প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ জুন 2020

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ আগষ্ট ৩-৩০, ২০২০-ৰ বাবে হয়।

“তোমাৰ নাম পূজনীয় হওক”

অধ্যয়নৰ লেখ ২৩: আগষ্ট ৩-৯, ২০২০. আজি সকলো মানৱজাতি আৰু স্বৰ্গদূতৰ মনত এটা প্ৰশ্ন আছে। সেয়া হৈছে তেওঁলোকৰ ওপৰত কোনে শাসন কৰাৰ অধিকাৰ আছে। এই প্ৰশ্নটো কিয় ইমান গুৰুত্বপূৰ্ণ? আমি কাক নিজৰ ৰজা হিচাপে স্বীকাৰ কৰা উচিত? যদি আমি তেওঁক নিজৰ ৰজা বুলি স্বীকাৰ কৰোঁ, তেনেহʼলে আমি কি কৰিম? এই প্ৰশ্নবোৰৰ উত্তৰ জানিলে, যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দৃঢ় হʼব।

“তোমাৰ নামলৈ ভয় ৰাখিবলৈ মোক একান্ত মন দিয়া”

অধ্যয়নৰ লেখ ২৪: আগষ্ট ১০-১৬, ২০২০. ৰজা দায়ূদে প্ৰাৰ্থনাত যি কৈছিল, সেই কথালৈ আমি এই লেখত ধ্যান দিম। এই কথা গীতমালা ৮৬:​১১, ১২ পদত উল্লেখ আছে। যিহোৱাৰ নামৰ প্ৰতি ভয় ৰখাৰ অৰ্থ কি? সেই নামৰ প্ৰতি কিয় গভীৰ সন্মান থকা উচিত? ঈশ্বৰৰ প্ৰতি থকা ভয়ে কেনেকৈ আমাক বেয়া কাম কৰিবলৈ বাধা দিয়ে?

পাঠকসকলৰ প্ৰশ্ন

গালাতীয়া ৫:২২ পদত উল্লেখ কৰা গুণবোৰ কেৱল পবিত্ৰ “আত্মাৰ ফল” হয়নে?

‘ময়েই মোৰ ভেৰাবোৰক বিচাৰি উলিয়াম’

অধ্যয়নৰ লেখ ২৫: আগষ্ট ১৭-২৩, ২০২০. কিছুমান খ্ৰীষ্টানে বহুবছৰলৈকে যিহোৱাৰ সেৱা কৰিলে, কিন্তু পাছত তেওঁলোকে মণ্ডলীৰপৰা আঁতৰি গʼল। এনে কিয় বাৰু? তেওঁলোকৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে? এই লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম আৰু এয়াও শিকিম যে প্ৰাচীন সময়ত যিহোৱাৰপৰা আঁতৰি যোৱা লোকসকলক তেওঁ কেনেকৈ সহায় কৰিছিল।

“মোৰ ওচৰলৈ ঘূৰি আঁহা”

অধ্যয়নৰ লেখ ২৬: আগষ্ট ২৪-৩০,২০২০. যিসকল নিষ্ক্ৰীয় হৈ গৈছে অৰ্থাৎ যিসকলে সভালৈ আৰু প্ৰচাৰলৈ যাবলৈ এৰি দিছে, তেওঁলোকে উভতি অহাটো যিহোৱাই বিচাৰে। যিহোৱাই তেওঁলোকক এইদৰে অনুৰোধ কৰে, “মোৰ ওচৰলৈ ঘূৰি আঁহা।” আমিও এনে ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ, যিসকলে যিহোৱাৰ ওচৰলৈ উভতি আহিব বিচাৰে। এই লেখত কোৱা হ’ব যে এয়া আমি কেনেকৈ কৰিব পাৰোঁ।