জীৱন কাহিনী
যিহোৱাই মোৰ প্ৰাৰ্থনালৈ ধ্যান দিলে
যেতিয়া মই দহ বছৰৰ আছিলোঁ, তেতিয়া এদিনাখন ৰাতি বহুত চিন্তিত হৈ পৰিছিলোঁ। ৰাতি আকাশত তৰাবোৰক চাই মই যিহোৱালৈ আঠু কাঢ়ি প্ৰথমবাৰ প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। মই মনৰ সকলো কথা খুলি কʼলোঁ আৰু তেতিয়াৰে পৰা প্ৰাৰ্থনা শুনোতা ঈশ্বৰ যিহোৱাৰ কাষ চাপিবলৈ ধৰিলোঁ। (গীত. ৬৫:২) কিন্তু মই যিহোৱাৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিছিলোঁ হে, তথাপিও মই কিয় প্ৰাৰ্থনা কৰিলোঁ। আহক এই বিষয়ে মই আপোনালোকক জনাওঁ।
এটা সাক্ষাতে আমাৰ জীৱন সলনি কৰিলে
মোৰ জন্ম ডিচেম্বৰ ২২, ১৯২৯ চনত বেলজিয়াম বাস্টোন চহৰৰ নোবিল গাৱত হৈছিল। এই গাওঁখন আৰ্ডেন অৰণ্যৰ কাষতে আছিল। আমাৰ গাওঁখন বহুত সৰু আছিল, ইয়াত কেৱল নখন খেতিৰ পথাৰ আছিল। মোৰ লʼৰালিকাল বহুত আনন্দেৰে পাৰ হৈছিল। মোৰ ভাইটি আৰু মই প্ৰতি দিনে গৰুৰ গাখীৰ উলিয়াইছিলোঁ, লগতে শস্য দুৱাৰ সময়ত মা-দেউতাক সহায়ো কৰিছিলোঁ। আমাৰ গাওঁৰ লোকসকলৰ মাজত বহুত একতা আছিল আৰু সকলোৱে এজনে আনজনক সহায় কৰিছিল।
মোৰ দেউতা এমিল আৰু মা এলিচ কেথলিক আছিল। তেওঁলোকে প্ৰতি দেওবাৰে গীৰ্জালৈ গৈছিল। প্ৰায় ১৯৩৯-ত ইংলেণ্ডৰ পৰা আমাৰ গাওঁলৈ, কিছুমান অগ্ৰগামী সেৱক আহিছিল। তেওঁলোকে মোৰ দেউতাক কনচলেশ্বন পত্ৰিকা দেখুৱালে (যাক আজি সচেতন থাকক! বুলি কোৱা হয়) আৰু তাৰ চাবস্ক্ৰিপচন লʼব পাৰে বুলি কʼলে, যাতে তেওঁ প্ৰতি মাহে এই পত্ৰিকা পাই থাকিব পাৰে। মোৰ দেউতা যেতিয়া এই পত্ৰিকা পঢ়িলে, তেতিয়া তেওঁ গম পালে যে ইয়াত লিখা কথাবোৰ সঁচা। তেতিয়াৰে পৰা তেওঁ বাইবেল পঢ়িবলৈ আৰম্ভ কৰিলে। মোৰ দেউতা যেতিয়া গীৰ্জালৈ যাবলৈ বন্ধ কৰি দিলে, তেতিয়া আমাৰ ওচৰ-চুবুৰীয়া, যিসকল মোৰ দেউতাৰ ভাল বন্ধু আছিল, তেওঁলোকে তেওঁৰ বিৰোধ কৰিবলৈ ধৰিলে আৰু কেথলিক ধৰ্ম এৰি নিদিবলৈ তেওঁলোকে হেঁচা দিবলৈ ধৰিলে। সেইবাবে, তেওঁলোকৰ মাজত বহুবাৰ তৰ্কও হৈছিল।
দেউতাৰ লগত যি হৈ আছিল, সেয়া দেখি মোৰ বহুত দুখ লাগিছিল। সেইবাবে, আৰম্ভণিত কোৱাৰ দৰে মই যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। তাৰ পাছত যেতিয়া লাহে লাহে ওচৰ-চুবুৰীয়াসকলে বিৰোধ কৰিবলৈ বন্ধ কৰি দিলে, তেতিয়া মই বহুত আনন্দিত হলোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস হʼল যে যিহোৱা ‘প্ৰাৰ্থনা শুনোতা’ ঈশ্বৰ।
দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত
মে’ ১০, ১৯৪০ চনত নাজী জাৰ্মানীৰ সেনাসকলে বেলজিয়ামৰ ওপৰত আক্ৰমণ কৰি দিলে। এই সময়ছোৱাত বহুতো লোকে নিজৰ দেশ এৰি পলাবলগীয়া হʼল। আমিও তাৰ পৰা পলাই দক্ষিণ ফ্ৰান্সলৈ গলোঁ। ৰাস্তাত আমি গৈ থাকোতে এনে
কিছুমান ঠাই পালোঁ, য’ত জাৰ্মানী আৰু ফ্ৰান্সৰ সেনাসকলৰ মাজত যুদ্ধ চলি আছিল।পাছত যেতিয়া আমি নিজৰ ঘৰলৈ উভটি গলোঁ, তেতিয়া সকলোবোৰ শেষ হৈ গৈছিল, কেৱল আমাৰ কুকুৰ বʼবী আছিল। তেতিয়া মই ভাবিবলৈ ধৰিলোঁ, যুদ্ধ কিয় হয়? ইমান দুখ-কষ্ট কিয় আছে?
সেই সময়ছোৱাত ভাই এমিল স্ৰান্টজে a আমাক বহুত উৎসাহিত কৰিলে। তেওঁ এজন বিশ্বাসী প্ৰাচীন আৰু অগ্ৰগামী সেৱক আছিল। আজি ইমান দুখ-কষ্ট কিয় হৈ আছে এই বিষয়ে তেওঁ বাইবেলৰ পৰা স্পষ্টকৈ বুজালে। তেওঁ মোৰ আন প্ৰশ্নবোৰৰো উত্তৰ দিলে। ইয়াৰ পৰা মোৰ বিশ্বাস হʼল যে যিহোৱা এজন মৰমীয়াল পিতৃ। তেতিয়াৰে পৰা মই আৰু তেওঁৰ কাষ চাপিবলৈ ধৰিলোঁ।
যুদ্ধ চলি আছিল, তথাপিও আমাৰ পৰিয়ালে আন ভাই-ভনীসকলৰ লগত লগ কৰিব পাৰিছিল। আগষ্ট ১৯৪৩ চনত জʼজে নিকলা মিনে আমাৰ তাত আহিছিল আৰু এখন ভাষণ দিছিল। তেওঁ সুধিলে, কোনে বাপ্তিষ্মা লʼব বিচাৰে? তেতিয়া মোৰ দেউতা আৰু মই হাত দাঙিলোঁ, তাৰ পাছত আমাৰ পথাৰৰ ওচৰতে থকা এখন সৰু নদীত আমাৰ বাপ্তিষ্মা হʼল।
ডিচেম্বৰ ১৯৪৪ চনত জৰ্মানীৰ সেনাই শেষবাৰৰ বাবে পশ্চিম ইউৰোপত ডাঙৰ আক্ৰমণ কৰিছিল, যাক “বল্জৰ যুদ্ধ” বুলিও কোৱা হয়। এই যুদ্ধ আমাৰ ঘৰৰ একে বাৰে কাষত হৈ আছিল, সেইবাবে আমি প্ৰায় এমাহলৈকে তলৰ কোঠালীত লুকাই থাকিবলগীয়া হৈছিল। এদিনা মই জন্তুবোৰক আহাৰ দিবলৈ ওলাই গৈছিলোঁ, তেতিয়া বোমা পেলাবলৈ আৰম্ভ কৰি দিলে। ইয়াৰ ফলত আমাৰ গুদামৰ ছাল উৰি গৈছিল। ঘোঁৰা ৰখা ঘৰৰ কাষতে এজন আমেৰিকি সৈনিক আছিল তেওঁ চিঞৰি কলে, “তাতে শুই দিয়া।” মই দৈৰি গৈ তেওঁৰ কাষতে শুই দিলো। তেওঁ মোক বচাবলৈ নিজৰ হেলমেট মোৰ মূৰৰ ওপৰত ৰাখি দিলে।
যিহোৱাৰ আৰু কাষ চাপিবলৈ ধৰিলোঁ
যুদ্ধৰ পাছত আমি লিয়েজ চহৰৰ এখন মণ্ডলীৰ লগত যোগাযোগ কৰিবলৈ ধৰিলোঁ। এই চহৰখন আমাৰ ইয়াৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৬ মাইল) দূৰ উত্তৰত আছিল। কিছুসময়ৰ পাছত আমি বাষ্টোনত এখন সৰু অধ্যয়ন সমূহ আৰম্ভ কৰিলোঁ। সেই সময়ছোৱাত মই কৰ বিভাগত কাম কৰিবলৈ ধৰিলোঁ আৰু মই আইন পঢ়িবলৈও সুযোগ পালোঁ। পাছলৈ মই এখন চৰকাৰী অফিচত চাকৰি পালোঁ। বাষ্টোনত ১৯৫১ চনত এখন সৰু চাৰ্কিট সন্মিলন ৰখা হৈছিল, যʼত প্ৰায় এশজন লোক উপস্থিত হৈছিল। এই সন্মিলনত অগ্ৰগামী সেৱা কৰা এগৰাকী ভনী এলী ৰাইটৰক লগ পালোঁ। তাই সন্মিলনৰ বাবে প্ৰায় ৫০ কিলোমিটাৰ (৩১ মাইল) দূৰৰ পৰা চাইকেল চলাই আহিছিল। আমি
এজনে-আনজনক ভাল পাবলৈ ধৰিলোঁ। পাছলৈ আমাৰ বিয়া ঠিক হʼল। এলীয়ে গিলিয়াডলৈ যাবলৈ নিমন্ত্ৰণ পালে, কিন্তু তাই এই স্কুলত কিয় উপস্থিত হʼব নোৱাৰে, এই কথা চিঠি লিখি মূখ্য কাৰ্য্যালয়ক জনালে। সেই সময়ছোৱাত ভাই নʼৰে যিহোৱাৰ সাক্ষীসকলৰ নেতৃত্ব লৈছিল। তেওঁ চিঠিৰ উত্তৰ দিলে আৰু মৰমেৰে কʼলে, ‘হয়তো তুমি এদিন তোমাৰ স্বামীৰ লগত এই ক্লাছত উপস্থিত হʼবা।’ আমাৰ বিয়া ফেব্ৰুৱাৰী ১৯৫৩ চনত হʼল।সেই বছৰতে মই আৰু এলীয়ে নিউ ইয়ৰ্কৰ য়েঙ্কি ষ্টেডিয়ামত ৰখা “নতুন পৃথিৱীৰ প্ৰজাসকল” সন্মিলনত উপস্থিত হʼলোঁ। মই তাত এজন ভাইক লগ পালোঁ। তেওঁ মোক কʼলে যে যদি মই আমেৰিকাতে থাকি যাওঁ, তেনেহʼলে তেওঁ মোক এটা ভাল চাকৰি দিব। মই আৰু এলীয়ে এই বিষয়ে বহুত প্ৰাৰ্থনা কৰাৰ পাছত নিৰ্ণয় লʼলো যে মই এই চাকৰি নকৰিম আৰু পুনৰ বেলজিয়ামলৈ ঘূৰি যাম আৰু আমি বাষ্টোনত সৰু সমূহক সহায় কৰিম, যʼত প্ৰায় দহ জন প্ৰচাৰক আছিল। তাৰ পাছৰ বছৰত আমাৰ এটি লʼৰা হʼল, যাৰ নাম আমি চাৰ্জ থলোঁ। কিন্তু দুখৰ কথা যে সাত মাহৰ পাছত সি বেমাৰ হʼল আৰু মৃত্যু হʼল। আমি নিজৰ মনৰ সকলো দুখ যিহোৱাক জনালোঁ। যিহোৱাই তেওঁক আকৌ জীয়াই তোলাৰ আশাৰ বিষয়েও আমি মনন কৰিলোঁ। এইদৰে কৰাৰ বাবে আমি সাহস পালোঁ আৰু নিজৰ দুখৰ পৰা ওলাই আহিব পাৰিলোঁ।
পূৰ্ণ সময়ৰ সেৱা
অক্টোবৰ ১৯৬১ চনত মই এটা পাৰ্ট টাইম চাকৰি পালোঁ। ইয়াৰ বাবে মই অগ্ৰগামী সেৱাও কৰিব পাৰিছিলোঁ। সেই দিনাই বেলজিয়ামৰ শাখা কাৰ্য্যালয়ৰ এজন ভায়ে মোক ফোন কৰিলে আৰু কʼলে, ‘আপুনি চাৰ্কিট সেৱক হিচাপে সেৱা কৰিব বিচাৰে নে?’ (বৰ্তমান সময়ত চাৰ্কিট সেৱকক চাৰ্কিট ওভাৰচিয়াৰ বুলি কোৱা হয়।) তেতিয়া মই তেওঁক কʼলো, “তাৰ আগতে আমি কিছু সময়ৰ বাবে অগ্ৰগামী সেৱা কৰিব পাৰোঁ নে?” তেওঁলোকে আমাৰ কথা মানি লʼলে। আমি আঠ মাহলৈকে অগ্ৰগামী সেৱা কৰিলোঁ আৰু তাৰ পাছত ছেপ্টেম্বৰ ১৯৬২ চনত আমি চাৰ্কিট সেৱা আৰম্ভ কৰিলোঁ।
দুবছৰ চাৰ্কিট কাম কৰাৰ পাছত আমাক বেথেললৈ মতা হʼল, যি বেলজিয়ামৰ ৰাজধানী ব্ৰচেলচত আছিল। অক্টোবৰ ১৯৬৪ চনত আমি তাত সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ। ইয়াত আমি বহুতো আশীৰ্বাদ লাভ কৰিলোঁ। ভাই নʼৰে ১৯৬৫ চনত আমাৰ বেথেলত সাক্ষাত কৰিবলৈ আহিছিল। তেওঁ মোক শাখা সেৱক হিচাপে নিযুক্ত কৰিলে। মই এই দায়িত্ব পাম বুলি কেতিয়াও ভবা নাছিলোঁ। পাছত আমাক গিলিয়াডৰ ৪১-তম ক্লাচলৈ মতা হʼল। ভাই নʼৰে ১৩ বছৰৰ আগতে যি কৈছিল সেয়া পূৰ হʼল। স্কুল শেষ হোৱাৰ পাছত আমি আকৌ বেলজিয়াম বেথেললৈ উভতি আহিলোঁ।
আইন অধিকাৰৰ বাবে যুঁজ
আইন পঢ়াৰ বাবে আগলৈ গৈ বহুত লাভ হʼল। মই ইউৰোপ আৰু আন ঠাইত আইন অধিকাৰৰ বাবে যুঁজ কৰিলোঁ, যাতে যিহোৱাৰ সাক্ষীসকলে উপাসনা কৰাৰ অধিকাৰ পাব পাৰে। (ফিলি. ১:৭) মই প্ৰায় ৫৫ টা দেশৰ অধিকাৰীসকলক লগ কৰিব পাৰিলোঁ, যʼত আমাৰ কামত প্ৰতিবন্ধ লগোৱা হৈছিল বা সম্পূৰ্ণকৈ বন্ধ কৰা হৈছিল। মই যেতিয়া তেওঁলোকক লʼগ কৰিছিলোঁ, তেতিয়া মই আইন পঢ়িছোঁ বুলি কেতিয়াও কোৱা নাছিলোঁ। কিন্তু মই ঈশ্বৰৰ এজন সেৱক বুলিহে তেওঁলোকক কৈছিলোঁ। মই প্ৰতিটো বিষয়ত যিহোৱাৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰিছিলোঁ। মই জানিছিলোঁ যে ৰজা বা জʼজ “যিহোৱাৰ হাতত পানীৰ লোৰৰ নিচিনা; তেওঁ যি ফাললৈ ইচ্ছা কৰে, সেই ফাললৈ তাক ঘুৰায়।”—হিতো. ২১:১.
যিহোৱাই বহু বাৰ অধিকাৰীসকলৰ মন কেনেকৈ সলনি কৰিলে, সেয়া মই লক্ষ্য কৰিলোঁ। এটা ঘটনা আজিলৈকে মোৰ মনত আছে। ইউৰোপীয় সংসদৰ এজন সদস্যক লগ কৰিবলৈ মই বহু বাৰ চেষ্টা কৰিলোঁ। অৱশেষত তেওঁ মোক লগ কৰিবলৈ মান্তি হʼল। তেওঁ মোক কʼলে, “তোমাৰ ওচৰত কেৱল পাঁচ মিনিট আছে, যি কʼবলৈ আছে সোনকালে কোৱা।” তেতিয়া মই মূৰ দুৱাই প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। এয়া চাই তেওঁ অলপ ভয় খালে আৰু সুধিলে, “এয়া তুমি কি কৰি আছা?” মই তেওঁক কʼলোঁ, “মই ঈশ্বৰক ধন্যবাদ দি আছোঁ, কাৰণ আপুনি তেওঁৰ সেৱক।” তেওঁ সুধিলে, “মানে?” মই তেওঁক ৰোমীয়া ১৩:৪ পদ দেখুৱালোঁ। তেওঁ প্ৰটেষ্টেণ্ট ধৰ্মৰ আছিল আৰু তেওঁ বাইবেল বহুত ভাল পাইছিল। সেইবাবে, আমি আধা ঘন্টালৈকে কথা পাতিলোঁ আৰু আমাৰ মাজত ভাল কথা-বতৰা হʼল। তেওঁ এয়াও কʼলে যে তেওঁ যিহোৱাৰ সাক্ষীসকলৰ কামক বহুত মূল্যাংকন কৰে।
বহু বছৰৰ পৰা যিহোৱাৰ লোকসকল ইউৰোপত বহুতো মোকদমাত যুঁজি আছে। যেনে, সেনাত ভৰ্তি হোৱা, লʼৰা-ছোৱালীৰ কাচটিডি, টেক্স দিয়া আৰু আন বিষয়বোৰ। মোৰ বাবে বৰ সন্মানৰ কথা যে এই মোকদমাবোৰ যুঁজিবলৈ মই সহায় কৰিব পাৰিলোঁ। যিহোৱাই আমাক কেনেকৈ জয় কৰালে এয়া মই নিজ চকুৰে চাব পৰিলোঁ। যিহোৱাৰ সাক্ষীসকলে ‘ইউৰোপীয়া মানৱ অধিকাৰ আদালতত’ ১৪০-তকৈও বেছি মোকদমা জিকিছে।
কিউবাত ৰাজ্যৰ কাম বাঢ়িবলৈ ধৰিলে
পাছলৈ মই মুখ্য কাৰ্য্যালয়ৰ এজন ভাই ফিলিপ ব্ৰমলী আৰু ইটালিৰ ভাই ৱল্টৰ ফʼৰ্নেটীৰ লগত কাম কৰিবলৈ সুযোগ পালোঁ। কিউবাত আমাৰ কামৰ ওপৰত প্ৰতিবন্ধ লগোৱা হৈছিল। সেইবাবে, আমি তিনিজনে কিউবাৰ ভাই-ভনীসকলক সহায় কৰিবলৈ চেষ্টা কৰিলোঁ, যাতে তেওঁলোকে মুকলিভাৱে সেৱা কৰিব পাৰে। মই বেলজিয়াম কিউবাৰ দূতাবাছলৈ (এম্বেছী) চিঠি লিখিলোঁ আৰু তাৰ এজন অধিকাৰীক বহু বাৰ লগ কৰিলোঁ। কিন্তু একো লাভ নহʼল। যি ভুল বুজাবুজিৰ বাবে চৰকাৰে আমাৰ কামত যি প্ৰতিবন্ধ লগাইছিল, সেয়া দূৰ নহʼল।
তাৰ পাছত যিহোৱালৈ আমি প্ৰাৰ্থনাত সহায় বিচাৰিলোঁ। আমি কিউবাৰ চৰকাৰক অনুৰোধ কৰিলোঁ যে আমি সাক্ষীসকলক ৫,০০০ খন বাইবেল পঠাব পাৰোঁ নে? আমি ইয়াৰ অনুমতি পালোঁ। যেতিয়া ভাই-ভনীসকলে বাইবেল পালে, তেতিয়া আমি বুজি পালোঁ যে আমাৰ পৰিশ্ৰমৰ ওপৰত যিহোৱাই আশীৰ্বাদ দিছে। তাৰ পাছত আমি আৰু ২৭,৫০০ খন বাইবেল পঠাবলৈ অনুমতি বিচাৰিলোঁ। আমি এইবাৰো অনুমতি পালোঁ। কিউবাৰ প্ৰতিজন ভাই-ভনীয়ে বাইবেল পোৱাৰ বাবে মই বৰ আনন্দিত।
কিউবাত আমাৰ কামৰ ওপৰত যি প্ৰতিবন্ধ লগোৱা হৈছিল, সেয়া আঁতৰাবলৈ মই বহু বাৰ তালৈ গৈছিলোঁ। এই সময়ছোৱাত মই তাৰ বহুতো অধিকাৰীক লগ পালোঁ আৰু তেওঁলোকৰ লগত মোৰ ভাল চিনাকি হʼল।
ৰুৱাণ্ডাৰ ভাই-ভনীসকলক সহায় কৰিলোঁ
ৰুৱাণ্ডা দেশত ১৯৯৪ চনত টুটচী জাতিক একেবাৰে শেষ কৰিবলৈ যি মাৰ-কাট হৈছিল, তাত ১০ লাখতকৈ বেছি লোকসকলক মাৰি পেলোৱা হৈছিল। দুখৰ কথা যে ইয়াত আমাৰ কিছুমান ভাই-ভনী আছিল। সেই সময়তে ভাইসকলৰ এক সমূহক ৰুৱাণ্ডাত ভাই-ভনীসকলৰ বাবে সাহায্যৰ বস্তু পঠাবলৈ কোৱা হৈছিল।
যেতিয়া আমাৰ সমূহ কিগালীৰ ৰাজধানী গৈ পালে, তেতিয়া আমি অনুবাদ কাৰ্য্যালয় আৰু প্ৰকাশন ৰখা গুদামৰ দেৱালত বহুতো গুলী মৰা চিন দেখিবলৈ পালোঁ। আমি বহুতো দুখ লগা ঘটনাৰ বিষয়ে শুনিবলৈ পালোঁ যে কেনেকৈ তেওঁলোকে আমাৰ ভাই-ভনীসকলক ডাঙৰ ডাঙৰ ছুৰীৰে হত্যা কৰিছিল। ইয়াৰ উপৰিও আমি এয়াও শুনিবলৈ পালোঁ যে, তাৰ ভাই-ভনীসকলে কেনেকৈ এজনে-আনজনক প্ৰেম দেখুৱালে। যেনে, আমি টুটচী জাতিৰ এজন ভাইক লগ কৰিলোঁ, তেওঁক হোটো জাতিৰ এটা সাক্ষী পৰিয়ালে ২৮ দিনলৈকে গাতত লুকুৱাই থৈছিল। আমি কিগালীত এখন সভা ৰাখিলোঁ, যʼত ৯০০-তকৈও বেছি ভাই-ভনী উপস্থিত হৈছিল। তেওঁলোকক আমি বাইবেলৰ পৰা শান্ত্বনা দিলোঁ।
পাছত আমি বৰ্ডাৰ পাৰ কৰি জাইৰ দেশ গʼলোঁ, (যি আজি কংগো লোকতান্ত্ৰিক গণৰাজ্য নামেৰে জনাজাত) যাতে আমি ৰুৱাণ্ডাৰ ভাই-ভনীসকলক বিচাৰিব পাৰোঁ। বহুতো ভাই-ভনীয়ে গমা চহৰৰ ওচৰত থকা শৰণাৰ্থী শিবিৰলৈ পলাই গৈছিল। কিন্তু যেতিয়া আমি তেওঁলোকক বিচাৰি নাপালোঁ, তেতিয়া সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া জানেনে কি হʼল? আমি এজন ব্যক্তিক আমাৰ ফালে আহি থকা দেখিলোঁ আৰু তেওঁক সুধিলোঁ যে তেওঁ কোনো যিহোৱাৰ সাক্ষীক চিনি পাই নে? তেতিয়া তেওঁ কʼলে, “মই নিজে এজন যিহোৱাৰ সাক্ষী হওঁ। আহক মই আপোনাক সাহায্য সমিতিৰ ওচৰলৈ লৈ যাওঁ।” আমি প্ৰথমে সাহায্য সমিতি আৰু পাছত ১৬০০ শৰণাৰ্থী ভাই-ভনীক লগ কৰিলোঁ। আমি তেওঁলোকক শান্ত্বনা দিলোঁ। লগতে, প্ৰশাসন গোষ্ঠীৰ চিঠিও পঢ়ি শুনালোঁ, তাত লিখা আছিল যে “আমি নিয়মীয়াকৈ আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি আছোঁ, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই আপোনালোকক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিয়ে।” এই কথা ভাই-ভনীসকলৰ হৃদয় স্পৰ্শ কৰিলে। প্ৰশাসন গোষ্ঠীৰ কথা একেবাৰে সঁচা আছিল। যিহোৱাই ৰুৱাণ্ডাৰ ভাই-ভনীসকলক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিলে। আজিও ৰুৱাণ্ডাত ৩০,০০০-তকৈও বেছি সাক্ষীসকলে আনন্দেৰে যিহোৱাৰ উপাসনা কৰি আছে!
মই যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ থিৰাং কৰিলোঁ
মোৰ মৰমৰ পত্নীক ২০১১ চনত মৃত্যুত হেৰুৱালোঁ। আমি প্ৰায় ৫৮ বছৰ একেলগে কটালোঁ। এই দুখৰ সময়ছোৱাত মই বহু বাৰ যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ আৰু শান্ত্বনা লাভ কৰিলোঁ। প্ৰচাৰ কৰাৰ যোগেদিও মই সাহস লাভ কৰিলোঁ।
মোৰ বয়স ৯০ তকৈও বেছি হৈ গৈছে, তথাপিও মই প্ৰতি সপ্তাহে প্ৰচাৰলৈ যাওঁ। মই বেলজিয়াম বেথেলৰ আইন বিভাগত সহায় কৰোঁ আৰু আনক নিজৰ অনুভৱ জনাই তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ। মই বেথেলৰ ডেকা ভাই-ভনীসকলক মেৰপালকৰ সাক্ষাৎ কৰোঁ। মই বৰ আনন্দিত যে যিহোৱাৰ বাবে মই এই সকলো কৰিব পাৰিছোঁ।
আজিৰ পৰা প্ৰায় ৮৪ বছৰৰ আগতে মই প্ৰথম বাৰ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। আজি মই যিহোৱাৰ কাষ চাপি আহিছোঁ। যিহোৱাই সকলো সময়তে মোৰ প্ৰাৰ্থনা শুনিলে আৰু তাৰ প্ৰতি ধ্যান দিলে, তাৰ বাবে মই বহুত কৃতজ্ঞ।—গীত. ৬৬:১৯. b