অধ্যয়নৰ লেখ ২৫
গীত নং ৭ যিহোৱা আমাৰ বল!
মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
“যিহোৱা জীৱন্ত ঈশ্বৰ।’—গীত. ১৮:৪৬.
কি শিকিম?
আমি যিজন ঈশ্বৰৰ উপাসনা কৰোঁ, তেওঁ জীৱিত ঈশ্বৰ হয় বুলি মনত ৰাখিলে আমি বহুত সহায় লাভ কৰিম।
১. সমস্যাৰ সময়তো যিহোৱাৰ লোকসকলে কিয় তেওঁৰ সেৱা কৰি থাকিব পাৰে?
বাইবেলত কোৱাৰ দৰে আজি আমি “ভয়ঙ্কৰ সময়” জীয়াই আছোঁ। (২ তীম. ৩:১) আজি সকলোৱে সমস্যাৰ সন্মুখীন হৈ আছে, কিন্তু যিহোৱাৰ লোকসকলে সমস্যাৰ লগতে বিৰোধ আৰু তাড়নাৰো সন্মুখীন হৈ আছে। এনে পৰিস্থিতিত যিহোৱাৰ সেৱা কৰি থাকিবলৈ কিহে আমাক সহায় কৰিব পাৰে। “যিহোৱা জীৱন্ত” ঈশ্বৰ হয় বুলি বিশ্বাস থকাৰ বাবে আমি সহায় লাভ কৰিব পাৰোঁ।—যিৰি. ১০:১০; ২ তীম. ১:১২.
২. যিহোৱা জীৱন্ত ঈশ্বৰ, ইয়াৰ অৰ্থ কি?
২ যিহোৱা জীৱন্ত ঈশ্বৰ। ইয়াৰ অৰ্থ হৈছে, যিহোৱা সঁচাকৈ আছে আৰু তেওঁ আমাৰ সকলো সমস্যা জানে আৰু আমাক সহায় কৰিবলৈ সাজু থাকে। (২ বং. ১৬:৯; গীত. ২৩:৪) যদি আমি এই কথা মনত ৰাখোঁ, তেনেহʼলে আমি যিকোনো সমস্যা সাহসেৰে পাৰ কৰিব পাৰিম। ইয়াৰ বাবেই ৰজা দায়ূদেও নিজৰ সমস্যাবোৰ সন্মুখীন হʼব পাৰিলে। আহক তেওঁৰ উদাহৰণলৈ মন কৰোঁ।
৩. যেতিয়া দায়ূদে কৈছিল যে যিহোৱা জীৱন্ত ঈশ্বৰ, তেতিয়া তেওঁ কোৱাৰ অৰ্থ কি আছিল?
৩ দায়ূদে যিহোৱাৰ বিষয়ে ভালদৰে জানিছিল আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিছিল। সেইবাবে, ৰজা চৌল আৰু আন শত্ৰুসকলে যেতিয়া তেওঁক মাৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (গীত. ১৮:৬) যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁক ৰক্ষা কৰিলে, তেতিয়া দায়ূদে কʼলে, “যিহোৱা জীৱন্ত” ঈশ্বৰ। (গীত. ১৮:৪৬) দায়ূদে কেৱল এয়া কোৱা নাছিল যে ঈশ্বৰ সঁচাকৈ আছে। তেওঁ যি কৈছিল তাৰ বিষয়ে এখন কিতাপত কোৱা হৈছে যে দায়ূদে যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস দেখুৱাব বিচাৰিছিল। তেওঁ যেন এইদৰে কৈছিল “জীৱন্ত ঈশ্বৰ হোৱাৰ বাবে তেওঁ নিজৰ লোকসকলক সহায় কৰিব।” দায়ূদে নিজৰ অনুভৱৰ পৰা জানিছিল যে যিহোৱা এজন জীৱিত ঈশ্বৰ হয় আৰু তেওঁৰ সেৱকসকলে কি কি সমস্যাৰ মাজেৰে পাৰ হৈ আছে, তাৰ বিষয়ে ভালদৰে জানে। সেইবাবে, দায়ূদে উৎসাহেৰে যিহোৱাৰ সেৱা আৰু তেওঁৰ প্ৰশংসা কৰি থাকিল।—গীত. ১৮:২৮, ২৯, ৪৯.
৪. যদি আমাৰ বিশ্বাস থাকে যে যিহোৱা জীৱিত ঈশ্বৰ, তেনেহʼলে আমি কি কৰিম?
৪ যদি আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে যিহোৱা জীৱিত ঈশ্বৰ, তেনেহʼলে আমিও উৎসাহেৰে তেওঁৰ সেৱা কৰিম। আমি সাহসেৰে সমস্যাবোৰ পাৰ কৰিম আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰি থাকিম। ইয়াৰ উপৰিও আমি থিৰাং কৰিম যে যিকোনো পৰিস্থিতি নাহক কিয়, আমি যিহোৱাৰ কাষ চাপি থাকিম।
জীৱন্ত ঈশ্বৰে আপোনাক শক্তি দিব
৫. আমি কি কথা মনত ৰাখিলে সমস্যাবোৰ সন্মুখীন হʼব পাৰিম? (ফিলিপীয়া ৪:১৩)
৫ যদি আমি মনত ৰাখোঁ যে যিহোৱা জীৱিত ঈশ্বৰ আৰু তেওঁ সকলো সময়তে আমাৰ যত্ন লʼব, তেনেহʼলে ডাঙৰ বা সৰু যিয়েই সমস্যা নাহক কিয়, আমি সেই সকলোবোৰ পাৰ কৰিব পাৰিম। মনত ৰাখক, ডাঙৰ ডাঙৰ সমস্যাবোৰো যিহোৱাৰ দৃষ্টিত একেবাৰে সৰু। তেওঁ সকলোতকৈ শক্তিশালী আৰু আমাক যিকোনো সমস্যা সহন কৰিবলৈ শক্তি দিব পাৰে। (ফিলিপীয়া ৪:১৩ পঢ়ক।) সেইবাবে, যিয়েই সমস্যা নাহক কিয়, আমি সেইবোৰ সন্মুখীন হʼব পাৰোঁ। যেতিয়া আমি চাওঁ যে সৰু সৰু সমস্যাবোৰ পাৰ কৰিবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰি আছে, তেতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস হয় যে ভৱিষ্যতে যদি কিবা ডাঙৰ সমস্যা আহে, তেনেহʼলে যিহোৱাই নিশ্চয় আমাৰ যত্ন লʼব।
৬. দায়ূদে সৰু হৈ থকাৰ সময়ত কি হৈছিল, যাৰ বাবে যিহোৱাৰ ওপৰত তেওঁৰ ভৰসা বাঢ়িল?
৬ দায়ূদৰ জীৱনত ঘটা দুটা ঘটনালৈ মন কৰক, যাৰ যোগেদি যিহোৱাৰ ওপৰত তেওঁৰ আৰু ভৰসা বাঢ়িল। যেতিয়া দায়ূদ সৰু আছিল আৰু নিজৰ পিতৃৰ ভেড়াবোৰ চৰাইছিল, তেতিয়া এবাৰ এটা ভালুক আৰু দ্বিতীয়বাৰ এটা সিংহ তেওঁৰ ভেড়া উঠাই লৈ গৈছিল। কিন্তু এই দুয়োটা পৰিস্থিতিতে দায়ূদে সাহস দেখুৱালে। তেওঁ সেইবোৰক খেদি গʼল আৰু সেইবোৰক মাৰি ভেড়াটোক বচালে। ইমান ডাঙৰ কাম কৰাৰ সত্ত্বেও, তেওঁ নিজৰ শক্তিৰে এইবোৰ কৰিব পাৰিলোঁ বুলি কোৱা নাছিল। কিয়নো তেওঁ জানিছিল যে যিহোৱাৰ সহায়তে তেওঁ এইবোৰ কৰিব পাৰিলে। (১ চমূ. ১৭:৩৪-৩৭) দায়ূদে এই ঘটনাবোৰ কেতিয়াও পাহৰা নাছিল, এইবোৰৰ ওপৰত মনন কৰাৰ বাবে জীৱিত ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁৰ ভৰসা আৰু বাঢ়িল। লগতে তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁক আগলৈও সহায় কৰিব।
৭. দায়ূদে কিহৰ বিষয়ে চিন্তা কৰিলে আৰু তেওঁৰ কি কথাৰ ওপৰত বিশ্বাস আছিল?
৭ মন কৰক, যেতিয়া দায়ূদ অলপ ডাঙৰ হʼল তেতিয়া কি হʼল। এবাৰ তেওঁ ইস্ৰায়েলী সেনাৰ ছাউনিলৈ গৈছিল, তেওঁ দেখিলে যে পলেষ্টীয়াসকলৰ বীৰ যুদ্ধা গলিয়াথৰ বাবে সকলো সৈনিকে বহুত ভয় খাই আছে। গলিয়াথে ইস্ৰায়েলৰ সৈন্যবোৰক “ইতিকিং” কৰিছিল। (১ চমূ. ১৭:১০, ১১) তেওঁক ওখ-ডাঙৰ দেখি আৰু তেওঁৰ ইতিকিং শুনি সকলো সৈনিকে বহুত ভয় খাইছিল। (১ চমূ. ১৭:২৪, ২৫) কিন্তু দায়ূদ তেওঁলোকতকৈ বেলেগ আছিল। তেওঁ চাইছিল যে গলিয়াথে কেৱল ইস্ৰায়েলৰ সেনাক নহয়, ইয়াৰ পৰিৱৰ্তে “জীৱন্ত ঈশ্বৰৰ সৈন্যবিলাকক ইতিকিং” কৰিছে। (১ চমূ. ১৭:২৬) দায়ূদে যিহোৱাৰ বিষয়ে চিন্তা কৰিছিল যে গলিয়াথে যিহোৱাক অপমান কৰিছে। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই সিংহ আৰু ভালুকৰ লগত যুঁজিবলৈ তেওঁক যিদৰে শক্তি দিছিল, ঠিক সেইদৰে গলিয়াথৰ লগত যুঁজিবলৈ তেওঁক নিশ্চয় শক্তি দিব। এই ভৰসা থকাৰ বাবেই তেওঁ গলিয়াথৰ বিৰুদ্ধে যুঁজিবলৈ গʼল আৰু তেওঁক মাৰি পেলালে।—১ চমূ. ১৭:৪৫-৫১.
৮. যিহোৱাই আমাক সহায় কৰিব বুলি আমি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ? (ছবিখনো চাওক।)
৮ যদি আমি ভৰসা কৰোঁ যে জীৱিত ঈশ্বৰ যিহোৱাই আমাক সহায় কৰিবলৈ সাজু আছে, তেনেহʼলে আমি সমস্যাবোৰ সন্মুখীন হʼব পাৰিম। (গীত. ১১৮:৬) কিন্তু আমি যিহোৱাৰ ওপৰত ভৰসা কেনেকৈ বঢ়াব পাৰোঁ? চিন্তা কৰক, যিহোৱাই অতীতত নিজৰ লোকসকলৰ বাবে কি কি কৰিছিল। বাইবেলত উল্লেখ থকা সেই ঘটনাবোৰ পঢ়ক, যʼত যিহোৱাই নিজৰ লোকসকলক বচাইছিল। (যিচ. ৩৭:১৭, ৩৩-৩৭) ইয়াৰ উপৰিও যিহোৱাই আজিও আমাৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰি আছে, তাৰ বিষয়ে জানিবলৈ jw.org-ত অহা অনুভৱবোৰ চাওক। সমস্যাৰ সময়ত যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়েও চিন্তা কৰক। যিহোৱাই দায়ূদক যেনেকৈ সহায় কৰিছিল, ঠিক সেইদৰে আপোনাকো সহায় কৰাৰ কথা হয়তো আপোনাৰ মনত নপৰিবও পাৰে, তেতিয়া আপুনি চিন্তিত নহʼব। কিয়নো যিহোৱাই আপোনাৰ বাবে বহুত কিছু কৰিছে। তেওঁ আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিছে, যাতে আপুনি তেওঁৰ বন্ধু হʼব পাৰে। (যোহ. ৬:৪৪) ইয়াৰ উপৰিও যিহোৱাৰ সহায়তে আপুনি আজি সত্যত স্থিৰে থাকিব পাৰিছে। লগতে বহুবাৰ যিহোৱাই নিশ্চয় আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল, সঠিক সময়ত আপোনাক সহায় কৰিছিল বা সমস্যাৰ সময়ত আপোনাক চম্ভালিছিল। সেই ঘটনাবোৰ মনত পেলাবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। যেতিয়া আপুনি অতীতৰ ঘটনাবোৰৰ বিষয়ে চিন্তা কৰিব, তেতিয়া আপোনাৰ বিশ্বাস বাঢ়িব যে যিহোৱাই আগলৈও আপোনাক সহায় কৰিব।
৯. সমস্যাৰ সময়ত আমি কি কথা মনত ৰখা উচিত? (হিতোপদেশ ২৭:১১)
৯ যিহোৱা এজন জীৱিত ঈশ্বৰ, যেতিয়া আমি এই কথা মনত ৰাখিম, তেতিয়া সমস্যাৰ সময়ত সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰিম। কেনেকৈ বাৰু? আমি মনত ৰাখিম যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি। যেতিয়া আমাৰ ওপৰত সমস্যা আহিব, তেতিয়া আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিম বুলি চয়তানে দাবী কৰিছিল। (ইয়ো. ১:১০, ১১; হিতোপদেশ ২৭:১১ পঢ়ক।) সেইবাবে, যেতিয়া আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেতিয়া আমি দেখুৱাওঁ যে চয়তান মিছলীয়া আৰু আমি যিহোৱাক প্ৰেম কৰোঁ। আপুনি যʼত থাকে, তাত চৰকাৰে আমাৰ কামক নিষেধ কৰিছে নে? আপোনাৰ পইচাৰ অভাৱ হৈছে নে? প্ৰচাৰত লোকসকলে আপোনাৰ বাৰ্তা নুশুনে নে? অথবা আপুনি আন কিবা সমস্যাৰ সন্মুখীন হৈছে নে? যদি এইদৰে হৈছে, তেনেহʼলে আপোনাৰ ওচৰত যিহোৱাক আনন্দিত কৰাৰ ভাল সুযোগ আছে আৰু এয়াও মনত ৰাখক যে আপোনাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, যিহোৱাই আপোনাক সেই সমস্যা সন্মুখীন হʼবলৈ সদায় সহায় কৰিব।—১ কৰি. ১০:১৩.
জীৱন্ত ঈশ্বৰে আপোনাক নিশ্চয় পুৰস্কাৰ দিব
১০. জীৱিত ঈশ্বৰে তেওঁৰ সেৱা কৰা লোকসকলৰ বাবে কি কৰিব?
১০ যিহোৱাই নিজৰ উপাসকসকলক পুৰস্কাৰ দিয়ে। (ইব্ৰী ১১:৬) তেওঁ আজি আমাক শান্তি আৰু সন্তুষ্টি দিয়ে আৰু ভৱিষ্যতে অনন্ত জীৱন দিব। আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ আমাক পুৰস্কাৰ দিব বিচাৰে আৰু এইদৰে কৰাৰ তেওঁৰ ওচৰত শক্তিও আছে। এই ভৰসা থকাৰ বাবে আমি তেওঁৰ সেৱা মনে-প্ৰাণে কৰিব পাৰোঁ, যিদৰে প্ৰাচীন সময়ত তেওঁৰ সেৱকসকলে কৰিছিল। তাৰে মাজৰ এজন হৈছে তীমথিয়। আহক তেওঁৰ উদাহৰণলৈ মন কৰোঁ।—ইব্ৰী ৬:১০-১২.
১১. তীমথিয়ই ভাই-ভনীসকলক সহায় কৰিবলৈ কিয় পৰিশ্ৰম কৰিছিল? (১ তীমথিয় ৪:১০)
১১ প্ৰথম তীমথিয় ৪:১০ পঢ়ক। তীমথিয়ৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱা এজন জীৱিত ঈশ্বৰ আৰু যিহোৱাই তেওঁক নিশ্চয় পুৰস্কাৰ দিব। সেইবাবে, তেওঁ মনে-প্ৰাণে তেওঁৰ সেৱা কৰি থাকিল আৰু যিমান পাৰে সিমান ভাই-ভনীসকলক সহায় কৰিলে। তেওঁ কি কি কৰিলে? তেওঁ পৌলৰ পৰামৰ্শ পালন কৰিলে আৰু এজন ভাল শিক্ষক হʼবলৈ কঠিন পৰিশ্ৰম কৰিলে, যাতে প্ৰচাৰত আৰু মণ্ডলীত ভালদৰে শিকাব পাৰে। তেওঁ মণ্ডলীৰ সৰু সৰু লʼৰা-ছোৱালী আৰু ডাঙৰ সকলোৰে বাবে এটা ভাল উদাহৰণ ৰাখিলে। ইয়াৰ উপৰিও তেওঁ কিছুমান কঠিন দায়িত্বও লাভ কৰিছিল। তেওঁ ভুল কৰা ভাই-ভনীসকলক মৰমেৰে শুধৰণি কৰিব লাগিছিল। এই কামো তেওঁ নিশ্চয় বহুত ভালদৰে কৰিছিল। (১ তীম. ৪:১১-১৬, ২ তীম. ৪:১-৫) তীমথিয়ৰ সম্পূৰ্ণ ভৰসা আছিল যে কোনোবাই তেওঁৰ কামত ধ্যান দিয়ক বা নিদিয়ক, অথবা তেওঁৰ পৰিশ্ৰমক মূল্যাংকন কৰক বা নকৰক, যিহোৱাই সকলো চাই আছে আৰু তেওঁ নিশ্চয় পুৰস্কাৰ দিব।—ৰোম. ২:৬, ৭.
১২. মণ্ডলীৰ কামত প্ৰাচীনসকলে কিয় ইমান পৰিশ্ৰম কৰে? (ছবিখনো চাওক।)
১২ মণ্ডলীৰ প্ৰাচীনসকলেও সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমক ধ্যান দিয়ে আৰু তেওঁলোকৰ ভাল কামক মূল্যাংকন কৰে। সকলো প্ৰাচীনে সাক্ষাৎ কৰে, শিকাই আৰু প্ৰচাৰ কামত ভাগ লয়। কিছুমান প্ৰাচীনে নিৰ্মাণ কামত আৰু দুৰ্যোগ সাহায্য কামত ভাল লয়। আন কিছুমান প্ৰাচীনে ‘ৰোগীক সাক্ষাৎ কৰা সমূহ’ বা ‘চিকিৎসালয় যোগাযোগ সমিতিৰ’ বাবে কাম কৰে। এই প্ৰাচীনসকলে ভালদৰে জানে যে তেওঁলোকে মণ্ডলীৰ বাবে যি পৰিশ্ৰম কৰি আছে, সেয়া কোনো মানুহৰ ফালৰ পৰা নহয়, কিন্তু যিহোৱাৰ ফালৰ পৰা। সেইবাবে, তেওঁলোকে মনে-প্ৰাণে নিজৰ দায়িত্ব পূৰ কৰিব পাৰে আৰু তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে যে যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমক ধ্যান দিয়ে আৰু তেওঁলোকক পুৰস্কাৰ দিব।—কল. ৩:২৩, ২৪.
১৩. আমি যিহোৱাৰ সেৱাত যি কৰোঁ, সেয়া চাই যিহোৱাৰ কেনেকুৱা লাগে?
১৩ এয়া সঁচা যে মণ্ডলীত সকলোৱে প্ৰাচীন হʼব নোৱাৰে। কিন্তু আমি সকলোৱে যিহোৱাৰ বাবে কিবা নহয় কিবা কৰিব পাৰোঁ। যেতিয়া আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয় আৰু বিশ্ব জুৰিত হৈ থকা কামৰ বাবে আমি যিমানে দান নিদিও কিয়, সেয়া চাই যিহোৱা আনন্দিত হয়। তেওঁ এয়া দেখিয়ো আনন্দিত হয় যে আমি লাজুকীয়া স্বভাৱৰ হোৱাৰ স্বত্বেও সভাত উত্তৰ দিবলৈ হাত দাঙোঁ। লগতে যেতিয়া আমি আনৰ ভুলবোৰ আওকাণ কৰি তেওঁলোকক ক্ষমা কৰোঁ, তেতিয়াও তেওঁ বহুত আনন্দিত হয়। কিছুমান ভাই-ভনীয়ে ভাবিব পাৰে যে তেওঁলোকে যিহোৱাৰ বাবে যিমান কৰিব বিচাৰে, সিমান কৰিব পৰা নাই। আপুনিও এইদৰে ভাবে নে? যদি হয়, তেনেহʼলে সম্পূৰ্ণ ভৰসা ৰাখক যে আপুনি যিহোৱাৰ বাবে যি কৰিব পাৰিছে, তাক তেওঁ মূল্যাংকন কৰে। যিহোৱাই আপোনাক প্ৰেম কৰে আৰু আপুনি যি পৰিশ্ৰম কৰি আছে, তাৰ পুৰস্কাৰ তেওঁ নিশ্চয় দিব।—লূক ২১:১-৪.
জীৱন্ত ঈশ্বৰৰ কাষত থাকক
১৪. যিহোৱাৰ লগত আমাৰ ভাল সম্পৰ্ক থাকিলে, আমি কেনেকৈ তেওঁৰ বিশ্বাসী হৈ থাকিম? (ছবিখনো চাওক।)
১৪ যদি যিহোৱাৰ লগত আমাৰ ঘনিষ্ঠ বন্ধুত্ব থাকে, তেনেহʼলে তেওঁৰ বিশ্বাসী হৈ থকাটো আমাৰ বাবে সহজ হʼব। যোচেফৰ উদাহৰণলৈ মন কৰক, তেওঁ বেয়া কাম কৰিবলৈ স্পষ্টকৈ মানা কৰিছিল, কিয়নো তেওঁৰ বাবে যিহোৱা এজন জীৱিত ঈশ্বৰ আছিল আৰু তেওঁ ঈশ্বৰক দুখিত কৰিব বিচৰা নাছিল। (আদি. ৩৯:৯) যদি যিহোৱা আমাৰ বাবে জীৱিত ঈশ্বৰ হোৱাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? আমি প্ৰাৰ্থনা কৰিব লাগিব আৰু অধ্যয়ন কৰিবলৈ সময় উলিয়াব লাগিব। এইদৰে কৰাৰ যোগেদি যিহোৱাৰ লগত আমাৰ ঘনিষ্ঠ বন্ধুত্ব হʼব। যোচেফৰ দৰে যিহোৱাৰ লগত আমাৰো সম্পৰ্ক যদি দৃঢ় হয়, তেনেহʼলে আমি এনে কোনো কাম নকৰিম, যাৰ পৰা তেওঁ মনত আঘাত পায়।—যাকো. ৪:৮.
১৫. আমি ইস্ৰায়েলীসকলৰ পৰা কি শিকোঁ? (ইব্ৰী ৩:১২)
১৫ যিসকল লোকে যিহোৱা জীৱিত ঈশ্বৰ হয় বুলি পাহৰি যায়, তেওঁলোকে সহজতে যিহোৱাৰ পৰা আঁতৰি যায় আৰু তেওঁৰ বিশ্বাসী হৈ নাথাকে। অৰণ্যত ইস্ৰায়েলীসকলৰ লগত কি হৈছিল, তালৈ মন কৰক। তেওঁলোকে জানিছিল যে যিহোৱা সঁচাকৈ আছে, কিন্তু তেওঁলোকে সন্দেহ কৰিবলৈ ধৰিলে যে যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব নে নাই। তেওঁলোকেতো এয়াও কৈছিল, জানো “যিহোৱা আমাৰ মাজত আছে নে নাই।” (যাত্ৰা. ১৭:২, ৭) সেইবাবে, তেওঁলোকে আগলৈ গৈ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। আমি সেই ইস্ৰায়েলীসকলৰ দৰে হʼব নিবিচাৰোঁ আৰু জীৱিত ঈশ্বৰৰ পৰা কেতিয়াও আঁতৰি যাব নিবিচাৰোঁ।—ইব্ৰী ৩:১২ পঢ়ক।
১৬. কেতিয়া আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে?
১৬ এই দুষ্ট জগতত যিহোৱাৰ লগত নিজৰ সম্পৰ্ক দৃঢ় কৰি ৰখাটো ইমান সহজ নহয়। কিছুমান লোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে আৰু কয় যে কোনো ঈশ্বৰ নাই। প্ৰায়ে দেখিবলৈ পোৱা যায় যে যিসকলে ঈশ্বৰৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন নকৰে, তেওঁলোকে ভালদৰে জীয়াই থাকে। এইবোৰ চাই আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে। আমি এইদৰে কেতিয়াও নকম যে কোনো ঈশ্বৰ নাই, কিন্তু আমি ভাবিব পাৰোঁ যে ঈশ্বৰে আমাক সহায় কৰিব নে নকৰে। গীতমালা ৭৩-ৰ লেখকেও এইদৰেই অনুভৱ কৰিছিল। যেতিয়া তেওঁ চাইছিল যে তেওঁৰ আশে-পাশে থকা লোকসকলে ঈশ্বৰৰ কোনো নিয়ম পালন নকৰে, তথাপি তেওঁলোকে আৰামেৰে জীয়াই আছে আৰু আনন্দ ফুৰ্তি কৰি আছে। তেতিয়া তেওঁ ভাবিবলৈ ধৰিলে যে যিহোৱাৰ সেৱা কৰাৰ কিবা লাভ আছে নে?—গীত. ৭৩:১১-১৩.
১৭. যিহোৱাৰ কাষত থাকিবলৈ আমি কি কৰিব লাগিব?
১৭ পাছলৈ গীতমালা ৭৩-ৰ লেখকে নিজৰ চিন্তাধাৰা শুধৰণি কৰিলে। তেওঁ এয়া কেনেকৈ কৰিলে? যিসকল লোকে যিহোৱাৰ ওপৰত ভৰসা নকৰে, তেওঁলোকৰ পৰিণাম কি হʼব, তাৰ বিষয়ে তেওঁ চিন্তা কৰিলে। (গীত. ৭৩:১৮, ১৯, ২৭) যিহোৱাৰ সেৱা কৰাৰ বাবে তেওঁ কি কি আশীৰ্বাদ লাভ কৰিলে, তাৰ বিষয়েও তেওঁ চিন্তা কৰিলে। (গীত. ৭৩:২৪) আমিও এইদৰেই কৰিব পাৰোঁ। আমি চিন্তা কৰিব পাৰোঁ যে যিহোৱাই আমাক কি কি আশীৰ্বাদ দিছে। আমি যিহোৱাৰ উপাসনা নকৰা হʼলে আমাৰ জীৱন কেনেকুৱা হʼলহেঁতেন। এইদৰে ভাবিলে আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম আৰু গীত ৰচকৰ দৰে কʼব পাৰিম, “মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল।”—গীত. ৭৩:২৮.
১৮. ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি আমি কিয় ভয় নকৰোঁ?
১৮ আমি “জীৱনময় সত্য ঈশ্বৰৰ সেৱা” কৰোঁ, সেইবাবে এই শেষ কালত আহিবলগীয়া সকলো সমস্যা আমি সন্মুখীন হʼব পাৰিম। (১ থিচ. ১:৯) যিহোৱা জীৱিত ঈশ্বৰ আৰু তেওঁ নিজৰ উপাসকসকলক সহায় কৰে। প্ৰাচীন সময়ত তেওঁ নিজৰ সেৱকসকলক সহায় কৰিছিল আৰু আজিও তেওঁ আমাক সহায় কৰে। অতি সোনকালে আমি এনে এক মহা-সংকটৰ সন্মুখীন হʼম, যি পৃথিৱীত আগতে কেতিয়াও হোৱা নাই। কিন্তু আমি ভৰসা ৰাখিব পাৰোঁ যে এনে পৰিস্থিতিটো যিহোৱাই আমাক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিব। (যিচ. ৪১:১০) সেইবাবে, আমি সাহসেৰে কʼব পাৰোঁ যে “প্ৰভু মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম”—ইব্ৰী ১৩:৫, ৬.
গীত নং ৩ আমাৰ শক্তি, আশা আৰু ভৰসা