Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৫

‘ময়েই মোৰ ভেৰাবোৰক বিচাৰি উলিয়াম’

‘ময়েই মোৰ ভেৰাবোৰক বিচাৰি উলিয়াম’

“ময়েই মোৰ ভেৰাবোৰৰ বুজ-বিচাৰ লম, আৰু সেইবোৰক বিচাৰি উলিয়াম।”—যিহি. ৩৪:১১.

গীত ১০৫ ঈশ্বৰ প্ৰেম

লেখৰ এক আভাস *

১. যিহোৱাই নিজৰ তুলনা এগৰাকী মাতৃৰ লগত কিয় কৰিলে?

“তিৰোতা মানুহে . . . নিজৰ পিয়াহ খোৱা কেঁচুৱাক পাহৰিব” পাৰেনে? হাজাৰ হাজাৰ বছৰৰ আগতে ভৱিষ্যতবক্তা যিচয়াৰ দিনত যিহোৱাই নিজৰ লোকসকলক এই প্ৰশ্ন সুধিছিল। তাৰ পাছত তেওঁ এইদৰে কৈছিল, যদিও ‘সিহঁতে পাহৰি যায়, তথাপি মই তোমাক নাপাহৰিম।’ (যিচ. ৪৯:১৫) এইদৰে যিহোৱাই নিজৰ তুলনা এগৰাকী মাতৃৰ লগত কৰিলে। সাধাৰণতে বাইবেলত যিহোৱাৰ তুলনা এগৰাকী মাতৃৰ লগত কৰা নাই, কিন্তু এই পৰিস্থিতিত তেওঁ এইদৰে কৰিলে। এনে কৰাৰ যোগেদি যিহোৱাই প্ৰকৃততে নিজৰ লোকসকলক কʼব বিচাৰিছিল যে তেওঁ তেওঁলোকক কিমান প্ৰেম কৰে। যিদৰে এগৰাকী মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে, ঠিক সেইদৰে যিহোৱাই নিজৰ সেৱকসকলক প্ৰেম কৰে। এগৰাকী মাতৃৰ প্ৰেমৰ বিষয়ে ভনী জেছমিনে এইদৰে কৈছে, “যেতিয়া এগৰাকী মাতৃয়ে নিজৰ সন্তানক গাখীৰ খোৱায়, তেতিয়া তেওঁলোকৰ মাজত প্ৰেম গভীৰ হʼবলৈ ধৰে। এয়া এনে এক প্ৰেম হয়, যি গোটেই জীৱনলৈকে বৰ্তি থাকে।”

২. যেতিয়া যিহোৱাৰ কোনো সেৱকে মণ্ডলীৰপৰা আঁতৰি যায়, তেতিয়া তেওঁ কেনে অনুভৱ কৰে?

এজনো খ্ৰীষ্টানে যদি মণ্ডলীত সংগতি কৰিবলৈ আৰু প্ৰচাৰ কৰিবলৈ এৰি দিয়ে, তেনেহʼলে যিহোৱাই সেই ব্যক্তিৰ প্ৰতি চিন্তা কৰে। গতিকে, চিন্তা কৰক যে প্ৰতিবছৰে যেতিয়া তেওঁৰ হাজাৰ হাজাৰ সেৱক নিষ্ক্ৰীয় * হৈ যায়, তেতিয়া এইবোৰ দেখি যিহোৱাৰ কিমান দুখ লাগে।

৩. যিহোৱা ঈশ্বৰে কি বিচাৰে?

তেওঁলোকৰ মাজৰ বহুতো ভাই আৰু ভনীয়ে মণ্ডলীলৈ উভতি আহিলে আৰু তেওঁলোকে দেখি আমি আনন্দিত হওঁ। কিন্তু যিসকলে এতিয়ালৈকে উভতি অহা নাই, তেওঁলোকেও উভতি অহাটো যিহোৱাই বিচাৰে আৰু আমিও এইদৰেই বিচাৰোঁ। (১ পিত. ২:২৫) যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ সেই ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ? এই প্ৰশ্নৰ উত্তৰ জনাৰ আগতে ধ্যান দিয়ক যে কিছুমান লোকে সভালৈ যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ কিয় এৰি দিয়ে।

কিছুমান লোকে যিহোৱাৰ সেৱা কৰিবলৈ কিয় এৰি দিয়ে?

৪. কিছুমান ভাই-ভনীক চাকৰিয়ে কেনে প্ৰভাৱ পেলাব পাৰে?

কিছুমান ভাই-ভনীয়ে নিজৰ কামত মগ্ন হৈ থাকে। হগ * নামৰ ভাইজনলৈ ধ্যান দিয়ক, যি দক্ষিণ-পূব এছিয়াৰ এখন দেশত থাকে। ভাইজনে এইদৰে কয়, “চাকৰিত মই নিজৰ সকলো সময় আৰু শক্তি ব্যৱহাৰ কৰিছিলোঁ। মই ভাবিছিলোঁ যে যদি মোৰ ওচৰত বেছি টকা-পইচা থাকে, তেনেহʼলে মই যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰিম। সেইবাবে, মই চাকৰিত বেছি সময় কাম কৰিবলৈ ধৰিলোঁ। মই ডাঙৰ ভুল কৰিলোঁ। লাহে লাহে মই সভাত যাবলৈ কম কৰিলোঁ। পাছলৈ মই সভাত যাবলৈ একেবাৰে এৰি দিলোঁ। চয়তানৰ এই জগতে আমাক ভুল পথলৈ পৰিচালিত কৰে, যাতে আমি যিহোৱাৰপৰা আঁতৰি যাওঁ।”

৫. যেতিয়া এগৰাকী ভনীয়ে বহুতো সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া তাৰ পৰিণাম কি হʼল?

কিছুমান ভাই-ভনীৰ জীৱনত বহুতো সমস্যা আহে, যাৰ বাবে তেওঁলোকে একেবাৰে নিৰাশ হৈ পৰে। ব্ৰিটেইনত থকা ভনী এনৰ লগত এইদৰেই হৈছিল। ভনীজনীৰ পাঁচজন সন্তান আছে। তাই এইদৰে কয়, “মোৰ সৰু লʼৰা জন্মৰেপৰা শাৰীৰিকভাৱে অসুস্থ আছিল। কিছু সময়ৰ পাছত মোৰ এজনী ছোৱালীৰ বহিষ্কাৰ হৈছিল। তাৰ পাছত মোৰ ডাঙৰ লʼৰাৰ মানসিক ৰোগ হৈছিল। মই ইমানেই নিৰাশ হৈছিলোঁ যে মই সভালৈ যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ এৰি দিছিলোঁ। মই যিহোৱাৰপৰা একেবাৰে আঁতৰি গৈছিলোঁ।” ভনী এন আৰু তেওঁৰ পৰিয়ালৰ দৰে বহুতো ভাই-ভনীয়ে প্ৰতিদিনে সমস্যাৰ সন্মুখীন হয়। এই ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰিলে আমাৰ অন্তৰত দুখ লাগে।

৬. কলচীয়া ৩:১৩ পদত দিয়া পৰামৰ্শ পালন নকৰিলে আমাৰ লগত কি হʼব পাৰে?

কলচীয়া ৩:১৩ পঢ়ক। কিছুমান খ্ৰীষ্টানক কোনোবা ভাই বা ভনীয়ে আঘাত দিছে, সেইবাবে তেওঁলোকে যিহোৱাৰপৰা আঁতৰি গৈছে। পাঁচনি পৌলে কৈছিল যে হয়তো আমাৰ ওচৰত কোনো এজন ভাই বা ভনীক “দোষ দিবৰ কাৰণ থাকে।” হয়তো আমাৰ লগত অন্যায় হৈছে। সেইবাবে, আমি খং পুহি ৰাখিব পাৰোঁ আৰু লাহে লাহে যিহোৱাৰ লোকসকলৰ লগত সংগতি কৰিবলৈ এৰিব পাৰোঁ। দক্ষিণ আমেৰিকাত থকা ভাই পাব্লʼৰ লগত এইদৰেই হৈছিল। কোনোবাই তেওঁ বেয়া কাম কৰাৰ মিছা অভিযোগ কৰিলে, যাৰ বাবে মণ্ডলীত তেওঁৰ দায়িত্ব হেৰুৱালে। এইদৰে হোৱাৰ বাবে তেওঁ কেনে অনুভৱ কৰিলে? তেওঁ এইদৰে কয়, “মোৰ বৰ খং উঠিল আৰু লাহে লাহে মই মণ্ডলীৰপৰা আঁতৰি গʼলোঁ।”

৭. কোনোবাই যদি দোষী অনুভৱ কৰে, তেনেহʼলে তাৰ পৰিণাম কি হʼব পাৰে?

অতীতত কোনো ভাই বা ভনীয়ে হয়তো গভীৰ পাপ কৰিছিল আৰু এতিয়াও তেওঁ দোষ অনুভৱ কৰে। তেওঁ হয়তো ভাবিব পাৰে যে তেওঁ যিহোৱাৰ প্ৰেমৰ যোগ্য নহয়। তেওঁ হয়তো অনুতাপ কৰিলে আৰু তেওঁক ক্ষমাও কৰা হʼল, তথাপিও তেওঁ নিজকে যিহোৱাৰ সেৱা কৰাৰ যোগ্য নহয় বুলি ভাবিব পাৰে। ফ্ৰাঞ্চিকʼ নামৰ ভাইজনেও এইদৰেই অনুভৱ কৰিছিল। ভাইজনে এইদৰে কয়, “অনৈতিক কাম কৰাৰ বাবে মোক শুধৰণি কৰা হৈছিল। প্ৰথমে মই সভালৈ গৈছিলোঁ কিন্তু পাছত মই একেবাৰে নিৰাশ হৈ পৰিলোঁ। মই যিহোৱাৰ লোকসকলৰ মাজত থকাৰ যোগ্য নহয় বুলি ভাবিবলৈ ধৰিলোঁ। মোৰ বিবেকে মোক দংশন কৰিছিল। মই ভাবিছিলোঁ যে যিহোৱাই মোক ক্ষমা কৰা নাই। কিছু সময়ৰ পাছত মই সভালৈ যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ একেবাৰে এৰি দিলোঁ।” এনে ভাই-ভনীসকলৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে? আপুনি তেওঁলোকৰ দুখ বুজি পায়নে? বিশেষকৈ যিহোৱাই তেওঁলোকৰ বিষয়ে কেনে অনুভৱ কৰে?

যিহোৱাই নিজৰ ভেৰাক বহুত প্ৰেম কৰে

এজন ইস্ৰায়েলী মেৰৰখীয়াই নিজৰ হেৰাই যোৱা ভেৰাৰ প্ৰতি যত্ন হৈছে (অনুচ্ছেদ ৮-৯ চাওক) *

৮. এসময়ত যিহোৱাৰ সেৱা কৰা লোকসকলক তেওঁ পাহৰি গৈছেনে? বুজাওক।

এসময়ত যিসকলে যিহোৱাৰ সেৱা কৰিছিল, কিন্তু এতিয়া তেওঁলোকে যিহোৱাৰ লোকসকলৰ লগত সংগতি কৰিবলৈ এৰি দিলে, তেওঁলোকক যিহোৱাই পাহৰি যোৱা নাই। তেওঁলোকে যিহোৱাৰ সেৱাত যি পৰিশ্ৰম কৰিছিল, তাক তেওঁ কেতিয়াও পাহৰি নাযায়। (ইব্ৰী ৬:১০) ভৱিষ্যতবক্তা যিচয়াই এটা সুন্দৰ উদাহৰণ দি বুজালে যে যিহোৱাই নিজৰ লোকসকলৰ বিষয়ে কিমান চিন্তা কৰে। তেওঁ এইদৰে লিখিছিল, “তেওঁ মেৰৰখীয়াৰ নিচিনাকৈ নিজৰ জাকক চৰাব, পোৱালিবোৰক নিজ বাহুৰে গোটাই বুকুত লৈ যাব।” (যিচ. ৪০:১১) যেতিয়া মহান মেৰৰখীয়া যিহোৱাৰ জাকৰপৰা এটা ভেৰা আঁতৰি যায়, তেতিয়া তেওঁ কেনে অনুভৱ কৰে? ইয়াৰ উত্তৰ আমি যীচুৰ সেই শব্দৰপৰা পাওঁ, যি তেওঁ নিজৰ শিষ্যসকলক কৈছিল, “তোমালোকৰ মনে কি ধৰে? কোনো মানুহৰ এশ মেৰ থাকিলে, তাৰ মাজৰ যদি এটা ভ্ৰান্ত হৈ যায়, তেন্তে তেওঁ সেই নিৰানবৈটা মেৰ পৰ্ব্বতৰ ওপৰত এৰি গৈ, সেই ভ্ৰান্ত হৈ যোৱাটোক নিবিচাৰিব নে? আৰু যদি তাক কেনেবাকৈ পায়, তেন্তে, মই তোমালোকক স্বৰূপকৈ কওঁ, অপথে নোযোৱা সেই নিৰানবৈটা মেৰতকৈ, সেই মেৰটোত তেওঁৰ অধিক আনন্দ জন্মে।”—মথি ১৮:১২, ১৩.

৯. প্ৰাচীন সময়ত এজন ভাল মেৰৰখীয়াই নিজৰ ভেৰাক কিমান যত্ন লৈছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

যিহোৱাৰ তুলনা এজন মেৰৰখীয়াৰ লগত কিয় কৰা হৈছে? কিয়নো প্ৰাচীন সময়ত এজন ভাল মেৰৰখীয়াই নিজৰ ভেৰাবোৰৰ যত্ন লৈছিল। দায়ূদৰ উদাহৰণলৈ মন কৰক। এবাৰ তেওঁ নিজৰ ভেৰাবোৰক ৰক্ষা কৰিবলৈ এটা সিংহ আৰু ভালুকৰ লগত যুদ্ধ কৰিছিল। (১ চমূ. ১৭:৩৪, ৩৫) এজন ভাল মেৰৰখীয়াই নিজৰ ভেৰাবোৰক ধ্যান দিয়ে। যদি তেওঁৰ এটাও ভেৰা জাকৰপৰা আঁতৰি যায়, তেনেহʼলে তেওঁ লগে লগে গম পায়। (যোহ. ১০:৩, ১৪) তেওঁ নিজৰ ৯৯ টা ভেৰাক গৰালত থৈ বা আন মেৰৰখীয়াক চাবলৈ দি আঁতৰি যোৱা ভেৰাক বিচাৰিবলৈ ওলাই যায়। যীচুৱে এই উদাহৰণ দি আমাক এক গুৰুত্বপূৰ্ণ সত্যতা জনালে: “এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃৰ ইচ্ছা নাই।”—মথি ১৮:১৪.

প্ৰাচীন ইস্ৰায়েৰ এজন মেৰৰখীয়াই তেওঁৰ হেৰাই যোৱা ভেৰাৰ যত্ন লৈছে (অনুচ্ছেদ ৯ চাওক)

যিহোৱাই নিজৰ ভেৰাক বিচাৰে

১০. যিহিষ্কেল ৩৪:১১-১৬ পদৰ অনুসৰি যিহোৱাই নিজৰ হেৰাই যোৱা ভেৰাৰ বাবে কি কৰিবলৈ প্ৰতিজ্ঞা কৰিছে?

১০ যিহোৱাই আমাক সকলোকে বহুত প্ৰেম কৰে, সেই ‘সৰুবিলাককো’ প্ৰেম কৰে, যিসকলে জাকৰপৰা আঁতৰি গৈছে। ভৱিষ্যতবক্তা যিহিষ্কেলৰ যোগেদি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ নিজৰ হেৰাই যোৱা ভেৰাক বিচাৰি উলিয়াব আৰু তেওঁৰ লগত পুনৰ দৃঢ় সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকক সহায় কৰিব। যিহোৱাই কৈছিল যে তেওঁ হেৰাই যোৱা ভেৰাক ৰক্ষা কৰিবলৈ কি পদক্ষেপ লʼব। এজন ইস্ৰায়েলী মেৰৰখীয়াই নিজৰ হেৰাই যোৱা ভেৰাক জাকত আনিবলৈ ঠিক এইদৰেই কৰিছিল। (যিহিষ্কেল ৩৪:১১-১৬ পঢ়ক।) সৰ্বপ্ৰথমে মেৰৰখীয়াই নিজৰ ভেৰাক বিচাৰিছিল। এনে কৰিবলৈ বহুতো সময় আৰু কঠিন পৰিশ্ৰমৰ প্ৰয়োজন আছিল। যেতিয়া তেওঁ ভেৰা বিচাৰি পায়, তেতিয়া তেওঁ তাক পুনৰ জাকলৈ ঘূৰাই আনিছিল। যদি ভেৰাই কিবা আঘাত পাই বা তাক ভোক লাগে, তেনেহ’লে সেই দুৰ্বল ভেৰাক মৰমেৰে চোৱা-চিতা আৰু শুশ্ৰূষা কৰে। তেওঁ ভেৰাক নিজৰ কোলাত তুলি লয় আৰু আহাৰ খোৱায়। ‘ঈশ্বৰৰ জাকৰ’ ৰখীয়া অৰ্থাৎ প্ৰাচীনসকলেও মণ্ডলীৰপৰা আঁতৰি যোৱা ভাই-ভনীসকলক ঠিক এইদৰেই সহায় কৰা উচিত। (১ পিত. ৫:২, ৩) প্ৰাচীনসকলে তেওঁলোকক বিচাৰে, মণ্ডলীলৈ ঘূৰাই আনে আৰু যিহোৱাৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ তেওঁলোকক প্ৰেমেৰে সহায় কৰে। *

১১. এজন ভাল মেৰৰখীয়াই কি কথা ভালদৰে জানিছিল?

১১ এজন ভাল মেৰৰখীয়াই এই কথা ভালদৰে জানিছিল যে তেওঁৰ ভেৰা হেৰাই যাব পাৰে। সেইবাবে, যদি কোনো এটা ভেৰা জাকৰপৰা হেৰাই যায়, তেনেহ’লে তাৰ লগত বেয়া ব্যৱহাৰ কৰা নাছিল। ঈশ্বৰৰ যিসকল সেৱকে কিছুসয়মৰ বাবে তেওঁৰপৰা আঁতৰি গৈছিল, যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিছিল, আহক আমি তাৰ বিষয়ে ধ্যান দিওঁ।

১২. যিহোৱাই যোনাৰ লগত কিদৰে ব্যৱহাৰ কৰিছিল?

১২ যিহোৱাই ভৱিষ্যতবক্তা যোনাক নীনবি নগৰলৈ যাবলৈ কৈছিল, কিন্তু যোনাই ঈশ্বৰৰ কথা শুনা নাছিল। কিন্তু ইয়াৰ বাবে ঈশ্বৰে যোনাক ত্যাগ কৰা নাছিল। যিহোৱা এজন ভাল মেৰৰখীয়া হোৱাৰ বাবে তেওঁ যোনাক মৃত্যুৰ মুখৰপৰা ৰক্ষা কৰিলে আৰু তেওঁক নিজৰ দায়িত্ব পূৰ কৰিবলৈ সাহস দিলে। (যোনা ২:৭; ৩:১, ২) পাছত যিহোৱাই যোনাক এৰা গছৰ উদাহৰণ দি বুজালে যে ঈশ্বৰৰ দৃষ্টিত সকলো ব্যক্তিৰ প্ৰাণ অতি মূল্যৱান। (যোনা ৪:১০, ১১) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? প্ৰাচীনসকলে নিষ্ক্ৰীয় ভাই-ভনীৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰা উচিত। যিহোৱাৰ ভেৰাসকলে কি কি কাৰণত জাকৰপৰা আঁতৰি যায়, তাৰ বিষয়ে প্ৰাচীনসকলে বুজিবলৈ চেষ্টা কৰা উচিত। যেতিয়া এই ভেৰাসকলে যিহোৱাৰ কাষলৈ ঘূৰি আহে, তেতিয়া প্ৰাচীনসকলে তেওঁলোকৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰা উচিত।

১৩. গীতমালা ৭৩ গীতৰচকৰ লগত যিহোৱাই যিদৰে ব্যৱহাৰ কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ?

১৩ গীতমালা ৭৩ গীতৰচকে দুষ্টবিলাকে উন্নতি কৰা আৰু তেওঁলোকে সহজে সকলো বস্তু লাভ কৰা দেখি তেওঁ নিৰাশ হৈ পৰিছিল। তেওঁ ভাবিছিল যে ঈশ্বৰক সেৱা কৰাৰ কোনো লাভ নাই। (গীত. ৭৩:১২, ১৩, ১৬) এই ক্ষেত্ৰত যিহোৱাই কি কৰিলে? যিহোৱাই তেওঁক বেয়া পোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে বাইবেলত তেওঁৰ ভুল চিন্তাধাৰাৰ বিষয়ে উল্লেখ কৰিলে। পাছলৈ তেওঁ বুজিব পাৰিলে যে যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তোলাৰ বাহিৰে আন কোনো ডাঙৰ কাম নাই। (গীত. ৭৩:২৩, ২৪, ২৬, ২৮) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? যদি কোনো ভাই বা ভনীয়ে ভাবে যে ঈশ্বৰৰ সেৱা কৰি একো লাভ নাই, তেনেহ’লে প্ৰাচীনসকলে সহজে তেওঁলোকৰ বিষয়ে ভুল ধাৰণা লোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, সেই ভাই বা ভনীয়ে কিয় এইদৰে কৈছে বা কিয় এনেদৰে ব্যৱহাৰ কৰিছে, তাৰ বিষয়ে প্ৰাচীনসকলে বুজিবলৈ চেষ্টা কৰা উচিত। যেতিয়া প্ৰাচীনসকলে এই কথা বুজি পাব, তেতিয়া তেওঁলোকে বাইবেলৰপৰা এনে পদ দেখুৱাব পাৰিব যাৰ যোগেদি সেই ভাই বা ভনী উৎসাহিত হ’ব।

১৪. (ক) এলিয়াক কিয় সহায়ৰ প্ৰয়োজন আছিল? (খ) যিহোৱাই কেনেকৈ তেওঁক সহায় কৰিছিল?

১৪ আহক এতিয়া আমি ভৱিষ্যতবক্তা এলিয়াৰ ওপৰত ধ্যান দিওঁ। এবাৰ তেওঁ ৰাণী ইজেবলৰপৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পলাই গৈছিল। (১ ৰাজা. ১৯:১-৩) তেওঁ ভাবিছিল যে তেওঁৰ বাহিৰে যিহোৱাৰ আন কোনো ভৱিষ্যতবক্তা জীয়াই থকা নাই আৰু তেওঁৰ সেৱা ব্যৰ্থ বুলি ভাবিছিল। এলিয়াই ইমানেই নিৰাশ হৈ পৰিছিল যে তেওঁ মৰিবলৈ বিচাৰিছিল। (১ ৰাজা. ১৯:৪, ১০) যিহোৱাই এলিয়াক তিৰস্কাৰ কৰাৰ পৰিৱৰ্তে তেওঁ অকলশৰীয়া নহয় আৰু তেওঁক সহায় কৰিব বুলি আশ্বাস দিছিল। ঈশ্বৰে এয়াও ক’লে যে তেওঁ কৰিবলৈ আৰু বহুতো কাম বাকী আছে। এলিয়াই যেতিয়া নিজৰ চিন্তাৰ বিষয়ে যিহোৱাক জনাইছিল, তেতিয়া যিহোৱাই এলিয়াৰ কথা মনোযোগেৰে শুনিছিল। ইয়াৰ পাছত যিহোৱাই তেওঁক নতুন দায়িত্ব দিলে। (১ ৰাজা. ১৯:১১-১৬, ১৮) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? আমি সকলোৱে, বিশেষকৈ প্ৰাচীনসকলে যিহোৱাৰ ভেৰাসকলৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰা উচিত। হয়তো এজন খ্ৰীষ্টানে মনত খং পুহি ৰাখিব পাৰে বা তেওঁ ভাবিব পাৰে যে তেওঁ যিহোৱাৰপৰা ক্ষমা পোৱাৰ যোগ্য নহয়। কিন্তু যেতিয়া তেওঁ নিজৰ মনৰ কথা প্ৰাচীনক জনায়, তেতিয়া প্ৰাচীনে তেওঁৰ কথা মনোযোগেৰে শুনা উচিত। ইয়াৰ পাছত প্ৰাচীনে তেওঁক আশ্বাস দিব পাৰে যে তেওঁ এতিয়াও যিহোৱাৰ দৃষ্টিত মূল্যৱান।

যিহোৱাৰ হেৰাই যোৱা ভেৰাসকলৰ প্ৰতি আমি কেনে অনুভৱ কৰা উচিত?

১৫. যোহন ৬:৩৯ পদৰ অনুসৰি যীচুৱে নিজৰ পিতৃৰ ভেৰাসকলৰ প্ৰতি কেনে অনুভৱ কৰিছিল?

১৫ যিহোৱাৰ হেৰাই যোৱা ভেৰাসকলৰ প্ৰতি আমি কেনে অনুভৱ কৰা উচিত? মন কৰক যে তেওঁলোকৰ প্ৰতি যীচুৱে কেনে অনুভৱ কৰিছিল। তেওঁ এই কথা জানিছিল যে যিহোৱাৰ দৃষ্টিত এটা ভেৰা কিমান মূল্যৱান আৰু সেইবাবে, তেওঁ ‘ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰক’ বিচাৰিবলৈ কঠিন পৰিশ্ৰম কৰিছিল আৰু যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ তেওঁলোকক সহায় কৰিছিল। (মথি ১৫:২৪; লূক ১৯:১০) যীচু এজন ভাল মেৰৰখীয়া হোৱাৰ বাবে তেওঁ যিহোৱাৰ এটাও ভেৰা নেহেৰুৱাবলৈ চেষ্টা কৰিছিল।—যোহন ৬:৩৯ পঢ়ক।

১৬-১৭. যিহোৱাৰপৰা আঁতৰি যোৱা খ্ৰীষ্টানসকলৰ বিষয়ে প্ৰাচীনসকলে কেনে অনুভৱ কৰা উচিত? (“ এটা হেৰাই যোৱা ভেৰাৰ কেনে অনুভৱ হয়?” নামৰ বক্স চাওক।)

১৬ পাঁচনি পৌলে ইফিচ মণ্ডলীৰ প্ৰাচীনসকলক কৈছিল যে তেওঁলোকেও যীচুৰ দৰে যিহোৱাৰ ভেৰাবিলাকক সহায় কৰা উচিত। তেওঁ তেওঁলোকক এইদৰে কৈছিল, “দুৰ্ব্বলবিলাকক উপকাৰ কৰা উচিত; আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰাও উচিত।” (পাঁচ. ২০:১৭, ৩৫) ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাৰ লোকসকলক চোৱা-চিতা কৰিবলৈ প্ৰাচীনসকলক গভীৰ দায়িত্ব দিয়া হৈছে। স্পেইনৰ এজন প্ৰাচীন চালবেডৰে এইদৰে কৈছিল, “যেতিয়া মই ভাবোঁ যে যিহোৱাই নিজৰ হেৰাই যোৱা ভেৰাৰ প্ৰতি কিমান যত্ন লয়, তেতিয়া মোৰো তেওঁলোকক সহায় কৰিবলৈ মন যায়। মই তেওঁৰ ভেৰাবিলাকক ভালদৰে চোৱা-চিতা কৰাটো যিহোৱাই বিচাৰে।”

১৭ এই লেখত আমি এনে কিছুমান খ্ৰীষ্টান ভাই-ভনীৰ বিষয়ে শিকিবলৈ পালোঁ, যিসকলে যিহোৱাৰপৰা আঁতৰি গৈছিল। কিন্তু তেওঁলোকক সহায় কৰাৰ পাছত পুনৰ যিহোৱাৰ ওচৰলৈ উভতি আহিল। বৰ্তমান সময়তো এনে বহুতো ভাই-ভনী আছে, যিসকলে যিহোৱাৰ ওচৰলৈ পুনৰ উভতি আহিলৈ ইচ্ছুক হৈ আছে। যিহোৱাৰ এই ভেৰাবিলাকক আমি কেনেকৈ সহায় কৰিব পাৰোঁ? পৰৱৰ্তী লেখত ইয়াৰ বিষয়ে আলোচনা কৰা হ’ব।

গীত ১৩৯ নিজকে প্ৰমোদবনত চাওক

^ অনু. 5 কিছুমান খ্ৰীষ্টানে বহুবছৰলৈকে যিহোৱাৰ সেৱা কৰিলে, কিন্তু পাছত তেওঁলোকে মণ্ডলীৰপৰা আঁতৰি গʼল। এনে কিয় বাৰু? তেওঁলোকৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে? এই লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম আৰু এয়াও শিকিম যে প্ৰাচীন সময়ত যিহোৱাৰপৰা আঁতৰি যোৱা লোকসকলক তেওঁ কেনেকৈ সহায় কৰিছিল?

^ অনু. 2 ইয়াৰ অৰ্থ কি: এজন নিষ্ক্ৰীয় প্ৰচাৰক এনে এজন খ্ৰীষ্টান হয়, যিয়ে ছমাহ বা তাতোতকৈ বেছি সময়ৰপৰা মণ্ডলীত প্ৰচাৰ কাম আৰু শিষ্য বনোৱা কামত ভাগ লোৱা নাই। তথাপিও নিষ্ক্ৰীয় খ্ৰীষ্টান আমাৰ ভাই আৰু ভনী হয় আৰু আমি তেওঁলোকক প্ৰেম কৰোঁ।

^ অনু. 4 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 10 প্ৰাচীনে এই তিনিটা পদক্ষেপ কেনেকৈ ল’ব পাৰে, তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হ’ব।

^ অনু. 60 ছবিৰ বিষয়ে: ইস্ৰায়েলী মেৰৰখীয়াই নিজৰ হেৰাই যোৱা ভেৰাৰ প্ৰতি চিন্তা কৰিছিল। তেওঁ হেৰাই যোৱা ভেৰাক বিচাৰিছিল আৰু পুনৰ জাকলৈ লৈ আনিছিল। আজি মণ্ডলীত আমাৰ ৰখীয়া অৰ্থাৎ প্ৰাচীনে এইদৰে কৰে।

^ অনু. 64 ছবিৰ বিষয়ে: এগৰাকী নিষ্ক্ৰীয় ভনীয়ে বাছৰ বাবে ৰৈ আছে। তাই দুজন সাক্ষীয়ে আনন্দেৰে ৰাজহুৱাভাৱে সাক্ষ্য দিয়ালৈ লক্ষ্য কৰিছে।