Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৭

যিহোৱালৈ কিয় ভয় ৰাখিব লাগে?

যিহোৱালৈ কিয় ভয় ৰাখিব লাগে?

“যিহোৱালৈ ভয় ৰাখোঁতাবিলাকেহে তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰে।” —গীত. ২৫:১৪, NW.

গীত ৮ যিহোৱা আমাৰ দুৰ্গ

লেখৰ এক আভাস a

১-২. গীতমালা ২৫:১৪ পদৰ অনুসৰি যদি আমি যিহোৱাৰ লগত বন্ধুত্ব কৰিব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?

 যদি আপোনাক সোধা হয় যে কাৰোবাৰ লগত বন্ধুত্ব বজাই ৰাখিবলৈ আপোনাক কি কৰিব লাগিব? আপুনি হয়তো কʼব যে বন্ধুসকলৰ মাজত প্ৰেম থাকিব লাগিব আৰু ইজনে-সিজনক সহযোগ কৰিব লাগিব, তেতিয়াহে বন্ধুত্ব বজাই ৰাখিব পাৰি। কিন্তু আমি নিজৰ বন্ধুলৈ ভয় ৰখা প্ৰয়োজন নে? হয়তো আপুনি এইদৰে কʼব, ‘নহয়, বন্ধুক কোনেনো ভয় কৰে?ʼ কিন্তু এই লেখৰ মুখ্য পদত কোৱা হৈছে যে যদি কোনোবাই যিহোৱাৰ লগত বন্ধুত্ব কৰিব বিচাৰে, তেনেহʼলে তেওঁ যিহোৱালৈ “ভয়” কৰা অতি প্ৰয়োজন।—গীতমালা ২৫:১৪ পঢ়ক।

আমি যিমান বছৰ ধৰি যিহোৱাৰ সেৱা নকৰোঁ কিয় আমি সকলোৱে তেওঁলৈ ভয় ৰখা উচিত। কিন্তু যিহোৱালৈ ভয় ৰখাৰ অৰ্থনো কি? আমি কেনেকৈ এই ভয় বঢ়াব পাৰোঁ? ঈশ্বৰলৈ ভয় ৰখাৰ বিষয়ে আমি প্ৰাচীন সময়ৰ এজন অধিকাৰী ওবদিয়া, মহাপুৰোহিত যিহোয়াদা আৰু ৰজা যোৱাচৰ পৰা কি শিকিব পাৰোঁ?

ঈশ্বৰলৈ ভয় ৰখাৰ অৰ্থ কি?

৩. বহু বাৰ আমাক কিয় ভয় লাগিব পাৰে আৰু এনেধৰণৰ ভয় থকাটো কিয় ভাল?

বহু বাৰ ভয় থকাৰ বাবে আমি এনে কাম কৰাৰ পৰা আঁতৰি থাকোঁ যাৰ পৰা আমাৰ লোকচান হʼব পাৰে বা আমি আঘাত পাব পাৰোঁ। এনে ধৰণৰ ভয় থকাটো ভাল। যেনে, আমি পাহাৰত খোজকাঢ়িলে কিনাৰলৈ নাযাওঁ। কাৰণ তলত পৰি যাম বুলি আমাৰ ভয় থাকে। অথবা যদি আমি গম পাওঁ যে কʼৰবাত বিপদ আছে, তেনেহʼলে আমি তাৰ পৰা লগে লগে ওলাই আহোঁ। কাৰণ আমিও হয়তো আঘাত পাম বুলি ভয় লাগে। আমি নিজৰ বন্ধুৰ লগত বেয়া ব্যৱহাৰ বা বেয়াকৈ কোৱাৰ পৰা আমি আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ, কাৰণ এইদৰে নকৰিলে আমাৰ বন্ধুত্ব নাইকিয়া হʼব বুলি আমাৰ ভয় থাকে।

৪. চয়তানে কি বিচাৰে?

আমি যিহোৱাক ভয় কৰাটো চয়তানে বিচাৰে কিন্তু সঠিক কাৰণৰ বাবে নহয়। বহু বছৰৰ আগতে ইলীফজে ইয়োবক যি কৈছিল, সেই কথাবোৰ চয়তানে আমাৰ মনতো দিব বিচাৰে। যেনে: যিহোৱা সদায় খঙত থাকে, কাক কেতিয়া শাস্তি দিব বুলি সুযোগ বিচাৰি থাকে আৰু তেওঁক আনন্দিত কৰাটো অসম্ভৱ। (ইয়ো. ৪:১৮, ১৯) চয়তানে বিচাৰে যে আমি যিহোৱালৈ ইমানেই ভয় কৰোঁ যে তেওঁৰ সেৱা কৰিবলৈ এৰি দিওঁ। যদি আমি চয়তানৰ ফান্দত পৰিব নিবিচাৰোঁ, তেনেহʼলে যিহোৱাৰ প্ৰতি আমাক সঠিক ধৰণৰ ভয় বঢ়াব লাগিব।

৫. ঈশ্বৰলৈ ভয় ৰখাৰ অৰ্থ কি?

যিজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি সঠিক ধৰণৰ ভয় ৰাখে, তেওঁ সদায় ঈশ্বৰক প্ৰেম কৰে আৰু এনে কোনো কাম কৰিব নিবিচাৰে যাৰ বাবে যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হʼব পাৰে। যীচুৱেও যিহোৱাৰ প্ৰতি সঠিক ধৰণৰ ভয় ৰাখিছিল। (ইব্ৰী ৫:৭) তেওঁ যিহোৱাক গভীৰ সন্মান কৰিছিল। (যিচ. ১১:২, ৩) তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু সদায় তেওঁৰ আজ্ঞা মানি চলিব বিচাৰিছিল। (যোহ. ১৪:২১, ৩১) যীচুৰ দৰে আমাৰ মনতো যিহোৱাৰ প্ৰতি শ্ৰদ্ধা আছে আৰু আমি তেওঁক বহুত সন্মান কৰোঁ। কাৰণ যিহোৱা এজন প্ৰেমী ঈশ্বৰ হয়, সদায় ন্যায় কৰে, তেওঁ বহুত বুদ্ধিমান আৰু শক্তিশালী। যেতিয়া আমি মনত ৰাখোঁ যে যিহোৱা কেনে ঈশ্বৰ হয় আৰু আমাক কিমান প্ৰেম কৰে, তেতিয়া আমি সকলো কাম ভাবি-চিন্তি কৰোঁ। আমি নাপাহৰোঁ যে আমি যি কৰোঁ সেয়া যিহোৱাৰ ওপৰত প্ৰভাৱ পেলায়। যদি আমি তেওঁৰ আজ্ঞা মানি চলোঁ, তেনেহʼলে তেওঁ আনন্দিত হয়। আনহাতে সেই আজ্ঞাবোৰ নামানিলে তেওঁক বহুত দুখ লাগে।—গীত. ৭৮:৪১; হিতো. ২৭:১১.

আমি ঈশ্বৰৰ প্ৰতি ভয় ৰাখিবলৈ শিকিব পাৰোঁ

৬. নিজৰ মনত যিহোৱাৰ প্ৰতি ভয় বঢ়োৱাৰ এটা উপায় কি? (গীতমালা ৩৪:১১)

যিহোৱাৰ প্ৰতি ভয় আমাৰ জন্মৰে পৰা নাথাকে। সেইবাবে, এই ভয় আমি কেনেকৈ বঢ়াব পাৰোঁ, তাৰ বিষয়ে আমাক শিকিব লাগিব। (গীতমালা ৩৪:১১ পঢ়ক।) এইদৰে কৰাৰ এটা উপায় হৈছে যিহোৱাই বনোৱা বস্তুবোৰ ভালদৰে চোৱা। আমি “তেওঁৰ নানা কাৰ্য্যত” অৰ্থাৎ সৃষ্টিৰ ওপৰত ধ্যান দিলে বুজি পাওঁ যে তেওঁ কিমান বুদ্ধিমান, শক্তিশালী আৰু প্ৰেমী ঈশ্বৰ হয়। যিমানেই আমি এইবোৰৰ বিষয়ে ভাবিম সিমানেই তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা বাঢ়িব আৰু আমি তেওঁক সন্মান কৰিবলৈ ধৰিম। (ৰোম. ১:২০) এড্ৰিয়েন নামৰ ভনীয়ে এইদৰে কৈছে, “যিহোৱাৰ সৃষ্টিৰ পৰা স্পষ্টকৈ জানিব পাৰি যে তেওঁ বহুত বুদ্ধিমান। যেতিয়া মই তেওঁ সৃষ্টি কৰা বস্তুবোৰলৈ ভালদৰে চাওঁ, তেতিয়া মোৰ বিশ্বাস হয় যে যিহোৱাই যি কয় মোৰ লাভৰ বাবে কয়।” ভনীয়ে এই বিষয়ে বহু বাৰ ভবাৰ বাবে এইদৰে কʼব পাৰিলে, “মই এনে কোনো কাম কৰিব নিবিচাৰোঁ যাৰ যোগেদি মোৰ সৃষ্টিকৰ্তাৰ লগত থকা সম্পৰ্ক বেয়া হʼব পাৰে।” আপুনিও এই সপ্তাহ অলপ সময় উলিয়াই যিহোৱাই বনোৱা কোনো এটা বস্তুৰ বিষয়ে ভাবিব পাৰিবনে? এইদৰে কৰিলে আপুনি যিহোৱাক আৰু বেছিকৈ প্ৰেম আৰু সন্মান কৰিবলৈ ধৰিব।—গীত. ১১১:২, ৩.

৭. প্ৰাৰ্থনা কৰাৰ যোগেদি আমি আমাৰ মনত কেনেকৈ যিহোৱাৰ প্ৰতি ভয় বঢ়াব পাৰোঁ?

যিহোৱাৰ প্ৰতি ভয় বঢ়োৱাৰ আন এটা উপায় হৈছে বাৰে বাৰে তেওঁলৈ প্ৰাৰ্থনা কৰা। প্ৰতি বাৰে যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি তেওঁৰ কাষ চাপিব পাৰোঁ আৰু তেওঁক ভালদৰে জানিব পাৰোঁ। কেনেকৈ বাৰু? যেতিয়া আমি কিবা সমস্যা সহন কৰিবলৈ যিহোৱাৰ পৰা শক্তি বিচাৰোঁ, তেতিয়া আমাৰ অনুভৱ হয় যে তেওঁ কিমান শক্তিশালী ঈশ্বৰ। যিহোৱাই নিজৰ পুত্ৰৰ মুক্তিপণ বলিদান দিয়াৰ বাবে যেতিয়া আমি তেওঁক ধন্যবাদ দিওঁ, তেতিয়া আমি মনত পেলাওঁ যে তেওঁ আমাক কিমান প্ৰেম কৰে। কোনো সমস্যাৰ সন্মুখীন হʼবলৈ সহায় বিচৰাৰ সময়ত আমাৰ বিশ্বাস হয় যে যিহোৱা বহুত বুদ্ধিমান। এইদৰে প্ৰাৰ্থনা কৰাৰ বাবে আমি যিহোৱাক আৰু বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ আৰু আমাৰ এই ইচ্ছা দৃঢ় হয় যে আমি এনে কোনো কাম নকৰিম, যাৰ যোগেদি যিহোৱাৰ লগত আমাৰ বন্ধুত্ব নাইকিয়া হʼব পাৰে।

৮. যদি আমি যিহোৱাৰ প্ৰতি ভয় বজাই ৰাখিব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব?

যিহোৱালৈ সদায় ভয় ৰখাটো আমি সকলোৱে বিচাৰোঁ। ইয়াৰ বাবে আমি বাইবেলত দিয়া ভাল আৰু বেয়া দুয়োধৰণৰ উদাহৰণৰ পৰা শিকাটো অতি প্ৰয়োজন। আহক আমি যিহোৱাৰ দুজন বিশ্বাসী সেৱকৰ ওপৰত মন কৰোঁ আৰু চাও যে আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ। প্ৰথমে আমি ৰজা আহাজৰ ৰাজগৃহৰ ঘৰগিৰী ওবদিয়াৰ পৰা শিকিম। তাৰ পাছত মহাপুৰোহিত যিহোয়াদাৰ উদাহৰণলৈ মন কৰিম। তাৰ পাছত আমি চাম যে যিহূদাৰ ৰজা যোৱাচৰ পৰা আমি কি শিকিব পাৰোঁ, যি প্ৰথমে যিহোৱাৰ সেৱা কৰিছিল কিন্তু পাছত তেওঁৰ সেৱা কৰিবলৈ এৰি দিলে।

ওবদিয়াৰ দৰে সাহসী হওক

৯. যিহোৱাৰ প্ৰতি ভয় থকাৰ বাবে ওবদিয়া কেনে ব্যক্তি হʼব পাৰিলে? (১ ৰাজাৱলি ১৮:৩, ১২)

বাইবেলত যেতিয়া প্ৰথম বাৰ ওবদিয়াৰ b বিষয়ে উল্লেখ কৰা হৈছে, তেতিয়া তাত এইদৰে লিখা আছে, “ওবদিয়া যিহোৱাৰ অতিশয় ভয়কাৰী লোক আছিল।” (১ ৰাজাৱলি ১৮:৩, ১২ পঢ়ক।) যিহোৱালৈ ভয় ৰখাৰ বাবে ওবদিয়া বিশ্বাসী আৰু ভৰসাযোগ্য আছিল। সেইবাবে, ৰজাই তেওঁক ৰাজগৃহৰ ঘৰগিৰী পাতিছিল। (নহিমিয়া ৭:২ পদৰ লগত তুলনা কৰক।) ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ বাবে ওবদিয়াই বহুত সাহসেৰে কাম কৰিব পাৰিলে। সঁচাকৈ তেওঁক সাহসৰ বহুত প্ৰয়োজন আছিল। কাৰণ সেই সময়ত ৰজা আহাবে শাসন কৰি আছিল, যাৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে, “তেওঁৰ আগেয়ে যিবিলাক আছিল, সেই সকলোত্‌কৈয়ো অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে।” (১ ৰাজা. ১৬:৩০) ইয়াৰ উপৰিও আহাবৰ পত্নী ঈজেবলে বাল দেৱতাৰ উপাসনা কৰিছিল আৰু তাই যিহোৱাক ইমানেই ঘিণ কৰিছিল যে তেওঁ ইস্ৰায়েলৰ দহ ফৈদৰ ৰাজ্যৰ পৰা যিহোৱাৰ সকলো উপাসকক শেষ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ যিহোৱাৰ বহুতো ভৱিষ্যতবক্তাক হত্যা কৰাইছিল। (১ ৰাজা. ১৮:৪) সঁচাকৈ ওবদিয়া এক কঠিন সময়ত যিহোৱাৰ সেৱা কৰিছিল।

১০. ওবদিয়া এজন সাহসী ব্যক্তি আছিল বুলি আমি কিয় কʼব পাৰোঁ?

১০ ওবদিয়া সঁচাকৈ এজন সাহসী ব্যক্তি আছিল। আমি এয়া কিয় কʼব পাৰোঁ? কিয়নো যি সময়ত ঈজেবলে যিহোৱাৰ ভৱিষ্যতবক্তাসকলক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া ওবদিয়াই ‘এশ ভাববাদীক পঞ্চাশ জনকৈ গুহাত লুকুৱাই ৰাখি তেওঁবিলাকক অন্ন-জল দি প্ৰতিপালন কৰিছিল।ʼ (১ ৰাজা. ১৮:১৩, ১৪) তেওঁ ধৰা পৰা হʼলে ঈজেবলে তেওঁকো হত্যা কৰিলেহেঁতেঁন। হয়তো তেওঁৰো ভয় লাগিছিল, তেওঁ মৰিব বিচৰা নাছিল। কিন্তু তেওঁ সাহসেৰে কাম কৰিলে কিয়নো যিহোৱা আৰু যিহোৱাৰ সেৱকসকলক তেওঁ নিজৰ প্ৰাণতকৈও বেছি প্ৰেম কৰিছিল।

এজন ভায়ে সাহসেৰে কাম কৰিছে আৰু এনে এলেকাত ভাই-ভনীসকলক কিতাপ-পত্ৰিকাবোৰ দিবলৈ গৈছে, যʼত আমাৰ কাম নিষেধ কৰা হৈছে (অনুচ্ছেদ ১১ চাওক)  c

১১. আজিও যিহোৱাৰ সেৱকসকলে কেনেকৈ ওবদিয়াৰ নিচিনা সাহসেৰে কাম কৰে? (ছবিখনো চাওক।)

১১ আজি আমাৰ বহুতো ভাই-ভনী এনে এলেকাত থাকে, যʼত প্ৰচাৰ কাম নিষেধ কৰা হৈছে। তেওঁলোকে তাত থকা অধিকাৰীসকলক সন্মান কৰে কিন্তু ওবদিয়াৰ নিচিনাই তেওঁলোকে যিকোনো পৰিস্থিতিত যিহোৱাৰ সেৱা কৰিবলৈ নেৰে। (মথি ২২:২১) তেওঁলোকে ঈশ্বৰৰ প্ৰতি ভয় ৰাখে। সেইবাবে, তেওঁলোকে মানুহৰ আজ্ঞা পালন কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ আজ্ঞা পালন কৰে। (পাঁচ. ৫:২৯) তেওঁলোকে যিহোৱাৰ উপাসনা কৰিবলৈ লুকাই লুকাইএজনে-আনজনক লগ কৰে আৰু প্ৰচাৰ কামতো লাগি থাকে। (মথি ১০:১৬, ২৮) তেওঁলোকে এই কথাৰ ওপৰতো ধ্যান দিয়ে যে ভাই-ভনীসকলে বাইবেল আধাৰিত প্ৰকাশনবোৰ যাতে পাই থাকে, যাৰ যোগেদি তেওঁলোকে যিহোৱাৰ কাষত থাকিব পাৰে। ভাই হেনৰীৰ উদাহৰণলৈ মন কৰক। তেওঁ আফ্ৰিকাৰ এনে এলেকাত থাকে যʼত কিছু সময়ৰ বাবে আমাৰ কাম নিষেধ কৰা হৈছিল। সেই সময়ত ভাই-ভনীসকলক প্ৰকাশনবোৰ দিবলৈ যোৱাৰ বাবে ভায়ে নিজে আগবাঢ়ি আহিল। তেওঁ এইদৰে কৈছে, “মই বৰ লাজুকীয়া স্বভাৱৰ হওঁ। মই যিহোৱাক বহুত প্ৰেম কৰোঁ, সেইবাবে ইমান সাহস গোটাব পাৰিলোঁ।” আপুনি কি ভাবে আপুনিও ভাই হেনৰীৰ দৰে সাহসেৰে কাম কৰিব পাৰিবনে? যদি আপুনি যিহোৱালৈ ভয় ৰাখে, তেনেহʼলে আপুনিও সাহসী হʼব পাৰিব।

মহাপুৰোহিত যিহোয়াদাৰ দৰে বিশ্বাসী হৈ থাকক

১২. যিহোয়াদা মহাপুৰোহিত আৰু তেওঁৰ পত্নীয়ে কেনেকৈ দেখুৱালে যে তেওঁলোক যিহোৱাৰ বিশ্বাসী হয়?

১২ মহাপুৰোহিত যিহোয়াদাই যিহোৱালৈ ভয় ৰাখিছিল। সেইবাবে, তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিল আৰু আনকো তেওঁৰ উপাসনা কৰিবলৈ উৎসাহিত কৰিছিল। আমি এয়া কিয় কʼব পাৰোঁ? কিয়নো সেই সময়ত ঈজেবলৰ জীয়েক অথলিয়াই যিহূদাৰ ৰাজ সিংহাসন কাঢ়ি লৈছিল আৰু নিজেই ৰাণী হৈছিল। সকলোৱে অথলিয়াক বহুত ভয় কৰিছিল, কিয়নো তাই বৰ নিৰ্দয়ী আছিল। তেওঁৰ ৰাণী হোৱাৰ ইমানেই ইচ্ছা আছিল যে তেওঁ ৰাজ বংশৰ সকলো উত্তৰাধিকাৰীক মাৰি পেলাইছিল। আনকি নিজৰ নাতিয়েককো এৰি দিয়া নাছিল। (২ বং. ২২:১০, ১১) কিন্তু তেওঁৰ এজন নাতি যোৱাচ ৰক্ষা পৰিল। কিয়নো তেওঁক যিহোয়াদা আৰু তেওঁৰ পত্নী যিহোচবতে অথলিয়াৰ পৰা লুকুৱাই ৰাখিছিল আৰু তেওঁৰ চোৱা-চিতা কৰিছিল। দায়ূদৰ বংশৰ পৰাই যাতে কোনো এজনে ৰজা হয় এই কথাৰ ওপৰত তেওঁলোকে ধ্যান দিলে। সেই সময়ত যিহোয়াদাৰ বহুত বয়স হৈছিল। কিন্তু তেওঁ অথলিয়াক ভয় কৰাৰ পৰিৱৰ্তে যিহোৱাৰ বিশ্বাসী হৈ থাকিল।—হিতো. ২৯:২৫.

১৩. যিহোৱাৰ বিশ্বাসী হয় বুলি যিহোয়াদাই পুনৰাই কেনেকৈ প্ৰমাণ কৰিলে?

১৩ যেতিয়া যোৱাচ সাত বছৰৰ হʼল, তেতিয়া যিহোয়াদাই পুনৰাই প্ৰমাণ কৰিলে যে তেওঁ যিহোৱাৰ বিশ্বাসী হয়। তেওঁ এইবাৰ এটা যোজনা বনালে। যদি তেওঁ সফল হয়, তেনেহʼলে দায়ূদৰ বংশৰ যোৱাচ ৰজা হৈ পৰিব। কিন্তু যদি তেওঁ বিফল হয়, তেনেহʼলে তেওঁ নিজৰ জীৱন হেৰুৱাব। অধিকাৰী আৰু লেবীসকলে যিহোয়াদাক বহুত সহায় কৰিলে আৰু যিহোৱাৰ আশীৰ্বাদত তেওঁ সফল হʼল। যোৱাচ ৰজা হʼল আৰু অথলিয়াক মাৰি পেলোৱা হʼল। (২ বং. ২৩:১-৫, ১১, ১২, ১৫; ২৪:১) “পাছে লোকবিলাক যেন যিহোৱাৰ প্ৰজা হয়, এই ভাবেৰে যিহোয়াদাই যিহোৱাৰ আৰু ৰজা ও প্ৰজাবিলকৰ মাজত এটি নিয়ম কৰিলে।” (২ ৰাজা. ১১:১৭) ইয়াৰ লগতে “কোনো প্ৰকাৰ অশুচি মানুহ যেন নোসোমায়, এই নিমিত্তে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।”—২ বং. ২৩:১৯.

১৪. যিহোয়াদাই যিহোৱাৰ সন্মান কৰাৰ বাবে যিহোৱাই কি কি উপায়েৰে তেওঁক সন্মান কৰিলে?

১৪ যিহোৱাৰ বাবে যিহোয়াদাই যি কৰিলে, তাক যিহোৱাই মনত ৰাখিলে। এবাৰ আগতেও যিহোৱাই এইদৰে কৈছিল, “মোক মৰ্য্যাদা কৰোঁতাবিলাকক মই মৰ্য্যাদা কৰিম।” তেওঁ ঠিক এইদৰেই কৰিলে। (১ চমূ. ২:৩০) যিহোৱাই যিহোয়াদা মহাপুৰোহিতৰ ভাল কামবোৰ শাস্ত্ৰত লিখোৱালে যাতে আমি তেওঁৰ পৰা শিকিব পাৰোঁ। (ৰোম. ১৫:৪) যেতিয়া যিহোয়াদাৰ মৃত্যু হʼল, তেতিয়া “তেওঁক দায়ূদৰ নগৰত ৰজাবিলাকৰ লগত মৈদাম দিলে; কিয়নো তেওঁ ইস্ৰায়েলৰ মাজত, আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মঙ্গলজনক কাৰ্য্য কৰিছিল।” এয়া বহুত ডাঙৰ সন্মান আছিল।—২ বং. ২৪:১৫, ১৬.

মহাপুৰোহিত যিহোয়াদাৰ নিচিনা আমিও ঈশ্বৰলৈ ভয় ৰাখিলে বিশ্বাসী হৈথাকিব পাৰিম আৰু ভাই-ভনীসকলক সহযোগ কৰিব পাৰিম (অনুচ্ছেদ ১৫ চাওক)  d

১৫. যিহোয়াদাৰ ঘটনাৰ পৰা আমি কি শিকোঁ? (ছবিখনো চাওক।)

১৫ যিহোয়াদাৰ ঘটনাৰ পৰা আমি সকলোৱে যিহোৱালৈ ভয় ৰাখিবলৈ শিকিব পাৰোঁ। যিহোয়াদৰ নিচিনা প্ৰাচীনসকলেও সতৰ্ক হৈ থাকি ঈশ্বৰৰ মেৰৰ চোৱা-চিতা কৰিব পাৰে। এইদৰে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হয় বুলি দেখুৱাব পাৰে। (পাঁচ. ২০:২৮) বৃদ্ধ ভাই-ভনীসকলেও যিহোয়াদাৰ পৰা বহুতো কথা শিকিব পাৰে। যেতিয়া তেওঁলোকে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ বিশ্বাসী হৈ থাকে, তেতিয়া যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ তেওঁলোককো ব্যৱহাৰ কৰিব পাৰে। তেওঁ বৃদ্ধসকলক কেতিয়াও হেয়জ্ঞান নকৰে। ডেকাসকলেও মনত ৰাখিব পাৰে যে যিহোৱাই কেনেকৈ যিহোয়াদাক সন্মান দেখুৱালে। ঠিক সেইদৰে তেওঁলোকেও বৃদ্ধ ভাই-ভনীসকলক সন্মান কৰিব পাৰে, বিশেষকৈ সেই ভাই-ভনীসকলক যিসকলে বহু সময় ধৰি যিহোৱাৰ সেৱা কৰি আছে। (হিতো. ১৬:৩১) আমি সেই অধিকাৰী আৰু লেবীসকলৰ পৰাও শিকিব পাৰোঁ, যিসকলে যিহোয়াদাক সহযোগ কৰিছিল। তেওঁলোকৰ দৰে আমি সেই ভাইসকলৰ আজ্ঞা মানিম ‘যিবিলাকে আমাৰ মাজত পৰিশ্ৰম কৰে, আৰু প্ৰভুত আমাৰ ওপৰত নিযুক্ত আছে।ʼ এইদৰে আমি তেওঁলোকক সহযোগ কৰিম।—১ থিচ. ৫:১২.

ৰজা যোৱাচৰ নিচিনা নহʼব

১৬. ৰজা যোৱাচৰ বিশ্বাস দুৰ্বল আছিল বুলি কি কথাৰ পৰা জানিব পাৰি?

১৬ যিহোয়াদাই ৰজা যোৱাচক যি শিকাইছিল, তাৰ বাবে তেওঁ এজন ভাল ব্যক্তি হʼব পাৰিলে। (২ ৰাজা. ১২:২) সৰুতে তেওঁ সেই কামবোৰ কৰিব বিচাৰিছিল, যাৰ পৰা যিহোৱা আনন্দিত হৈছিল। কিন্তু যিহোয়াদাৰ মৃত্যুৰ পাছত তেওঁ সেই অধ্যক্ষবিলাকৰ কথা শুনিবলৈ ধৰিলে, যিসকলে মিছা উপাসনা কৰিছিল। সেইবাবে, তেওঁ আৰু তেওঁৰ প্ৰজাসকলে “মূৰ্ত্তি আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে।” (২ বং. ২৪:৪, ১৭, ১৮) এইবোৰ চাই যিহোৱাক বহুত দুখ লাগিল। তথাপি ‘যিহোৱালৈ তেওঁবিলাকক ওলোটাই আনিবৰ নিমিত্তে তেওঁ ভাববাদীবিলাকক তেওঁবিলাকৰ ওচৰলৈ পঠালে, কিন্তু তেওঁবিলাকে কাণ নিদিলে।ʼ তেওঁলোকে যিহোয়াদাৰ পুত্ৰ জখৰিয়াৰ কথাও নুশুনিলে, তেওঁ ভৱিষ্যতবক্তাৰ লগতে পুৰোহিত আৰু তেওঁৰ ভাই আছিল (পেহীয়েকৰ লʼৰা)। যি পৰিয়ালে তেওঁৰ বাবে ইমান কৰিলে, তেওঁৰ জীৱন ৰক্ষা কৰিলে, সেই পৰিয়ালৰ প্ৰতি তেওঁ অলপো কৃতজ্ঞতা নেদেখুৱালে ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ লʼৰা জখৰিয়াক মাৰি পেলালে।—২ বং. ২২:১১; ২৪:১৯-২২.

১৭. যোৱাচৰ কি পৰিণাম হʼল?

১৭ যোৱাচে যিহোৱাৰ প্ৰতি ভয় ৰখা নাছিল। সেইবাবে, তেওঁৰ বহুত বেয়া পৰিণাম হʼল। যিহোৱাই এইদৰে কʼলে, “মোক তুচ্ছ কৰোঁতাবিলাকক হেয়জ্ঞান কৰা হব।” (১ চমূ. ২:৩০) যোৱাচৰ লগত ঠিক সেইদৰেই হʼল। আগলৈ গৈ অৰামৰ এটি সৰু সৈন্যদলে যোৱাচৰ “অতিশয় অধিক লোক থকা সৈন্যসামন্তক” হৰুৱালে আৰু তেওঁক বেয়াকৈ আঘাত কৰা হʼল। যেতিয়া সেই সেনাবাহিনী উভতি গʼল, তেতিয়া তেওঁৰ সেৱকসকলে ষড়যন্ত্ৰ কৰি তেওঁক মাৰি পেলালে কিয়নো তেওঁ জখৰিয়াক হত্যা কৰিছিল। সেই দুষ্ট ৰজাক “ৰজাবিলাকৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহল।”—২ বং. ২৪:২৩-২৫; ”মথি ২৩:৩৫-ৰ অধ্যয়ন নোট “বৰখিয়াৰ পুতেক” (হিন্দী) চাওক।

১৮. যদি আমি যোৱাচৰ দৰে হʼব নিবিচাৰোঁ, তেনেহʼলে যিৰিমিয়া ১৭:৭, ৮ পদৰ অনুসৰি আমি কি কৰা উচিত?

১৮ আমি যোৱাচৰ পৰা কি শিকিব পাৰোঁ? যোৱাচ এনে এজোপা গছৰ দৰে আছিল, যাৰ শিপাবোৰ মজবুত নাছিল আৰু যাক সহায়ৰ প্ৰয়োজন আছিল। যিহোয়াদা ৰজা যোৱাচৰ সহায়কৰ্তাৰ দৰে আছিল। যেতিয়া তেওঁ সহায় নাপালে অৰ্থাৎ যিহোয়াদাৰ মৃত্যু হʼল আৰু যেতিয়া ধুমুহা বতাহ আহিল অৰ্থাৎ অধ্যক্ষসকলে তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ তেওঁলোকৰ কথাত ভুল গʼল। তেওঁ মিছা উপাসনা কৰিব ধৰিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। ইয়াৰ পৰা আমি এটা কথা শিকিব পাৰোঁ। আমাৰ পৰিয়ালৰ লোক বা মণ্ডলীৰ ভাই-ভনীসকলে যিহোৱালৈ ভয় ৰাখে বুলি আমিও তেওঁলৈ ভয় ৰখা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি নিজে ঈশ্বৰৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰা উচিত আৰু তেওঁলৈ ভয় ৰখা উচিত। যেতিয়া আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিম, তাৰ ওপৰত মনন কৰিম আৰু প্ৰাৰ্থনা কৰিম, তেতিয়াহে আমি এইদৰে কৰিব পাৰিম।—যিৰিমিয়া ১৭:৭, ৮ পঢ়ক; কল. ২:৬, ৭.

১৯. যিহোৱাই আমাৰ পৰা কি বিচাৰে?

১৯ যিহোৱাই আমাৰ পৰা বেছিকৈ আশা নকৰে। তেওঁ আমাৰ পৰা কি বিচাৰে তাৰ মূল কথা উপদেশক ১২:১৩ পদত উল্লেখ আছে। তাত এইদৰে লিখা আছে, “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।” যদি আমি যিহোৱালৈ ভয় ৰাখোঁ, তেনেহʼলে আগলৈ গৈ যিয়ে সমস্যা নাহক কিয় আমি ওবদিয়া আৰু যিহোয়াদাৰ দৰে বিশ্বাসী হৈ থাকিব পাৰিম আৰু যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বৰ মাজত কোনো বাধা আহিবলৈ নিদিম।

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

a বাইবেলত “ভয়” শব্দটো বহু বাৰ ব্যৱহাৰ কৰা হৈছে। কিছুমান ঠাইত ইয়াৰ অৰ্থ হৈছে কাৰোবাক ভয় খোৱা, আন কিছুমান ঠাইত কাৰোবাৰ কাৰণে মনতে শ্ৰদ্ধা থকা বা আনক গভীৰ সন্মান কৰা। এই লেখত আমি শিকিম যে আমি কেনেকৈ যিহোৱালৈ ভয় ৰাখিব পাৰোঁ যাতে আমি তেওঁৰ সেৱা কৰাৰ সময়ত সাহসেৰে কাম কৰিব পাৰোঁ আৰু বিশ্বাসী হৈ থাকিব পাৰোঁ।

b এইজন ওবদিয়া ভৱিষ্যতবক্তা ওবদিয়া নহয়, যিজনে বাইবেলৰ ওবদিয়া নামৰ কিতাপখন লিখিছিল। তেওঁৰ বহু হাজাৰ বছৰৰ পাছতহে জন্ম হৈছিল।

c ছবিৰ বিষয়ে: এজন ভায়ে এনে এলেকাত ভাই-ভনীসকলক কিতাপ-পত্ৰিকাবোৰ দিবলৈ গৈছে, যʼত আমাৰ কাম নিষেধ কৰা হৈছে।

d ছবিৰ বিষয়ে: এজনী যুৱতী ভনীয়ে এগৰাকী বৃদ্ধ ভনীৰ পৰা ফোনৰ যোগেদি প্ৰচাৰ কৰিবলৈ শিকি আছে। এজন বৃদ্ধ ভায়ে সাহসেৰে ৰাজহুৱাভাৱে প্ৰচাৰ কৰি আছে। ৰাজ্যগৃহ চোৱা-চিতা কৰাৰ অভিজ্ঞতা থকা এজন ভায়ে আনক এই কাম শিকাই আছে।