অধ্যয়নৰ লেখ ২৭
যিহোৱাৰ ওপৰত আশা ৰাখক
‘যিহোৱালৈ অপেক্ষা কৰা ·আশা ৰাখা] সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক।’—গীত. ২৭:১৪.
গীত ১২৮ আমি শেষলৈকে ধৈৰ্য্য ধৰা উচিত
লেখৰ এক আভাস a
১. (ক) যিহোৱাৰ পৰা আমি কি আশা লাভ কৰিছোঁ? (খ) যিহোৱাৰ ওপৰত আশা ৰখাৰ অৰ্থ কি? (“ইয়াৰ অৰ্থ কি” চাওক।)
আমাৰ ওচৰত এটা সুন্দৰ আশা আছে! যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ অতি সোনকালে দুখ-কষ্ট, বেমাৰ আৰু মৃত্যুক নাইকিয়া কৰিব। (প্ৰকা. ২১:৩, ৪) পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিবলৈ তেওঁ ‘নম্ৰ’ লোকসকলক সহায় কৰিব। (গীত. ৩৭:৯-১১) ইয়াৰ উপৰিও সেই সময়ত আমি যিহোৱাক আৰু কাষত অনুভৱ কৰিম। কিন্তু যিহোৱাৰ এই প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? কিয়নো আজিলৈকে তেওঁ যি যি প্ৰতিজ্ঞা কৰিছে, সেই সকলো পূৰ হʼল। সেইবাবে, আমি যিহোৱাৰ ওপৰত আশা ৰাখিব পাৰোঁ। b (গীত. ২৭:১৪) কিন্তু আমি যিহোৱাৰ ওপৰত আশা কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? যেতিয়ালৈকে যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ নকৰে, তেতিয়ালৈকে আমি ধৈৰ্য্য ধৰিব লাগিব আৰু আনন্দেৰে সেই দিনৰ বাবে বাট চাই থাকিব লাগিব।—যিচ. ৫৫:১০, ১১.
২. যিহোৱাই কি প্ৰমাণ কৰিলে?
২ যিহোৱাই কৰা সকলো প্ৰতিজ্ঞা পূৰ হয় বুলি তেওঁ বহুতো প্ৰমাণ দিছে। সেইবোৰৰ ভিতৰত এটা প্ৰমাণৰ বিষয়ে আমি মন কৰিব পাৰোঁ। যেনে, প্ৰকাশিত বাক্যত কোৱা হৈছে যে বৰ্তমান সময়ত বিভিন্ন জাতি, ফৈদ আৰু ভাষাৰ লোকসকলে একেলগে মিলি যিহোৱাৰ উপাসনা কৰিব। এই বিশেষ সমূহক “বৰ লোকসমূহ” বুলি কোৱা হৈছে। (প্ৰকা. ৭:৯, ১০) বৰ্তমান সময়ত যিহোৱাৰ এই প্ৰতিজ্ঞা পূৰ হৈছে। এই বৰ লোকসমূহত লʼৰা-ছোৱালী, পুৰুষ, মহিলা সকলোৱে আছে। তেওঁলোকে বেলেগ বেলেগ ভাষা কয়, বিভিন্ন দেশৰ হয় আৰু তেওঁলোকৰ পৃষ্ঠভূমিও বেলেগ হয়। তথাপি একেটা পৰিয়ালৰ নিচিনা তেওঁলোকৰ মাজত প্ৰেম আৰু একতা আছে। (গীত. ১৩৩:১; যোহ. ১০:১৬) তেওঁলোকে উৎসাহেৰে নিজৰ আশাৰ বিষয়েও লোকসকলক জনাই যে অতি সোনকালে সকলো ঠিক হʼব। (মথি ২৮:১৯, ২০; প্ৰকা. ১৪:৬, ৭; ২২:১৭) আপুনিও যদি এই বৰ লোকসমূহৰ ভাগ হয়, তেনেহʼলে আপোনাৰ বাবেও এই আশা অতি গুৰুত্বপূৰ্ণ আৰু আপুনি সেই দিনৰ বাবে বাট চাই আছে, যেতিয়া যিহোৱাৰ এই প্ৰতিজ্ঞা পূৰ হʼব।
৩. চয়তানে কি বিচাৰে?
৩ আমি যাতে নিজৰ আশা হেৰুৱাই দিওঁ, তাৰ বাবে চয়তানে বহুত চেষ্টা কৰে। যিহোৱাই আমাৰ বিষয়ে চিন্তা নকৰে আৰু তেওঁ কেতিয়াও নিজৰ প্ৰতিজ্ঞা পূৰ নকৰিব বুলি আমি ভবাটো চয়তানে বিচাৰে। সি ইয়োবৰ লগতো এইদৰেই কৰিছিল। কিন্তু আমি যদি নিজৰ আশা হেৰুৱাই দিওঁ, তেনেহʼলে আমি নিৰুৎসাহ হৈ পৰিম আৰু যিহোৱাৰ সেৱা কৰিবলৈও হয়তো এৰিব পাৰোঁ।
৪. এই লেখত আমি কি শিকিম? (ইয়োব ১:৯-১২)
৪ এই লেখত আমি শিকিম যে ইয়োবে যাতে যিহোৱাৰ বিশ্বাসী হৈ নাথাকে, তাৰ বাবে চয়তানে কি কি কৰিলে। (ইয়োব ১:৯-১২ পঢ়ক।) ইয়াৰ উপৰিও আমি ইয়োবৰ পৰা কি শিকিব পাৰোঁ। আমি এয়াও শিকিম যে আমি কিয় মনত ৰখা উচিত যে যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব।
ইয়োবৰ আশা নাইকিয়া কৰাৰ চয়তানৰ চেষ্টা
৫-৬. ইয়োবৰ লগত একেৰাহে কি কি ঘটনা ঘটিছিল?
৫ ইয়োবৰ জীৱনত সকলো ঠিকেই চলি আছিল। তেওঁ বৰ ধনী আছিল, তেওঁৰ ডাঙৰ পৰিয়াল আছিল আৰু যিহোৱাৰ লগতো তেওঁৰ এটা ভাল সম্পৰ্ক আছিল। (ইয়ো. ১:১-৫) কিন্তু হঠাতে সকলো শেষ হʼল। তেওঁৰ যিমান ধন-সম্পত্তি আছিল, সেই সকলোবোৰ ডকাইতে কাঢ়ি নিলে। (ইয়ো. ১:১৩-১৭) ইয়াৰ পাছত তেওঁৰ লʼৰা-ছোৱালীৰ মৃত্যু হʼল। কল্পনা কৰকচোন, সেই সময়ত ইয়োবৰ কেনে অনুভৱ হৈছিল। যেতিয়া ইয়োবে ইয়াৰ বিষয়ে গম পালে, তেতিয়া তেওঁ বেদনাত নিজৰ কাপোৰ ফালিলে আৰু মাটিত পৰি গʼল। (ইয়ো. ১:১৮-২০) যেতিয়া পিতৃ-মাতৃৰ এজন সন্তানৰ মৃত্যু হয়, তেতিয়া তেওঁলোকে একেবাৰে ভাঙি পৰে আৰু তেওঁলোকৰ সকলো শেষ হʼল যেন অনুভৱ কৰে। কিন্তু ইয়োবৰ ১০ জন লʼৰা-ছোৱালীৰ একেলগতে মৃত্যু হʼল আৰু একেখন ঘৰতে। সেই সময়ত ইয়োব আৰু তেওঁৰ পত্নীয়ে বেদনাত একেবাৰে ভাঙি পৰিছিল আৰু তেওঁলোক সহায়হীন অনুভৱ কৰিছিল।
৬ চয়তানে ইয়োবক এটা মাৰাত্মক বেমাৰেৰে আক্ৰান্ত কৰিলে আৰু ইয়োবে নিজৰ সন্মানো হেৰুৱালে। (ইয়ো. ২:৬-৮; ৭:৫) এসময়ত লোকসকলে তেওঁক বহুত সন্মান কৰিছিল আৰু যিকোনো পৰামৰ্শ লʼবলৈ তেওঁৰ ওচৰলৈ আহিছিল। (ইয়ো. ২৯:৭, ৮, ২১) কিন্তু এতিয়া সকলোৱে তেওঁৰ পৰা পৃথকে পৃথকে থাকিবলৈ লৈছিল। তেওঁৰ নিজৰ ভায়েকসকলে তেওঁৰ পৰা আঁতৰি আঁতৰি থাকিছিল, তেওঁৰ বন্ধুসকলে তেওঁক এৰি গুচি গৈছিল আৰু তেওঁৰ যি দাস-দাসী আছিল, তেওঁলোকেও ইয়োবৰ কথা নুশুনা হʼল।—ইয়ো. ১৯:১৩, ১৪, ১৬.
৭. (ক) ইয়োবৰ ওপৰত কোনে সমস্যা আনিছে বুলি তেওঁ ভাবিছিল? কিন্তু তেওঁ কি নকৰিলে? (খ) বৰ্তমান সময়ত আমিও হয়তো কি কি সমস্যাৰ সন্মুখীন হওঁ? (ছবিখন চাওক)
৭ যিহোৱাই ইয়োবক খং কৰিছে, সেইবাবে এই সকলো সমস্যা তেওঁৰ ওপৰত আনিছে বুলি ইয়োবে ভবাটো চয়তানে বিচাৰিছিল। এনে কৰিবলৈ চয়তানে কি কৰিলে? সি প্ৰথমতে আকাশৰ পৰা অগ্নি পেলালে। যাৰ বাবে ইয়োবৰ যিমান মেৰ আছিল, সেইবোৰ মৰিল আৰু সেই মেৰজাকৰ চোৱা-চিতা কৰা লোকসকলৰো মৃত্যু হʼল। (ইয়ো. ১:১৬) ইয়াৰ পাছত চয়তানে বৰ ধুমুহা আনিলে। ইয়াৰ ফলত ইয়োবৰ লʼৰা-ছোৱালীসকলে যিখন ঘৰত আহাৰ খাইছিল, সেই ঘৰখন ভাঙি পৰিল। (ইয়ো. ১:১৮, ১৯) যিদৰে অগ্নি পৰিল আৰু বৰ ধুমুহা আহিল, তাৰ বাবে ইয়োবে হয়তো ভাবিলে যে এই সকলোবোৰ যিহোৱাই কৰিছে। ইয়োবে হয়তো ভাবিলে যে তেওঁ নিজেই কিবা ভুল কৰিছে, সেইবাবে যিহোৱাই খং কৰিছে। তথাপি ইয়োবে যিহোৱাৰ বিষয়ে বেয়াকৈ একো কোৱা নাছিল। যিহোৱাই তেওঁক কি কি আশীৰ্বাদ দিছে, তাৰ বিষয়ে তেওঁ মনত পেলালে আৰু ভাবিলে যে যদি তেওঁ যিহোৱাৰ পৰা আশীৰ্বাদ লৈছে, তেনেহʼলে তেওঁ দুখবোৰো লʼব। সেইবাবে তেওঁ এইদৰে কৈছিল, “যিহোৱাৰ নাম ধন্য হওক।” (ইয়ো. ১:২০, ২১; ২:১০) এতিয়ালৈকে ইয়োবৰ সকলো ধন-সম্পত্তি ডকাইতে কাঢ়ি নিলে, তেওঁৰ লʼৰা-ছোৱালীৰ মৃত্যু হৈছিল আৰু তেওঁৰ নিজৰো এটা ডাঙৰ বেমাৰ হৈছিল। তথাপি ইয়োব যিহোৱাৰ বিশ্বাসী হৈ থাকিল। ইয়াৰ পাছত চয়তানে ইয়োবৰ ওপৰত আৰু এটা সমস্যা আনিলে, আহক তালৈ মন কৰোঁ।
৮. চয়তানে এতিয়া ইয়োবৰ ওপৰত কি সমস্যা আনিলে?
৮ চয়তানে ইয়োবৰ ওপৰত আৰু এটা সমস্যা আনে। সি ইয়োবৰ তিনিজন বন্ধুৰ যোগেদি তেওঁক অনুভৱ কৰাবলৈ চেষ্টা কৰে যে তেওঁ কোনো কামৰ যোগ্য নহয়। তেওঁৰ বন্ধুসকলে তেওঁক কয় যে তেওঁ হয়তো বহুতো পাপ কৰিছে, সেইবাবে যিহোৱাই তেওঁৰ ওপৰত ইমান সমস্যা আনিছে। (ইয়োব ২২:৫-৯) তেওঁ যিহোৱাৰ দৃষ্টিত যদিও ভাল কাম কৰিছে, কিন্তু যিহোৱাৰ দৃষ্টিত সেইবোৰ কোনো অৰ্থ নাৰাখে বুলিও অনুভৱ কৰোৱাবলৈ চেষ্টা কৰিছিল। (ইয়ো. ৪:১৮; ২২:২, ৩; ২৫:৪) যিহোৱাই ইয়োবক প্ৰেম নকৰে, তেওঁৰ যত্ন নলয় আৰু যিহোৱাৰ উপাসনা কৰি একো লাভ নাই বুলি তেওঁলোকে ইয়োবৰ বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ কথা শুনি ইয়োব নিৰাশ হʼলহেঁতেন।
৯. ইয়োবে কেনেকৈ সাহসী আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে?
৯ কল্পনা কৰক, ইয়োব ছাইৰ মাজত বহি আছে আৰু খহু হোৱাৰ বাবে বিষ অনুভৱ কৰি আছে। (ইয়ো. ২:৮) তেওঁৰ ওপৰত এটাৰ পাছত এটা সমস্যা আহিছে আৰু তেওঁ নিজৰ লʼৰা-ছোৱালীক হেৰুৱাৰ বেদনাও অনুভৱ কৰি আছে। তথাপি ইয়োব মনে মনে বহি আছে। (ইয়ো. ২:১৩–৩:১) ইয়োবক মনে মনে থকা দেখি তেওঁৰ বন্ধুসকলে ভাবিলে যে তেওঁ এতিয়া যিহোৱাক এৰি দিব আৰু তেওঁৰ নিন্দা কৰিব। কিন্তু ইয়োবে এইদৰে নকৰিলে। তেওঁৰ বন্ধুসকলে বাৰে বাৰে তেওঁক ঠাট্টা কৰে। অৱশেষত ইয়োবে তেওঁলোকৰ ফালে চালে আৰু এইদৰে উত্তৰ দিলে, “মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।” (ইয়ো. ২৭:৫) ইমান সমস্যা হোৱাৰ সত্ত্বেও ইয়োবে কেনেকৈ সাহসী আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলে? তেওঁ আশা এৰি দিয়া নাছিল। তেওঁ আশা ৰাখিছিল যে যিহোৱাই এদিন সকলো ঠিক কৰিব আৰু যদি তেওঁৰ মৃত্যু হৈ যায়, তথাপি যিহোৱাই এদিন তেওঁক জীয়াই তুলিব।—ইয়ো. ১৪:১৩-১৫.
ইয়োবৰ পৰা শিকক
১০. ইয়োবৰ উদাহৰণৰ পৰা আমি কি কি শিকিলোঁ?
১০ ইয়োবৰ উদাহৰণৰ পৰা শিকিলোঁ যে আমি যাতে যিহোৱাক এৰি দিওঁ, তাৰ বাবে চয়তানে আমাক জোৰ কৰিব নোৱাৰে। আমি কি কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছোঁ, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। আমি এয়াও শিকিলোঁ যে আমি যাতে যিহোৱাৰ বিশ্বাসী হৈ নাথাকোঁ, তাৰ বাবে চয়তানে কি কি কৌশল ব্যৱহাৰ কৰে। আহক ইয়াৰ বিষয়ে আৰু বেছিকৈ শিকোঁ।
১১. যিহোৱাৰ ওপৰত ভৰসা কৰিলে আমি কি কথাৰ প্ৰতি বিশ্বাস কৰিব পাৰিম? (যাকোব ৪:৭)
১১ ইয়োবৰ দৰে যদি আমি সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ, তেনেহ’লে আমি সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব পাৰিম আৰু চয়তানৰ বিৰোধ কৰিব পাৰিম। বাইবেলে আমাৰ বিশ্বাস জন্মাই যে যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেনেহ’লে চয়তানে আমাৰ ওচৰৰ পৰা পলাই যাব।—যাকোব ৪:৭ পঢ়ক।
১২. মৃত লোকসকল পুনৰ জীৱিত হ’ব, এই আশাৰ পৰা ইয়োবে কেনেকৈ সাহস পালে?
১২ আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত যে যদিও আমাৰ মৃত্যু হৈ যায়, তেনেহ’লে, যিহোৱাই আমাক পুনৰ জীয়াই তুলিব। ইয়াৰ আগৰ লেখত আমি শিকিছিলোঁ যে আমি মৃত্যু লৈ ভয় কৰি যিহোৱাৰ সকলো সিদ্ধান্ত উলংঘন কৰাটো চয়তানে বিচাৰে। ইয়াৰ বিষয়ে হয়তো আপোনাৰ মনত আছে। চয়তানে ইয়োবৰ লগতো এইদৰেই কৰিলে। চয়তানে ইয়োবৰ ওপৰত অভিযোগ কৰিছিল যে তেওঁ নিজৰ জীৱন বচাবলৈ যিকোনো কাম কৰিব। আনকি তেওঁ যিহোৱাকো এৰি দিব। কিন্তু ইয়োবে চয়তান মিছলীয়া বুলি প্ৰমাণ কৰিলে। তেওঁৰ যেতিয়া পৰিস্থিতি একেবাৰে বেয়া আছিল আৰু তেওঁ ভাবিছিল যে এতিয়া তেওঁৰ মৃত্যু হ’ব, তেতিয়াও তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিল। ইয়োবে জানিছিল যে যিহোৱা দয়ালু হয় আৰু যিহোৱাই এদিন নহয় এদিন সকলোবোৰ ঠিক কৰিব। যদিও তেওঁ জীয়াই থকা সময়ত সকলো ঠিক নহয়, তেনেহ’লে ভৱিষ্যতে যিহোৱাই তেওঁক জীৱিত কৰিব আৰু সেই সময়ত সকলো ঠিক হৈ যাব বুলি তেওঁৰ আশা নিশ্চিত আছিল। তেওঁ এয়াও বিশ্বাস কৰিছিল যে যদি তেওঁৰ মৃত্যু হৈ যায়, তথাপি যিহোৱাই তেওঁক জীয়াই তুলিব। ইয়োবৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই মৃত লোকসকলক পুনৰ জীয়াই তুলিব। আমিও যদি ইয়োবৰ দৰে সম্পূৰ্ণ বিশ্বাস ৰাখোঁ আৰু নিজৰ আশা মজবুত কৰোঁ, তেনেহʼলে কোনো কথাই আনকি মৃত্যুৱেও আমাক যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ বাধা দিব নোৱাৰে।
১৩. চয়তানে ইয়োবক ফান্দত পেলাবলৈ যি কৌশল ব্যৱহাৰ কৰিছিল, তাৰ ওপৰত আমি কিয় ধ্যান দিয়া উচিত?
১৩ চয়তানে ইয়োবক ফান্দত পেলাবলৈ যি কৌশল ব্যৱহাৰ কৰিছিল, সেই কৌশল সি আজিও ব্যৱহাৰ কৰে। মন কৰক যে যেতিয়া চয়তানে ইয়োবৰ ওপৰত অভিযোগ কৰিছিল, তেতিয়া সি কেৱল ইয়োবৰ বিষয়ে কোৱা নাছিল। সি সকলো মানুহৰ বিষয়ে কৈছিল। সি এইদৰে কৈছিল, “প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব।” (ইয়ো. ২:৪, ৫) এইদৰে চয়তানে দাবী কৰিছিল যে আমি যিহোৱাক প্ৰেম নকৰোঁ আৰু যদি আমাৰ জীৱন বিপদত পৰে, তেনেহ’লে আমি তেওঁক এৰি দিম। সি এয়াও কʼব বিচাৰিছিল যে যিহোৱাই আমাক প্ৰেম নকৰে আৰু আমি তেওঁক আনন্দিত কৰিবলৈ যিয়ে কাম নকৰোঁ কিয়, সেই সকলো তেওঁৰ বাবে কোনো অৰ্থ নাৰাখে। আমি সকলোৱে চয়তানৰ ফান্দৰ বিষয়ে জানোঁ। সেইবাবে, আমি কেতিয়াও চয়তানৰ কথা নুশুনিম। ইয়াৰ পৰিৱৰ্তে আমি যিহোৱাৰ ওপৰত আশা ৰাখিম।
১৪. সমস্যা আহিলে আমি কি কি দেখিবলৈ পাওঁ? উদাহৰণ দি বুজাওক।
১৪ যেতিয়া আমাৰ ওপৰত কোনো সমস্যা আহে, তেতিয়া আমি দেখিবলৈ পাওঁ যে আমাৰ কি কি দুৰ্বলতা আছে। যেতিয়া ইয়োবৰ ওপৰত সমস্যা আহিল, তেতিয়া তেওঁ চাব পাৰিলে যে তেওঁৰ কি কি দুৰ্বলতা আছে আৰু তেওঁ সেই দুৰ্বলতাবোৰ শুধৰণি কৰিলে। যেনে, তেওঁ গম পালে যে তেওঁক আৰু নম্ৰ হোৱাৰ প্ৰয়োজন আছে। (ইয়ো. ৪২:৩) ভাই নিকৰ উদাহৰণলৈ মন কৰক। c বেমাৰ হোৱাৰ সত্ত্বেও তেওঁক জেইলত নিয়া হʼল। তেওঁ এইদৰে কৈছে, “জেইলত যোৱাটো এক্স-ৰে কৰাৰ নিচিনা হয়। যেতিয়া আমি জেইলত যাওঁ, তেতিয়া আমি গম পাওঁ যে আমি কেনেধৰণৰ ব্যক্তি হওঁ, আমাৰ কি কি দুৰ্বলতা আৰু ভাল গুণ আছে।” যেতিয়া আমি নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে জানিম, তেতিয়া আমি নিজকে শুধৰণি কৰিব পাৰিম।
১৫. আমি ইয়োবৰ দৰে কাৰ কথা শুনা উচিত আৰু কিয়?
১৫ আমি নিজৰ শত্ৰুসকলৰ কথাত ধ্যান দিয়া উচিত নহয়, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ কথা শুনা উচিত। ইয়োবে এইদৰেই কৰিলে। ইয়োবৰ চিন্তাধাৰা শুধৰণি কৰিবলৈ যিহোৱাই তেওঁক বহুতো কথা মন পেলাই দিছিল। যিহোৱাই যেন ইয়োবক এইদৰে কৈছিল, “মই কি কি সৃষ্টি কৰিলোঁ তুমি দেখা নাইনে? মই তোমাৰ যত্ন লʼব পাৰোঁ বুলি তুমি নাভাবানে? তুমি কি কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছা, তাৰ বিষয়ে মই ভালদৰে জানোঁ।” যিহোৱাৰ কথা শুনি ইয়োবৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁৰ বিষয়ে চিন্তা কৰে। ইয়োবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ হʼল আৰু তেওঁ এইদৰে কʼলে, “পূৰ্ব্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলোঁ, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ!” (ইয়ো. ৪২:৫) ইয়োবে এই কথাষাৰ কোৱাৰ সময়ত তেওঁ হয়তো ছাইৰ মাজত বহি আছিল। অলপতে তেওঁৰ শৰীৰত খহু হৈছিল আৰু তেওঁ নিজৰ সন্তানসকলক মৃত্যুত হেৰুৱাৰৰ বাবে বহুত বেদনাত আছিল। এনে পৰিস্থিতিত যিহোৱাই তেওঁক আশ্বাস দিলে যে তেওঁ ইয়োবক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰা আনন্দিত আছে আৰু ইয়োবে তেওঁৰ কথা মনোযোগেৰে শুনিলে।—ইয়ো. ৪২:৭, ৮.
১৬. যিচয়া ৪৯:১৫, ১৬ পদৰ অনুসৰি সমস্যা আহিলে আমি কি কথা মনত ৰখা উচিত?
১৬ বৰ্তমান সময়তো লোকসকলে আমাৰ বিষয়ে বেয়াকৈ কʼব পাৰে, আমাক ঠাট্টা কৰিব পাৰে আৰু আমাক তূচ্ছ্য বুলি গণ্য কৰিব পাৰে আৰু আমাৰ সংগঠনৰ বিষয়ে “মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব” পাৰে। (মথি ৫:১১) কিন্তু ইয়োবৰ উদাহৰণৰ পৰা আমি দেখিলোঁ যে সমস্যাৰ সত্ত্বেও আমি বিশ্বাসী হৈ থাকিব পাৰিম বুলি যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছে। যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু যিসকলে তেওঁৰ ওপৰত আশা ৰাখে, যিহোৱাই তেওঁলোকক কেতিয়াও নেৰিব। (যিচয়া ৪৯:১৫, ১৬ পঢ়ক।) সেইবাবে, যদিও লোকসকলে আমাক বা যিহোৱাৰ সংগঠনক বদনাম কৰে, তথাপি আমি তেওঁলোকৰ কথাৰ ওপৰত ধ্যান দিয়া উচিত নহয়। তুৰ্কীত থকা ভাই জেম্চৰ উদাহৰণলৈ মন কৰক। তেওঁৰ পৰিয়ালে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ সেই বিষয়ে এইদৰে কৈছে, “সেই সময়ত লোকসকলে যিহোৱাৰ সংগঠনৰ বিষয়ে মিছা কথা কৈছিল। আমি অনুভৱ কৰিছিলোঁ যে যদি আমি তেওঁলোকৰ কথালৈ মন দিওঁ, তেনেহʼলে আমি নিৰাশ হৈ পৰিম আৰু নিজৰ আশাও হেৰুৱাই পেলাম। সেইবাবে, আমি নিজৰ আশাৰ বিষয়ে ভাবিবলৈ ধৰিলোঁ আৰু যিহোৱাৰ সেৱা কৰি থাকিলোঁ। এনে কৰাৰ বাবে আমি সমস্যাৰ সময়ত আনন্দত থাকিব পাৰিলোঁ।” গতিকে আহক আমিও শত্ৰুসকলক নিজৰ আশা দুৰ্বল কৰিবলৈ নিদিওঁ আৰু ইয়োবৰ দৰে যিহোৱাৰ কথা শুনি থাকোঁ।
আশা থাকিলে বিশ্বাসী হৈ থাকিব পাৰিম
১৭. ইব্ৰী ১১ অধ্যায়ত কোৱা বিশ্বাসী লোকসকলৰ পৰা আমি কি শিকিব পাৰোঁ?
১৭ সাহসেৰে সমস্যাৰ সন্মুখীন হোৱা আৰু যিহোৱাৰ বিশ্বাসী হৈ থকাৰ ক্ষেত্ৰত কেৱল ইয়োব অকলে নাছিল। পৌলে ইব্ৰী লোকসকলক চিঠি লিখোতে বহুতো বিশ্বাসী লোকসকলৰ বিষয়ে উল্লেখ কৰিছিল আৰু তেওঁলোকক ‘মেঘৰূপ সাক্ষী’ বুলি কৈছিল। (ইব্ৰী ১২:১) তেওঁলোকেও বহুতো ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, তথাপি মৃত্যুলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। (ইব্ৰী ১১:৩৬-৪০) তেওঁলোকে যদিও যিহোৱাৰ সকলো প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ নাপালে, তথাপি তেওঁলোকে যিহোৱাৰ ওপৰত আশা ৰাখিছিল। তেওঁলোকে জানিছিল যে যিহোৱা তেওঁলোকৰ পৰা আনন্দিত আছে। সেইবাবে, তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছিল যে ভৱিষ্যতে তেওঁলোকে যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ পাব। (ইব্ৰী ১১:৪, ৫) গতিকে আহক আমি তেওঁলোকৰ পৰা শিকোঁ আৰু যিয়ে পৰিস্থিতি নাহক কিয় আমি যিহোৱাৰ ওপৰত আশা ৰাখোঁ।
১৮. আপুনি কি কৰিবলৈ থিৰাং কৰিছে? (ইব্ৰী ১১:৬)
১৮ এই জগতৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। (২ তীম. ৩:১৩) চয়তানে যিহোৱাৰ লোকসলৰ ওপৰত এটাৰ পাছত এটা সমস্যা আনিছে। তথাপি আমাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, আমি সকলোৱে থিৰাং কৰা উচিত যে আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিম, কিয়নো আমি ‘জীৱনময় ঈশ্বৰত ভৰসা [আশা] ৰাখিছোঁ।’ (১ তীম. ৪:১০) ইয়োব যিহোৱাৰ বিশ্বাসী হৈ আছিল, সেইবাবে যিহোৱাই তেওঁক পুৰষ্কাৰ দিলে আৰু প্ৰমাণ কৰিলে যে তেওঁ স্নেহৱান আৰু দয়ালু ঈশ্বৰ হয়। (যাকো. ৫:১১) গতিকে আহক আমিও যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ আৰু সম্পূৰ্ণৰূপে বিশ্বাস ৰাখোঁ যে যিহোৱাই সেই লোকসকলক পুৰস্কাৰ দিব, যিসকলে তেওঁক বিচাৰে।—ইব্ৰী ১১:৬ পঢ়ক।
গীত ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক
a যেতিয়া আপুনি এনে এজন ব্যক্তিৰ বিষয়ে চিন্তা কৰে, যিজনে বহুতো সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া ইয়োবৰ কথা হয়তো আপোনাৰ মনলৈ আহে। তেওঁ সমস্যাৰ সত্ত্বেও বিশ্বাসী হৈ আছিল। তেওঁৰ উদাহৰণৰ পৰা আমি আৰু কি কি কথা শিকিব পাৰোঁ। আমি তিনিটা কথা শিকিব পাৰোঁ, (১) যিহোৱাক এৰি দিবলৈ চয়তানে আমাক জোৰ কৰিব নোৱাৰে। (২) আমি কি কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছোঁ, সেয়া যিহোৱাই ভালদৰে জানে। (৩) যিহোৱাই যিদৰে ইয়োবৰ সমস্যাবোৰ দূৰ কৰিলে, ঠিক সেইদৰে আমাৰ সমস্যাবোৰো এদিন তেওঁ দূৰ কৰিব। যদি আমি বিশ্বাস কৰোঁ যে যিহোৱাই আমাক প্ৰেম কৰে আৰু সেই মতে কামো কৰোঁ, তেনেহʼলে আমি দেখুৱাম যে আমি যিহোৱাৰ ওপৰত আশা ৰাখিছোঁ।
b ইয়াৰ অৰ্থ কি?: যি হিব্ৰু শব্দটো “আশা” বুলি অনুবাদ কৰা হৈছে, তাৰ অৰ্থ হৈছে কোনো এটা বস্তুৰ বাবে আগ্ৰহেৰে বাট চোৱা। ইয়াৰ অৰ্থ এয়াও হʼব পাৰে যে কাৰোবাৰ ওপৰত ভৰসা কৰা বা তেওঁৰ ওপৰত নিৰ্ভৰ হোৱা।—গীত. ২৫:২, ৩; ৬২:৫.
c কিছুমান নাম সলনি কৰা হৈছে।