Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

গালাতীয়া ৫:২২ পদত উল্লেখ কৰা গুণবোৰ কেৱল পবিত্ৰ “আত্মাৰ ফল” হয়নে?

গালাতীয়া ৫:২২ পদত নটা গুণৰ বিষয়ে উল্লেখ কৰা হৈছে, “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন এই সকলো আত্মাৰ ফল।” কিন্তু ঈশ্বৰৰ পবিত্ৰ আত্মাই কেৱল এই নটা গুণ বৃদ্ধি কৰিবলৈ আমাক সহায় কৰে বুলি কোৱাটো সঠিক নহয়।

ধ্যান দিয়ক যে পাঁচনি পৌলে ইয়াৰ আগৰ পদবোৰত কি কৈছিল, “মাংসৰ কাৰ্য্যবোৰ জনাজাত; সেয়ে, ব্যভিচাৰ, অশুচি কাৰ্য্য, লম্পট-আচৰণ, দেৱপূজা, মায়াকৰ্ম্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসুয়া, মত্ততা, ৰঙ্গৰস, আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য্য।” (গালা. ৫:১৯-২১) পৌলে বিচৰা হ’লে কলচীয়া ৩:৫ পদত উল্লেখ কৰাৰ দৰে আৰু বহুতো ‘মাংসৰ কাৰ্য্য’ উল্লেখ কৰিব পাৰিলেহেঁতেন। ঠিক সেইদৰে, নটা ভাল গুণ উল্লেখ কৰাৰ পাছত ২৩ পদত তেওঁ এইদৰে কৈছিল, “এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।” ইয়াৰপৰা বুজিব পাৰি যে পৌলে সেই সকলো গুণৰ বিষয়ে উল্লেখ কৰা নাই, যাক বৃদ্ধি কৰিবলৈ পবিত্ৰ আত্মাই আমাক সহায় কৰিব পাৰে।

পৌলে ইফিচৰ মণ্ডলীক যি কৈছিল, তাৰপৰা এই কথা স্পষ্ট হৈ পৰে। তেওঁ এইদৰে কৈছিল, “সকলো মঙ্গলভাব, ধাৰ্ম্মিকতা আৰু সত্যতাত পোহৰৰ ফল প্ৰকাশিত হয়।” (ইফি. ৫:১০) ধ্যান দিয়ক যে ‘মঙ্গলভাবৰ’ লগতে ধাৰ্ম্মিকতা আৰু সত্যতা “পোহৰৰ ফল” হয়, কিন্তু ই পবিত্ৰ ‘আত্মাৰো ফল’ হয়।

আন এক পৰিস্থিতিত পৌলে তীমথিয়ক এইদৰে কৈছিল, “ধাৰ্ম্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য্য, মৃদুভাৱ, এইবোৰক খেদি যোৱা।” (১ তীম. ৬:১১) এই ছটা গুণৰ ভিতৰত কেৱল তিনিটা গুণেই (বিশ্বাস, প্ৰেম, মৃদুভাৱ) পবিত্ৰ “আত্মাৰ ফল” হয়। তীমথিয়ক আন গুণবোৰকো (ধাৰ্ম্মিকতা, ভক্তি, ধৈৰ্য্য) বৃদ্ধি কৰিবলৈ পবিত্ৰ আত্মাৰ প্ৰয়োজন আছিল।—কলচীয়া ৩:১২; ২ পিতৰ ১:৫-৭ পদৰ লগত তুলনা কৰক।

তেনেহʼলে আমি কʼব পাৰোঁ যে গালাতীয়া ৫:২২ পদত সেই সকলো গুণৰ বিষয়ে উল্লেখ কৰা নাই, যি এজন খ্ৰীষ্টানৰ হোৱা উচিত। পবিত্ৰ আত্মাৰ সহায়ত আমি সেই নটা গুণ বৃদ্ধি কৰিব পাৰোঁ, যাক পবিত্ৰ “আত্মাৰ ফল” বুলি কোৱা হয়। যেতিয়া এজন খ্ৰীষ্টানে সত্যত উন্নতি কৰে, তেতিয়া তেওঁ আন গুণবোৰো বৃদ্ধি কৰা উচিত আৰু ‘সত্যতাৰ ধাৰ্ম্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধা’ উচিত।—ইফি. ৪:২৪.