Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৯

আপুনি মহাক্লশেৰ বাবে সাজু আছেনে?

আপুনি মহাক্লশেৰ বাবে সাজু আছেনে?

‘যুগুত বা সাজু হৈ থাকা।ʼ—মথি ২৪:৪৪.

গীত ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক

লেখৰ এক আভাস a

১. কোনো দুৰ্যোগৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰাটো কিয় বুদ্ধিমানৰ কাম হয়?

 আগতীয়াকৈ তৈয়াৰী কৰিলে জীৱন ৰক্ষা হʼব। যেনে, কোনো দুৰ্যোগৰ সন্মুখীন হʼবলৈ যিসকল লোকে আগতীয়াকৈ তৈয়াৰী কৰে, তেওঁলোকৰ জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা বেছি থাকে আৰু তেওঁলোকে আনকো সহায় কৰিব পাৰে। সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰা ইউৰোপৰ এটা সংগঠনে এইদৰে কৈছে, “আপোনাৰ জীৱন ৰক্ষা হʼব নে নহয়, সেয়া আপুনি আগতীয়াকৈ কিমান ভালদৰে তৈয়াৰী কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে।”

২. আমি মহাক্লেশৰ বাবে কিয় আগতীয়াকৈ তৈয়াৰী কৰি ৰখা উচিত? (মথি ২৪:৪৪)

“মহাক্লেশ” হঠাতে আৰম্ভ হʼব। (মথি ২৪:২১) কিন্তু আন দুৰ্যোগবোৰ আহিলে লোকসকলে যিদৰে আচৰিত হয়, ঠিক সেইদৰে মহাক্লেশ আহিলে সকলোৱে আচৰিত নহʼব। কাৰণ ইয়াৰ বিষয়ে যীচুৱে আগতীয়াকৈ কৈছিল। প্ৰায় ২০০০ বছৰৰ আগতে তেওঁ নিজৰ শিষ্যসকলক সেই দিনৰ বাবে সাজু হৈ থাকিবলৈ কৈছিল। (মথি ২৪:৪৪ পঢ়ক।) আগতীয়াকৈ তৈয়াৰী কৰিলে সেই কঠিন সময়ছোৱাৰ সন্মুখীন হʼবলৈ আমাৰ বাবে অলপ সহজ হʼব আৰু আমি আনকো সহায় কৰিব পাৰিম।—লূক ২১:৩৬.

৩. ধৈৰ্য্য ধৰিলে, প্ৰেম আৰু কৰুণা থাকিলে আমি মহাক্লেশৰ বাবে কেনেকৈ নিজকে সাজু কৰিব পাৰিম?

আহক এনে তিনিটা গুণলৈ মন কৰোঁ, যিবোৰ বঢ়ালে আমি মহাক্লেশৰ সন্মুখীন হʼবলৈ সাজু হʼব পাৰিম। আগলৈ গৈ যেতিয়া আমাক ন্যায়দণ্ডৰ বাৰ্তা শুনাবলৈ কোৱা হʼব বা লোকসকলে আমাৰ বিৰোধ কৰিব, তেতিয়া আমি কি কৰিম? (প্ৰকা. ১৬:২১) ধৈৰ্য্য ধৰিলে আমি যিহোৱাৰ আজ্ঞা মানিম আৰু তেওঁ আমাক ৰক্ষা কৰিব বুলি ভৰসা ৰাখিম। আন এটা কথা আমাৰ ভাই-ভনীসকলে কম খৰচত চলিবলগীয়া হʼলে বা তেওঁলোকৰ একোৱে নাথাকিলে, আমি কি কৰিম? (হব. ৩:১৭, ১৮) আমাৰ অন্তৰত তেওঁলোকৰ প্ৰতি কৰুণা থাকিলে তেওঁলোকক সহায় কৰিবলৈ আমি যি কৰিব পাৰিম, সেয়া কৰিম। ৰাষ্ট্ৰবোৰৰ সমূহে আমাৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত যদি অলপ সময়ৰ বাবে বহুতো ভাই-ভনীয়ে একেলগে থাকিবলগীয়া হয়, তেতিয়া আমি কি কৰিম? (যিহি. ৩৮:১০-১২) আমাৰ অন্তৰত তেওঁলোকৰ প্ৰতি গভীৰ প্ৰেম থাকিলে আমি সেই কঠিন সময়ছোৱা পাৰ কৰিব পাৰিম।

৪. বাইবেলে আমাক ধৈৰ্য্য ধৰিবলৈ আৰু নিজৰ অন্তৰত আনৰ প্ৰতি কৰুণা আৰু প্ৰেম বঢ়াবলৈ কেনেকৈ উৎসাহিত কৰিছে?

ঈশ্বৰৰ বাক্যই আমাক ধৈৰ্য্য ধৰিবলৈ আৰু নিজৰ অন্তৰত আনৰ প্ৰতি কৰুণা আৰু প্ৰেম বঢ়াবলৈ উৎসাহিত কৰিছে। যেনে, লূক ২১:১৯ পদত এইদৰে লিখা আছে, “তোমালোকে নিজ ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।” কলচীয়া ৩:১২ পদত লিখা আছে, ‘কৰুণাক . . . পিন্ধা।ʼ ১ থিচলনীকীয়া ৪:৯, ১০ পদত লিখা আছে, ‘কিয়নো তোমালোকে নিজে পৰস্পৰে প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক; হে ভাইবিলাক, তোমালোক আৰু অধিককৈ উপচি পৰা।ʼ এই পদবোৰত লিখা কথাবোৰ সেই খ্ৰীষ্টানসকলক কোৱা হৈছিল, যিসকলে আগৰে পৰা ধৈৰ্য্য ধৰি আছিল আৰু যিসকলৰ অন্তৰত আনৰ প্ৰতি প্ৰেম আৰু কৰুণা আছিল। তথাপি তেওঁলোকক এই গুণবোৰ বঢ়াই থকাৰ প্ৰয়োজন আছিল। আমাকো এইদৰে কৰাৰ প্ৰয়োজন আছে। গতিকে আহক মন কৰোঁ যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এই তিনিটা গুণ কেনেকৈ দেখুৱালে। তাৰ পাছত আমি শিকিম যে আমি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰোঁ। এইদৰে আমি মহাক্লেশৰ বাবে সাজু হʼব পাৰিম।

ধৈৰ্য্য ধৰাৰ ইচ্ছা দৃঢ় কৰক

৫. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনেকৈ ধৈৰ্য্য ধৰিলে?

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছিল। (ইব্ৰী ১০:৩৬) আন লোকসকলে যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল, সেইবোৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে আন সমস্যাৰো সন্মুখীন হৈছিল। বহুতো খ্ৰীষ্টানক ধৰ্মগুৰু আৰু ৰোমী অধিকাৰীসকলে অত্যাচাৰ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকৰ নিজৰ পৰিয়ালেও তেওঁলোকৰ বিৰোধী হৈ পৰিছিল। (মথি ১০:২১) মণ্ডলীতো বহু বাৰ তেওঁলোকে এনে কিছুমান লোকৰ সন্মুখীন হʼবলগীয়া হৈছিল, যিসকলে খ্ৰীষ্টান শিক্ষাৰ বিৰুদ্ধে শিকাইছিল যাৰ বাবে মণ্ডলীত বিবাদৰ সৃষ্টি হʼলহেঁতেন। (পাঁচ. ২০:২৯, ৩০) তথাপিও সেই খ্ৰীষ্টানসকলে ধৈৰ্য্য ধৰিলে। (প্ৰকা. ২:৩) তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰিলে? তেওঁলোকে শাস্ত্ৰত দিয়া সেই লোকসকলৰ উদাহৰণবোৰলৈ মন কৰিলে, যিসকলে ধৈৰ্য্য ধৰিছিল, যেনে: ইয়োব। (যাকো. ৫:১০, ১১) তেওঁলোকে সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (পাঁচ. ৪:২৯-৩১) তেওঁলোকে এই কথাৰ ওপৰতো ধ্যান দিলে যে যদি তেওঁলোকে ধৈৰ্য্য ধৰে, তেনেহʼলে যিহোৱাই তেওঁলোকক নিশ্চয় পুৰস্কাৰ দিব।—পাঁচ. ৫:৪১.

৬. ভনী মেৰীতাই বিৰোধৰ সন্মুখীন হʼবলৈ যি কৰিলে তাৰ পৰা আপুনি কি শিকিলে?

আজি আমি বাইবেল আৰু আমাৰ প্ৰকাশনবোৰত দিয়া উদাহৰণবোৰ নিয়মীয়াকৈ পঢ়িলে আৰু তাৰ ওপৰত মনন কৰিলে আমিও ধৈৰ্য্য ধৰিব পাৰিম। আলবেনিয়াত থকা ভনী মেৰীতাই এইদৰে কৰাৰ বাবে ধৈৰ্য্য ধৰিব পাৰিলে। ভনীৰ পৰিয়ালে তাইক বহুত বিৰোধ কৰিছিল আৰু তাইক মাৰ-পিটো কৰিছিল। তাই এইদৰে কৈছে, “মই বাইবেলত ইয়োবৰ ঘটনা পঢ়িলোঁ আৰু তাৰ বিষয়ে মনন কৰিলোঁ। তেওঁৰ কাহিনী মোৰ অন্তৰ চুই গʼল। তেওঁ ইমান সমস্যা সহন কৰিবলগীয়া হৈছিল আৰু সেইবোৰ কোনে আনিছে তাৰ বিষয়েও তেওঁ জনা নাছিল। তথাপি তেওঁ এইদৰে কৈছিল, ‘মই নমৰোঁমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।ʼ (ইয়ো. ২৭:৫) ইয়োবে যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল তাৰ তুলনাত মোৰ সমস্যাবোৰ একোৱেই নহয় আৰু তেওঁৰ ওপৰত কোনে সমস্যা আনিছে তাৰ বিষয়ে তেওঁ জনা নাছিল কিন্তু মই জানোঁ যে মোৰ ওপৰত এই সমস্যাবোৰ কোনে আনিছে।”

৭. হয়তো আজি আপুনি ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা নাই, তথাপি আপুনি কি কৰিব পাৰে?

ধৈৰ্য্য ধৰিবলৈ হʼলে আমি বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা আৰু নিজৰ সকলো চিন্তাৰ বিষয়ে তেওঁক জনোৱাটো অতি প্ৰয়োজন। (ফিলি. ৪:৬; ১ থিচ. ৫:১৭) হয়তো এতিয়া আপুনি কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা নাই। কিন্তু যেতিয়া আপুনি চিন্তিত হয় বা আপুনি কি কৰিব লাগে বুজি নাপাই, তেতিয়াও আপুনি যিহোৱাক পথ দেখুৱাবলৈ কয়নে? আজি আপুনি প্ৰতিদিনৰ সৰু সৰু সমস্যাৰ বাবে যিহোৱাৰ পৰা সহায় বিচাৰিলে আগলৈ গৈ যেতিয়া আপুনি ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হʼব, তেতিয়া আপুনি যিহোৱাৰ পৰা সহায় বিচাৰিবলৈ সংকোচ নকৰিব। ইয়াৰ লগতে আপোনাৰ বিশ্বাস হʼব যে আপোনাক কেতিয়া আৰু কেনেকৈ সহায় কৰিব লাগে তাৰ বিষয়ে যিহোৱাই জানে।—গীত. ২৭:১,.

ধৈৰ্য্য

যেতিয়া আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰোঁ, তেতিয়া আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼবলৈ আমি সাজু হʼব পাৰোঁ (অনুচ্ছেদ ৮ চাওক)

৮. ভনী মীৰাৰ উদাহৰণৰ পৰা কেনেকৈ জানিব পাৰি যে আজি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিলে আমি আগলৈও ধৈৰ্য্য ধৰিব পাৰিম? (যাকোব ১:২-৪) (ছবিখনো চাওক।)

আজি আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিলে মহাক্লেশৰ সময়তো ধৈৰ্য্য ধৰিব পাৰিম। (ৰোম. ৫:৩) আমি এয়া কিয় কʼব পাৰোঁ? বহুতো ভাই-ভনীয়ে অনুভৱ কৰিলে যে যেতিয়া তেওঁলোকে কোনো সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিলে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিলে, তেতিয়া তেওঁলোকে আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ সহায় পালে। এইদৰে ধৈৰ্য্য ধৰাৰ বাবে তেওঁলোকৰ বিশ্বাস আৰু দৃঢ় হʼল যে যিহোৱাই তেওঁলোকক সহায় কৰিবলৈ সাজু হৈ থাকে। এই বিশ্বাসৰ বাবে পাছতো সমস্যাৰ সময়ত তেওঁলোকে ধৈৰ্য্য ধৰিব পাৰিলে। (যাকোব ১:২-৪ পঢ়ক।) আলবেনিয়াত থকা ভনী মীৰাৰ উদাহৰণলৈ মন কৰক। তাই অগ্ৰগামী সেৱক হয়। তাইয়ো অনুভৱ কৰিলে যে অতীতত সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত তাই যিদৰে ধৈৰ্য্য ধৰিলে তাৰ সহায়ত আজিও ধৈৰ্য্য ধৰিব পাৰিছে। বহু বাৰ ভনীয়ে ভাবিছিল যে তাইৰ জীৱনতে ইমানবোৰ সমস্যা আছে। তথাপি তাই চিন্তা কৰিলে যে যোৱা ২০ বছৰ ধৰি যিহোৱাই তাইক কিমান বাৰ চম্ভালিলে। তাই নিজকে এইদৰে কৈছে, “যিহোৱাৰ বিশ্বাসী হৈ থাকা। যিহোৱাই ইমান বছৰ ধৰি সহায় কৰিলে। চিন্তা কৰাচোন, তুমি এতিয়ালৈকে কিমানবোৰ সমস্যা পাৰ কৰিব পাৰিলা! সেই সকলো পৰিশ্ৰম তুমি এনেই যাবলৈ দিবানে? এতিয়া হাৰ নামানিবা।” আপুনিও চিন্তা কৰিব পাৰে যে এতিয়ালৈকে সমস্যাবোৰ সন্মুখীন হোৱাৰ সময়ত যিহোৱাই আপোনাক ধৈৰ্য্য ধৰিবলৈ কেনেকৈ সহায় কৰিলে। বিশ্বাস ৰাখক, আপুনি সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত ধৈৰ্য্য ধৰিলে, যিহোৱাই তালৈ ধ্যান দিব আৰু ইয়াৰ বাবে আপোনাক পুৰস্কাৰ দিব। (মথি ৫:১০-১২) এইদৰে আজি আপুনি ধৈৰ্য্য ধৰিবলৈ শিকিলে মহাক্লেশৰ সময়ত সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼবলৈ সাজু হʼব পাৰিব।

কৰুণাৰ বাবে ভাই-ভনীসকলক সহায় কৰি থাকক

৯. চিৰিয়াৰ আন্তিয়খিয় মণ্ডলীৰ ভাই-ভনীসকলৰ অন্তৰত কৰুণা আছে বুলি কেনেকৈ দেখুৱালে?

মন কৰক এবাৰ যিহূদিয়াত ভয়ংকৰ আকাল হোৱাৰ সময়ত কি হʼল। যেতিয়া চিৰিয়াৰ আন্তিয়খিয় মণ্ডলীৰ ভাই-ভনীসকলে ইয়াৰ বিষয়ে শুনিলে, তেতিয়া যিহূদিয়াত থকা ভাই-ভনীসকলৰ বাবে তেওঁলোকক বহুত দুখ লাগিল আৰু তেওঁলোকৰ প্ৰতি কৰুণা উপজিল। আনকি তেওঁলোকক সহায় কৰিবলৈ কিছুমান পদক্ষেপো লʼলে। বাইবেলত এইদৰে লিখা আছে, “শিষ্যবিলাকৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহূদিয়াত নিবাস কৰা ভাইবিলাকৰ উপকাৰৰ নিমিত্তে দান পঠাবলৈ” নিৰ্ণয় লʼলে। (পাঁচ. ১১:২৭-৩০) তেওঁলোকে যিহূদীয়াৰ ভাই-ভনীসকলৰ পৰা বহুত দূৰত থকাৰ সত্ত্বেও সেই ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিলে।—১ যোহ. ৩:১৭, ১৮.

কৰুণা

ভাই-ভনীসকলৰ প্ৰতি কৰুণা থাকিলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি তেওঁলোকক সহায় কৰিম (অনুচ্ছেদ ১০ চাওক)

১০. দুৰ্যোগ অহাৰ সময়ত আমি কি কি উপায়েৰে দেখুৱাব পাৰোঁ যে ভাই-ভনীসকলৰ প্ৰতি আমাৰ অন্তৰত কৰুণা আছে? (ছবিখনো চাওক।)

১০ আজি কোনো প্ৰাকৃতিক দুৰ্যোগ অহাৰ সময়ত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমাৰ অন্তৰত ভাই-ভনীসকলৰ প্ৰতি কৰুণা আছে? আমি তেওঁলোকক সহায় কৰিবলৈ লগে লগে পদক্ষেপ লʼব পাৰোঁ। আমি কোনো কামত সহায় কৰিবলৈ প্ৰাচীনসকলৰ লগত কথা পাতিব পাৰোঁ, গোটেই বিশ্বজুৰিত হোৱা কামৰ বাবে দান দিব পাৰোঁ বা তাত থকা আমাৰ ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। b (হিতো. ১৭:১৭) উদাহৰণস্বৰূপে, যেতিয়া ২০২০ চনত কভিড ১৯ মহামাৰী চাৰিওফালে বিয়পি পৰিছিল, তেতিয়া ভাই-ভনীসকলৰ চোৱা-চিতা কৰিবলৈ গোটেই বিশ্বজুৰিত ৯৫০-তকৈ বেছি প্ৰাকৃতিক দুৰ্যোগ সাহায্য সমিতি বনোৱা হৈছিল। সাহায্যৰ কামত সহায় কৰা ভাই-ভনীসকল সঁচাকৈ প্ৰশংসাৰ যোগ্য। তেওঁলোকৰ অন্তৰত ভাই-ভনীসকলৰ প্ৰতি কৰুণা থকাৰ বাবে সাহায্যৰ বস্তুবোৰ তেওঁলোকক দিবলৈ গৈছিল, যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁলোকক সহায় কৰিলে আৰু বহুতো এলেকাত ভাই-ভনীসকলৰ ঘৰ বা ৰাজ্যগৃহ মেৰামতি কৰিছিল বা পুনৰ নিৰ্মাণ কৰিছিল।—২ কৰিন্থীয়া ৮:১-৪ পদৰ লগত তুলনা কৰক।

১১. কৰুণাৰ বাবে আমি যেতিয়া ভাই-ভনীসকলক সহায় কৰোঁ, তেতিয়া কেনেকৈ যিহোৱাৰ মহিমা হয়?

১১ কোনো দুৰ্যোগ অহাৰ সময়ত যেতিয়া আমি কৰুণাৰ বাবে ভাই-ভনীসকলক সহায় কৰিবলৈ কিছুমান কাম কৰোঁ, তেতিয়া লোকসকলে ইয়াৰ প্ৰতি ধ্যান দিয়ে। উদাহৰণস্বৰূপে, ২০১৯ চনত যেতিয়া ডৰিয়ান নামৰ এটা ধুমুহা আহিছিল, তেতিয়া বাহামাচত আমাৰ এখন ৰাজ্যগৃহ একেবাৰে ধ্বংস হৈ গৈছিল। আমাৰ ভাই-ভনীসকলে সেই ৰাজ্যগৃহ পুনৰ নিৰ্মাণ কৰাৰ সময়ত এজন ঠিকাদাৰক সুধিছিল যে কিছুমান কাম কৰিবলৈ তেওঁ কিমান পইচা লʼব। তেতিয়া তেওঁ এইদৰে কʼলে, ‘আপোনালোকৰ এই কাম কৰিবলৈ মই পইচা নলওঁ আৰু যি সজুলি আৰু বস্তুৰ প্ৰয়োজন হʼব সেইবোৰ মই দিম। ইয়াৰ বাবে আপোনালোকৰ পৰা এটকাও নলওঁ। কিয়নো মই আপোনালোকৰ সংগঠনক সহায় কৰিব বিচাৰোঁ। আপোনালোকে নিজৰ বুন্ধসকলক সহায় কৰিবলৈ যি কৰে, সেয়া চাই মোক বহুত ভাল লাগে।ʼ আজি জগতৰ বেছিভাগ লোকে যিহোৱাৰ বিষয়ে নাজানে, কিন্তু তেওঁলোকৰ মাজৰ বহুতে যিহোৱাৰ সাক্ষীসকলৰ ব্যৱহাৰৰ প্ৰতি ধ্যান দিয়ে। আমি কৰুণাৰ বাবে ভাই-ভনীসকলক সহায় কৰা দেখি লোকসকলে সত্য ঈশ্বৰৰ বিষয়ে জানিবলৈ বিচাৰে, যি “দয়া-ধনেৰে ধনৱান।”—ইফি. ২:৪.

১২. আজি ভাই-ভনীসকলৰ প্ৰতি আমাৰ অন্তৰত কৰুণা থাকিলে আমি মহাক্লেশৰ বাবে কেনেকৈ সাজু হৈ থাকিব পাৰিম? (প্ৰকাশিত বাক্য ১৩:১৬, ১৭)

১২ মহাক্লেশৰ সময়ছোৱাতো আমি নিজৰ কামৰ যোগেদি ভাই-ভনীসকলৰ প্ৰতি কৰুণা আছে বুলি দেখুৱাব লাগিব। কিয় বাৰু? বাইবেলৰ পৰা জানিব পাৰি যে যিসকল লোকে এই জগতৰ চৰকাৰবোৰক সহযোগ নকৰে, তেওঁলোকক আজি বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয় আৰু মহাক্লেশৰ সময়ছোৱাতো সন্মুখীন হʼবলগীয়া হʼব। (প্ৰকাশিত বাক্য ১৩:১৬, ১৭ পঢ়ক।) তেতিয়া হয়তো আমাৰ ভাই-ভনীসকলৰ খোৱা-বোৱা বস্তু আৰু থাকিবলৈ ঠাই নাথাকিব পাৰে। এনে পৰিস্থিতিত আমি ভাই-ভনীক সহায় কৰি কৰুণা দেখুৱালে আমাৰ ৰজা যীচু খ্ৰীষ্ট যেতিয়া ন্যায় কৰিবলৈ আহিব, তেতিয়া তেওঁ আমাক এইদৰে কʼব, “ৰাজ্যৰ অধিকাৰী হোৱা।”—মথি ২৫:৩৪-৪০.

ভাই-ভনীসকলৰ প্ৰতি প্ৰেম বঢ়াই থাকক

১৩. ৰোমীয়া ১৫:৭ পদত উৎসাহিত কৰাৰ দৰে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে নিজৰ মাজত থকা প্ৰেম কেনেকৈ মজবুত কৰিলে?

১৩ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ মাজত থকা প্ৰেম সকলোৱে স্পষ্টকৈ দেখিছিল। কিন্তু তেওঁলোকে এজনে-আনজনক প্ৰেম দেখুৱাবলৈ ইমান সহজ আছিলনে? ৰোমৰ মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰক। তাত কিছুমান ভাই-ভনী যিহুদী আছিল আৰু তেওঁলোকক সৰুৰে পৰা মোচিৰ নিয়ম মানিবলৈ শিকোৱা হৈছিল। কিন্তু কিছুমান ভাই-ভনী পৰজাতি আছিল আৰু তেওঁলোকে বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। কিছুমান খ্ৰীষ্টান দাস আছিল, কিছুমান স্বাধীন আৰু কিছুমানৰ নিজৰে দাস আছিল। তেওঁলোকে এজনে-আনজনৰ পৰা একেবাৰে বেলেগ আছিল, তথাপিও ইজনে-সিজনক প্ৰেম কৰিছিল। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰিলে? পৌলে তেওঁলোকক “ইজনে সিজনক গ্ৰহন কৰিবলৈ” অনুৰোধ কৰিছিল। (ৰোমীয়া ১৫:৭ পঢ়ক।) ইয়াৰ অৰ্থ কি? এই পদত যি শব্দৰ অনুবাদ “গ্ৰহন কৰা” বা আদৰণী জনোৱা বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে কাৰোবাৰ লগত প্ৰেমেৰে ব্যৱহাৰ বা অতিথি সৎকাৰ কৰা। যেনে, কাৰোবাক নিজৰ ঘৰলৈ মাতা বা তেওঁৰ লগত বন্ধুত কৰা। পৌলে ফিলীমনক তেওঁৰ ঘৰৰ পৰা পলাই যোৱা দাস ওনীচিমক মৰমেৰে ‘গ্ৰহন কৰিবলৈʼ কৈছিল। (ফিলী. ১৭) আক্কিলা আৰু প্ৰিষ্কিল্লাই আপল্লোক আদৰণি জনালে। আপল্লোৱে খ্ৰীষ্টান শিক্ষাৰ বিষয়ে তেওঁলোকতকৈ কম জানিছিল, তথাপিও তেওঁলোকে আপল্লোৰ লগত বন্ধুত্ব কৰিলে আৰু ‘তেওঁক তেওঁলোকৰ ওচৰলৈ নিলে।ʼ (পাঁচ. ১৮:২৬) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকল বেলেগ বেলেগ পৰিৱেশৰ আছিল আৰু সমাজত তেওঁলোকৰ পদো বেলেগ আছিল। তথাপি তেওঁলোকৰ মাজত সমস্যা আহিবলৈ নিদিলে তাৰ পৰিৱৰ্তে এজনে-আনজনক আদৰণি জনালে।

প্ৰেম

আমাক সকলো ভাই-ভনীৰ প্ৰেমৰ প্ৰয়োজন আছে (অনুচ্ছেদ ১৫ চাওক)

১৪. ভনী এনা আৰু তেওঁৰ স্বামীয়ে ভাই-ভনীসকলক কেনেকৈ প্ৰেম দেখুৱালে?

১৪ আমিও ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰি আৰু সময় কটাই তেওঁলোকক প্ৰেম দেখুৱাব পাৰোঁ। তেতিয়া তেওঁলোকেও আমাক প্ৰেম কৰিব। (২ কৰি. ৬:১১-১৩) ভনী এনা আৰু তেওঁৰ স্বামীৰ উদাহৰণলৈ মন কৰক। তেওঁলোকক পশ্চিম আফ্ৰিকাত মিচনেৰী হিচাপে সেৱা কৰিবলৈ পঠিওৱা হৈছিল। তেওঁলোকে তাত গৈ পোৱাৰ কিছু সময়ৰ পাছতে কভিড ১৯ মহামাৰী বিয়পি পৰিছিল। সেইবাবে, তেওঁলোকে সেই মণ্ডলীৰ ভাই-ভনীসকলক লগ কৰিব নোৱাৰিলে। সেই সময়ত তেওঁলোকে ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ প্ৰেম দেখুৱালে? তেওঁলোকে ভিডিঅʼ কল কৰি ভাই-ভনীসকলৰ লগত কথা পাতিলে আৰু তেওঁলোকৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰে বুলি জনালে। এই কথাই ভাই-ভনীসকলৰ অন্তৰ চুই গʼল। তাৰ পাছত ভাই-ভনীসকলেও তেওঁলোকক প্ৰায়ে ফোন কৰিছিল আৰু মেচেজ পঠিয়াইছিল। এই দম্পতীয়ে ভাই-ভনীসকলৰ লগত চিনাকি হʼবলৈ কিয় ইমান পৰিশ্ৰম কৰিলে? ভনী এনাই এইদৰে কৈছে, “আমাৰ পৰিয়ালক ভাই-ভনীসকলে ভাল বেয়া দুয়োটা পৰিস্থিতিত সহায় কৰি যিদৰে প্ৰেম দেখুৱালে, সেয়া মই আজিও পাহৰা নাই। সেইবাবে, মোৰো ভাই-ভনীসকলক এনেধৰণৰ প্ৰেম দেখুৱাবলৈ মন যায়।”

১৫. সকলো ভাই-ভনীক প্ৰেম কৰাৰ বিষয়ে আপুনি ভনী বনেছাৰ পৰা কি শিকিলে? (ছবিখনো চাওক।)

১৫ বহুতো মণ্ডলীত এনে ভাই-ভনীসকল আছে, যিসকলে বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ স্বভাৱ-চৰিত্ৰও বেলেগ। আমি তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিলে তেওঁলোকৰ প্ৰতি প্ৰেম বঢ়াব পাৰিম। নিউজিলেণ্ডত সেৱা কৰি থকা ভনী বনেছাৰ উদাহৰণলৈ মন কৰক। নিজৰ মণ্ডলীৰ কিছুমান ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ তাইৰ বৰ কঠিন হৈছিল। কাৰণ তেওঁলোকৰ স্বভাৱৰ বাবে ভনীক সোনকালে খং উঠিছিল। কিন্তু তাই ভাবিলে যে সেই ভাই-ভনীসকলৰ পৰা আঁতৰি থকাৰ পৰিৱৰ্তে তেওঁলোকৰ লগত আৰু সময় কটাব। এইদৰে কৰাৰ বাবে ভনীয়ে জানিব পাৰিলে যে তেওঁলোকৰ কি কি ভাল গুণ আছে, যি যিহোৱাই ভাল পায়। ভনীয়ে এইদৰে কৈছে, “এতিয়া মোৰ স্বামী এজন চাৰ্কিট ওভাৰচিয়াৰ হয় আৰু আমি এনে বহুতো ভাই-ভনীক লগ কৰোঁ, যিসকলৰ স্বভাৱ-চৰিত্ৰ আমাৰ পৰা একেবাৰে বেলেগ। কিন্তু এতিয়া মই সহজে তেওঁলোকৰ লগত বন্ধুত্ব কৰিব পাৰোঁ। বেলেগ বেলেগ ভাই-ভনীসকলক লগ কৰি মোক বৰ ভাল লাগে। যিহোৱাই সকলোকে বহুত প্ৰেম কৰে, সেইবাবে তেওঁ সকলো ধৰণৰ লোকক তেওঁৰ ফালে আকৰ্ষিত কৰিছে।” আমি যিহোৱাৰ দৰে ভাই-ভনীসকলৰ ভাল গুণবোৰলৈ ধ্যান দিলে আমি তেওঁলোকক প্ৰেম কৰোঁ বুলি দেখুৱাম।—২ কৰি. ৮:২৪.

যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি আমি ভাই-ভনীসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰি থাকোঁ, তেনেহʼলে মহাক্লেশৰ সময়ত তেওঁ আমাক ৰক্ষা কৰিব (অনুচ্ছেদ ১৬ চাওক)

১৬. মহাক্লেশৰ সময়তো ভাই-ভনীসকলক প্ৰেম কৰাটো কিয় অতি প্ৰয়োজন হʼব? (ছবিখনো চাওক।)

১৬ মহাক্লেশৰ সময়ত আমি ভাই-ভনীসকলক প্ৰেম কৰিব লাগিব। মহাক্লেশ আৰম্ভ হোৱাৰ সময়ত যিহোৱাই আমাক কেনেকৈ সুৰক্ষা দিব? মন কৰক পুৰণি সময়ত যেতিয়া বাবিলৰ ওপৰত আক্ৰমণ কৰা হৈছিল, তেতিয়া যিহোৱাই নিজৰ লোকসকলক কেনেকৈ নিৰ্দেশনা দিছিল। যিহোৱাই তেওঁলোকক এইদৰে কৈছিল “হে মোৰ প্ৰজা, যোৱা, তোমাৰ কোঁঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেকমান লুকাই থাকা।” (যিচ. ২৬:২০) মহাক্লেশৰ সময়তো যিহোৱাৰ লোকসকলে হয়তো এইদৰেই কৰিবলগীয়া হʼব। ‘কোঁঠালিৰʼ অৰ্থ আমাৰ মণ্ডলীবোৰ হʼব পাৰে। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে আমি নিজৰ ভাই-ভনীসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰি থাকিলে, তেওঁ আমাক মহাক্লেশৰ সময়ত ৰক্ষা কৰিব। সেইবাবে, আজি আমি নিজৰ ভাই-ভনীসকলক কেৱল সহন কৰাৰ পৰিৱৰ্তে তেওঁলোকক প্ৰেম কৰাটো অতি প্ৰয়োজন। এইদৰে কৰাটো আমাক যিমানে কঠিন নালাগক কিয়, তথাপিও প্ৰেম কৰিলে আগলৈ গৈ আমাৰ জীৱন ৰক্ষা হʼব।

এতিয়াৰে পৰা তৈয়াৰী কৰক

১৭. এতিয়াৰে পৰা আমি নিজকে সাজু কৰিলে মহাক্লেশৰ সময়ত কি কৰিব পাৰিম?

১৭ “যিহোৱাৰ মহাদিন” আহিলে সকলোৱে, আনকি যিহোৱাৰ লোকসকলেও বহুতো সমস্যাৰ সন্মুখীন হʼব। (চফ. ১:১৪, ১৫) কিন্তু এতিয়াৰে পৰা আমি নিজকে সাজু কৰি ৰাখিলে সেই সময়ত শান্ত হৈ থাকিব পাৰিম আৰু আনকো সহায় কৰিব পাৰিম। আমাৰ ওচৰত যিয়ে সমস্যা আহিলেও আমি ধৈৰ্য্য ধৰিব পাৰিম। ভাই-ভনীসকলে সমস্যাৰ সন্মুখীন হʼলে আমি তেওঁলোকক কৰুণা দেখুৱাম আৰু সহায় কৰিবলৈ যিয়ে কৰিব পাৰোঁ সেয়া কৰিম। আজি আমি ভাই-ভনীসকলক প্ৰেম কৰিলে সেই সময়ত তেওঁলোকৰ লগত থাকিম। তেতিয়া যিহোৱাই আমাক নতুন পৃথিৱীত অনন্ত জীৱন দিব যʼত সকলো দুৰ্যোগ আৰু সমস্যাবোৰ পাহৰি যাম।—যিচ. ৬৫:১৭.

গীত ১৪৪ পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখা

a অতি সোনকালে মহাক্লেশ আৰম্ভ হʼব। সেই সময়ছোৱা বৰ কঠিন হʼব। সেই সময়ত এনে ঘটনাবোৰ ঘটিব যি আজিলৈকে ঘটা নাই। যদি আজি আমি ধৈৰ্য্য ধৰোঁ, ভাই-ভনীসকলক প্ৰেম কৰোঁ আৰু তেওঁলোকক কৰুণা দেখুৱাওঁ, তেনেহʼলে আমি মহাক্লেশৰ সন্মুখীন হʼবলৈ নিজকে সাজু কৰিব পাৰিম। মন কৰক প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে এই গুণবোৰ কেনেকৈ দেখুৱালে, আমি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰোঁ আৰু এই গুণবোৰ দেখুৱালে আমি মহাক্লেশৰ বাবে কেনেকৈ সাজু হʼব পাৰিম।

b সাহায্যৰ কামত সহযোগ কৰিব বিচৰা ভাই-ভনীসকলে স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কামৰ বাবে আবেদন (DC-50) বা স্বেচ্ছাসেৱক পৰিকল্পনাৰ আবেদন (A-19) ফৰ্মখন পূৰ কৰা উচিত। যেতিয়ালৈকে তেওঁলোকক নামাতে, তেতিয়ালৈকে তেওঁলোকে অপেক্ষা কৰা উচিত।