িব। (১ কৰি. ৩:৯) ইয়াৰ উপৰিও দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক বা সভাৰ বাবে অধ্যয়ন পুস্তিকাত দিয়া স্মৰণীয় দিনৰ লগত জড়িত পদবোৰো প্ৰতি দিনে পঢ়ক। আপুনি যদি বিচাৰে, তেনেহʼলে ব্যক্তিগত অধ্যয়নত এই পদবোৰৰ বিষয়ে আৰু ভালদৰে অনুসন্ধান কৰিব পাৰে।

১৭. যিহোৱা কি কথাৰ পৰা আনন্দিত হয়? (“ যিহোৱাৰ প্ৰেমৰ বাবে আপুনি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰে?” নামৰ বক্সখনো চাওক।)

১৭ হয়তো আপুনি নিজৰ পৰিস্থিতিৰ বাবে এই লেখত যিবোৰ উপায়ৰ বিষয়ে কোৱা হৈছে, সেইবোৰ কৰিব নোৱাৰে। কিন্তু মনত ৰাখক, আপুনি আনৰ তুলনাত কিমান কৰিব পাৰিছে তালৈ যিহোৱাই নাচায়, তাৰ পৰিৱৰ্তে আপুনি অন্তৰৰ পৰা তেওঁক কিমান প্ৰেম কৰে তালৈহে চায়। সেইবাবে, যেতিয়া আমি যিহোৱাই দিয়া মূল্যৱান উপহাৰ অৰ্থাৎ মক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি হৃদয়ৰ পৰা কৃতজ্ঞতা দেখুৱাও, তেতিয়া তেওঁ বৰ আনন্দিত হয়।—১ চমূ. ১৬:৭; মাৰ্ক ১২:৪১-৪৪.

১৮. আমি যিহোৱা আৰু যীচুৰ প্ৰতি কিয় কৃতজ্ঞ?

১৮ মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি যিহোৱাৰ পৰা পাপৰ ক্ষমা পাওঁ, তেওঁৰ বন্ধু হʼব পাৰিছোঁ আৰু ভৱিষ্যতে অনন্ত জীৱন জীয়াই থকাৰ আশা লাভ কৰিছোঁ। গতিকে, যিহোৱাই আমাক যি প্ৰেম দেখুৱালে আহক আমি সেয়া কেতিয়াও নাপাহৰোঁ আৰু ইয়াৰ বাবে যি আশীৰ্বাদবোৰ পাইছোঁ, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই থাকোঁ। (১ যোহ. ৪:১৯) আহক আমি যীচুৰ প্ৰতিও কৃতজ্ঞ আছোঁ বুলি দেখুৱাই থাকোঁ যিজনে আমাৰ বাবে নিজৰ জীৱন বলিদান দি দিলে।—যোহ. ১৫:১৩.

গীত নং ১৫৪ অলুপ্ত প্ৰেম

a মচীহৰ মুক্তিৰ মূল্যৰ বলিদান দিয়াৰ আগতেই যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ পাপ ক্ষমা কৰিছিল। কাৰণ তেওঁৰ পুত্ৰ শেষলৈকে বিশ্বাসী হৈ থাকিব বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। এয়া যিহোৱাৰ দৃষ্টিত এনে আছিল যেন মুক্তিৰ মূল্য আগতে দি দিয়া হৈছিল।—ৰোম. ৩:২৫.