Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১

গীত নং ২ যিহোৱা তোমাৰ নাম

যিহোৱাৰ মহিমা কৰক

যিহোৱাৰ মহিমা কৰক

২০২৫ চনৰ বাৰ্ষিক পাঠ: “যিহোৱাৰ নাম যি মহিমা পোৱাৰ যোগ্য, সেই মহিমা তেওঁক দিয়া।”গীত. ৯৬:৮, NW.

কি শিকিম?

আমি চাম যে যিহোৱা যি মহিমা পাৰোঁ যোগ্য সেয়া আমি কেনেকৈ দিব পাৰোঁ।

১. আজি বেছিভাগ লোকে কিহৰ বিষয়ে চিন্তা কৰে?

 আজি বেছিভাগ লোকে কেৱল নিজৰ বিষয়ে চিন্তা কৰে। আপুনি হয়তো মন কৰিছে কিছুমান লোকে চʼচিয়েল মিডিয়াৰ যোগেদি আনৰ ধ্যান নিজৰ ফালে আকৰ্ষিত কৰে বা যি কৰে সেয়া আনক কৈ ফুৰে। বহুত কম লোকে যিহোৱাৰ নামৰ মহিমা কৰে। এই লেখত আমি চাম যে যিহোৱাক মহিমা কৰাৰ অৰ্থ কি আৰু আমি তেওঁক কিয় মহিমা কৰা উচিত? আমি এয়াও চাম যে যিহোৱা যি মহিমা পোৱাৰযোগ্য সেয়া আমি তেওঁক কেনেকৈ দিব পাৰোঁ আৰু ভৱিষ্যতে যিহোৱাই নিজৰ নামৰ মহিমা কেনেকৈ কৰিব।

যিহোৱাৰ মহিমা কৰাৰ অৰ্থ কি?

২. যিহোৱাই চীনয় পৰ্বতত নিজৰ মহিমা কেনেকৈ প্ৰকাশ কৰিলে? (বেটুপাতত দিয়া ছবিখন চাওক।)

মহিমাৰ অৰ্থ কি? যেতিয়া বাইবেলত মহিমা শব্দটো আহে, তেতিয়া এয়া এনে হয় যেন, এজন ব্যক্তিৰ মহিমা বাঢ়ি যায় বা লোকসকলে চাই আচৰিত হয়। যেতিয়া যিহোৱাই ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰ পৰা উলিয়াই আনিলে, তাৰ কিছু সময়ৰ পাছত যিহোৱাই অদ্ভুত উপায়েৰে নিজৰ মহিমা প্ৰকাশ কৰিলে। কল্পনা কৰক, লাখ লাখ ইস্ৰায়েলীয়ে চীনয় পৰ্বতৰ কাষত থিয় হৈ আছে। তেওঁলোকে যিহোৱাৰ কথা শুনিবলৈ আগ্ৰহেৰে বাট চাই আছে। পাছত ঘোৰ মেঘে পৰ্বতক ঢাকি দিয়ে। হঠাতে ভূমিকম্প হয় আৰু আগ্নেয়গিৰিৰ দৰে পাহাৰত ধোঁৱা উঠিবলৈ ধৰে। পৃথিৱী কপিবলৈ ধৰে, বিজুলী আৰু মেঘ গৰ্জন হʼবলৈ ধৰে। চাৰিওফালে ভয়ানক শিঙা-ধ্বনি হʼবলৈ ধৰে। (যাত্ৰা. ১৯:১৬-১৮; ২৪:১৭; গীত. ৬৮:৮) যিহোৱাৰ মহিমাৰ এই দৃশ্য চাই ইস্ৰায়েলীসকলে নিশ্চয় আচৰিত হৈছিল!

চীনয় পৰ্বতত যিহোৱাই ইস্ৰায়েলীসকলক নিজৰ মহিমাৰ অদ্ভুদ দৃশ্য দেখুৱালে (অনুচ্ছেদ ২ চাওক)


৩. আমি যিহোৱাক মহিমা কেনেকৈ দিব পাৰোঁ?

কিন্তু এজন মানুহে যিহোৱাৰ মহিমা কৰিব পাৰিব নে? নিশ্চয়। কিন্তু কেনেকৈ? আমি তেওঁৰ আচৰিত কাম বা তেওঁৰ ভাল গুণৰ বিষয়ে আনক জনাব পাৰোঁ। ইয়াৰ উপৰিও যেতিয়া আমি যিহোৱাৰ সহায়ত কোনো এটা কাম ভালদৰে কৰোঁ, তেতিয়া ইয়াৰ প্ৰশংসা আমি যিহোৱাক দিব পাৰোঁ। (যিচ. ২৬:১২) এই বিষয়ত আমি ৰজা দায়ূদৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁ সদায় যিহোৱাৰ মহিমা কৰিছিল। এবাৰ তেওঁ ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ আগত প্ৰাৰ্থনাত কৈছিল, “হে যিহোৱা, মহত্ত্ব, পৰাক্ৰম, গৌৰৱ, জয়, আৰু প্ৰতাপ তোমাৰেই; কিয়নো স্বৰ্গত আৰু পৃথিবীত যি যি আছে, সেই সকলোৱেই তোমাৰ।” দায়ূদে প্ৰাৰ্থনা কৰাৰ পাছত “গোটেই সমাজে . . . ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে।”—১ বং. ২৯:১১, ২০.

৪. যীচুৱে কেনেকৈ যিহোৱাৰ মহিমা কৰিলে?

পৃথিৱীত থকাৰ সময়ত যীচুৱে সদায় তেওঁৰ পিতৃৰ মহিমা কৰিছিল। যেতিয়া তেওঁ চমৎকাৰ কৰিছিল, তেতিয়া কৈছিল সেয়া তেওঁ যিহোৱাৰ সহায়ত কৰিব পাৰিলে। (মাৰ্ক ৫:১৮-২০) তেওঁ যিদৰে নিজৰ পিতৃৰ বিষয়ে কথা পাতিছিল আৰু লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, তাৰ পৰাও তেওঁ যিহোৱাৰ মহিমা কৰিছিল। এবাৰ যেতিয়া যীচুৱে এখন সভা ঘৰত লোকসকলক শিকাই আছিল, তাত এগৰাকী তিৰোতা আছিল, যাৰ গাত ১৮ বছৰ ধৰি দুষ্ট স্বৰ্গদূত সোমাই আছিল। সেইবাবে, তাই কুঁজী হৈ পৰিছিল আৰু চিধাকৈ থিয় হʼব পৰা নাছিল। চিন্তা কৰকচোন, তাই কিমান কষ্ট পাইছিল। তাইৰ পৰিস্থিতি চাই যীচুৰ বহুত দুখ লাগিল। সেইবাবে, যীচুৱে তাইৰ ওচৰলৈ গৈ তাইক মৰমেৰে কʼলে, “যোৱা, তোমাক সুস্থ কৰা হৈছে।” তাৰ পাছত যীচুৱে নিজৰ হাত সেই তিৰোতাৰ ওপৰত থোৱাৰ লগে লগে তাই চিধাকৈ থিয় হʼল আৰু “ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।” তিৰোতাগৰাকীয়ে সুস্থ হোৱাৰ বাবে যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ আছিল। সেইবাবে, তাই যিহোৱাৰ মহিমা কৰিবলৈ ধৰিলে। (লূক ১৩:১০-১৩) সেই তিৰোতাগৰাকীৰ দৰে আমাৰ ওচৰতো যিহোৱাৰ মহিমা কৰাৰ বহুতো সুযোগ আছে।

আমি কিয় যিহোৱাৰ মহিমা কৰোঁ?

৫. আমি কিয় যিহোৱাৰ সন্মান কৰোঁ?

আমি যিহোৱাক বহুত সন্মান কৰাৰ বাবে তেওঁৰ মহিমা কৰোঁ। যিহোৱাক সন্মান কৰাৰ আমাৰ ওচৰত বহুতো কাৰণ আছে। যিহোৱা সৰ্বশক্তিমান ঈশ্বৰ হয়, তেওঁৰ ওচৰত ইমানেই শক্তি আছে যে তেওঁ যি বিচাৰে, সেয়াই কৰিব পাৰে। (গীত. ৯৬:৪-৭) তেওঁ বহুত বুদ্ধিমান হয় আৰু এয়া আমি তেওঁৰ সৃষ্টিৰ পৰা চাব পাৰোঁ। যিহোৱাই আমাক জীৱন দিয়াৰ লগতে জীয়াই থাকিবলৈ সকলো প্ৰয়োজনীয় বস্তু দিছে। (প্ৰকা. ৪:১১) যিহোৱা বিশ্বাসী হয়। (প্ৰকা. ১৫:৪) তেওঁ নিজৰ সকলো কামত সফল হয় আৰু সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে। (যিহো. ২৩:১৪) সেইবাবে, ভৱিষ্যবক্তা যিৰিমিয়াই তেওঁৰ বিষয়ে এইদৰে কʼলে, “জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত, আৰু সিহঁতৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।” (যিৰি. ১০:৬, ৭) সঁচাকৈ, আমাৰ পিতৃ যিহোৱাৰ সন্মান কৰাৰ আমাৰ ওচৰত বহুতো কাৰণ আছে। কিন্তু আমি যিহোৱাক সন্মান কৰাৰ লগতে তেওঁক বহুত প্ৰেমো কৰোঁ।

৬. আমি যিহোৱাক কিয় প্ৰেম কৰোঁ?

আমি যিহোৱাক বহু প্ৰেম কৰাৰ বাবে তেওঁৰ মহিমা কৰোঁ। যিহোৱাৰ এনে বহুতো গুণ আছে যাৰ বাবে আমি তেওঁক প্ৰেম কৰোঁ। তেওঁ কৰুণাময় আৰু দয়ালু ঈশ্বৰ হয়। (গীত. ১০৩:১৩; যিচ. ৪৯:১৫) তেওঁ আমাক সহানুভূতি দেখুৱায়। সেইবাবে, যেতিয়া আমি দুখত থাকোঁ, তেতিয়া তেওঁৰো দুখ লাগে। (জখ. ২:৮) তেওঁ আমাৰ ফালে বন্ধুত্বৰ হাত আগবঢ়াইছে আৰু আমি তেওঁৰ বিষয়ে জনা আৰু তেওঁৰ কাষ চপাটো তেওঁ বিচাৰে। (গীত. ২৫:১৪; পাঁচ. ১৭:২৭) যিহোৱা নম্ৰ হয়, সেইবাবে তেওঁ ‘আকাশ-মণ্ডল আৰু পৃথিবীলৈ দৃষ্টি কৰিবৰ নিমিত্তে নিজকে নম্ৰ কৰি, ধূলিৰ পৰা দুখীয়াক তোলে।’ (গীত. ১১৩:৬, ৮) সঁচাকৈ, আমাৰ ঈশ্বৰ ইমানেই ভাল যে আমি তেওঁৰ মহিমা কৰাৰ পৰা নিজকে ৰখাব নোৱাৰোঁ!—গীত. ৮৬:১২.

৭. আমি কি বিশেষ সুযোগ পাইছোঁ?

সকলোৱে যিহোৱাৰ বিষয়ে জনাটো আমি বিচাৰোঁ, সেইবাবে আমি তেওঁৰ মহিমা কৰোঁ। আজি বহুতো লোকে যিহোৱাৰ বিষয়ে নাজানে। সেইবাবে, চয়তানে তেওঁৰ বিষয়ে মিছা কথা বিয়পাইছে আৰু লোকসকলক আন্ধাৰত ৰাখিছে। (২ কৰি. ৪:৪) যাৰ বাবে তেওঁলোকে ভাবে যে ঈশ্বৰ সদায় খঙত থাকে আৰু কেতিয়া কাক শাস্তি দিম বুলি বিচাৰি থাকে। তেওঁলোকে এয়াও ভাবে যে ঈশ্বৰে কাৰো যত্ন নলয় আৰু আজি পৃথিৱীত যি দুখ-কষ্ট হৈ আছে, সেই সকলো তেওঁৰ বাবেহে হৈ আছে। কিন্তু আমি ঈশ্বৰৰ বিষয়ে সত্য জানোঁ। সেইবাবে, যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তাৰ বিষয়ে আনক জনোৱাৰ আমাৰ ওচৰত ভাল সুযোগ আছে, যাতে তেওঁলোকেও যিহোৱাৰ মহিমা কৰিব পাৰে। (যিচ. ৪৩:১০) আমি কেনেকৈ যিহোৱাৰ মহিমা কৰিব পাৰোঁ? ইয়াৰ বিষয়ে গীতমালা ৯৬ অধ্যায়ত কোৱা হৈছে। আহক ঈশ্বৰে লিখোৱা এই গীতটি আলোচনা কৰোঁ। এইদৰে কৰাৰ সময়ত চিন্তা কৰক যে আপুনি যিহোৱাৰ মহিমা কেনেকৈ কৰিব পাৰে যাৰ তেওঁ যোগ্য হয়।

যিহোৱা যি মহিমা পোৱাৰ যোগ্য সেয়া আমি তেওঁক কেনেকৈ দিব পাৰোঁ?

৮. যিহোৱাৰ মহিমা কৰাৰ এটা উপায়ৰ বিষয়ে কওক। (গীতমালা ৯৬:১-৩)

গীতমালা ৯৬:১-৩ পঢ়ক। আমি যিহোৱাৰ বিষয়ে যি কওঁ, তাৰ যোগেদিও তেওঁৰ মহিমা কৰিব পাৰোঁ। এই পদবোৰত যিহোৱাৰ বিষয়ে কোৱা হৈছে, “যিহোৱাৰ উদ্দেশে নতুন গীত গোৱা,” “তেওঁৰ নামৰ ধন্যবাদ কৰা;” “তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা” আৰু “জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা।” এই সকলো উপায়েৰে আমি যিহোৱাৰ মহিমা কৰিব পাৰোঁ। বিশ্বাসী যিহূদী আৰু প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে সাহসেৰে যিহোৱাৰ পক্ষ লৈছিল। যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁলোকৰ বাবে তেওঁ কি কি কৰিছে, তাৰ বিষয়ে জনাবলৈ তেওঁলোকে সংকোচ কৰা নাছিল। (দানি. ৩:১৬-১৮; পাঁচ. ৪:২৯) আজি আমি কেনেকৈ যিহোৱাৰ পক্ষ লʼব পাৰোঁ?

৯-১০. আপুনি এঞ্জেলিনাৰ উদাহৰণৰ পৰা কি শিকিলে? (ছবিখনো চাওক।)

আমেৰিকাত থকা এঞ্জেলিনাৰ a অনুভৱৰ ওপৰত মন কৰক। এটা কোম্পানীত তাই নতুনকৈ চাকৰি আৰম্ভ কৰিছিল। তাত তাই সাহসেৰে যিহোৱাৰ বিষয়ে জনাইছিল আৰু যিহোৱাৰ পক্ষ লৈছিল। এবাৰ এখন মিটিং ৰখা হৈছিল, য’ত নতুনকৈ অহা লোকসকলক মতা হৈছিল। সেই মিটিঙত সকলোৱে নিজৰ বিষয়ে কিছুমান কথা কʼব লাগিছিল। এঞ্জেলিনাই কিছুমান ফটো দেখুৱাম বুলি ভাবিছিল আৰু তাই এজনী যিহোৱাৰ সাক্ষী হয় আৰু জীৱনত আনন্দিত আছে, এয়া জনাম বুলি ভাবিছিল। কিন্তু তাইৰ আগতে যিজন ব্যক্তিয়ে নিজৰ বিষয়ে কৈছিল, তেওঁ এটা সাক্ষী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। পাছত তেওঁ যিহোৱা আৰু সাক্ষীসকলৰ বিষয়ে বেয়াকৈ কʼবলৈ ধৰিলে। এঞ্জেলিনাই কৈছে, “তেওঁৰ কথা শুনি মোৰ বুকুৰ ধপধপনি বাঢ়ি গʼল। কিন্তু পাছত মই ভাবিলোঁ ‘তেওঁ যিহোৱাৰ বিষয়ে কিমান মিছা কথা কৈ আছে। মই মনে মনে থাকিব নোৱাৰোঁ! মই জনাবই লাগিব যে তেওঁ যিহোৱাৰ বিষয়ে যি কৈছে, সেয়া সঁচা নহয়।’”

১০ ব্যক্তিজনে নিজৰ কথা শেষ কৰাৰ লগে লগে এঞ্জেলিনাই মনতে সৰু এটা প্ৰাৰ্থনা কৰিলে। পাছত তাই আৰামেৰে সেই ব্যক্তিজনক কʼলে “ময়ো এটা সাক্ষী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ আৰু আজি মই এজনী সাক্ষী হওঁ।” এয়া শুনি কোঠালীত সকলোৱে চিন্তিত হৈ গʼল। কিন্তু এঞ্জেলিনাই শান্ত হৈ আছিল। তাই সকলোকে অধিৱেশনৰ কিছুমান ফটো দেখুৱালে, য’ত তাই আৰু তাইৰ বন্ধুসকলে বহুত আনন্দত আছে। তাই ভাবি-চিন্তি কাম কৰিলে আৰু সকলোকে জনালে যে তাই কি বিশ্বাস কৰে। (১ পিত. ৩:১৫) ইয়াৰ পৰিণাম কি হʼল? এঞ্জেলিনাই নিজৰ কথা শেষ কৰালৈকে সেই ব্যক্তিজন শান্ত হৈ গʼল। তেওঁ এয়াও কʼলে যে, তেওঁৰ সৰু কালৰ ভাল কথাবোৰ এতিয়াও মনত আছে, যেতিয়া তেওঁ যিহোৱাৰ সাক্ষীসকলক লগ কৰিছিল। এঞ্জেলিনাই কয়, “যিহোৱাৰ মহিমা পোৱাৰ অধিকাৰ আছে। সেইবাবে, আমি তেওঁৰ পক্ষ লৈ কথা কোৱা উচিত। আমাৰ বাবে এয়া সন্মানৰ কথা হয়।” আজি যেতিয়া কোনোবাই যিহোৱাৰ নাম বদনাম কৰে, তেতিয়া তেওঁৰ পক্ষ লোৱাৰ আমাৰ ওচৰত ভাল সুযোগ থাকে।

আমি নিজৰ কথা, নিজৰ বহুমূলীয়া বস্তু আৰু নিজৰ আচাৰ-ব্যৱহাৰৰ যোগেদি যিহোৱাৰ মহিমা কৰিব পাৰোঁ (অনুচ্ছেদ ৯-১০, ১২, ১৪ চাওক) b


১১. খ্ৰীষ্টানসকলে গীতমালা ৯৬:৮ পদত দিয়া সিদ্ধান্তটো কেনেকৈ আগৰে পৰা মানিছে?

১১ গীতমালা ৯৬:৮ পঢ়ক। আমি নিজৰ বহুমূলীয়া বস্তুৰে যিহোৱাৰ মহিমা কৰিব পাৰোঁ। যিহোৱাৰ সেৱকসকলে সদায় এইদৰে কৰি আহিছে। (হিতো. ৩:৯) যেনে, প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে মন্দিৰ বনাবলৈ আৰু তাৰ চোৱা-চিতা কৰিবলৈ দান দিছিল। (২ ৰাজা. ১২:৪, ৫; ১ বং. ২৯:৩-৯) যীচুৰ কিছুমান শিষ্যই “নিজৰ ধন-সম্পত্তিৰ পৰা” তেওঁৰ আৰু তেওঁৰ শিষ্যসকলৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিছিল। (লূক ৮:১-৩) প্ৰথম শতিকাত যেতিয়া কিছুমান খ্ৰীষ্টানে আকালৰ সন্মুখীন হৈছিল, তেতিয়া আন ভাই-ভনীসকলে তেওঁলোকক সাহাৰ্য্যৰ বস্তুবোৰ দিছিল। (পাঁচ. ১১:২৭-২৯) আজি আমিও নিজ ইচ্ছাৰে দান দি যিহোৱাৰ মহিমা কৰিব পাৰোঁ।

১২. আমাৰ দানে কেনেকৈ যিহোৱাৰ মহিমা কৰে? (ছবিখনো চাওক।)

১২ এটা অনুভৱৰ পৰা আমি জানিব পাৰোঁ যে যেতিয়া আমি দান দিওঁ, তেতিয়া যিহোৱাৰ মহিমা হয়। জিম্বাবুৱেত ২০২০ চনত এটা ডাঙৰ আকাল হৈছিল আৰু এয়া বহু সময়লৈকে চলি থাকিল। এটা ৰিপৰ্টত কোৱা হৈছিল যে খোৱা-বোৱা কমি যোৱাৰ বাবে বহুতো লোকৰ জীৱন বিপদত পৰিল আৰু কিছুমানে নিজৰ জীৱন হেৰুৱাবলগীয়া হʼল। ইয়াৰে মাজত আমাৰ ভনী প্ৰিস্কাও আছিল। তাই প্ৰতি বুধবাৰে আৰু শুক্ৰবাৰে প্ৰচাৰলৈ গৈছিল। আকালৰ সময়তো ভনীয়ে এইদৰে কৰিবলৈ এৰি দিয়া নাছিল। ইয়াৰ উপৰিও হাল বোৱাৰ সময়তো তাই কেতিয়াও প্ৰচাৰলৈ যাবলৈ এৰি দিয়া নাছিল। যেতিয়া ওচৰ-চুবুৰীয়াই চালে যে ভনীয়ে খেতিৰ কাম এৰি প্ৰচাৰলৈ গৈছে, তেতিয়া তেওঁলোকে ঠাট্টা কৰি কʼলে, “তুমি ভোকতে মৰিবা।” কিন্তু ভনীৰ যিহোৱাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। সেইবাবে, তাই তেওঁলোকক কʼলে, “যিহোৱাই সদায় নিজৰ সেৱকসকলৰ যত্ন লয়।” ইয়াৰ কিছু সময়ৰ পাছত ভনীক সংগঠনৰ পৰা সাহাৰ্য্যৰ বস্তুবোৰ পঠিওৱা হʼল। গোটেই পৃথিৱীত ভাই-ভনীসকলে যি দান দিয়ে, তাৰ বাবে জিম্বাবুৱেত থকা আমাৰ ভাই-ভনীসকলে প্ৰয়োজনীয় বস্তুবোৰ পালে। এয়া দেখি ভনীৰ চুবুৰীয়াসকলে আচৰিত হʼল আৰু তাইক কʼলে, “তোমাৰ ঈশ্বৰে সদায় তোমাৰ যত্ন লৈছে। আমি তেওঁৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰোঁ।” ইয়াৰ পাছত ভনীৰ সাতজন ওচৰ-চুবুৰীয়াই সভালৈ যাবলৈ আৰম্ভ কৰিলে।

আমি নিজৰ বহুমূলীয়া বস্তুৰে যিহোৱাৰ মহিমা কৰিব পাৰোঁ (অনুচ্ছেদ ১২ চাওক) c


১৩. আমি নিজৰ আচাৰ-ব্যৱহাৰৰ যোগেদি কেনেকৈ যিহোৱাৰ মহিমা কৰিব পাৰোঁ? (গীতমালা ৯৬:৯)

১৩ গীতমালা ৯৬:৯ পঢ়ক। আমি নিজৰ আচাৰ-ব্যৱহাৰৰ যোগেদি যিহোৱাৰ মহিমা কৰিব পাৰোঁ। যিসকল পুৰোহিতে পবিত্ৰ তম্বুত আৰু আগলৈ গৈ যিহোৱাৰ মন্দিৰত সেৱা কৰিছিল, তেওঁলোকে চাফ চিকুণকৈ থাকিব লাগিছিল। (যাত্ৰা. ৪০:৩০-৩২) তেওঁলোকৰ দৰে আজি আমিও চাফ চিকুণকৈ থকা উচিত। কিন্তু ইয়াতকৈ গুৰুত্বপূৰ্ণ হৈছে আমি নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰখা উচিত। (গীত. ২৪:৩, ৪; ১ পিত. ১:১৫, ১৬) আমি নিজৰ “পুৰণি ব্যক্তিত্বক” উলিয়াই “নতুন ব্যক্তিত্বক” পিন্ধিবলৈ পৰিশ্ৰম কৰা উচিত। (কল. ৩:৯, ১০) ইয়াৰ অৰ্থ হৈছে আমি এনে কোনো কথা নাভাবিম বা কাম নকৰিম, যি যিহোৱাই ভাল নাপায়। ইয়াৰ পৰিৱৰ্তে আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিম। আমি তেওঁৰ দৰে ভাবিম আৰু ভাল গুণবোৰ বিকশিত কৰিম। যিহোৱাৰ সহায়ত এনে লোকসকলেও নিজকে সলনি কৰিব পাৰে আৰু নতুন ব্যক্তিত্বক পিন্ধিব পাৰে, যিসকলে বেয়া কামত লাগি আছে বা হিংসাত্মক হয়।

১৪. জেকৰ অনুভৰ পৰা আপুনি কি শিকিলে? (ছবিখনো চাওক।)

১৪ জেকৰ অনুভৱলৈ মন কৰক। তেওঁ ইমানেই বেয়া আৰু হিংসাত্মক আছিল যে লোকসকলে তেওঁক ৰাক্ষক বুলি কৈছিল। তেওঁ ইমানেই অপৰাধ কৰিছিল যে তেওঁক মৃত্যুদণ্ডৰ শাস্তি দিয়া হʼব বুলি ঘোষণা কৰা হʼল। মৃত্যুদণ্ড পোৱাৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত তেওঁ এজন ভাইৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে, যিজনে জেলত লোকসকলক শিকাবলৈ আহিছিল। জেকে বহুতো বেয়া বেয়া কাম কৰিছিল। কিন্তু তেওঁ নিজৰ পুৰণি ব্যক্তিত্বক উলিয়াই পেলালে আৰু কিছু সময়ৰ পাছত বাপ্তিষ্মা লʼলে। জেকে নিজকে ইমানেই সলনি কৰিছিল যে যিদিনা তেওঁক মৃত্যুৰ শাস্তি দিব লাগিছিল, সেইদিনা জেলৰ কিছুমান কৰ্মচাৰীয়ে তেওঁক লগ কৰিবলৈ আহিছিল আৰু তেওঁলোকৰ চকুপানী বৈ আহিল। তাৰে এজন পুলিচে কʼলে, “এই জেলত জেকতকৈ বেয়া কোনো নাছিল। কিন্তু এতিয়া তেওঁৰ নিচিনা ভাল কোনো নাই।” জেকৰ মৃত্যুৰ এসপ্তাহৰ পাছত যেতিয়া ভায়ে জেলত সভা চলাবলৈ আহিলে, তেতিয়া তেওঁ এজন কৈদীক লগ পালে। তেওঁ প্ৰথম বাৰ সভালৈ আহিছিল। কিয় বাৰু? জেকে যিদৰে নিজকে সলনি কৰিলে, সেয়া চাই তেওঁ আচৰিত হৈছিল আৰু যিহোৱাৰ বিষয়ে শিকি এজন সাক্ষী হʼব বিচাৰিছিল। এই অনুভৱৰ পৰা জানিব পাৰি যে আমি নিজৰ আচাৰ-ব্যৱহাৰৰ যোগেদি আমাৰ পিতৃ যিহোৱাৰ মহিমা কৰিব পাৰোঁ।—১ পিত. ২:১২.

আমি নিজৰ আচাৰ-ব্যৱহাৰৰ যোগেদি যিহোৱাৰ মহিমা কৰিব পাৰোঁ (অনুচ্ছেদ ১৪ চাওক) d


অতি সোনকালে যিহোৱাই কেনেকৈ নিজৰ নাম মহিমা কৰিব?

১৫. অতি সোনকালে যিহোৱাই কেনেকৈ নিজৰ নাম মহিমা কৰিব? (গীতমালা ৯৬:১০-১৩)

১৫ গীতমালা ৯৬:১০-১৩ পঢ়ক। গীতমালা ৯৬-ৰ এই শেষৰ পদবোৰত কোৱা হৈছে যে যিহোৱা এজন ৰজা হয় আৰু তেওঁ কাৰো পক্ষ নোলোৱাকৈ ন্যায় কৰিব। অতি সোনকালে তেওঁ নিজৰ নাম মহিমা কৰিব। কেনেকৈ বাৰু? সঠিক ন্যায় কৰি। মিছা ধৰ্মই তেওঁৰ নাম বদনাম কৰাৰ বাবে অতি সোনকালে যিহোৱাই মহা বাবিলক নাশ কৰিব। সেইবাবে, যিসকল লোকে মহা বাবিলৰ ধ্বংস হোৱাটো চাব, তেওঁলোকৰ মাজৰ কিছুমানে হয়তো যিহোৱাৰ ওপৰত ভৰসা কৰিব আৰু আমাৰ লগত তেওঁৰ সেৱা কৰিবলৈ ধৰিব। (প্ৰকা. ১৭:৫, ১৬; ১৯:১, ২) অৱশেষত হৰমাগিদোন যুদ্ধত যিহোৱাই চয়তানৰ এই দুষ্ট জগতক শেষ কৰিব আৰু সেই লোকসকলকো বিনাশ কৰিব, যিসকলে তেওঁৰ বিৰোধ কৰে আৰু তেওঁৰ নিন্দা কৰে। কিন্তু যিসকল লোকে যিহোৱাক প্ৰেম কৰে, তেওঁৰ আজ্ঞা মানে আৰু আনন্দেৰে তেওঁৰ মহিমা কৰে, সেই সকলোকে তেওঁ বচাব। (মাৰ্ক ৮:৩৮; ২ থিচ. ১:৬-১০) যেতিয়া মচীহৰ হাজাৰ বছৰৰ শাসন শেষ হʼব আৰু শেষ পৰীক্ষাও হৈ যাব, তেতিয়া যিহোৱাই নিজৰ নামৰ ওপৰত লগা সকলো কলংক দূৰ কৰিব আৰু তেওঁৰ নাম সম্পূৰ্ণৰূপে পবিত্ৰ কৰিব। এইদৰে তেওঁ প্ৰমাণ কৰিব যে সকলোৰে উপাসনা পোৱাৰ অধিকাৰ কেৱল তেওঁৰে আছে। (প্ৰকা. ২০:৭-১০) তেতিয়া “সমুদ্ৰ যেনেকৈ পানীৰে ভৰা, তেনেকৈ পৃথিবীখন যিহোৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হব।”—হব. ২:১৪.

১৬. আপুনি কি কৰিবলৈ থিৰাং কৰিছে? (ছবিখনো চাওক।)

১৬ চিন্তা কৰক সেই দিন কেনেকুৱা হʼব যেতিয়া সকলোৱে যিহোৱাক সেই মহিমা দিব, যি পোৱাৰ তেওঁৰ অধিকাৰ আছে। সেইদিন নহালৈকে আহক আমি যিহোৱাৰ মহিমা কৰাৰ এটাও সুযোগ হেৰুৱাই নিদিও। এইদৰে কৰাটো ইমানেই গুৰুত্বপূৰ্ণ যে প্ৰশাসন গোষ্ঠীয়ে ২০২৫ চনৰ বাৰ্ষিক পাঠ গীতমালা ৯৬:৮ পদৰ পৰা লৈছে: যিহোৱাৰ নাম যি মহিমা পোৱাৰ যোগ্য, সেই মহিমা তেওঁক দিয়া।

আগলৈ গৈ সকলোৱে যিহোৱাক সেই মহিমা দিব, যি পোৱাৰ তেওঁ যোগ্য (অনুচ্ছেদ ১৬ চাওক)

গীত নং ১২ যিহোৱা মহান ঈশ্বৰ

a কিছুমান নাম সলনি কৰা হৈছে।

b ছবিৰ বিষয়ে: এঞ্জেলিনাৰ লগত যি হৈছিল, তাৰ প্ৰদৰ্শন।

c ছবিৰ বিষয়ে: প্ৰিস্কাৰ লগত যি হৈছিল, তাৰ প্ৰদৰ্শন।

d ছবিৰ বিষয়ে: জেকৰ লগত যি হৈছিল, তাৰ প্ৰদৰ্শন।