Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৬

যিহোৱাৰ দিনৰ বাবে সাজু থাকক

যিহোৱাৰ দিনৰ বাবে সাজু থাকক

“ৰাতি যেনেকৈ চোৰ আহে, তেনেকৈ প্ৰভুৰ দিন আহিব।”—১ থিচ. ৫:২.

গীত ১৪৩ যিহোৱাৰ দিনৰ বাবে বাট চাই থাকক

লেখৰ এক আভাস a

১. যিহোৱাৰ দিনত ৰক্ষা পাবলৈ আমি কি কৰিব লাগিব?

 বাইবেলত উল্লেখ কৰা ‘যিহোৱাৰ দিনৰʼ অৰ্থ হৈছে যেতিয়া যিহোৱাই নিজৰ শত্ৰুসকলক ধ্বংস কৰে আৰু নিজৰ লোকসকলক বচাই সেই সময়। অতীতত যিহোৱাই বহু বাৰ নিজৰ শত্ৰুসকলক ধ্বংস কৰিছিল। (যিচ. ১৩:১, ৬; যিহি. ১৩:৫; চফ. ১:৮) আমাৰ সময়ত যেতিয়া মহা-বাবিলৰ ওপৰত আক্ৰমণ হʼব, তেতিয়া “যিহোৱাৰ দিন” আৰম্ভ হʼব আৰু হৰমাগিদোনৰ যুদ্ধত শেষ হʼব। আমি সেই ‘দিনতʼ ৰক্ষা পাবলৈ এতিয়াৰে পৰা নিজকে সাজু কৰিব লাগিব। মন কৰক যীচুৱে সেই দিনৰ বিষয়ে নিজৰ শিষ্যসকলক কি কৈছিল। তেওঁ কৈছিল যে আমি ‘মহাক্লেশৰʼ বাবে ‘যুগুত হৈ থকাʼ উচিত অৰ্থাৎ সেই দিনৰ বাবে আমি সদায় সাজু থকা উচিত।—মথি ২৪:২১; লূক ১২:৪০.

২. পৌলে থিচলনীকীয়াৰ খ্ৰীষ্টানসকললৈ লিখা প্ৰথম চিঠিখনৰ ওপৰত আমি কিয় ধ্যান দিয়া উচিত?

পাঁচনি পৌলে থিচলনীকীয়াৰ খ্ৰীষ্টানসকললৈ লিখা প্ৰথম চিঠিখনত তেওঁ যিহোৱাৰ মহান দিনৰ বিষয়ে কৈছিল। পৌলে বহুতো উদাহৰণ দি বুজাইছিল যে সেই দিনৰ বাবে তেওঁলোকে কেনেকৈ সাজু থাকিব পাৰে। পৌলে জানিছিল যে যিহোৱাৰ দিন তেতিয়াই নাহিব। (২ থিচ. ২:১-৩) তেওঁ নিজৰ ভাইসকলক এইদৰে সাজু থাকিবলৈ কৈছিল যেন সেই দিন অহা কালিয়েই আহিব। পৌলে তেওঁলোকক কোৱা কথাৰ পৰা আজি আমিও বহুতো কথা শিকিব পাৰোঁ। তলত উল্লেখ কৰা তিনিটা কথাৰ বিষয়ে তেওঁ নিজৰ চিঠিখনত কি বুজাইছিল, আহক তালৈ মন কৰোঁ: (১) যিহোৱাৰ দিন কেনেকৈ আহিব? (২) সেই দিনত কোন লোকসকল ৰক্ষা নপৰিব? আৰু (৩) সেই দিনৰ বাবে আমি কেনেকৈ সাজু থাকিব পাৰোঁ?

যিহোৱাৰ দিন কেনেকৈ আহিব?

থিচলনীকীয়াৰ খ্ৰীষ্টানসকলক লিখা পৌলৰ প্ৰথম চিঠিখনত তেওঁ যিবোৰ উদাহৰণ দিছিল, তাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ (অনুচ্ছেদ ৩ চাওক)

৩. যিহোৱাৰ দিন চোৰৰ দৰে আহিব বুলি আমি কিয় কʼব পাৰোঁ? (ছবিখনো চাওক।)

“ৰাতি যেনেকৈ চোৰ আহে।” (১ থিচ. ৫:২) পৌলে যিহোৱাৰ দিনৰ বিষয়ে বুজাবলৈ যি তিনিটা উদাহৰণ দিছিল, তাৰে মাজত এইটো প্ৰথম আছিল। চোৰ প্ৰায়ে ৰাতি আহে যেতিয়া লোকসকলে তেওঁ আহিব বুলি আশাই নকৰে আৰু তেওঁ অতি বেগেৰে নিজৰ কাম কৰে। যিহোৱাৰ দিনো হঠাতে আহিব আৰু তেতিয়া লোকসকলে বৰ আচৰিত হʼব। সেই সময়ত যি বেগেৰে ঘটনাবোৰ ঘটিব, সেয়া দেখি সত্য খ্ৰীষ্টানসকলেও আচৰিত হʼব। কিন্তু তেতিয়া যিহোৱাৰ লোকসকলক বচোৱা হʼব, কেৱল দুষ্টলোকসকলক ধ্বংস কৰা হʼব।

৪. যিহোৱাৰ দিন কেনেকৈ গৰ্ভৱতী মহিলাৰ প্ৰসৱ-বেদনাৰ দৰে হয়?

যেনেকৈ হঠাতে ‘গৰ্ভৱতীৰ প্ৰসৱ-বেদনাʼ হয়। (১ থিচ. ৫:৩) এগৰাকী গৰ্ভৱতীয়ে নাজানে যে তেওঁৰ প্ৰসৱ-বেদনা কেতিয়া হʼব কিন্তু এইদৰে নিশ্চয় হʼব বুলি তেওঁ জানে। এদিনাখন হঠাতে তেওঁৰ প্ৰসৱ-বেদনা হয়। এই বেদনা বহুত জোৰেৰে হয় আৰু ইয়াক ৰখাব নোৱাৰি। ঠিক সেইদৰে আমি নাজানোঁ যে যিহোৱাৰ দিন কোন দিনাখন আৰু কোনটো সময়ত আৰম্ভ হʼব কিন্তু সেই দিন নিশ্চয় আহিব বুলি আমি জানোঁ। যেতিয়া আহিব, হঠাতে আৰম্ভ হʼব আৰু দুষ্ট লোকসকলে ইয়াৰ পৰা বাচিব নোৱাৰিব।

৫. মহাক্লেশ কেনেকৈ দিনৰ পোহৰৰ দৰে হয়?

দিনৰ পোহৰৰ দৰে। পৌলে তৃতীয় উদাহৰণতো চোৰৰ বিষয়ে উল্লেখ কৰিছিল। কিন্তু এনে লাগিছে যে এইবাৰ তেওঁ যিহোৱাৰ দিনৰ তুলনা দিনৰ পোহৰৰ লগত কৰিলে। (১ থিচ. ৫:৪, NW) যিসকল লোকে ৰাতি চুৰ কৰিবলৈ আহে, তেওঁলোকে বহু বাৰ বস্তু চুৰ কৰাত ইমানেই ব্যস্ত হৈ যায় যে সময় পাৰ হোৱাটো গমেই নাপায়। চাওঁতে চাওঁতে ৰাতিপুৱা হয় আৰু তেওঁলোকে হঠাতে ধৰা পৰে। চোৰৰ দৰে আজিও কিছুমান লোকে বেয়া কাম কৰি আছে আৰু এইদৰে তেওঁলোকে যেন আন্ধাৰত আছে। কিন্তু মহাক্লেশত তেওঁলোকৰ বেয়া কামবোৰ পোহৰলৈ অনা হʼব। আমি যিহোৱাৰ দিনৰ বাবে সাজু থাকিব বিচাৰোঁ। গতিকে আহক আমি যিহোৱাই বেয়া পোৱা কামবোৰৰ পৰা আঁতৰি থাকোঁ। ইয়াৰ লগতে “সকলো মঙ্গলভাব” আৰু ‘ধাৰ্ম্মিকতাৰʼ কামবোৰ কৰি থাকোঁ আৰু ‘সত্যৰʼ পথত গৈ থাকোঁ। (ইফি. ৫:৮-১২) ইয়াৰ বিষয়ে পৌলে আৰু দুটা উদাহৰণ দিছিল, যʼত কোন লোকসকলক যিহোৱাৰ দিনত ধ্বংস কৰা হʼব বুলি কৈছিল।

যিহোৱাৰ দিনত কোন লোকসকল ৰক্ষা নপৰিব?

৬. আজি বেছিভাগ লোকে কি অৰ্থত টোপনিত আছে? (১ থিচলনীকীয়া ৫:৬, ৭)

‘যিবিলাকে টোপনি যায়।ʼ (১ থিচলনীকীয়া ৫:৬, ৭ পঢ়ক।) যিহোৱাৰ দিনত যিসকল লোক ৰক্ষা নপৰিব তেওঁলোকৰ তুলনা পৌলে টোপনি যোৱা লোকৰ লগত কৰিছে। তেওঁলোকে সময়ৰ বিষয়ে আৰু আশে-পাশে কি হৈ আছে গম নাপায়। সেইবাবে, কিবা বিশেষ ঘটনা ঘটিলে তেওঁলোকে একো গম নাপায় আৰু একো কৰিবও নোৱাৰে। আজি বেছিভাগ লোক যেন টোপনিত আছে। (ৰোম. ১১:৮) জগতত হৈ থকা ঘটনাবোৰ দেখিও তেওঁলোকৰ অনুভৱ নহয় যে আমি “শেষ-কালত” জীয়াই আছোঁ আৰু অতি সোনকালে মহাক্লেশ আৰম্ভ হʼব। জগতত ডাঙৰ ডাঙৰ ঘটনাবোৰ ঘটিলে এনেধৰণৰ লোকসকলে সাৰ পাই আৰু ৰাজ্যৰ শুভবাৰ্তাত অলপ ধ্যান দিয়ে। কিন্তু তেওঁলোকৰ মাজৰ বেছিভাগ লোকে কোনো পদক্ষেপ নলয় আৰু এইদৰে তেওঁলোকে আকৌ টোপনি যায়। আনহাতে কিছুমান লোকে বিশ্বাস কৰে যে ঈশ্বৰে এদিন নহয় এদিন দুষ্ট লোকসকলক শাস্তি দিব কিন্তু তেওঁলোকে ভাবে যে সেই দিন আহিবলৈ এতিয়াও বহুত সময় আছে। (২ পিত. ৩:৩, ৪) কিন্তু আমি জানোঁ যে সময় অতিবাহিত হোৱাৰ লগে লগে বাইবেলত দিয়া পৰামৰ্শ পালন কৰা আৰু পৰ দি থকা অতি প্ৰয়োজন।

৭. ঈশ্বৰে যিসকল লোকক ধ্বংস কৰিব, তেওঁলোক কেনেকৈ মদ খাই মতলীয়া হোৱা লোকসকলৰ দৰে হয়?

যিসকলে মদ খাই “মতলীয়া” হৈ থাকে। ঈশ্বৰে যিসকল লোকক ধ্বংস কৰিব, তেওঁলোকৰ তুলনা পৌলে মতলীয়া লোকৰ লগত কৰিছে। তেওঁলোকে লগে লগে পদক্ষেপ আৰু সঠিক নিৰ্ণয় লʼব নোৱাৰে। ঠিক সেইদৰে দুষ্ট লোকসকলে ঈশ্বৰৰ ফালৰ পৰা পোৱা সতৰ্কবাণীৰ ওপৰত ধ্যান নিদিয়ে। তেওঁলোকে এনেদৰে জীৱন-যাপন কৰে, যিয়ে তেওঁলোকক বিনাশৰ ফালে লৈ যায়। কিন্তু খ্ৰীষ্টানসকলক চেতনা বজাই ৰাখিবলৈ কোৱা হৈছে। (১ থিচ. ৫:৬, ৭) বাইবেলৰ এজন বিদ্বানে চেতনা বজাই ৰখাৰ বিষয়ে এইদৰে কৈছে, ‘শান্ত হৈ থকা আৰু কোনো বিষয়ে অলপ সময় ৰৈ চিন্তা কৰা যাতে আমি সঠিক নিৰ্ণয় লʼব পাৰোঁ।ʼ আমি কিয় শান্ত হৈ থকা আৰু অলপ সময় ৰৈ চিন্তা কৰা উচিত? সকলো ধৰণৰ ৰাজনৈতিক বা সামাজিক বিষয়বোৰত যাতে আমি নিৰপেক্ষ হৈ থাকিব পাৰোঁ। কিন্তু যিহোৱাৰ দিন কাষ চাপি অহাৰ লগে লগে এই বিষয়বোৰত কাৰোবাৰ পক্ষ লʼবলৈ বেছিকৈ হেঁচা আহিব পাৰে। সেই সময়ত আমি কি কৰিম বুলি ভাবি ভয় কৰাৰ প্ৰয়োজন নাই। কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত আমাৰ মন শান্ত হৈ থাকিব আৰু আমি ভালদৰে চিন্তা কৰিব পাৰিম আৰু সঠিক নিৰ্ণয় লʼব পাৰিম।—লূক ১২:১১, ১২.

যিহোৱাৰ দিনৰ বাবে আমি কেনেকৈ সাজু থাকিব পাৰোঁ?

বেছিভাগ লোকে অনুভৱ কৰিব নোৱাৰে যে আমি কেনে পৰিস্থিতিত জীয়াই আছোঁ, কিন্তু আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি আৰু আশাৰ টকয়া পিন্ধি থাকোঁ আৰু যিহোৱাৰ দিনৰ বাবে সাজু থাকোঁ (অনুচ্ছেদ ৮, ১২ চাওক)

৮. প্ৰথম থিচলনীকীয়া ৫:৮ পদত দিয়া উদাহৰণৰ পৰা বুজাওক যে আমি কেনেকৈ সতৰ্ক আৰু চেতনা বজাই ৰাখিব পাৰোঁ। (ছবিখনো চাওক।)

‘বুকুবৰি আৰু টকয়াʼ পিন্ধি থাকক। পৌলে খ্ৰীষ্টানসকলক সৈনিকসকলৰ লগত তুলনা কৰিলে, যিসকলে সতৰ্ক হৈ থাকে আৰু যুদ্ধৰ বাবে সাজু থাকে। (১ থিচলনীকীয়া ৫:৮ পঢ়ক।) এজন সৈনিকে সকলো সময়তে যুদ্ধৰ বাবে সাজু হৈ থাকিবলগীয়া হয়। ঠিক সেইদৰে আমিও যিহোৱাৰ দিনৰ বাবে সদায় সাজু হৈ থকা উচিত। আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি আৰু আশাৰ টকয়া পিন্ধি এইদৰে কৰিব পাৰোঁ। বিশ্বাস, প্ৰেম আৰু আশা থাকিলে আমি কেনেকৈ সহায় পাব পাৰোঁ, আহক চাওঁ।

৯. বিশ্বাস থাকিলে আমি কেনেকৈ সুৰক্ষিত হৈ থাকোঁ?

বুকুবৰি পিন্ধিলে এজন সৈনিকৰ হৃদয় সুৰক্ষিত হৈ থাকে। ঠিক সেইদৰে বিশ্বাস আৰু প্ৰেম থাকিলে আমাৰ হৃদয় সুৰক্ষিত হৈ থাকিব, আমি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম আৰু যীচুৰ উদাহৰণ অনুকৰণ কৰিব পাৰিম। বিশ্বাসে আমাক আশ্বাস দিয়ে যে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিলে তেওঁ আমাক নিশ্চয় পুৰস্কাৰ দিব। (ইব্ৰী ১১:৬) আমি যিমানেই সমস্যাৰ সন্মুখীন নহওঁ কিয়, বিশ্বাস থাকিলে আমি যীচুৰ বিশ্বাসী হৈ থাকিব পাৰিম। আমি সমস্যাৰ সন্মুখীন হʼবলৈ নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ? আমি বৰ্তমান সময়ৰ সেই ভাই-ভনীসকলৰ উদাহৰণলৈ মন কৰিব পাৰোঁ, যিসকলে তাড়না বা অভাৱৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ আছে। ইয়াৰ উপৰিও নিজৰ জীৱন সহজ-সৰল কৰি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়া ভাই-ভনীসকলৰ উদাহৰণলৈ ধ্যান দিব পাৰোঁ। এইদৰে কৰিলে আমি বেছিকৈ ধন-সম্পত্তি গোটোৱাত ধ্যান নিদিম। b

১০. ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি থকা প্ৰেমে আমাক কেনেকৈ হাৰ নামানিবলৈ সহায় কৰে?

১০ পৰ দি থাকিবলৈ আৰু চেতনা বজাই ৰাখিবলৈ প্ৰেমৰো অতি প্ৰয়োজন। (মথি ২২:৩৭-৩৯) বহু বাৰ প্ৰচাৰ কৰাৰ বাবে আমি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। কিন্তু আমি ঈশ্বৰক প্ৰেম কৰাৰ বাবে হাৰ নামানি প্ৰচাৰ কৰি থাকোঁ। (২ তীম. ১:৭, ৮) আমি নিজৰ ‘ওচৰ-চুবুৰীয়াকʼ প্ৰেম কৰোঁ, সেইবাবে আমি নিজৰ এলেকাত প্ৰচাৰ কৰিবলৈ নেৰোঁ। আমি চিঠি লিখি আৰু ফোনৰ যোগেদি লোকসকলক প্ৰচাৰ কৰোঁ। আমি আশা ৰাখোঁ যে তেওঁলোকে নিজকে সলনি কৰিব আৰু সঠিক কামবোৰ কৰিব।—যিহি. ১৮:২৭, ২৮.

১১. ভাই-ভনীসকলৰ প্ৰতি প্ৰেম থকাৰ বাবে আমি কি কৰিব পাৰোঁ? (১ থিচলনীকীয়া ৫:১১)

১১ আমাৰ ভাই-ভনীসকলেও আমাৰ ওচৰ-চুবুৰীয়া হয়, আমি তেওঁলোককো প্ৰেম কৰা উচিত। আমি ‘পৰস্পৰে প্ৰবোধ দি থাকি আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰিʼ নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ। (১ থিচলনীকীয়া ৫:১১ পঢ়ক।) খোজত খোজ মিলাই যুদ্ধত ভাগ লোৱা সৈনিকৰ দৰে আমিও এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ। কিন্তু বহু বাৰ যুদ্ধত ভাগ লোৱা সৈনিকসকলে ইজনে-সিজনক আঘাত দিয়ে। কিন্তু তেওঁলোকে জানি-শুনি এইদৰে কেতিয়াও নকৰে। ঠিক সেইদৰে আমিও ভাই-ভনীসকলক জানি-শুনি আঘাত নিদিওঁ আৰু অপকাৰৰ সলনি অপকাৰ নকৰোঁ। (১ থিচ. ৫:১৩, ১৫) নিজৰ প্ৰেম প্ৰকাশ কৰাৰ আন এটা উপায় হৈছে মণ্ডলীত নেতৃত্ব লোৱা ভাইসকলক সন্মান কৰা। (১ থিচ. ৫:১২) পৌলে থিচলনীকীয়া মণ্ডলীলৈ প্ৰথম চিঠি লিখাৰ সময়ত সেই মণ্ডলী গঠন হৈ এবছৰো হোৱা নাছিল। গতিকে তাত নেতৃত্ব লোৱা ভাইসকলৰ হয়তো বেছি অভিজ্ঞতা নাছিল। হয়তো তেওঁলোকৰ পৰা কিছুমান ভুলো হৈছিল। তথাপি তেওঁলোকে যি কঠিন পৰিশ্ৰম কৰিছিল, তাৰ বাবে ভাই-ভনীসকলে তেওঁলোকক সন্মান কৰাৰ প্ৰয়োজন আছিল। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমিও মণ্ডলীৰ প্ৰাচীনসকলক প্ৰেম আৰু সন্মান কৰা উচিত। মহাক্লেশ যিমানেই ওচৰ চাপি আহিব, হয়তো মুখ্য কাৰ্য্যালয় বা শাখা কাৰ্য্যালয়ৰ ভাইসকলৰ লগত আমাৰ যোগাযোগ নহʼবও পাৰে। হয়তো নিৰ্দেশনা পাবলৈ আমি প্ৰাচীনসকলৰ ওপৰত বেছিকৈ নিৰ্ভৰ হʼব লাগিব। সেইবাবে, আমি এতিয়াৰে পৰা তেওঁলোকক প্ৰেম আৰু সন্মান কৰা অতি প্ৰয়োজন। ভৱিষ্যতে যিয়েই নহওক কিয়, আহক আমি নিজৰ চেতনা বজাই ৰাখোঁ আৰু সেই ভাইসকলৰ দুৰ্বলতাবোৰৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে এই দায়িত্ব যিহোৱাই তেওঁলোকক দিছে আৰু যীচুৰ যোগেদি তেওঁলোকক নিৰ্দেশনা দি আছে এই কথা মনত ৰাখোঁ।

১২. আশা থকাৰ বাবে আমাৰ চিন্তাধাৰা কেনেকৈ সুৰক্ষিত হৈ থাকে?

১২ টকয়া বা হেলমেট পিন্ধাৰ বাবে যিদৰে এজন সৈনিকৰ মূৰ সুৰক্ষিত হৈ থাকে, ঠিক সেইদৰে নিজৰ উদ্ধাৰৰ আশাৰ ওপৰত ধ্যান দিলে আমাৰ চিন্তাধাৰা সুৰক্ষিত হৈ থাকে। আমাৰ আশা নিশ্চিত আছে। সেইবাবে, আমি জানোঁ যে জগতে যিয়েই দিয়াৰ প্ৰতিজ্ঞা নকৰক কিয় সেই সকলো মূল্যহীন। (ফিলি. ৩:৮) আশা থকাৰ বাবে আমাৰ মন শান্ত হৈ থাকে আৰু আমি ভালদৰে চিন্তা কৰিব পাৰোঁ। ভাই ৱালেচ আৰু তেওঁৰ পত্নী লʼৰিণ্ডাৰ লগত এইদৰেই হৈছিল। তেওঁলোকে আফ্ৰিকাৰ বেথেলত সেৱা কৰে। তিনি সপ্তাহৰ ভিতৰতে ৱালেচৰ দেউতা আৰু লʼৰিণ্ডাৰ মাকৰ মৃত্যু হʼল। সেই সময়ত কভিড ১৯ মহামাৰী বিয়পি পৰাৰ বাবে এই দুখৰ সময়ছোৱাত তেওঁলোকে নিজৰ পৰিয়ালৰ ওচৰলৈ যাব নোৱাৰিলে। ভাই ৱালেচে এইদৰে কৈছে, “তেওঁলোকক আকৌ জীয়াই তোলা হʼব বুলি আমাৰ আশা আছে। সেইবাবে, মৃত্যুৰ আগ মুহূৰ্তত তেওঁলোকৰ পৰিস্থিতি কেনেকুৱা আছিল তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে নতুন পৃথিৱীত যেতিয়া তেওঁলোকক আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰিব তাৰ বিষয়ে ভাবোঁ। যেতিয়া মোক বহুত দুখ লাগে বা তেওঁলোকৰ কথা মনত পৰে, তেতিয়া এই আশাৰ বাবে মই নিজকে চম্ভালিব পাৰোঁ।”

১৩. পবিত্ৰ শক্তি পাবলৈ আমি কি কৰিব পাৰোঁ?

১৩ “পবিত্ৰ শক্তিৰ জুই নুনুমাবা।” (১ থিচ. ৫:১৯, NW) পৌলে পবিত্ৰ শক্তিৰ তুলনা এনে জুইৰ লগত কৰিছিল যি আমাৰ ভিতৰত যেন জ্বলি আছে। যেতিয়া যিহোৱাই আমাক নিজৰ পবিত্ৰ শক্তি দিয়ে, তেতিয়া আমি সঠিক কাম কৰিবলৈ উৎসাহ লাভ কৰোঁ আৰু মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰোঁ। (ৰোম. ১২:১১) আমি পবিত্ৰ শক্তি কেনেকৈ পাব পাৰোঁ? ইয়াৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব পাৰোঁ আৰু পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা যিহোৱাৰ সংগঠনত থাকিব পাৰোঁ। এই সকলো কৰিলে আমি পবিত্ৰ “আত্মাৰ ফল” বিকশিত কৰিব পাৰিম অৰ্থাৎ যিহোৱাৰ দৰে গুণবোৰ বঢ়াব পাৰিম।—গালা. ৫:২২, ২৩.

নিজকে সোধক, ‘মই একেৰাহে যিহোৱাৰ পবিত্ৰ শক্তি পাব বিচাৰোঁ বুলি মোৰ কামৰ পৰা জানিব পাৰিনে?ʼ (অনুচ্ছেদ ১৪ চাওক)

১৪. ঈশ্বৰৰ পবিত্ৰ শক্তি পাই থাকিবলৈ আমি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত? (ছবিখনো চাওক।)

১৪ যেতিয়া ঈশ্বৰে আমাক পবিত্ৰ শক্তি দিয়ে, তেতিয়া ‘পবিত্ৰ শক্তিৰ জুইʼ যাতে নুনুমাই তাৰ প্ৰতি আমি ধ্যান দিয়া উচিত। ঈশ্বৰে কেৱল সেই লোকসকলক নিজৰ পবিত্ৰ শক্তি দিয়ে, যিসকলে ভাল কথাবোৰৰ বিষয়ে ভাবে আৰু নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখে। আমি বেয়া কথাবোৰৰ বিষয়ে ভাবি থাকিলে আৰু সেইদৰে কাম কৰিলে ঈশ্বৰে আমাক নিজৰ পবিত্ৰ শক্তি দিবলৈ বন্ধ কৰিব। (১ থিচ. ৪:৭, ৮) যদি আমি একেৰাহে পবিত্ৰ শক্তি পাই থাকিবলৈ বিচাৰোঁ, তেনেহʼলে আমি “ভাববাণী হেয়জ্ঞান” কৰিব নালাগে। (১ থিচ. ৫:২০) ইয়াত উল্লেখ কৰা ‘ভাববাণীৰʼ অৰ্থ হৈছে সেই কথাবোৰ যি ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি লিখাইছে, যেনে: তেওঁৰ দিনৰ বিষয়ে আৰু সেই দিন কিমান কাষ চাপিছে তাৰ বিষয়ে। সেইবাবে, মহাক্লেশ আহিবলৈ এতিয়া বহুত সময় আছে আৰু এয়া আমি জীয়াই থকাৰ সময়ত নাহিব বুলি ভবাৰ পৰিৱৰ্তে অতি সোনকালে মহাক্লেশ আহিব বুলি ভবা উচিত। নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখিলে আৰু প্ৰতিদিনে ঈশ্বৰৰ ‘ভক্তিৰʼ কামবোৰ কৰিলে আমি এইদৰে কৰিব পাৰিম।—২ পিত. ৩:১১, ১২.

‘সকলো বিষয়ৰ পৰীক্ষা কৰাʼ

১৫. দুষ্ট স্বৰ্গদূতৰ প্ৰেৰণাৰে কোৱা মিছা কথাৰ ওপৰত বিশ্বাস নকৰিবলৈ আমি কি কৰিব লাগিব? (১ থিচলনীকীয়া ৫:২১)

১৫ অতি সোনকালে ঈশ্বৰৰ শত্ৰুসকলে কিবা নহয় কিবা উপায়েৰে ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰʼ ঘোষণা কৰিব। (১ থিচ. ৫:৩) গোটেই পৃথিৱী দুষ্ট স্বৰ্গদূতবিলাকৰ প্ৰেৰণাৰে কোৱা কথাবোৰেৰে ভৰি পৰিব আৰু বেছিভাগ লোকে তেওঁলোকৰ কথাত ভুল যাব। (প্ৰকা. ১৬:১৩, ১৪) কিন্তু যদি আমি “সকলো বিষয়ৰ পৰীক্ষা কৰি” চাওঁ, তেনেহʼলে আমি তেওঁলোকৰ কথাৰ ওপৰত বিশ্বাস নকৰিম। (১ থিচলনীকীয়া ৫:২১ পঢ়ক।) এই পদত যি গ্ৰীক শব্দৰ অনুবাদ “পৰীক্ষা” বুলি কৰা হৈছে, তাক বিশেষকৈ সোন বা ৰূপৰ দৰে ধাতুবোৰক পৰীক্ষা কৰাৰ সময়ত ব্যৱহাৰ কৰা হয়। সেইবাবে, আজি আমি কিবা পঢ়া বা শুনাৰ সময়ত সেই কথা সঁচা হয় নে নহয় পৰীক্ষা কৰি চোৱা উচিত। থিচলনীকীয়াৰ খ্ৰীষ্টানসকলে এইদৰে কৰাটো অতি প্ৰয়োজন আছিল। মহাক্লেশ ওচৰ চাপি অহাৰ লগে লগে এইদৰে কৰাটো আৰু বেছি প্ৰয়োজন হৈ পৰিছে। সেইবাবে, আনৰ কথাত চকু মুদি বিশ্বাস কৰাৰ পৰিৱৰ্তে ভাবি-চিন্তি কাম কৰা উচিত আৰু এয়াও চোৱা উচিত যে এই কথা বাইবেল আৰু সংগঠনে কোৱা কথাৰ অনুসৰি সঠিক হয় নে নহয়। এইদৰে কৰিলে আমি দুষ্ট স্বৰ্গদূতবিলাকে কোৱা কথাৰ পৰা আঁতৰি থাকিব পাৰিম।—হিতো. ১৪:১৫; ১ তীম. ৪:১.

১৬. আমাৰ কি আশা আছে আৰু আমি কি কৰিবলৈ থিৰাং কৰিছোঁ?

১৬ এক সমূহ হিচাপে ঈশ্বৰৰ লোকসকলক মহাক্লেশৰ পৰা বচোৱা হʼব। কিন্তু আমি নাজানোঁ যে আমাৰ প্ৰতিজনৰে কালিলৈ কি হʼব। (যাকো. ৪:১৪) মহাক্লেশৰ আগতে হয়তো আমাৰ মৃত্যু হʼব পাৰে বা তাৰ পৰা বাচি ওলাই যাব পাৰোঁ। কিন্তু আমি এটা কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে তেওঁ আমাক অনন্ত জীৱন নিশ্চয় দিব। অভিষিক্তি খ্ৰীষ্টানসকলে স্বৰ্গত মচীহৰ লগত শাসন কৰিব আৰু অন্য মেৰৰ লোকসকলে পৃথিৱীত প্ৰমোদবনত জীয়াই থাকিব। আমাৰ আশা যিয়েই নহওক কিয় আহক আমি ইয়াৰ ওপৰত ধ্যান দিওঁ আৰু যিহোৱাৰ দিনৰ বাবে সদায় সাজু হৈ থাকোঁ।

গীত ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক

a ১ থিচলনীকীয়া ৫ অধ্যায়ত পাঁচনি পৌলে বহুতো উদাহৰণ দি ভৱিষ্যতে আহিবলগীয়া যিহোৱাৰ দিনৰ বিষয়ে কৈছিল। এই “দিন” কি? এয়া কেনেকৈ আহিব? এই দিনত কোনে ৰক্ষা পৰিব আৰু কাক ধ্বংস কৰা হʼব? সেই দিনৰ বাবে আমি কেনেকৈ নিজকে সাজু কৰিব পাৰোঁ? এই লেখত আমি পৌলে কোৱা কথাবোৰলৈ মন কৰিম আৰু এই সকলো প্ৰশ্নৰ উত্তৰ পাম।

bতেওঁলোকে স্ব-ইচ্ছাৰে আগবাঢ়ি আহে” (হিন্দী) নামৰ ধাৰাবাহিকত দিয়া লেখ পঢ়ক।