Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৪

“তোমাৰ নামলৈ ভয় ৰাখিবলৈ মোক একান্ত মন দিয়া”

“তোমাৰ নামলৈ ভয় ৰাখিবলৈ মোক একান্ত মন দিয়া”

‘হে যিহোৱা তোমাৰ নামলৈ ভয় ৰাখিবলৈ মোক একান্ত মন দিয়া। মোৰ ঈশ্বৰ, মই সমস্ত চিত্তেৰে তোমাৰ স্তুতি কৰিম।’—গীত. ৮৬:১১, ১২.

গীত ৭ যিহোৱা আমাৰ বল

লেখৰ এক আভাস *

১. (ক) ঈশ্বৰক ভয় কৰাৰ অৰ্থ কি? (খ) যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁলোকৰ এনে ভয় থকাটো কিয় প্ৰয়োজন?

সত্য খ্ৰীষ্টানসকলে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ প্ৰতি ভয়ো ৰাখে। হয়তো কিছুমান লোকে ভাবিব পাৰে যে আমি ঈশ্বৰক প্ৰেম কৰাৰ লগতে তেওঁৰ প্ৰতি ভয় ৰখাটো কেনেকৈ সম্ভৱ? আমি সেই ভয়ৰ বিষয়ে কোৱা নাই, যি আমাক ভয়ভিত কৰি তোলে। ইয়াৰ পৰিৱৰ্তে, আমি এক বেলেগ ধৰণৰ ভয়ৰ বিষয়ে কৈছোঁ। এই লেখত এই ভয়ৰ বিষয়ে আলোচনা কৰা হʼব। যিসকলৰ এনে ভয় থাকে, তেওঁলোকৰ মনত ঈশ্বৰৰ প্ৰতি গভীৰ সন্মান থাকে। তেওঁলোকৰ বাবে ঈশ্বৰৰ লগত থকা বন্ধুত্ব অতি মূল্যৱান। সেইবাবে, তেওঁলোকে এনে কিছুমান কাম কৰাৰপৰা আঁতৰি থাকে, যিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে।—গীত. ১১১:১০; হিতো. ৮:১৩.

২. গীতমালা ৮৬:১১ পদৰ অনুসৰি আমি কি দুটা বিষয়ৰ ওপৰত ধ্যান দিম?

গীতমালা ৮৬:১১ পঢ়ক। ঈশ্বৰক ভয় কৰাৰ কিমান প্ৰয়োজন তাৰ বিষয়ে দায়ূদে জানিছিল। ইয়াৰ প্ৰমাণ আমি এই পদৰপৰা পাওঁ। আহক লক্ষ্য কৰোঁ যে দায়ূদে প্ৰাৰ্থনাত যি কৈছিল, সেয়া আমি নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰোঁ। সৰ্বপ্ৰথমে আমি কিছুমান কাৰণলৈ ধ্যান দিম, যাৰ বাবে আমাৰ মনত ঈশ্বৰৰ প্ৰতি গভীৰ সন্মান বাঢ়িব। তাৰ পাছত আমি ধ্যান দিম যে দৈনন্দিন জীৱনত ঈশ্বৰৰ প্ৰতি আমাৰ ভয় আছে বুলি আমি কেনেকৈ দেখুৱাব পাৰিম।

যিহোৱাৰ নামৰ প্ৰতি আমাৰ গভীৰ সন্মান কিয় থকা উচিত?

৩. মোচিয়ে কিহৰ বাবে যিহোৱাৰ নামৰ প্ৰতি গভীৰ সন্মান দেখুৱাইছিল?

খন্তেকৰ বাবে মোচিৰ বিষয়ে চিন্তা কৰক। যেতিয়া তেওঁ এটা শিলৰ গুহাত লুকাই আছিল, তেতিয়া তেওঁ তীব্ৰ গতিত যিহোৱাৰ মহিমা পাৰ হোৱা দেখিলে। হয়তো এয়া যিকোনো মানুহৰ বাবে আচৰিতজনক দৃশ্য আছিল। সেইসময়ত মোচিয়ে স্বৰ্গদূতে কোৱা এই কথা শুনিছিল, “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা।” (যাত্ৰা. ৩৩:১৭-২৩; ৩৪:৫-৭) ইয়াৰ পাছত যেতিয়াই মোচিয়ে যিহোৱাৰ নাম লৈছিল, তেতিয়াই হয়তো তেওঁক এই দৰ্শনৰ কথা মনলৈ আহিছিল। সেইবাবে, পাছলৈ তেওঁ ঈশ্বৰৰ লোকসকলক সৰ্তক কৰিছিল যে ‘যিহোৱাৰ প্ৰতাপী আৰু ভয়ানক নামৰ ভয় কৰা।’—দ্বিতী. ২৮:৫৮.

৪. যিহোৱাৰ কি কি গুণৰ ওপৰত ধ্যান কৰিলে যিহোৱাৰ প্ৰতি আমাৰ গভীৰ সন্মান বাঢ়িব?

আমিও কেৱল যিহোৱাৰ নাম লোৱাই যথেষ্ট নহয়, আমি এয়াও বুজিব লাগিব যে তেওঁ কেনেধৰণৰ ঈশ্বৰ। আমি তেওঁৰ গুণবোৰৰ বিষয়েও ধ্যান দিয়া উচিত। উদাহৰণস্বৰূপে, তেওঁৰ শক্তি, বুদ্ধি, ন্যায় আৰু প্ৰেম। এনে কৰাৰ যোগেদি আমাৰ মনত যিহোৱাৰ নামৰ প্ৰতি গভীৰ সন্মান বাঢ়িব।—গীত. ৭৭:১১-১৫.

৫-৬. (ক) যিহোৱা নামৰ অৰ্থ কি? (খ) যাত্ৰাপুস্তক ৩:১৩, ১৪ আৰু যিচয়া ৬৪:৮ পদৰ অনুসৰি যিহোৱাই নিজৰ উদ্দেশ্য কেনেকৈ পূৰ কৰে?

যিহোৱাৰ নামৰ অৰ্থ কি? কিছুমান বিদ্বানসকলে বিশ্বাস কৰে যে যিহোৱাৰ নামৰ অৰ্থ হৈছে, “তেওঁ যি বিচাৰে, সেয়েই হʼব পাৰে।” ইয়াৰ অৰ্থ হৈছে যে যিহোৱা ঈশ্বৰে তেওঁৰ উদ্দেশ্য পূৰ কৰিবলৈ যি প্ৰয়োজন, তাকে কৰিব পাৰে। তেওঁ এয়া কেনেকৈ কৰিব পাৰে?

যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ নিজে যি বিচাৰে, সেয়া হʼব পাৰে। (যাত্ৰাপুস্তক ৩:১৩, ১৪ পঢ়ক।) আমাৰ প্ৰকাশনবোৰে প্ৰায়ে এই বিষয়ত ধ্যান দিবলৈ উৎসাহিত কৰে। যিহোৱাই কেৱল নিজে যি বিচাৰে সেয়া হʼব পাৰে এনে নহয়, তেওঁ নিজৰ সেৱকসকলকো যি বিচাৰে, সেয়া বনাব পাৰে। (যিচয়া ৬৪:৮ পঢ়ক।) এইদৰে তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰে। কোনো কথাই তেওঁক নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ বাধা দিব নোৱাৰে।—যিচ. ৪৬:১০, ১১.

৭. স্বৰ্গত থকা আমাৰ পিতৃৰ প্ৰতি আমি কৃতজ্ঞতা কেনেকৈ বঢ়াব পাৰোঁ?

ঈশ্বৰে আমাৰ বাবে যি কৰিছে আৰু আমাক যি কৰিবলৈ দিছে, তাৰ ওপৰত ধ্যান কৰিলে আমাৰ হৃদয়ত তেওঁৰ প্ৰতি কৃতজ্ঞতা আৰু বাঢ়িব। উদাহৰণস্বৰূপে, যেতিয়া আমি যিহোৱাৰ ধুনীয়া সৃষ্টিৰ ওপৰত ধ্যান কৰোঁ, তেতিয়া তেওঁৰ প্ৰতি আমাৰ মনত গভীৰ সন্মান বাঢ়ি যায়। (গীত. ৮:৩, ৪) ইমানেই নহয়, যিহোৱাই কেনেকৈ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ আমাক যোগ্য কৰি তুলিছে, তাৰ ওপৰত ধ্যান কৰিলে আমাৰ অন্তৰত তেওঁৰ প্ৰতি কৃতজ্ঞতা বাঢ়িব। প্ৰকৃততে যিহোৱাৰ নামেই আচৰিতজনক। ইয়াৰপৰা বুজিব পাৰি যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়, তেওঁ এতিয়ালৈকে কি কৰিলে আৰু ভৱিষ্যতে কি কৰিব?—গীত. ৮৯:৭, ৮.

“মই যিহোৱাৰ নাম প্ৰচাৰ কৰিম”

মোচিয়ে ইস্ৰায়েলীসকলক যিহোৱা আৰু তেওঁৰ নামৰ বিষয়ে শিকাইছিল। ইয়াৰপৰা তেওঁলোকে সতেজ হৈছিল (অনুচ্ছেদ ৮ চাওক) *

৮. দ্বিতীয় বিবৰণ ৩২:২, ৩ পদৰপৰা আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে কি কথা বুজিব পাৰোঁ?

ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত প্ৰৱেশ কৰাৰ সময়ত যিহোৱাই মোচিক এটা গীত শিকাইছিল। (দ্বিতী. ৩১:১৯) ইয়াৰ পাছত মোচিয়ে এই গীতটো ইস্ৰায়েলীসকলক শিকাবলগীয়া হৈছিল। (দ্বিতীয় বিবৰণ ৩২:২, ৩ পঢ়ক।) আমি ২ আৰু ৩ পদৰ ওপৰত ধ্যান কৰিলে যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে বুজিব পাৰোঁ। তেওঁৰ নাম ইমানেই পবিত্ৰ যে কোনেও তেওঁৰ নাম মুখত লʼব নোৱাৰে, এইদৰে লোকসকলৰ আগত তেওঁৰ নামটো গুপ্ত হৈ থকাটো তেওঁ বিচৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ নাম সকলোৱে জনাটো তেওঁ বিচাৰিছিল। যিহোৱা আৰু তেওঁৰ মহান নামৰ বিষয়ে শিকাটো ইস্ৰায়েলীসকলৰ বাবে এক সন্মানৰ বিষয় আছিল। যিদৰে বৰষুণৰ পানীয়ে গছ-গছনিক সতেজ কৰি তোলে, ঠিক সেইদৰে মোচিৰ কথাই তেওঁলোকক সতেজ কৰি তুলিছিল। আমাৰ কথা-বতৰাৰপৰা লোকসকলক সতেজ কৰিবলৈ আমি কি কৰিব পাৰোঁ?

৯. যিহোৱাৰ নাম পবিত্ৰ কৰিবলৈ আমি কি কৰিব পাৰোঁ?

ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত বা ৰাজহুৱাভাৱে সাক্ষ্য দিয়াৰ সময়ত আমি বাইবেলৰপৰা লোকসকলক ঈশ্বৰৰ নাম জনাব পাৰোঁ। আমি তেওঁলোকক কিছুমান আলোচনী দিব পাৰোঁ আৰু ভিডিঅʼ দেখুৱাব পাৰোঁ। আমাৰ ৱেবছাইটত উপলব্ধ থকা তথ্যৰ বিষয়ে তেওঁলোকক জনাব পাৰোঁ। আমি স্কুলত, কামৰ ঠাইত বা যাত্ৰা কৰাৰ সময়ত সুযোগ বিচাৰি ঈশ্বৰ আৰু তেওঁৰ নামৰ বিষয়ে লোকসকলক জনাব পাৰোঁ। ঈশ্বৰে মানৱজাতিৰ বাবে আৰু এই পৃথিৱীৰ বাবে কি কি কৰিব, তাৰ বিষয়ে আমি তেওঁলোকক জনাব পাৰোঁ। এই বিষয়ে জনাৰ যোগিদে তেওঁলোকে বুজিব পাৰিব যে ঈশ্বৰে সঁচাকৈ তেওঁলোকক প্ৰেম কৰে। আমি লোকসকলক যিহোৱাৰ বিষয়ে সত্যতা জনোৱাৰ যোগেদি তেওঁৰ নাম পবিত্ৰ কৰোঁ। এনে কৰাৰ যোগেদি আমি লোকসকলৰ ভুল ধাৰণা দূৰ কৰিবলৈ সহায় কৰোঁ। আমি লোকসকলক বাইবেলৰপৰা যি শিক্ষা দিওঁ, সেয়া তেওঁলোকক সতেজ কৰি তোলে।—যিচ. ৬৫:১৩, ১৪.

১০. বিদ্যাৰ্থীসকলক কেৱল ঈশ্বৰৰ নৈতিক মানদণ্ডবোৰ শিকোৱাই কিয় যথেষ্ট নহয়?

১০ আমি বাইবেল অধ্যয়ন কৰাৰ সময়ত আমাৰ বিদ্যাৰ্থীয়ে কেৱল ঈশ্বৰৰ নাম জনাৰ পৰিৱৰ্তে তেওঁৰ নামৰ গুৰুত্বতাৰ বিষয়ে বুজা আৰু তেওঁৰ নাম ব্যৱহাৰ কৰাটো আমি বিচাৰোঁ। কিন্তু কেৱল আমি ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰৰ বিষয়ে শিকালে এইদৰে হ’বনে? হয়তো এজন ভাল বিদ্যাৰ্থীয়ে ঈশ্বৰৰ নিয়মৰ বিষয়ে শিকিব আৰু তাক ভাল পাবলৈ ধৰিব। কিন্তু তেওঁ আজ্ঞা দিওঁতা যিহোৱাক প্ৰেম কৰা উচিত। এনে কৰাটো কিয় প্ৰয়োজন? কিয়নো যদি তেওঁ যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁ নিশ্চয় তেওঁৰ আজ্ঞাও পালন কৰিব। আদম আৰু হৱাৰ লগত কি হৈছিল, তালৈ লক্ষ্য কৰক। তেওঁলোকে যিহোৱাৰ আজ্ঞাৰ বিষয়ে জানিছিল, কিন্তু তেওঁলোকে তেওঁৰ আজ্ঞা পালন কৰা নাছিল। কিয় বাৰু? কিয়নো আজ্ঞা দিয়াজনৰ প্ৰতি তেওঁলোকৰ প্ৰেম নাছিল। (আদি. ৩:১-৬) সেইবাবে, নিজৰ বিদ্যাৰ্থীক নৈতিক মানদণ্ডবোৰ শিকোৱাই যথেষ্ট নহয়। আমি তেওঁক ঈশ্বৰক প্ৰেম কৰিবলৈও শিকোৱা উচিত।

১১. আমি কেনেকৈ বিদ্যাৰ্থীক কেৱল নিয়ম শিকোৱাৰ পৰিৱৰ্তে যিহোৱাক প্ৰেম কৰিবলৈ শিকাব পাৰোঁ?

১১ ঈশ্বৰে আমাক বহুতো নিয়ম দিছে, কিয়নো তেওঁ আমাক প্ৰেম কৰে আৰু আমাৰ উপকাৰ হোৱাটো তেওঁ বিচাৰে। (গীত. ১১৯:৯৭, ১১১, ১১২) আৰম্ভণিতে হয়তো আমাৰ বিদ্যাৰ্থীয়ে এই কথা বুজি নাপাবও পাৰে। সেইবাবে, আমি তেওঁক সুধিব পাৰোঁ যে “ঈশ্বৰে কিয় তেওঁৰ সেৱকসকলক অমুক কাম কৰিবলৈ আৰু অমুক কাম নকৰিবলৈ কয়? ইয়াৰপৰা আমি ঈশ্বৰৰ বিষয়ে কি বুজিব পাৰোঁ?” এনে প্ৰশ্ন কৰাৰপৰা আমি বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ। ইয়াৰ পাছত বিদ্যাৰ্থীয়ে ঈশ্বৰৰ নিয়মৰ পৰিৱৰ্তে তেওঁ আৰু তেওঁৰ নামকো প্ৰেম কৰিবলৈ ধৰিব। (গীত. ১১৯:৬৮) তেওঁৰ বিশ্বাস দৃঢ় হ’ব আৰু আহিবলগীয়া সমস্যাৰ সাহসেৰে সন্মুখীন হ’ব পাৰিব।—১ কৰি. ৩:১২-১৫.

‘আমি যিহোৱাৰ নামেৰেহে চলিম’

এটা পৰিস্থিতিত দায়ূদৰ মন দুভাগ হৈছিল (অনুচ্ছেদ ১২ চাওক)

১২. (ক) দায়ূদৰ মন কেনেকৈ দুভাগ হৈছিল? (খ) ইয়াৰ পৰিণাম কি হʼল?

১২ গীতমালা ৮৬:১১ পদত ৰজা দায়ূদে এক গুৰুত্বপূৰ্ণ কথা লিখিছিল, “মোক একান্ত মন দিয়া।” তেওঁ নিজৰ অভিজ্ঞতাৰপৰা এই কথা কৈছিল। তেওঁ জানিছিল যে যদি আমি সাৱধান নহওঁ, তেনেহʼলে সহজে আমাৰ অন্তৰ ভাগ হৈ যাব পাৰে আৰু আমি বেয়া কাম কৰিব পাৰোঁ। দায়ূদৰ লগত ঠিক এইদৰেই হৈছিল। এবাৰ তেওঁ ছাদৰ ওপৰত ঘূৰি ফুৰাৰ সময়ত এজনী তিৰোতাক গা ধুই থকা দেখিলে। তেওঁ যিহোৱাৰ এই নিয়ম জানিছিল যে, ‘তুমি লোকৰ তিৰোতালৈ লোভ নকৰিবা।’ (যাত্ৰা. ২০:১৭) তথাপিও তেওঁ নিজৰ চকু আঁতৰাই নিনিলে। সেইসময়ত দায়ূদৰ মন দুভাগ হৈ পৰিল। তেওঁ যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল, কিন্তু সেই তিৰোতাগৰাকীকো তেওঁ পাব বিচাৰিছিল। যদিও তেওঁ যিহোৱাক প্ৰেম কৰিছিল, তেওঁক ভয় কৰিছিল, কিন্তু সেই পৰিস্থিতিত তেওঁ গম্ভীৰ পাপ কৰিলে। এই পাপৰ বাবে যিহোৱাৰ নাম কলংকিত হʼল। এই পাপৰ পৰিণাম দায়ূদৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ আৰু আন নিৰ্দোষী লোকসকলেও ভুগিবলগীয়া হৈছিল।—২ চমূ. ১১:১-৫, ১৪-১৭; ১২:৭-১২.

১৩. আমি কেনেকৈ জানিব পাৰোঁ যে পাছলৈ দায়ূদৰ মন সিদ্ধ হৈছিল?

১৩ যিহোৱাই দায়ূদক শুধৰণি কৰাৰ সময়ত দায়ূদে নিজৰ ভুল স্বীকাৰ কৰিছিল। সেইবাবে, তেওঁ যিহোৱাৰ লগত পুনৰ এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিলে। (২ চমূ. ১২:১৩; গীত. ৫১:২-৪, ১৭) তেওঁ জানিছিল যে নিজৰ স্বাৰ্থপৰ ইচ্ছাক পূৰ কৰিবলৈ যোৱাৰ বাবে তেওঁ এটা ডাঙৰ বিপদত পৰিছিল। সেইবাবে, তেওঁ গীতমালা ৮৬:১১ পদত যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, “মোক একান্ত মন দিয়া।” যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলেনে? যিহোৱাই তেওঁৰ প্ৰাৰ্থনা নিশ্চয় শুনিলে। যিহোৱাই দায়ূদৰ বিষয়ে এইদৰে কৈছিল, ‘দায়ূদৰ মন সিদ্ধ আছে।’—১ ৰাজা. ১১:৪; ১৫:৩.

১৪. আমি নিজকে কি প্ৰশ্ন সোধা উচিত আৰু কিয়?

১৪ দায়ূদৰ উদাহৰণৰপৰা আমি কিছুমান ভাল কথা শিকিব পাৰোঁ। তেওঁ যি গভীৰ পাপ কৰিছিল, সেয়া আমাৰ বাবে এক সতৰ্কবাণী হয়। কিছুমান লোকে বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰি আহিছে আৰু কিছুমানে অলপতে যিহোৱাৰ সেৱা আৰম্ভ কৰিছে। কিন্তু আমি সকলোৱে নিজকে এটা প্ৰশ্ন সোধা উচিত, ‘মোৰ মন ভাগ হৈছেনে?’

আমাৰ মন ভাগ কৰিবলৈ চয়তানে সম্পূৰ্ণৰূপে চেষ্টা কৰিব। কিন্তু তাক সুযোগ নিদিব (অনুচ্ছেদ ১৫-১৬ চাওক) *

১৫. যদি আমাৰ অন্তৰত যিহোৱাৰ প্ৰতি ভয় থাকে, তেনেহʼলে অশ্লীল ছবি বা দৃশ্য আমাৰ ওচৰত আহিলে আমি কি কৰিম? বুজাওক।

১৫ আপুনি যেতিয়া টিভি বা ইণ্টাৰনেটত এনে কিছুমান ছবি বা দৃশ্য চায়, যাৰ বাবে আপোনাৰ মনলৈ অনৈতিক চিন্তা আহিব পাৰে, তেতিয়া আপুনি কি কৰিব? আপুনি হয়তো নিজকে কʼব পাৰে যে ই ইমান বেয়া নহয়, অশ্লীল ছবি বা দৃশ্য ইয়াতকৈয়ো বেয়া থাকে। কিন্তু প্ৰকৃততে, এয়া চয়তানৰ এক ফান্দ হয়। আমাৰ মন ভাগ হৈ যোৱাটো সি বিচাৰে। (২ কৰি. ২:১১) এই ছবিবোৰ এটা কুঠাৰৰ দৰে হʼব পাৰে। আৰম্ভণিতে কুঠাৰৰ এটা সৰু অংশ খৰিৰ ভিতৰলৈ যায় আৰু পাছত লাহে লাহে কাটি তাক দুভাগ কৰি দিয়ে। ঠিক সেইদৰে, এই ছবিবোৰে এজন ব্যক্তিৰ মনক দুভাগ কৰি দিব পাৰে। হয়তো আৰম্ভণিতে কিছুমান ছবি ইমান বেয়া নালাগিবও পাৰে। কিন্তু তেওঁ যদি এই ছবিবোৰ বাৰে বাৰে চাই থাকে, তেনেহʼলে এদিন পাপ কৰি পেলাব আৰু যিহোৱাৰ বিশ্বাসী হৈ নাথাকিব। সেইবাবে, এয়া অতি প্ৰয়োজন যে আমি আমাৰ অন্তৰত এনে কোনো বস্তু আহিবলৈ নিদিম, যিয়ে আমাৰ মন দুভাগ কৰি দিব পাৰে। আমি একান্ত মন ৰখা উচিত, যাতে আমিও যিহোৱাৰ প্ৰতি ভয় ৰাখিব পাৰোঁ।

১৬. যেতিয়া আমাক প্ৰলোভিত কৰা হয়, তেতিয়া আমি নিজকে কি প্ৰশ্ন সোধা উচিত?

১৬ আমাক প্ৰলোভিত কৰিবলৈ চয়তানে অশ্লীল ছবি ব্যৱহাৰ কৰাৰ উপৰিও, আন বহুতো কৌশল ব্যৱহাৰ কৰে। সি হয়তো এনেকুৱা কৌশল ব্যৱহাৰ কৰিব পাৰে, যি আমাক বেয়া যেন নালাগিবও পাৰে। আমি হয়তো ভাবিব পাৰোঁ, ‘এয়া ইমান গভীৰ পাপ নহয়, যাৰ বাবে মোক বহিষ্কাৰ কৰা হʼব।’ এনেধৰণৰ চিন্তাধাৰা ৰখাটো ভুল হয়। ইয়াৰ পৰিৱৰ্তে, আমি নিজকে প্ৰশ্ন সোধা উচিত, ‘চয়তানে মোৰ মন ভাগ কৰিবলৈ চেষ্টা কৰিছে নেকি? যদি মই এই কাম কৰোঁ, তেনেহʼলে ইয়াৰপৰা যিহোৱাৰ নাম কলংকিত হʼব নেকি? এনে কৰিলে মই যিহোৱাৰ কাষ চাপিম, নে তেওঁৰপৰা আঁতৰি যাম?’ আমি প্ৰশ্নবোৰৰ ওপৰত গভীৰভাৱে চিন্তা কৰা উচিত। আমি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত, যাতে আমি এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিব পাৰোঁ। (যাকো. ১:৫) এনে কৰাৰ যোগেদি আমি নিজকে ৰক্ষা কৰিম আৰু চয়তানৰ ফান্দত নপৰিম। ইয়াৰ উপৰিও, আমিও যীচুৰ নিচিনা এইদৰে কʼব পাৰিম: “গুচি যা, চয়তান।”—মথি ৪:১০.

১৭. যদি আমাৰ মনটো ভাগ হৈছে, তেনেহʼলে ই কিয় কোনো কামত নাহে? উদাহৰণ দিয়ক।

১৭ যদি আমাৰ মন দুভাগ হৈছে, তেনেহʼলে ই কোনো কামত নাহে। খন্তেকৰ বাবে এটা খেলৰ দলৰ বিষয়ে চিন্তা কৰক। যিটো দলৰ খেলুৱৈসকলৰ মাজত মিলা-প্ৰীতি নাই। কিছুমান খেলুৱৈয়ে নিজৰ প্ৰশংসা বিচাৰে আৰু আন কিছুমান খেলুৱৈয়ে নিজৰ মতে খেলিব বিচাৰে। কিছুমান খেলুৱৈয়ে নিজৰ প্ৰশিক্ষকৰ সন্মান নকৰে। এনেধৰণৰ খেলৰ দলে কেতিয়াও জয়লাভ কৰিব নোৱাৰে। আনহাতে, যদি এটা দলৰ মাজত একতা থাকে, তেনেহʼলে বেছিভাগ খেলত তেওঁলোকে জয়লাভ কৰিব। যদি আমাৰ চিন্তাধাৰা, ভাবনা আৰু ইচ্ছা একে হয় অৰ্থাৎ আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰোঁ, তেনেহʼলে আমিও সেই সফল দলৰ দৰে হʼব পাৰিম। কিন্তু আমাৰ মন ভাগ হোৱাটো চয়তানে বিচাৰে। আমি ঈশ্বৰৰ মানদণ্ড পালন কৰাৰ পৰিৱৰ্তে নিজৰ বেয়া ইচ্ছা পূৰ কৰাটো চয়তানে বিচাৰে। আমি তাক জয়ী হʼবলৈ দিয়া উচিত নহয়। আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰা উচিত।—মথি ২২:৩৬-৩৮.

১৮. মীখা ৪:৫ পদৰ অনুসৰি আপুনি কি কৰিবলৈ থিৰাং কৰিছে?

১৮ আমিও দায়ূদৰ নিচিনা এইদৰে প্ৰাৰ্থনা কৰা উচিত, “তোমাৰ নামলৈ ভয় ৰাখিবলৈ মোক একান্ত মন দিয়া।” এই প্ৰাৰ্থনাৰ অনুসৰি জীৱন অতিবাহিত কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰক। আমি প্ৰতিদিনে যি সৰু-ডাঙৰ নিৰ্ণয় লওঁ, তাৰপৰা প্ৰকাশ হোৱা উচিত যে আমি যিহোৱাৰ প্ৰতি ভয় ৰাখোঁ আৰু তেওঁৰ নামক সন্মান কৰোঁ। এনে কৰাৰ যোগেদি আমি যিহোৱাৰ সাক্ষী হিচাপে এটা ভাল নাম বজাই ৰাখিব পাৰিম। (হিতো. ২৭:১১) ইয়াৰ উপৰিও, আমিও ভৱিষ্যতবক্তা মীখাৰ দৰে এইদৰে কʼব পাৰিম: “আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।”—মীখা ৪:৫.

গীত ৪১ মোৰ প্ৰাৰ্থনা শুনা

^ অনু. 5 ৰজা দায়ূদে প্ৰাৰ্থনাত যি কৈছিল, সেই কথালৈ আমি এই লেখত ধ্যান দিম। এই কথা গীতমালা ৮৬:১১, ১২ পদত উল্লেখ আছে। যিহোৱাৰ নামৰ প্ৰতি ভয় ৰখাৰ অৰ্থ কি? সেই নামৰ প্ৰতি কিয় গভীৰ সন্মান থকা উচিত? ঈশ্বৰৰ প্ৰতি থকা ভয়ে কেনেকৈ আমাক বেয়া কাম কৰিবলৈ বাধা দিয়ে?

^ অনু. 53 ছবিৰ বিষয়ে: মোচিয়ে ইস্ৰায়েলীসকলক এটা গীত শিকাইছিল, যাৰপৰা ঈশ্বৰৰ মহিমা হৈছিল।

^ অনু. 57 ছবিৰ বিষয়ে: হৱাই বেয়া ইচ্ছাবোৰক অস্বীকাৰ নকৰিলে। কিন্তু আমি এনে ছবি নাচাওঁ আৰু এনে মেছেজ নপঢ়োঁ, যাৰ বাবে আমাৰ মনত বেয়া ইচ্ছা আহিব পাৰে। এনে কৰিলে যিহোৱাৰ নাম কলংকিত হʼব।