Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

যীচুৰ জন্মৰ পাছত যোচেফ আৰু মৰিয়মে নিজৰ ঘৰলৈ উভতি যোৱাৰ পৰিৱৰ্তে বৈৎলেহেমতে কিয় থাকি গৈছিল?

বাইবেলত ইয়াৰ বিষয়ে স্পষ্টকৈ কোৱা নাই। কিন্তু আমি এনে কিছুমান আকৰ্ষণীয় কথাৰ বিষয়ে জানিব পাৰোঁ, যাৰ যোগেদি আমি গʼম পাওঁ যে তেওঁলোকে হয়তো নাচৰতলৈ উভতি যোৱাৰ পৰিৱৰ্তে কিয় যিহূদাৰ বৈৎলেহমতে থাকিছিল।

এজন স্বৰ্গদূতে মৰিয়মক কʼলে যে তেওঁ গৰ্ভৱতী হʼব আৰু এটি পুত্ৰ সন্তানক জন্ম দিব। যেতিয়া মৰিয়মক তেওঁ এই বাৰ্তা দিলে, তেতিয়া মৰিয়ম আৰু যোচেফ দুয়োজনেই গালীলৰ নাচৰৎ চহৰত আছিল। (লূক ১:২৬-৩১; ২:৪) পাছত তেওঁলোকে মিচৰৰ পৰা উভতি ইস্ৰায়েললৈ আহিল আৰু নাচৰতত থাকিবলৈ লʼলে। যীচু তাতেই ডাঙৰ-দীঘল হʼল আৰু তেওঁক নাচৰতীয়া বুলি মতা হʼল। (মথি ২:১৯-২৩)সেইবাবে, যেতিয়া যীচু, যোচেফ আৰু মৰিয়মৰ বিষয়ে কোৱা হয়, তেতিয়া নাচৰতৰ কথা আমাৰ মনত পৰে।

মৰিয়মৰ এজনী সম্বন্ধীয়া আছিল এলীচাবৎ, তাই যিহূদিয়াত থাকিছিল। তাই পুৰোহিত জখৰিয়াৰ পত্নী আছিল। আগলৈ গৈ এলীচাবৎ যোহন বাপ্তাইজক জন্ম দিলে। (লূক ১:৫, ৯, ১৩, ৩৬) মৰিয়ম এলীচাবতক লʼগ ধৰিবলৈ যিহূদিয়ালৈ গʼল আৰু তিনি মাহলৈকে তাতেই থাকিল। তাৰ পাছত তেওঁ পুনৰাই নাচৰতলৈ উভতি আহিল। (লূক ১:৩৯, ৪০, ৫৬) ইয়াৰ পৰা গʼম পোৱা যায় যে মৰিয়মে যিহূদিয়া এলেকাৰ বিষয়ে কিছু কথা জানিছিল।

কিছু সময়ৰ পাছত ঘোষণা কৰা হʼল যে সকলোৱে নাম লিখাবলৈ নিজ নিজ চহৰলৈ যাব লাগিব। সেইবাবে, যোচেফ নাচৰতৰ পৰা বৈৎলেহেমলৈ গʼল। বৈৎলেহেমক দায়ূদৰ নগৰ বুলিও কোৱা হৈছিল আৰু ভৱিষ্যতবাণী কৰা হৈছিল যে মচীহৰ জন্ম তাতে হʼব। (লূক ২:৩, ৪; ১ চমূ. ১৭:১৫; ২০:৬; মীখা ৫:২) যীচুৰ জন্ম বৈৎলেহেমতে হৈছিল। কিন্তু বৈৎলেহেম নাচৰতৰ পৰা বহুত দূৰত আছিল আৰু অলপতে মৰিয়মৰ সন্তান জন্ম হৈছিল। সেইবাবে, হয়তো যোচেফে লগে লগে নাচৰতলৈ উভতি যোৱাৰ বিষয়ে নাভাবিলে। তাৰ পৰিৱৰ্তে তেওঁ বৈৎলেহেমতে থাকিল, যি যিৰূচালেমৰ পৰা প্ৰায় ন কিলোমিটাৰ (প্ৰায় ৬ মাইল) দূৰত আছিল। এইদৰে মোচিৰ আজ্ঞা অনুসৰি নিজৰ সন্তানক মন্দিৰলৈ লৈ যোৱা আৰু বলিদান আগবঢ়োৱা তেওঁলোকৰ বাবে সহজ হʼলহেঁতেন।—লেবী. ১২:২, ৬-৮; লূক ২:২২-২৪.

ঈশ্বৰৰ দূতে আগতেই মৰিয়মক কৈছিল যে তেওঁৰ এটা পুত্ৰ সন্তান হʼব আৰু তেওঁক দায়ূদৰ সিংহাসন দিয়া যাব আৰু তেওঁ ৰজা হৈ শাসন কৰিব। যোচেফ আৰু মৰিয়মে হয়তো মন কৰিলে যে যীচুৰ জন্ম দায়ূদৰ চহৰতে হৈছিল। (লূক ১:৩২, ৩৩; ২:১১, ১৭) সেইবাবে, তেওঁলোকে হয়তো কিছু সময় যিৰূচালেমতে থাকিবলৈ নিৰ্ণয় লʼলে। হয়তো তেওঁলোকে এয়াও ভাবিলে যে যিহোৱাই তেওঁলোকক আগলৈ কি কৰিব লাগে, তাৰ বিষয়ে নিৰ্দেশনা দিব।

জ্যোতিষীসকলে তেওঁলোকক লগ ধৰিবলৈ অহাৰ সময়ত তেওঁলোকে বৈৎলেহেমত থাকি কিমান সময় হৈছিল তাৰ বিষয়ে আমি সঠিককৈ কʼব নোৱাৰোঁ। কিন্তু সেই সময়ত তেওঁলোকৰ পৰিয়াল এটা ঘৰত আছিল আৰু যীচু এটা সৰু লৰা আছিল, কেঁচুৱা নহয়। (মথি ২:১১) ইয়াৰ পৰা জানিব পাৰি যে তেওঁলোকে নাচৰতলৈ যোৱাৰ পৰিৱৰ্তে বৈৎলেহেমতে থাকিছিল।

হেৰোদে আদেশ দিলে, ‘বৈৎলেহেমত থকা দুবছৰীয়া আৰু তাতকৈ যিমান সৰু সকলোকে মাৰি পেলোৱা হওক।ʼ (মথি ২:১৬) ঈশ্বৰৰ দূতে যোচেফক এই আদেশৰ বিষয়ে কʼলে আৰু তেওঁলোকক সতৰ্ক কৰিলে। সেইবাবে, তেওঁলোকে লগে লগে যীচুক লগত লৈ মিচৰ দেশলৈ ওলাই গʼল আৰু যেতিয়ালৈকে হেৰোদৰ মৃত্যু নহʼল তেতিয়ালৈকে তাতে থাকিল। পাছত যোচেফে নিজৰ পৰিয়ালৰ লগত নাচৰতলৈ গʼল। কিন্তু তেওঁলোকে কিয় বৈৎলেহেমলৈ পুনৰ ঘূৰি নাহিল? কিয়নো সেই সময়ত যিহূদাত হেৰোদৰ লʼৰা আৰ্খিলায়ে শাসন কৰিছিল আৰু তেওঁ বহুত নিৰ্দয় আছিল। যোচেফে যীচুৰ ওপৰত কিবা বিপদ হোৱাটো বিচৰা নাছিল। ইয়াৰ উপৰিও ঈশ্বৰে তেওঁক সতৰ্ক কৰিছিল, সেইবাবে তেওঁ নিজৰ পৰিয়ালক নাচৰতলৈ লৈ যোৱাৰ নিৰ্ণয় লʼলে। তাত যীচুৰ কোনো বিপদ নাছিল আৰু যোচেফ তেওঁৰ ভালদৰে চোৱা-চিতা কৰিব পাৰিলেহেঁতেন আৰু সত্য ঈশ্বৰৰ বিষয়ে শিকাব পাৰিলেহেঁতেন।—মথি ২:১৯-২২; ১৩:৫৫; লূক ২:৩৯, ৫২.

এনে লাগে যেন যীচুয়ে নিজৰ বলিদান দি লোকসকলৰ বাবে স্বৰ্গলৈ যোৱাৰ বাট মুকলি কৰাৰ আগতেই যোচেফৰ মৃত্যু হৈছিল। ইয়াৰ অৰ্থ হৈছে নতুন পৃথিৱীত যোচেফক আকৌ জীয়াই তোলা হʼব আৰু তেতিয়া বহুতো লোকে তেওঁক লগ কৰিব পাৰিব আৰু ইয়াৰ বিষয়ে জানিব পাৰিব যে তেওঁ আৰু মৰিয়মে যীচুৰ জন্মৰ পাছত কিয় বৈৎলেহেমত থাকি গৈছিল।