Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২

গীত নং ১৩২ এতিয়া আমি এক হʼলোঁ

স্বামীসকল—নিজৰ নিজৰ পত্নীক আদৰ কৰক

স্বামীসকল—নিজৰ নিজৰ পত্নীক আদৰ কৰক

“স্বামীসকল. . . তেওঁলোকৰ লগত আদৰেৰে ব্যৱহাৰ কৰা।”১ পিত. ৩:৭.

কি শিকিম?

স্বামীসকলে নিজৰ কথা আৰু কামেৰে নিজৰ পত্নীসকলক কেনেকৈ আদৰ দেখুৱাব পাৰে।

১. যিহোৱাই আমাক বিয়া পতাৰ যি উপহাৰ দিছে, তাৰ এটা কাৰণ কি?

 যিহোৱা আনন্দিত ঈশ্বৰ হয় আৰু আমিও আনন্দিত থকাটো তেওঁ বিচাৰে। (১ তীম. ১:১১) সেইবাবে, আমি জীৱনত আনন্দিত থাকিবলৈ তেওঁ আমাক বহুতো উপহাৰ দিছে। (যাকো. ১:১৭) তাৰে মাজৰ এটা হৈছে, বিয়া। যেতিয়া এজন লʼৰা আৰু ছোৱালীয়ে বিয়া পাতে, তেতিয়া তেওঁলোকে এজনে-আনজনক প্ৰেম আৰু আদৰ কৰিবলৈ প্ৰতিজ্ঞা কৰে। যেতিয়া তেওঁলোকে এই প্ৰতিজ্ঞা পূৰ কৰে, তেতিয়া তেওঁলোকে আনন্দত থাকে।—হিতো. ৫:১৮.

২. আজি বহুতো স্বামীয়ে নিজৰ পত্নীৰ লগত কেনেদৰে ব্যৱহাৰ কৰে?

দুখৰ বিষয় যে আজি বহুতো বিবাহিত দম্পতীয়ে বিয়াৰ সময়ত কৰা প্ৰতিজ্ঞা পাহৰি যায়, যাৰ বাবে তেওঁলোকে আনন্দিত নাথাকে। বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপৰ্টৰ অনুসৰি আজি বহুতো স্বামীয়ে নিজৰ পত্নীক মাৰ-পিট কৰে, তেওঁলোকৰ ওপৰত চিঞৰ-বাখৰ কৰে বা তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰে। কিছুমান স্বামীয়ে ঘৰত নিজৰ পত্নীৰ লগত ভালদৰে ব্যৱহাৰ নকৰে, কিন্তু আনৰ আগত এনে দেখুৱাই যেন, তেওঁ নিজৰ পত্নীক বহুত আদৰ কৰে। বহুতো স্বামীয়ে পৰ্ণগ্ৰাফী (অশ্লীল ছবি, বা ভিডিঅʼ) চোৱাৰ বাবে তেওঁলোকৰ বিয়াৰ বান্ধোন দুৰ্বল হৈ পৰে।

৩. কিছুমান স্বামীয়ে নিজৰ পত্নীক কিয় অত্যাচাৰ কৰে?

বহুতো স্বামীয়ে নিজৰ পত্নীসকলৰ লগত কিয় অত্যাচাৰ কৰে? ইয়াৰ বহুতো কাৰণ হʼব পাৰে। যেনে: কিছুমানে এনে পৰিয়ালত ডাঙৰ-দীঘল হৈছে, যʼত দেউতাকে নিজৰ পত্নীক মাৰপিট কৰিছিল আৰু সেইবাবে, তেওঁলোকে ভাবে যে পত্নীৰ লগত এইদৰে ব্যৱহাৰ কৰাটো ভুল নহয়। আনহাতে, কিছুমানে এনে সমাজত ডাঙৰ-দীঘল হৈছে, যʼত লোকসকলে ভাবে যে পুৰুষালী দেখুৱাৰ উপায় হৈছে নিজৰ পত্নীৰ ওপৰত অধিকাৰ চলোৱা। কিছুমান এনে ব্যক্তিও আছে, যিসকলক নিজৰ ভাবনা বা খং নিয়ন্ত্ৰণ কৰিবলৈ কেতিয়াও শিকোৱা নাছিল। কিছুমান এনে ব্যক্তি আছে, যিসকলে প্ৰতিদিনে অশ্লীল ছবি বা ভিডিঅʼ চায়, যাৰ বাবে তেওঁলোকে ভাবে যে তিৰোতাসকলে কেৱল শাৰীৰিক ইচ্ছা পূৰ কৰাৰ উপায় হয়। কিছুমান বিশেষজ্ঞৰ অনুসৰি কভিড ১৯ মহামাৰীৰ সময়ছোৱাত এয়া আৰু বেছিকৈ দেখিবলৈ পোৱা গৈছিল। কিন্তু যিয়ে কাৰণ নহওক কিয়, স্বামীসকলে নিজৰ পত্নীৰ লগত অত্যাচাৰ কৰা উচিত নহয়।

৪. খ্ৰীষ্টান স্বামীসকলে কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত আৰু কিয়?

তিৰোতাসকলৰ বিষয়ে জগতৰ চিন্তাধাৰা যাতে খ্ৰীষ্টান স্বামীসকলে আকোৱালি নলয়, তাৰ প্ৰতি তেওঁলোকে ধ্যান দিয়া উচিত। a কাৰণ তেওঁলোকে মনত যি ভাবে, তাৰ অনুসৰি কামো কৰে। পাঁচনি পৌলেও ৰোমৰ অভিষিক্ত খ্ৰীষ্টানসকলক কৈছিল, ‘তোমালোকে এই জগতক অনুকৰণ নকৰিবা।’ (ৰোম. ১২:১, ২) পৌলে যেতিয়া ৰোমৰ খ্ৰীষ্টানসকললৈ এই চিঠিখন লিখিছিল, তেতিয়ালৈকে সেই মণ্ডলী গঠিত হোৱাটো বহু বছৰ হৈ গৈছিল। তথাপিও জগতৰ চিন্তাধাৰাই তেওঁলোকৰ ওপৰত প্ৰভাৱিত কৰিছিল। সেইবাবে, পৌলে তেওঁলোকৰ চিন্তাধাৰা সলনি কৰিবলৈ পৰামৰ্শ দিছিল। আজিও এই পৰামৰ্শ খ্ৰীষ্টান স্বামীসকলে পালন কৰাটো অতি গুৰুত্বপূৰ্ণ। দুখৰ বিষয় যে আজিও বহুতো স্বামীৰ ওপৰত জগতৰ চিন্তাধাৰাই প্ৰভাৱিত কৰে, যাৰ বাবে তেওঁলোকে নিজৰ পত্নীক অত্যাচাৰ কৰে। b কিন্তু স্বামীসকলে নিজৰ পত্নীৰ লগত কেনেদৰে ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে? এয়া আমি এই লেখৰ মুখ্য পদৰ পৰা জানিব পাৰোঁ।

৫. প্ৰথম পিতৰ ৩:৭ পদৰ অনুসৰি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত?

প্ৰথম পিতৰ ৩:৭ পঢ়ক। নিজৰ পত্নীক আদৰ কৰিবলৈ যিহোৱাই স্বামীসকলক আজ্ঞা দিছে। যদি তেওঁলোকে নিজৰ পত্নীক আদৰ কৰে, তেনেহʼলে তেওঁৰ লগত প্ৰেমেৰে ব্যৱহাৰো কৰিব। এই লেখত আমি চাম যে এজন স্বামীয়ে কেনেকৈ নিজৰ পত্নীক আদৰ কৰে বুলি দেখুৱাব পাৰে। কিন্তু তাৰ আগতে চাম যে কেনেধৰণৰ ব্যৱহাৰে তেওঁ নিজৰ পত্নীক আদৰ নকৰে বুলি দেখুৱায়।

এনে ব্যৱহাৰ নকৰিব, যিয়ে আপোনাৰ পত্নীক আঘাত দিয়ে

৬. এজন স্বামীয়ে যেতিয়া নিজৰ পত্নীক মাৰ-পিট কৰে, তেতিয়া যিহোৱাৰ কেনে লাগে? (কলচীয়া ৩:১৯)

মাৰ-পিট কৰা। মাৰ-পিট কৰা লোকসকলক যিহোৱাই ঘৃণা কৰে। (গীত. ১১:৫) যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত এইদৰে ব্যৱহাৰ কৰে, তেনেহʼলে যিহোৱাই কেতিয়াও সহ্য নকৰিব। (মলা. ২:১৬; কলচীয়া ৩:১৯ পঢ়ক।) এই লেখৰ মুখ্য পদ ১ পিতৰ ৩:৭-ৰ পৰা জানিব পাৰি যে যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনেহʼলে যিহোৱাৰ লগত তেওঁৰ যি সম্পৰ্ক আছে, সেয়া বেয়া হৈ যাব। ইয়াৰ লগতে যিহোৱাই হয়তো তেওঁৰ প্ৰাৰ্থনাও শুনিবলৈ বন্ধ কৰি দিব।

৭. ইফিচীয়া ৪:৩১, ৩২ পদৰ অনুসৰি এজন স্বামীয়ে নিজৰ পত্নীক কেনেধৰণৰ কথা কোৱা উচিত নহয়? (“ইয়াৰ অৰ্থ কি?” এয়াও চাওক।)

চিঞৰ-বাখৰ কৰা বা বেয়াকৈ কোৱা। কিছুমান স্বামীয়ে খঙত নিজৰ পত্নীৰ ওপৰত চিঞৰ-বাখৰ কৰে আৰু বেয়াকৈ কয়। কিন্তু যিহোৱাই “ঈৰ্ষা, খং, ক্ৰোধ, আনৰ ওপৰত চিঞৰা আৰু গালি-শপনি” c এইবোৰ ঘৃণা কৰে। (ইফিচীয়া ৪:৩১, ৩২ পঢ়ক।) যিহোৱাই সকলো কথা শুনে, আনকি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত ঘৰত যিদৰে কথা পাতে, তালৈয়ো যিহোৱাই ধ্যান দিয়ে। যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে আৰু তাই আঘাত পোৱাকৈ কথা কয়, তেনেহʼলে পত্নীৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হʼব পাৰে। ইয়াৰ লগতে যিহোৱাৰ লগত তেওঁৰ বন্ধুত্বও নাইকিয়া হʼব পাৰে।—যাকো. ১:২৬.

৮. পৰ্ণগ্ৰাফীৰ বিষয়ে যিহোৱাৰ কেনে লাগে আৰু কিয়?

পৰ্ণগ্ৰাফী চোৱা। যিহোৱাই পৰ্ণগ্ৰাফীক বহুত ঘৃণা কৰে। যেতিয়া এজন স্বামীয়ে পৰ্ণগ্ৰাফী চায়, তেতিয়া যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হয়। আনকি তেওঁ নিজৰ পত্নীক অনাদৰ কৰাৰ দৰে হয়। d স্বামীসকলে নিজৰ পত্নীৰ বিশ্বাসী হৈ থকাটো যিহোৱাই বিচাৰে। সেইবাবে, এজন বিশ্বাসী স্বামীয়ে কেতিয়াও আন তিৰোতাৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক নাৰাখিব আৰু তাৰ বিষয়ে চিন্তাও নকৰিব। যীচুৱেও কৈছিল যে যিজন ব্যক্তিয়ে কোনো তিৰোতাক এনে দৃষ্টিৰে চায়, যাৰ বাবে তেওঁৰ মনত বেয়া ইচ্ছা আহে, তেনেহʼলে তেওঁ নিজৰ ‘মনতে সেই তিৰোতা গৰাকীৰ লগত ব্যভিচাৰ কৰিলে।’ eমথি ৫:২৮, ২৯.

৯. যেতিয়া এজন স্বামীয়ে এনে শাৰীৰিক সম্পৰ্ক ৰাখে যাৰ পৰা পত্নীৰ অনাদৰ হয়, তেতিয়া যিহোৱাৰ কেনেকুৱা লাগে আৰু কিয়?

এনে শাৰীৰিক সম্পৰ্ক যাৰ পৰা পত্নীৰ অনাদৰ হয়। কিছুমান স্বামীয়ে নিজৰ শাৰীৰিক ইচ্ছা পূৰ কৰিবলৈ নিজৰ পত্নীক জোৰ-জবৰদস্তি কৰে, যাৰ বাবে পত্নীৰ অনুভৱ হয় যে তাইৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে বা তাইৰ বিবেকেও তাইক দোষ দিয়ে। এনেধৰণৰ স্বামীয়ে কেৱল নিজৰ ইচ্ছা পূৰ কৰিব বিচাৰে, নিজৰ পত্নীৰ বিষয়ে চিন্তাই নকৰে। এনে ব্যৱহাৰক যিহোৱাই বহুত ঘৃণা কৰে। এজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা, তাইক মূল্যৱান বুলি ভবা আৰু তাইৰ ভাবনাক আদৰ কৰাটো যিহোৱাই বিচাৰে। (ইফি. ৫:২৮, ২৯) যদি এজন খ্ৰীষ্টানে এইদৰে নিজৰ পত্নীৰ ওপৰত জোৰ-জবৰদস্তি কৰে, তাইক মাৰ-পিট কৰে বা তাইক বেয়াকৈ কয়, পৰ্ণগ্ৰাফী চাই, তেনেহʼলে তেওঁ কি কৰা উচিত? তেওঁ নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ কেনেকৈ সলনি কৰিব পাৰে?

পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ কেনেকৈ এৰিব পাৰে?

১০. স্বামীসকলে যীচুৰ পৰা কি শিকিব পাৰে?

১০ যদি এজন খ্ৰীষ্টান স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে বা কোনো ধৰণে তাইৰ অনাদৰ কৰে, তেনেহʼলে তেওঁ নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ সলনি কৰিব পাৰে? যীচুৰ দৰে হʼবলৈ চেষ্টা কৰাৰ যোগেদি। যদিও যীচুৱে বিয়া পতা নাছিল, কিন্তু তেওঁ নিজৰ শিষ্যসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, তাৰ পৰা স্বামীসকলে শিকিব পাৰে যে তেওঁ নিজৰ পত্নীৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত। (ইফি. ৫:২৫) এতিয়া আহক চাওঁ যে যীচুৱে নিজৰ শিষ্যসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল আৰু কথা পাতিছিল।

১১. যীচুৱে নিজৰ শিষ্যসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল?

১১ যীচুৱে নিজৰ শিষ্যসকলৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। তেওঁ কেতিয়াও সিহঁতৰ লগত কঠোৰভাৱে ব্যৱহাৰ কৰা নাছিল। যীচু তেওঁলোকৰ প্ৰভু আৰু মালিক আছিল, তথাপিও তেওঁলোকৰ ওপৰত অধিকাৰ চলোৱা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ হৈ সেৱকৰ দৰে তেওঁলোকক সহায়হে কৰিছিল। (যোহ. ১৩:১২-১৭) তেওঁ নিজৰ শিষ্যসকলক কৈছিল, ‘মোৰ পৰা শিকা। কিয়নো মই নম্ৰ আৰু কোমল স্বভাৱৰ হওঁ। আৰু তোমালোকে সতেজ হʼবা।’ (মথি ১১:২৮-৩০) মন কৰক যীচু কোমল স্বভাৱৰ আছিল। কোমল স্বভাৱ দুৰ্বলতাৰ নহয়, শক্তিৰহে চিন। কোমল স্বভাৱৰ ব্যক্তিয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। যেতিয়া তেওঁক খং উঠোৱা হয়, তেতিয়া তেওঁ শান্ত হৈ থাকে।

১২. যীচুৱে লোকসকলৰ লগত কিদৰে কথা পাতিছিল?

১২ যীচুৱে লোকসকলৰ লগত যিদৰে কথা পাতিছিল, তাৰ পৰা তেওঁলোকে শান্ত্বনা লাভ কৰিছিল আৰু সতেজ অনুভৱ কৰিছিল। তেওঁ কেতিয়াও নিজৰ শিষ্যসকলক বেয়াকৈ কোৱা নাছিল। (লূক ৮:৪৭, ৪৮) আনকি যেতিয়া বিৰোধীসকলে তেওঁক অপমান কৰিছিল আৰু খং উঠাবলৈ চেষ্টা কৰিছিল, তেতিয়াও তেওঁ “তাৰ সলনি তেওঁ অপমান নকৰিলে।” (১ পিত. ২:২১-২৩) যীচুৱে বহু বাৰ খঙেৰে উত্তৰ দিয়াৰ পৰিৱৰ্তে মনে মনে থাকিছিল। (মথি ২৭:১২-১৪) সঁচাকৈ, যীচু স্বামীসকলৰ বাবে এক ভাল উদাহৰণ হয়।

১৩. মথি ১৯:৪-৬ পদৰ অনুসৰি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত কেনেকৈ “লগত থাকিব” পাৰে? (ছবিখনো চাওক।)

১৩ যীচুৱে স্বামীসকলক নিজৰ পত্নীৰ বিশ্বাসী হৈ থাকিবলৈ পৰামৰ্শ দিলে। তেওঁ যিহোৱাই কোৱা কথাষাৰ পুনৰ তেওঁলোকক কʼলে যে ‘স্বামীসকলে নিজৰ পত্নীৰ লগত থকা উচিত।’ (মথি ১৯:৪-৬ পঢ়ক।) ইয়াত ‘লগত থকা’ শব্দৰ অৰ্থ হৈছে পতি-পত্নীৰ সম্পৰ্ক ইমানেই মজবুত হোৱা উচিত, যেন তেওঁলোকে আঠাৰে একেলগে লাগি আছে। সেইবাবে, তেওঁলোকৰ মাজৰ এজনে যদি এনে কাম কৰে, যাৰ বাবে আনজনে আঘাত পায়, তেনেহʼলে দুয়োজনে ইয়াৰ পৰিণাম ভুগিবলগীয়া হয়। গতিকে, স্বামীৰ যদি নিজৰ পত্নীৰ লগত মজবুত সম্পৰ্ক থাকে, তেনেহʼলে তেওঁ সকলো ধৰণৰ পৰ্ণগ্ৰাফী চোৱাৰ পৰা আঁতৰি থাকিব আৰু তেওঁ লগে লগে ‘অসাৰ দৃষ্টিৰ পৰা নিজৰ চকু ঘূৰাব।’ (গীত. ১১৯:৩৭) তেওঁ যেন নিজৰ পত্নীৰ বাহিৰে আন তিৰোতাক বেয়া ভাবনাৰে নাচাব বুলি নিজৰ চকুৰ লগত নিয়ম স্থাপন কৰিছে।—ইয়ো. ৩১:১.

যিজন স্বামীয়ে নিজৰ পত্নীৰ বিশ্বাসী হয়, তেওঁ কেতিয়াও অশ্লীল ছবি নাচাব (অনুচ্ছেদ ১৩ চাওক) g


১৪. এজন স্বামীয়ে যিহোৱা আৰু নিজৰ পত্নীৰ লগত সম্পৰ্ক মজবুত কৰিবলৈ কি কি পদক্ষেপ লʼব লাগিব?

১৪ যিজন স্বামীয়ে নিজৰ পত্নীক মাৰ-পিট কৰে বা তাইক বেয়াকৈ কয়, তেওঁ যিহোৱা আৰু নিজৰ পত্নীৰ লগত সম্পৰ্ক ভাল কৰিবলৈ কিছুমান পদক্ষেপ লʼব লাগিব: প্ৰথমতে, তেওঁ বুজি পাব লাগিব যে তেওঁ যি কৰি আছে, সেয়া ভুল হয়। তেওঁ এয়াও মনত ৰাখিব লাগিব যে যিহোৱাৰ পৰা কোনো কথা লুকাই নাথাকে। (গীত. ৪৪:২১; উপ. ১২:১৪; ইব্ৰী ৪:১৩) দ্বিতীয়তে, তেওঁ নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব লাগিব আৰু নিজৰ আচাৰ-ব্যৱহাৰ সলনি কৰিব লাগিব। (হিতো. ২৮:১৩) তৃতীয়তে, তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিব লাগিব আৰু নিজৰ পত্নী আৰু যিহোৱাৰ পৰা হৃদয়েৰে ক্ষমা বিচাৰিব লাগিব। (পাঁচ. ৩:১৯) নিজকে সলনি কৰাৰ ইচ্ছা বিচাৰি আৰু নিজৰ বেয়া চিন্তাধাৰা, কথা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ কাকূতি-মিনতি কৰিব লাগিব। (গীত. ৫১:১০-১২; ২ কৰি. ১০:৫; ফিলি. ২:১৩) চতুৰ্থতে, তেওঁ নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কাম কৰিব লাগিব অৰ্থাৎ সকলো ধৰণৰ হিংসা আৰু গালি-শপনি ঘৃণা কৰিব লাগিব। (গীত. ৯৭:১০) পঞ্চমতে, তেওঁ লগে লগে প্ৰাচীনসকলৰ লগত কথা পাতিব লাগিব, যিসকলে মৰমেৰে তেওঁক সহায় কৰিব। (যাকো. ৫:১৪-১৬) ষষ্ঠতে, তেওঁ সেই ভুল আকৌ নকৰিবলৈ কি কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰিব লাগিব। যিসকল স্বামীয়ে পৰ্ণগ্ৰাফী চায়, তেওঁলোকেও এই ছটা পদক্ষেপ লʼব লাগিব। তেওঁ নিজৰ আচাৰ-ব্যৱহাৰ সলনি কৰিবলৈ যি পৰিশ্ৰম কৰিব, তাৰ ওপৰত যিহোৱাই আশীৰ্বাদ দিব। (গীত. ৩৭:৫) এজন স্বামীয়ে নিজৰ পত্নীক অনাদৰ কৰা কামবোৰৰ পৰা আঁতৰি থকাই যথেষ্ট নহয়, ইয়াৰ লগতে তেওঁ নিজৰ পত্নীক সন্মানো কৰিব লাগিব। তেওঁ এয়া কেনেকৈ কৰিব পাৰে?

নিজৰ পত্নীক কেনেকৈ আদৰ দেখুৱাব?

১৫. এজন স্বামীয়ে নিজৰ পত্নীক কেনেকৈ প্ৰেম দেখুৱাব পাৰে?

১৫ মৰম দেখুৱাওক। কিছুমান বিবাহিত ভায়ে এনে কিবা কৰে, যাৰ পৰা তেওঁৰ পত্নীৰ অনুভৱ হয় যে তেওঁ তাইক বহুত প্ৰেম কৰে। (১ যোহ. ৩:১৮) এজন স্বামীয়ে সৰু সৰু উপায়েৰে নিজৰ পত্নীক মৰম দেখুৱাব পাৰে। যেনে, তেওঁ তাইৰ হাত ধৰিব পাৰে বা মৰমেৰে সাৱটি ধৰিব পাৰে। ইয়াৰ লগতে তেওঁ মেছেজত কʼব পাৰে যে “তুমি ভাত খালা নে?” বা “তোমাৰ কামবোৰ কেনেকুৱা চলি আছে?” ইয়াৰ লগতে তেওঁ নিজৰ পত্নীক উপহাৰো দিব পাৰে। এইদৰে তেওঁ নিজৰ মৰম দেখুৱাব পাৰে। যেতিয়া এজন স্বামীয়ে এইদৰে কৰিব, তেতিয়া তেওঁ নিজৰ পত্নীক প্ৰেম আৰু আদৰ কৰে বুলি দেখুৱাব। এইদৰে তেওঁলোকৰ বিবাহিত সম্পৰ্ক মজবুত হʼব।

১৬. এজন স্বামীয়ে কিয় নিজৰ পত্নীৰ প্ৰশংসা কৰা উচিত?

১৬ কৃতজ্ঞতা দেখুৱাওক। যিজন স্বামীয়ে নিজৰ পত্নীক আদৰ কৰে, তেওঁ তাইৰ প্ৰতি কিমান কৃতজ্ঞ আছে, তাৰ বিষয়ে জনাব আৰু লগতে তাইক উৎসাহিত কৰিব। যেনে, তেওঁৰ পত্নীয়ে তেওঁক সহযোগ কৰিবলৈ যি পৰিশ্ৰম কৰে, তাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিব। (কল. ৩:১৫) যেতিয়া এজন স্বামীয়ে নিজৰ পত্নীক হৃদয়েৰে প্ৰশংসা কৰিব, তেতিয়া তাইৰ বহুত ভাল লাগিব। তাইৰ স্বামীয়ে তাইৰ বিষয়ে চিন্তা কৰে, তাইক প্ৰেম আৰু আদৰ কৰে বুলি তাইৰ অনুভৱ হʼব।—হিতো. ৩১:২৮.

১৭. এজন ব্যক্তিয়ে কেনেকৈ দেখুৱাব পাৰে যে তেওঁ নিজৰ পত্নীক আদৰ কৰে?

১৭ প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰক। যিজন ব্যক্তিয়ে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ তাইক মূল্যৱান বুলি ভাবে। তেওঁ এয়াও স্বীকাৰ কৰে যে তাই যিহোৱাৰ ফালৰ পৰা পোৱা সুন্দৰ উপহাৰ হয়। (হিতো. ১৮:২২; ৩১:১০) তেওঁ নিজৰ পত্নীৰ লগত সদায়, আনকি শাৰীৰিক সম্পৰ্ক ৰখাৰ সময়তো প্ৰেম আৰু আদৰেৰে ব্যৱহাৰ কৰে। তেওঁ নিজৰ পত্নীক এনে একো কৰিবলৈ হেঁচা নিদিয়ে, যাৰ বাবে তাইৰ বিবেকে তাইক দোষ দিব পাৰে। f তেওঁৰ বিবেক যাতে শুদ্ধ হৈ থাকে আৰু যিহোৱাৰ লগত থকা সম্পৰ্কৰ ওপৰত কোনো প্ৰভাৱ নপৰে, তাৰ প্ৰতিও তেওঁ ধ্যান দিব।—পাঁচ. ২৪:১৬.

১৮. স্বামীসকলে কি থিৰাং কৰা উচিত? (“ পত্নীক আদৰ দেখুৱাৰ চাৰিটা উপায়” নামৰ বক্সখনো চাওক।)

১৮ স্বামীসকল, আপোনালোকে বিশ্বাস ৰাখিব পাৰে যে আপোনালোকে নিজৰ পত্নীক আদৰ কৰিবলৈ যি কৰে, তাৰ প্ৰতি যিহোৱাই ধ্যান দিয়ে আৰু তাক মূল্যাংকন কৰে। সেইবাবে, থিৰাং কৰক আপুনি এনে একো কাম নকৰিব যিয়ে দেখুৱাই যে আপুনি নিজৰ পত্নীক আদৰ কৰা নাই, তাৰ পৰিৱৰ্তে তাইৰ লগত প্ৰেম আৰু আদৰেৰে ব্যৱহাৰ কৰিব আৰু তাইক প্ৰেম দেখুৱাব। যেতিয়া আপুনি এইদৰে কৰিব, তেতিয়া আপোনাৰ পত্নীৰ অনুভৱ হʼব যে আপুনি তাইক প্ৰেম কৰে আৰু তাইক মূল্যৱান বুলি ভাবে। গতিকে নিজৰ পত্নীক আদৰ কৰক। এইদৰে কৰিলে আপুনি গোটেই বিশ্বৰ সৃষ্টিকৰ্তা যিহোৱাৰ লগত নিজৰ বন্ধুত্ব বজাই ৰাখিব পাৰিব।—গীত. ২৫:১৪.

গীত নং ১৩১ “ঈশ্বৰে যাক যোগ কৰিলে”

a স্বামীসকল, জানুৱাৰী ২০২৪ চনৰ প্ৰহৰীদুৰ্গত দিয়া “যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক” নামৰ লেখখন নিশ্চয় পঢ়ক।

b যদি আপোনাৰ জীৱন সংগীয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনেহʼলে আপুনি “যেতিয়া পৰিয়ালৰ কোনোবাই আপোনাক অত্যাচাৰ কৰে, তেতিয়া কি কৰিব?” (হিন্দী) নামৰ লেখখন পঢ়িলে আপুনি বহুত সহায় লাভ কৰিব। এই লেখখন jw.org আৰু JW লাইব্ৰেৰীত “লেখৰ ধাৰাবাহিক” ভাগত “আৰু কিছুমান বিষয়” পাব।

c ইয়াৰ অৰ্থ কি: ইয়াত ‘গালি-শপনিৰ’ ইয়াৰ অৰ্থ কেৱল এয়া নহয় যে কাৰোবাক তল পেলাবলৈ তেওঁক বেয়া বেয়া নামেৰে মতা। ইয়াৰ পৰিৱৰ্তে কাৰোবাক সদায় আনৰ আগত বেয়াকৈ কোৱা, তেওঁৰ অপমান কৰা, জানি-শুনি তেওঁক দুখ দিয়া বা তেওঁৰ নাম বদনাম কৰাও গালি-শপনিত আহে।

d jw.org আৰু JW লাইব্ৰেৰীতপৰ্ণগ্ৰাফীৰ বাবে আপোনাৰ বিবাহিত জীৱন ধ্বংস হʼব পাৰে” (ইংৰাজী) নামৰ লেখখন পঢ়ক।

e যদি এগৰাকী তিৰোতাৰ স্বামীয়ে পৰ্ণগ্ৰাফী চাই, তেনেহʼলে তাই আগষ্ট ২০২৩ চনৰ প্ৰহৰীদুৰ্গত দিয়া “যেতিয়া সংগীয়ে পৰ্ণগ্ৰাফী চায়, তেতিয়া কি কৰিম” নামৰ লেখখন পঢ়ি বহুতো সহায় লাভ কৰিব পাৰে।

f এহাল দম্পতীয়ে কেনেধৰণৰ শাৰীৰিক সম্পৰ্ক ৰখাটো সঠিক হয় বা ভুল হয়, তাৰ বিষয়ে বাইবেলত স্পষ্টকৈ কোৱা নাই। সেইবাবে, এই বিষয়ত তেওঁলোকে কি কৰিব এয়া এহাল দম্পতীয়ে নিজেই নিৰ্ণয় লোৱা উচিত। কিন্তু তেওঁলোকে এয়াও মনত ৰখা উচিত যে তেওঁলোকে যি কৰে, তাৰ পৰা যিহোৱাৰ আদৰ হয়, দুয়োজনে আনন্দ লাভ কৰে আৰু তেওঁলোকৰ বিবেক শুদ্ধ হৈ থাকে। সাধাৰণতে এহাল দম্পতীয়ে এই ব্যক্তিগত বিষয়ে আনৰ লগত আলোচনা নকৰিব।

g ছবিৰ বিষয়ে: এজন ভাইৰ লগত কাম কৰা লোকসকলে তেওঁক এখন কিতাপত অশ্লীল ছবি দেখুৱাবলৈ চেষ্টা কৰি আছে।