অধ্যয়নৰ লেখ ২৫
প্ৰাচীনসকল, গিদিয়োনৰ পৰা শিকক
‘গিদিয়োনৰ বৃত্তান্ত কবলৈ গলে সময় নোজোৰে।”—ইব্ৰী ১১:৩২.
গীত ১২৪ সদায় নিষ্ঠাৱান
লেখৰ এক আভাস a
১. প্ৰথম পিতৰ ৫:২ পদৰ অনুসৰি প্ৰাচীনসকলক কি গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে?
যিহোৱাই নিজৰ লোকসকলৰ চোৱা-চিতা কৰাৰ দায়িত্ব প্ৰাচীনসকলক দিছে। যিহোৱাই প্ৰাচীনসকলৰ ওপৰত ভৰসা কৰাৰ বাবে তেওঁলোকে অতি কৃতজ্ঞ। তেওঁলোকেও নিজৰ দায়িত্ব পালন কৰিবলৈ বহুত পৰিশ্ৰম কৰে। তেওঁলোকে ‘ৰখীয়াৰʼ দৰে ঈশ্বৰৰ জাকক ভালদৰে “প্ৰতিপালন” অৰ্থাৎ চোৱা-চিতা কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। (যিৰি. ২৩:৪; ১ পিতৰ ৫:২ পঢ়ক।) যিহোৱাই মণ্ডলীত এনে ভাইসকলক নিযুক্ত কৰাৰ বাবে আমি অতি কৃতজ্ঞ।
২. কিছুমান প্ৰাচীনে কি কি সমস্যাৰ সন্মুখীন হয়?
২ প্ৰাচীনসকলে নিজৰ দায়িত্ব পালন কৰাৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। যেনে, তেওঁলোকে মণ্ডলীত বহুতো কাম কৰিবলগীয়া হয়। আমেৰিকাৰ টনী নামৰ প্ৰাচীনজনে শিকিলে যে যেতিয়া আৰু কাম লোৱাৰ কথা আহে, তেতিয়া তেওঁলোকে মনত ৰখা উচিত যে তেওঁলোকে কিমান কৰিব পাৰিব। তেওঁ এইদৰে কয়, “যেতিয়া কভিড ১৯ মহামাৰী আৰম্ভ হʼল, তেতিয়া মণ্ডলীৰ সভা আৰু প্ৰচাৰ কামৰ ব্যৱস্থা কৰিবলৈ মই বহুতো কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মই যিমানেই কাম কৰা নাছিলোঁ কিয়, কিবা নহয় কিবা কাম আকৌ ওলাইছিল। পাছত বাইবেল পঢ়িবলৈ, ব্যক্তিগত অধ্যয়ন কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈও সময়ে নাথাকিছিল। কʼছভʼত থকা ইলী নামৰ প্ৰাচীনৰ বেলেগ এটা সমস্যা হৈছিল। যেতিয়া তেওঁ এনে এখন এলেকাত আছিল, যʼত যুদ্ধ চলি আছিল, তেতিয়া তেওঁক সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰিবলৈ বৰ কঠিন হৈছিল। তেওঁ এইদৰে কৈছে, “শাখা কাৰ্য্যালয়ে মোক এনে এলেকাৰ ভাই-ভনীসকলক সহায় কৰিবলৈ কৈছিল, যʼত বহুত বিপদ আছিল। মই জানিছিলোঁ যে মই সাহসেৰে কাম কৰিব লাগিব, কিন্তু মোক বৰ ভয় লাগিছিল আৰু সংগঠনে দিয়া নিৰ্দেশনা সঠিক যেন লগা নাছিল।” এছিয়াৰ আন এজন মিচনেৰী ভাই টিমক প্ৰতিদিনে বহুতো কাম কৰিবলগীয়া হৈছিল আৰু সেইবোৰ চম্ভালিবলৈ তেওঁক কঠিন লাগিছিল। তেওঁ এইদৰে কয়, “কেতিয়াবা কেতিয়াবা মই একেবাৰে ভাগৰি পৰিছিলোঁ আৰু এনে লাগিছিল যেন ভাই-ভনীসকলক আৰু সহায় কৰিব নোৱাৰিম।” আজি এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা প্ৰাচীনসকলে কʼৰ পৰা সহায় লাভ কৰিব পাৰে?
৩. আমি গিদিয়োনৰ উদাহৰণৰ পৰা কি শিকিব পাৰোঁ?
৩ আজি প্ৰাচীনসকলে গিদিয়োনৰ পৰা বহুতো কথা শিকিব পাৰে, যাক প্ৰাচীন সময়ত ঈশ্বৰে বিচাৰকৰ্তা নিযুক্ত কৰিছিল। (ইব্ৰী ৬:১২; ১১:৩২) তেওঁ কঠিন পৰিস্থিতিতো ঈশ্বৰৰ লোকসকলক সুৰক্ষিত কৰি ৰখা আৰু ৰখীয়া হিচাপে তেওঁলোকৰ চোৱা-চিতা কৰাৰ দায়িত্ব পালন কৰিলে। (বিচা. ২:১৬; ১ বং. ১৭:৬) ঠিক সেইদৰে আজি প্ৰাচীনসকলক এই কঠিন সময়ত ঈশ্বৰৰ লোকসকলক চোৱা-চিতা কৰাৰ দায়িত্ব দিয়া হৈছে। (পাঁচ. ২০:২৮; ২ তীম. ৩:১) গিদিয়োনৰ উদাহৰণলৈ মন কৰিলে প্ৰাচীনসকলে শিকিব পাৰিব যে তেওঁলোকে কেনেকৈ মৰ্য্যদাত থাকিব পাৰে, নম্ৰ হৈ থাকিব পাৰে, সদায় যিহোৱাৰ আজ্ঞা পালন কৰিব পাৰে আৰু একো কৰিব নোৱাৰোঁ বুলি অনুভৱ হʼলে কেনেকৈ থিৰে থাকিব পাৰে। যিসকলে প্ৰাচীন নহয় তেওঁলোকেও গিদিয়োনৰ উদাহৰণলৈ মন কৰিলে প্ৰাচীনসকলৰ কঠিন পৰিশ্ৰমৰ প্ৰতি বেছিকৈ কৃতজ্ঞ হʼব পাৰিব আৰু তেওঁলোকক সম্পূৰ্ণৰূপে সহযোগ কৰিব পাৰিব।—ইব্ৰী ১৩:১৭.
মৰ্য্যদাত থাকিবলৈ আৰু নম্ৰ হʼবলৈ কঠিন হʼলে
৪. গিদিয়োন নম্ৰ আছিল আৰু মৰ্য্যদাত থাকিছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ?
৪ গিদিয়োনে মৰ্য্যদাত থাকিছিল আৰু নম্ৰ আছিল। b এবাৰ যিহোৱাৰ এজন স্বৰ্গদূতে গিদিয়োনক কʼলে যে যিহোৱাই তেওঁক মিদিয়নীয়াবিলাকৰ হাতৰ পৰা ইস্ৰায়েলীসকলক মুকলি কৰিবলৈ বাছনি কৰিছে। তেতিয়া গিদিয়োনে এইদৰে কʼলে, “চাওক, মনচিৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ দুৰ্ব্বল, আৰু মোৰ পিতৃ-বংশতো মই আটাইতকৈ সৰু।” (বিচা. ৬:১৫) গিদিয়োনে ভাবিলে যে তেওঁ ইমান ডাঙৰ দায়িত্ব পালন কৰিব নোৱাৰে, কিন্তু তেওঁ এইদৰে কৰিব পাৰিব বুলি যিহোৱাই জানিছিল। যিহোৱাৰ সহায়ত গিদিয়োনে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিলে।
৫. এজন প্ৰাচীনৰ বাবে মৰ্য্যদাত থাকিবলৈ আৰু নম্ৰ হʼবলৈ কেতিয়া কঠিন হʼব পাৰে?
৫ মৰ্য্যদাত থাকিবলৈ আৰু নম্ৰ হʼবলৈ প্ৰাচীনসকলে সম্পূৰ্ণৰূপে চেষ্টা কৰে। (মীখা ৬:৮; পাঁচ. ২০:১৮, ১৯) তেওঁলোকে নিজৰ দক্ষতা বা কামৰ বাবে ফিতাহী নামাৰে। তেওঁলোকৰ পৰা কিবা ভুল হʼলে তেওঁলোক কোনো কামৰ যোগ্য নহয় বুলি নাভাবে। কিন্তু সদায় নম্ৰ আৰু মৰ্য্যদাত থকা প্ৰাচীনসকলৰ বাবে সহজ নহয়। যেনে, হয়তো এজন ভায়ে বহুতো দায়িত্ব লৈছে, কিন্তু পাছত সেইবোৰ পূৰ কৰিবলৈ তেওঁক কঠিন লাগিব পাৰে। অথবা তেওঁ কোনো কাম ভালদৰে কৰিব পৰা নাই। সেইবাবে, লোকসকলে তেওঁৰ কামত ভুলবোৰ বিচাৰি পাইছে। বা তেওঁ হয়তো কোনো এটা দায়িত্ব বহুত ভালদৰে পালন কৰিলে আৰু ইয়াৰ বাবে ভাই-ভনীসকলে তেওঁক প্ৰশংসা কৰে। এনে পৰিস্থিতিত প্ৰাচীনসকলে গিদিয়োনৰ পৰা কি শিকিব পাৰে?
৬. প্ৰাচীনসকলে মৰ্য্যদাত থকাৰ বিষয়ে গিদিয়োনৰ পৰা কি শিকিব পাৰে? (ছবিখনো চাওক।)
৬ আনৰ সহায় লওক। মৰ্য্যদাত থকা ব্যক্তিয়ে জানে যে তেওঁ কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে। গিদিয়োনেও জানিছিল যে তেওঁ সকলো কাম অকলে কৰিব নোৱাৰে। সেইবাবে, তেওঁ আনৰ পৰা সহায় লʼলে। (বিচা. ৬:২৭, ৩৫; ৭:২৪) প্ৰাচীনসকলেও জানে যে তেওঁলোকে সকলো কাম অকলে কৰিব নোৱাৰে। সেইবাবে, প্ৰয়োজন হʼলে তেওঁলোকে আনৰ পৰা সহায় লয়। আগতে উল্লেখ কৰা টনীয়ে এইদৰে কয়, “মই যি পৰিৱেশত ডাঙৰ-দীঘল হৈছিলোঁ, তাৰ বাবে প্ৰায়ে মই যিমান কাম কৰিব পাৰোঁ, তাতকৈ বেছি কাম লৈ লৈছিলোঁ। সেইবাবে, আমি নিজৰ পাৰিবাৰিক উপাসনাত মৰ্য্যদাত থকাৰ বিষয়ে অধ্যয়ন কৰিলোঁ। মই আৰু কʼত শুধৰণি কৰাৰ প্ৰয়োজন আছে, তাৰ বিষয়ে মোৰ পত্নীকো সুধিলোঁ। মই jw.org-ত দিয়া ভিডিঅʼ যীচুৰ দৰে আনক শিকাওক, তেওঁলোকৰ ওপৰত ভৰসা কৰক আৰু দায়িত্ব দিয়ক (হিন্দী) চালোঁ।” তাৰ পাছত ভাই টনীয়ে আনৰ পৰা সহায় লʼবলৈ ধৰিলে। ইয়াৰ পৰিণাম কি হʼল? ভায়ে কয়, “এতিয়া মণ্ডলীৰ সকলো কাম ভালদৰে হয় আৰু যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ মোৰ ওচৰত বহুত সময় থাকে।”
৭. প্ৰাচীনসকলক কোনোবাই তেওঁলোকৰ ভুলবোৰৰ বিষয়ে কোৱাৰ সময়ত তেওঁলোকে কেনেকৈ গিদিয়োনৰ দৰে হʼব পাৰে? (যাকোব ৩:১৩)
৭ যেতিয়া আপোনাৰ ভুলবোৰৰ বিষয়ে কোৱা হয়, তেতিয়া নম্ৰতাৰে উত্তৰ দিয়ক। প্ৰাচীনসকলক তেওঁলোকৰ ভুলবোৰৰ বিষয়ে কোৱাৰ সময়ত নম্ৰ হৈ থকাটো তেওঁলোকৰ বাবে কঠিন হʼব পাৰে। এনে পৰিস্থিতিত প্ৰাচীনসকলে গিদিয়োনৰ উদাহৰণ মনত ৰাখিব পাৰে। গিদিয়োনে জানিছিল যে তেওঁৰো দুৰ্বলতা আছে। সেইবাবে, ইফ্ৰমীয়া লোকসকলে যেতিয়া তেওঁক কাজিয়া কৰিছিল আৰু তেওঁৰ ভুলবোৰৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ খং কৰাৰ পৰিৱৰ্তে শান্ত হৈ আছিল। (বিচা. ৮:১-৩) গিদিয়োনে তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল আৰু মৰমেৰে তেওঁলোকক উত্তৰ দিছিল। এইদৰে কৰাৰ বাবে তেওঁলোকৰ খং শান্ত হʼল। গিদিয়োনৰ ব্যৱহাৰৰ পৰা জানিব পাৰি যে তেওঁ কিমান নম্ৰ আছিল। প্ৰাচীনসকলেও গিদিয়োনৰ দৰে হʼব পাৰে। তেওঁলোকৰ ভুলৰ বিষয়ে কোনোবাই কোৱাৰ সময়ত প্ৰাচীনসকলে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব পাৰে আৰু নম্ৰতাৰে উত্তৰ দিব পাৰে। (যাকোব ৩:১৩ পঢ়ক।) এইদৰে কৰিলে মণ্ডলীত শান্তি বজাই ৰাখিব পাৰিব।
৮. প্ৰাচীনসকলক প্ৰশংসা কৰাৰ সময়ত তেওঁলোকে কি কৰা উচিত? এটা উদাহৰণ দিয়ক।
৮ আপোনাৰ প্ৰশংসা কৰাৰ সময়ত যিহোৱাৰ মহিমা কৰক। গিদিয়োনে মিদিয়নীয়াবিলাকক পৰাজয় কৰিবলৈ সহায় কৰাৰ বাবে ইস্ৰায়েলীসকলে যেতিয়া তেওঁক প্ৰশংসা কৰিলে, তেতিয়া তেওঁ ইয়াৰ সকলো মহিমা যিহোৱাক দিলে। (বিচা. ৮:২২, ২৩) আজি প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ হʼব পাৰে? তেওঁলোকে যি কৰে তাৰ সকলো মহিমা যিহোৱাক দিব পাৰে। (১ কৰি. ৪:৬, ৭) যেনে, এজন প্ৰাচীনে যদি ভালদৰে শিকায় আৰু ইয়াৰ বাবে তেওঁক প্ৰশংসা কৰা হয়, তেনেহʼলে তেওঁ কʼব পাৰে যে তেওঁ যি শিকালে, সেয়া ঈশ্বৰৰ বাক্যৰ পৰা আছিল বা আমি সকলোৱে যিহোৱাৰ সংগঠনৰ পৰাই শিকোঁ। মাজে সময়ে প্ৰাচীনসকলে চিন্তা কৰিব পাৰে যে তেওঁলোকে যিদৰে শিকায়, তাৰ পৰা লোকসকলে যিহোৱাৰ পৰিৱৰ্তে তেওঁৰ ফালে বেছি ধ্যান দিয়া নাইতো। তীমথিৰ উদাহৰণলৈ মন কৰক। নতুনকৈ প্ৰাচীন হওঁতে তেওঁ জনভাষণ দি বৰ ভাল পাইছিল। তেওঁ এইদৰে কয়, “মোৰ ভাষণবোৰ দীঘলীয়া আৰু ডাঙৰ ডাঙৰ উদাহৰণেৰে আৰম্ভ হৈছিল। ইয়াৰ বাবে প্ৰায়ে লোকসকলে মোৰ প্ৰশংসা কৰিছিল। কিন্তু লোকসকলৰ ধ্যান বাইবেল বা যিহোৱাৰ ফালে নগৈছিল। কিছু সময়ৰ পাছত তীমথিৰ অনুভৱ হʼল যে তেওঁক নিজৰ শিকোৱাৰ পদ্ধতিত অলপ সাল-সলনি কৰাৰ প্ৰয়োজন আছে, যাতে লোকসকলে তেওঁৰ ওপৰত ধ্যান নিদিয়ে।” (হিতো. ২৭:২১) ইয়াৰ পৰিণাম কি হʼল? তেওঁ এইদৰে কৈছে, “এতিয়া ভাই-ভনীসকলে মোক কয় যে আপোনাৰ ভাষণৰ পৰা মই শিকিলোঁ কেনেকৈ নিজৰ সমস্যাৰ সন্মুখীন হʼব পাৰোঁ, কেনেকৈ নিজৰ সমস্যা পাৰ কৰিব পাৰোঁ বা কেনেকৈ যিহোৱাৰ আৰু কাষ চাপিব পাৰোঁ। বহু বছৰৰ আগতে মোৰ যি প্ৰশংসা কৰা হৈছিল তাৰ তুলনাত এতিয়া ভাই-ভনীসকলৰ এনেধৰণৰ কথা শুনি মই বেছি আনন্দিত হওঁ।”
আজ্ঞা মানিবলৈ আৰু সাহসেৰে কাম কৰিবলৈ কঠিন হʼলে
৯. গিদিয়োনৰ বাবে যিহোৱাৰ আজ্ঞা মনা আৰু সাহসেৰে কাম কৰা কিয় কঠিন আছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)
৯ যেতিয়া গিদিয়োনক বিচাৰকৰ্তা নিযুক্ত কৰা হʼল, তেতিয়া তেওঁক যিহোৱাৰ আজ্ঞা পালন কৰা আৰু সাহসেৰে কাম কৰাৰ প্ৰয়োজন আছিল। কিন্তু তেওঁৰ বাবে এয়া সহজ নাছিল। কিয় বাৰু? কিয়নো যিহোৱাই তেওঁৰ পিতৃয়ে নিৰ্মাণ কৰা বাল দেৱতাৰ যজ্ঞ-বেদি ধ্বংস কৰিবলৈ তেওঁক কৈছিল। এই কাম বিপদজনক আছিল। (বিচা. ৬:২৫, ২৬) পাছত গিদিয়োনে সৈনিকসকলক একগোট কৰাৰ সময়ত যিহোৱাই দুবাৰ সৈনিকসকলৰ সংখ্যা কম কৰিবলৈ কৈছিল। (বিচা. ৭:২-৭) তাৰ পাছত যিহোৱাই তেওঁক ৰাতি শত্ৰুসকলৰ ছাউনিত আক্ৰমণ কৰিবলৈ কʼলে।—বিচা. ৭:৯-১১.
১০. প্ৰাচীনসকলৰ আজ্ঞা মানিবলৈ কেতিয়া কঠিন হʼব পাৰে?
১০ প্ৰাচীনসকলে “আজ্ঞা মানিবলৈ সাজু থকা” উচিত। (যাকো. ৩:১৭, NW) যিসকল প্ৰাচীনে আজ্ঞা মানিবলৈ সাজু থাকে তেওঁলোকে বাইবেলত দিয়া সিদ্ধান্ত আৰু সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰে। এইদৰে তেওঁলোকে আনৰ বাবে এটা ভাল উদাহৰণ ৰাখে। তথাপি বহু বাৰ আজ্ঞা মানিবলৈ তেওঁলোকক হয়তো কঠিন লাগিব পাৰে। যেনে, হয়তো প্ৰাচীনসকলক বহুতো নিৰ্দেশনা দিয়া হয় বা এটাৰ পাছত এটা বহুতো সাল-সলনি কৰা হয়। এনে পৰিস্থিতিত সেই সকলো নিৰ্দেশনা পালন কৰাটো তেওঁলোকৰ বাবে কঠিন হʼব পাৰে। অথবা এজন প্ৰাচীনৰ অনুভৱ হʼব পাৰে যে সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰাটো বুদ্ধিমানৰ কাম হʼবনে। বা এজন প্ৰাচীনক এনে কিবা কৰিবলৈ কোৱা হয়, যাৰ বাবে তেওঁক হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে। এনে পৰিস্থিতিত প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ আজ্ঞা পালন কৰিব পাৰে?
১১. যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ কি কথাই প্ৰাচীনসকলক সহায় কৰিব পাৰে?
১১ নিৰ্দেশনাবোৰ মনোযোগেৰে শুনক আৰু পালন কৰক। যিহোৱাই গিদিয়োনক কʼলে যে তেওঁক নিজৰ পিতৃৰ বেদি কেনেকৈ ধ্বংস কৰিব লাগিব, যিহোৱাৰ বাবে নতুন বেদি কʼত বনাব লাগিব আৰু তাত কোনটো জন্তুৰ বলিদান দিব লাগিব। গিদিয়োনক যিবোৰ নিৰ্দেশনা দিয়া হʼল তাৰ ওপৰত তেওঁ কোনো প্ৰশ্ন নকৰিলে। তেওঁক যি কৰিবলৈ কোৱা হʼল তাকেই কৰিলে। আজি প্ৰাচীনসকলকো যিহোৱাৰ সংগঠনৰ পৰা বেলেগ বেলেগ উপায়েৰে বহুতো নিৰ্দেশনা দিয়া হয়। যেনে: চিঠি, ঘোষণা আৰু আন উপায়েৰে। ইয়াত তেওঁলোকক কোৱা হয় যে তেওঁলোকে ভাই-ভনীসকলক সুৰক্ষিত ৰাখিবলৈ আৰু যিহোৱাৰ কাষত থাকিবলৈ কেনেকৈ সহায় কৰিব পাৰে। প্ৰাচীনসকলে এই নিৰ্দেশনাবোৰ ভালদৰে পালন কৰে, সেইবাবে আমি তেওঁলোকক বহুত প্ৰেম কৰোঁ। তেওঁলোকৰ কামৰ বাবে গোটেই মণ্ডলীৰ লাভ হয়।—গীত. ১১৯:১১২.
১২. সংগঠনে প্ৰাচীনসকলক আন উপায়েৰে কাম কৰিবলৈ নিৰ্দেশনা দিয়াৰ সময়ত তেওঁলোকে ইব্ৰী ১৩:১৭ পদত লিখা কথাষাৰ কেনেকৈ মানিব পাৰে?
১২ সাল-সলনি কৰিবলৈ সাজু থাকক। মনত পেলাওক যিহোৱাই গিদিয়োনক তেওঁৰ বেছিভাগ লোকক ঘৰলৈ পঠিয়াই দিবলৈ কোৱাৰ সময়ত কি হʼল। (বিচা. ৭:৮) হয়তো তেওঁ এইদৰে ভাবিছিল, ‘এনে কৰাৰ প্ৰয়োজন আছে জানোঁ? মই বেছিভাগ লোকক ঘৰলৈ পঠিয়াই দিলে আমি যুদ্ধত কেনেকৈ জিকিম?ʼ তথাপি গিদিয়োনে যিহোৱাৰ আজ্ঞা মানিলে। ঠিক সেইদৰে আজি যেতিয়া সংগঠনে প্ৰাচীনসকলক নিৰ্দেশনা দিয়ে যে এতিয়া তেওঁলোকে কোনো এটা কাম কেনেকৈ কৰিব, তেতিয়া তেওঁলোকে গিদিয়োনৰ দৰে সেই নিৰ্দেশনা পালন কৰে। (ইব্ৰী ১৩:১৭ পঢ়ক।) উদাহৰণস্বৰূপে, ২০১৪ চনত প্ৰশাসন গোষ্ঠীয়ে সন্মিলন ভৱন আৰু ৰাজ্যগৃহ নিৰ্মাণৰ ক্ষেত্ৰত কিছুমান সাল-সলনি কৰিলে। (২ কৰি. ৮:১২-১৪) আগতে যদি কোনো সন্মিলন ভৱন বা ৰাজ্যগৃহ বনোৱা হৈছিল, তেতিয়া সংগঠনে তাৰ পইচা দিছিল আৰু পাছত মণ্ডলীবোৰে সেই পইচা আকৌ ঘুৰাই দিবলগীয়া হৈছিল। কিন্তু এতিয়া মণ্ডলীবোৰে এই পইচা ঘুৰাই দিয়াৰ প্ৰয়োজন নহয়। এতিয়া সংগঠনে এনেধৰণৰ নিৰ্মাণৰ বাবে গোটেই বিশ্বৰ মণ্ডলীবোৰে দিয়া দানৰ ব্যৱহাৰ কৰে। এইদৰে এখন মণ্ডলীয়ে বেছি দান গোটাব নোৱাৰিলেও তেওঁলোকৰ ৰাজ্যগৃহ বনোৱা হয়। ভাই হোচে এই সাল-সলনিৰ বিষয়ে গম পোৱাৰ সময়ত এই উপায়টো সফল নহʼব বুলি ভাবিলে। তেওঁ এইদৰে চিন্তা কৰিবলৈ ধৰিলে, ‘ইয়াৰ পৰা এটাও ৰাজ্যগৃহ বনাই সম্পূৰ্ণ নহʼব। আমাৰ ইয়াত এই উপায়টো কামত নাহিব।ʼ কিন্তু পাছত তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰিলে। তেওঁ এয়া কেনেকৈ কৰিব পাৰিলে? তেওঁ এইদৰে কৈছে, “হিতোপদেশ ৩:৫, ৬ পদত লিখা কথাষাৰ মোৰ মনত পৰিল যে মই যিহোৱাৰ ওপৰত ভৰসা ৰখা উচিত। এইদৰে কাম কৰাৰ বাবে বহুত ভাল পৰিণাম হʼল। এতিয়া আমি আগতকৈ বেছি ৰাজ্যগৃহ বনাব পাৰিছোঁ। এতিয়া দানৰ পইচা যিদৰে ব্যৱহাৰ কৰা হৈছে তাৰ বাবে কোনোবাই অধিক দিয়াত কাৰোবাৰ অভাৱ পূৰ হৈ আছে।”
১৩. (ক) গিদিয়োনৰ কি কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল? (খ) আজি প্ৰাচীনসকলে কেনেকৈ তেওঁৰ দৰে হʼব পাৰে? (ছবিখনো চাওক।)
১৩ যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ সাহসেৰে কাম কৰক। গিদিয়োনক যিহোৱাৰ নিৰ্দেশনা মানিবলৈ ভয় লাগিছিল কাৰণ ইয়াত তেওঁৰ জীৱনৰো বিপদ আছিল। (বিচা. ৯:১৭) তথাপি তেওঁ সেই নিৰ্দেশনা মানিলে। যিহোৱাৰ পৰা আশ্বাস পোৱাৰ পাছত গিদিয়োনৰ সম্পূৰ্ণ বিশ্বাস হʼল যে নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ যিহোৱাই তেওঁক নিশ্চয় সহায় কৰিব। আজিও আমাৰ কাম বন্ধ কৰা এলেকাত থকা প্ৰাচীনে গিদিয়োনৰ দৰে সাহসেৰে কাম কৰে। তেওঁলোকে সভা আৰু প্ৰচাৰ কামৰ নেতৃত্ব লয়। এইদৰে কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ, সোধ-পোছ আৰু মাৰ-পিট কৰিব পাৰে বা তেওঁলোকৰ চাকৰি যাব পাৰে। c মহা-ক্লেশৰ সময়ছোৱাত পোৱা নিৰ্দেশনা পালন কৰিবলৈও প্ৰাচীনসকলক সাহসেৰে কাম কৰিব লাগিব। কিয়নো সেই সময়ত এনে নিৰ্দেশনাবোৰ দিয়া হʼব যিবোৰ মানিলে তেওঁলোকৰ জীৱন বিপদত পৰিব পাৰে। যেনে, তেওঁলোকক হয়তো এই নিৰ্দেশনাবোৰ দিয়া হʼব ন্যায়দণ্ডৰ বাৰ্তা কেনেকৈ শুনাব লাগিব, যি ডাঙৰ ডাঙৰ শিলাবৃষ্টিৰ দৰে হʼব আৰু মাগোগ দেশীয় গোগৰ আক্ৰমণৰ পৰা বাচিবলৈ সকলোৱে কি কৰিব লাগিব।—যিহি. ৩৮:১৮; প্ৰকা. ১৬:২১.
আপুনি আৰু একো কৰিব নোৱাৰে বুলি অনুভৱ হʼলে
১৪. গিদিয়োনৰ বাবে নিজৰ দায়িত্ব পালন কৰিবলৈ হয়তো আৰু কি কাৰণৰ বাবে কঠিন হৈছিল?
১৪ গিদিয়োনক বিচাৰকৰ্তাৰ যি দায়িত্ব দিয়া হৈছিল, তাক পূৰ কৰিবলৈ তেওঁ কঠিন পৰিশ্ৰম কৰিব লাগিছিল। মিদিয়নীয়াসকলে ৰাতি যুদ্ধৰ পৰা পলাই যাওঁতে গিদিয়োনে যিজ্ৰীয়েল সমথলৰ যৰ্দ্দন নদীলৈকে তেওঁলোকক খেদি গʼল আৰু সেই এলেকা হয়তো ঘন জংঘলেৰে ভৰি আছিল। (বিচা. ৭:২২) গিদিয়োনে যৰ্দ্দন নদীত গৈ ৰখি গʼলনে? নহয়। তেওঁ আৰু তেওঁৰ ৩০০ জন লোকে ভাগৰি পৰিছিল, তথাপি যৰ্দ্দন নদী পাৰ কৰিলে আৰু শত্ৰুসকলক খেদি গʼল। অৱশেষত তেওঁলোকে মিদিয়নীয়াসকলক পৰাজয় কৰিলে।—বিচা. ৮:৪-১২.
১৫. প্ৰাচীনসকলক কেতিয়াবা কেতিয়াবা কিয় লাগিব পাৰে যে এতিয়া তেওঁ আৰু একো কৰিব নোৱাৰে?
১৫ কিছুমান প্ৰাচীনক মণ্ডলীৰ বহুতো দায়িত্ব পালন কৰিবলগীয়া হয় আৰু নিজৰ পৰিয়ালৰ চোৱা-চিতাও কৰিবলগীয়া হয়। সেইবাবে, বহু বাৰ তেওঁলোকে ভাগৰি যাব পাৰে। তেওঁ ভাবিব পাৰে যে এতিয়া তেওঁ আৰু একো কৰিব নোৱাৰে। এনে পৰিস্থিতিত তেওঁ গিদিয়োনৰ পৰা কি শিকিব পাৰে?
১৬-১৭. (ক) গিদিয়োনক নিজৰ দায়িত্ব পালন কৰিবলৈ কিহে সহায় কৰিলে? (খ) প্ৰাচীনসকলে কি কথাৰ ওপৰত ভৰসা ৰাখিব পাৰে? (যিচয়া ৪০:২৮-৩১) (ছবিখনো চাওক।)
১৬ যিহোৱাই আপোনাক শক্তি দিব বুলি ভৰসা ৰাখক। গিদিয়োনৰ ভৰসা আছিল যে যিহোৱাই তেওঁক শক্তি দিব আৰু ঠিক এইদৰে হʼল। (বিচা. ৬:১৪, ৩৪) এবাৰ গিদিয়োন আৰু তেওঁৰ লোকসকলে মিদিয়নৰ ৰজাসকলক খেদি গৈছিল। তেতিয়া তেওঁলোক খোজকাঢ়ি গৈছিল, আনহাতে ৰজা হয়তো উটত গৈছিল। (বিচা. ৮:১২, ২১) তথাপি যিহোৱাৰ সহায়ত তেওঁলোকে ৰজাবিলাকক পৰাজয় কৰিলে। ঠিক সেইদৰে প্ৰাচীনসকলেও যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰে, যিজনে কেতিয়াও “ক্লান্ত নহয়, আৰু ভাগৰ নাপায়।” যেতিয়া তেওঁলোকৰ অনুভৱ হয় যে তেওঁলোকে এতিয়া আৰু একো কৰিব নোৱাৰে, তেতিয়া যিহোৱাই তেওঁলোকক শক্তি দিব।—যিচয়া ৪০:২৮-৩১ পঢ়ক।
১৭ ভাই মেথিউৰ উদাহৰণলৈ মন কৰক, তেওঁ চিকিৎসালয় যোগোযোগ সমিটিৰ সদস্য হয়। বহু বাৰ তেওঁক নিজৰ দায়িত্ব পালন কৰিবলৈ কঠিন লাগিছিল এনে পৰিস্থিতিত থিৰে থাকিবলৈ কি কথাই সহায় কৰিলে? তেওঁ এইদৰে কয়, “মই নিজে অনুভৱ কৰিব পাৰিলোঁ যে ফিলিপীয়া ৪:১৩ পদত লিখা কথাষাৰ কিমান সঁচা। বহু বাৰ মই একেবাৰে ভাগৰি পৰিছিলোঁ আৰু মই একো কৰিব নোৱাৰিম যেন লাগিছিল। তেতিয়া মই শক্তি আৰু সাহস বিচাৰি যিহোৱালৈ মিনতি কৰিছিলোঁ, যাতে মই ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ। সেই সময়ত মই অনুভৱ কৰিলোঁ যে যিহোৱাই পবিত্ৰ শক্তি দি মোক থিৰে থাকিবলৈ শক্তি দিয়ে।” গিদিয়োনৰ দৰে আজি প্ৰাচীনসকলেও ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰিবলৈ কঠিন পৰিশ্ৰম কৰে। তেওঁলোকৰ বহুতো দায়িত্ব থাকে আৰু কেতিয়াবা কিছুমান সমস্যাও আহে। সেই সময়ত তেওঁলোকে মনত ৰখা উচিত যে তেওঁলোকে সকলো কাম অকলে কৰিব নোৱাৰে। কিন্তু ভৰসা ৰাখিব পাৰে যে যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিব আৰু থিৰে থাকিবলৈ তেওঁলোকক শক্তি দিব।—গীত. ১১৬:১; ফিলি. ২:১৩.
১৮. এই লেখত শিকাৰ অনুসৰি প্ৰাচীনসকলে গিদিয়োনৰ নিচিনা কেনেকৈ হʼব পাৰে?
১৮ আজি প্ৰাচীনসকলে গিদিয়োনৰ পৰা বহুতো কথা শিকিব পাৰে। যেতিয়া দায়িত্ব বা কাম লোৱাৰ কথা আহে বা প্ৰাচীনসকলক তেওঁলোকৰ ভুলবোৰৰ বিষয়ে কোৱা হয় অথবা তেওঁলোকক প্ৰশংসা কৰা হয়, তেতিয়া তেওঁলোকে নম্ৰ হোৱা আৰু মৰ্য্যদাত থকা উচিত। তেওঁলোকে সদায় যিহোৱাৰ আজ্ঞা পালন কৰা উচিত আৰু সাহসেৰে কাম কৰা উচিত। বিশেষকৈ এই শেষ-কালত কাৰণ অন্ত একেবাৰে কাষত আছে। ইয়াৰ উপৰিও তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা ৰখা উচিত যে যিয়েই পৰিস্থিতি নাহক কিয় যিহোৱাই তেওঁলোকক শক্তি দিব। প্ৰাচীনসকলে আমাৰ বাবে যি কঠিন পৰিশ্ৰম কৰে, তাৰ বাবে আমি অতি কৃতজ্ঞ। সঁচাকৈ এই ভাইসকল আমাৰ বাবে “আদৰণীয়” অৰ্থাৎ অতি মূল্যৱান হয়।—ফিলি. ২:২৯.
গীত ১২০ যীচুৰ দৰে কোমল মনৰ হওক
a যিহোৱাই গিদিয়োনক নিজৰ লোকসকলৰ চোৱা-চিতা আৰু ৰক্ষা কৰিবলৈ নিযুক্ত কৰিছিল। সেই সময়ত ইস্ৰায়েলী ৰাষ্ট্ৰই কঠিন পৰিস্থিতিৰ মাজেদি পাৰ হৈছিল। এই দায়িত্ব পালন কৰাটো তেওঁৰ বাবে সহজ নাছিল, তেওঁ বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। তথাপি তেওঁ প্ৰায় ৪০ বছৰলৈকে এই দায়িত্ব ভালদৰে পালন কৰিলে। প্ৰাচীনসকলে সমস্যাৰ সন্মুখীন হʼলে গিদিয়োনৰ পৰা কি শিকিব পাৰে, তাৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম।