Skip to content

Skip to table of contents

তূৰীৰ শব্দ শুনক

তূৰীৰ শব্দ শুনক

আমি সকলোৱে জানোঁ যে এই “শেষ-কালত” যিহোৱা ঈশ্বৰে নিজৰ লোকসকলক সঠিক পথ দেখুৱাইছে আৰু আমাৰ সকলো প্ৰয়োজনীয়তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আমি ঈশ্বৰৰ কাষত থাকিব পাৰোঁ। (২ তীম. ৩:১) কিন্তু এয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি তেওঁৰ কথা পালন কৰিম নে নকৰিম। ইয়াৰ বিষয়ে আমি অৰণ্যত বসবাস কৰা ইস্ৰায়েলীসকলৰপৰা কিছু কথা শিকিব পাৰোঁ। তূৰীৰ শব্দ শুনাৰ লগে লগে ইস্ৰায়েলীসকলে নিৰ্দেশনাৰ অনুসৰি পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিল।

যিহোৱাই মোচিক দুটা তূৰী সাজিবলৈ কৈছিল আৰু সেই তূৰী ৰূপেৰে গঢ়িবলৈ কোৱা হৈছিল। “মণ্ডলীক মাতিবৰ নিমিত্তে আৰু ছাউনীবোৰ উঠি যাবৰ নিমিত্তে” এই তূৰীবোৰ বজোৱা হৈছিল। (গণ. ১০:২) পুৰোহিতসকলে এই তূৰীবোৰ বিভিন্ন ধৰণে বজাইছিল। ইয়াৰ দ্বাৰা লোকসকলে বুজিব পাৰিছিল যে তেওঁলোকক কি কৰাৰ প্ৰয়োজন আছিল। (গণ. ১০:৩-৮) বৰ্তমান সময়তো ঈশ্বৰৰ লোকসকলক বিভিন্ন ধৰণে নিৰ্দেশনা দিয়া হয়। আহক আমি ইয়াৰ তিনিটা পদ্ধতিৰ ওপৰত ধ্যান দিওঁ আৰু চাম যে প্ৰাচীন সময়ৰ তূৰী বজোৱাৰ লগত ইয়াৰ কি মিল আছে। এই তিনিটা পদ্ধতি হৈছে, যেতিয়া আমি ডাঙৰ সভাবোৰত একগোট হওঁ, যেতিয়া প্ৰাচীনসকলক প্ৰশিক্ষণ দিয়া হয় আৰু যেতিয়া মণ্ডলীৰ কোনো ব্যৱস্থা সাল-সলনি কৰা হয়।

ডাঙৰ সভাত একগোট

যিহোৱাই গোটেই “মণ্ডলী” পবিত্ৰ তম্বুৰ দুৱাৰ মুখত একগোট কৰিবলৈ বিচৰাৰ সময়ত পুৰোহিতসকলে দুয়োটা তূৰী বজাইছিল। (গণ. ১০:৩) ইস্ৰায়েলৰ সকলো ফৈদে পবিত্ৰ তম্বুৰ চাৰিওফালে চাৰিটা দলত বিভক্ত হৈ আছিল আৰু সকলোৱে তূৰী বজোৱাৰ শব্দ শুনিব পাৰিছিল। এনে সময়ত তম্বুৰ ওচৰত বাস কৰা লোকসকলে হয়তো শীঘ্ৰে তাত উপস্থিত হʼব পাৰিছিল। কিন্তু দূৰৈত থকা লোকসকলে তাত উপস্থিত হোৱাটো সহজ নাছিল আৰু উপস্থিত হ’বলৈ তেওঁলোকক সময় লাগিছিল। তেওঁলোকে দূৰৈত বা ওচৰত যʼতেই নাথাকক কিয়, সকলোৱে তাত একগোট হোৱা আৰু সেই সভাৰপৰা লাভৱান হোৱাটো যিহোৱাই বিচাৰিছিল।

বৰ্তমান সময়ত আমি পবিত্ৰ তম্বুত একগোট নহওঁ, কিন্তু যিহোৱাৰ লোকসকলৰ সভাত উপস্থিত হʼবলৈ আমাক উৎসাহিত কৰা হয়। যেনে, আঞ্চলিক অধিৱেশন আৰু আন বিশেষ কাৰ্য্যক্ৰমত। পৃথিৱীৰ সকলো ঠাইতে যিহোৱাৰ সাক্ষীসকলে একেধৰণৰ কাৰ্য্যক্ৰমৰ আনন্দ উপভোগ কৰে। সভাত উপস্থিত হোৱা লোকসকলে এনে লোকসকলৰ লগত সংগতি কৰিবলৈ সুযোগ লাভ কৰে, যিসকলে সদায় আনন্দত থাকে। কিছুমান লোকে বহু দূৰৈৰপৰা আহিবলগীয়া হয়। কিন্তু সভাত উপস্থিত হোৱা লোকসকলে এই কথা ভালদৰে জানিছিল যে তেওঁলোকৰ পৰিশ্ৰম অথলে নাযাব।

কিছুমান লোকে সভা হোৱা ঠাইৰপৰা বহুত দূৰৈত থাকে আৰু তেওঁলোকৰ বাবে সভাত উপস্থিত হোৱাটো সম্ভৱ নহয়। এনে পৰিস্থিতিত তেওঁলোকে কি কৰে? টেকনʼলজিৰ সহায়ত বহুতোলোকে নিজৰ ঠাইতে কাৰ্য্যক্ৰম উপভোগ কৰে। উদাহৰণস্বৰূপে, এবাৰ মুখ্য কাৰ্য্যালয়ৰপৰা এজন ভাই বেনিন শাখা কাৰ্য্যালয়লৈ সাক্ষাৎ কৰিবলৈ আহিছিল। সেইসময়ত হোৱা এটা কাৰ্য্যক্ৰম নাইজৰত থকা এখন সৰু চহৰ আৰলীটত হৈছিল, যি চাহাৰা মৰুভূমিত অৱস্থিত। এই কাৰ্য্যক্ৰমত ২১ জন ভাই-ভনী আৰু ১৬ জন আগ্ৰহী লোকে উপস্থিত হৈছিল। যদিও তেওঁলোক বহুত দূৰৈত আছিল, তথাপি তেওঁলোকে বেনিনত কাৰ্য্যক্ৰম চাই থকা সেই ৪৪,১৩১ জন ভাই-ভনীৰ লগত একেলগে চাই থকা যেন অনুভৱ কৰিছিল। এজন ভায়ে এইদৰে কৈছিল, “ইণ্টাৰনেটৰ যোগেদি কাৰ্য্যক্ৰম দেখুৱাৰ বাবে আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আপোনালোকে আমাক কিমান প্ৰেম কৰে, তাৰ বিষয়ে আমি পুনৰ অনুভৱ কৰিব পাৰিলোঁ।”

বেছিকৈ প্ৰশিক্ষণ পায়

যেতিয়া এটা তূৰী বজোৱা হৈছিল, তেতিয়া “অধ্যক্ষবিলাক ইস্ৰায়েলৰ সন্তানবিলাকৰ গোষ্ঠীবিলাকৰ মূল মানুহ” তম্বুৰ ওচৰলৈ আহিবলগীয়া হৈছিল। (গণ. ১০:৪) তালৈ আহি তেওঁলোকে মোচিৰপৰা শিকিব পাৰিছিল। তেওঁলোকে মোচিৰপৰা লাভ কৰা প্ৰশিক্ষণৰ সহায়ত নিজৰ দায়িত্ব ভালদৰ পালন কৰিবলৈ সক্ষম হ’ব পাৰিছিল। যদি আপুনি সেই অধ্যক্ষবিলাকৰ মাজৰ এজন হয়, তেনেহ’লে আপুনিও তালৈ গৈ মোচিৰপৰা শিকিবনে?

মণ্ডলীৰ প্ৰাচীনসকলে ‘অধ্যক্ষবিলাকৰ’ দৰে নহয় আৰু তেওঁলোকে ঈশ্বৰৰ জাকৰ ওপৰত কোনো অধিকাৰ নচলায়। (১ পিত. ৫:১-৩) ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে ঈশ্বৰৰ জাকক ভালদৰে চোৱা-চিতা কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰে। প্ৰাচীনসকলে প্ৰশিক্ষণ লʼবলৈ সদায় সাজু থাকে। যেনে, ৰাজ্য পৰিচৰ্য্যা স্কুলৰপৰা। মণ্ডলীৰ দায়িত্ববোৰ কেনেকৈ ভালদৰে পালন কৰিব লাগে, তাৰ বিষয়ে এই স্কুলত প্ৰাচীনসকলক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণৰ যোগেদি প্ৰাচীনৰ লগতে মণ্ডলীৰ আন ভাই-ভনীসকলেও যিহোৱাৰ কাষ চাপিব পাৰে। যদিও আপুনি এই স্কুলত ভাগ লʼবলৈ সুযোগ পোৱা নাই, তথাপি আপুনি এই স্কুলত প্ৰশিক্ষণ লাভ কৰা ভাই-ভনীসকলৰপৰা নিশ্চয় বহুতো কথা শিকিছে।

সাল-সলনি কৰিবলৈ সাজু হৈ

কেতিয়াবা কেতিয়াবা পুৰোহিতসকলে উঠা-নমা কণ্ঠস্বৰত তূৰী বজাইছিল। ইয়াৰ অৰ্থ আছিল, ইস্ৰায়েলীসকলে নিজৰ ছাউনি উঠোৱাৰ প্ৰয়োজন আছিল। (গণ. ১০:৫, ৬) ইস্ৰায়েলীসকলে ছাউনি উঠোৱাৰ সময়ত সকলো কাম শৃংখলাবদ্ধভাৱে কৰিবলগীয়া হৈছিল। কিন্তু এনে কৰিবলৈ কঠিন পৰিশ্ৰমৰ প্ৰয়োজন আছিল। হয়তো কিছুমান ইস্ৰায়েলীয়ে কেতিয়াবা কেতিয়াবা এঠাইৰপৰা আন ঠাইলৈ যাবলৈ সংকোচ কৰিব পাৰে। কিয় বাৰু?

হয়তো কিছুমান ইস্ৰায়েলীয়ে ভাবিব পাৰে যে তেওঁলোকক বাৰে বাৰে বা কোনো খবৰ নিদিয়াকৈ এঠাইৰপৰা আন ঠাইলৈ ছাউনি সলনি কৰিবলৈ কোৱা হৈছে। “কোনো কোনো সময়ত মেঘ সন্ধ্যা পৰাৰে পৰা ৰাতি-পুৱালৈকে থাকে,” আৰু কেতিয়াবা কেতিয়াবা “দুদিন, বা এমাহ, নাইবা এবছৰ” বা তাতোতকৈ বেছি সময় থাকে। (গণ. ৯:২১, ২২) আপুনি জানেনে ইস্ৰায়েলীসকলে কিমান বাৰ ছাউনি এঠাইৰপৰা আন ঠাইলৈ সলনি কৰিবলগীয়া হৈছিল? গণনাপুস্তক ৩৩ অধ্যায়ত ৪০ খন বেলেগ বেলেগ ঠাইৰ নাম উল্লেখ আছে।

কেতিয়াবা কেতিয়াবা হয়তো ইস্ৰায়েলীসকলে এনে ঠাইত ছাউনি পাতিছিল, যʼত ছাঁ পৰিছিল। এনে ‘ডাঙৰ আৰু ভয়ানক গোটেই অৰণ্যত’ থাকি তেওঁলোকক নিশ্চয় ভাল লাগিছিল। (দ্বিতী. ১:১৯) হয়তো তেওঁলোকৰ মনলৈ আহিছিল যে যদি সেই ঠাই এৰি গুচি যায়, তেনেহʼলে তেওঁলোকে পুনৰ এনেধৰণৰ ঠাই নাপাব।

যেতিয়া ইস্ৰায়েলীসকলে নিজৰ ছাউনি উঠাবলগীয়া হৈছিল, তেতিয়া কিছুমান ফৈদে অপেক্ষা কৰিবলগীয়া হৈছিল। যদিও তূৰীৰ শব্দ সকলো ফৈদে শুনি পাইছিল, তথাপি সকলোৱে একে সময়ত সলনি কৰাটো সম্ভৱ নাছিল। যেতিয়া তূৰীবোৰ উঠা-নমা স্বৰত বজোৱা হৈছিল, তেতিয়া পূব দিশত ছাউনি পাতি থকা ফৈদে নিজৰ ছাউনি উঠাবলগীয়া হৈছিল, অৰ্থাৎ যিহূদা, ইচাখ আৰু জবূলূনৰ ফৈদে ছাউনি উঠাবলগীয়া হৈছিল। (গণ. ২:৩-৭; ১০:৫-৬) তেওঁলোকে ওলাই যোৱাৰ পাছত, যেতিয়া তূৰীবোৰ উঠা-নমা স্বৰত দ্বিতীয়বাৰ বজোৱা হৈছিল, তেতিয়া দক্ষিণৰ তিনিটা ফৈদে নিজৰ ছাউনি উঠাবলগীয়া হৈছিল। যেতিয়ালৈকে সকলো ফৈদে নিজৰ ছাউনি উঠাই শেষ নহয়, তেতিয়ালৈকে পুৰোহিতসকলে এইদৰে তূৰীবোৰ বজাই আছিল।

হয়তো আপুনি সংগঠনৰ কিছুমান সাল-সলনিক বুজি পোৱা নাই আৰু আপুনি ভাবিব পাৰে যে এটাৰ পাছত এটা বহুতো সাল-সলনি হৈ আছে। হয়তো আপোনাক আগতে কৰা কামৰ পদ্ধতিক বেছিকৈ ভাল লাগে। সাল-সলনিৰ কাৰণ যিয়েই নহওক কিয়, আপুনি হয়তো ভাবিব পাৰে যে আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা হৈছে আৰু নতুন পদ্ধতি অনুসৰি নিজকে খাপ-খোৱাবলৈ আপোনাক সময় লাগিব পাৰে। যদি আমি সঠিক দৃষ্টিভংগীৰে এই সকলো সাল-সলনি গ্ৰহণ কৰোঁ, তেনেহ’লে সময় অতিবাহিত হোৱাৰ লগে লগে আমি দেখিবলৈ পাম যে আমাৰ নিজৰে লাভ হৈছে আৰু যিহোৱাই আমাৰ বাবে আনন্দিত হৈছে।

মোচিৰ সময়ত যিহোৱাই লাখ লাখ পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালীক অৰণ্যত সঠিক পথ দেখুৱাইছিল। ঈশ্বৰৰ নিৰ্দেশনাৰ অবিহনে তেওঁলোকে জীয়াই থকাটো সম্ভৱ নাছিল। বৰ্তমান সময়ৰ এই শেষ-কালত যিহোৱাই আমাৰ তত্বাৱধান লৈছে আৰু সঠিক পথ দেখুৱাইছে। সেইবাবে, আমি ঈশ্বৰৰ কাষত থাকিব পাৰিছোঁ আৰু নিজৰ বিশ্বাস দৃঢ় কৰি ৰাখিব পাৰিছোঁ। আহক ইস্ৰায়েলীসকলৰ দৰে আমিও বিশ্বাসেৰে যিহোৱাক সেৱা কৰিবলৈ দৃঢ় সংকল্প লওঁ।