Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩১

‘থিৰ আৰু অলৰ হৈ থাকা’

‘থিৰ আৰু অলৰ হৈ থাকা’

‘হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোক থিৰ আৰু অলৰ হৈ থাকা।ʼ—১ কৰি. ১৫:৫৮.

গীত ১২২ থিৰে থাকক!

লেখৰ এক আভাস a

১-২. খ্ৰীষ্টানসকলে কেনেকৈ এখন ওখ বিল্ডিঙৰ নিচিনা হয়? (১ কৰিন্থীয়া ১৫:৫৮)

 জাপানৰ টকিঅʼ চহৰত ১৯৭০ চনত ৬০-মহলাৰ এখন বিল্ডিং বনোৱা হʼল। তাত প্ৰায়ে ভূমিকম্প হৈ থাকে। সেইবাবে, লোকসকলে ভাবিলে যে এই বিল্ডিঙখন টিকি থাকিব নোৱাৰে। কিন্তু বিল্ডিঙখন টিকি থাকিল। ইঞ্জিনিয়াৰসকলে ইয়াক এইদৰে ডিজাইন কৰিছিল যাতে সেই বিল্ডিঙখন মজবুত হোৱাৰ লগতে ভূমিকম্পৰ জোকাৰণিও সহিব পাৰে। খ্ৰীষ্টানসকলেও এই ওখ বিল্ডিঙৰ নিচিনা হয়। কেনেকৈ বাৰু?

এজন খ্ৰীষ্টানে থিৰ আৰু মজবুত হোৱাৰ লগতে যিকোনো পৰিস্থিতিতে নিজকে সাল-সলনি কৰিবলৈ সাজু থকা উচিত। যিহোৱাৰ নিয়ম আৰু মানদণ্ডবোৰ পালন কৰাৰ কথা আহিলে তেওঁ যিকোনো পৰিস্থিতিতে এইদৰে কৰিব বুলি থিৰাং কৰা উচিত। (১ কৰিন্থীয়া ১৫:৫৮ পঢ়ক।) তেওঁ যিকোনো পৰিস্থিতিতে যিহোৱাৰ মানদণ্ড আৰু তেওঁৰ “আজ্ঞা পালন কৰিবলৈ সাজু” হৈ থকা উচিত। ইয়াৰ লগতে তেওঁ “ক্ষান্তস্বভাৱী” লোক হোৱা উচিত আৰু যদি প্ৰয়োজন হয়, তেনেহʼলে যিকোনো পৰিস্থিতিতে সাল-সলনি কৰিবলৈ সাজু থকা উচিত। (যাকো. ৩:১৭, NW) এনে খ্ৰীষ্টানে নিজৰ কথাতে লাগি নাথাকে আৰু সকলোবোৰ চলে বুলিও নাভাবে। এই লেখত আমি শিকিম যে আমি কেনেকৈ থিৰে থাকিব পাৰোঁ। তাৰ পাছত আমি এনে পাঁচটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যাৰ যোগেদি আমাৰ থিৰে থকাৰ ইচ্ছাক চয়তানে দুৰ্বল কৰিবলৈ চেষ্টা কৰে আৰু শিকিম যে আমি কেনেকৈ তাৰ এই ফান্দৰ নিজকে বচাব পাৰোঁ।

থিৰে থাকিবলৈ আমি কি কৰিব লাগিব?

৩. পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯ পদত যিহোৱাৰ কি কি নিয়মৰ বিষয়ে কোৱা হৈছে?

নিয়ম বনোৱাৰ অধিকাৰ সকলোতকৈ বেছি যিহোৱাৰহে আছে আৰু তেওঁ নিজৰ লোকসকলক স্পষ্টকৈ নিয়ম দিছে। (যিচ. ৩৩:২২) উদাহৰণস্বৰূপে, প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীয়ে এনে তিনিটা বিষয়ে কৈছিল, যʼত খ্ৰীষ্টানসকলে থিৰে থকা উচিত: (১) তেওঁলোকে মূৰ্তিপূজাৰ পৰা আঁতৰি থাকিব লাগিব আৰু কেৱল যিহোৱাৰ উপাসনা কৰিব লাগিব, (২) তেজক পবিত্ৰ বুলি ভাবিব লাগিব আৰু (৩) বাইবেলত কোৱা নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯ পঢ়ক।) আজি এই তিনিটা বিষয়ত খ্ৰীষ্টানসকলে কেনেকৈ থিৰে থাকিব পাৰে?

৪. আমি কেৱল যিহোৱাৰ উপাসনা কৰোঁ বুলি কেনেকৈ দেখুৱাওঁ? (প্ৰকাশিত বাক্য ৪:১১)

আমি মূৰ্তিপূজাৰ পৰা আঁতৰি থাকোঁ আৰু কেৱল যিহোৱাৰ উপাসনা কৰোঁ। যিহোৱাই কেৱল তেওঁৰ উপাসনা কৰিবলৈ ইস্ৰায়েলীসকলক আজ্ঞা দিছিল। (দ্বিতী. ৫:৬-১০) চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰাৰ সময়ত তেওঁ স্পষ্টকৈ কৈছিল যে আমি কেৱল যিহোৱাৰ উপাসনা কৰা উচিত। (মথি ৪:৮-১০) সেইবাবে, আমি মূৰ্তিবোৰৰ পূজা নকৰোঁ। আমি ধৰ্মগুৰু, ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, খেলুৱৈ বা অভিনেতা, অভিনেত্ৰীসকলকো ঈশ্বৰৰ স্থান নিদিওঁ। যিহোৱা আমাৰ ঈশ্বৰ হয় আৰু আমি কেৱল তেওঁৰে উপাসনা কৰোঁ, কিয়নো তেৱেই ‘সকলোকে স্ৰজিলে।’প্ৰকাশিত বাক্য ৪:১১ পঢ়ক।

৫. আমি জীৱন আৰু তেজক কিয় পবিত্ৰ বুলি ভাবোঁ?

যিহোৱাৰ নিয়মৰ অনুসৰি আমি জীৱন আৰু তেজক পবিত্ৰ বুলি ভাবোঁ। কিয় বাৰু? কিয়নো জীৱন যিহোৱাই দিয়া মূল্যৱান উপহাৰ হয় আৰু তেজ জীৱনক চিত্ৰিত কৰে। (লেবী. ১৭:১৪) যিহোৱাই প্ৰথমবাৰ মানুহক জীৱ-জন্তু খাবলৈ অনুমতি দিয়াৰ সময়ত তেওঁলোকক তেজ নাখাবলৈ নিৰ্দেশনা দিছিল। (আদি. ৯:৪) পাছত যেতিয়া তেওঁ মোচিৰ যোগেদি ইস্ৰায়েলীসকলক নিয়ম দিলে, তেতিয়াও তেওঁ এই আজ্ঞাৰ বিষয়ে আকৌ কʼলে। (লেবী. ১৭:১০) প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীৰ যোগেদিও তেওঁ এই নিৰ্দেশনাটোৱে দিছিল যে ‘তেজৰ পৰা তোমালোকে নিজকে’ সদায় আঁতৰাই ৰাখা। (পাঁচ. ১৫:২৮, ২৯) সেইবাবে, আজি আমি যেতিয়া চিকিৎসাৰ লগত জড়িত কিবা নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আমি এই আজ্ঞা যিকোনো পৰিস্থিতিতে পালন কৰোঁ। b

৬. যিহোৱাৰ নৈতিক মানদণ্ড পালন কৰিবলৈ আমি কি কি পদক্ষেপ লʼব পাৰোঁ?

আমি যিকোনো পৰিস্থিতিতে যিহোৱাৰ নৈতিক মানদণ্ড পালন কৰোঁ। (ইব্ৰী ১৩:৪) পাঁচনি পৌলে আমাক কৈছিল যে শৰীৰৰ অংগবোৰ “মাৰি পেলোৱা।” ইয়াৰ অৰ্থ হৈছে আমি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লʼব লাগিব, যাৰ সহায়ত আমাৰ মনলৈ অহা বেয়া চিন্তাবোৰ লগে লগে উলিয়াব পাৰোঁ। যেনে, আমি এনে কোনো বস্তু নাচাওঁ বা কাম নকৰোঁ, যাৰ বাবে আমি আগলৈ গৈ অনৈতিক কাম কৰিব পাৰোঁ। (কল. ৩:৫; ইয়ো. ৩১:১) যদি আমাৰ মনলৈ বেয়া চিন্তা আহে, তেনেহʼলে আমি লগে লগে তাক উলিয়াই পেলাওঁ বা যদি আমাক বেয়া কাম কৰিবলৈ প্ৰলোভন দিয়া হয়, তেনেহʼলে আমি লগে লগে তাক মানা কৰোঁ। কাৰণ যিহোৱাৰ লগত থকা বন্ধুত্বক আমি হেৰুৱাব নিবিচাৰোঁ।

৭. আমি কি কৰিবলৈ থিৰাং কৰা উচিত আৰু কিয়?

আমি ‘অন্তঃকৰণে সৈতে আজ্ঞাধীন’ হোৱাটো যিহোৱাই বিচাৰে। (ৰোম. ৬:১৭) তেওঁৰ আজ্ঞাবোৰ পালন কৰিলে আমাৰে লাভ হয়। আমি তেওঁৰ কিছুমান আজ্ঞা পালন কৰিম আৰু কিছুমানক নকৰোঁ, এনে আমি কৰিব নোৱাৰোঁ। (যিচ. ৪৮:১৭, ১৮; ১ কৰি. ৬:৯, ১০) আমি সকলো কথাত তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰোঁ। গীতমালা ১১৯ ৰ লেখকৰ ‘নিচিনাকৈ আমিও থিৰাং কৰিছোঁ যে চিৰকালৰ নিমিত্তে শেষলৈকে তোমাৰ বিধিবোৰ পালন কৰিবলৈ, আমাৰ মন থিৰ কৰিলোঁ।’ (গীত. ১১৯:১১২) কিন্তু চয়তানে আমাৰ ইচ্ছাক দুৰ্বল কৰিবলৈ চেষ্টা কৰে। সি এইদৰে কৰিবলৈ কি কি উপায় ব্যৱহাৰ কৰে?

চয়তানে আমাৰ ইচ্ছা দুৰ্বল কৰিবলৈ চেষ্টা কৰে

৮. চয়তানে কেনেকৈ আমাৰ ইচ্ছা দুৰ্বল কৰিবলৈ চেষ্টা কৰে?

অত্যাচাৰ। চয়তানে আমাৰ ইচ্ছা দুৰ্বল কৰিবলৈ আমাৰ ওপৰত বেলেগ বেলেগ উপায়েৰে অত্যাচাৰ কৰে। বহু বাৰ আমাক মাৰ-পিট কৰা হয় আৰু যিহোৱাৰ আজ্ঞা পালন নকৰিবলৈ হেঁচা দিয়া হয়। চয়তানে আমাক ‘গ্ৰাস কৰিবলৈʼ অৰ্থাৎ যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া কৰিবলৈ সুযোগ বিচাৰি থাকে। (১ পিত. ৫:৮) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলকো ধমকি দিয়া হৈছিল, মাৰ-পিট কৰা হৈছিল আৰু বহুতক মাৰি পেলোৱা হৈছিল, কিয়নো তেওঁলোকে যিকোনো পৰিস্থিতিতে যিহোৱাৰ আজ্ঞা পালন কৰিব বিচাৰিছিল। (পাঁচ. ৫:২৭, ২৮, ৪০; ৭:৫৪-৬০) চয়তানে আজিও ঈশ্বৰৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে। এয়া আমি ৰুচ আৰু আন দেশবোৰত স্পষ্টকৈ দেখিবলৈ পাওঁ, যʼত ভাই-ভনীসকলক বহুত বেয়াকৈ অত্যাচাৰ আৰু বিৰোধ কৰা হয়।

৯. এটা উদাহৰণ দি বুজাওক যে লুকাই কৰা আক্ৰমণৰ পৰা আমি কিয় সাৱধান হোৱা উচিত?

লুকাই কৰা আক্ৰমণ। চয়তানে আমাক ওচৰৰ পৰা আক্ৰমণ কৰাৰ লগতে ‘নানাবিধ কুকল্পনা’ কৰে। (ইফি. ৬:১১) ভাই বʼবৰ উদাহৰণলৈ মন কৰক। তেওঁৰ এটা ডাঙৰ অপাৰেচন হʼবলগীয়া আছিল। সেইবাবে, তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হʼল। তেওঁ ডাক্তৰক স্পষ্টকৈ জনালে যে তেওঁ যিকোনো পৰিস্থিতিতে তেজ নলʼব। ডাক্তৰজনে তেওঁৰ এই কথাত মান্তি হʼল। কিন্তু অপাৰেচনৰ এৰাতিৰ আগতে যেতিয়া বʼবৰ পৰিয়ালৰ লোকসকলে ঘৰলৈ গুচি গʼল, তেতিয়া আন এজন ডাক্তৰ (এনস্থিজিঅʼলজিষ্ট) তেওঁক লগ কৰিবলৈ আহিল। তেওঁ ভাই বʼবক কʼলে যে তেজ লোৱাৰ প্ৰয়োজন নহʼব কিন্তু তেওঁলোকে তেজ লগতে ৰাখিব যাতে প্ৰয়োজন হʼলে সেয়া দিব পাৰে। সেই ডাক্তৰজনে ভাবিলে যে বʼবৰ পৰিয়ালৰ লোকসকলে নাথাকিলে তেওঁৰ মন হয়তো সলনি হʼব পাৰে। কিন্তু ভাই বʼবে নিজৰ নিৰ্ণয়ত থিৰে থাকিল। তেওঁ ডাক্তৰক যিকোনো পৰিস্থিতিতে তেজ নিদিবলৈ কʼলে।

১০. জগতৰ লোকসকলৰ চিন্তাধাৰা আমাৰ বাবে কিয় ফান্দৰ নিচিনা হʼব পাৰে?

১০ জগতৰ লোকসকলৰ চিন্তাধাৰা। আমি জগতৰ লোকসকলৰ দৰে চিন্তা কৰিলে যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ আৰু তেওঁৰ মানদণ্ডৰ ওপৰত ধ্যান নিদিবও পাৰোঁ। (১ কৰিন্থীয়া ৩:১৯, ২০ পঢ়ক।) “জগতৰ জ্ঞান” অৰ্থাৎ জগতৰ লোকৰ চিন্তাধাৰা হৈছে নিজৰ ইচ্ছা পূৰ কৰা আৰু ঈশ্বৰৰ কথা নুশুনা। অতীতত পৰ্গাম আৰু থুয়াতীৰাৰ লোকসকলৰো এনেধৰণৰে চিন্তাধাৰা আছিল। তাত চাৰিওফালে মূৰ্তিপূজা আৰু অনৈতিক কাম হৈ আছিল। কিছুমান খ্ৰীষ্টানৰ ওপৰতো এই চিন্তাধাৰাই প্ৰভাৱ পেলাইছিল আৰু তেওঁলোকে অনৈতিক কামবোৰ সহন কৰিছিল। সেইবাবে, যীচুৱে সেই মণ্ডলীবোৰক কঠোৰ পৰামৰ্শ দিছিল। (প্ৰকা. ২:১৪, ২০) আজি আমাৰ ওপৰতো জগতৰ চিন্তাধাৰা ৰাখিবলৈ হেঁচা আহে। হয়তো আমাৰ পৰিয়াল বা চিনাকি লোকসকলে আমাক কʼব পাৰে যে আমি অলপ বেছিকৈ কৰিছোঁ, অলপমানতো চলে। যেনে, তেওঁলোকে হয়তো এইদৰে কʼব পাৰে, ‘নিজৰ ইচ্ছা পূৰ কৰাত কি ভুল আছে? আজি জগতখন কিমান আগুৱাই গৈছে আৰু তুমি এতিয়াও বাইবেলৰ মতেই চলি আছা!ʼ

১১. আমি কি কথাৰ পৰা সাৱধান হোৱা উচিত?

১১ কেতিয়াবা কেতিয়াবা আমাক হয়তো লাগিব পাৰে যে যিহোৱাই যি নিয়ম দিছে, তাৰ পৰা আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে বুজি পোৱা নাই। এনে পৰিস্থিতিত হয়তো ‘যি লিখা আছে, তাক অতিক্ৰমʼ কৰা বা কিছুমান নিয়ম বনোৱাৰ কথা আমি ভাবিব পাৰোঁ। (১ কৰি. ৪:৬) যীচুৰ সময়ত ধৰ্মগুৰুসকলে এনেধৰণৰে ভুল কৰিছিল। মোচিৰ জৰিয়তে দিয়া নিয়মৰ উপৰিও তেওঁলোকে আৰু কিছুমান নিয়ম বনাইছিল। এই নিয়মবোৰ সাধাৰণ লোকসকলৰ বাবে গধুৰ বোজাৰ দৰে হৈ পৰিছিল। (মথি ২৩:৪) যিহোৱাই নিজৰ বাক্য আৰু সংগঠনৰ জৰিয়তে আজি আমাক একেবাৰে সঠিক নিৰ্দেশনা দি আছে। আমাক আন কোনো নিয়ম বনোৱাৰ প্ৰয়োজন নাই। (হিতো. ৩:৫-৭) সেইবাবে, আমি বাইবেলত ‘যি লিখা আছে, তাক অতিক্ৰমʼ নকৰোঁ বা যি বিষয়বোৰত প্ৰতিজনকে নিজে নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছে, তাত আমি ভাই-ভনীসকলৰ বাবে কোনো নিয়ম নবনাওঁ।

১২. চয়তানে কেনেকৈ ‘প্ৰবঞ্চনাʼ অৰ্থাৎ মিছা কথা বিয়পায়?

১২ মিছা কথাবোৰ। চয়তানে ‘প্ৰবঞ্চনা’ অৰ্থাৎ মিছা কথা আৰু ‘জগতৰʼ সাধাৰণ কথাবোৰৰ যোগেদি লোকসকলক বিচলিত কৰে আৰু তেওঁলোকৰ মাজত বিবাদৰ সৃষ্টি কৰে। (কল. ২:৮) প্ৰথম শতিকাতো সি এই উপায়টোৱে ব্যৱহাৰ কৰিছিল। সেই সময়ত চয়তানে লোকসকলক মানুহৰ যুক্তিৰ ওপৰত আধাৰিত কোনো প্ৰমাণ নথকা কথাত ভুল যাবলৈ বা এনে যিহূদী শিক্ষা মানিবলৈ ফুচলাইছিল, যি বাইবেল আধাৰিত নাছিল। কিছুমান লোকে এই শিক্ষা বিয়পাইছিল যে খ্ৰীষ্টানসকলে মোচিৰ নিয়ম পালন কৰা উচিত। এইবোৰ বিচলিত কৰা কথা আছিল, কিয়নো ইয়াৰ বাবে লোকসকলে প্ৰকৃত বুদ্ধিৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ হোৱাৰ পৰিৱৰ্তে মানুহৰ ওপৰত নিৰ্ভৰ কৰিছিল। আজি চয়তানে চʼচিয়েল মিডিয়া আৰু টিভি, বাতৰি কাকত আদিৰ জৰিয়তে উৰাবাতৰি আৰু মিছা কথা বিয়পাই লোকসকলক ভুলাই আৰু এনে কৰাত বহু বাৰ নেতাসকলো জড়িত থাকে। কভিড ১৯ মহামাৰীৰ সময়ত আমি এনে হোৱাটো দেখিছিলোঁ। c এনেধৰণৰ বিচলিত কথাৰ ওপৰত ধ্যান দিয়া লোকসকলে বহুতো চিন্তাৰ সন্মুখীন হʼবলগীয়া হʼল। কিন্তু যিহোৱাৰ সাক্ষীসকলে নিজৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনাৰ ওপৰত ধ্যান দিয়াৰ বাবে বেছিকৈ চিন্তিত হোৱাৰ পৰা বাচিব পাৰিলে।—মথি ২৪:৪৫.

১৩. আমাৰ ধ্যান যাতে বিচলিত নহয় তাৰ প্ৰতি আমি কিয় ধ্যান দিয়া উচিত?

১৩ ধ্যান বিচলিত হোৱা কথা। “যি যি শ্ৰেষ্ঠ” তাৰ পৰা আমাৰ ধ্যান বিচলিত হ’বলৈ দিয়া উচিত নহয়। (ফিলি. ১:৯, ১০) যদি আমি অপ্ৰয়োজনীয় কথাবোৰৰ প্ৰতি বেছিকৈ ধ্যান দিওঁ, তেনেহʼলে বেছি প্ৰয়োজনীয় কথাবোৰৰ বাবে আমাৰ ওচৰত সময়ে নাথাকিব। আনকি যদি আমি খোৱা-বোৱা, মনোৰঞ্জন আৰু চাকৰি এইবোৰৰ বিষয়ে বেছিকৈ ভাবিবলৈ ধৰোঁ, তেনেহʼলে আমাৰ ধ্যান বিচলিত হʼব পাৰে। (লূক ২১:৩৪, ৩৫) ইয়াৰ উপৰিও আমি প্ৰতিদিনে সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ বাবে প্ৰতিবাদ আৰু ধৰ্ণা হোৱাৰ খবৰ শুনিয়েই থাকোঁ। এইবোৰৰ বিষয়ে সকলোৰে বেলেগ বেলেগ মতামত থাকে আৰু তেওঁলোকে তৰ্ক কৰি থাকে। এই কথাবোৰে যাতে আমাৰ ধ্যান বিচলিত নকৰে, তাৰ বাবে আমি সাৱধান হোৱা উচিত। এইদৰে নকৰিলে আমি মনতে কাৰোবাৰ পক্ষ লʼব পাৰোঁ। মনত ৰাখক, এতিয়ালৈকে আমি যি পাঁচটা বিষয়ে আলোচনা কৰিলোঁ, সেই সকলো চয়তানৰ ফান্দ হয়। ইয়াৰ যোগেদি সি সঠিক কাম কৰাৰ আমাৰ ইচ্ছাক দুৰ্বল কৰিবলৈ চেষ্টা কৰে। এতিয়া আহক চাওঁ যে আমি কেনেকৈ চয়তানৰ ফান্দৰ পৰা বাচি থাকিব পাৰোঁ আৰু থিৰে থাকিব পাৰোঁ।

আমি কেনেকৈ থিৰে থাকিব পাৰোঁ?

থিৰে থাকিবলৈ নিজৰ বাপ্তিষ্মা আৰু সমৰ্পণৰ বিষয়ে চিন্তা কৰক, বাইবেল অধ্যয়ন কৰক আৰু তাৰ ওপৰত মনন কৰক, নিজৰ হৃদয় মজবুত কৰক আৰু যিহোৱাৰ ওপৰত ভৰসা ৰাখক (অনুচ্ছেদ ১৪-১৮ চাওক)

১৪. যিহোৱাৰ পক্ষত থিৰে থাকিবলৈ কি কথাই আমাক সহায় কৰিব পাৰে?

১৪ নিজৰ সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে চিন্তা কৰক। আপুনি যিহোৱাৰ পক্ষ লʼব বিচাৰিছিল, সেইবাবে এই পদক্ষেপ লʼলে। চিন্তা কৰক, সেই সময়ত কি কথাৰ বাবে আপোনাৰ বিশ্বাস হʼল যে আপুনি যি শিকি আছে, সেয়া সত্য হয়। আপুনি যিহোৱাৰ বিষয়ে সঠিক জ্ঞান লʼলে, তেওঁৰ বিষয়ে শিকিলে আৰু তেওঁক সন্মান কৰিবলৈ ধৰিলে। আপুনি তেওঁক নিজৰ পিতৃৰ দৰে প্ৰেম কৰিবলৈ ধৰিলে। তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস বাঢ়িবলৈ ধৰিলে আৰু আপুনি যি ভুল কাম কৰিছিল, তাৰ বাবে অনুতাপ কৰিলে। আপুনি যিহোৱাই ঘিণ কৰা কামবোৰ এৰিলে আৰু তেওঁ ভাল পোৱা কামবোৰ কৰিবলৈ ধৰিলে। পাছত যেতিয়া আপোনাৰ অনুভৱ হʼল যে যিহোৱাই আপোনাক ক্ষমা কৰিলে, তেতিয়া আপুনি বৰ শান্ত্বনা পালে। (গীত. ৩২:১, ২) আপুনি সভাবোৰত যাবলৈ ধৰিলে আৰু বাইবেলৰ পৰা শিকা কথাবোৰ আনকো জনাবলৈ ধৰিলে। পাছত আপুনি নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে। এতিয়া আপুনি অনন্ত জীৱনলৈ লৈ যোৱা পথত চলি আছে আৰু সদায় এই পথত চলি থাকিবলৈ থিৰাং কৰিছে।—মথি ৭:১৩, ১৪.

১৫. অধ্যয়ন আৰু মনন কৰাটো কিয় প্ৰয়োজন?

১৫ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক আৰু তাৰ ওপৰত মনন কৰক। যদি এজোপা গছৰ শিপা মজবুত থাকে, তেনেহʼলে গছ জোপাও মজবুত হৈ থিৰে থাকিব পাৰিব। ঠিক সেইদৰে ঈশ্বৰৰ ওপৰত আমাৰ মজবুত বিশ্বাস থাকিলে আমি থিৰে থাকিব পাৰিম। গছ জোপা বাঢ়িবলৈ ধৰাৰ লগে লগে তাৰ শিপাবোৰ আৰু ভিতৰলৈ যায় আৰু সকলো ফালে বিয়পি পৰে। আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিলে আৰু তাৰ ওপৰত মনন কৰিলে আমাৰ বিশ্বাস আৰু বাঢ়িবলৈ ধৰে। আমাৰ বিশ্বাস আৰু দৃঢ় হয় যে ঈশ্বৰে দেখুৱা পথত চলিলেহে আমাৰ লাভ হʼব। (কল. ২:৬, ৭) চিন্তা কৰকচোন, অতীতত যিহোৱাই নিজৰ লোকসকলক কেনেকৈ নিৰ্দেশনা দিছিল, পথ দেখুৱাইছিল, ৰক্ষা কৰিছিল আৰু ইয়াৰ পৰা তেওঁলোকৰ কি লাভ হৈছিল। উদাহৰণস্বৰূপে, যেতিয়া এজন স্বৰ্গদূতে যিহিষ্কেলক দৰ্শনত দেখুৱা মন্দিৰৰ জোখ লৈ আছিল, তেতিয়া যিহিষ্কেলে বহুত মনোযোগেৰে সেইবোৰ চাই আছিল। এই দৰ্শনৰ পৰা যিহিষ্কেলৰ বিশ্বাস মজবুত হʼল। ইয়াৰ পৰা আমি শিকোঁ যে আমি শুদ্ধ উপাসনাৰ বিষয়ে যিহোৱাৰ মানদণ্ড অনুসৰি কেনেকৈ চলা উচিত। d (যিহি. ৪০:১-৪; ৪৩:১০-১২) আমি ঈশ্বৰৰ বাক্যত লিখা গভীৰ কথাবোৰৰ বিষয়ে অধ্যয়ন কৰিলে আৰু তাৰ ওপৰত মনন কৰিলে প্ৰাচীন সময়ৰ সেৱকসকলৰ দৰে আমাৰো লাভ হʼব।

১৬. ভাই বʼবৰ হৃদয় “সুস্থিৰ” থকাৰ বাবে তেওঁ চয়তানৰ ফান্দৰ পৰা কেনেকৈ বাচিব পাৰিলে? (গীতমালা ১১২:৭)

১৬ নিজৰ হৃদয় মজবুত বা “সুস্থিৰ” কৰক। যেতিয়া ৰজা দায়ূদে এটি গীতত এইদৰে কৈছিল “হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল,” তেতিয়া তেওঁ হয়তো কʼব বিচাৰিছিল যে যিয়ে নহওঁক কিয় যিহোৱাৰ প্ৰতি তেওঁৰ প্ৰেম কেতিয়াও কম নহʼব। (গীত. ৫৭:৭) আমাৰ হৃদয়ো থিৰ হʼব পাৰে আৰু আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। (গীতমালা ১১২:৭ পঢ়ক।) ভাই বʼবৰ উদাহৰণলৈ আকৌ মন কৰক। যেতিয়া ডাক্তৰে তেওঁক কʼলে যে অপাৰেচনৰ সময়ছোৱাত তেওঁলোকে তেজ ওচৰতে ৰাখিব, কিয়নো ইয়াৰ প্ৰয়োজন হʼব পাৰে, তেতিয়া কি হʼল মন কৰক। তেওঁ লগে লগে ডাক্তৰক কʼলে যে যদি তেওঁলোকে তেজ দিয়াৰ কথা ভাবিছে, তেনেহʼলে তেওঁ অলপ সময়ো তাত নাথাকিব। পাছত ভাই বʼবে এইদৰে কৈছে, “নিজৰ নিৰ্ণয়ত মোৰ অলপো সন্দেহ নাছিল আৰু মোৰ লগত কি হʼব বুলিও চিন্তিত নাছিলোঁ।”

আমি আগৰে পৰা যিহোৱাৰ ওপৰত বিশ্বাস বঢ়াই থাকিলে ডাঙৰ ডাঙৰ সমস্যাৰ সময়তো থিৰে থাকিব পাৰিম (অনুচ্ছেদ ১৭ চাওক)

১৭. ভাই বʼবৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

১৭ ভাই বʼবে হস্পিতাল যোৱাৰ বহুত আগতেই চিন্তা কৰিছিল যে তেওঁ নিজৰ নিৰ্ণয়ত থিৰে থাকিব। সেইবাবে, তেওঁ থিৰে থাকিব পাৰিলে। তেওঁ এয়া কেনেকৈ কৰিব পাৰিলে? প্ৰথম কথা, তেওঁ যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল। দ্বিতীয়, তেওঁ বাইবেলৰ সেই পদ আৰু আমাৰ সেই প্ৰকাশনবোৰ ভালদৰে অধ্যয়ন কৰিলে, যʼত জীৱন আৰু তেজ পবিত্ৰ হয় বুলি বুজোৱা হৈছিল। তৃতীয়, তেওঁৰ বিশ্বাস আছিল যে যিহোৱাৰ নিৰ্দেশনা মানিলে তেওঁ বৰ্তমানৰ লগতে ভৱিষ্যতেও বহুতো আশীৰ্বাদ পাব। আজি আমাৰ ওচৰত যিয়েই সমস্যা নাহক কিয় আমাৰ হৃদয়ো থিৰে থাকিব পাৰে।

বাৰাক আৰু তেওঁৰ সেনাবাহিনীয়ে সাহসেৰে চীচৰা আৰু তেওঁৰ সৈন্যক খেদি গৈ আছে (অনুচ্ছেদ ১৭ চাওক)

১৮. বাৰাকৰ উদাহৰণৰ পৰা আমি যিহোৱাৰ ওপৰত ভৰসা ৰখাৰ বিষয়ে কি শিকিব পাৰোঁ? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৮ যিহোৱাৰ ওপৰত ভৰসা ৰাখক। মন কৰক যেতিয়া বাৰাকে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁৰ নিৰ্দেশনা মানিলে, তেতিয়া তেওঁ কেনেকৈ জয়লাভ কৰিলে। ইস্ৰায়েলীসকল যুদ্ধৰ বাবে সাজু নাছিল আৰু গোটেই দেশত কাৰো ওচৰত যাঠী আৰু ঢাল নাছিল। (বিচা. ৫:৮) তথাপি যিহোৱাই তেওঁক কনানৰ সেনাপতি চীচৰাৰ লগত যুদ্ধ কৰিবলৈ নিৰ্দেশনা দিলে। শত্ৰুসকলৰ সেনাবাহিনী অস্ত্ৰ-শস্ত্ৰ লৈ সাজু আছিল আৰু তেওঁলোকৰ ওচৰত ৯০০ যুদ্ধ ৰথ আছিল। ভাববাদিনী দবোৰাই বাৰাকক পাহাৰীয়া এলেকাৰ তলত গৈ উপত্যকাত চীচৰাৰ লগত যুদ্ধ কৰিবলৈ কʼলে। বাৰাকে জানিছিল যে শত্ৰুসকলৰ ওচৰত যুদ্ধ ৰথ আছে আৰু সমান ঠাইত তেওঁলোকক সহজতে আক্ৰমণ কৰিব পাৰে। সেইবাবে, তেওঁলোকৰ লগত যুদ্ধ কৰাটো বৰ কঠিন হʼব। তথাপি তেওঁ আজ্ঞা মানিলে। বাৰাক আৰু তেওঁৰ সেনাবাহিনী তাবোৰ পৰ্বতৰ পৰা নামি থকাৰ সময়ত যিহোৱাই জোৰেৰে বৰষুণ বৰষালে। সেইবাবে, চীচৰাৰ যুদ্ধৰ ৰথবোৰ বোকাত ফচি গʼল আৰু যিহোৱাই বাৰাকক জয়ী কৰালে। (বিচা. ৪:১-৭, ১০, ১৩-১৬) আজি আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা মানিলে যিহোৱাই আমাকো জয়ী কৰাব।—দ্বিতী. ৩১:৬.

সদায় থিৰে থাকিবলৈ থিৰাং কৰক

১৯. আপুনি থিৰে থাকিবলৈ কিয় থিৰাং কৰিলে?

১৯ যেতিয়ালৈকে আমি এই পৃথিৱীত আছোঁ, তেতিয়ালৈকে থিৰে থাকিবলৈ আমি একেৰাহে যুদ্ধ কৰি থাকিব লাগিব। (১ তীম. ৬:১১, ১২; ২ পিত. ৩:১৭) সেইবাবে, আহক থিৰাং কৰোঁ যে যদিও আমাৰ ওপৰত অত্যাচাৰ আৰু লুকাই আক্ৰমণ কৰা হয়, ওচৰে-পাজৰে থকা লোকসকলৰ চিন্তাধাৰা যিয়ে নহওক কিয়, মিছা কথাবোৰ কৈ আমাক বিচলিত কৰিবলৈ চেষ্টা নকৰক কিয়, আমি কেতিয়াও বিচলিত নহʼম। (ইফি. ৪:১৪) ইয়াৰ পৰিৱৰ্তে আমি থিৰ আৰু অলৰ হৈ থাকিম আৰু যিকোনো পৰিস্থিতিতে যিহোৱাৰ আজ্ঞা মানিম আৰু তেওঁৰ উপাসনা কৰিম। কিন্তু প্ৰয়োজন হʼলে আমি সাল-সলনি কৰিবলৈ সাজু থাকিম। যিহোৱা আৰু যীচু এই বিষয়ত কেনেকৈ সকলোতকৈ ভাল উদাহৰণ হয় এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

গীত ১২৯ আমি ধৈৰ্য্য ধৰিম

a আদম আৰু হৱাৰ সময়ৰ পৰাই চয়তানে মানুহৰ মনত এই ভাবনা দিব বিচাৰিছে যে আমাৰ বাবে কি ভাল আৰু কি বেয়া, সেয়া আমি নিজেই নিৰ্ণয় লোৱা উচিত। আমি যিহোৱাৰ নিয়ম আৰু সংগঠনৰ পৰা পোৱা নিৰ্দেশনাবোৰ পালন কৰাৰ পৰিৱৰ্তে আমাক যি ভাল লাগে সেয়াই কৰাটো চয়তানে আজিও বিচাৰে। এই লেখত আমি শিকিম যে এনে কৰাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ আৰু থিৰে থাকি যিহোৱাৰ আজ্ঞা পালন কৰাৰ ইচ্ছা কেনেকৈ দৃঢ় কৰিব পাৰোঁ।

b তেজৰ বিষয়ে ঈশ্বৰে যিবোৰ আজ্ঞা দিছে, তাক এজন খ্ৰীষ্টানে কেনেকৈ পালন কৰিব পাৰে, তাৰ বিষয়ে বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৩৯ পঢ়ক।

c jw.org-ত “অলপ সাৱধান, এয়া উৰাবাতৰিতো নহয়?” (হিন্দী) নামৰ লেখখন চাওক।