Skip to content

Skip to table of contents

জীৱন কাহিনী

এজনে-আনজনৰ প্ৰতি আগ্ৰহ দেখুৱালে বহুতো আশীৰ্বাদ পোৱা যায়

এজনে-আনজনৰ প্ৰতি আগ্ৰহ দেখুৱালে বহুতো আশীৰ্বাদ পোৱা যায়

১৯৪৮ চনত মা আৰু মোৰ ভনী পেতৰ লগত

“এংগ্লিকন গীৰ্জাত সত্য নিশিকায়। তুমি সত্যক বিচাৰি থাকিবা।” মোৰ আইতাই এংগ্লিকন গীৰ্জালৈ গৈছিল আৰু এই কথাষাৰ তেওঁ মোৰ মাক কৈছিল। তেতিয়াৰে পৰা মায়ে সত্য ধৰ্মক বিচাৰি আছিল। কিন্তু তেওঁলোকে যিহোৱাৰ সাক্ষীসকলৰ লগত কথা পাতিব বিচৰা নাছিল আৰু ঘৰলৈ আহিলে মোকো লুকাবলৈ কৈছিল। সেই সময়ত আমি কানাডাৰ টʼৰন্ট চহৰত আছিলোঁ। ১৯৫০ চনত মাহীয়ে যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে আৰু মা লগতে বহিছিল। মাহীৰ ঘৰতে তেওঁলোক দুয়োজনে বাইবেল অধ্যয়ন কৰিছিল আৰু পাছত বাপ্তিষ্মা লʼলে।

দেউতা ইউনাইটেড চাৰ্চ অফ কানাডাত এজন পাদুৰী আছিল। তেওঁ মোক আৰু ভন্টিক প্ৰতি দেউবাৰে ৰাতিপুৱা চান্দে স্কুলৰ বাবে পঠিয়াইছিল, যʼত বাইবেলৰ কাহিনীবোৰ শিকোৱা হৈছিল। পাছত আমি ১১ বজাত তেওঁৰ লগত গীৰ্জালৈ গৈছিলোঁ আৰু দুপৰীয়া মাৰ লগত যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহলৈ গৈছিলোঁ। আমি স্পষ্টকৈ দেখিলোঁ যে এই দুয়োটা ধৰ্ম এটাই আনটোৰ পৰা একেবাৰে বেলেগ।

১৯৫৮ চনত ‘ঈশ্বৰীয় ঈচ্ছা আন্তৰাষ্ট্ৰীয় সন্মিলনতʼ হচেছন পৰিয়ালৰ লগত

বʼব হচেছন আৰু তেওঁ পত্নী মেৰিয়ন বহু সময় ধৰি মাৰ ভাল বন্ধু আছিল। মায়ে বাইবেলৰ পৰা যিবোৰ কথা শিকিছিল, সেইবোৰ তেওঁলোককো জনাইছিল আৰু তেওঁলোকেও যিহোৱাৰ সাক্ষী হʼল। পাছত ১৯৫৮ চনত নিউ ইয়ৰ্ক চহৰত ‘ঈশ্বৰীয় ইচ্ছা আন্তৰাষ্ট্ৰীয় সন্মিলন’ ৰখা হʼল। এই সন্মিলন আঠ দিনৰ আছিল আৰু বʼব আৰু মেৰিয়নে নিজৰ তিনিজন লʼৰাৰ লগতে মোকো তালৈ নিছিল। আজি যেতিয়া মই সেই সময়ৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় যে তেওঁলোকৰ বাবে মোক লগত লৈ যোৱাটো হয়তো সহজ নাছিল। কিন্তু সেই সময়ৰ ভাল ভাল কথাবোৰ আজিও মোৰ মনত আছে।

যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ ভাই-ভনীয়ে সহায় কৰিলে

যেতিয়া মই ডেকা আছিলোঁ, তেতিয়া মই কিছু সময়ৰ বাবে এখন ফাৰ্মত গৈছিলোঁ, যʼত আমি বিভিন্ন ধৰণৰ জীৱ-জন্তু পুহিছিলোঁ। মোক সিঁহতৰ চোৱা-চিতা কৰি বহুত ভাল লাগিছিল। সেইবাবে, মই ভাবিলোঁ যে আগলৈ গৈ মই জীৱ-জন্তুৰ ডাক্তৰ হʼম। মায়ে ইয়াৰ বিষয়ে মণ্ডলীৰ এজন প্ৰাচীনক জনালে। তেতিয়া তেওঁ মোক মৰমেৰেবুজালে যে আমি “শেষ-কালত” জীয়াই আছোঁ। তেওঁ মোক এই বিষয়ে চিন্তা কৰিবলৈ কʼলে যে যদি মই কিছু বছৰৰ বাবে কলেজত যাওঁ, তেনেহʼলে যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কৰ ওপৰত কি প্ৰভাৱ পৰিব। (২ তীম. ৩:১) মই ইয়াৰ বিষয়ে চিন্তা কৰিলোঁ আৰু কলেজলৈ নাযাওঁ বুলি নিৰ্ণয় লʼলোঁ।

স্কুলৰ পঢ়া শেষ কৰাৰ পাছত মই চিন্তা কৰিছিলোঁ এতিয়া মই কি কৰিম। মই প্ৰতি শনিবাৰে আৰু দেউবাৰে প্ৰচাৰ কৰিবলৈ গৈছিলোঁ কিন্তু মোক ইমান ভাল নালাগিছিল আৰু মই অগ্ৰগামী সেৱা কৰিবলৈ পাৰিম যেন নালাগিছিল। মোৰ দেউতা আৰু খুৰা সত্যত নাছিল আৰু তেওঁলোকে মোক টʼৰন্টৰ এখন ডাঙৰ বীমা কোম্পানীত চাকৰি কৰিবলৈ কৈছিল। খুৰা সেই কোম্পানীৰ এটা ডাঙৰ পদত আছিল। সেইবাবে, ময়ো তাতে চাকৰি কৰিবলৈ ধৰিলোঁ।

টʼৰন্টত মোৰ বেছিভাগ সময় অফিচৰ কাম কৰোঁতেই গুচি গৈছিল আৰু বাকী থকা সময়খিনি মই জগতৰ লোকসকলৰ লগতে কটাইছিলোঁ। সেইবাবে, মই নিয়মীয়াকৈ প্ৰচাৰ আৰু সভালৈ যাব নোৱাৰিছিলোঁ। প্ৰথমতে মই ককাৰ লগত থাকিছিলোঁ, তেওঁ যিহোৱাৰ সাক্ষী নাছিল। কিন্তু পাছত তেওঁৰ মৃত্যু হোৱাৰ বাবে , মই থাকিবলৈ আন ঠাই বিচাৰিবলগীয়া আছিল।

বʼব আৰু মেৰিয়ন, যিসকলে মোক ১৯৫৮ চনত নিজৰ লগত সন্মিলনত লৈ গৈছিল, তেওঁলোক মোৰ মা-দেউতাৰ দৰেই আছিল। তেওঁলোকে মোক কʼলে যে মই তেওঁলোকৰ ঘৰতে থাকিব পাৰোঁ। তেওঁলোকে মোক যিহোৱাৰ লগত মোৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় কৰিলে। তাৰ পাছত ১৯৬০ চনত তেওঁলোকৰ লʼৰা জʼনৰ লগতে মইয়ো বাপ্তিষ্মা লʼলোঁ। পাছত জʼনে অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলে। তেওঁক দেখি মোৰো বেছিকৈ প্ৰচাৰ কৰিবলৈ মন গʼল। মণ্ডলীৰ ভাইসকলে দেখিলে যে মই ভালদৰে উন্নতি কৰি আছোঁ আৰু কিছু সময়ৰ পাছত মোক ‘ঈশ্বৰ-শাসিত স্কুলত’ সেৱক নিযুক্ত কৰা হʼল। a

পালোঁ মৰমৰ সংগী আৰু আৰম্ভ কৰিলোঁ অগ্ৰগামী সেৱা

১৯৬৬ চনত নিজৰ বিয়াৰ দিনাখন

মই ১৯৬৬ চনত পালমাৰ বৰ্গক বিয়া পাতিলোঁ। তাই বৰ উৎসাহী অগ্ৰগামী সেৱক আছিল আৰু যʼত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছে, সেই ঠাইত গৈ সেৱা কৰিব বিচাৰিছিল। আমাৰ চাৰ্কিট ওভাৰচিয়াৰে আমাৰ ওপৰত আগ্ৰহ দেখুৱালে আৰু আমাক অন্টাৰিঅʼ প্ৰান্তৰ অʼৰিলিয়া চহৰৰ মণ্ডলীত গৈ সেৱা কৰিবলৈ উৎসাহিত কৰিলে। তাৰ পাছত আমি নিজৰ বস্তুবোৰ ভৰালোঁ আৰু যাবলৈ ওলালোঁ।

অʼৰিলিয়াত গৈ পোৱাৰ পাছত মইয়ো অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। পালমাৰৰ উৎসাহ দেখি ময়ো উৎসাহিত হʼলোঁ আৰু যেতিয়া মই সম্পূৰ্ণ মনেৰে অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলোঁ, তেতিয়া বেলেগ ধৰণৰ আনন্দ পালোঁ। যেতিয়া মই লোকসকলক বাইবেলৰ পৰা কিবা দেখুৱাইছিলোঁ আৰু তেওঁলোকে সেয়া বুজি পাইছিল, তেতিয়া মই বৰ আনন্দিত হৈছিলোঁ। তাত আমি এহাল দম্পতীক লগ পাইছিলোঁ আৰু তেওঁলোকক বাইবেলৰ পৰা শিকাবলৈ ধৰিলোঁ। আমি দেখিলোঁ যে তেওঁলোকে কেনেকৈ নিজৰ জীৱনত সাল-সলনি কৰিলে আৰু যিহোৱাৰ সেৱক হʼল। এয়া আমাৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ আছিল!

নতুন ভাষা, নতুন চিন্তাধাৰা

এবাৰ যেতিয়া আমি টʼৰন্টলৈ গৈছিলোঁ, তেতিয়া আমি ভাই আৰ্নল্ড মেক-নমাৰাক লগ পাইছিলোঁ, তেওঁ সেই সময়ত বেথেলত বহুতো দায়িত্ব পালন কৰি আছিল। তেওঁ আমাক সুধিলে আমি বিশেষ অগ্ৰগামী সেৱা কৰিব বিচাৰোঁনে। মই লগে লগে কʼলোঁ, “হয়, নিশ্চয় কৰিম! আমাক যিকোনো ঠাইলৈ পঠিয়াব কিন্তু কিউবেকলৈ নহয়!” কিউবেকত ফ্ৰেন্স ভাষা কোৱা লোকসকলে চৰকাৰৰ বিৰোধে প্ৰতিবাদ কৰিছিল আৰু কিউবেকক এখন বেলেগ দেশ বনাব বিচাৰিছিল। সেইবাবে, কানাডাৰ যিবোৰ এলেকাত ইংৰাজী কোৱা হৈছিল, তাৰ লোকসকলে কিউবেকৰ ফ্ৰেন্স কোৱা লোকসকলক ভাল নাপাইছিল। মইয়ো সেই ইংৰাজী ভাষা কোৱা লোকসকলৰ দৰেই ভাবিছিলোঁ। সেইবাবে, মই এইদৰে কৈ দিলোঁ।

আৰ্নল্ডে এইদৰে কʼলে, “এতিয়াতো শাখা কাৰ্য্যালয়ে বিশেষ অগ্ৰগামী সেৱকসকলক কিউবেকলৈয়ে পঠিয়াইছে।” পালমাৰৰ আগৰে পৰা তাত গৈ সেৱা কৰাৰ মন আছিল। সেইবাবে, মই লগে লগে তাত যাবলৈ সাজু হʼলোঁ। পাছত মোৰো অনুভৱ হʼলে যে এয়া বহুত ভাল নিৰ্ণয় আছিল।

আমি পাঁচ সপ্তাহলৈকে ফ্ৰেন্স ভাষা শিকিলোঁ। ইয়াৰ পাছত আমাৰ লগতে আৰু এহাল দম্পতীক ৰিমুস্কী চহৰলৈ পঠিওৱা হʼল। এই চহৰ মʼট্ৰিয়ালৰ পৰা ৫৪০ কিলোমিটাৰ (৩৩৬ মাইল) দূৰত উত্তৰ-পূবত আছিল। এতিয়াও আমাক ফ্ৰেন্স ভাষাৰ আৰু বহুতো কথা শিকিবলগীয়া আছিল। এই অনুভৱ মোৰ সেই সময়ত হʼল যেতিয়া মই এখন সভাত কিছুমান ঘোষণা পঢ়ি আছিলোঁ। মই কʼব বিচাৰিছিলোঁ যে আহিবলগীয়া অধিৱেশনত “অষ্ট্ৰিয়াৰ” পৰা বহুতো ভাই-ভনী আহিব। কিন্তু মই কৈ পালোঁ “উটপক্ষীৰ” পৰা বহুতো ভাই-ভনী আহিব! আচলতে ফ্ৰেন্স ভাষাত “অষ্ট্ৰিয়া” আৰু “উটপক্ষীৰ” বাবে যি শব্দ আছে, তাৰ উচ্চাৰণ প্ৰায় একেই আছে।

ৰিমুস্কীত আমাৰ ঘৰ, “হোৱাইট হাউচ”

ৰিমুস্কী চহৰত আমাৰ চাৰিজনৰ লগতে আৰু চাৰিজনী অবিবাহিত ভনীয়েও যোগ দিলে। তেওঁলোক বৰ উৎসাহী আছিল। তেওঁলোকৰ উপৰিও ভাই আৰু ভনী হয়ুবৰ্ডʼ আৰু তেওঁলোকে দুজনীয়েও আমাৰ লগত মিলি সেৱা কৰিবলৈ ধৰিলে। ভাই আৰু ভনী হয়ুবৰ্ডেʼ এখন ডাঙৰ ঘৰ ভাড়াত লʼলে, তাত সাতটা কোঠালি আছিল। আমি সকলোৱে তাত থাকিবলৈ লʼলোঁ আৰু সকলোৱে অলপ অলপ ভাড়া দিছিলোঁ। আমি সেই ঘৰখনক ৱাইট হাউচ বুলি কৈছিলোঁ। কাৰণ ঘৰখন আগফালৰ পৰা সম্পূৰ্ণ বগা আছিল আৰু তাৰ খুটাবোৰো বগা আছিল। সেই ঘৰখনত প্ৰায়ে ১২ ৰ পৰা ১৪ জন লোক থাকিছিল। মই আৰু পালমাৰ বিশেষ অগ্ৰগামী সেৱক আছিলোঁ, সেইবাবে, আমি ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি প্ৰচাৰলৈ গৈছিলোঁ। আনন্দৰ বিষয় যে আমাৰ লগত যাবলৈ সদায় কোনোবা নহয় কোনোবা সাজু থাকিছিল। আনকি ঠাণ্ডাৰ সময়তো যেতিয়া গধূলি বহুত ঠাণ্ডা পৰিছিল।

সেই উৎসাহী অগ্ৰগামী ভাই-ভনীসকলৰ লগত আমাৰ বন্ধুত্ব ইমানেই ভাল আছিল যে তেওঁলোক আমাৰ পৰিয়ালৰ দৰে হৈ পৰিছিল। কেতিয়াবা কেতিয়াবা আমি সকলোৱে জুই জ্বলাই একেলগে বহিছিলোঁ আৰু কেতিয়াবা বেলেগ বেলেগ ধৰণৰ পেৰʼগী বনাইছিলোঁ (এক ধৰণৰ খোৱা বস্তু, যি আটাত বেলেগ বেলেগ বস্তু ভৰাই বনোৱা হয়)। এজন ভাই সংগীতকাৰ আছিল, সেইবাবে আমি প্ৰায়ে শনিবাৰে ৰাতি সকলোৱে মিলি নাচ-গান কৰিছিলোঁ।

ৰিমুস্কীত আমাৰ পৰিশ্ৰমৰ ভাল পৰিণাম হʼল। পাঁচ বছৰৰ ভিতৰতে আমাৰ বহুতো বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰিলে আৰু বাপ্তিষ্মা লʼলে। চাওঁতে চাওঁতে সেই মণ্ডলীত ৩৫ জন প্ৰচাৰক হʼল।

কিউবেকত আমি ৰাজ্য প্ৰচাৰক হিচাপে বহুত ভাল ট্ৰেইনিং পালোঁ। আমি স্পষ্টকৈ দেখিলোঁ যে যিহোৱাই কেনেকৈ আমাক প্ৰচাৰ কামত সহায় কৰি আছে আৰু আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰি আছে। ফ্ৰেন্স ভাষা কোৱা লোক, তেওঁলোকৰ ভাষা আৰু তেওঁলোকৰ সংস্কৃতিৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। সেইবাবে, আমি আগলৈ গৈ আন সংস্কৃতি আৰু ভাষাৰ লোকসকলক প্ৰেম কৰিবলৈ শিকিলোঁ।—২ কৰি. ৬:১৩.

কিন্তু হঠাতে শাখা কাৰ্য্যালয়ে আমাক নিউ ব্ৰান্সউইক প্ৰান্তৰ পূব উপকূলত থকা ট্ৰেকডী নগৰত গৈ সেৱা কৰিবলৈ কʼলে। ইয়াৰ বাবে এটা ডাঙৰ সমস্যা হʼল। আমি অলপ আগতে এখন ফ্লেট ভাড়াত লʼবলৈ এখন কাগজত চহী কৰিছিলোঁ। মই এখন স্কুলৰ লগত কথা পাতিছিলোঁ যে মই তেওঁলোকৰ তাত প্ৰতি সপ্তাহে কিছু ঘন্টা পঢ়াম। ইয়াৰ উপৰিও আমাৰ কিছুমান বাইবেল বিদ্যাৰ্থীয়ে অলপতে প্ৰচাৰক হৈছিল আৰু আমাৰ ইয়াত ৰাজ্যগৃহ নিৰ্মাণ কাম চলি আছিল।

দুদিন ধৰি আমি ট্ৰেকডী যোৱাৰ বিষয়ে বহুত প্ৰাৰ্থনা কৰিলোঁ আৰু আমি সেই নগৰখন চাবলৈও গʼলোঁ। সেই ঠাই ৰিমুস্কীৰ পৰা বহুত বেলেগ আছিল। কিন্তু পাছত আমি চিন্তা কৰিলোঁ যে যদি যিহোৱাই আমাক তালৈ পঠিয়াইছে, তেনেহʼলে নাযাওঁ বুলি কোৱা আমি কোন। আমি সকলোবোৰ যিহোৱাৰ ওপৰত এৰি দিলোঁ আৰু তেওঁ এটা এটাকৈ আমাৰ সকলো সমস্যা দূৰ কৰিলে। (মলা. ৩:১০) পালমাৰৰ যিহোৱাৰ লগত মজবুত সম্পৰ্ক আছিল। তাই সদায় ত্যাগ কৰিবলৈ সাজু থাকিছিল আৰু তাই বৰ ধেমালিয়া স্বভাৱৰ আছিল। সেইবাবে, ট্ৰেকডীলৈ যাবলৈ আমাৰ বাবে অলপ সহজ হৈ পৰিল।

আমাৰ নতুন মণ্ডলীত কেৱল এজনে প্ৰাচীন আছিল, ৰৰ্বাট ৰাছ। তেওঁ নিজৰ পত্নী লিণ্ডাৰ লগত তাত অগ্ৰগামী সেৱা কৰিছিল। কিন্তু পাছত তেওঁলোকৰ এটি লʼৰা জন্ম হোৱাৰ বাবে তেওঁলোকে তাতে থাকিবলৈ নিৰ্ণয় লʼলে। যদিও তেওঁলোকক নিজৰ সৰু লʼৰাটিৰ চোৱা-চিতা কৰিবলগীয়া হৈছিল, তথাপি তেওঁলোকে প্ৰায়ে মোক আৰু পালমাৰক অতিথি-সৎকাৰ দেখুৱাইছিল আৰু উৎসাহেৰে প্ৰচাৰ কৰিছিল। তেওঁলোকে আমাক বহুত উৎসাহিত কৰিছিল।

যʼত প্ৰয়োজন আছিল, তাত সেৱা কৰাৰ বাবে পালোঁ আশীৰ্বাদ

আমাৰ প্ৰথম চাৰ্কিট ঠাণ্ডাৰ সময়ছোৱাত

আমি দুই বছৰলৈকে ট্ৰেকডীত অগ্ৰগামী সেৱা কৰিলোঁ। ইয়াৰ পাছত আমাক এনে এটা দায়িত্ব দিয়া হʼল যাৰ বিষয়ে আমি ভবাও নাছিলোঁ। আমাক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিবলৈ কোৱা হʼল। আমি সাত বছৰলৈকে ইংৰাজী কোৱা বেলেগ বেলেগ চাৰ্কিটত সেৱা কৰিলোঁ। ইয়াৰ পাছত আমাক কিউবেকত ফ্ৰেন্স ভাষা কোৱা চাৰ্কিটত সেৱা কৰিবলৈ পঠিওৱা হʼল। সেই সময়ত আমাৰ ডিষ্ট্ৰিক্ট ওভাৰচিয়াৰ ভাই লেয়ন্স ক্ৰেপৌ আছিল। তেওঁ মোৰ ভাষণবোৰৰ বাবে প্ৰশংসা কৰিছিল। কিন্তু পাছত তেওঁ সদায় কৈছিল, “তুমি নিজৰ ভাষণবোৰত আৰু কেনেকৈ ব্যৱহাৰিক কথাবোৰ কʼব পাৰা।” b এইদৰে যেতিয়া ভায়ে মোৰ প্ৰতি আগ্ৰহ দেখুৱালে, তেতিয়া মই নিজৰ শিকোৱাৰ দক্ষতা বঢ়াব পাৰিলোঁ। মই এনদেৰে ভাষণ দিবলৈ চেষ্টা কৰিলোঁ যাতে লোকসকলে সহজতে বুজিব পাৰে আৰু কিছুমান ব্যৱহাৰিক কথাও শিকিব পাৰে।

আমাক ১৯৭৮ চনত এনে এটা দায়িত্ব দিয়া হৈছিল, যাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মʼট্ৰিয়ালত ৰখা “বিজয়ী বিশ্বাস” আন্তৰাষ্ট্ৰীয় অধিৱেশনত আমাক সেৱা কৰিবলৈ কোৱা হৈছিল। মই খোৱা-বোৱাৰ ব্যৱস্থা কৰাত সহযোগ কৰিবলগীয়া আছিল। আমাক কোৱা হৈছিল যে তাত প্ৰায় ৮০, ০০০ লোক আহিব। প্ৰথম বাৰ অধিৱেশত আহাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল। সকলোবোৰ নতুন আছিল: নতুন বাচন, নতুন মেচিন, আমি নিৰ্ণয় লʼবলগীয়া আছিল যে আমি আহাৰত কি কি খাবলৈ দিম আৰু সেইবোৰ কেনেকৈ বনাম। আমাৰ ওচৰত প্ৰায় ২০ টা ডাঙৰ ডাঙৰ ফ্ৰীজ আছিল। কিন্তু বহু বাৰ সেইবোৰ কাম কৰা নাছিল। অধিৱেশন আৰম্ভ হোৱা আগদিনাৰ ৰাতি ১২ বজাত আমি ষ্টেডিয়ামৰ ভিতৰত যাবলৈ অনুমতি পালোঁ। কাৰণ সেইদনাখন তাত খেলৰ কিবা কাৰ্য্যক্ৰম চলি আছিল। বেলি ওলোৱাৰ আগতে আমি সোনকালে অভেন চলোৱাৰ প্ৰয়োজন আছিল যাতে আমি ভাই-ভনীসকলক ৰাতিপুৱাৰ আহাৰ দিব পাৰোঁ। আমি সকলোৱে বহুত ভাগৰি পৰিছিলোঁ, কিন্তু ভাই-ভনীসকল বহুত পৰিশ্ৰমী, বুদ্ধিমান আৰু ধেমালিয়া স্বভাৱৰ আছিল। তেওঁলোকৰ পৰা মই বহুতো কথা শিকিলোঁ। আমি এজনে-আনজনক ইমানেই ভালদৰে বুজি পাইছিলোঁ যে আজিও আমি ভাল বন্ধু হৈ আছোঁ। কিউবেকত ৰখা সেই অধিৱেশনত আমি বহুত আনন্দ পালোঁ। ১৯৪০ পৰা ১৯৬০ ৰ সময়ছোৱাত যʼত ভাই-ভনীসকলক তাড়না দিয়া হৈছিল, তাতে আজি এটা ঐতিহাসিক অধিৱেশন ৰখা হৈছিল।

১৯৮৫ চনত মʼট্ৰিয়ালত হোৱা এখন অধিৱেশনৰ আগতে পালমাৰৰ লগত অধিৱেশনৰ লগত জড়িত কাম কৰি থকাৰ সময়ত

মʼট্ৰিয়ালত ৰখা ডাঙৰ ডাঙৰ অধিৱেশনবোৰত মই আন ওভাৰচিয়াৰসকলৰ পৰা বহুতো কথা শিকিলোঁ। এবাৰ এটা অধিৱেশনত ডেভিড স্প্লেইন অধিৱেশনৰ ওভাৰচিয়াৰ আছিল। তেওঁ এতিয়া প্ৰশাসন গোষ্ঠীৰ সদস্য হয়। কিছু সময়ৰ পাছত যেতিয়া এখন অধিৱেশনত মোক সেই দায়িত্ব দিয়া হৈছিল, তেতিয়া ডেভিডে মোক সম্পূৰ্ণৰূপে সহায় কৰিলে।

মই চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰা ২০১১ চনত ৩৬ বছৰ হৈছিল। ইয়াৰ পাছত মোক ‘মণ্ডলীৰ প্ৰাচীনসকলৰ বাবে স্কুলত’ ভাইসকলক শিকাবলৈ কোৱা হʼল। দুই বছৰলৈকে মই আৰু পালমাৰে ৭৫ খন বেলেগ বেলেগ বিচনাত শুলোঁ। অলপ অসুবিধা হৈছিল কিন্তু স্কুলৰ পৰা ভাইসকলৰ যি লাভ হৈছিল, তাক দেখি আমি নিজৰ সমস্যাবোৰ পাহৰি গৈছিলোঁ। সপ্তাহৰ শেষত যেতিয়া প্ৰাচীনসকলে অনুভৱ কৰিছিল যে প্ৰশাসন গোষ্ঠীয়ে তেওঁলোকৰ বিষয়ে কিমান চিন্তা কৰে আৰু যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক মজবুত হোৱাটো বিচাৰে, তেতিয়া তেওঁলোকে বহুত কৃতজ্ঞতা দেখুৱাইছিল।

পাছত মই ‘ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত’ শিকাবলৈ সুযোগ পালোঁ। মই প্ৰায়ে দেখিছিলোঁ যে বিদ্যাৰ্থীসকল চিন্তিত হৈ পৰিছিল আৰু বহুত ভাগৰি পৰিছিল, কিয়নো তেওঁলোকে প্ৰতিদিনে ক্লাছত সাত ঘণ্টা বহিবলগীয়া হৈছিল। তাৰ পিছত প্ৰতিটো গধূলি তেওঁলোকে তিনি ঘণ্টা হোমৱৰ্ক কৰিবলগীয়া হৈছিল আৰু প্ৰতি সপ্তাহত চাৰি-পাঁচটা ভাগ আগবঢ়াবলগীয়া হৈছিল। মই আৰু স্কুলৰ আন শিক্ষকে বিদ্যাৰ্থীসকলক বুজাইছিলোঁ যে তেওঁলোকে নিজৰ শক্তিৰে এয়া কৰিব নোৱাৰে, কিন্তু যিহোৱাৰ সহায়ত নিশ্চয় কৰিব পাৰিব। সদায় এইদৰেই হৈছিল! আৰম্ভণিতে বিদ্যাৰ্থীসকলে ভাবিছিল যে তেওঁলোকে কৰিব নোৱাৰিব। কিন্তু যেতিয়া তেওঁলোকে দেখিছিল যে যিহোৱাৰ সহায়ত তেওঁলোকে আশা কৰাতকৈ বহুগুণে বেছি কৰিব পাৰিছে, তেতিয়া তেওঁলোকে আচৰিত হৈছিল।

আনৰ প্ৰতি আগ্ৰহ দেখুৱালে বহুতো আশীৰ্বাদ পোৱা যায়

মায়ে নিজৰ শিক্ষাৰ্থীসকলৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। সেইবাবে, তেওঁলোকে উন্নতি কৰিব পাৰিলে। মাৰ ব্যৱহাৰ দেখি দেউতাৰ সত্যৰ প্ৰতি চিন্তাধাৰা সলনি হʼল। মাৰ মৃত্যুৰ তিনিদিনৰ পিছত দেউতাই ৰাজ্যগৃহত এটা ভাষণ শুনিবলৈ আহিলে। এয়া চাই আমি সকলোৱে আচৰিত হʼলোঁ। ইয়াৰ পাছত ২৬ বছৰলৈকে তেওঁ নিয়মীয়াকৈ সভালৈ আহিছিল। দেউতাই বাপ্তিষ্মা নলʼলে, কিন্তু প্ৰাচীনসকলে মোক জনালে যে তেওঁ সভালৈ সদায় সকলোতকৈ আগতেই আহিছিল।

মায়ে আমাৰ বাবে এটা ভাল উদাহৰণ ৰাখিলে। মোৰ তিনিজনী ভনী আৰু তেওঁলোকৰ স্বামীসকলে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে। মোৰ দুজনী ভনী শাখা কাৰ্য্যালয়ত সেৱা কৰি আছে, এজনী পৰ্তুগালত আৰু আনজনী হেতিত।

মই আৰু পালমাৰ এতিয়া অʼণ্টাৰিঅ’ৰ হেমিল্টন চহৰত বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰি আছোঁ। যেতিয়া মই চাৰ্কিট ওভাৰচিয়াৰ আছিলোঁ, তেতিয়া আমি আন ভাই-ভনীসকলৰ লগত তেওঁলোকৰ পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়নলৈ গৈছিলোঁ। কিন্তু এতিয়া আমাৰ নিজৰে বাইবেল বিদ্যাৰ্থী আছে। যেতিয়া আমি চাওঁ যে তেওঁলোকে কেনেকৈ যিহোৱাক প্ৰেম কৰি আছে, তেতিয়া আমি বহুত আনন্দিত হওঁ। যেতিয়া আমি আমাৰ নতুন মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰোঁ আৰু চাওঁ যে যিহোৱাই কেনেকৈ ভাল আৰু বেয়া দুয়োটা সময়তে তেওঁলোকক চম্ভালি আছে, তেতিয়া আমি বৰ উৎসাহিত হওঁ।

আজি যেতিয়া আমি আগৰ কথাবোৰলৈ চিন্তা কৰোঁ যে বেলেগ বেলেগ ভাই-ভনীয়ে কেনেকৈ আমাৰ প্ৰতি আগ্ৰহ দেখুৱালে, তেতিয়া আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হওঁ। আমিও এয়া দেখুৱাবলৈ চেষ্টা কৰোঁ যে আমি ভাই-ভনীসকলৰ বিষয়ে কিমান ‘চিন্তা’ কৰোঁ আৰু তেওঁলোকৰ যত্ন লওঁ। আমি তেওঁলোকৰ উৎসাহ বঢ়াবলৈ চেষ্টা কৰোঁ যাতে তেওঁলোকে মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি থাকিব পাৰে। (২ কৰি. ৭:৬, ৭) এবাৰ আমি এটা পৰিয়ালক লগ পাইছিলোঁ, যʼত মা, লʼৰা আৰু ছোৱালী, তিনিওজনে পূৰ্ণ সময়ৰ সেৱা কৰি আছিল। মই দেউতাকক সুধিলোঁ যে তেওঁ কেতিয়াবা অগ্ৰগামী সেৱা কৰাৰ কথা ভাবিছেনে? ভায়ে কʼলে যে তেওঁ সেই তিনিজনক সহায় কৰি আছে যাতে তেওঁলোকে অগ্ৰগামী সেৱা কৰিব পাৰে। মই তেওঁক সুধিলোঁ, “আপুনি যিহোৱাতকৈ ভালদৰে তেওঁলোকক সহায় কৰিব পাৰেনে?” তেওঁলোকে যি আনন্দ পাইছে, সেই আনন্দ পাবলৈ মই তেওঁকো উৎসাহিত কৰিলোঁ আৰু ছয় মাহৰ ভিতৰতে সেই ভাইজনে অগ্ৰগামী সেৱা আৰম্ভ কৰিলে।

মই আৰু পালমাৰ সদায় ‘আহিবলগীয়া বংশক’ যিহোৱাৰ “আচৰিত কাৰ্য্যবোৰৰ” বিষয়ে কৈ থাকিম। আমাৰ প্ৰাৰ্থনা এয়াই যে যিহোৱাৰ সেৱা কৰি আমি যি আনন্দ পালোঁ, সেই আনন্দ তেওঁলোকেও লাভ কৰক।—গীত. ৭১:১৭, ১৮.

a এতিয়া যিজন ভায়ে এই দায়িত্ব পালন কৰে, তেওঁক ‘জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষ’ বুলি কোৱা হয়।

b লেয়ন্স ক্ৰেপৌৰ জীৱন কাহিনী ফেব্ৰুৱাৰী ২০২০ চনৰ প্ৰহৰীদুৰ্গৰ ২৬-৩০ পৃষ্ঠাত পঢ়ক।